অন্যযুগ/


ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ




দুই

বিশাল এলেকাটোত ঠায়ে ঠায়ে আছে বহুকেইটা আটী৷ গোটেই হাবি-জংঘলেৰে ভৰা এই আটীবোৰৰ নামনিতো হাবি-জংঘলৰ পয়োভৰ৷ মালভূমি সদৃশ এটা আটী পাৰ হোৱাৰ পাছতে পোৱা যায় নামনিৰ ফালে সমতল৷ তাৰপাছত পোৱা যায় আন এটা আটী৷ আটীবোৰত থাকে নানা ধৰণৰ বাঁহ, ভোমোৰা, তিতাচঁপা শিমলু-পলাশ আদি গছ৷ আটীবোৰৰ চাৰিওফালে থকা সমতল ভাগৰ কিছু ঠাইেতা থাকে নানা ধৰণৰ কঁাইটীয়া গছ, ইকৰা-বিৰিণা, ঘাঁহ-বন, মাজে মাজে হিজল, ভেলৌ আৰু শিমলু৷ দ ঠাইবোৰত থাকে কেৱল ইকৰা-বিৰিণা আৰু দলঘাঁহকে ধৰি নানা বিধৰ ঘাঁহ-বন৷

এনে এটা আটীতে হাবি-বন চাফা কৰি  গঢ়ি তোলা হৈছে তেমেকাহঁতৰ গাঁওখন৷ আটীটোৰ চাৰিওফালে থকা বৃহৎ সমতলভাগত থকা জংঘল কাটি মানুহবোৰে খেতি কৰিবৰ বাবে মাটি মুকলি কৰি লৈছে৷ যিয়ে যিমানে ডাঙৰকৈ মাটি খুলিব পাৰিছে তাৰ সিমানে মাটিৰ পৰিমাণ বাঢ়িছে৷ এইবোৰ মাটিৰ জোখ এতিয়াও চৰকাৰৰ নথিভুক্ত হোৱা নাই৷ যিয়ে যেনেকৈ পাৰে খেতি কৰিছে৷ এতিয়ালৈকে ইয়াত বাধা দিওঁতাও নাই, মাটি হিচাপে খাজনা লওঁতাও নাই৷ এইবোৰ মাটি চৰকাৰী নথিত অন্তৰ্ভুক্ত হ’লেহে খাজনাৰ কথা আহিব৷ কিন্তু এইবাৰ মৌজাদাৰৰ মানুহ আহি কাৰ ঘৰত কেইটা নাঙল আৰু কেইখন কোৰ আছে হিচাপ লৈ গৈছে৷ অহাবাৰৰ পৰা সেই নাঙল আৰু কোৰৰ কৰ তেমেকাহঁতে দিব লাগিব৷

পানীখেতিৰ বাবে তেমেকাহঁতে এতিয়ালৈকে মাটি খুলিছে প্ৰায় ত্ৰিছ বিঘা৷ অলপ ওখ ঠাইতো তিনিবিঘামান মাটি খুলিছে৷ এইখিনি মাটিত সিহঁতে মাহ-সৰিয়হৰ খেতি কৰে৷ মাজে মাজে কলং-কপিলী নদীত বান আহিলে এই মাটিবোৰক বুৰাই পলস দি যায়৷ সাৰুৱা মাটিবোৰত যি খেতিকেই নকৰক লাগে সকলোবোৰেই লহপহকৈ বাঢ়ে, ভাল ফচল দিয়ে৷ ত্ৰিছ বিঘা মাটিত পানীখেতি কৰিয়েই তেমেকাহঁতে বছৰটো জোৰাকৈ ধান পায়৷ ওখ চানেকীয়া মাটিখিনিত খেতি কৰি বছৰটোৰ বাবে লাগতিয়াল মাহ-সৰিয়হো পায়৷

কাৱৈমাৰি, গৰৈমাৰী আৰু বতাবাৰী গাঁৱৰ ৰাইজে খোলা মাটিখিনিক বাদ দি বাকী বৃহৎ অঞ্চলটো ইকৰা-বিৰিণা, হাবি-জংঘলৰে ভৰা৷ তাত বাস কৰা জীৱ-জন্তু আৰু চৰাই-চিৰিকটিয়ে খেতি পথাৰৰ ফচল খাবলৈ আহে যদিও খেদি থাকিলে বৰকৈ আমনি নকৰে৷ কাৰণ জংঘলৰ মাজতে সিহঁতৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্যবস্তু আছে৷ সিহঁতে সেইবোৰকে বিচাৰি খালেই হ’ল৷ ইফালে-সিফালে ঘূৰি ফুৰোঁতে কেতিয়াবা সিহঁত খেতিপথাৰত আহি ওলায়৷ আৰু তেতিয়াই খেতিও অলপ নষ্ট কৰি যায়৷

জেঠ মাহৰ শেষ ভাগ৷ গাঁওখনৰ সকলোৰে খেতি পথাৰত কাম চলিছে পূৰ্ণোদ্যমে৷ তেমেকাই ৰূপেশ্বৰৰ লগত দোকমোকালিতে ওলাই আহি হাল মাৰিছে৷ জেঠমাহৰ প্ৰথম ভাগতে সিহঁতৰ কঠীয়া পৰা হৈ গৈছে৷ সেইবোৰ ৰুবৰ বাবে গোটেই ত্ৰিছ বিঘা মাটিতে এবাৰকৈ হাল মৰাৰ কামো তেমেকাহঁতে কৰি অঁতাইছে৷ এতিয়া সমাৰ দিয়াৰ কাম চলি আছে৷

পূব আকাশত এবাৰ চকু ফুৰাই তেমেকাই দেখিলে বেলি মূৰৰ ওপৰৰ ফালে ভালেখিনি উঠিল৷ এনে সময়ত হাল খুলি গৰুকেইটাক জংঘলৰ ফালে ঘাঁহ খাবলৈ এৰি দিয়া হয়৷ ৰূপেশ্বৰে হঠাতে মাত দিলে– ‘‘তেমেকা, বেলি হ’ল৷ হাল খোল৷’’

‘‘অ পিতাই, হাল খুলিবা হৈছেই৷ খুলি দেং৷’’

‘‘অ অ, খোল৷’’

তেমেকা আৰু ৰূপেশ্বৰে হাল ৰাখি যুৱলিৰ পৰা গৰুকেইটা খুলি এৰি দিলে ঘাঁহ খাবলৈ৷ হালৰ পৰা এৰণ পায়েই গৰুকেইটাই আলিত থকা ঘাঁহত কামোৰ মাৰিবলৈ আৰম্ভ কৰিলে৷ ৰূপেশ্বৰে তেমেকাক ক’লে– ‘‘যা, গউ¸কেইটাক জংঘল’ অলপ ভিতঅলৈকে খেদি থৈ আহ৷ ঠিক নাই, ঘূঈ আহি কঠীয়া খাবা পাএ৷’’

‘‘চিন্তা নকঈবি পিতাই৷ কঠীয়া ঘঅ’ ওচঅ’ মাটিতহে পাঈছং৷ ইন্তে তাত গৈ নোলায়৷’’

‘‘ক’ব নোৱাঈ ইন্ত’ কথা৷ কিবা মন কঈ হঠাতে ওলাবগৈ৷ অলপ ভিতঅলৈকে খেদি থৈ আহ৷ তেতিয়া নিচিন্ত হৈ থাকিবা পাঈবি৷’’

ৰূপেশ্বৰে অলপ জিৰণি ল’বৰ বাবে পথাৰখনৰ মাজতে থকা আম গছডালৰ গুৰিলৈ আগ বাঢ়িল৷ হাল এৰি দি ইতিমধ্যে মহীধৰে গছডালৰ ছাঁত জিৰণি লৈ আছে৷ মূৰৰ ওপৰত বেলিটো ট টকৈ জিলিকি তাপ বিলাই আছে বাবে গৰম ভালকৈয়ে পৰিছে৷ গৰমত ঘামি তিতি থকা দেহাটোক আৰাম দিবৰ বাবে ৰূপেশ্বৰ গছৰ তলত হাজিৰ হ’ল৷

তেমেকাই গৰুকেইটাক খেদি খেদি জংঘলৰ ভিতৰলৈ গৈ থাকিল৷ পথাৰৰ কাষৰ পৰাই জংঘল ডাঠ৷ ইকৰা-বিৰিণা আৰু কাঁইটীয়া গছ কিছুমানৰ লগতে ডাঙৰ গছ কিছুমানো আছে৷

