অন্যযুগ/


ৰঘুবংশ

 মূল : মহাকবি কালিদাস

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত


|| সপ্তদশ অধ্যায় ||


ৰাতিৰ শেষপ্ৰহৰৰ পৰা চেতনাই প্ৰশান্তি আহৰণ কৰাৰ দৰে,

তেনেকৈয়ে কুমুদ্বতীয়ে জন্ম দিলে 

কাকুৎস্থ বংশধৰ অতিথি নামে ।


অতিথিং নাম কাকুৎস্থাৎপুত্রং প্রাপ কুমুদ্বতী |

পশ্চিমাদ্যামিনীয়ামাৎপ্রসাদমিব চেতনা|| ১৭-১||


সূৰ্যই নিজ গতিপথ যেনেকৈ পোহৰ কৰে উত্তৰে-দক্ষিণে,

পিতাৰ সমানেই উজ্জ্বল পুত্ৰই পিতৃ-মাতৃ দুয়োকুল উজলালে ।


স পিতুঃ পিতৃমান্বংশং মাতুশ্চানুপমদ্যুতিঃ |

অপুনাৎসেবিতেবোভৌ মার্গাবুত্তৰদক্ষিণৌ|| ১৭-২||


অৰ্থশাস্ত্ৰবিদ মহান পিতা কুশই প্ৰথমে, 

অতিথিক প্ৰশিক্ষিত কৰিলে কুলবিদ্যাৰে,

ৰাজকন্যাসৱেৰে পাণিগ্ৰহণ কৰালে তাৰ পাছতে। 


তমাদৌ কুলবিদ্যানামর্থমর্থবিদাং বৰঃ |

পশ্চাৎপার্থিবকন্যানাং পাণিমগ্রাহয়ৎপিতা|| ১৭-৩||


বীৰ কুশ কুলীন বীৰ সংযমী

পুত্ৰ অতিথিও তেওঁৰ সমানেই গুণী ।

সুখী হ’ল কুশ পাই এনে পুত্ৰক,

এক হৈও অনুভৱত তেওঁ যেন অনেক ।


জাত্যস্তেনাভিজাতেন শূৰঃ শৌর্যবতা কুশঃ |

অমন্যৈতকমাত্মানমনেকং বশিনা বশী|| ১৭-৪||


কুশ ইন্দ্ৰৰ সাহাৰ্যাৰ্থে গ’ল কুলৰ পৰম্পৰা ৰাখি,

যুদ্ধত বধিলে দুৰ্জয় নামৰ দৈত্যক,

নিজেও তাৰ হাততে বৰণ কৰিলে বীৰগতি ।

 

স কুলোচিতমিন্দ্রস্য সাহায়কমুপেয়িবান্ |

জঘান সমৰে দৈত্যং দুর্জয়ং তেন চাবধি|| ১৭-৫||


জোনাক কুমুদানন্দ চন্দ্ৰত বিলীন হোৱাৰ দৰে,

নাগৰাজৰ ভগ্নী কুমুদ্বতীয়ে কুশৰ অনুগমন কৰিলে ।


তং স্বসা নাগৰাজস্য কুমুদস্য কুমুদ্বতী |

অন্বগাৎকুমুদানন্দং শশাঙ্কমিব কৌমুদী|| ১৭-৬||


দুয়োজনৰ এজনে ইন্দ্ৰৰ সিংহাসনৰ আধা কৰিলে অধিকাৰ,

আনজনে শচীৰ সখী হৈ অংশীদাৰিণী হ’ল পাৰিজাত ফুলৰ  ।


তয়োর্দিবস্পতেৰাসীদেকঃ সিংহাসনার্ধভাক্ |

দ্বিতীয়াপি সখী শচ্যাঃ পাৰিজাতাংশভাগিনী|| ১৭-৭||


যুদ্ধলৈ যোৱাৰ আগতে কুশৰ শেষ আদেশ কৰি স্মৰণ,

জ্যেষ্ঠজন আৰু মন্ত্ৰীসৱে অতিথিক কৰিলে শাসনত অধিষ্ঠিত ।


তদাত্মসংভবং ৰাজ্যে মন্ত্রিবৃদ্ধাঃ সমাদধুঃ |

স্মৰন্তঃ পশ্চিমামাজ্ঞাং ভর্তুঃ সঙ্গ্রাময়ায়িনঃ|| ১৭-৮||


জ্যেষ্ঠজন আৰু মন্ত্ৰীসৱে অতিথিৰ অভিষেকৰ বাবে,

শিল্পীৰদ্বাৰায় নতুনকৈ চতুঃস্তম্ভৰ চূড়াযুক্ত মণ্ডপ সজালে ।


তে তস্য কল্পয়ামাসুৰভিষেকায় শিল্পিভিঃ |

বিমানং নবমুদ্বেদি চতুঃস্তম্ভপ্রতিষ্ঠিতম্|| ১৭-৯||


সেই মণ্ডপত বহুৱাই অভিজাত আসনত,

সোণৰ কলচীত অনা পৱিত্ৰ তীৰ্থজলেৰে,

মন্ত্ৰীসকলে অতিথিৰ অভিষেক কৰিলে । 


তত্রৈনং হেমকুম্ভেষু সংভৃতৈস্তীর্থবাৰিভিঃ |

উপতস্থুঃ প্রকৃতয়ো ভদ্রপীঠোপবেশিতম্|| ১৭-১০||


অভিষেক-কালত স্নিগ্ধ-গম্ভীৰ নাদৰ তাল-তূৰ্যধ্বনিয়ে, 

তেওঁৰ চিৰন্তন আৰু অবিৰত কল্যাণ ঘোষণা কৰিলে ।

  

নদদ্ভিঃ স্নিগ্ধগংভীৰং তূর্যৈৰাহতপুষ্কৰৈঃ |

অন্বমীয়ত কল্যাণং তস্যাবিচ্ছিন্নসংততি|| ১৭-১১||


যৱাংকুৰ বটছাল দূবৰি আৰু ফুলেৰে,

বয়স্ক জ্ঞাতিসকলে বিধিমতে আৰতি কৰিলে ।


দূর্বায়বাঙ্কুৰপ্লক্ষৎবগভিন্নপুটোত্তৰান্ |

জ্ঞাতিবৃদ্ধৈঃ প্রয়ুক্তান্স ভেজে নীৰাজনাবিধীন্|| ১৭-১২||


পুৰোহিত আৰু উত্তম ব্ৰাহ্মণসবে 

বিজয়দায়ক অথৰ্ববেদৰ মন্ত্ৰ উচ্চাৰণেৰে,

জিষ্ণু অতিথিৰ অভিষেক আৰম্ভ কৰিলে ।


পুৰোহিতপুৰোগাস্তং জিষ্ণুং জৈত্রৈৰথর্বভিঃ |

উপচক্রমিৰে পূর্বমভিষেক্তুং দ্বিজাতয়ঃ|| ১৭-১৩||


তেওঁৰ শিৰত পৱিত্ৰ অভিষেকজলৰ ধাৰাৰ সৌন্দৰ্য যেন,

ত্ৰিপুৰদ্বিষ শিৱৰ শিৰত সশব্দে পতিত গংগাৰ ধাৰা ।


তস্যৌঘমহতী মূর্ধ্নি নিপতন্তী ব্যৰোচত |

সশব্দমভিষেকশ্রীর্গঙ্গেব ত্রিপুৰদ্বিষঃ|| ১৭-১৪||


সেই সময়ত স্তাৱক-চাৰণসকলে  কৰিলে স্তুতি-বন্দন,

চাতক পখীয়ে যেন বৰ্ষণমুখী মেঘক কৰিলে অভিনন্দন । 

 

স্তূয়মানঃ ক্ষণে তস্মিন্নলক্ষ্যত স বন্দিভিঃ |

প্রবৃদ্ধ ইব পর্জন্যঃ সাৰঙ্গৈৰভিনন্দিতঃ|| ১৭-১৫||


বৰ্ষণসিক্ত হ’লে যিদৰে বিদ্যুতৰ জুইৰ স্ফুলিংগ পায় বৃদ্ধি ,

মন্ত্ৰপূত জলেৰে অভিষিক্তহৈ অতিথিৰো বাঢ়িল দেহকান্তি।


তস্য সন্মন্ত্রপূতাভিঃ স্নানমদ্ভিঃ প্রতীচ্ছতঃ |

ববৃধে বৈদ্যুতশ্চাগ্নের্বৃষ্টিসেকাদিব দ্যুতিঃ|| ১৭-১৬||

 

