ড০ ভাৰত বৰুৱা
য়েল্ল'ষ্ট'ন্ কেৱল উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰেই নহয় সমগ্ৰ পৃথিৱীৰো প্ৰথম ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক। এই পাৰ্কখন প্ৰতিষ্ঠা কৰা হৈছিল ১৮৭২ চনত। উদ্যানখন শেষ নোহোৱা উলূৱনি, লানি নিছিগা পৰ্বতমালা, আৰু দেধাৰ বন্যপ্ৰাণীৰে ভৰা। ৱায়'মিং প্ৰদেশৰ উত্তৰ-পশ্চিম কোণৰপৰা ই ম'ণ্টানা আৰু আইদাহ' প্ৰদেশ পৰ্যন্ত বিয়পি আছে।সেইফালৰ পৰা য়েল্ল'ষ্ট'ন্ নিঃসন্দেহে উত্তৰ আমেৰিকাৰ সৰ্বশ্ৰেষ্ঠ বন্যভূমি। প্ৰতিষ্ঠাৰ দিন ধৰি আমেৰিকান ৰাষ্ট্ৰীয় উদ্যান সেৱা বিভাগে অতি গৌৰৱেৰে য়েল্ল'ষ্ট'নৰ পৰিচালনাৰ দায়িত্ব পালন কৰি আহিছে। ইয়াত অৱস্থিত প্ৰত্যেকতো আকৰ্ষণ সুচল স্থলপথৰে পৰ্যটকে সহজে চাব পৰাকৈ সংযুক্ত কৰা হৈছে। গোটেই উদ্যানখনকেই এক কথাত মেৰিয়াই ৰখা জৰীৰ দৰে এই পথছোৱাক লুপ ৰ'ড বুলিও জনা যায়। এই লুপ ৰ'ডটো পাৰ্কৰ পাঁচোখন মুখ্য দ্বাৰৰ লগত সংযুক্ত হৈ আছে। য়েল্ল'ষ্ট'ন্ বিশ্বৰ অতি চমকপদ ভূ-তাপীয় প্ৰদৰ্শনীৰ ভিতৰত অন্যতম। এই সম্পূৰ্ণ পাৰ্কখন এটা লঘূ নিদ্ৰাগ্ৰস্ত অতি-জ্বালামুখীৰ ওপৰত উপৱেশিত হৈ আছে। ভূতত্ত্ববিদসকলৰ গণনা অনুযায়ী প্ৰায় ৬৪০ হাজাৰ বছৰমান আগতে এই অতি-জ্বালামুখীৰ এক দুৰ্বাদল উদ্গীৰণ হৈছিল।
তথাপি যিকোনো সময়তে উদ্গীৰণ কোৱাৰ আশঙ্কাই পৰ্যটকক য়েল্ল'ষ্ট'নলৈ যোৱাৰ পৰা বিৰত ৰাখিব পৰা নাই। তাৰ মুখ্য কাৰণ হৈছে য়েল্ল'ষ্ট'নৰ ভূকাম্পিক প্ৰক্ৰিয়াৰ গতিবিধি বিজ্ঞানীসকলে অহৰহ লক্ষ্য ৰাখে আৰু পৰ্যটকৰ সুৰক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে পাৰ্কসেৱা আৰু বিজ্ঞানী মহলে। পিছে য়েল্ল'ষ্ট'নৰ ভূভাগ কেৱল অতুলনীয় ভূ-তাপীয় মায়াজালৰ প্ৰদৰ্শনেই নহয়, এই এলেকা ভৰি আছে বহু স্বচ্ছল বনাঞ্চল, নদী তথা হ্ৰদেৰে। য়েল্ল'ষ্ট'ন্ পাৰ্কৰ মাজ মজিয়াত অৱস্থিত য়েল্ল'ষ্ট'ন হ্ৰদটোৱে পৰ্যটকৰ মন জুৰায়। মুকলি আকাশ ভালপোৱাসকলে সাধাৰণত হ্ৰদৰ পাৰত গোট খাই বিভিন্ন প্ৰকাৰৰ অৱসৰ-বিনোদনৰ যেনে যন্ত্ৰচালিত নৌকা বিহাৰ, গুটিয়া নাও বিহাৰ, আন নহ'লেও পাৰে পাৰে খোজ কাঢ়ি হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰা ইত্যাদিত ব্যস্ত হয়। এই