ৰূপেশ্বৰ গছৰ তলত মাটিতে টিকাটো পাৰি বহিল৷ তেওঁ মহীধৰক ক’লে– ‘‘বেলিটো তললৈ নামি আহিল যেন পাং৷ হেইবাবে ইমান গঅম উঠিছে৷’’

‘‘হয় হয়, নামি আহিছে৷ নহ’লেনো ইমান গঅম পএ না! আগে-পিছে ইমান গঅম নপএ৷’’

হঠাতে এছাটি বতাহে ৰূপেশ্বৰ আৰু মহীধৰক বা দিবলৈ ধৰিলে৷ ৰূপেশ্বৰৰ দেহাটো লাহে লাহে শাঁত পৰি আহিছে৷ তেওঁ মাত দিলে– ‘বঅ ধুনীয়া বতাহ মাঈছেহে! আআম লাগি গৈছে৷ ওহ! এতিয়াহে হান্তি পাইছং৷”

‘‘হয় দেই, ময়ো এতিয়াহে আআম পাইছং৷’’

ৰূপেশ্বৰে চুৰিয়াৰ খোঁচনিৰ পৰা চাধা আৰু শালপাত উলিয়াই বিড়ি পকাবলৈ ধৰিলে৷ তেওঁ মহীধৰলৈকো চাধা আৰু শালপাত আগ বঢ়াই দি ক’লে– ‘‘হৌ হিদিনালৈকে বঅ হান্তিত আছিলং দেই! এইবা’ আমা’ ওপঅত হণি দিষ্টি পঈল৷ নহ’লেনো মৌজাদাঅ’ মানুহ আহি ওলায় না? মৌজাদাঅ’ দিষ্টি পঈল যেতিয়া, এতিয়া আউ উপায় নাই৷ হাঈবা নোৱাঅং৷ ক’ দিবাই লাগিব৷ ক’ দি হায়আণ হৈয়েই আগ’ গাং এঈ আহি ইয়াত গাং পাতিছিলং৷ এই কেইবছঅত হিন্তে আহি নোলাল৷ এইবা’ ওলালহি৷ হিন্তে যিহে ক’ লগাইছে এই ক’ নকমালে আমি ইয়া পআ আক’ আনফালে জংঘলত গাং পাতিবা লাগিব৷ নহ’লে খাবা নাপাম৷’’

‘‘হয়হে! এই বগা বঙালবোএ আমাক হেখ কঈব৷ আমিনো কিমান পলাই ফুঈম? কিবা এটা কঈবা লাগে হে!”

মঈলেও মঈম যুদ্ধ এখন কআই ভাল৷ ইমান হহ্য কঈ থাকিবা নোৱাঈ৷’’

‘‘ঠিকে কৈছ৷ আইজখনে মা’ বান্ধি যুঁজিলে কিবা এটা নিশ্চয় হ’ব৷ আমা অজাকেইজনে আগ বাহিলে ভাল আছিল৷’’

‘‘মই জানাত আমা’ ট’পাকুছি অজা হেনো গুজঈ আছে৷ অজাবোঅউ হমতা কাহিলে নহয়৷ হিন্ত’ ‘হিল-ধুম-চাবুক-চমতা’অ হমতা নোহোৱা হ’ল৷ হিন্তেও কিছুমান ক’ দিবা লাগা হৈছে৷ হেই তেতিয়া আমা’ অজাবিলাকে মণিআম দেৱান’ লগ লাগি বগা বঙালক খেদিবাই খুজিছিল৷ মণিআমক ধঈ ফাঁচি দিলে বুলিহে৷ নহ’লে হেই তেতিয়াই ডাঙ’ যুদ্ধ এখন হ’ল হয়৷”

‘‘জানং কথাটো৷ এতিয়াও কঅং বুলিলে কঈবা পাএ৷ মণিআম নাই বুলিয়েই আমি হাস্তি পাই থাকাবিলাকে বহি থাকিম না? হিন্তে যি কঈব’ তাকে মানি থাকাটো ভাল কথা হোৱা নাই৷ আমিও কঅং বুলিলে কিবা এটা কঈবা পাঅং৷’’

‘‘তই ঠিক কথাকে কৈছ৷ আমি কথাটো অজা’ লগত আলচ কআ ভাল৷’’

‘‘কঈছে কঈছে৷ আইজে অজা লগত কথা পাতিছে৷ আমি এইফালে আছং বাবে কথাবো’ ভালদএ জানা নাই৷ মই হুনিছং হিফাল’ আইজে অজা লগত কথা পাতিয়েই আছে৷’’

‘‘ভাল কথা তেন্তে৷ আমিও হহযোগ কঈম৷ ওভোতগোএ নচাবোঅ’ নাচোন চাই থাকিবা নোৱাঈ নহয়!’’

দুয়ো আপোন মনে শালপাতৰ বিড়ি হুপি হুপি কথা পাতি থাকিল৷

বেলিটোক ঢাকি ধৰিবলৈ আকাশত মেঘ এটুকুৰা নাই৷

ৰিবৰিবকৈ বলি থকা বতাহজাকেই এতিয়া মানুহবোৰক নিচুকাই আছে৷

 তেমেকাই গৰুকেইটাক জংঘলৰ ভালেখিনি ভিতৰলৈ খেদি থৈ উলটি খোজ ল’লে৷ সি জানে জংঘলৰ ভিতৰত ঘাঁহ-বনৰ আধিক্যৰ বাবে ইহঁত জংঘলৰ মাজৰ পৰা কেতিয়াও নোলায়৷ আবেলি জংঘলৰ পৰা সিহঁতক উলিয়াই নিবলৈ সিহে আহিব লাগিব৷

 তেমেকা ঘূৰি আহি পুনৰ নিজৰ পথাৰত উপস্থিত হ’ল৷ তাৰ ফুটুকীলৈ মনত পৰিল৷ দিনটোত তাইক এবাৰ নেদেখিলে তাৰ মনেই নভৰে৷ লগে লগে সি ফুটুকীৰ ঘৰলৈ খোজ ল’লে৷

গাঁৱৰ গাভৰু-তিৰোতাবোৰ এতিয়াও খেতিত নমা নাই৷ কঠীয়া তুলিবলৈ হ’লেহে গাভৰু-তিৰোতাবোৰ খেতি পথাৰত নামি পৰিব হাল নুঠালৈকে৷ এতিয়া খেতি পথাৰত হালমৰা মানুহবোৰক জলপান বা ভাত দিবলৈ যোৱাৰ বাহিৰে পথাৰত সিহঁতৰ আন কাম নাই৷

ফুটুকীয়ে খেতিৰ কাম নোহোৱা বাবে আদখনীয়া হৈ থকা কাপোৰ এখন তাঁতত ববলৈ লৈছে৷ তাই তাঁতত গাত লোৱা কপাহী চাদৰ এখন বৈ বৈ গুণগুণাই বিহুগীত এটিও গাই আছে৷

তেমেকা ফুটুকীৰ তাঁতশালৰ কাষত হাজিৰ হ’ল৷ কোনোবা এটা যে তাইৰ কাষত আহি ওলাইছে ফুটুকীৰ খবৰেই নাই৷ তাই বিহুগীতটো গুণগুণাই গুণগুণাই কাপোৰ বোৱাতহে মগ্ন৷ তেমেকাই মাত দিলে– ‘‘ফুটুকী, ত’ কাপো’ বৈ হোৱাই নাই নাকি?’’

‘‘অ তেমেকা কাকা!’’– ফুটুকীয়ে মূৰ তুলি চালে৷ ‘‘মই মনেই কআ নাই৷ হাল’ পআ আহিলি হ’বলা?’’

‘‘অ হাল’ পআই আহিলং৷’’

‘‘ক’ত বহিবি? , মই পীআ এখনকে আনংগৈ৷’’

‘‘নালাগে নালাগে, মই এই কাঠ’ মূহাটোতে বহিছং৷’’

তেমেকা তাঁতশালৰ কাষতে থকা কাঠৰ মূঢ়াটোত বহি ফুটুকীলৈ চালে৷ ফুটুকীৰ সুন্দৰ মুখখন তাৰ চকুত জিলিকি উঠিল৷ দুপৰৰ সময়৷ পথাৰৰ মানুহবোৰ ঘৰলৈ ঘূৰি আহিবলৈ লৈছে৷ফুটুকীৰ দেউতাকো আহি পাবহি নিশ্চয়৷ফুটুকীয়ে তেমেকালৈ চাই সুধিলে– ‘‘কিবা হকামত হুমালি হ’বলা?’’

