অন্যযুগ/


সম্পাদকীয়

(প্ৰকৃতি আৰু শিক্ষা)

অহা বাইছ মে’ তাৰিখে সমগ্ৰ বিশ্বতে জৈৱ বৈচিত্ৰ্য দিৱস, পাঁচ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস, ষোল ছেপ্টেম্বৰৰ দিনা অ’যন স্তৰ সংৰক্ষণ দিৱস আদি পালন কৰা হ’ব৷ এনেকৈ বছৰটোৰ বিভিন্ন সময়ত আমি পৰিৱেশ, পাৰিপাৰ্শ্বিকতা, জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ আদি বিভিন্ন বিষয়ক লৈ দিন একোটা উদ্‌যাপন কৰি আহিছোঁ৷ এনে উদ্‌যাপনৰ লক্ষ্য এটাই— জগতখন সুৰক্ষিত কৰা৷ লগতে বিশ্বৰ প্ৰকৃতি আৰু পৰিৱেশ ৰক্ষাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গঠন কৰা হৈছে ভালেমান সংস্থা তথা সংগঠন৷ এনে বহু সংস্থাৰ পৃষ্ঠপোষকতা চৰকাৰসমূহে কৰে আৰু বহুত গঠিত হৈছে ৰাইজৰ যত্নত৷ এনে সংস্থা-সংগঠনৰো এটাই লক্ষ্য— পৃথিৱীক ৰক্ষা কৰিব লাগে৷ জগত সুৰক্ষিত হ’ব লাগে কিয়? এই প্ৰশ্নৰ উত্তৰ আমাৰ স্বাৰ্থৰেই পৰিপূৰ্ণ হৈ আছে৷ মানুহে মৰ্মে মৰ্মে উপলব্ধি কৰিছে যে পৃথিৱী অসুস্থ হৈ পৰাৰ লগে লগে মানুহৰো ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন হৈ পৰিছে৷ 

ইয়াৰ পৰৱৰ্তী প্ৰশ্ন— আমাৰ মৰমৰ পৃথিৱীখন ভাবুকিৰ সম্মুখীন হৈছে নেকি? যদি হৈছে, এনে ভাবুকিৰ সৃষ্টি কৰিছে কোনে আৰু কিয়?

এনে প্ৰশ্নৰ উত্তৰতো আমি লজ্জাজনকভাৱে আমাকে চিহ্নিত কৰিবলগীয়া হয়৷ সঁচা, জগতখন ধ্বংস কৰিছোঁ আমি মানুহবোৰে আৰু ইয়াৰ কাৰণ হৈছে সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ আমাৰ নিৰন্তৰ হুতাশ৷

গছ এজোপাই নাজানে যে তাৰ বীজৰ পৰাই একোজোপা নতুন গছৰ জন্ম হয়৷ গছজোপাৰ বাবে নাৰী বা পুৰুষৰ ধাৰণাও অৰ্থহীন৷ এতেকে এজোপা গছৰ প্ৰতি আন এজোপাৰ আকৰ্ষণ অথবা বিকৰ্ষণৰ কথাই নাহে৷ কিন্তু প্ৰাণীসমূহৰ সকলো সম্প্ৰদায়েই কম-বেছি পৰিমাণে জানে যে স্ত্ৰী আৰু পুৰুষৰ শাৰীৰিক গঠনৰ মাজত পাৰ্থক্য আছে আৰু পাৰস্পৰিকভাৱে ইটো সম্প্ৰদায়ে সিটোৰ প্ৰতি আকৰ্ষণো অনুভৱ কৰে৷ লগতে কিছুমান এককোষী প্ৰাণী, পতঙ্গ আদিক বাদ দি বাকী প্ৰাণীসমূহে কম-বেছি পৰিমাণে জানে যে স্ত্ৰী আৰু পুৰুষ প্ৰাণীৰ পাৰস্পৰিক শাৰীৰিক সংসৰ্গৰ অন্যতম অৱধাৰিত ফল হৈছে পুনৰুৎপাদন৷ অন্ততঃ সমাজবোধ থকা প্ৰাণীসমূহৰ মাজত সাময়িকভাৱে হ’লেও একোটা পৰিয়ালৰো ধাৰণা পোৱা যায়৷ গছ একোজোপাই নতুনকৈ গজা পুলিটোক নগজিবলৈও নকয় কিংবা বাঢ়িবলৈ লওঁতে বাধাও নিদিয়ে৷ প্ৰাণীকুলৰো সৰহভাগেই নিজৰ সম্প্ৰদায়ৰ ভিতৰত এনে পক্ষপাতিত্বসুলভ আচৰণ নকৰে৷ কিন্তু জীৱশ্ৰেষ্ঠ বুলি দাবী কৰা মানুহ নামৰ জন্তুবিধে প্ৰায়েই ব্যক্তিগত স্তৰত আৰু কিছু ক্ষেত্ৰত গোষ্ঠীগতভাৱে এই প্ৰাকৃতিক বিধি অনুসৰি চলিবলৈ অস্বীকাৰ কৰে৷