উদ্যানখন কেৱল টনকিয়াল কিংবদন্তি আৰু চকু জুৰোৱা দৃশ্যৰেই যে ভৰি আছে তেনেও নহয়, লগতে চাৰিও ফালে নানা তৰহৰ বন্যপ্ৰাণীৰেও ভৰি আছে। এই উদ্যানৰ আটাইতকৈ ডাঙৰ কৃতকাৰ্যতা হ'ল বাইছন বা মেঠোনৰ পুনৰুদ্ধাৰ আৰু পুনৰসংস্থাপন। পাৰ্কসেৱাৰ দশকজোৰা অহোপুৰুষাৰ্থৰ ফলস্বৰূপেই এই ধৰাত বাকী থকা মেঠোনৰ আটাইটকৈ ডাঙৰ জাকটো য়েল্ল'ষ্ট'নতে বিৰাজমান। পাৰ্কত অৱস্থিত হেইডেন্ ভেলীত পৰিভ্ৰমণ কৰিলে এইবিধ পশুৰ লগত দেখা-সাক্ষাৎ হোৱাটো ধুৰূপ। পাৰ্কৰ আন এক ভাৱৰীয়া হৈছে য়েল্ল'ষ্ট'ন নদীখন। এই নদীৰ উৎপত্তি হৈছে য়েল্ল'ষ্ট'ন হ্ৰদৰ পৰা আৰু উত্তৰৰ ফালে তীৰ বেগে বৈ গৈছে। ক্ৰমে আপাৰ জলপ্ৰপাত আৰু তাৰ পাছত ল'ৱাৰ জলপ্ৰপাতত প্ৰায় ৩০০ ফুট তললৈ নামি উত্তৰ-পূবৰ ফাললৈ পথ লৈছে। এই লৱাৰ জলপ্ৰপাতৰপৰাই গ্ৰাণ্ড কেনিয়ন অফ্ য়েল্ল'ষ্ট'নৰ আৰম্ভণি হৈছে। য়েল্ল'ষ্ট'নৰ এই প্ৰান্ততেই অৱস্থিত ইয়াৰ আটাইতকৈ আকৰ্ষণীয় আৰ্টিষ্ট পইণ্ট, য'ত বহি পৰ্যটকে বিস্ময়াভিভুত হৈ পৰে নৈসৰ্গিক প্ৰকৃতিৰ অনিৰ্বচনীয় দৃশ্য উপভোগ কৰি।
মানুহৰ মানসিক উৎসাহ-উদ্দীপনা জগোৱাত প্ৰকৃতিক সৌন্দৰ্য যথেষ্ঠ সহায়ক হয়। সেয়ে কৰ্মব্যস্ত মানুহৰ বাবে এনে ধৰণৰ অৱসৰ বিনোদন অতি উপযোগী। এনে লাগে যেন য়েল্ল'ষ্ট'নক প্ৰকৃতিক সৌন্দৰ্যৰ ভাণ্ডাৰ হিচাপে পৰ্যটকৰ বাবে সজাই-পৰাই ৰখা হৈছে, পৰ্যটকে মথোঁ তাত গৈ উপভোগ কৰাৰহে কথা। পেবল ক্ৰিকৰ পাৰত বহিলে নিজৰাৰ পানীৰ কুলু কুলু সুৰে মন প্ৰাণ জুৰাই নিয়াৰ লগতে যেন আত্মাকো সমাহিত কৰিব। আনহাতে পাৰ্কৰ উত্তৰৰ ফালে ঘন পাইনৰ পৰ্বতমালাৰ শেষত পোৱা যায় উলুৱনিৰে ভৰা লামাৰ ভেলী বা উপত্যকা। এই উপত্যকাও ভৰি থাকে য়েল্ল'ষ্ট'নৰ অন্যান্য থলুৱা বন্যপ্ৰণীৰ লগতে প্ৰকাণ্ড মেঠোনৰ জাকে। কবিৰ ভাষাত ক'বলৈ গ'লে এই উদ্যানত যি দিশতেই খোজ দিয়া হয় সেই দিশতেই যেন এক অন্য মহাদেশ অথবা এক নতুন জগত।
পৰ্যটন আৰু পৰিস্থিতিতন্ত্ৰ :