অভিষেকৰ অন্তত জ্ঞানত স্নান কৰা ব্ৰাহ্মণসৱক,

অতিথি ৰজাই দিলে বিপুল ধনৰত্ন,

যিটো সম্বল কৰি ব্ৰাহ্মণসৱে কৰিব পাৰে 

নিজে পৰ্যাপ্ত দক্ষিণা দিও যজ্ঞাদি সম্পন্ন ।


স তাবদভিষেকান্তে স্নাতকেভ্যো দদৌ বসু |

যাবতৈষাং সমাপ্যেৰন্যজ্ঞাঃ পর্যাপ্তদক্ষিণাঃ|| ১৭-১৭||


সন্তুষ্ট হৈ তেওঁলোকে আশীৰ্ৱাদ দিলে অতিথিক,

সজকৰ্ম ইমান আছিল তেওঁৰ পূৰ্বজন্মত অৰ্জিত,

এই আশীৰ্ৱাদ সেয়ে দূৰৰ পৰাই কৰিলে নিবৃত্ত ।


তে প্রীতমনসস্তস্মৈ যামাশিষমুদৈৰয়ন্ |

সা তস্য কর্মনির্বৃত্তৈর্দূৰং পশ্চাৎকৃতা ফলৈঃ|| ১৭-১৮||


আদেশ দিলে তেওঁ-

বন্দীসকলৰ মুক্তি দিবলৈ,

মৃত্যুদণ্ডৰ আদেশ ৰদ কৰিবলৈ,

বোজাবাহী জন্তুক সকাহ দিবলৈ,

আৰু দামুৰী থকা গাই খীৰোৱা বন্ধ কৰিবলৈ । 


বন্ধচ্ছেদং স বদ্ধানাং বধার্হাণামবধ্যতাম্ |

ধুর্যাণাং চ ধুৰো মোক্ষমদোহং চাদিশদ্গবাম্|| ১৭-১৯||


ক্ৰীড়াৰ বাবে সজাত বন্দী পখীকো কৰিলে মুক্ত,

মুকলি হৈ ভাটৌকে আদি কৰি সকলো পখী,

মনৰ আনন্দত গ’ল নিজ ইচ্ছাৰে উৰি ।


ক্রীডাপতত্রিণোপ্যস্য পঞ্জৰস্থাঃ শুকাদয়ঃ |

লব্ধমোক্ষাস্তদাদেশাদ্যথেষ্টগতয়োঽভবন্|| ১৭-২০||


তেওঁ ৰাজকীয় সাজসজ্জাৰ বাবে বহিল অন্যএক কক্ষত ,

হাতীৰ দাঁতৰ ধুনীয়া আচ্ছাদিত আসনত  ।


ততঃ কক্ষ্যান্তৰন্যস্তং গজদন্তাসনং শুচি |

সোওত্তৰচ্ছদমধ্যাস্ত নেপথ্যগ্রহণায় সঃ|| ১৭-২১||


ধূপৰ ধোঁৱাৰে প্ৰসাধকে কেশ শুকুৱাই দিলে,

ভালকৈ হাত ধুই তেওঁক অনেক বসন-ভূষণেৰে সজালে ।


তং ধূপাশ্যানকেশান্তং তোয়নির্ণিক্তপাণয়ঃ |

আকল্পসাধনৈস্তৈস্তৈৰুপসেদুঃ প্রসাধকাঃ|| ১৭-২২||


মুকুতাৰ বন্ধনেৰে ওখকৈ বান্ধিলে চুলি ,

তাতে গুজি দিলে প্ৰভামণ্ডিত পদ্মৰাগ মণি ।


তেঽস্য মুক্তাগুণোন্নদ্ধং মৌলিমন্তর্গতস্রজম্ |

প্রত্যূপুঃ পদ্মৰাগেণ প্রভামণ্ডলশোভিনা|| ১৭-২৩||


মৃগনাভিৰে সুৰভিত চন্দনেৰে অংগৰাগ কৰি,

সম্পূৰ্ণ কৰিলে গেৰুৱা মাটিৰে ৰেঘা আঁকি ।

 

চন্দনেনাঙ্গৰাগং চ মৃগনাভিসুগন্ধিনা |

সমাপয়্য ততশ্চক্ৰুঃ পত্রং বিন্যস্তৰোচনম্|| ১৭-২৪||


ৰাজলক্ষ্মীৰ বৰস্বৰূপ অতিথি সজ্জিত হ’ল

ফুলৰ মালা আৰু মুকুতাৰ আভৰণেৰে,

দৃষ্টিনন্দন হ’ল কুমাৰ হংসচিহ্নযুক্ত পাটৰ বস্ত্ৰ ধাৰণেৰে  ।

 

আমুক্তাভৰণঃ স্রগ্বী হংসচিহ্নদুকূলবান্ |

আসীদতিশয়প্রেক্ষ্যঃ স ৰাজ্যশ্রীবধূবৰঃ|| ১৭-২৫||


বেশভূষা নিৰীক্ষণ কৰিবলৈ যেতিয়া থিয় হ’ল সোণৰ দৰ্পণৰ আগত,

মেৰু পৰ্বতত যেন উজলিল কল্পতৰু উদিত সূৰুযৰ হিৰণ্ময় আভাত।


নেপথ্যদর্শিনশ্ছায়া তস্যাদর্শে হিৰণ্ময়ে |

বিৰৰাজোদিতে সূর্যে মৰৌ কল্পতৰোৰিব|| ১৭-২৬||


পাৰ্শ্বৱৰ্তী ৰাজপুৰুষসবে ছত্ৰ-চামৰাদি ৰাজচিহ্ন ধাৰণ কৰিলে,

প্ৰবেশ কৰিলে অতিথিয়ে দেৱসভা যেন ৰাজসভাত জয়ধ্বনিৰ মাজেৰে।


স ৰাজককুদব্যগ্রপাণিভিঃ পার্শ্ববর্তিভিঃ |

যয়াবুদীৰিতালোকঃ সুধর্মানবমাং সভাম্|| ১৭-২৭||


চন্দ্ৰতাপশোভিত পৈত্ৰক সিংহাসনত বহিল অতিথি,

যি সিংহাসনৰ পাদপীঠত আছে বহু ৰাজনৰ শিৰৰ মুকুটৰ ঘঁহনি ।


বিতানসহিতং তত্র ভেজে পৈতৃকমাসনম্ |

চূডামণিভিৰুদ্ধৃষ্টং পাদপীঠং মহীক্ষিতাম্|| ১৭-২৮||


সেই সুশোভিত পৱিত্ৰ সভাত অতিথিৰ উপস্থিতি 

যেন কেশৱৰ শ্ৰীবৎস শোভিত বক্ষত কৌস্তুভমণি ।

 

শুশুভে তেন চাক্রান্তং মঙ্গলায়তনং মহৎ |

শ্রীবৎসলক্ষণং বক্ষঃ কৌস্তুভেনেব কৈশবম্|| ১৭-২৯||


কুমাৰৰ পৰা এনেদৰেই ৰাজাধিৰাজ হ’ল অতিথি,

কাঁচিজোন যেন পূৰ্ণচন্দ্ৰ হৈ বিলালে জ্যোতি ।


বভৌ ভূয়ঃ কুমাৰৎবাদাধিৰাজ্যমবাপ্য সঃ |

ৰেখাভাবাদুপাৰূঢঃ সামগ্র্যমিব চন্দ্রমাঃ|| ১৭-৩০||


সদায়েই আছিল প্ৰসন্ন মুখ স্মিত হাঁহি মাৰি কৈছিল কথা,

অনুগামীসকলৰ বাবে তেওঁ আছিল মূৰ্তিমান বিশ্বাস আৰু আস্থা ।


প্রসন্নমুখৰাগং তং স্মিতপূর্বাভিভাষিণম্ |

মূর্তিমন্তমমন্যন্ত বিশ্বাসমনুজীবিনঃ|| ১৭-৩১||


ঐশ্বৰ্যত আছিল তেওঁ অন্য এক ইন্দ্ৰ,

ৰাজধানীত উৰিছিল কল্পতৰু যেন মহিমামণ্ডিত ধ্বজ,

ঐৰাৱতসম হাতীত বিচৰণ কৰোতে লাগিছিল যেন সেয়াই স্বৰ্গ ।


স পুৰং পুৰহূতশ্রীঃ কল্পদ্রুমনিভধ্বজাম্ |

ক্রমমাণশ্চকাৰ দ্যাং নাগেনৈৰাবতৌজসা|| ১৭-৩২||


অতিথিৰ শিৰত ধাৰণ কৰা উজ্জ্বল পৱিত্ৰ ছত্ৰ,

যি দূৰ কৰিলে প্ৰজাৰ মনস্তাপ পূৰ্বৰ প্ৰিয় ৰজাসকলৰ বিয়োগজনিত। 


তস্যৈকস্যোচ্ছ্রিতং ছত্রং মূর্ধ্নি তেনামলৎবিষা |

পূর্বৰাজবিয়োগৌষ্ম্যং কৃৎস্নস্য জগতো হৃতম্|| ১৭-৩৩||


বহ্নিয়ে প্ৰথমে ধোঁৱায়, তাৰ পাছত উঠে জ্বলি,

বেলি উদিত হয় প্ৰথমে, উজলে ৰশ্মিমালা পাছত,

সকলো তেজোময় দ্ৰব্যৰ নিয়ম ভাঙি অতিথি 

আৰম্ভণিতে সকলো গুণেৰে হ’ল উদ্ভাষিত ।

 

ধূমাদগ্নেঃ শিখাঃ পশ্চাদুদয়াদংশবো ৰবেঃ |

সোঽতীত্য তেজসাং বৃত্তিং সমমেবোত্থিতো গুণৈঃ|| ১৭-৩৪||


প্ৰীতিভৰা চকুৰে তেওঁলৈ চায় নগৰৰ নাৰীসৱে,

যেন শাৰদী ৰাতিবোৰে নিৰ্মল নক্ষত্ৰ ধ্ৰুৱক দেখিছে।


তং প্রীতিবিশদৈর্নেত্রৈৰন্বয়ুঃ পৌৰয়োষিতঃ |

শৰৎপ্রসন্নৈর্জ্যোতির্ভির্বিভাবর্য ইব ধ্রুবম্|| ১৭-৩৫||


আৰাধিত দেৱতাগণে অযোধ্যাৰ মন্দিৰত

স্থিতি ল’লে আহি নিজ নিজ বিগ্ৰহত,

অনুগ্ৰহ কৰিলেহি যোগ্যভক্ত অতিথিক ।


অয়োধ্যাদেবতাশ্চৈনং প্রশস্তায়তনার্চিতাঃ |

অনুদধ্যুৰনুধ্যেয়ং সাংনিধ্যৈঃ প্রতিমাগতৈঃ|| ১৭-৩৬||


অভিষেক বেদীৰ পানী নৌ-শুকাওঁতেই ভালকৈ,

তেওঁৰ দুঃসহ প্ৰতাপ বিয়পি গ’ল মহাসাগৰৰ তীৰলৈ।


যাবন্নাশ্যায়তে বেদিৰভিষেকজলাপ্লুতা |

তাবদেবাস্য বেলান্তং প্রতাপঃ প্রাপ দুঃসহঃ|| ১৭-৩৭||


গুৰু বশিষ্ঠৰ মন্ত্ৰ আৰু ধনুৰ্বিদ অতিথিৰ বাণ,

একত্ৰিত হয় যদি দুয়ো,  

এনে কিবা আছেনে নোৱাৰিব কৰিব সম্পাদন ! 

