অন্যযুগ/
ঘুণ
ৰূপাঞ্জলি চেতিয়া নেওগ
একা-বেঁকা পাহাৰীয়া পথটোত সূৰুযৰ লুকাভাকু৷ পাহাৰ আৰু গছবোৰৰ ফাঁকেৰে কোনোবাখিনিত সূৰুযৰ পোহৰকণে ভুমুকিয়াইছে, পাছ মুহূৰ্ততে আকৌ ঢাক খাই পৰিছে৷ যেন খেলাত ব্যস্ত এজাক শিশুহে! এই পথটো তুলনামূলকভাৱে বিপদসংকুল৷ এপিনে দ খাৱৈ, আনপিনে আধাকটা গাৰে ওখ পাহাৰ৷ তাৰ উপৰি হঠাতে আহি পৰা টাৰ্ণিংবোৰ আছেই৷ অলপ অসাৱধান হ’লেই গাড়ীয়ে-মানুহে দ খাৱৈত পৰি হাড় এডালৰো অস্তিত্ব পোৱা নাযাব হয়তো৷ কিন্তু পাকৈত চালকসকলে পটু হাতেৰে গাড়ীবোৰ চলাই নিছে৷ জীৱন মৰণৰ সমস্ত চাবি-কাঠী সিহঁতৰ হাততে৷ প্ৰতিপল জীউটো হাতৰ মুঠিত লৈ বিপদেৰে ভৰা এই পথছোৱা পাৰ হোৱাৰ লগে লগে প্ৰকৃতিয়ে অকৃপণ হাতেৰে সজোৱা ৰম্যপুৰীত প্ৰৱেশ কৰাৰ দৰে লাগে৷ সেয়ে হয়তো বিপদসংকুল পথছোৱাৰ সকলো আশংকা নেওচি নিতৌ অলেখ পৰ্যটকৰ আগমন ঘটে৷ মোৰ দৰে অ’ফিচ সংক্ৰান্তীয় কামৰ বাবে অহা লোকৰ সংখ্যাও বৰ কম নহ’ব পিছে৷ কাৰোবাৰ তেনে কাম ওলালে ভালেই পায় হয়তো সকলোৱে৷ তেনে কামৰ দায়িত্ব মিলা লোকৰ বাবে এয়া বোনাচ পইণ্ট যেনিবা৷ অ’ফিচৰ লেঠা শেষ কৰি পৰিয়াল নাইবা বন্ধুবৰ্গৰে মিলি দুটামান দিন উপভোগ কৰাৰ সুযোগ পায়৷
আগৰদৰে হোৱা হ’লে হয়তো ময়ো ভালেই পালোঁহেতেন৷ কিন্তু আজিৰ পৰিস্থিতিৰ কথা সুকীয়া৷ আজি মই এইখন ঠাইৰ পৰা যিমান পাৰোঁ সিমানেই আঁতৰত থাকিব বিচাৰোঁ৷
“নেক্সট মিটিঙখনৰ ভেন্যু চে'ঞ্জ হ’ব পাৰে৷ আপুনি সাজু থাকিব৷ ফৰেইনৰ পৰা আহিবলগীয়া ডে’লিগ্যেটচ্ৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ্ মতেই ডে’ট আৰু ভেন্যু ফিক্স কৰা হ’ব৷” বিছদিনমানৰ আগতে বছে জনাইছিল মোক৷ তেওঁৰ কথামতেই এই মিটিঙখন যথেষ্ট গুৰুত্বসহকাৰে লৈছিলোঁ মই৷ কেইবাবাৰো বিভিন্ন অসুবিধাৰ বাবে বাতিল হৈছিল মিটিঙখন৷ আমাৰ নতুন প্ৰজেক্টটোৰ বাবে এয়া বৰ জৰুৰী আছিল যদিও বাৰে বাৰে বাতিল হোৱাত এক প্ৰকাৰৰ হতাশাতে ভুগিছিলোঁ আমি আটায়ে৷ সেয়ে এইবাৰ মিটিংখন সফল কৰি তুলিবলৈ সাজু হৈছিলোঁ শাৰিৰীক আৰু মানসিকভাৱে৷ কিন্তু ঘূণাক্ষৰেও ভবা নাছিলোঁ যে অৱশেষত সেই ডে’লিগ্যেটচ্ৰ 'ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ্' এইখন ঠাই হ’ব৷ মুঠেই মন নাছিল মোৰ ইয়ালৈ আহিবলৈ৷ কিন্তু মিটিঙখনৰ অত্যন্ত জৰুৰী অৱস্থাটোৱে মোক আহিবলৈ বাধ্য কৰিলে আৰু আজি এয়া মই মোৰ অতীত অভিমুখী যাত্ৰাত৷