‘‘নাই নাই, এনেই৷ ত’ লগত অলপ কথা পাতি যাং বুলি হুমালং৷’’

‘‘ভালেই কঈলি দে৷ তন্ত’ মাটিত ধান উ¸বা পাআ হৈছেগৈ না?’’

‘‘নাই নাই৷ হমা’ দিছংহে৷ আউ¸ দুহপ্তামান’ পাছতহে ধান উবা পাআ হ’বগৈ৷’’

‘‘আমাউ তেনেকুৱাই৷ আউ দহ দিনমান লাগিব৷ অ দেই, মই তামোল’ বটাটো আনংগৈ৷’’

ফুটুকীয়ে তাঁতশালৰ পৰা উঠি ঘৰৰ ভিতৰ পালেগৈ আৰু অলপ সময়ৰ ভিতৰতে তামোলৰ বটা এটা হাতত লৈ তেমেকাৰ কাষত উপস্থিত হ’ল৷ বটাত কটা তামোল আছিলেই৷ তাই বটাটো তেমেকাৰ ফালে আগ বঢ়াই দি ক’লে– ‘‘খা কাকা, তামোল খা৷’’

তেমেকাই এখন তামোল মুখত ভৰাই ফুটুকীলৈ চালে– ফুটুকীয়ে ইতিমধ্যে তাঁতশালত পুনৰ বহিছে৷ ফুটুকীৰ তাঁতশালৰ কাম অলপ সময় চাই থকাৰ পাছত তেমেকাই মাত দিলে– ‘‘ফুটুকী, এইবা’ তই ম’ক বিহুৱান নিদিলি৷ অহাবা’ কিন্তু দিবা লাগিব৷”

‘‘এইবা’ মই কাক’ বিহুৱান দিবা নুৱাঈলং৷ কাপোঅত ফুল তুলিবলৈ এইবাঅ’ পআহে হিকিছং৷ নিজাকৈ বিহুৱান লগাবা পাআ হোৱা নাই৷ আয়ে এইবা’ কেইখনমানহে গামোচা ব’লে৷ আলহী-অতিথিক বিহু হময়ত দিবলৈকে নুজুঈল৷ মই এইবা’ ব’ম৷ তই আজি ক’লি যেতিয়া, পথমখন ত’কে দিম দে৷’’

‘‘অ অ পথমখন ম’কেই দিবা লাগিব৷’’– তেমেকাই আনন্দ মনেৰে কৈ উঠিল৷ ‘‘আউ¸ এইবা’ আমি খুব বিহু মাঈম দেই৷’’

‘‘হ’ব হ’ব৷ তই ঢোল বজাবি মই নাচিম৷ পিছে তই নাচনী ছেও বজাবা পাঈবি না নাই?’’

‘‘পাঅং৷ কেলেই নুৱাঅং বুলি ভাবিছ?’’

‘‘ঠিকে আছে তেন্তে, এইবা’ বিহুত নাচিম৷’’

ফুটুকীৰ কথা শুনি তেমেকাৰ মনটো ভাল লাগি গ’ল৷ সি ভাবিলে এইবাৰ ব’হাগ বিহুত ফুটুকীক সি ঘৰ সোমোৱাব৷

তেমেকাই আৰু এখন তামোল মুখত ভৰাই ফুটুকীক ক’লে– ‘‘পিচে এইবা’ ডাঙ’ কাম এটাও কঈম৷’’

‘‘কি কাম কঈবি?’’– ফুটুকীয়ে আগ্ৰহেৰে সুধিলে৷

‘‘নাই নাই, এতিয়া নকং৷ পিছত ক’ম৷ বাউ তই কাপো’ বৈ থাক৷ মই ঘঅলৈ যাং৷’’

‘‘কথাটো হংকালে ক’বা লাগিব কিন্তু!’’

‘‘হ’ব হ’ব, ক’ম৷ হময়ত ক’ম৷’’

কেৰ্পাই পদূলিৰে সোমাই আহিল৷ সি তেমেকাৰ কাষত থিয় হৈয়েই তাৰ কামৰ কথা উলিয়ালে– ‘‘আজি হাতীউঠা আটীত আমি দেখি আহা মৌবাহ দুটা পাঈবা যাম বুলি ভাবিছং৷ ঘঅত ঔষধত দিবালৈকো মৌ অলপ নোহোৱা হৈছে৷ আয়ে কথাটো কৈয়েই থকা হ’ল৷ তই ম’ লগত যাবি না? লেটেকু পালেও লৈ আনিম৷’’

‘‘হ’ব৷ ব’ল এতিয়া৷ গা-পা ধুই ভাত খায়েই হংকালে ওলাই যাম৷’’

ফুটুকীয়ে হঠাতে মাত দিলে– ‘‘তেমেকা কাকা, ম’লৈ লেটেকু আনিবি৷’’

‘‘অ আনিম আনিম৷ তই চিন্তা কঈবা নালাগে৷’’

দুয়ো ফুটুকীক ‘যাং এতিয়া’ বুলি কৈ ঘৰলৈ খোজ ল’লে৷

 

শেষ জেঠৰ আকাশত ট টকৈ জিলিকি থকা বেলিটোৱে আবেলিৰ দুৱাৰমুখত ভৰি থৈছে৷ এছাটি বতাহ মৃদু লয়ত বলি থকা বাবে সিমান গৰম পৰা নাই৷ বেলিৰ মুক্ত পোহৰে চাৰিওফালে উজ্জ্বল কৰি তুলিছে চকুত চাট মাৰি ধৰাকৈ৷

ভাত খাই তেমেকাই মাকক মৌ পাৰিবলৈ যোৱাৰ কথাটো কৈ সাজু হ’ল৷ হাতত দা এখন লৈ সি খোজ দি বাটত উঠাৰ সময়তে কেৰ্পাই সেইখিনি পাই তাৰ লগ লাগিল৷ কেৰ্পাইৰ সোঁহাতত এখন দা আৰু বাওঁহাতত এটা বাল্টি৷ দুয়ো হাতীউঠা আটীলৈ বুলি খোজ ল’লে৷ দুয়োৰে কঁকালত চুৰিয়া আৰু টঙালি৷ আৰু গাত একোটাকৈ বনিয়ন৷

তেমেকাই খোজ দি দি ভাবি গ’ল– পূৰ্ণিমা হ’বৰ হৈছেহি৷ এনে সময়ত মৌ বাহত বৰ ৰস হয় বুলি সকলোৱে কয়৷ সিহঁতে নিশ্চয় মৌবাহ দুটাৰ পৰা বহুত মৌ পাব৷ সেই মৌৰে অলপ সি ফুটুকীহঁতৰ ঘৰত দিব আৰু সৰহকৈ লেটেকু পাৰি আনি ফুটুকীৰ হাতত দিব৷ তাতে ফুটুকীয়ে লেটেকুৰ কথা নিজেই কৈছে৷

নিজৰ গাঁওখন পাৰ হৈ তেমেকা আৰু কেৰ্পাই এখন পথাৰৰ মাজেৰে যাবলৈ ধৰিলে৷ পথাৰখনৰ সিপাৰৰ পৰাই  আৰম্ভ হৈছে হাতীউঠা আটীটো৷ বহুত গছ-গছনি থকা এই আটীটোৰ পৰাই তেমেকাহঁতে প্ৰয়োজনীয় খৰি-খেৰ গোটায়৷

পথাৰখন পাৰ হৈ এটা লুংলুঙীয়া বাটেৰে তেমেকা আৰু কেৰ্পাই যাবলৈ ধৰিলে৷ বাটটোৰ দুয়োফালে ইকৰা-বিৰিণা৷ ফিৰফিৰিয়া বতাহে কঢিয়াই অনা বনৰীয়া ফুলৰ গোন্ধ এটা তেমেকাৰ নাকত লাগিল৷ গোন্ধটো ভাললগা৷ অলপ দূৰ যোৱাৰ পাছত সিহঁত ওখ ওখ গছ থকা এটুকুৰা ঠাইত উপস্থিত হ’ল৷ সিহঁত আৰু অলপ আগুৱাই গৈ এডাল গমাৰি গছৰ কাষলৈ গৈ গছডালৰ ওপৰলৈ চালে৷ ওখ গমাৰি গছডালৰ তলফালে থকা এটা ডালত ওলমি আছে এবাহ মৌ৷ মৌবাহটোলৈ লক্ষ্য কৰি তেমেকাই ধৰিব পাৰিলে বাহটো ৰসেৰে ভৰি পৰিছে৷ মৌবোৰৰ কিছুমানে বাহটোত ইফালে সিফালে বগাই ফুৰিছে৷ সিহঁতৰ পাখিৰ জিকমিকনি তেমেকাৰ চকুত পৰিল৷ সি কেৰ্পাইক ক’লে– ‘মৌঅস ভালেমান পাম যেন লাগিছে৷ দে হুকান বাঁহ-খে’ গ’টাং৷’