কোৱা হয় যে য়েল্ল'ষ্ট'ন্ আজিও পৃথিৱীৰ এক বিপদজনক প্ৰান্তৰ ভিতৰত অন্যতম। তথাপি প্ৰত্যেক বছৰে প্ৰায় তিনিৰ পৰা চাৰি নিযুত পৰ্যটকে এই উদ্যানত ভৰি দিয়েহি। কিয়নো বিপদজনক হ'লেও য়েল্ল'ষ্ট'ন্ হৈছে পৃথিৱীৰ ভিতৰতেই এক অভাৱনীয় আৰু একমাত্ৰ তেনে স্থান। কিন্তু য়েল্ল'ষ্ট'ন্ কিয়নো এক অবিশ্বাস্য ঠাই? ভূতাত্ত্বিকভাৱে য়েল্ল'ষ্ট'ন্ এই গ্ৰহটোৰ আটাইতকৈ সক্ৰিয় অথবা জাগ্ৰত প্ৰান্তৰ। ইয়াত প্ৰতি বছৰে পাঁচ হাজাৰটা মান সৰু সুৰা ভূমিকম্প হয় আৰু ইয়াত যিমান সংখ্যক গিজাৰ (Geyser) আৰু গৰম পানীৰ উঁহ আছে বাদ বাকী সমগ্ৰ ভূভাগ মিলালেও সিমান পোৱা নাযায়। য়েল্ল'ষ্ট'ন্ কিয় ইমান জাগ্ৰত, কেনেকৈনো এই বিস্ময়কৰ ভূখণ্ডৰ সৃষ্টি হ'বলৈ পালে, আৰু কিয় বা এনে হ'ল কেৱল ৰ'কি পৰ্বতমালাৰ মাজ মজিয়াতেই? ৰ'কি মাউণ্টেইন অঞ্চল অথবা ৰ'কিজ কানাডাৰ দক্ষিণ ভাগৰ পৰা নিউ মেক্সিক'লৈকে বিয়পি আছে আৰু ইয়াৰ সৰলৰৈখিক দৈৰ্ঘ্য ৪৮০০ কিল'মিটাৰ। এই পৰ্বতৰাশিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰৰ ক্ৰমে ম'ন্টানা, আইডাহ', ৱায়'মিং, ইউথা, ক'ল'ৰাড', আৰু নিউ মেক্সিক' এই প্ৰদেশকেইখনত বিয়পি আছে। তাৰেই ৱায়'মিঙৰ উত্তৰ-পশ্চিম কোণত অৱস্থিত এই উদ্যানখনে প্ৰায় ৯০০০ বৰ্গকিল'মিটাৰ এলেকা আগুৰি আছে। এই পাৰ্কৰ উত্তৰ-পশ্চিম দিশৰ কিছু অংশ ম'ন্টানা আৰু আইডাহ' লৈকে বিয়পি আছে।
ব্যক্তিগত অভিজ্ঞতা :
মোৰ য়েল্ল’ষ্ট’ন্ ৰাষ্ট্ৰীয় উদ্যানত ভূমুকি মৰাৰ সৌভাগ্য হৈছিল ক'ল'ৰাড'ৰ ফৰ্ট ক’লিঞ্চত থকা সময়ত। ফৰ্ট ক’লিঞ্চ হৈছে ক'ল'ৰাড'ৰ উত্তৰৰ ৰকিজৰ পাদদেশৰ এখন আটোম-টোকাৰি চহৰ। এই চহৰৰ আমঠু হ’ল ক'ল'ৰাড' ষ্টেট ইউনিভাৰ্ছিটি আৰু ইয়াৰ প্ৰসাৰিত চৌহদ। ফৰ্ট ক’লিঞ্চৰ পূবে ইণ্টাৰষ্টেট হাইৱে'-২৫ আৰু পশ্চিমে বিশালকায় ৰ'কিজ, আৰু ৰ'কিজৰেই এটি আকৰ্ষণীয় গিৰিশিখৰ "হৰ্ছটুঠ"। অলপ ফৰকাল বতৰত সেই শিখৰটো চহৰৰ মাজমজিয়াৰপৰা ৰিণিকি-ৰিণিকি দেখা পোৱা যায়। চহৰৰ পৰা দক্ষিণে ৬৫ মাইল দূৰত ৰাজধানী ডেনভাৰ আৰু আনফালে উত্তৰে প্ৰায় ৪৫ মাইল দূৰত্বত ৱাইওমিঙৰ ৰাজধানী চহৰ চায়েন (Cheyenne)। এই ফ’ৰ্ট ক’লিঞ্চৰ পৰা য়েল্ল’ষ্ট’নৰ দূৰত্ব প্ৰায় ৪৯০ মাইল আৰু নিজে গাড়ী চলালে সময় লাগে মুটামুটি আঠ ঘণ্টা। সেই সময়ত ক'ল'ৰাড' ষ্টেটত পঢ়ি থকা তিনিজন অসমীয়া ছাত্ৰ ক্ৰমে, লম্বোদৰ চাংমাই (মাষ্টাৰ্ছ, কম্পিউটাৰ ছায়েঞ্চ), অনুজ ডেকা (পি. এইচ. ডি., কম্পিউটাৰ ছায়েঞ্চ) আৰু ঈষা ঘৰফলীয়া (মাষ্টাৰ্ছ, কম্পিউটাৰ ছায়েঞ্চ), এজন