কল্পনাৰ স’তে জীৱনৰ মধুময় কেইটামান দিন পাৰ কৰিছিলোঁ মই ইয়াত৷ কল্পনা মোৰ পত্নী৷ পত্নী হ’লেও কিন্তু তাই মোৰ লগত নাথাকে এতিয়া৷ আমাৰ বিয়াৰ এবছৰৰো অধিক হ’ল৷ এই এবছৰে আমি হয়তো ছমাহো একেলগে থাকিবলৈ নাপালোঁ৷ হঠাতে আহি পৰা সংঘাত আৰু দ্বন্দ্বই আমাক দুয়োকে এনে এক অৱস্থাত উপনীত কৰোৱালে যে আমি দুয়ো একেলগে থকাটো প্ৰায় অসম্ভৱ যেন হৈ উঠিল৷ আৰু কল্পনা মাকৰ ঘৰলৈ গুচি গ’ল৷ কিন্তু ইয়াৰ বাবে কাক দোষ দিম সেয়া মই আজিও ঠিৰাং কৰিব নোৱাৰিলোঁ৷ আচলতে মোৰ দৰে ধৰ্মসংকটত ভোগা লোকৰ বাবে সেয়াই স্বাভাৱিক৷
“ছাৰ, ৰ’ব নেকি ইয়াত অকণমান?” বিপুলৰ মাতষাৰত সম্বিত ঘূৰি আহিল মোৰ৷ ড্ৰাইভাৰ হিচাপে বিপুল যথেষ্ট পাকৈত যদিও আজিৰ এই যাত্ৰাত সিও গহীন হৈ অত্যন্ত মনোযোগেৰে গাড়ীখন চলাই আছে৷ আনকালে হোৱাহ’লে হয়তো তাৰ জীৱনৰ বিভিন্ন অভিজ্ঞতাসমৃদ্ধ ৰসাল কথাৰে মোৰ যাত্ৰাটো ভৰাই পেলালেহেঁতেন৷ মোৰো যাত্ৰাপথৰ আমনিদায়ক সময়বোৰ তাৰ ৰসাল বৰ্ণনাত সুন্দৰকৈ কাটি গ’লহেঁতেন৷ পিছে আজিৰ কথা সুকীয়া৷ আজি তাৰ নীৰৱতাই মোক সকাহ দিছে, মোক সুযোগ দিছে, অতীতৰ স’তে সহবাস কৰাৰ সুবিধা দিছে৷ এতিয়া সি গাড়ীখন ৰাস্তাৰ কাষত ৰখাই মোলৈ চাই আছে ৰেয়াৰ ভিউ মিৰ’ৰখনতে৷
“হাঁ? অঁ৷ তুমি নামিবা নেকি?” মিৰ’ৰখনতে তালৈ চাই সুধিলোঁ ময়ো৷ উত্তৰলৈ নৰৈ তাৰ পৰা চকু আঁতৰাই বাহিৰলৈ চালোঁ৷ পাবৰ হৈছেই তাৰমানে৷ এই ঠাইখন চহৰৰ দুৱাৰদলি বুলিব পাৰি৷ মূল চহৰখনলৈ ইয়াৰ পৰা আৰু মাত্ৰ দহমিনিটমানৰহে বাট৷ ইমান সময়ে নিজৰ ভাবনাৰ স’তে উমলি থাকোঁতে সময়ৰ লেখেই পাহৰিছিলোঁ৷
“নহয় মানে... আপুনি নামে যদি ময়ো চাহ একাপ খালোহেঁতেন৷ ইয়াত গাখীৰ চাহকাপ বৰ সোৱাদ৷” তাৰ বিনয়ী মাতষাৰে তাৰ সৈতে নামিবলৈ মোক বাধ্য কৰালে ৷ চাহ খোৱাৰ ইচ্ছা নাছিল৷ এনেয়েও চাহৰ নিচা মোৰ খুব কম৷ তাতে বাহিৰত কিনকিনীয়া বৰষুণ৷ তথাপি তাৰ হেঁপাহক নেওচা দি তাক নিৰাশ কৰিবৰ মন নগ’ল৷ নামি গ’লো গাড়ীৰ দুৱাৰ খুলি৷
“ছাৰ আহক৷” ভিৰ ঠেলি চাহৰ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল সি৷ দোকানী মহিলাগৰাকীৰ সৈতে তাৰ পুৰণা চিনাকি বোধকৰোঁ৷ তেওঁ তাক বহিবলৈ কাঠৰ টুল এখন আগবঢ়াই দিলে৷ মোকো সি ভিতৰলৈ মাতিলে৷ সোমাই গৈ খালী চাহ একাপ ল’লোঁ মই৷ একো খাবলৈ মন যোৱা নাই৷ বিপুললৈ চালোঁ৷ সি কে’কজাতীয় কিবা এডোখৰ লৈ খাই আছে চাহৰ লগত৷ দুই-এসোহা মৰাৰ লগে লগে কিবাকিবি কথাও পাতি আছে৷ ল’ৰাটোৱে মৰম লগাব জানে৷ গাড়ীও ভাল চলায়৷ সেইবাবে মোৰ প্ৰত্যেকটো যাত্ৰাত তাকেই সংগী হিচাপে নিৰ্বাচন কৰোঁ৷ অ’ফিচৰ পৰা ট্ৰেভেল এলাউঞ্চৰ টকাকেইটাৰ পৰা ভাৰাটোৰ উপৰি নিজৰ পকেটৰ পৰাও দুটকামান বেছিকৈ দিওঁ৷ সি সুখী আৰু সন্তুষ্ট হৈ পৰে আৰু মই হওঁ নিশ্চিন্ত৷ নহ’লেনো আজিকালি কাৰ ওপৰত ভৰসা কৰিব পাৰি?