তেমেকা আৰু কেৰ্পায়ে মৌবাহত জুই দিবলৈ কাষতে থকা শুকান খেৰ-বাঁহ, গছপাতৰ সন্ধান কৰিবলৈ ধৰিলে৷ শুকান গছৰ পাত, শুকান বিৰিণা আৰু শুকান কাক বাঁহ গোটাই আনি সিহঁতে ৰাখিলে মৌবাহটোৰ ঠিক তলতে৷ কেৰ্পায়ে এডাল বাঁহ কাটি মৌবাহটো ঢুকি পোৱাৰ সমানে এটা টুকুৰা কাটি তাৰ এটা মূৰত এবোজা শুকান বিৰিণা বান্ধিলে৷ সি তাত জুই লগাই মৌবাহটোত লগাই পুতি দিয়াৰ লগে লগে তলত থকা শুকান বাঁহ আৰু শুকান জাবৰবোৰত তেমেকাই জুই লগাই দিলে৷ মৌবোৰ যেনিতেনি উৰিবলৈ লোৱাৰ লগে লগে দুয়ো তাৰ পৰা দৌৰি আঁতৰি আহি এঠাইত ৰৈ থাকিল৷ কিছু সময় পাৰ হোৱাৰ পাছত দুয়ো লাহে লাহে মৌবাহ থকা ঠাইলৈ আগ বাঢ়িল৷ সিহঁতে ওচৰ পাই দেখিলে মৌবোৰৰ বেচিভাগেই জুইত পৰি মৰিছে৷ কিছুমানে ইফালে-সিফালে উৰি ফুৰিছে কিন্তু মৌবাহত এটাও মৌ নাই৷ তলত জ্বলাই থোৱা জুইকুৰাৰ ধোঁৱাৰ বাবে সিহঁত বাহটোৰ কাষ চাপিব পৰা নাই৷ কেৰ্পায়ে বািŒI×টো কঁকালত বান্ধি গমাৰি গছডালৰ ওপৰলৈ উঠিল আৰু মৌবাহটো হাতেৰে এৰুৱাই বািŒI×টোত ভৰালে৷

এটা মৌ উৰি আহি তেমেকাৰ বাহুত শুং বিন্ধাই দি কোনোবাফালে উৰি গ’ল৷ সি লগে লগে চিঞৰিলে– ‘‘কেৰ্পাই, মৌৱে বিন্ধিলে৷ আহ নামি আহ৷ ইয়াত থাকিবা নোৱাঈ৷’’

কথাষাৰ কৈয়েই তেমেকাই দূৰলৈ দৌৰ লগালে৷ কেৰ্পায়ে গছৰ পৰা নামি তেমেকাৰ পিছে পিছে দৌৰি আহি এঠাইত দুয়ো ৰ’ল৷ তেমেকা কেঁকাই উঠিল– ‘‘ওহ কি বিখ! এটা বিন্ধা খায়েই চকুএ হঈয়হ ফুল দেখি গৈছং৷ আউ দুটামানে বিন্ধিলে মঈয়েই থাকিম যেন পাইছং৷’’

‘‘ব’মৌ, বিখ হ’বই৷ অলপ পাছত কমি যাব৷ মই টেঙা অলপ লগাই দিছং অ৷’’

‘‘ত’ক বিন্ধা নাই?’’

‘‘নাই ম’ক বিন্ধা নাই৷’’

কেৰ্পায়ে এডাল লেটেকু গছৰ পৰা কেঁচা লেটেকু এটা লৈ তাৰ বাকলিৰে তেমেকাই বিন্ধা খোৱা ঠাইখিনিত ঘঁহি দিবলৈ ধৰিলে৷ তেমেকা কেঁকাই উঠিল৷

তেমেকাই বাল্টিটোলৈ চাই মাত দিলে– ‘‘বাল্টিটো ভঈবয়েই হ’ল দেখোন৷’’

‘‘অ ভঈলেই বুলিব পাঈ৷ আউ মৌ নাপাঈলেও হ’ব৷’’

‘‘তেন্তে ঘূঈ যাং ব’ল৷’’

‘‘অ অ, ব’ল ঘূঈ যাং৷’’

তেমেকা আৰু কেৰ্পাই ঘৰলৈ বুলি খোজ ল’লে৷ হঠাতে তেমেকাৰ ফুটুকীলৈ মনত পৰিল৷ সি লেটেকু নি ফুটুকীক দিয়াৰ কথা ভাবিছিল নহয়! ফুটুকীয়েও বিচাৰিছিল৷ লেটেকু নি নিদিলে ফুটুকীয়ে কম বেয়া পাব নে? তাৰ প্ৰেয়সীক অসন্তুষ্ট কৰি সি তাৰ জীৱনলৈ ধুমুহা মাতি অনাহে হ’ব৷ ফুটুকীয়ে বেয়া পোৱা কাম সি কেতিয়াও কৰিব নোৱাৰে৷ সি হঠাতে ৰৈ দিলে– ‘‘কেপাই, পকা লেটেকু নিবা লাগিছিল নহয়৷ ব’ল লৈ যাং৷’’

‘‘আহ এইফালে৷ এইফালে লেটেকু গছ কেইডালমান আছে৷’’

তেমেকাই কেৰ্পাইৰ পিছে পিছে গৈ লেটেকু গছৰ গুৰিত উপস্থিত হ’ল৷ সি বাহুত বিষ লৈয়েই গছৰ ওপৰলৈ উঠিল আৰু পকা লেটেকু ছিঙি তললৈ পেলাবলৈ ধৰিলে৷ তলত কেৰ্পায়ে লেটেকুবোৰ বুটলি কঁকালৰ টঙালিখন খুলি বান্ধিলে৷ তেমেকা গছৰ তললৈ নামি আহি কেৰ্পাইক সুধিলে– ‘‘লেটেকুবো’ বান্ধা হ’ল না?”

‘‘অ বান্ধা হ’ল৷’’

‘‘তেন্তে এতিয়া গৈহে থাকং৷’’

তেমেকা আৰু কেৰ্পাই খোজ দি এখন বেতনি থকা ঠাইত উপস্থিত হ’ল৷ কেৰ্পায়ে বেতনিখনলৈ এবাৰ চাই তেমেকাক ক’লে– ‘‘মই হুনিবলৈ পাইছং আমি আগ’ দএ বেত কাটিবা নোৱাঈম৷ এই বেত’ মহল না কিবা এটা খোলা হৈছে হেনো৷ চঅকাএ মালিক পাতি দিছে৷ হেই মালিকক  পইচা দিহে কাটিবা পাঈম বোলে৷’’

‘‘বগা বঙাল চঅকাএ কিবো’ যে কঈ ফুঈছে নহয়৷ হকলোতে ক’ লগোৱাত লাগিছে৷ আমাক হুহি হুহি খাইহে এঈব৷ আফুখেতি বন্ধ কঈছে, বিল’ মালিক, বেত’ মালিক, আগ গছ’ও মালিক পাতি সকলোতে ক’ লগোৱাত লাগিছে৷ আমিবোএ মনে মনে থাকিলে নহ’ব আউ৷ আমি পতিবাদ কঈবা লাগিব৷ চঅকাএ এনেকুৱা কঈ থাকিলে আমি বহি নাথাকিম৷ আমা’ হেই আধও¸ৱা যুদ্ধখন আক’ আঅম্ভ কঈবা লাগিব যেন পাইছং৷’’

‘‘ঠিক নাই৷ আঅম্ভ হ’বই যেন পাইছং৷’’

‘‘অ আঅম্ভ হ’ব৷’’

কথা পাতি পাতি দুয়ো গাঁৱত প্ৰৱেশ কৰিলে৷ সিহঁতক দেখিয়েই বাপুকণ উধাতু খাই দৌৰি আহি আটাহ পাৰি উঠিল– ‘‘গম পাইছ না তন্তে? আজি মৌজাদাঅ মানুহ আমা’ গাঙলৈ আক’ আহিল৷’’

‘‘তা’পাছত? তা’পাছত কি হ’ল?’’– তেমেকাই চিন্তিত ভাবেৰে সুধিলে৷

‘‘হিন্তে হকলো মানুহ ঘঅতে হুমাই গৃহস্থ নাম লিখিলে৷ কা’ ঘঅত কিমানটা ঘ’ আছে তা’ হিচাপ ল’লে৷ পতিটো ঘঅ’ বাবদ হেনো ক’ দিবা লাগিব৷’’

‘‘এবা’ আহিল যেতিয়া আহিয়েই থাকিব৷’’– তেমেকাই গহীনভাৱেৰে মাত দিলে৷ ‘‘পিচে, ইন্তে বেচি বাহিছে৷ হেই তেতিয়া আহি কা’ ঘঅত কেইটা নাঙল আউ কেইখন কো’ আছে হিচাপ লৈ গ’ল৷ এইবা’ ঘঅকো ধঈছে৷ ঘঅক’ ধঈবা লাগে কিয়া?’’