কৰ্মৰত অসমীয়া যুৱক, মদন দত্ত (ছফটৱেৰ বিশেষজ্ঞ), মই আৰু মোৰ পৰিবাৰ এই ছজনীয়া দলটোৱে ড'জ ডুৰেঙ্গ নামৰ এখন বাহনত য়েল্ল’ষ্ট’নলৈ বুলি যাত্ৰা আৰাম্ভ কৰিলোঁ। সেইটো আছিল আমেৰিকান কথাত অতিকে স্মৰণীয় সপ্তাহান্ত (Weekend), দিনটো আছিল ২০০৫ চনৰ ২৭ মে’, শুক্ৰবাৰ। এই মেম’ৰিয়েল ডে’ আমাৰ শ্বহীদ দিৱসৰ দৰে, দেশৰ বাবে প্ৰাণ দিয়া বীৰ-বীৰাঙ্গনাসকলৰ সোঁৱৰণত প্ৰতি বছৰে পালন কৰা হয় মে’ মাহৰ শেষ সোমবাৰত। সেইটোকেই লঙ্গ-উইকেণ্ড বুলিও কোৱা হয়, মানে শনি, দেও আৰু সোমবাৰ তিনিদিন একেলেঠাৰিয়ে বন্ধ। উদ্যানৰ ভিতৰত থকাৰ ব্যৱস্থা সীমিত হোৱাৰ বাবে আমি উদ্যানৰ পৰা প্ৰায় এঘণ্টামানৰ আঁতৰৰ ক’ডী নামৰ চহৰৰ এখন ম’টেলত থকাৰ ব্যৱস্থা কৰিলোঁ। ম’টেলৰ অৰ্থ হ’ল “মটৰ হ’টেল”, মানে এনে এক প্ৰতিস্থান যি থকা আৰু বাহন পাৰ্কিঙৰ ব্যৱস্থা ৰাখে, মুটামুটি থকা কোঠালিৰ সন্মুখতেই মটৰ পাৰ্ক কৰিব পাৰি। আমি যাত্ৰা আৰাম্ভ কৰিছিলোঁ গধুলি ৫ মান বজাত। মই, মদন, আৰু লম্বোদৰে পাল পাতি গাড়ী চলোৱাৰ কথা। মই আন্ধাৰত গাড়ী চলাব নোৱাৰিম বুলি পৰিবাৰৰ ভয়, গতিকে মই দিনে-পোহৰে প্ৰথম কেইঘণ্টামান চলালোঁ। সেই সময়ত স্মাৰ্ট ফোনৰ বহুল প্ৰচলন আৰাম্ভ হোৱা নাছিল, গতিকে পথ-যাত্ৰাত গাড়ীত গান বজোৱাৰ উপায় আছিল চি. ডি.-ৰ পৰা গান বজোৱা। অলিখিত নিয়ম আছিল বাহন চালকৰ পচন্দমতে গান বাজিব। যি কি নহওক, ময়ো মোৰ পচন্দৰ কেইখনমান চি. ডি. সাজু কৰি থৈছিলোঁ মই বাহন চলোৱাৰ সময়ত বজাবৰ বাবে। মই চালক হৈ যাত্ৰা আৰম্ভ কৰিলোঁ, প্ৰায় তিনি ঘণ্টামান চলালোঁ। অৱশেষত কেছপাৰ চহৰত ৰৈ নৈশ ভোজনো কৰিলোঁ। মোৰ পাছত ক্ৰমে মদন আৰু লম্বোদৰ চালকৰ আসনত বঢ়িল, চালক সলনি হোৱাৰ লগে লগে গানো সলনি হ’ল। মাজে মাজে চি. ডি.-ৰ গান পচন্দ নহ’লে বাকী যাত্ৰীসকলে নিজেই সুৰ টানি গান গাবলৈ ধৰিলে। ইফালে বাহিৰত আন্ধাৰ হোৱা বাবে বাহিৰৰ দৃশ্য উপভোগ কৰাৰো কোনো উপায় নাই। নিজৰ মাজতে ফূৰ্টি কৰি আমোদ ল’ব নোৱাৰিলে আমেৰিকাৰ এই ভূখণ্ডৰ পথ-যাত্ৰা অতি বিৰক্তিকৰ হ’ব পাৰে। ফ’ৰ্ট ক’লিঞ্চৰ পৰা ক’ডীলৈকে গোটেই পথছোৱাতেই মাত্ৰ কেইখনমান সৰু চহৰ আৰু বাকী পথছোৱা শূন্য ৰাস্তা আৰু দুয়োকাষে মুকলি শুকান ঘাঁহৰ পথাৰ আৰু