 

বসিষ্ঠস্য গুৰোর্মন্ত্রাঃ সায়কাস্তস্য ধন্বিনঃ |

কিং তৎসাধ্যং যদুভয়ে সাধয়েয়ুর্ন সংগতাঃ|| ১৭-৩৮||


ধৰ্ম আৰু দণ্ডশাস্ত্ৰজ্ঞৰ দিহা লৈ, 

নিজে বিচাৰ কৰিছিল ৰজাই নিৰলস,

ন্যায়প্ৰাৰ্থীৰ বাদ আৰু বিবাদ ।

 

স ধর্মস্থসখঃ শশ্বদর্থিপ্রত্যর্থিনাং স্বয়ম্ |

দদর্শ সংশয়চ্ছেদ্যান্ব্যবহাৰানতন্দ্রিতঃ|| ১৭-৩৯||


তেওঁৰ সিদ্ধান্ত ব্যক্ত কৰাত সুখী হ’লে প্ৰাৰ্থী,

ৰাজনৰ মুখ উঠে উজলি,

দিছিল অভীষ্ট পাৰিতোষিক সকলো সহায়কাৰীক । 


ততঃ পৰমভিব্যক্তসৌমনস্যনিবেদিতৈঃ |

যুয়োজ পাকাভিমুখৈর্ভৃত্যান্বিজ্ঞাপনাফলৈঃ|| ১৭-৪০||


তেওঁৰ পিতৃৰ দিনত প্ৰজাৰ সমৃদ্ধি বাঢ়িছিল,

বাৰিষাৰ প্ৰথম মাহত নৈ বঢ়াৰ দৰে।

তেওঁৰ দিনত সমৃদ্ধি তাতোকৈ বাঢ়িল,

বাৰিষাৰ দ্বিতীয় মাহত নৈত বান অহাৰ দৰে ।

 

প্রজাস্তদ্গুৰুণা নদ্যো নভসেব বিবর্ধিতাঃ |

তস্মিংস্তু ভূয়সীং বৃদ্ধিং নভস্যে তা ইবায়য়ুঃ|| ১৭-৪১||


যি বাক্য তেওঁ কৈছিল সেয়া ব্যৰ্থ কদাপি নহৈছিল,

যি দান তেওঁ কৰিছিল তাক ঘূৰাই কেতিয়াও নলৈছিল ।

পিছে শত্ৰুৰ লগত নিজৰ এই নীতি তেওঁ কৰিছিল ভংগ,

পৰাজিত ৰজাক তেওঁ কৰিছিল পুনৰ সিংহাসনত প্ৰতিষ্ঠিত ।

 

যদুবাচ ন তন্মিথ্যা যদ্দদৌ ন জহাৰ তৎ |

সোঽভূদ্ভগ্নব্রতঃ শত্রূনুদ্ধৃত্য প্রতিৰোপয়ন্|| ১৭-৪২||


যৌৱন, সৌন্দৰ্য আৰু সম্পদে সকলোকে কৰিব পাৰে মত্ত,

কিন্তু সকলো থাকিও অতিথিৰ মন নাছিল গৰ্বিত ।


বয়োৰূপবিভূতীনামেকৈকং মদকাৰণম্ |

তানি তস্মিন্সমস্তানি ন তস্যোৎসিচিষে মনঃ|| ১৭-৪৩||


এনেদৰেই প্ৰজাই মৰম সিঁচিলে তেওঁক দিনে প্ৰতিদিনে,

নবীন হ’লেও দৃঢ়মূল হ’ল দ লৈ শিপোৱা বৃক্ষৰ দৰে । 


ইত্থং জনিতৰাগাসু প্রকৃতিষ্বনুবাসৰম্ |

অক্ষোভ্যঃ স নবোঽপ্যাসীদ্দৃঢমূল ইব দ্রুমঃ|| ১৭-৪৪||


বাহ্যিক শতৰু সদায় অনিত্য যিহেতু দূৰত থাকে,

তেওঁ জিনিলে অভ্যন্তৰত থকা ছয় ৰিপুক প্ৰথমে ।


অনিত্যাঃ শত্রবো বাহ্যা বিপ্রকৃষ্টাশ্চ তে যতঃ |

অতঃ সোঽভ্যন্তৰান্নিত্যাঞ্ষট্পূর্বমজয়দ্রিপূন্|| ১৭-৪৫||


লক্ষ্মী স্বভাৱতে চঞ্চল যদিও প্ৰসন্নবদন অতিথিৰ লগত,

স্থিৰ হৈ ৰ’ল সোণৰ ৰেখাৰ দৰে কষটি-শিলাত ।


প্রসাদাভিমুখে তস্মিংশ্চপলাপি স্বভাবতঃ |

নিকষে হেমৰেখেব শ্রীৰাসীদনপায়িনী|| ১৭-৪৬||


কেৱল নীতিনিৰ্মাণ কাতৰতাৰ  লক্ষণ,

কেৱল শৌৰ্যৰ প্ৰয়োগ পশু-প্ৰবৃত্তিৰহে সূচক।

সেয়ে তেওঁ ঘটাইছিল উভয়ৰে সামঞ্জস্য কৰিবলৈ সিদ্ধিলাভ।


কাতর্যং কেবলা নীতিঃ শৌর্যং শ্বাপদচেষ্টিতম্ |

অতঃ সিদ্ধিং সমেতাভ্যামুভাভ্যামন্বিয়েষ সঃ|| ১৭-৪৭||


যিদৰে সূৰ্যৰ ৰশ্মিত সকলো জিলিকে মেঘশূন্য আকাশত ,

গুপ্তচৰৰ নিযুক্তিৰে ৰাজ্যৰ কোনো কথাই নাছিল অজ্ঞাত ।


ন তস্য মণ্ডলে ৰাজ্ঞো ন্যস্তপ্রণিধিদীধিতেঃ |

অদৃষ্টমভবৎকিংচিদ্ব্যভ্রস্যেব বিবস্বতঃ|| ১৭-৪৮||


কৰিছিল ৰাতি আৰু দিনৰ নিৰ্দিষ্ট সময় বিভাজন,

তাত ৰজাৰ বাবে আছিল যি কৰ্তব্য নিৰ্ধাৰণ,

অতিথিয়ে কৰিছিল অবিকল্পৰূপে পালন ।


ৰাত্রিংদিববিভাগেষু যদাদিষ্টং মহীক্ষিতাম্ |

তৎসিষেবে নিয়োগেন স বিকল্পপৰাঙ্মুখঃ|| ১৭-৪৯||


মন্ত্ৰীমণ্ডলীৰ সৈতে কৰিছিল প্ৰতিদিনে আলোচনা,

গোপনে ৰাখিছিল সকলো মন্ত্ৰণা,

সেই গুপ্তদ্বাৰৰ কোনেও পোৱা নাছিল সূচনা ।


মন্ত্রঃ প্রতিদিনং তস্য বভূব সহ মন্ত্রিভিঃ |

স জাতু সেব্যমানোঽপি গুপ্তদ্বাৰো ন সূচ্যতে|| ১৭-৫০||


যদিও অতিথি সময় মতেই হৈছিল নিদ্ৰিত,

তেওঁ যেন আছিল চিৰজাগ্ৰত,

যিহেতু নিযুক্ত কৰিছিল গুপ্তচৰ 

শত্ৰু-মিত্ৰ নিৰ্বিশেষে সকলোৰে অজ্ঞাত ।


পৰেষু স্বেষু চ ক্ষিপ্তৈৰবিজ্ঞাতপৰস্পৰৈঃ |

সোঽপসর্পৈর্জজাগাৰ যথাকালং স্বপন্নপি|| ১৭-৫১||


যদিও তেওঁ নিজেই আছিল সকলো শত্ৰুৰ বাবে দুৰ্গ,

দুৰ্গসমূহ কৰি ৰাখিছিল অতিকে দুৰ্লঙ্ঘ্য,

যিদৰে সিংহই শয়ন কৰে গিৰিৰ গুহাত,

কদাপি নহয় সহজে নিজে বধিব পৰা হস্তীৰ ভয়ত ।


দুর্গাণি দুর্গ্রহাণ্যাসংস্তস্য ৰোদ্ধুৰপি দ্বিষাম্ |

ন হি সিংহো গজাস্কন্দী ভয়াদ্গিৰিগুহাশয়ঃ|| ১৭-৫২||


শালিধান যেনেকৈ থোকতে  ভিতৰি পকে,

তেওঁৰ কল্যাণকামী আঁচনিও আগবাঢ়ে অজ্ঞাতে-নিৰলে,

সফলকাম হ’লেহে সকলোৱে প্ৰত্যক্ষ কৰে ।


ভব্যমুখ্যাঃ সমাৰম্ভাঃ প্রত্যবেক্ষ্যানিৰত্যয়াঃ |

গর্ভশলিসধর্মাণস্তস্য গূঢং বিপেচিৰে|| ১৭-৫৩||


দুৰন্ত অগ্ৰগতিতো হোৱা নাছিল কেতিয়াও পথভ্ৰষ্ট,

জোৱাৰ উঠা সাগৰে যেনেকৈ নদীমুখলৈহে কৰে প্ৰস্থান ।


অপথেন প্রববৃতে ন জাতূপচিতোঽপি সঃ |

বৃদ্ধৌ নদীমুখেনৈব প্রস্থানং লবণাম্ভসঃ|| ১৭-৫৪||


যদিও আছিল শক্তি দমন কৰিবলৈ অসন্তুষ্টি প্ৰজাৰ ,

নিদিছিল হ’বলৈ সেই কাৰ্য যাৰ কৰিব লাগিব প্ৰতিকাৰ ।

 