সেয়েহে মানুহৰ সমাজত বিভিন্ন ধৰণৰ পক্ষপাতী আৰু সমতাহীন আচৰণৰ সুদীৰ্ঘকালীন অনুশীলন চলাৰ ফলত একোটা সময়ত তেনে আচৰণবোৰে জন্ম দিয়ে দাঙিব নোৱৰা শিলৰ দৰে কিছুমান সমস্যাৰ৷ সাম্প্ৰতিক সময়ৰ পৃথিৱীৰ উন্নত-অনুন্নত সকলো সমাজতে গঢ় লৈ উঠা তেনে এক সমস্যা হৈছে বিভিন্ন ধৰণৰ, বিভিন্ন মাত্ৰাৰ  প্ৰকৃতি নিগ্ৰহৰ ঘটনা৷ এই প্ৰকৃতি নিগ্ৰহ সম্পৰ্কে প্ৰায় সকলো সময়তে এচাম সচেতন লোকে সাধাৰণ মানুহক, সমাজবোৰৰ পৰিচালকসকলক সজাগ কৰি তুলিবলৈ যত্ন কৰি আহিছে যদিও সকলোৰে মূলত ব্যক্তিগত স্বাৰ্থ, অহংকাৰ আৰু ঈৰ্ষাবোধৰ কাৰণেই প্ৰকৃতি ক্ৰমশঃ অসুৰক্ষিত হৈ গৈ থকা দেখা গৈছে৷

আমাৰ দেশৰ মানুহৰ কিছু কাম-কাজ লক্ষ্য কৰিলে আমি প্ৰকৃতিক কিমান অন্যায় কৰিছোঁ সেইটো উপলব্ধি কৰিব পাৰি৷ ৰাস্তাৰ কাষে কাষে থকা বিদ্যুৎ বিভাগৰ তাঁৰ আৰু খুঁটাবোৰৰ সুৰক্ষাৰ বাবে অনবৰতে আমাৰ ইয়াত বিভাগীয় লোকে গছৰ ডাল কাটিয়ে থাকে৷ আকৌ, কোনো চহৰলৈ কোনো প্ৰখ্যাত লোকৰ আগমন ঘটিলে চহৰৰ গছ-গছনিৰ গুৰিয়ে গুৰিয়ে ৰং সনাটোও আমি সদায়ে দেখা ঘটনা৷ একেদৰে কৃষিকাৰ্যত ফচল বঢ়াবলৈ কৃত্ৰিম সাৰৰ ব্যৱহাৰ কৰা, খোৱা-বোৱাৰ বাচন-বৰ্তনৰ নামত প্লাষ্টিক আৰু প’লিথিন ব্যৱহাৰ কৰি সেইবোৰ মাটিত পচিবলৈ দিয়া আদিৰ ফলত প্ৰকৃতিৰ স্বাভাৱিক পৰিৱৰ্তনৰ গতি বাধাগ্ৰস্ত হয়৷ 