চাহকাপ শেষ কৰিলোঁ মই৷ সি খায়েই আছে৷ থাকক, তাৰ চাহকাপ শেষ হয় মানে অলপ বাহিৰৰ মুকলি বতাহ খাই লোৱা যাওক ৷ চাহ দুকাপ আৰু সি খোৱা কে’কৰ মূল্য পৰিশোধ কৰি দোকানৰ চালিখনৰ পৰা ওলাই আহিলোঁ৷ লগে লগে শীতল বতাহ এছাটিয়ে কঁপাই তুলিলে মোক৷ চিগাৰেট হোপাৰ ইচ্ছা এটাই মনত খুন্দিয়ালেহি৷ এনেকুৱা বতৰত মোৰ এই ইচ্ছাটো তীব্ৰতৰ হৈ উঠে৷ অলপ আঁতৰৰ সৰু গুমটি এখনলৈ গৈ চিগাৰেট এটা খুজিলোঁ৷ ঠাইখনত বহুকেইখন সৰু সৰু দোকান৷ চাহ, থলুৱাভাৱে উৎপাদিত বিভিন্ন সজোৱা সামগ্ৰী, খোৱাবস্তু ইত্যাদিৰ৷
“কৌনচা দুঁ ভাইয়া?” অন্যমনস্ক হৈ আছিলোঁ বোধহয়, কম বয়সীয়া দোকানী ল’ৰাজনৰ কুমলীয়া মাতষাৰে মোৰ চিন্তাত আউল লগালে৷ অলপ সময় চাই থাকিলো তালৈ৷ হঠাতে যেন অলপ আগৰ সুতীব্ৰ ইচ্ছাটো নাইকিয়া হৈ পৰিল৷
“দে দৌ কুচ ভী৷” ক’ব লাগে বাবেই ক’লোঁ, ল’ব লাগে বাবেই ল’লোঁ৷ সি চিগাৰেটৰ লগতে লাইটাৰ এটাও আগবঢ়াই দিলে৷ মূৰটো জোঁকাৰি অকল চিগাৰেটটো লৈ আঁতৰি আহিলোঁ মই৷ কল্পনাই বেয়া পাইছিল চিগাৰেট হুপিলে৷ তাই যদিও মোৰ কাষত নাই আজি, তথাপিও তাইৰ ভাললগা, বেয়ালগাখিনিয়ে মোৰ মানত গুৰুত্ব হেৰুওৱা নাই৷
“ইমান যে বেয়া দেখি তোমাক চিগাৰেট হোপোঁতে! জোঙা হৈ যায় মুখখন৷ প্লিজ নাখাবাচোন!” বিয়াৰ দুসপ্তাহমান পাছত এদিন কৈছিল তাই৷ মই লাজ পোৱাৰ লগতে আচৰিতো হৈছিলোঁ৷ চিগাৰেট হোপাৰ অপকাৰিতাৰ কথা নকৈ তাই আক’ মোক বেয়া দেখাৰহে যুক্তি দিলে! হ’লেও মই চিগাৰেট এৰিবলৈ যত্ন কৰিছিলোঁ৷ সেই সময়খিনিয়েই নিচালগা আছিল আচলতে৷ মাৰ পচন্দ মতে বিয়া পতা সুন্দৰী কল্পনাক জানিবলৈ, তাইৰ মনত ঠাই ল’বলৈ অহৰহ চেষ্টা চলাই আছিলোঁ মই সেইবোৰ দিনত৷
উস্! নাভাবোঁ বুলিও আকৌ কল্পনাৰ কথাই মনলৈ আহিল৷ এই যাত্ৰাটোৱে মোক স্থিৰতা নিদিব যেন পাইছোঁ৷ হাতত লৈ থকা চিগাৰেটটো দলিয়াই দিলোঁ ৰাস্তাৰ কাষত থকা বাঁহৰ ডাষ্টবিনটোলৈ৷ এই আমনিদায়ক চিন্তাবোৰো এনেকৈ দলিয়াই দিব পৰাহ’লে! ফুটপাথেৰে এখোজ-দুখোজকৈ অলপ আগুৱাই গ’লোঁ মই৷ কিনকিনীয়া বৰষুণ, দূৰৈৰ পাহাৰবোৰৰ মূধচ ঢাকি কৰা ডাৱৰৰ লুকা-ভাকু,এই সকলোবোৰে মিলি ঠাইখন মায়াময় কৰি তুলিছে৷
পথৰ কাষতে দুগৰাকীমান জনজাতীয় মহিলাই কয়লাত সেকা গোমধানবোৰ নেমু চেপি বৰ কায়দাৰে নিমখ আৰু জলকীয়া গুৰিৰ সৰু সৰু টোপোলাৰে সৈতে আগবঢ়াই দিছে গ্ৰাহকলৈ৷ এইটো বতৰত সেকা গোমধান খোৱাৰ মজাই বেলেগ৷ কল্পনাৰ লগত যেতিয়া আহিছিলোঁ দোকান-পোহাৰ কম আছিল৷ চালিৰ তলত অস্থায়ীভাৱে পাতি লোৱা দুখনমান চাহৰ দোকানৰ বাদে একোৱেই নাছিল৷ সেই