কামং প্রকৃতিবৈৰাগ্যং সদ্যঃ শময়িতুং ক্ষমঃ |

যস্য কার্যঃ প্রতীকাৰঃ স তন্নৈবোদপাদয়ৎ|| ১৭-৫৫||


যদিও আছিল শক্তিমান সঠিক লক্ষ্যত মাথোঁ কৰিছিল অভিযান ,

যিদৰে অনুকূল হ’লেও বতাহ, দাবানলে নকৰে পানীৰ অন্বেষণ ।


শক্যেষ্বেবাভবদ্যাত্রা তস্য শক্তিমতঃ সতঃ |

সমীৰণসহায়োঽপি নাম্ভঃপ্রার্থী দবানলঃ|| ১৭-৫৬||


ধৰ্ম, অৰ্থ, কাম তিনি কাৰ্যৰ প্ৰতি সমানে ৰাখিছিল ধ্যান,

অৰ্থসাধনে যাতে নকৰে ক্ষতি কাম আৰু ধৰ্মৰ

অথবা ধৰ্মসাধনে অৰ্থ আৰু কামৰ,

বা কামসাধনে  ধৰ্মৰ বা অৰ্থৰ । 


ন ধর্মমর্থকামাভ্যাং ববাধে ন চ তেন তৌ |

নার্থং কামেন কামং ব সোঽর্থেন সদৃশস্ত্রিষু|| ১৭-৫৭||


হীনজনৰ পৰা পোৱা নাযায় কোনো উপকাৰ,

শক্তি বাঢ়ি যোৱাজনে কৰে বিৰুদ্ধাচাৰ,

সেয়ে তেওঁ মধ্যমত কৰিছিল মিত্ৰতা স্থাপন ।


হীনান্যনৃপকর্ত্ৠণি প্রবৃদ্ধানি বিকুর্বতে |

তেন মধ্যমশক্তীনি মিত্রাণি স্থাপিতান্যতঃ|| ১৭-৫৮||


আপোন শক্তি আৰু পৰৰ শক্তিৰ কৰি তুলনা,

সকলো দিশতে যদি অধিক বলবান বুলি নিজক কৰে বিৱেচনা,

আক্ৰমণ কৰে প্ৰতিপক্ষক, যুদ্ধযাত্ৰা নকৰে অন্যথা ।


পৰাত্মনোঃ পৰিচ্ছিদ্য শক্ত্যাদীনাং বলাবলম্ |

যয়াবেভির্বলিষ্ঠশ্চেৎপৰস্মাদাস্ত সোঽন্যথা|| ১৭-৫৯||


পূৰ্ণ কৰিছিল কোষাগাৰ কৰি অৰ্থ সংগ্ৰহ  ,

কিয়নো দিব পাৰি অৰ্থৰে আশ্ৰয় দুৰ্গতক,

চাতক পখীয়ে সৰ্বদা অভিনন্দন জনায় জলপূৰ্ণ মেঘক ।


কোশেনাশ্রয়ণীয়ৎবমিতি তস্যার্থসংগ্রহঃ |

অম্বুগর্ভো হি জীমূতশ্চাতকৈৰভিনন্দ্যতে|| ১৭-৬০||


নিজৰ কৰ্ম  কৰিয়েই শতৰুৰ কৰিছিল কৰ্মনাশ,

ছিদ্ৰ চাই শত্ৰুক আঘাত কৰিয়েই কৰিছিল নিজ ছিদ্ৰ আবৃত ।


পৰকর্মাপহঃ সোঽভূদুদ্যুতঃ স্বেষু কর্মসু |

আবৃণোদাত্মনো ৰন্ধ্রং ৰন্ধ্রেষু প্রহৰন্রিপূন্|| ১৭-৬১||


পিতাই সংবৰ্ধিত কৰা যুদ্ধকুশল সুশিক্ষিত সেনাবাহিনীক

সেৱা কৰিছিল তেওঁ নিজ দেহৰ পৰা পৃথক নাভাবি।


পিত্রা সংবর্ধিতো নিত্যং কৃতাস্ত্রঃ সাংপৰায়িকঃ |

তস্য দণ্ডবতো দণ্ডঃ স্বদেহান্ন ব্যশিষ্যত|| ১৭-৬২||


সৰ্পৰ শিৰৰ মণিৰ দৰে ৰজাৰ ত্ৰিশক্তি

তেওঁৰ পৰা হৰিব নোৱাৰিছিল শত্ৰুৱে,

পিছে অয়স্কান্ত মণিৰ চুম্বকে লো কৰাৰ দৰে আকৰ্ষণ,

শত্ৰুৰ  ত্ৰিশক্তি তেওঁ কৰিছিল আহৰণ ।


সর্পস্যেব শিৰোৰত্নং নাস্য শক্তিত্রয়ং পৰঃ |

স চকর্ষ পৰস্মাত্তদয়স্কান্ত ইবায়সম্|| ১৭-৬৩||


ৰাজ্যত বণিক, নাৰী  আৰু অন্যান্যসৱে নিশ্চিন্ত মনে,

বিচৰণ কৰিছিল নদীত বাৰীৰ পুখুৰীৰ দৰে,

অৰণ্যত উপবনৰ দৰে আৰু 

পৰ্বতে-পাহাৰে নিজ ঘৰৰ দৰে ।


বাপীষ্বিব স্রবন্তীষু বনেষূপবনেষ্বিব |

সার্থাঃ স্বৈৰং স্বকীয়েষু চেৰুর্বেশ্মস্বিবাদ্রিষু|| ১৭-৬৪||


তপস্যা ৰক্ষা কৰিছিল ৰাক্ষসৰ পৰা,

সম্পদ ৰক্ষা কৰিছিল দস্যুৰ পৰা,

সেয়ে তেওঁ ৰাজহৰ লগতে আছিল ভাগীদাৰ, 

বৰ্ণধৰ্ম আৰু আশ্ৰমধৰ্মৰো  এক ষষ্ঠাংশৰ ।

(এক ষষ্ঠাংশ কৰ পৰম্পৰাগতভাৱে ৰজাই সংগ্ৰহ কৰিছিল)


তপো ৰক্ষন্স বিঘ্নেভ্যস্তস্কৰেভ্যশ্চ সংপদঃ |

যথাস্বমাশ্রমৈশ্চক্রে বর্ণৈৰপি ষডংশভাক্|| ১৭-৬৫||


ভূমিয়ে ৰক্ষকৰ বেতন স্বৰূপে কৰিছিল দান অতিথিক,

খনিৰ পৰা ৰত্ন, খেতিৰ পৰা শস্য আৰু অৰণ্যৰ পৰা হস্তী ।


খনিভিঃ সুষুবে ৰত্নং ক্ষেত্রৈঃ সস্যং বনৈর্গজান্ |

দিদেশ বেতনং তস্মৈ ৰক্ষাসদৃশমেব ভূঃ|| ১৭-৬৬||


ষড়মুখৰ বিক্ৰমী কাৰ্তিকৰ দৰে বলশালী অতিথি,

ষড়গুণ-ষড়শক্তিৰ প্ৰয়োগত নিপুণ, কাৰ্যত সুসাধনী । 

(ৰজাৰ ষড়শক্তি- মন্ত্ৰী, জমাধন, সন্ধি, প্ৰজা, সেনা আৰু দুৰ্গ)


স গুণানাং বলানাং চ ষণ্ণাং ষণ্মুখবিক্রমঃ |

বভূব বিনিয়োগজ্ঞঃ সাধনীয়েষু বস্তুষু|| ১৭-৬৭||


এইদৰে ক্ৰমে চাৰি শাসনৰ নীতিৰ সুপ্ৰয়োগ কৰি,

লাভ কৰিলে অবাধে সকলো ফল ৰাজনীতিৰ ।

(চাৰি শাসন নীতি- সাম-দাম-ভেদ-দণ্ড )