বিগত কিছু দিনত বাতৰি পঢ়িবলৈ পাইছোঁ যে বহু তিমি মাছৰ মৃত্যুৰ কাৰণ হৈ উঠিছে সমুদ্ৰত মানুহে পেলাই দিয়া প্লাষ্টিক আৰু প’লিথিন৷ অষ্ট্ৰেলিয়াৰ কোনোবা এঠাইৰ সমুদ্ৰতীৰত মৃত্যুমুখত পৰা তিমি এটাৰ পেটৰ পৰা পঁয়ত্ৰিছ কিলোগ্ৰাম প্লাষ্টিক-প’লিথিন উদ্ধাৰ হোৱাটো নিশ্চয় আনন্দদায়ক খবৰ নহয়৷ শুনিবলৈ পাইছোঁ, সাগৰৰ বহু কাছৰ চলংবোৰ শুকাই ভাগি যাবলৈ আৰম্ভ কৰিছে আৰু ফলত কাছবোৰৰ মৃত্যু ঘটিছে৷ আচৰিত কথা যে পানীত থকা জীৱবিধৰ শৰীৰৰ অংশ এটা শুকাই গৈছে৷ ইয়াৰ কাৰণ হিচাপে চিকিৎসাবিদ-বিজ্ঞানীসকলে দেখুৱাইছে যে সাগৰৰ পানীত থকা পেলনীয়া প’লিথিন খাদ্য হিচাপে গ্ৰহণ কৰাৰ ফলতে কাছ প্ৰজাতিটোৰ তেনে হৈছে৷ ঘটনাটোত কাছৰ কেৱল এই ৰোগেই হোৱা নাই, লগতে সিহঁতৰ বংশগতিৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিছে৷ সামুদ্ৰিক কাছৰ জীৱন পৰিক্ৰমাত প্ৰভাৱ পেলোৱা আন এটা ঘটনা হৈছে নিশাৰ ভাগত অত্যধিক পোহৰৰ ব্যৱস্থা৷ সমুদ্ৰৰ তীৰৱৰ্তী বহু আগশাৰীৰৰ মহানগৰৰ ৰাস্তাই-ঘাটে অনেক কাছপোৱালিৰ মৃতদেহ পোৱা গৈছে৷ ইয়াৰ কাৰণ, কণী ফুটি ওলোৱাৰ পাছতে কৃত্ৰিম পোহৰে সিহঁতক প্ৰাকৃতিকতাৰ বিৰুদ্ধে পৰিচালিত কৰা৷

আমাৰ চাৰিওফালৰ কিমান প্ৰজাতিৰ গছ-বন নোহোৱা হৈ গৈছে তাৰ খবৰ আমি ৰখা নাই৷ কেৱল বন্যজীৱ সংৰক্ষণৰ নামত আমি কেইবিধমান প্ৰাণীৰ ৰক্ষণাৱেক্ষণতে নিজৰ দায়িত্ব সীমাৱদ্ধ কৰি ৰাখিছোঁ৷ এনেয়ে উদাহৰণ হিচাপে চাওঁচোন— অসমীয়া ধানৰ কিমান প্ৰজাতি আছিল? শ’লপোনা, জাহিঙা, শাল শালি, মাগুৰি, ৰেঙুন শালি, ককুৱা, আমপাখি, ঘিঁউবৰা, বকুল বৰা, চকোৱা, ক’লাজহা, কণজহা, মাণিকী মাধুৰী, কণীধান আদি৷ সম্প্ৰতি এইবোৰ ধানৰ কেইবিধৰ অস্তিত্ব আছেগৈ বাৰু? একেদৰে বিভিন্ন অসমীয়া কলৰ নাম-তালিকাখন লক্ষ্য কৰিব পাৰি৷ অৰণ্যৰ প্ৰকাণ্ড প্ৰকাণ্ড গছৰ পৰা ক্ষুদ্ৰ তৃণ পৰ্যন্ত এনে অৱক্ষয়ৰে মুখামুখী হৈছে৷

বিভিন্ন ধৰণৰ গছ-গছনিৰ সংখ্যা কমি অহাৰ কাৰণেই বেলেগ বেলেগ প্ৰজাতিৰ প্ৰাণীৰ সংখ্যাও দুখ লগাকৈ কমি আহিছে৷ একোজোপা প্ৰকাণ্ড আঁহত গছত একাধিক প্ৰজাতিৰ গছে আশ্ৰয় পোৱাৰ লগতে বিভিন্ন পখী, সৰীসৃপ আদিয়েও আশ্ৰয় লয়৷ এই হিচাপে একোজোপা বৃদ্ধ বৃক্ষ একোটা আদৰ্শ জৈৱ-বৈচিত্ৰ্যৰ তন্ত্ৰস্বৰূপ৷ তেনে তন্ত্ৰৰ সুৰক্ষাৰ্থে আমি কিমান সচেতন?  