চালিৰ তলৰ দোকানতে জনজাতীয় মহিলা এগৰাকীৰ পৰা গোমধান কিনি খাইছিলোঁ আমি৷ আমি বুলিলে হয়তো ভুলেই হ’ব৷ কাৰণ এইবোৰ ক্ষেত্ৰত মই আছিলোঁ তেনেই নিৰুৎসাহী আৰু কল্পনা আছিল অত্যুৎসাহী৷ তাইৰ সেই অত্যুৎসাহ পিছে বহু সময়ত মোৰ সাৰথি হৈছিল৷ মোৰ গতানুগতিক জীৱনটোক তাই নিতৌ ন ন ৰঙেৰে, ৰসেৰে সজাই তুলিবলৈ যত্ন কৰিছিল৷ পিছে কিমান দিনলৈ! সেই ৰং, সেই ৰস হেৰাই গ’ল কালৰ পকনীয়াৰ মাজত৷ শাহু-বোৱাৰীৰ দ্বন্দ্বৰ মাজত৷
পিছে অকল শাহু-বোৱাৰীৰ দ্বন্দ্বহে আছিল জানো সেয়া! ওহোঁ নহয়৷ সেয়া আছিল ব্যক্তিবিশেষৰ মাজত থকা চিন্তাধাৰাৰ পাৰ্থক্য৷ যিখিনি পাৰ্থক্য বুজি সমিলমিলেৰে বুজা-পৰা কৰি ল’বলৈ কোনো এজন ৰাজি নহ’ল আৰু মই হেৰুৱাই পেলালোঁ মোৰ জীৱনটোক ন কৈ সজাই তুলিব খোজা সেই ৰং আৰু ৰস৷ জীৱনৰ দুগৰাকী প্ৰিয়তম ব্যক্তিক একে সময়তে দুখী কৰিবলগীয়া হোৱাটো কম পৰিতাপৰ কথা নহয়৷ ইয়াৰ বাবে মই নিজকে ক্ষমাও কৰিব পৰা নাই আজিলৈকে৷ কিন্তু মোৰ যে আন উপায়ো নাই৷
আস্! মোৰ দৰে দুই নাৱত দুই ভৰিহেন অৱস্থা আৰু হৈছেনে বাৰু কাৰোবাৰ? দুগালেৰে পানী বৈ অহা যেন অনুভৱ হ’ল মোৰ৷ কান্দিছোঁ নেকি বাৰু? চুই চালোঁ গালখন৷ নহয়, বৰষুণজাকেহে ডবাপিটা ৰূপ লোৱাৰ যো-জা চলাইছে৷
“ছাৰ, গৈ থাকোঁ চাগে নহয়? সন্ধিয়া হোৱাৰ আগতে হোটেলত সোমাব পাৰিলে ভাল হ’ব৷ এইখিনি সময়ত বহুত ট্ৰেফিক্ জাম হয়৷” পাছফালৰ পৰা অহা বিপুলৰ মাতষাৰে চক্ খুৱালে মোক৷ সি হয়তো মোক বিচাৰিয়েই এইখিনি পালেহি৷ হাতত লৈ অহা ছাতিটো মোৰ মূৰৰ ওপৰত দি মোৰ সঁহাৰিলৈ ৰ’ল৷ মূৰটো দূপিয়াই পকেটৰ পৰা ৰুমালখন উলিয়াই মুখখনৰ লগতে মূৰটোও মচি মচি তাৰ লগত আহি গাড়ীত বহিলোঁহি৷
মোক হোটেলত নমাই থৈ বিপুল গুচি গ’ল৷ তাৰ কোনোবা বন্ধু থাকে হেনো ওচৰতে ক’ৰবাত৷ সি তাৰ লগতেই থাকিব৷ হোটেলত সোমাই গাটো ধুই ফ্ৰেশ্ব লাগিল মনটো৷ মিটিংখন কাইলৈ দহ বজাত৷ তেতিয়ালৈকে মোৰ হাতত কেইবাটাও ঘণ্টা আছে৷ ওলাই যাবলৈ মন নগ’ল৷ ৰূম চাৰ্ভিছৰ বয় এটাই মোৰ ফৰমাইচ মতে দি যোৱা হুইস্কি আৰু স্নেকচ্ লৈ বেলকনিতে বহিলোঁ৷ পাহাৰীয়া ঠাইত সন্ধিয়াবোৰ বৰ সোনকালে নামে৷ পিছে মানুহবোৰো কম নহয়৷ সোনকালে নমা সন্ধিয়াটোৱে ভয় লগাকৈ বিয়পাব খোজা নিস্তব্ধতা আৰু নীৰৱতাখিনিক ফেপেৰি পাতি ধৰে৷ সেয়ে ৰঙীন আৰু মাতাল হৈ পৰে সন্ধিয়াবোৰ, ৰাগিলগা হৈ পৰে ৰাতিবোৰ৷ সেই ৰাগিয়ে উৎসাহ দিয়ে সকলোকে৷ অনাগত দিনবোৰত খোজ থৰক বৰক নোহোৱাকৈ আগবাঢ়ি যাবলৈ শক্তি দিয়ে সেই মাতাল সন্ধিয়াবোৰে৷