পথাৰ। এই এলেকাত পেট্ৰ’ল পাম্পৰ সংখ্যাও আমেৰিকাৰ আন আন অঞ্চলৰ তুলনাত তেনেই সেৰেঙা। নৈশ ভোজনৰ সময়ত আমাৰ টেংকত কিমান পেট্ৰ’ল আছিল মন নকৰিলোঁ। কেছপাৰ এৰাৰ সময়ত মই গাড়ী মদনক দিলোঁ। কেছপাৰ পাৰ হোৱাৰ পিছৰ অংশত কোনো পেট্ৰ’ল পাম্প নথকাৰ কথা আমাৰ ধাৰণাত নাছিল। মদনে এঘণ্টামান গাড়ী চলোৱাৰ পাছতেই আমাৰ বাহনৰ টেংক খালি হোৱাৰ উপক্ৰম হ’ল। মদন চালকৰ ছিটত, ইণ্ডিকেটৰত দেখুৱাইছে যে পেট্ৰ’ল কমি গৈ একেবাৰে শেষৰ ফালে। সকলোৰে মোৰ ওপৰতে খং, কিয়নো মই মদনক চলাবলৈ দিয়াৰ আগতে পেট্ৰ’ল ভৰাই লোৱাহ'লে এই অৱস্থা নহ'লহেঁতেন।
পিছে এতিয়া আৰু সেই কথা কৈ লাভ নাই, কেনেকৈ সোনকালে এটা পেট্ৰল পাম্প পোৱা যায় অতি শীঘ্ৰে। মদনে যিমান পাৰে বেগত বাহন চলাইছে, প্ৰতি ঘণ্টাত ৮০ মাইল মান বেগত, নিৰ্ধাৰিত বেগ প্ৰতি ঘণ্টাত ৭০ মাইলহে। পুলিচে ধৰাৰো ভয়, আনফালে পেট্ৰ’ল নাপালে এই নিমাও-মাও ঠাইত বাহন ৰখাই ৰাতি কটোৱাৰো কোনো উপায় নাই। এই অন্ধকাৰ ৰাতি দুৰ-দুৰণিলৈ একো দেখা পোৱা নগ'ল। সকলোৰে মনত দুঃচিন্তা বাঢ়িবলৈ ধৰিলে। কেছপাৰ চহৰ পোৱাৰ পাছতেই আমি মূল ইণ্টাৰষ্টেট হাইৱে’-২৫ এৰি ষ্টেট হাইৱে’-২৬ লৈছিলোঁ। সেই সময়ত জি. পি. এছ.-অৰ উন্নত ব্য়ৱস্থা নথকা বাবে আমি মেপ কুৱেষ্টৰ এখন মেপ ছপা কৰি নিছিলোঁ। মেপৰ মতে কেছপাৰৰ পৰা পৰৱৰ্তী সৰু চহৰৰ ছছনীৰ দুৰত্ব প্ৰায় ১০০ মাইল। কেছপাৰৰ পৰা ঠিক কিমান দুৰ আহিলোঁ কৰো মনত নাই, বাহনৰ অ'ড'মিটাৰৰ সংখ্য়াটো টুকি লোৱা হ'লে ভাল ধাৰণা এটা কৰিব পৰা গ'লহেঁতেন। সকলোৱে গান শুনি গান গাই ফূৰ্টিতহে আহি আছিলোঁ, এনে বিপাঙত পৰিম বুলি কোনেও ভবা নাছিলোঁ। লম্বোদৰে জনালে যে আমি ৮.৩০ মান বজাত কেছপাৰ এৰিছিলোঁ, সেই হিচাপত ১০০ মাইল যাত্ৰত ১.৩০ মান লগাৰ কথা, মানে ১০ বজাৰ ভিতৰত পাব লাগে। ঘড়ীত ইতিমধ্য়ে ৯.৪৩ হে বাজিছে। আকৌ সকলোৰে দুঃচিন্তা যে আৰু ১৭ মিনিট যাব পৰাকৈ বাহনত পেট্ৰ’ল আছেনে? মদনে যিমান পাৰে একেবাৰে ৰবটৰ দৰে বেছি লৰচৰ নকৰাকৈ বেগাই আগুৱাই গৈ থাকিল। অনুজ, ঈষা, লম্বোদৰ, মোৰ পৰিবাৰ, আৰু মই সকলোৱেই হাঁ কৰি ৰাস্তাৰ সন্মূখলৈ চাই ৰ'লোঁ, কিজানি ছছনী চহৰৰ লাইটবোৰ দুৰৰ পৰা চকুত পৰেই। প্ৰায় পাঁচ মিনিটমান কাৰো মুখত মাত