ইতি ক্রমাৎপ্রয়ুঞ্জানো ৰাজনীতিং চতুর্বিধাম্ |

আ তীর্থাদপ্রতীঘাতং স তস্যাঃ ফলমানশে|| ১৭-৬৮||


কূটযুদ্ধ জানিলেও তেওঁ ধৰ্মমাৰ্গেৰে কৰিছিল যুদ্ধ,

সেয়ে বীৰৰ অনুৰাগী বিজয়লক্ষ্মী 

অভিসাৰিকাৰ দৰে হৈছিল তেওঁৰ অনুগামিনী ।


কূটয়ুদ্ধবিধিজ্ঞেঽপি তস্মিন্সন্মার্গয়োধিনি |

ভেজেঽভিসাৰিকাবৃত্তিং জয়শ্রীর্বীৰগামিনী|| ১৭-৬৯||


ভাগি পৰিল সকলো শত্ৰু তেওঁৰ অখণ্ড প্ৰতাপত 

সেয়ে যুদ্ধ-বিগ্ৰহ হ’ল তেওঁৰ বাবে দুৰ্লভ,

হস্তীৰ দল দূৰতে পলায় যিদৰে গজৰাজৰ মদগন্ধত ।


প্রায়ঃ প্রতাপভগ্নৎবাদৰীণাং তস্য দুর্লভঃ |

ৰণো গন্ধদ্বিপস্যেব গন্ধভিন্নান্যদন্তিনঃ|| ১৭-৭০||


কলা কলাকৈ বঢ়াৰ পাছত চন্দ্ৰও ক্ষয় যায়,

সমুদ্ৰও ওফন্দি উঠি পুনৰ হ্ৰাস পায়,

অতিথি বৰ্ধিত হ’ল কেৱল,

সেই বৃদ্ধি কেতিয়াও নগ’ল ক্ষয় ।


প্রবৃদ্ধৌ হ্রীয়তে চন্দ্রঃ সমুদ্রোঽপি তথাবিধঃ |

স তু তৎসমবৃদ্ধিশ্চ ন চাভূত্তাবিব ক্ষয়ী|| ১৭-৭১||


জলৰ বাবে সাগৰৰ কাষ চাপি যিদৰে,

মেঘ হ’ব পাৰে জলদাতা পৃথিৱীৰ,

দৰিদ্ৰ বিদ্বানজন যদি আহি হয় দানপ্ৰাৰ্থী,

মহান ৰজাৰ অপাৰ দানত নিজেও হয় দান কৰিবলৈ সমৰ্থ ।


সন্তস্তস্যাভিগমনাদত্যর্থং মহতঃ কৃশাঃ |

উদধেৰিব জীমূতাঃ প্রাপুর্দাতৃৎবমর্থিনঃ|| ১৭-৭২||


প্ৰশংসা কৰিব লগা কথাত প্ৰশংসিত হ’লেও তেওঁ হৈছিল লজ্জিত,

স্তাৱকসকলৰ গুণ-গানৰ আছিল তেওঁ বিৰোধী,

তথাপি নিৰন্তৰ হৈছিল তেওঁৰ যশোৰাশি বৃদ্ধি ।


স্তূয়মানঃ স জিহ্রায় স্তুত্যমেব সমাচৰন্ |

তথাপি ববৃধে তস্য তৎকাৰিদ্বেষিণো যশঃ|| ১৭-৭৩||


দৰ্শনতেই পাপ নাশ কৰে তেওঁ যেন উদিত সূৰ্য,

অজ্ঞানতাৰ আন্ধাৰৰ পৰা প্ৰজাক কৰিছিল মুক্ত। 


দুৰিতং দর্শনেন ঘ্নংস্তত্ত্বার্থেন নুদংস্তমঃ |

প্রজাঃ স্বতন্ত্রয়াংচক্রে শশ্বৎসূর্য ইবোদিতঃ|| ১৭-৭৪||


জোনৰ পোহৰ নোসোমায় পদুমৰ পাহিত,

সূৰ্যৰ কিৰণত ভেঁটফুলৰ স্থান নাই,

কিন্তু অতিথিৰ গুণে বিপক্ষৰ মাজতো শিপায় ।


ইন্দোৰগতয়ঃ পদ্মে সূর্যস্য কুমুদেংঽশবঃ |

গুণাস্তস্য বিপক্ষেঽপি গুণিনো লেভিৰেঽন্তৰম্|| ১৭-৭৫||


এনেয়ে অন্যদেশ আক্ৰমণ  হৈছে নিন্দাৰ কাৰণ,

অশ্বমেধ যজ্ঞ পাতি জয়-অভিলাষী অতিথিয়ে কৰিলে দ্বিগ্বিজয়

সেয়ে এই আক্ৰমণত হ’ল ধৰ্মৰ পালন ।


পৰাভিসংধানপৰং যদ্যপ্যস্য বিচেষ্টিতম্ |

জিগীষোৰশ্বমেধায় ধর্ম্যমেব বভূব তৎ|| ১৭-৭৬||


এনেদৰেই শাস্ত্ৰই নিৰ্দিষ্ট কৰা পথেৰে গৈ সমৃদ্ধি কৰিলে লাভ,

ইন্দ্ৰ যিদৰে দেৱগণৰ ৰজা, তেওঁ হ’ল মৰ্ত্যৰ ৰজাৰ ৰাজাধিৰাজ। 


এবমুদ্যন্প্রভাবেণ শাস্ত্রনির্দিষ্টবর্ত্মনা |

বৃষেব দেবো দেবানাং ৰাজ্ঞাং ৰাজা বভূব সঃ|| ১৭-৭৭||


সকলো প্ৰজাৰ বাবে অতিথি আছিল- 

ৰাজশাসনত চাৰিলোক পালকৰ পঞ্চম,

পঞ্চভূতৰ যেন ষষ্ঠ আছিল তেওঁ,

সপ্ত গিৰিবৰৰ যেন আছিল তেওঁ অষ্টম।

(চাৰি লোকপাল- ইন্দ্ৰ, যম,বৰুণ, কুবেৰ

পঞ্চভূত- মাটি, পানী, পোহৰ, আকাশ, বায়ু

সপ্তগিৰি- মহেন্দ্ৰ, সহ্য, মালয়, ঋক্ষ, শক্তিমান,বিন্ধ্যাচল,পৰিপাত্ৰ )


পঞ্চমং লোকপালানাং তমূচুঃ সাম্যয়োগতঃ |

ভূতানাং মহতাং ষষ্ঠমষ্টমং কুলভূভৃতাম্|| ১৭-৭৮||


ইন্দ্ৰৰ আদেশ দেৱগণে কৰাৰ দৰে শিৰোধাৰ্য,

মানিছিল দূৰণিৰ ৰজাই তেওঁ পঠোৱা আজ্ঞাপত্ৰ

ৰাজচ্ছত্ৰ সকলোৱে কৰি অৱনত ।


দূৰাপবর্জিতচ্ছত্রৈস্তস্যাজ্ঞাং শাসনার্পিতাম্ |

দধুঃ শিৰোভির্ভূপালা দেবাঃ পৌৰংদৰীমিব|| ১৭-৭৯||


মহাযজ্ঞত যাজ্ঞিক ব্ৰাহ্মণক দক্ষিণা দিছিল প্ৰভূত পৰিমাণ,

তেওঁৰ সৈতে সমভাৱে সাধাৰণীকৰণ হ’ল কুবেৰৰ নাম  । 


ঋৎবিজঃ স তথানর্চ দক্ষিণাভির্মহাক্রতৌ |

যথা সাধাৰণীভূতং নামাস্য ধনদস্য চ|| ১৭-৮০||


ইন্দ্ৰই দিছিল তেওঁক বৰষুণ,

যমে কৰিছিল মহামাৰী নিয়ন্ত্ৰণ,

বৰুণে ৰাখিছিল নৌচালনাৰ জলপথ নিৰাপদ,

পূৰ্বজৰ মহিমা জনা কুবেৰে বৃদ্ধি কৰিছিল ৰাজকোষ ।

এনেদৰেই লোকপালসকলে কৰিলে শৰণাগতৰ দৰে আচৰণ ।

   

ইন্দ্রাদ্বৃষ্টির্নিয়মিতগদোদ্রেকবৃত্তির্যমোঽভূ-

দ্যাদোনাথঃ শিবজলপথঃ কর্মণে নৌচৰাণাম্ |

পূর্বাপেক্ষী তদনু বিদধে কোষবৃদ্ধিং কুবেৰ-

স্তস্মিন্দণ্ডোপনতচৰিতং ভেজিৰে লোকপালাঃ|| ১৭-৮১||


(সপ্তদশ অধ্যায় সমাপ্ত)




|| অষ্টাদশ আধ্যায় ||


নৈষধৰাজ অৰ্থপতিৰ কন্যাৰ গৰ্ভত,

শত্ৰুদমনকাৰী অতিথিৰ এটি পুত্ৰৰ জন্ম হ’ল

নিষধ গিৰিৰ দৰে দৃঢ় শক্তিশালী শিশুটিৰ নাম থ’লে নিষধ ।


স নৈষধস্যার্থপতেঃ সুতায়ামুৎপাদয়ামাস নিষিদ্ধশত্রুঃ |

অনূনসাৰং নিষধান্নগেন্দ্রাৎপুত্রং যমাহুর্নিষধাখ্যমেব || ১৮-১||


পৰম পৰাক্ৰমী বীৰ নিষধ যৌৱনপ্ৰাপ্ত হ’ল,

ভৱিষ্যতে কৰিব প্ৰজাৰ মংগলসাধন,

তাকে কল্পনা কৰি পিতা সুখী হ’ল ।

বৰষুণত শস্য ফলে-ফুলে হ’লে জাতিষ্কাৰ 

যিদৰে সুখী হয় জীৱজগত । 


তেনোনুবীর্যেণ পিতা প্রজায়ৈ কল্পিষ্যমাণেন ননন্দ যূনা |

সুবৃষ্টিয়োগাদিব জীবলোকঃ সস্যেন সংপত্তিফলোন্মুখেন || ১৮-২||


কুমুদ্বতী পিতাকে শব্দ নিৰ্বিশেষে সকলো সুখ উপভোগ কৰি দীৰ্ঘদিন,

পুত্ৰক কৰিলে অৰ্পণ ৰাজ্যৰ শাসনভাৰ । 

চন্দ্ৰৰ পোহৰৰ দৰে নিৰ্মল কৰ্মফলেৰে স্বৰ্গলোকত কৰিলে আৰোহণ ।


শব্দাদি নির্বিশ্য সুখং চিৰায় তস্মিন্প্রতিষ্ঠাপিতৰাজশব্দঃ |

কৌমুদ্বতেয়ঃ কুমুদাবদাতৈর্দ্যামর্জিতাং কর্মভিৰাৰুৰোহ || ১৮-৩||


কুশৰ নাতি শতপত্ৰৰ দৰে নেত্ৰৰ, সাগৰৰ দৰে ধীৰ চিত্তৰ নিষদ,

অপ্ৰতিহত বীৰ, যাৰ বিশাল বাহুযুগল আছিল নগৰৰ দ্বাৰৰ অৰ্গল সদৃশ,

এই সসাগৰা ধৰণীৰ একছত্ৰ অধিপতি হ’ল ।


পৌত্রঃ কুশস্যাপি কুশেশয়াক্ষঃ সসাগৰাং সাগৰধীৰচেতাঃ |

একাতপত্রাং ভুবমেকবীৰঃ পুৰার্গলাদীর্ঘভুজো বুভোজ || ১৮-৪||


তেওঁৰ পুত্ৰৰ নাম আছিল নল, 

অগ্নিৰ দৰে তেজস্বী, পদ্মৰ দৰে বদন ।

পিতৃৰ পৰলোকৰ পাছত লাভ কৰিলে ৰাজলক্ষ্মী,

মৰ্দন কৰিলে শত্ৰু যেন হস্তীয়ে নল পেলালে মোহাৰি।


তস্যানলৌজাস্তনয়স্তদন্তে বংশশ্রিয়ং প্রাপ নলাভিধানঃ |

যো নড্বলানীব গজঃ পৰেষাং বলান্যমৃদ্গান্নলিনাভবক্ত্রঃ || ১৮-৫||


নলৰ এটি পুত্ৰ হ’ল নভ নামে, 

যাৰ গুণ-গান কৰিছিল গন্ধৰ্বসকলে ।

আকাশৰ দৰে শ্যামল আছিল তেওঁৰ বৰণ,

মনোহৰণকাৰী বৰ্ষাৰ দৰে প্ৰিয় আছিল প্ৰজাৰ।


নভশ্চৰৈর্গীতয়শাঃ স লেভে নভস্তলশ্যামতনুং তনূজম্ |

খ্যাতং নভঃশব্দময়েন নাম্না কান্তং নভোমাসমিব প্রজানাম্ || ১৮-৬||


পৰমধাৰ্মিক নলে উত্তৰ কোশলৰ ৰাজ্যভাৰ সঁপি বীৰ পুত্ৰক,

আসন্ন বাৰ্ধক্যৰ কথা চিন্তি, 

সংসাৰ নিবৃত্তি বিচাৰি বনৰ মৃগৰ ল’লে সংগ ।


তস্মৈ বিসৃজ্যোত্তৰকোসলানাং ধর্মোত্তৰস্তৎপ্রভবে প্রভুৎবম্ |

মৃগৈৰজর্যং জৰসোপদিষ্টমদেহবন্ধায় পুনর্ববন্ধ || ১৮-৭||


হস্তীৰ শ্ৰেষ্ঠ পুণ্ডৰীকৰ দৰে 

নভৰ এক অজেয় পুত্ৰ উপজিল পুণ্ডৰীক নামে ।

পিতাৰ মৃত্যুৰ পাছত ৰাজলক্ষ্মীয়ে,

শ্বেতকমলধাৰিণী লক্ষ্মীয়ে পুন্দৰীকাক্ষক

বৰণ কৰাৰ দৰে তেওঁক বৰণ কৰিলে ।


তেন দ্বিপানামিব পুণ্ডৰীকো ৰাজ্ঞামজয়্যোঽজনি পুণ্ডৰীকঃ |

শান্তে পিতর্যাহৃতপুণ্ডৰীকা যং পুণ্ডৰীকাক্ষমিব শ্রিতা শ্রীঃ || ১৮-৮||


প্ৰজাৰ মংগলসাধক আৰু ক্ষমাগুণেৰে দক্ষ

অব্যৰ্থ ধনুৰ্ধৰ পুন্দৰীকৰ পুত্ৰ ক্ষেমধন্বা  ।

ক্ষেমধন্বাক পৃথিৱীৰ অধিপতি পাতি,

পুন্দৰীকে বনলৈ গৈ কৰিলে তপস্যা ।

 