প্ৰতি বছৰে ঋতু পৰিৱৰ্তনৰ প্ৰাকৃতিক বিধি অনুসৰি হোৱা বানপানীৰ সৈতে মানুহে সৃষ্টি কৰা বান্ধ ভাগি হোৱা বানপানীৰ পাৰ্থক্য আছে৷ দ্বিতীয়বিধৰ বানপানী প্ৰকৃতিৰ বিধি উলঙ্ঘা কৰাৰ কাৰণেই হয়৷ আনহাতে ব্যক্তিগত পেলনীয়া সামগ্ৰী ৰাস্তাৰ কাষৰ নলাত দলিওৱা আৰু ডাঙৰ কাৰখানাৰ দূষিত বৰ্জিত পদাৰ্থ নৈ-বিলত পেলোৱা কাৰ্যতঃ একেই৷ দুয়োবিধ কাণ্ডই প্ৰকৃতিৰ বিধিক অস্বীকাৰ কৰে যাৰ ফলত পৰিৱেশ বিনষ্ট হয়৷

এনে ঘটনাবোৰে আমাৰ মন ব্যথিত কৰি তোলে৷ আমি আমাৰ মাজৰ পৰা একেবাৰে হেৰাই যোৱা ড’ড’ৰ দৰে চৰাইৰ কথা ভাবি দুখ কৰোঁ, নলগাহৰিৰ দৰে লুপ্তপ্ৰায় জীৱৰ ৰক্ষণাৱেক্ষণৰ কাৰণে চিন্তা কৰোঁ; কিন্তু যিবোৰ কাৰকে জীৱবিশেষৰ অৱলুপ্তিত অৰিহণা যোগায় সেইবোৰ নোহোৱা কৰিবলৈ স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰোঁ৷ কি ব্যৱস্থা কৰিলে সিহঁত ৰক্ষা পৰিব সেইটো পিছে আমি জানো৷ কিন্তু তেনে ব্যৱস্থাৱলী গ্ৰহণৰ মুহূৰ্তত বাৰে বাৰে আমাৰ (মানুহৰ) স্বাৰ্থৰক্ষাৰ দিশটোকহে আমি অগ্ৰাধিকাৰ দিওঁ৷ কিন্তু আমি এবাৰলৈকো চিন্তা নকৰোঁ যে পৃথিৱীখন মানুহে সৃষ্টি কৰা নাই কাৰণে ইয়াৰ ওপৰত কেৱল মানুহৰে অধিকাৰ নাই৷ আমি মানুহবোৰে যি শিক্ষাৰে শিক্ষিত হৈ উঠিছোঁ সেই শিক্ষা কিন্তু প্ৰকৃতিয়ে দিয়া নাই৷ গতিকে আমি ব্যৰে বাৰে ব্যৰ্থ হৈছোঁ৷

স্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টিকাৰী ৰাগিয়াল দ্ৰব্যৰ অপকাৰিতা সম্পৰ্কে প্ৰচাৰ কৰা, সেই দ্ৰব্যসমূহৰ ক্ৰয়-বিক্ৰয় সময়ে সময়ে বন্ধ কৰা আদি আজিৰ তাৰিখৰ একোখন সুলভ নাটক৷ আমি আচৰিত হওঁ এই কথা ভাবিহে, কিয় সংশ্লিষ্ট কতৃৰ্পক্ষসমূহে এনে সামগ্ৰীসমূহৰ উৎপাদন আৰু ব্যৱসায়তে বাধা আৰোপ নকৰে? একেদৰেই প’লিথিনে মাটি-পানী-বায়ু সকলো নিৰ্মমভাৱে বিনষ্ট কৰা দেখি-বুজিও কিয় সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে ইয়াৰ উৎপাদন নিষিদ্ধ নকৰে? চিগাৰেট বা সুৰাৰ পেকেটত সেইবোৰৰ অপকাৰিতা সম্পৰ্কে লিখি বিক্ৰী কৰিবলৈ দিয়াটো কেনে নৈতিকতা আমি বুজি নাপাওঁ৷ এনে পৰস্পৰবিৰোধ অন্ততঃ প্ৰকৃতিয়ে আমাক নিশিকায়৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