‘‘মই কৈছিলং নহয় জংঘল’ বাঁহ-বেত’ ওপঅতো ক’ লগাইছে৷’’– কেৰ্পায়ে মাত দিলে৷ ‘‘আমি জংঘল’ বাঁহ-বেত-কাঠেএ ঘ’ হাজিছং, তা বাবে ঘ’ হিচাপত ক’ দিবা লাগে চাগে’৷’’

‘‘ইন্তে বহুত উঠিছে৷ আমা’ লক্ষণসিং হেনাপতি আউ¸ অজাবো’ নি(য় বহি নাথাকে৷ কিবা এটা ব্যৱস্থা ল’ব৷ ব্যৱস্থা ল’বাই লাগে৷’’

‘‘হয় হয়, ব্যৱস্থা ল’বা লাগে৷’’– কেৰ্পায়ে লগে লগে তেমেকাৰ কথাক সমৰ্থন কৰিলে৷ ‘‘নহ’লে ইন্তে আউ বেচি বাহি যাব৷’’    

 

তিনি

বেলিটো দুবেগেতমান মূৰৰ ওপৰলৈ উঠাৰ সময়তে বিলখনত ভালেসংখ্যক মুনিহ-তিৰোতাই মাছ মাৰিবলৈ লৈছে৷ মানুহবোৰ কাৱৈমাৰি আৰু বতাবাৰী গাঁৱৰ৷ মানুহবোৰৰ মাজত তেমেকা, তেমেকাৰ ভায়েক দেউৰাম আৰু কেৰ্পায়ো আছে৷ তেমেকা আৰু কেৰ্পাইৰ হাতত একোটাকৈ পল৷ দুয়ো পলৰ চাব মাৰি মাৰি আগ বাঢ়িল৷ দেউৰামে নিজৰ পুৰঙনি জালখন পাতি একে ঠাইতে ৰৈ থাকিল৷

তিৰোতাবোৰৰ মাজত কেৰ্পাইৰ আইতাক মনদৈয়ো আছে৷ তেওঁ তেমেকাৰো সম্পৰ্কীয় আইতাক৷ তেওঁ তেমেকাৰ ভায়েক দেউৰামক দেখিয়েই মাত দিলে– ‘‘ঐ ম’ পয়েকটো, তয়ো মাছলৈ আহিলি হ’বলা? মাছ পালে ম’ক’ দিবি দেই৷ ঘৈণীয়েঅক মাছ নিদি কাকনো দিবি?’’

মনদৈৰ কথা শুনি তিৰোতাবোৰে গিৰ্জনি মাৰি হাঁহিলে৷ দেউৰামে লাজকুৰীয়া চাৱনিৰে এবাৰ তিৰোতাবোৰলৈ চাই নিজৰ পুৰঙনি জালখনৰ ফালে একেৰাহে চাই ৰ’ল৷ তাৰ লাজ দেখি ৰস পাই মনদৈ আৰু তিৰোতা কেইজনীয়ে পুনৰ গিৰ্জনি মাৰি হাঁহিলে৷

তেমেকাৰ পলত কিবা এটা মাছ পৰিল৷ মাছটো পলৰ ভিতৰত যি ধৰণেৰে আস্ফালন কৰিছে সেই অনুসৰি মাছটো ডাঙৰ হ’ব বুলিয়েই সি অনুমান কৰিলে৷ সি পলটো ভালদৰে হেঁচা মাৰি হাত ভৰাই ধৰিব পাৰিলে এটা ডাঙৰ শ’লমাছ পৰিছে৷ কিছু সময় চেষ্টা কৰি সি শ’লমাছটোৰ কোৱাৰিত ধৰি বাহিৰলৈ আনিলে আৰু লানিত সিয়াই ল’লে৷ তাৰ মাছটো দেখি মনদৈয়ে মাত দিলে– ‘‘এই বুহাটোৱে ডাঙ’ হলমাছ এটা ধঈলে দেই! তা’ হ’ল মাছটোও ডাঙ’ যেনেই পাইছং৷’’

মনদৈৰ ইংগিতপূৰ্ণ কথা শুনি তিৰোতাজাকে পুনৰ হাঁহিবলৈ ধৰিলে৷ তেমেকাৰ খুৰীয়েক পতেশ্বৰীও তিৰোতাবোৰৰ মাজত আছে৷ শাহু সম্পৰ্কীয় মানুহজনীয়ে তেমেকাক তেনেদৰে কোৱা শুনি ভাল নাপাই তেওঁ আনফালে আঁতৰি গৈ মাছ খেপিয়াবলৈ ধৰিলে৷ কাৰণ তেমেকা তেওঁৰ পুত্ৰৰ লেখিয়া৷ তেওঁ আঁতৰি যোৱা দেখি এজনী তিৰোতাই মনদৈক ক’লে– ‘‘তইনো কি কথাবো’ কৈ আছ অ বাই? ধেমালি কঈলেও এনেকুৱা কথা নক’বিচোন? ইয়াত খুঈয়েকো আছে৷’’

‘‘এ নাতি বুলিহে কৈছং আউ৷ বেয়া নাপাবি দে৷’’ তেমেকাৰ খুৰীয়েক আনফালে যোৱা দেখি মনদৈয়ে পুনৰ মাত দিলে– ‘‘হি আঁতঈ গৈছে ভালেই হৈছে দে৷ মাছ মাআ ঠাইত বেয়া কথা দুই-এষা’ ওলায়েই৷ হাহুৱেক থকা ঠাইত বোৱাঈয়েকবো’ নাথাকাই ভাল৷’’

তিৰোতাবোৰৰ কিছুমানে পিটনি এটুকুৰাত চাৰিওফালে আগুৰি লৈ মাজত থকা মেটেকা আৰু জাবৰবোৰ আঁতৰাই আনি ভৰিৰে গচকি মাছ ওলাই যোৱাত বাধা দিছে৷ তাৰ পাছত মাজৰ অংশত খেপিয়াই খেপিয়াই মাছ ধৰিছে৷ মনদৈৰ লগত থকা তিৰোতাবোৰেও তেনেদৰেই মাছ ধৰিছে৷ হঠাতে এটা ডাঙৰ মাছৰ গাত মনদৈৰ হাত লাগিল৷ তেওঁ চিঞৰি উঠিল– ‘‘ঐ চাবি দেই ব’ ডাঙ’ মাছ এটা আছে৷’’

‘‘হয় হয় আছে৷’’– আন এজনী তিৰোতাই মাত দিলে৷ ম’ হাততো লাগিছিল৷’’

তিৰোতাকেইজনী বৰ সচেষ্ট হৈ উঠিল৷ মনদৈয়ে এবাৰত মাছটোৰ মূৰত ভালদৰে হেঁচা মাৰি ধৰিলে৷ কিন্তু তেওঁ মাছটোক ৰাখিব পৰা নাই৷ তেওঁ চিঞৰিলে– ‘‘ঐ তন্তে হহায় ক’৷ মাছটোক মই আখিব পাআ নাই৷ তন্তে জানই নহয় মাছৰ বল পানীত, চেপাৰ বল ঘানিত৷’’

দলটোত থকা আটাইকেইজনী তিৰোতাই মাছটোৰ ওপৰত উবুৰি খাই পৰিল৷ সকলোৰে সহযোগত মাছটো ধৰি পাৰলৈ অনা হ’ল– এটা চাৰি সেৰমান ওজনৰ বৰালি মাছ৷ মনদৈয়ে দলটোৰ তিৰোতাকেইজনীক ক’লে– ‘‘এই মাছটো হকলোৱে ভগাই ল’ম দেই৷’’