পাহাৰীয়া এই চহৰখনত প্ৰকৃতিয়ে অকৃপণ হাতেৰে অপৰূপ সৌন্দৰ্য ছটিয়াইছে৷ সেইবাবে বছৰজুৰি পৰ্যটকৰ আগমন ঘটিয়েই থাকে৷ মই এইবাৰৰ সৈতে দুবাৰ আহিছোঁ৷ এবছৰৰ আগতে মোৰ নৱবিৱাহিতা পত্নী কল্পনাৰ লগত কটোৱা সেই দিনবোৰ জল্জল পট্পটভাৱে মনত আছে৷ মধুচন্দ্ৰিকা যাপনৰ বাবে আহিছিলোঁ কল্পনা আৰু মই৷ ইতিমধ্যে আমাৰ বিয়াৰ দুমাহ পাৰ হৈ গৈছিল৷ কল্পনাই মৰম আৰু আদৰেৰে মোক তেনেই কাবু কৰি পেলাইছিল৷ তাইৰ কথামতে সকলোবোৰ কৰি বৰ সুখী হৈছিলোঁ মই৷ ইজনে সিজনৰ মাজত বুৰ গৈ থাকোঁতে সপোন যেন লগা এটা সপ্তাহ পলকতে পাৰ হৈ গৈছিল৷ তেতিয়া আৰু বেছি মায়াসনা যেন লগা হৈছিল এই পাহাৰীয়া চহৰখন৷ হাত ধৰাধৰিকৈ আমি ঘূৰি ফুৰিছিলোঁ সৰু চহৰখনৰ অলিয়ে গলিয়ে৷ আৰু এতিয়া? মাথো এটা বছৰৰ মাজতে আকাশ-পাতাল প্ৰভেদ যেন!
এটা পেগ শেষ হয় মানে ৰিম্জিমকৈ নিচা লাগি আহিল মোৰ৷ বেলকনিৰ পৰা দেখা পোৱা শ্বপিং ম’লকেইটাৰ লগতে ফুটপাথৰ সৰু সৰু দোকানবোৰতো গ্ৰাহকৰ ভিৰ৷ চহৰখনৰ সদাব্যস্ত অঞ্চল এইটো৷ নানাৰঙী লাইটৰ বাহাৰে গোটেই পৰিবেশটোকেই চালে চকুৰোৱা কৰি তুলিছে৷ অন্যমনস্ক যেন হৈ সেইবোৰকে চাই থাকোতেই ফোনটো বাজি উঠিল৷
“বাবা, তই কেতিয়া আহিবি?” সিমূৰত মা৷
“আস্! আহি পাইছোহিহে মা৷ মিটিং শেষ কৰিয়েই উভতি যাম৷”
“ওঁ৷ কেইদিনমানৰ ছুটী লৈ ল’বিচোন এইবাৰ আহি৷ বহুত কাম আছে৷ সামৰিব লাগিব সেইবোৰ৷ অজয় আহিছিল কালি ঘৰলৈ৷ সি ক’লে…।”
কিবা যেন ক’ব খুজিছে মায়ে৷ অথচ ক’ব পৰাও নাই৷
“কি ক’ব খুজিছ খুলি ক’চোন মা৷” মোৰ কথাই মাক যেন অভয় দিলে৷
“অজয়ে লগ পাইছিল বোৱাৰীক৷ আজিকালি তাই কিবা চাকৰি কৰে হেনো টাউনত৷ সি চিনিবই পৰা নাছিল বোলে প্ৰথমতে৷ তেনেই গাভৰু ছোৱালীৰ দৰে কাপোৰ-কানি, আচাৰ-আচৰণ৷ আনকি শিৰত সেন্দুৰকণো নাই৷ তাক হেনো দেখিও নেদেখাৰ ভাও জুৰিছিল৷ সি নবৌ বুলি মাত দিয়াত তাইৰ লগত থকা সকলো আচৰিত হৈছিল৷ চাচোন বাবা, তাইনো বাৰু এনেকুৱা কৰিব লাগেনে?” ভেটা ভঙা নৈখনৰ দৰে সোঁ সোঁৱাই বৈ গ’ল মাৰ আৱেগ৷ মই তিতিলোঁ, মই বুৰিলোঁ, মই থাউনি নোপোৱা হ’লোঁ৷ যিমানেই যি নহওক কিয়, মই এই বিষয়ত নিশ্চিন্ত আছিলোঁ যে কল্পনা মোৰ পত্নী হৈয়ে আছে আৰু সকলো অভিমান আঁতৰাই এদিন নিজ ঘৰখনলৈ ঘূৰি আহিবই৷