নাই। হঠাৎ অনুজ আৰু ঈষাই একেলগে চিঞৰি উঠিল, "লাইট, লাইট, ছছনী পালোঁহি।" আমি আটাইয়েই আনন্দত উকি মাৰিলোঁ। ১৭ মিনিট নালাগিল, ছছনী পাবলৈ, কিয়নো মদনে নিৰ্ধাৰিত বেগতকৈ বেগাই বাহন চলাইছিল। মদনে প্ৰথম যিটো পেট্ৰ’ল পাম্প পালে তাতেই বাহন ৰখাই টেংকটো পূৰাই ল'লে। সকলোৱে হাত-ভৰি পোনাই ল'লে, চাহ, ক'ফী যি পালোঁ নিজৰ মতে গোটাই ল'লোঁ। ক'ডী পাবলৈ এতিয়াও দুঘণ্টামান বাকী। মদনে লম্বোদৰৰ হাতত বাহনৰ চাবি দি ক'লে, "তুমি চলোৱাঁ, মই পিছৰ ছিটত শুমহে আৰু।" লম্বোদৰে পিছৰখিনি ক'ডীলৈকে গাড়ী চলাই ৰাতি ঠিক বাৰ বাজি যোৱাৰ পাছত ম'টেল পোৱালেগৈ। ম’টেলৰ নাম "বিগ বিয়্য়াৰ ম’টেল"। "বিগ বিয়্য়াৰ ম’টেল" বুলি লিখা ছইনব’ৰ্ডৰ খুঁটাটো প্ৰকৃততে খুঁটা নহয়, কাঠত কাটি থোৱা এটা প্ৰকাণ্ড ক'লা ভালুক। অনুজেই ফোন কৰি বুকিং কৰিছিল বাবে তেওঁৰ নামতেই সকলো থকাৰ কথা। আমি পাওঁতে ১২ বাজি পাৰ হোৱা বাবে ম'টেলৰ নৈশ মেনেজাৰজনে আমাৰ ৰূমৰ চাবি এটা সৰু খামত ভৰাই মেনেজাৰৰ সৰু অফিচটোৰ দুৱাৰৰ বাহিৰ ফালে চেল'টেপ লগাই থৈ গৈছে। খামৰ ওপৰত লিখা আছে "Key for Anose Dega" - মানে "অনুজ ডেকাৰ বাবে চাবি"। যিহেতু ফোনতহে বুকিং কৰিছিল আৰু মেনেজাৰজন এনে নামৰ লগত পৰিচিত নহয় গতিকে নামটো কোনোমতেহে লিখি থ’লে। মদনে প্ৰথমে খামটো দেখি ডাঙৰকৈ সকলোৰে উদ্দেশ্যে পঢ়ি দিলে, "কি ফ'ৰ এ-ন'জ দেগা।" আমি বাকীবোৰে প্ৰথমে থৰ লাগি, তাৰ পাছত বুজি পাই সেই ৰাতিখন গিৰগিৰাই হাঁহিলো।
ম'টেলৰ এটাই দীঘলীয়া কোঠা, তিনিখন ডাৱল বে’ড আৰু লগতে স্নানাগাৰ। সিমানেই। সকলোৱে যিমান পাৰোঁ সোনকালে আজৰি হৈ শুবলৈ যোৱাৰ কথা ভাবিলোঁ। পিছে এজন এজনকৈ আজৰি হওঁতে ১.৩০ মানেই হ'লগৈ। পাছ দিনা পূৱাই উঠি ব্ৰেকফাষ্ট্ খায়েই য়েল্ল’ষ্ট’নৰ ফালে পোনাই দিলোঁ। পিছে বাটত পোৱা চাবলগীয়া ঠাইবোৰত গাড়ী ৰখাই ছবি নোতোলাকৈ নাথাকিলোঁ।
পাৰ্কৰ একেবাৰে উত্তৰ দিশত ৱায়'মিং আৰু ম'ণ্টানাৰ সীমান্তৰ ওচৰত অৱস্থিত মেম'থ গৰম পানীৰ উহ। উঁহৰ পৰা ওলোৱা পানীৰ লগত মিশ্ৰিত খনিজ পদাৰ্থই চূণশিলৰ ওপৰত গোট মাৰি এক চিৰ সলনি হোৱা ৰঙৰ চাদৰৰ সৃষ্টি কৰিছে। প্ৰকৃতিৰ এই চিৰ পৰিবৰ্তিত ৰূপে হয়তো পৰ্যটকক ইয়াকেই কাণে কাণে ক'ব বিচাৰিছে যে ৰূপান্তৰ হৈছে জীৱনৰ এক ধ্ৰুৱক।