‘‘অ অ ভগাই ল’বা লাগিব৷’’– তিৰোতাকেইজনীয়ে মাত দিলে৷ ‘‘কাঅণ হকলোৱে লাগা বাবেহে মাছটো ধঈবা পাঈলং৷’’

বিলখনৰ আন এফালে গাভৰুবোৰে জাকৈ মাৰিছে৷ সেই জাকৈয়া গাভৰুবোৰৰ ফালে তেমেকা আৰু কেৰ্পায়ে পল মাৰি মাৰি গৈ থাকিল৷ গাভৰুবোৰৰ মাজত ফুটুকীও আছে৷ সি সেইফালে আগ বাঢ়ি গৈ থকা দেখি মনদৈয়ে কাষত থকা তিৰোতাকেইজনীক ক’লে– ‘‘এই তেমেকা’ মন মই ধঈবা পাঈছং৷”

লগে লগে তিৰোতাকেইজনীৰ প্ৰশ্নবোধক চাৱনি মনদৈৰ ওপৰত পৰিল৷ মনদৈয়ে পুনৰ মাত দিলে– ‘‘এই তেমেকাই ফুটুকীক মন খায়৷ দেখিছ না হি পলৌ মাঈ মাঈ কেনেকে ফুটুকী’ কাষ চাপি গৈছে?’’

‘‘অ কথাটো ময়ো মন কঈ আছং৷’’– এজনী তিৰোতাই মনদৈৰ কথাক সমৰ্থন কৰিলে৷ ‘‘হিন্ত কিছুমান কথা আমা’ কাণতো পঈছে৷’’

মনদৈহঁত পুনৰ মাছ ধৰিবলৈ বিলত নামিল৷ সিহঁতৰ দৃষ্টি মাজে মাজে তেমেকা আৰু ফুটুকীৰ ফালে গৈ থাকিল৷

কেৰ্পায়েও তেমেকাৰ পিছে পিছে পল মাৰি আগ বাঢ়ি গ’ল৷ সিও পলৰে এটা শ’লমাছ ধৰিছে৷ তেমেকাই বিলৰ পাৰত উঠি ফুটুকী জাকৈ মাৰি থকা ফালে খোজ ল’লে৷ কেৰ্পায়ে আনফালে ঘূৰি পল মাৰি থাকিল৷

তেমেকা ফুটুকীৰ কাষত হাজিৰ হ’ল৷ তাক দেখিয়েই বতাহীয়ে মাত দিলে– ‘‘অ আধাক দেখি কৃষ্ণ ঐ থাকিব নোৱআ হ’ল হ’বলা? একেবাএ কাখ পালেহি৷’’

বতাহীৰ ইংগিতপূৰ্ণ কথা শুনাৰ লগে লগে গাভৰুজাকে গিৰ্জনি মাৰি হাঁহি তেমেকা আৰু ফুটুকীলৈ চালে৷আজিকালি ডেকা-গাভৰুবোৰে তেমেকাক ফুটুকীৰ লগত যোৰা দি জোকাই থাকে৷ উৎসৱ-পাৰ্বণবোৰত সিহঁত দুটা প্ৰায়ে লগ হৈ কথা পাতি থাকে, যোৰ পাতে৷ সিহঁত দুটাৰ ধৰণ-কৰণ দেখিয়েই ইজনে সিজনক ভাল পায় বুলি মানুহবোৰে ধৰিব পাৰিছে বুলি তাৰ অনুমান হয়৷সেইবাবেই সিহঁতক যোৰা দি জোকায়৷কিন্তু তেমেকাই আজিলৈকে ফুটুকীক মনৰ কথা ক’ব পৰা নাই৷ তথাপি সি বুজিছে ফুটুকীয়েও তাক ভাল পায়৷

তেমেকাই ফুটুকীৰ কাষলৈ গৈ তাইৰ কঁকালত থকা খালৈটোলৈ ভুমুকিয়াই চালে– খালৈটোৰ আধালৈকে মাছ ভৰিছে৷ মাছবোৰ পুঠি, খলিহনা, গেদগেদী, কাৱৈ, গৰৈ আদি৷ তেমেকাই মাত দিলে– ‘‘ত’ খালৈ ভঈবই দেখোন!”

‘‘ঘঅলৈ ঘূঈবলৈ হময় হোৱা নাই৷ যাবা পঅলৈ ভঈব যেন পাইছং৷ তই কি পাইছ?’’

‘‘মই হ’ল এটা পাইছং৷ আউ¸ অলপ হময় পলৌ বাম৷ কিবা পাং নাকি চাংচোন৷’’

‘‘পাবি যা৷ পলৌ মাঅগৈ৷’’

‘‘অ তই জাকৈ বাই থাক৷’’

তেমেকাই ঘূৰি আহি পুনৰ বিলত নামি পল বাবলৈ ধৰিলে৷ পল বাই থকা কেৰ্পায়ে এটা বৰালিও ধৰিছে৷ সি পল বাই বাই কেৰ্পাই থকা ফালে আগ বাঢ়ি গৈ থাকিল৷ হঠাতে তাৰ পলত কিবা এটা মাছ পাৰিলত সি পলটো হেঁচা মাৰি ধৰি পলৰ ভিতৰত হাত সুমুৱালে৷ মাছটো চুই সি ধৰিব পাৰিলে এইটো এটা মজলীয়া আকাৰৰ শ’লমাছ৷ সি মাছটো ধৰি আনি লানিত সিয়াই লৈ পুনৰ পল বাই বাই আগ বাঢ়িল৷

এজন ধুতী-পাঞ্জাৱী পিন্ধা মানুহৰ লগত কেইবাজনো মানুহ বিলখনৰ ফালে আহি থকা তেমেকাৰ চকুত পৰিল৷ সি পল বাবলৈ এৰি মানুহকেইজনলৈ অলপ সময় চাই ৰ’ল৷ ধুতী-পাঞ্জাৱী পিন্ধা মানুহজনৰ লগত অহা মানুহকেইজনৰ হাতত আছে বাঁহৰ লাঠী৷ মানুহকেইজন আহি আহি বিলৰ পাৰ পালে৷ লাখুটি লৈ অহা মানুহকেইজনৰ ভিতৰত এজনে মাছ মাৰি থকা মানুহবোৰলৈ চাই চিঞৰি উঠিল– ‘‘ৰাইজ, আপোনালোকে ইয়াত মাছ নামাৰিব৷ বিলৰ পৰা উঠি আহক, উঠি আহক৷ এইখন বিল ডাকত লোৱা হৈছে৷ এই বিলখনত আপোনালোকে মাছ মাৰিব নোৱাৰে৷ উঠি আহক, উঠি আহক৷ ৰাইজ, শুনিছে নে নাই? উঠি আহক৷’’

মানুহজনৰ কথা শুনি মাছ মাৰি থকা মানুহবোৰে কি হৈছে ধৰিব নোৱাৰি পাৰলৈ উঠি মানুহকেইজনৰ ওচৰলৈ যাবলৈ ধৰিলে৷ তেমেকা আৰু কেৰ্পায়ো মানুহকেইজনৰ কাষত হাজিৰ হ’ল৷ তেমেকাই চিঞৰি কথা কোৱা মানুহজনক সুধিলে– ‘‘কি হ’ল? কি কৈ আছিলি?’’

‘‘আপোনালোকে এইখন বিলত মাছ মাৰিব নোৱাৰিব৷’’– ধুতী-পাঞ্জাৱী পিন্ধা মানুহজনে এইবাৰ মাত দিলে– ‘‘এইখনকে ধৰি আৰু দুখন বিল মই ডাকত লৈছোঁ৷ মই চৰকাৰক ডাকত টকা দি এই বিল লৈছোঁ৷ এই বিলত মাছ-কাছকে ধৰি যিবোৰ বস্তু থাকিব সেইবোৰ এতিয়া মোৰ৷ আপোনালোকে ইয়াত মাছ মাৰিব নোৱাৰে৷’’

‘‘কিয়া নোৱাঈম?’’– বতাবাৰীৰ নগেনে প্ৰতিবাদ কৰি উঠিল৷‘‘আমি ইমান দিনে এই বিলত মাছ মাঈ খাইছং৷ আজিলৈকে কোনেও একো কোৱা নাছিল৷ তই আজি আমাক মাছ নামাঈবলৈ কৈছ কেলেই? তই ক’লেই নহ’ব নহয়৷ আমি ডাক-চাক বুজি নাপাং৷ এই বিল কি ত’ বাপেএ খান্দি থৈছিল? এতিয়া তই মালিক হ’বলৈ আহিছ?’’