“তই সোনকালে কিবা এটা কৰ বাবা৷ বিয়াপতা মানুহে এনেকৈ এটা এঠাইত, এটা আন ঠাইত থকা এনেও ভাল কথা নহয়৷ মানুহেও বু-বু বা-বা কৰিবলৈ সুযোগ পায়৷” মাৰ এই উদ্বিগ্নতা অহেতুক নহয়৷ সেয়া ময়ো নুবুজাকৈ থকা নাই৷ পূজাৰ সময়তে হে’ড অ’ফিচৰ পৰা দীঘলীয়া ছুটী লৈ আধৰুৱা কামখিনি কৰি ল’মগৈ বুলি ভাবি থৈছিলোঁ৷ সেয়ে ছুটিৰ বাবে অনলাইন এপ্লিকেচন এখন পঠিয়ায়েই থৈছিলোঁ৷ কিন্তু এতিয়া দেখিছো পূজালৈ ৰ’ব নোৱাৰিমেই৷ ফোনটো কাটি হুমুনিয়াহ এটা এৰিলোঁ মই৷ মই জানো ফোনৰ সিটো পাৰে মাৰ বুকুৱেদিও নিগৰিছে এই হুমুনিয়াহ৷ কোন মাকেনো সন্তানৰ উঁৱলিব ধৰা সপোনবোৰ দেখি সুখেৰে থাকিব পাৰে! চিনেমাৰ ৰীলৰ দৰে মোৰ সন্মুখত সেই সময়খিনি শাৰী পাতি পাৰ হ’ল৷
এসপ্তাহ এই ৰম্যপুৰীত কটাই উভতিবলৈ ওলাইছিলোঁ আমি৷ দেহত লিপিট খাই ধৰা টি চাৰ্ট-জিনচ্ আৰু হাইহিল, হাইলাইট কৰা খোলা ষ্টেপকাট চুলিখিনিৰে অপূৰ্ব লাগিছিল তাইক সিদিনা৷ বুকিঙৰ টেক্সিখনৰ বাবে হোটেলৰ আগত ৰৈ থাকোঁতে বাটৰুৱাই ঘূৰি ঘূৰি চাইছিল তাইক৷ ইয়াত থকা আটাইকেইটা দিন তাই পশ্চিমীয়া সাজতেই ঘূৰা-পকা কৰিছিল৷ মই বাধা দিয়া নাছিলোঁ৷ যদিওবা সুবিধা আৰু সৌন্দৰ্যৰ নামত পিন্ধা বহুবোৰ পশ্চিমীয়া সাজ মোৰ তেনেই অপছন্দৰ৷
“ইয়াৰ পৰা গৈ আমি বেলেগকৈ থাকিম দেই সোণ৷ তোমাৰ ঘৰখনত যে অকণো প্ৰাইভেচি নাই৷ অনবৰত আলহী৷ আলহী নথকা সময়খিনিত মাৰ লগতে ইটো সিটো কৰা৷ একো কৰিবলগীয়া নাথাকিলে মায়ে 'বোৱাৰী আঁহা কথাকে পাতোঁ' বুলি মাতি নিয়ে৷ অনবৰতে মেখেলা-চাদৰ পিন্ধি থাকিব লাগে৷ বেয়া পাওঁ মই এইচব৷” উভতাৰ বাটত মোৰ বুকুৰ মাজত সোমাই কৈ গৈছিল তাই৷ নিম্নমুখী আমাৰ গাড়ীৰ গতিৰ দৰেই মোৰ তাইৰ প্ৰতি থকা আস্থাও যেন নিম্নমুখী হোৱাৰ দিশে৷
মই ঘৰৰ একমাত্ৰ সন্তান৷ পঢ়ি থাকোঁতেই দেউতাক হেৰুৱালোঁ অকস্মাতে৷ দেউতাৰ অবৰ্তমানত মাৰ মূৰৰ ওপৰেদি কত ধুমুহা পাৰ হ’ল সেয়া মই তাইক নতুনকৈ ক’বলগীয়া হ’ব নালাগিছিল৷ মায়ে নিজে পচন্দ কৰি অনা বোৱাৰী৷ সকলোখিনি বুজাই দিয়া হৈছিল তাইক৷ তাইৰ কথাখিনি শুনি অবাক হৈ পৰিছিলোঁ মই৷ কেনেকৈ ক’ব পাৰিছে তাই এনে এষাৰ কথা! বৰ হতাশ হৈ পৰিছিলোঁ মই৷ একেবাৰে নিঃজঞ্জাল এখন ঘৰ৷ তেনেই নিমাখিত মোৰ মা৷ সংসাৰৰ জটিলতা নুবুজে৷ কল্পনাক বোৱাৰী নহয় নিজৰ ছোৱালী হেন জ্ঞান কৰে৷ তেনেস্থলত তাইৰ এনে মনোভাৱ আৰু কথাই মোক হতাশাত ডুবোৱাটো তেনেই সাধাৰণ কথা৷
“এয়া কেনেকৈ সম্ভৱ হ’ব? তোমাক দেখোন আগতে সকলোখিনি কোৱাই হৈছিল৷ দেউতা অবিহনে মায়ে মোক কিমান কষ্টৰে ডাঙৰ কৰিলে সেয়াতো তুমি নজনাকৈ থকা নাই৷ অলপ বুজাঁচোন৷ লাহে লাহে সকলো সহজ হৈ যাব৷” মৰমেৰে তাইক বুজাবলৈ চেষ্টা কৰিছিলোঁ মই৷
“তোমাৰ মাৰা অকালতে বিধৱা হোৱাৰ শাস্তি তাৰ মানে মই ভোগ কৰিব লাগিব?” তাইৰ কথাত আচৰিত হৈ পৰিছিলোঁ মই৷ হঠাতে উগ্ৰ হৈ পৰা সেইজনী কল্পনা মোৰ যে তেনেই অচিনাকি!