ভূতত্ত্ব :
য়েল্ল'ষ্ট'ন্ ৰাষ্ট্ৰীয় উদ্যানখন এটা অতি-আগ্নেয়গিৰিৰ ওপৰত অৱস্থিত। এই মাৰাত্মক অথন্তৰ পাৰ্কৰ গভীৰ ভূভাগৰ তলত লুকাই আছে যদিও পাৰ্কখন প্ৰতিষ্ঠাৰ প্ৰায় এক শতিকা হোৱালৈকে কোনেও এই কথা উপলব্ধিয়েই কৰিব পৰা নাছিল। ১৯৬০ দশকৰ শেষৰ ফালে ভূ-পদাৰ্থ বিজ্ঞানী ৰবাৰ্ট ক্ৰিষ্টিয়ানে পোন প্ৰথম বাৰৰ বাবে এই আগ্নেয় কুণ্ডৰ উপস্থিতিৰ সুত্ৰ দাঙি ধৰিছিল। তেওঁ আৰু তেওঁৰ গৱেষণাৰ গোটটোৱে পাৰ্কৰ পৰিসীমাৰ চাৰিওফালৰ শিলা-বিন্যাসৰ বহুবছৰ ধৰি কৰা অধ্যয়নে দৰ্শায় যে এই শিলা-বিন্যাসে প্ৰকৃততে এটা বৃহৎ বলয়াকৃতি আঙঠিৰ সৃষ্টি কৰে। ভূভাগত আবিষ্কাৰ কৰা এই শিলা-বিন্যাসৰ আঙঠিৰ গঠন আৰু নাছাৰ কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা ১৯৬৬ আৰু ১৯৭০ ভিতৰত সংগ্ৰহ কৰা কিছু ছবি তুলনা কৰি তেওঁ এই সিদ্ধান্তত উপনীত হ’ল যে সেই আঙঠিটো প্ৰকৃততে অতি-আগ্নেয়গিৰিৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা প্ৰকাণ্ড জ্বলামুখৰ মুঠ ৪৫ মাইল জোৰা পৰিসীমাহে। এই পৰিসীমাৰ কিছু অংশ আজিও দেখা যায় কিন্তু আন অংশ বৰ্তমান যুগৰ মাটিৰে একেবাৰে ঢাক খাইছে আৰু তাৰ ওপৰত পাইনৰ অৰণ্যৰ সৃষ্টি হৈছে। এই পৰিসীমাৰ মাটিৰ বৈজ্ঞানিক দিনাংক গণনাৰ পৰা এইটো নিৰ্ধাৰণ কৰিব পৰা গৈছে যে সেই অতি-আগ্নেয়গিৰি বিস্ফোৰণ হৈছিল প্ৰায় ৬৪০ হাজাৰ বছৰ পূৰ্বে। সাধাৰণতে জ্বালামুখীৰ উদ্গীৰণৰ পাছত এক বিশাল জ্বালামুখ বা কুণ্ডৰ সৃষ্টি হয়, কিন্তু উদ্গীৰণ যদি অতি মাত্ৰাৰ হয়, যিটো নেকি য়েল্ল'ষ্ট'নৰ ক্ষেত্ৰত সঁচা বুলি তথ্য পোৱা গৈছে, তেন্তে সেই জ্বালামুখ উদ্গীৰণৰ পাছত খহি পৰে। এই খহি পৰা জ্বালামুখক কোৱা হয় "কেল্ডেৰা"। য়েল্ল'ষ্ট'নত দেখা পোৱা সম্ভাৱ্য কেল্ডেৰাক লৈ ভূতত্ত্ববিদসকলৰ মাজত বহু তৰ্ক-বিতৰ্ক চলি আহিছে। লগতে এই অতি-জ্বালামুখী আকৌ কেতিয়া উদ্গীৰণ হ'ব পাৰে তেনে সূত্ৰৰো অভাৱ নাই। এই অতি-বিস্ফোৰণৰ ছাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমগ্ৰ পশ্চিমাঞ্চলত পোৱা যায় আৰু ই নিশ্চয়কৈ সেই অতি-বিস্ফোৰণ কিমান বৃহৎ আছিল তাৰে প্ৰমাণ দাঙি ধৰে। ১৯৮০ চনত মাউণ্ট ছেইণ্ট হেলেনৰ বিস্ফোৰণতকৈ ২৫০০ গুণে ডাঙৰ আছিল য়েল্ল’ষ্ট'নৰ বিস্ফোৰণ। ৬৪০ বছৰৰ আগৰ বিস্ফোৰণত নিৰ্গত লাভা মাটিলৈ পৰিৱৰ্তিত হৈ বহু অংশ গছ-বনেৰে ভৰি পৰিল। কিন্তু পাৰ্কৰ আন এটা অংশত এনে কিছু শিলাখণ্ড দেখা যায় য'ত লাভাৰ উদ্গীৰণ আজিৰ পৰা প্ৰায় ১০০ হাজাৰ বছৰ মান আগলৈকে হৈ আছিল। এইবিধ লাভা কম বিস্ফোৰক, বেছি জুলীয়া আৰু লাহে লাহে শীতল হোৱা ধৰণৰ আছিল। এই লেহেম লাভা প্ৰৱাহৰ প্ৰক্ৰিয়াই য়েল্ল’ষ্ট'নৰ কিছু অংশৰ ওন্দোলা ভূমি নিমজ আৰু কোমল ঘাঁহনিলৈ পৰিৱৰ্তিত কৰে।
আধুনিক কম্পিউটাৰৰ জৰিয়তে ভূকাম্পিক ঢৌবোৰৰ অধ্যয়নে পাৰ্কখনৰ ভূতলৰ এক ফটফটীয়া ইতিহাসৰ আভাস দিয়ে, যে পাৰ্কৰ তলত কি হৈছিল। ইয়াৰ পৰা এইটো প্ৰমাণিত হৈছে যে ভূতলত গলিত শিলৰ অতিকায় ভাণ্ডাৰ আছিল, য়েল্ল’ষ্ট'নৰ অতি-জ্বলামুখী যেতিয়া বিস্ফোৰিত হৈ লাভা ওলাই আহিল, লগে লগে ওপৰৰ মাটি খহি পৰি জ্বালামুখীৰ কুণ্ডটো মোটামুটি ঢাকি পেলাইছিল। এক্স ৰে'-ই যিদৰে আমাৰ শৰীৰৰ হাড়ৰ মাজেৰে পাৰ হৈ গলে হাড়ৰ বিন্যাসৰ ছবি তুলিব পাৰি ঠিক তেনেদৰেই কম্পিউটাৰৰ দ্বাৰা সৃষ্টি কৰা ভূকাম্পিক ঢৌ শীতল শিলাখণ্ডৰ মজেৰে তীব্ৰ গতিত প্ৰৱাহিত হয়। কিন্তু শিলাখণ্ড যদি উতপ্ত আৰু গলিত হয়, মানে যদি মেগমা থাকে তেন্তে সেই ঢৌ মন্থৰ হৈ পৰে। এই ঢৌৰ গতি কম্পিউটাৰে সংগ্ৰহ কৰি ৰঙীন থ্ৰী. ডি. ছবিৰ সৃষ্টি কৰে, তাৰ পৰা মাটিৰ তলত থকা উতপ্ত তথা গলিত শিলৰ (মেগমা) অৱস্থান জানিব পৰা যায়। এই প্ৰযুক্তিৰে বিজ্ঞানীসকলে গ'ম পাইছে যে আজিও য়েল্ল’ষ্ট'ন্ পাৰ্কৰ তলৰ ভূ-ভাগত এটা মেগমা কোঠালি আছে যিটো প্ৰায় ৩০ মাইল দীঘল, ২৫ মাইল বহল আৰু ১০ মাইল গভীৰ। প্ৰতি বছৰে ইয়াৰ এই গলিত মেগমা ভাগৰ আকাৰৰ সাল-সলনি হৈ থাকে, ইয়াৰ তাপমাত্ৰা প্ৰায় ৮১৫ ডিগ্ৰী চেলচিয়াছ আৰু এইটোৱেই হৈছে য়েল্ল’ষ্ট'নৰ চিৰকম্পিত হৃদযন্ত্ৰ। এই মেগমা লৰচৰ কৰি থকাৰ বাবেই ওপৰৰ ভূভাগ বিকৃত হয় আৰু আৱিৰাম সৰু সৰু ভূমিকম্প হৈ থাকে আৰু ইয়াৰ পৰা সৃষ্টি হোৱা প্ৰচণ্ড তাপে য়েল্ল’ষ্ট'নৰ গৰম পানীৰ উঁহ আৰু গিজাৰবোৰক ইন্ধন যোগায়।
Associate Professor
Department of Chemistry and Biochemistry
Kennesaw State University
370 Paulding Avenue, MD#1203
Kennesaw, GA 30144