‘‘মালিক মানে চৰকাৰে মোক দিছে৷ মই আগতীয়াকৈ চৰকাৰক টকা দি লৈছোঁ৷ গতিকে আপোনালোকে ইয়াত মাছ নামাৰিব৷’’

‘‘কি নামাঈম? মাঈম৷ আমি ইয়াত দস্তুমত মাছ মাঈম৷ কি কঈবি?’’– নগেনে কথাখিনি কৈ মানুহজনলৈ খঙেৰে চাই ৰ’ল৷

‘‘আপোনালোকে কথাটো বুজা নাই কেলেই?’’– মানুহজনে বুজনিৰ সুৰত ক’লে৷ ‘‘আপোনালোক ইমান আঁকোৰ-গোজ হ’লে মই চৰকাৰৰ সহায় ল’ব লাগিব৷ চৰকাৰে তেতিয়া চিপাহী আনি আপোনালোকক ধৰি নি জেলত থব৷ তেতিয়া কিন্তু মোক দায়-জগৰ নধৰিব৷’’

চৰকাৰ আৰু চিপাহীৰ কথা ওলোৱাত নগেন অলপ পিছ-হুঁহকি গ’ল৷

‘‘তইনো কেলেই ডাকত ল’বা লাগে?’’– এইবাৰ তেমেকাই মাত দিলে৷

‘‘চৰকাৰে নিয়ম কৰিছে বাবে ডাকত লৈছোঁ৷’’

‘‘চঅকাএ নিয়ম কঈছে বুলিয়েই এতিয়া আমা মুখ’ ভাতো কাঢ়ি নিবি নাকি? আমা’ পূব’পুউখে হৌ পুঅণি কালএ পআ ইয়াত মাছ মাঈ খাইছে৷ আমিও খাইছং৷ এতিয়া আক’ মালিক ওলাইছহি৷’’

‘‘দে অ’ এইটোক মেখেলাএ কোবাং৷”– মনদৈৰ মাত শুনা গ’ল৷ ‘‘গম পোৱা নাই, মুখতে ঝঅঝআই এঈ দিম৷’’

‘‘আমি কি ইয়াত মাছ মাঈব নোৱাঈম?’’– তেমেকাই মানুহজনক পুনৰ সুধিলে৷

‘‘বাৰিষা মাৰিলে মাৰিব পাৰে৷’’

‘‘বাঈখা এই বিলখন হাগ’ হেন হৈ থাকে৷ বিলখন ন’লায়েই৷ মাছ কেনেকৈ মাঈম?”

‘‘কেনেকৈ মাৰে সেইটো আপোনালোকৰ কথা৷ কিন্তু আঘোণ মাহৰ পৰা নোৱাৰিব৷ অৱশ্যে আঘোণৰ পাছতো পাৰিব৷ কিন্তু তাৰ বাবদ মোক পইচা দিব লাগিব৷ এদিন মাছ মাৰিবৰ বাবে কিমান পইচা দিব লাগিব মই ঠিক কৰি দিম৷’’

‘‘ইহ্‌ এতিয়া আমি পইচা দিহে বিলত মাছ মাঈ খাবা লাগিব?’’– মনদৈ দাউদাউকৈ আগুৱাই আহিল৷ ‘‘চাং বোপাইটো মুখখন? এইখন মেখেলা দেখিছ? এতিয়াই খুলি লৈ চৌওপ চৌওপকে লগাই দিছং অ৷’’

মনদৈ মেখেলা খুলিবলৈ উদ্যত হ’ল৷

‘‘এই আবু, এই আবু৷’’– কেৰ্পায়ে আগুৱাই আহি মনদৈক ধৰিলে৷ ‘‘অ অ আবু, কি কঅ, কি কঅ!’’

মেখেলা খুলিবলৈ উদ্যত হোৱা আবুৱেক মনদৈক কেৰ্পায়ে যেনেতেনে ধৰি ৰাখিলে৷ গতি বিষম দেখি মানুহজনে হাত যোৰ কৰি বৰ নম্ৰ স্বৰেৰে ক’লে– ‘‘মই আপোনালোকক অনুৰোধ কৰিছোঁ৷ আজি মাছ মাৰিবলৈ আহিল যেতিয়া, আজি মাৰক৷ পিছলৈ নাহিব৷ ইয়াৰ মাছ বিক্ৰী কৰি মই চৰকাৰক দিয়া পইচাকেইটা উলিয়াব লাগিব৷ নহ’লে মোৰ গোটেই পইচা পানীত পৰিব৷ আপোনালোকৰ লগত কাজিয়া কৰিবলৈ মোৰ মন নাই৷ বাৰু আজি মাৰক৷ পাছলৈ নামাৰিব৷ এতিয়া আহোঁ৷’’

মানুহজনে সেৱা জনাই উলটি খোজ ল’লে৷ তাৰ পিছে পিছে তাৰ লগৰীয়াকেইজন যাবলৈ ধৰিলে৷ মানুহকেইজন কিছু দূৰলৈ আঁতৰি যোৱাৰ পাছতে মনদৈয়ে মাত দিলে– ‘‘ইন্তে ক’পআ বিল’ মালিক ওলালহি অ! আজোককা দিন’ পআ এই বিলত মাছ মাঈ খাই বুঢ়ী হ’লং৷ মালিক দেখা পোৱা নাছিলং৷ এতিয়া ভুটুংকৈ মালিক ওলাইছেহি৷’’

‘‘এইকেইজন নগাঙ’ ফাল’ মানুহ হ’ব৷ হিন্ত কথাতে ধঈবা পাঈ৷”

 ‘‘যএই মানুহ নহক৷ এনেদএ বিল’ মালিক হ’বা আহিবা নালাগে নহয়৷’’

‘‘আবু৷’’– তেমেকাই মনদৈক বুজাবলৈ চেষ্টা কৰিলে৷‘‘এইবো চব কাম বগা বঙালবোঅ’ কাঅনে হৈছে৷ হিন্তেই বেত’ মহল, কানি মহল, বিল’ মহল কঈছে৷ আউ যে কি নকঈব হিন্তে? মাটি খাজনা কেতিয়াবাতে বহালে৷ এতিয়া বাঈ তামোল-পাণতো ক’ লগাব হেনো৷ মুঠতে আমাক হুহি খোৱা কামত বগা বঙালবোএ লাগি গৈছে৷’’

‘‘এহ্‌ বগা বঙালবোএ এনেকুৱা কাম কঈলে নহ’ব৷’’– মনদৈৰ মাতত অসন্তুষ্টি৷ ‘‘হিন্তে আমাক মাঈব খুজিলে আমিও মাঈম৷ গম পোৱা নাই৷ আমা গাঙলৈ চিপাহী আহিলে মেখেলা আউ বুতি বাঢ়নীএ কোবাই গাত দেও নোহোৱা কঈম৷’’

‘‘হ’ব আবু, হ’ব৷ এইবো বহুত কথা৷ মহলদাএ কৈ গ’ল আজি আমি মাছ মাঈবা পাঈম বুলি৷ গতিকে চব কথা বাদ, এতিয়া আক’ বিলত নাম৷ যিমান পাঅ মাছ ধ’৷’’

তেমেকাৰ কথা শুনি সকলোৱে পুনৰ বিলত নামিল৷

পুহ মাহ৷ আবেলি হ’ল৷ বিলত মাছ মাৰি থকাটো অসম্ভৱ হৈ আহিছে৷ তেমেকাই পলত এটা বৰালি মাছো পাইছে৷ সি ‘আজিলৈ হৈ গ’ল’ ধৰণৰ মনোভাব এটা লৈ পাৰলৈ উঠিল আৰু তাতে শুকান জাবৰ-জোথৰ, ইকৰা-বিৰিণা গোটাই জুই ধৰিলে৷ সি জুইকুৰা ধৰা দেখি কেৰ্পাইৰ লগতে দেওৰামো বিলৰ পৰা উঠি জুইৰ কাষলৈ আহিল৷