স ক্ষেমধন্বানমমোঘধন্বা পুত্রং প্রজাক্ষেমবিধানদক্ষম্ |

ক্ষ্মাং লম্ভয়িৎবা ক্ষময়োপপন্নং বনে তপঃ ক্ষান্ততৰশ্চচাৰ || ১৮-৯||


ক্ষেমধন্বাৰ জন্মিল যুঁজত অগ্ৰগামী দেৱোপম এটি পুত্ৰ,

দেৱানিক নাম তেওঁৰ খ্যাতি তেওঁৰ দেৱালোকলৈ ব্যাপ্ত ।


অনীকিনীনাং সমৰেঽগ্রয়ায়ী তস্যাপি দেবপ্রতিমঃ সুতোঽভূৎ |

ব্যশ্রূয়তানীকপদাবসানং দেবাদি নাম ত্রিদিবেঽপি যস্য || ১৮-১০||


পিতৃভক্ত পুত্ৰৰ সেৱাত পিতা হ’ল প্ৰকৃততে পুত্ৰৱান,

পুত্ৰবৎসল পিতাৰ যত্নত পুত্ৰও হ’ল পিতৃমানেৰে কৃতাৰ্থ ।


পিতা সমাৰাধনতৎপৰেণ পুত্রেণ পুত্রী স যথৈব তেন |

পুত্রস্তথৈবাত্মজবৎসলেন স তেন পিত্রা পিতৃমান্বভূব || ১৮-১১||


সৰ্বগুণনিধি যজ্ঞকাৰী পিতা ক্ষেমধন্বাই দীৰ্ঘকাল চতুৰ্বৰ্ণ কৰিলে পালন,

তাৰ পাছত সমগুণী পুত্ৰক ৰাজ্যভাৰ দি কুলপ্ৰথামতে স্বৰ্গলৈ কৰিলে গমন ।

 

পূর্বস্তয়োৰাত্মসমে চিৰোঢামাত্মোভবে বর্ণচতুষ্টয়স্য |

ধুৰং নিধায়ৈকনিধির্গুণানাং জগাম যজ্বা যজমানলোকম্ || ১৮-১২||


তেওঁৰ পুত্ৰও সংযমী আৰু বিনয়ী আছিল,

তেওঁৰ মধুৰ বচনে শত্ৰু-মিত্ৰ সকলোকে মুহিছিল ।

ভয়ত আতুৰ মৃগকো যেনেকৈ মধুৰ শব্দই বশীভূত কৰে ।


বশী সুতস্তস্য বশংবদৎবাৎস্বেষামিবাসীদ্বিষতামপীষ্টঃ |

সকৃদ্বিবিগ্নানপি হি প্রয়ুক্তং মাধুর্যমীষ্টে হৰিণান্গ্রহীতুম্ || ১৮-১৩||


নাম আছিল তেওঁৰ অহীনুগ, বাহুবলত নাছিল কম,

যৌৱনকালতো কৰিছিল ত্যাগ অনৰ্থকাৰী ব্যসন,

সমগ্ৰ পৃথিৱী কৰিলে তেওঁ শাসন ।

(দহপ্ৰকাৰ ব্যসন- মৃগয়া, দিবানিদ্ৰা, পৰনিন্দা, মদ, বেশ্যা, নৃত্য, গীত, ক্ৰীড়া, বৃথাভ্ৰমণ )


অহীনগুর্নাম স গাং সমগ্রামহীনবাহুদ্রবিণঃ শশাস |

যো হীনসংসর্গপৰাঙ্মুখৎবাদ্যুবাপ্যনর্থৈর্ব্যসনৈর্বিহীনঃ || ১৮-১৪||


চতুৰ শাসক আৰু মানুহৰ প্ৰকৃতি বিশেষজ্ঞ, 

পিতাৰ পাছত পৃথিৱীত হৈ অৱতীৰ্ণ, 

পূৰ্বপুৰুষ ৰামৰ দৰেই চাৰিদিশৰ অধিপতি হ’ল,

প্ৰয়োগ কৰি চাৰি উপায় সাম,দাম, ভেদ আৰু দণ্ড ।


গুৰোঃ স চানন্তৰমন্তৰজ্ঞঃ পুংসাং পুমানাদ্য ইবাবতীর্ণঃ |

উপক্রমৈৰস্খলিতৈশ্চতুর্ভিশ্চতুর্দিগীশশ্চতুৰো বভূব || ১৮-১৫||


শত্ৰুবিজয়ী তেওঁ হ’ল পৰলোকগামী,  

যাৰ মহানতা আৰু উচ্চশিৰত পৰিয়াত্ৰ পৰ্বতো পৰাজিত,

তেওঁৰ সেই পুত্ৰ পৰিয়াত্ৰই গ্ৰহণ কৰিলে ৰাজশ্ৰী ।

 

তস্মিন্প্রয়াতে পৰলোকয়াত্রাং জেতর্যৰীণাং তনয়ং তদীয়ম্ |

উচ্চৈঃশিৰস্ত্বাজ্জিতপাৰিয়াত্রং লক্ষ্মীঃ সিষেবে কিল পাৰিয়াত্রম্ || ১৮-১৬||


তেওঁৰ তনয় শীল উদাৰ চৰিত্ৰৰ,

আছিল শিলৰ পাটৰ দৰে বহল বক্ষৰ।

অব্যৰ্থ বাণেৰে কৰা শত্ৰুজয়ৰ বাবে প্ৰশংসা কৰিলে,

শালীনতাৰ বাবে হৈছিল লজ্জাত সংকুচিত ।


তস্যাভবৎসূনুৰুদাৰশীলঃ শিলঃ শিলাপট্টবিশালবক্ষাঃ |

জিতাৰিপক্ষোঽপি শিলীমুখৈর্যঃ শালীনতামব্রজদীড্যমানঃ || ১৮-১৭||


সকলোৰে প্ৰশংসাপ্ৰাপ্ত পাৰিয়াত্ৰই আত্মসংযমী যুবক শীলক পাতি যুৱৰাজ,

উপভোগ কৰিলে সুখ-ভোগ ,অন্যথাই ৰজা কৰ্মত বন্দী নাই সুখৰ অৱকাশ ।


তমাত্মসংপন্নমনিন্দিতাত্মা কৃৎবা যুবানং যুবৰাজমেব |

সুখানি সোঽভুঙ্ক্ত সুখোপৰোধি বৃত্তং হি ৰাজ্ঞামুপৰুদ্ধবৃত্তম্ || ১৮-১৮||


ৰতি-বিলাসিনী নাৰীৰ সৌভাগ্যলভ্য সম্ভোগৰ পাত্ৰ পাৰিয়াত্ৰ,

তেতিয়াও নহ’ল ভোগ-বিলাসত পৰিতৃপ্ত ।

অকাৰণতে ৰতিৰ প্ৰতি ঈৰ্ষাপৰায়ণ জৰাই আনিলে বাৰ্ধক্য ।


তং ৰাগবন্ধিষ্ববিতৃপ্তমেব ভোগেষু সৌভাগ্যবিশেষভোগ্যম্ |

বিলাসিনীনামৰতিক্ষমাঽপি জৰা বৃথা মৎসৰিণী জহাৰ || ১৮-১৯||


অতি সুগভীৰ নাভিৰ উন্নাভ আছিল শীলৰ  পুত্ৰ,

সকলো বিষয়তে তেওঁ আছিল পদ্মনাভ বিষ্ণুৰ সমকক্ষ।

ৰাজন্যমণ্ডলৰ নাভি যেন তেওঁৱেই প্ৰধান কেন্দ্ৰ ।


উন্নাভ ইত্যুদ্গতনামধেয়স্তস্যায়থার্থোন্নতনাভিৰন্ধ্রঃ |

সুতোঽভবৎপঙ্কজনাভকল্পঃ কৃৎস্নস্য নাভির্নৃপমণ্ডলস্য || ১৮-২০||


ইয়াৰ পাছত বজ্ৰধৰ ইন্দ্ৰসম শক্তিমান,বজ্ৰৰ দৰে কণ্ঠ যাৰ  ,

উন্নাভৰ পুত্ৰ বজ্ৰনাভ হ’ল অধিপতি, বজ্ৰমণিৰ খনিৰে পূৰ্ণ বসুমতীৰ ।


ততঃ পৰং বজ্রধৰপ্রভাবস্তদাত্মজঃ সংযতি বজ্রঘোষঃ |

বভূব বজ্রাকৰভূষণায়াঃ পতিঃ পৃথিব্যাঃ কিল বজ্রণাভঃ || ১৮-২১||


নিজ পুণ্যফলেৰে যেতিয়া বজ্ৰনাভ হ’ল স্বৰ্গগামী,

খনিজ ৰত্নৰে ভৰা সসাগৰা পৃথিৱী

তেওঁৰ পুত্ৰ শংখণৰ সেৱাত হ’ল ব্ৰতী ।


তস্মিন্গতে দ্যাং সুকৃতোপলব্ধাং তৎসংভবং শঙ্খণমর্ণবান্তা |

উৎখাতশত্রুং বসুধোপতস্থে ৰত্নোপহাৰৈৰুদিতৈঃ খনিভ্যঃ || ১৮-২২||


শংখণৰ দেহাৱসানত হৰিৎ অশ্বৰ ৰথাৰোহী সূৰ্যসম,

অশ্বিনী কুমাৰৰ দৰে সৌন্দৰ্যসম্পন্ন পুত্ৰ উঠিল সিংহাসনত ।

সমুদ্ৰ তীৰত কৰিছিল বাবে সেনা আৰু অশ্ব প্ৰবিষ্ট,

পুৰাতত্বজ্ঞসকলে নাম থৈছিল তেওঁৰ ব্যুষিতাশ্ব ।

 

তস্যাবসানে হৰিদশ্বধামা পিত্র্যং প্রপেদে পদমশ্বিৰূপঃ |

বেলাতটেষূষিতসৈনিকাশ্বং পুৰাবিদো যং ব্যুষিতাশ্বমাহুঃ || ১৮-২৩||


ব্যুষিতাশ্বই লাভ কৰিলে নিজ আত্মাসম এক পুত্ৰ,

আৰাধনা কৰি বিশ্বেশ্বৰৰ,

বিশ্বসহ নাম তেওঁৰ পৰম বন্ধু বিশ্বৰ, 

ৰক্ষাকৰ্তা সমগ্ৰ বিশ্বৰ ।


আৰাধ্য বিশ্বেশ্বৰমীশ্বৰেণ তেন ক্ষিতের্বিশ্বসহো বিজজ্ঞে |

পাতুং সহো বিশ্বসখঃ সমগ্রাং বিশ্বংভৰামাত্মজমূর্তিৰাত্মা || ১৮-২৪||


সেই নীতিজ্ঞ ৰজাৰ হ’ল হিৰণ্যাক্ষ-শত্ৰু বিষ্ণুৰ অংশস্বৰূপ এক পুত্ৰ,

নাম হিৰণ্যাভ, শত্ৰুৰ বাবে যি নীলগছত বতাহে লগোৱা জুইৰ দৰে অসহ্য ।


অংশে হিৰণ্যাক্ষৰিপোঃ স জাতে হিৰণ্যনাভে তনয়ে নয়জ্ঞঃ |

দ্বিষামসহ্যঃ সুতৰাং তৰূণাং হিৰণ্যৰেতা ইব সানিলোঽভূৎ || ১৮-২৫||


পিতৃঋণমুক্ত পিতাই পৰিণত বয়সত সন্ধান কৰিলে অমল সুখৰ,

আজানুলম্বিত পুত্ৰক ৰাজ্যভাৰ দি বনবাসী হৈ পৰিধান কৰিলে বল্কল ।


পিতা পিৎৠণামনৃণস্তমন্তে বয়স্যনন্তানি সুখানি লিপ্সুঃ |

ৰাজানমাজানুবিলম্বিবাহুং কৃৎবা কৃতী বল্কলবান্বভূব || ১৮-২৬||


সূৰ্যবংশৰ ভূষণ, উত্তৰ কোশলৰ অধিপতি সোমৰসপায়ী হিৰণ্যাভৰ,

জন্ম হ’ল দ্বিতীয় চন্দ্ৰৰ দৰে নয়নৰ সুখ সুন্দৰ কৌসল্য নামে পুত্ৰৰ ।

 

কৌসল্য ইত্ত্যুত্তৰকোসলানাং পত্যুঃ পতঙ্গান্বয়ভূষণস্য |

তস্যৌৰসঃ সোমসুতঃ সুতোঽভূন্নেত্রোৎসবঃ সোম ইব দ্বিতীয়ঃ || ১৮-২৭||


বেদজ্ঞ পবিত্ৰপ্ৰাণ কৌসল্যৰ নাম ব্ৰহ্মাৰ সভালৈকে হ’ল বিস্তৃত ,

অন্তত গ’ল ব্ৰহ্মলোকলৈ ব্ৰহ্মিষ্ঠ নামৰ পুত্ৰক ৰাজ্যভাৰ কৰি ন্যস্ত ।


যশোভিৰাব্রহ্মসভং প্রকাশঃ স ব্রহ্মভূয়ং গতিমাজগাম |

ব্রহ্মিষ্ঠমাধায় নিজেঽধিকাৰে ব্রহ্মিষ্ঠমেব স্বতনুপ্রসূতম্ || ১৮-২৮||


সুপুত্ৰৰ পিতা বংশৰ অলংকাৰস্বৰূপ ব্ৰহ্মিষ্ঠই 

উত্তম ৰাজনীতিৰে শাসন কৰিলে পৃথিৱীক বহুদিন ধৰি,

সুখী জনসাধাৰণৰ চকু আছিল আনন্দাশ্ৰুৰে ভৰি । 


তস্মিন্কুলাপীডনিভে বিপীডং সম্যঙ্মহীং শাসতি শাসনাঙ্কাম্ |

প্রজাশ্চিৰং সুপ্রজসি প্রজেশে ননন্দুৰানন্দজলাবিলাক্ষ্যঃ || ১৮-২৯||


গুৰুজনৰ সেৱা কৰি কৃতাৰ্থ,

আকৃতিত সাইলাখ বিষ্ণু গৰুড়ধ্বজ,

সুদৰ্শন, পদ্মনেত্ৰ ‘পুত্ৰ’ নামৰ তনয়ে 

তেওঁক সুপুত্ৰৱানৰ মাজত কৰিলে অগ্ৰগণ্য।

 