“মুখ চম্ভালি কথা ক’বা!” খং এটা উঠি আহিছিল মোৰো৷ হাত দাঙি চৰ এটা মাৰিবলৈ উপক্ৰম কৰিও কোনোমতে নিজকে চম্ভালিছিলোঁ৷ জন্মদাত্ৰী মাক কৰা সেই অপমান মই সহোঁ কি সতে! প্ৰেম-ভালপোৱাৰ সকলো ৰাগি আঁতৰাই আমাৰ মাজত ঠাই লৈছিল এক ভয়াৱহ দুঃসময়ে৷
“হাউ ডেয়াৰ য়ু!” ফেপেৰি পাতি ধৰিছিল তাই মোক৷ ৰঙা পৰা দুচকুৰে যেন জুইহে বৰষিছিল৷ পিছে অলপ সময়ৰ বাবেহে৷ অলপ পিছতে সেই জুই নুমাই গৈছিল তাইৰ নিজৰেই চকুৰ পানীত৷ দুৰ্বল কৰি তুলিছিল মোক তাইৰ চকুপানীয়ে৷ আলফুলে বুকুত সাবটি লৈ বুজাইছিলোঁ আকৌ৷ আচলতে সিদিনা সেই চৰটো মই তাইক মাৰিয়েই দিব লাগিছিল৷ তেতিয়া হয়তো আজিৰ এই দিনটো দেখিবলগীয়া নহ’লহেতেন৷ ঘৰলৈ গৈ দুটা দিন মৌনতাৰে কটাই তৃতীয়দিনা মই অ’ফিচলৈ যোৱাৰ পিছতে তাই বেগত বস্তু ভৰাই মাক নোকোৱাকৈয়ে নিজৰ মাকৰ ঘৰলৈ গুচি গ’ল৷
“বাবা, বোৱাৰীৰ লগত কিবা লাগিলি নেকি? একো এটা নোকোৱাকৈ হঠাতে ঘৰলৈ গুচি গ’ল যে তাই!” অ’ফিচত থাকোঁতেই অহা মাৰ ফোনটোৱে বিপাঙত পেলাইছিল মোক৷ সকলো কথাকে তাইক যিমান পাৰোঁ ভালকৈ বুজাই আহিছিলোঁ দেখোন! লগে লগে ফোন লগাইছিলোঁ তাইলৈ৷ কেইবাবাৰো কৰাৰ পিছতো ফোনটো ধৰা নাছিল তাই৷ উপায়ান্তৰ হৈ মাকৰ নম্বৰত ফোন লগাইছিলোঁ৷
“আমাৰ এই নোৱাৰে তাত থাকিব৷ টাউনত ভাৰাঘৰ এটা লৈ তাইকো লৈ নোযোৱাঁ কিয়? তোমাৰো অহা-যোৱাৰ কষ্ট কম হ’ব৷” মই কিবা কোৱাৰ আগতে কৈ উঠিছিল শাহুৱে৷ বুজি উঠিছিলোঁ তেতিয়াই, কেৰোণটো বাৰুকৈয়ে লাগিছে৷
“ঠিক আছে, কেইদিনমান সময় দিয়ক মোক৷ অলপ ডাঙৰ আৰু সুবিধা থকা ভাৰাঘৰ এটা বিচাৰি লওঁ৷ তেতিয়ালৈকে গাঁৱৰ ঘৰত থাকিবলৈ কাৰোবাক ঠিক কৰিম৷ তাৰ পাছত দুয়োকে লৈ আহিম ইয়ালৈকে৷” মনত জাগি উঠা ক্ষোভখিনি হেঁচা মাৰি ভদ্ৰভাৱেই কৈছিলোঁ মই৷
“দুয়োকে মানে? তোমাৰ মাৰাকো চপাই লোৱাৰ কথা ভাবিছা নেকি?” কৈ উঠিছিল শাহুৱে৷
“চহৰত থকা চাকৰি কৰা ল’ৰালৈহে ছোৱালী বিয়া দিছোঁ বুলি ভাবিছিলোঁ৷ এতিয়াও আঁচলৰ তলত সোমাই থকা 'মাকৰ পুতেক' বুলি জনা হ’লে কেতিয়াও নিদিলোঁহেতেন৷” ঠাট্টা মিহলি শাহুৰ কথাখিনিয়ে যেন শেলৰ দৰে হানিছিল মোৰ কলিজা! কিবা এষাৰ কওঁ বুলি ভাবোঁতেই আকৌ কৈছিল তেওঁ, “যদি মাৰাক এৰি চহৰত থাকিব পাৰাঁ, তেনেহ’লে এইক নিবাহি৷ নহ’লে বাদ দিয়া চব৷”