অলপ পাছত বিলখনৰ পাৰত কেইবাকুৰা জুই দেখা গ’ল৷ বিলৰ পৰা মানুহবোৰ উঠি জুই পুৱাবলৈ লাগি গৈছে৷ ফুটুকী আৰু বতাহী তেমেকাই জ্বলোৱা জুইকুৰাৰ ওচৰলৈ আহি তাপ ল’বলৈ ধৰা দেখি তেমেকাই ফুটুকীৰ কাষলৈ গৈ তাইৰ খালৈটোলৈ ভুমুকিয়াই চালে– মাছ খালৈটোৰ ডিঙিলৈকে ভৰিছে৷ সি বতাহীৰ খালৈটোকো চাই দেখিলে তায়ো ফুটুকীৰ সমানেই মাছ পাইছে৷

বিলত পৰি থাকোঁতে গাত যি তীব্ৰ জাৰ লাগিছিল সেয়া এতিয়া তেমেকাৰ গাৰ পৰা আঁতৰি গৈছে৷ তাৰ লগত জুই পুৱাই থকা বাকীকেইজনৰো জাৰ আঁতৰি যোৱা বুলি তেমেকাই অনুমান কৰি ক’লে–‘‘এতিয়া গৈ থাকাই ভাল নাকি? ব’ল গৈ থাকং৷’’

‘‘অ ব’ল৷’’– দেউৰামে টপৰাই মাত দিলে৷ ‘‘ম’ ব’ ভোক লাগিছে৷ আতিপুৱা খাই অহা ভাত পেটত এটাও নাই যেন পাইছং৷’’

‘‘ব’ল ব’ল৷ গৈ থাকং৷’’– ফুটুকী আৰু বতাহীয়ে একেলগে মাত দিলে৷

তেমেকাহঁতৰ ঘৰমুৱা যাত্ৰা আৰম্ভ হ’ল৷সিহঁতৰ লগত লগ লাগিল গাঁৱৰ আন গাভৰুবোৰো৷বিলখনৰ পৰা কিছু দূৰ অহাৰ পাছতে সিহঁত এটা লুংলুঙীয়া বাটেৰে লানি লাগি যাবলৈ ধৰিলে৷সকলোৰে শেষত যাবলৈ লৈছে ফুটুকী আৰু তেমেকা৷ দুয়ো কথা পাতি পাতি গৈ থাকিল৷বাকীবোৰ সিহঁততকৈ ভালেখিনি আগ বাঢ়ি গৈছে৷এবাৰত ফুটুকীয়ে তেমেকাক সুধিলে– ‘‘এইখন বিলত চাগে’ আমি আউ মাছ মাঈবলৈ নাপাম৷আজিয়েই হেখ¸ দিন৷’’

‘‘ইয়াত মাছ মাঈবলৈ নাহাই ভাল৷ মাছ মাঈবলৈ আহি জঞ্জালত পঈব লাগা হ’ব পাৰে৷ ডাক নোহোৱা বেলেগ বিলতহে মাছ মাঈবা যোৱা উচিত৷ চঅকাএ ব’ বেয়া কাম কঈছে৷ সকলোবো’ বিলেই মহলদাবোএ লৈ ল’লে আমি মাছ মাঈ খাবা বিলেই নাথাকিবগৈ৷’’

‘‘হয় দেই, কথাটো ব বেয়া হৈছে৷ পিছে, তই যে ম’ক কথা এটা ক’ম বুলি কৈছিলি৷ ক’চোন৷’’

‘‘কি কথা? হেইদিনা পাছত ক’ম বুলি কোৱা কথাটো নাকি? আজি নকং দে৷’’

‘‘ক ক৷ তই ক’ম বুলি কোৱা দিনাএ পআ ম’ মনটোত এই কথাটো আহি আছে৷ মই হান্তি পোৱা নাই৷ ক ক৷’’

তেমেকাই মৌন হৈ ভাবিলে– কথাটো ক’বলৈ তাৰ মনত সংকোচ উপজিছে৷ কিন্তু কথাটো নক’লেও নহ’ব৷ সি মৰসাহ কৰি ক’বই লাগিব৷ সি মনলৈ সাহস আনি ক’লে– ‘‘ফুটুকী, এইবা’ ত’ক ম’ ঘঅত হুমুৱাম বুলি ভাবিছং৷ তই মানিবি না?’’

তেমেকাৰ আগে আগে গৈ থকা ফুটুকীয়ে একো নকৈ মনে মনে গৈ থাকিল৷ তেমেকাই পুনৰ সুধিলে– ‘‘তই মানিবি না ফুটুকী?’’

এইবাৰো ফুটুকীয়ে একো মাত নিদি গৈহে থাকিল৷ তেমেকাই তাইক ধৰি তাৰ ফালে ঘূৰাই তাইৰ মুখখনলৈ চালে৷ তাই তলমূৰ কৰি আছে৷ তেমেকাই সুধিলে– ‘‘ম’লৈ তঅ মন আছে না?’’

ফুটুকীয়ে মূৰ দুপিয়াই সন্মতি প্ৰকাশ কৰিলে৷ লগে লগে তেমেকাৰ মনটো বিমল আনন্দৰে ভৰি পৰিল৷ ফুটুকীয়ে তলমূৰ কৰিয়েই মাত দিলে– ‘‘কিন্তু বিয়া পাতি নিলে ভাল পাম৷ নহ’লে আই-পিতায়ে মনত দুখ পাব৷ মই ঘঅ’ একমাত্ৰ হন্তান৷’’

‘‘হ’ব তেন্তে, বিয়া পাতি আনিম৷ চিন্তা নকঈবি৷ এতিয়া ম’ মুখলৈ চা৷’’

তেমেকাই ফুটুকীৰ থুঁতৰিত ধৰি মুখখন ওপৰলৈ উঠালে৷ তাই তেমেকাৰ মুখলৈ চাই আনন্দৰ হাঁহি এটা মাৰি চাটকৈ ঘূৰিল আৰু তেমেকাৰ আগে আগে যাবলৈ ধৰিলে৷

তেমেকাৰ মনটো আনন্দত নাচি উঠিল৷ সি যাক প্ৰাণভৰি  ভাল পায় তায়ো তাক ভাল পায়৷ ইয়াতকৈ আৰু কিবা আনন্দৰ কথা থাকিব পাৰে নে? তাৰ গা-মনত এক অনিৰ্বচনীয় পুলকে ঢৌ খেলিবলৈ ধৰিলে৷ চাৰিওফালৰ জগতখন তাৰ দৃষ্টিত অনিন্দ্যসুন্দৰ হৈ ভাহি ফুৰিবলৈ ধৰিলে– ফৰকাল আকাশখনৰ মাজে মাজে থকা শুকুলা মেঘবোৰ, আকাশেদি উৰি যোৱা চৰাইবোৰ, আকাশৰ নীলা ৰংটো, আনকি আবেলিৰ শেঁতা পৰা বেলিটোকো সি সুন্দৰ দেখিলে৷ আগৰে পৰাই তাৰ মনৰ পৰ্দাত ফুটুকীৰ মুখখন ভাহি থাকে৷ তাইৰ কথা মনলৈ আহিলেই আকাশ-বতাহ, গছ-বন সকলোতে সি তাইৰ ছবিখন ভাহি উঠা দেখা পায়৷ কিয় এনে হয়? এয়েই নিশ্চয় প্ৰেম৷ এক অনিৰ্বচনীয় আনন্দৰ আৱেশত আজি তাৰ ভৰি মাটিত নপৰা হৈছে৷ সি যেন ফুটুকীৰ পিছে পিছে উৰিহে গৈ আছে৷ হয়, উৰি গৈ থকা যেনেই লাগিছে তাৰ৷ হয়, সি উৰি গৈ আছে৷

‘‘তেমেকা কাকা, গৈ থাক৷ মই ঘ’ পালং৷’’

ভাবত বিভোৰ হৈ থাকোঁতে কোন সময়ত গাঁৱত উপস্থিত হ’ল গমেই পোৱা নাছিল তেমেকাই৷ সি টোপনিৰ পৰা খকমককৈ সাৰ পোৱাৰ দৰে বাস্তৱলৈ আহি মাত দিলে– ‘‘অ, অচোন৷ আজি ত’ পআ কথাটো জানি ব’ ভাল পালং৷ হ’ব, ত’ কথা মতেই বিয়া পাতি আনিম৷ এতিয়া গৈ থাক৷’’

ফুটুকী নিজৰ ঘৰলৈ বুলি যাবলৈ ধৰিলে৷ তেমেকাই বাটতে ৰৈ তাই যোৱাৰ ফালে কিছু সময় চাই ৰ’ল৷

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