পাত্রীকৃতাত্মা গুৰুসেবনেন স্পষ্টাকৃতিঃ পত্রৰথেন্দ্রকেতোঃ |

তং পুত্রিণাং পুষ্কৰপত্রনেত্রঃ পুত্রঃ সমাৰোপয়দগ্রসংখ্যাম্ || ১৮-৩০||


বংশৰক্ষাৰ ভাৰ বংশধৰ পুত্ৰক কৰি অৰ্পণ,

ইন্দ্ৰৰ সখা হ’বলৈ কৰি বাসনা, বিষয়সুখত হৈ নিস্পৃহ,

ত্ৰিপুষ্কৰ তীৰ্থত পুণ্যস্নান কৰি লাভ কৰিলে অমৰত্ব ।


বংশস্থিতিং বংশকৰেণ তেন সংভাব্য ভাবী স সখা মঘোনঃ |

উপস্পৃশন্স্পর্শনিবৃত্তলৌল্যস্ত্রিপুষ্কৰেষু ত্রিদশৎবমাপ || ১৮-৩১||


পুত্ৰৰ পত্নীয়ে জন্ম দিলে এক সন্তান পুষ্যনক্ষত্ৰৰ পূৰ্ণিমাত,

শৰীৰৰ জ্যোতি পদ্মৰাগমণিতকৈও  উজ্জ্বল নাম ৰাখিলে পুষ্য ।

জীৱলোক পৰিপূৰ্ণ হ’ল দ্বিতীয় পুষ্যনক্ষত্ৰৰ দৰে তেওঁৰ জন্মত ।


তস্য প্রভানির্জিতপুষ্পৰাগং পৌষ্যাং তিথৌ পুষ্যমসূত পত্নী |

তস্মিন্নপুষ্যন্নুদিতে সমগ্রাং পুষ্টিং জনাঃ পুষ্য ইব দ্বিতীয়ে || ১৮-৩২||


মহান ৰজা পুত্ৰই নিবিচাৰিছিল পুনৰ্জন্ম,

পুত্ৰ পুষ্যক ৰাজ্যভাৰ দি ল’লে মণীষি জৈমিনীৰ শিষ্যত্ব ।

তাৰপাছত, যোগভ্যাগ কৰি যোগবলেৰে হ’ল নিৰ্বাণপ্ৰাপ্ত ।


মহীং মহেচ্ছঃ পৰিকীর্য সূনৌ মনীষিণে জৈমিনয়েঽর্পিতাত্মা |

তস্মাৎসয়োগাদধিগম্য যোগমজন্মনেঽকল্পত জন্মভীৰুঃ || ১৮-৩৩||


তাৰপাছত পুষ্যৰ ধ্ৰুব যেন পুত্ৰ ধ্ৰুবসন্ধিয়ে কৰিলে পৃথিৱীৰ দায়িত্ব গ্ৰহণ,

সৰ্বজনপ্ৰশংসিত, সত্যবাদী ধ্ৰুবসন্ধিৰে শত্ৰুৱে নতশিৰে কৰিছিল সন্ধি।


ততঃ পৰং তৎপ্রভবঃ প্রপেদে ধ্রুবোপমেয়ো ধ্রুবসংধিৰুর্বীম্ |

যস্মিন্নভূজ্জ্যায়সি সত্যসংধে সংধির্ধ্রুবঃ সংনমতামৰীণাম্ || ১৮-৩৪||


প্ৰতিপদৰ জোনৰ দৰে প্ৰিয়দৰ্শন পুত্ৰ সুদৰ্শনৰ শৈশৱতে,

মৃগনয়ন সিংহপুৰুষ ধ্ৰুবসন্ধি মৃগয়ালৈ গৈ সিংহৰ মুখত প্ৰাণ দিলে ।


সুতে শিশাবেব সুদর্শনাখ্যে দর্শাত্যয়েন্দুপ্রিয়দর্শনে সঃ |

মৃগায়তাক্ষো মৃগয়াবিহাৰী সিংহাদবাপদ্বিপদং নৃসিংহঃ || ১৮-৩৫||


অমাত্যসকলে দেখিলে হঠাতে ৰাজন হ’ল স্বৰ্গগামী,

প্ৰজা হ’ল অনাথ আৰু দীন-দুখী ।

সকলোৱে একমত হৈ কুলৰ শিশু সুদৰ্শনক

বিধিমতে বহুৱালে ৰাজসিংহাসনত ।


স্বর্গামিনস্তস্য তমৈকমত্যাদমাত্যবর্গঃ কুলতন্তুমেকম্ |

অনাথদীনাঃ প্রকৃতীৰবেক্ষ্য সাকেতনাথং বিধিবচ্চকাৰ || ১৮-৩৬||


শিশুনৃপতিক লৈ ৰঘুবংশ হ’ল যেন এক অৰণ্য শিশুসিংহৰ সৈতে,

এক হ্ৰদ পদুমকলিৰ সৈতে, এখনি আকাশ কাঁচিজোনৰ সৈতে ।


নবেন্দুনা তন্নভসোপমেয়ং শাবৈকসিংহেন চ কাননেন |

ৰঘোঃ কুলং কুড্মলপুষ্কৰেণ তোয়েন চাপ্রৌঢনৰেন্দ্রমাসীৎ || ১৮-৩৭||


শিশুটিৰ শিৰত ৰাজমুকুট দেখি, 

প্ৰজাই আশা কৰিলে পিতাৰ দৰেই হ’ব,

অনুকূল বতাহত হাতীপোৱালিৰ সমান

ক্ষুদ্ৰ মেঘখণ্ডয়ো কৰে গোটেই আকাশ আছন্ন । 


লোকেন ভাবী পিতুৰেব তুল্যঃ সংভাবিতো মৌলিপৰিগ্রহাৎসঃ |

দৃষ্টো হি বৃণ্বন্কলভপ্রমাণোঽপ্যাশাঃ পুৰোবাতমবাপ্য মেঘঃ || ১৮-৩৮||


তেওঁ যেতিয়া হাতীত উঠি ৰাজপথত কৰে গমন,

মাউতে তেওঁৰ দীৰ্ঘ ৰাজ-পৰিচ্ছদ কৰে প্ৰতিপালন ।

নগৰবাসীয়ে মৰ্যাদা দিলে পিতাৰ সমান,

প্ৰভু মানি সেৱা কৰিলে মাথোন ছবছৰীয়া সুদৰ্শনক ।


তং ৰাজবীথ্যামধিহস্তি যাতমাধোৰণালম্বিতমগ্র্যবেশম্ |

ষড্বর্ষদেশীয়মপি প্রভুৎবাৎপ্রৈক্ষন্ত পৌৰাঃ পিতৃগৌৰবেণ || ১৮-৩৯||


তেওঁ সৰু শৰীৰটিৰে বহোতে 

ভৰা নাছিল যদিও পিতাৰ সিংহাসন ,

তেওঁৰ উজ্জ্বলতাৰে তেজোদীপ্ত 

স্বৰ্ণাভ মণ্ডলাকাৰে ভৰাই তুলিছিল সিংহাসন ।  


কামং ন সোঽকল্পত পৈতৃকস্য সিংহাসনস্য প্রতিপূৰণায় |

তেজোমহিম্না পুনৰাবৃতাত্মা তদ্ব্যাপ চামীকৰপিঞ্জৰেণ || ১৮-৪০||


সৰু দুভৰি ওলমি থাকে স্পৰ্শ কৰি সোণৰ পাদপীঠ আঙুলিৰে সামান্যতম,

আলতাসনা সেই চৰণত ভূপতিসৱে গৰ্বোন্নত শিৰ নত কৰি কৰে প্ৰণাম ।


তস্মাদধঃ কিংচিদিবাবতীর্ণাবসংস্পৃশন্তৌ তপনীয়পীঠম্ |

সালক্তকৌ ভূপতয়ঃ প্রসিদ্ধৈর্ববন্দিৰে মৌলিভিৰস্য পাদৌ || ১৮-৪১||


অকণমাণি ইন্দ্ৰনীল মণিৰ উজ্জ্বলতাৰ বাবেই বৃথা নহয় মহানীল নাম,

সেইদৰেই শিশু হ’লেও অথলে নগ’ল মহাৰাজ সম্বোধন ।


মণৌ মহানীল ইতি প্রভাবাদল্পপ্রমাণেঽপি যথা ন মিথ্যা |

শব্দো মহাৰাজ ইতি প্রতীতস্তথৈব তস্মিন্যুয়ুজেঽর্ভকেঽপি || ১৮-৪২||


দুইকাষৰ চামৰৰ বা লাগি চঞ্চল হৈ উৰি থাকে দুগালত পৰি থকা কেশবন্ধন ,

পিছে তেওঁৰ মুখৰ আদেশ সুদূৰ সাগৰৰ তীৰ পৰ্যন্ত ক’তো নহয় উলংঘন।


পর্যন্তসংচাৰিতচামৰস্য কপোললোলোভয়কাকপক্ষাৎ |

তস্যাননাদুচ্চৰিতো বিবাদশ্চচাল বেলাস্বপি নার্ণবানাম্ || ১৮-৪৩||


সোণৰ খৰিকাৰে অঁকা তিলক তেওঁ ধাৰণ কৰি কপালত,

শতৰুৰ সুন্দৰী নাৰীসকলৰ কৰিছিল কপাল তিলক-শূন্য ।


নির্বৃত্তজাম্বূনদপট্টশোভে ন্যস্তং ললাটে তিলকং দধানঃ |

তেনৈব শূন্যান্যৰিসুন্দৰীণাং মুখানি স স্মেৰমুখশ্চকাৰ || ১৮-৪৪||


ৰাজকীয় ভূষণ পিন্ধি হৈছিল কষ্ট শিৰীষফুলতকৈয়ো কোমল দেহত ,

পিছে বিশাল পৃথিৱীৰ গুৰুভাৰ বহন কৰিছিল স্বচ্ছন্দে মনৰ বলত ।


শিৰীষপুষ্পাধিকসৌকুমার্যঃ খেদং ন যায়াদপি ভূষণেন |

নিতান্তগুর্বীমপি সোঽনুভাবাদ্ধুৰং ধৰিত্র্যা বিভৰাংবভূব || ১৮-৪৫||


অক্ষৰ শিক্ষাৰ ভূমিকাতে শেষ নৌহওতেই লিপি শিক্ষা,

তেওঁ শিকিছিল দণ্ডবিধিৰ সকলো ফলাফল জ্ঞানবৃদ্ধসকলৰ পৰা।


ন্যস্তাক্ষৰামক্ষৰভূমিকায়াং কার্ত্স্ন্যেন গৃহ্ণাতি লিপিং ন যাবদ্ |

সর্বাণি তাবচ্ছ্ৰুতবৃদ্ধয়োগাৎফলান্যুপায়ুঙ্ক্ত স দণ্ডনীতেঃ || ১৮-৪৬||


পূৰ্ণ বিকাশ নোহোৱা বক্ষস্থলত নাছিল পৰ্যাপ্ত স্থান অধিষ্ঠিত হ’বলৈ,

সেয়ে ৰাজলক্ষ্মীয়ে অপেক্ষা কৰিলে সুদৰ্শনৰ পূৰ্ণ যৌৱন প্ৰাপ্তিলৈ,

সলজ্জভাৱে আলিংগন কৰি ৰ’ল ৰাজছত্ৰৰ ছাঁ লোৱাৰ ছলতেই  । 


উৰস্যপর্যাপ্তনিবেশভাগা প্রৌঢীভবিষ্যন্তমুদীক্ষমাণা |

সংজাতলজ্জেব তমালপত্রচ্ছায়াছলেনোপজুগূহ লক্ষ্মীঃ || ১৮-৪৭||


বসুন্ধৰাক ৰক্ষা কৰি আছিল সেই হাতেৰে যি স্পৰ্শ কৰি পোৱা নাই খৰ্গ,

যি দুবাহুত তেতিয়াও পৰা নাছিল ধনুৰ ঘুণৰ আঘাতৰ চিহ্ন,

সেই দুবাহু হ’বলৈ বাকী আছিল জুঁৱলিৰ দৰে শক্তিমন্ত । 

 

অনশ্নুবানেন যুগোপমানমবদ্ধমৌর্বীকিণলাঞ্ছনেন |

অস্পৃষ্টখড্গৎসৰুণাপি চাসীদ্রক্ষাবতী তস্য ভুজেন ভূমিঃ || ১৮-৪৮||


কালক্ৰমত বাঢ়ি আহিল সুদৰ্শনৰ শৰীৰৰ অবয়ব,

বংশগত লোকপ্ৰিয় গুণৰাজি সূক্ষ্মৰ পৰা তেওঁৰ মাজত হ’ল সমৃদ্ধ ।


ন কেবলং গচ্ছতি তস্য কালে যয়ুঃ শৰীৰাবয়বা বিবৃদ্ধিম্ |

বংশ্যা গুণাঃ খল্বপি লোককান্তাঃ প্রাৰম্ভসূক্ষ্মাঃ প্রথিমানমাপুঃ || ১৮-৪৯||


গুৰুৰ কষ্ট কৰি লাঘৱ পূৰ্বজন্মত আয়ত্ব কৰা বিদ্যাসমূহ কৰিলে স্মৰণ,

তিনিবৰ্গ আয়ত্ত কৰা পিতাৰ তিনি বিদ্যা ধাৰণ কৰি কৰিলে প্ৰজাপালন ।


স পূর্বজন্মান্তৰদৃষ্টপাৰাঃ স্মৰন্নিবাক্লেশকৰো গুৰূণাম্ |

তিস্রস্ত্রিবর্গাধিগমস্য মূলং জগ্রাহ বিদ্যাঃ প্রকৃতীশ্চ পিত্র্যাঃ || ১৮-৫০||


অস্ত্ৰশিক্ষাৰ সময়ত শৰীৰৰ ঊৰ্ধ্বাংশ প্ৰসাৰিত কৰি বান্ধি কেশৰ চূড়া,

আঁঠু ভাঁজ কৰি ধনুৰ গুণ টানিলে আকৰ্ণ কৰি শৰাসন,

অতিকৈ জিলিকি উঠি আয়ত্ত কৰিলে বিভিন্ন অস্ত্ৰচালনা ।


ব্যূহ্যঃ স্থিতঃ কিংচিদিবোত্তৰার্ধমুন্নদ্ধচূডোঽঞ্চিতসব্যজানুঃ |

আকর্ণমাকৃষ্টসবাণধন্বা ব্যৰোচতাস্ত্রে স বিনীয়মানঃ || ১৮-৫১||


তাৰপিছত মধুপান কৰাই সুন্দৰীসকলৰ চকুক,

মদনবৃক্ষৰ অনুৰাগ সঞ্চাৰী প্ৰবাল ফুলস্বৰূপ,

সবাতোকৈ শুৱনি বসনস্বৰূপ মনোহৰ যৌৱন 

অকৃত্ৰিমভাৱে বিয়পি পৰিল তেওঁৰ সৰ্বাংগত ।


অথ মধু বনিতানাং নেত্রনির্বেশনীয়-

মনসিজতৰুপুষ্পং ৰাগবন্ধপ্রবালম্ |

অকৃতকবিধি সর্বাঙ্গীণমাকল্পজাতং

বিলসিতপদমাদ্যং যৌবনং স প্রপেদে || ১৮-৫২||


প্ৰতিকৃতিত দেখাতকৈও প্ৰকৃততে অধিক ধুনীয়া কন্যা 

অমাত্যসবে বিচাৰি আনিলে দূতৰ মাধ্যমত,

সুদৰ্শনৰ শুদ্ধ সন্তানৰ কামনাত ।

সুদৰ্শনে অনিন্দ্যসুন্দৰী কন্যাসবৰ পাণিগ্ৰহণ কৰিলে,

সুন্দৰীসকলে বসুধা আৰু ৰাজলক্ষ্মীক সপত্নীৰূপে পালে ।


প্রতিকৃতিৰচনাভ্যো দূতিসংদর্শিতাভ্যঃ

সমধিকতৰৰূপাঃ শুদ্ধসংতানকামৈঃ |

অধিবিবিদুৰমাত্যৈৰাহৃতাস্তস্য যূনঃ

প্রথমপৰিগৃহীতে শ্রীভুবৌ ৰাজকন্যাঃ || ১৮-৫৩||


(অষ্টাদশ অধ্যায় সমাপ্ত)


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