'বাদ দিয়া চব!' মানে? কি বুজাব খুজিলে তেওঁ? থৰ হৈ ৰ’লোঁ অলপ সময়৷ নাই। নাই! এয়া কল্পনাৰ কথা নহয় নিশ্চয়৷ কল্পনাৰ মুখেৰে কথাখিনি শুনিলেহে নিশ্চিন্ত হ’ব পাৰিম মই৷ এনেকৈ যাৰ-তাৰ কথা শুনি মূৰ গৰম কৰি নলওঁ৷
“কল্পনাক দিয়কচোন ফোনটো৷”
“নাই, তাই কথা নাপাতে৷” নিজৰখিনি কৈ কাটি দিলে ফোনটো৷
“কাৱাৰ্ড!” ফোনটো কটাৰ আগেয়ে নেপথ্যৰ পৰা ভাহি অহা সেই মাতষাৰৰ গৰাকী কল্পনা আছিল৷ আচৰিত লাগিছিল মোৰ৷ ইমান কম সময়তে ইমান পৰিৱৰ্তন সম্ভৱনে? নে মইহে সত্যটো দেখা নাছিলোঁ ইমান দিনে?
ঘৰলৈ গৈ মাক খোলাকৈয়ে কৈছিলোঁ সকলো কথা৷ মায়েও যত্ন নকৰাকৈ থকা নাছিল আমাৰ সংসাৰখন জোৰা লগাবলৈ৷ কিন্তু আমি দুয়ো কেইবাবাৰো কৰা ফোন, মে’ছেজ একোৰেই সঁহাৰি দিয়া নাছিল তাই৷ মই তাইক লগ কৰাৰ চেষ্টাও কৰিছিলোঁ৷ কিন্তু সকলো যেন ফুটুকাৰ ফেন! তাই কোনোপধ্যে গাঁৱৰ ঘৰলৈ আহিবলৈ মান্তি নহ’ল৷ মাক অকলে এৰি চহৰত ভাৰাঘৰ লৈ তাইৰ লগত থাকিবলৈ মোকো বিবেকে অনুমতি নিদিলে৷ ফলত আবেগ-আৰু বিবেকৰ টনা-আজোঁৰাত 'স্বামী-স্ত্ৰী' নামৰ সম্পৰ্কৰ ক্ষীণ সূতা এডালেৰে বান্ধ খাই দুয়ো দুপিনে থাকি গ’লোঁ৷
বটল আৰু গিলাচ সামৰি বেলকনিৰ পৰা ভিতৰলৈ সোমাই আহিলোঁ৷ মায়ে কোৱা কথাখিনি পুনৰ মনলৈ আহিল৷ ইয়াৰ পৰা গৈয়েই ছুটী লৈ তাইৰ ঘৰলৈ যাম৷ খোলাখুলিকৈ সুধিমগৈ কল্পনাক৷ যদি তাই সংসাৰখন ভাঙি যোৱাটো বিচৰা নাই তেন্তে মোৰ প্ৰস্তাৱত মান্তি হ’বই৷ আৰু যদি মান্তি নহয়, তেন্তে মোৰো কোনো উপায় নাথাকিব৷ উকীল এজন মাতি দুয়োৰে বাট সলনি কৰাই মংগল হ’ব৷ বিপৰীতমুখী দুজন যাত্ৰীয়ে একেটা পথত যাত্ৰা কৰিওতো কোনো লাভ নাই৷ তাৰ সলনি তাই নিজৰ পথত আৰু মই মোৰ পথত আগলৈ খোজ দিয়াই ভাল হ’ব৷ আৰু এয়া কোনো অস্বাভাৱিক কথাও নহয়৷ জীৱনৰ বাট একেলগে যদি বুলিবই নোৱাৰোঁ, জীৱনত আৰু তাইৰ সৈতে ভেটাভেটি হোৱাৰ ইচ্ছাও মোৰ নাই৷ য’ত গন্তব্যস্থল বেলেগ, তাত বাটো বেলেগ হওক৷ ঘূণে ধৰা সম্পৰ্ক এটা জোৰ কৰি বৰ্তাই ৰাখিব খুজিলেও সেয়া সাময়িক৷ ঘূণে খাই ভিতৰি ফোঁপোলা কৰি থোৱা সম্পৰ্কবোৰ তাচপাতৰ ঘৰৰ দৰে৷ ভাগিবলৈ ধুমুহা নহয়, পাতল বতাহ একোজাকেই যথেষ্ট৷
ঠিকনা :
ৰূপাঞ্জলি চেতিয়া নেওগ
চলিহা নগৰ
তিনিচুকীয়া
মোবাইল নং-৮৮১১০৮৩৬৬৩