অন্যযুগ/


কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এটি প্ৰস্তাৱনা

° মৃদুল শৰ্মা

কবিতাৰ আলোচনাত প্ৰায়ে কবিৰ আসক্তি, নিৰাসক্তি, বিনয়, অহংবোধ আদি শব্দই বুজোৱা মানৱীয় গুণ কিছুমানৰ উল্লেখ ঘটে৷ ইয়াৰ অন্তৰ্নিহিত কাৰণ স্পষ্ট: কবিয়ে যিহেতু মানুহৰ কথাকে লিখে আৰু তেওঁ লিখা ‘মানুহৰ কথাখিনি’ অভিজ্ঞতাৰ আধাৰত তেৱেঁই নিৰ্মাণ কৰি লয়, গতিকে তাত তেওঁৰ মনৰ বিভিন্ন বিশেষত্বৰ প্ৰকাশ ঘটাত একো অস্বাভাৱিকতা নাই৷ কিন্তু আধুনিক মানুহবোৰ প্ৰায়েই যান্ত্ৰিক, অসামাজিক, ব্যক্তিগত জীৱনটোকে লৈ ব্যস্ত বুলি আলোচিত হয়৷ যদি এই কথাষাৰ সঁচাই তেন্তে আমিনো কবি এজনে লিখা তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ বৰ্ণনা কিয় পঢ়িম? আৰু পাঠক এজন হিচাপে মই যদি নিজকে লৈ ব্যস্ত হৈ থাকি ভাল পাম, তেন্তে কবি এজনেনো নিজকে কেন্দ্ৰবিন্দুত ৰাখি নিজৰ ভাব-অভিজ্ঞতাৰে এখন কাব্যজগত নিৰ্মাণ কৰিব নোৱাৰিব কিয়?

কাব্যতত্ত্ব আৰু কবিতাৰ ৰচনা তথা অনুশীলন উভয়তে যোৱাটো শতিকাৰ সম্ভৱতঃ বিশ্বৰে সৰ্বাধিক চৰ্চিত ব্যক্তি টি. এছ. এলিয়টে তেওঁৰ ১৯১৯ চনত প্ৰকাশিত ৰচনা Tradition and Individual Talent-ত লিখিছিল, ... the poet has,not a ‘personality’ to express, but a particular medium, which is only a medium and not a personality, in which impressions and experiences combine in peculiar and unexpected ways.(T. S. Eliot, Selected Essays,  Faber and Faber, 1999, Pp. 19-20) তেওঁ লগতে লিখিছিল,  The poet’s mind is in fact a receptacle for seizing and storing up numberless feelings, phrases, images, which remain there until all the particles which can unite to form a new compound are present together. (Selected Essays, T. S. Eliot, Faber and Faber, 1999, Pp. 19) কবিমনটো এটা ধাৰক পাত্ৰহে, যি সঞ্চয় কৰ বিচিত্ৰ তথ্য, বস্তু, আৱেগ, চিত্ৰ আদিৰ যোগেদি এটা যৌগিক উৎপাদন হিচাপে কবিতা এটা সৃষ্টি কৰা হয়৷ এই কথাষাৰ জাঁ প’ল ছাতেও কিছু বেলেগ ধৰণে কৈ গৈছে৷ তেওঁৰ ভাষাত, The writer consumes and does not produce, even if he has decided to serve the community's interests with his pen (For whom does one write? Jean-Paul Sartre, What is Literature, Routledge, 2001, P. 61) এনে মতবোৰৰ বিৰোধ কৰিব পৰাকৈ আমাৰ হাতত একো যুক্তি নাই৷ গতিকে কবিতাত কবি এজনৰ ব্যক্তিত্ব বুলি কিবা প্ৰকাশ হ’ব লাগে বুলি ভাবিব পৰা নাযায়৷

এনে অৱস্থাত আমাৰ মনলৈ আহে নীলমণি ফুকনৰ নিৰ্বাচিত কবিতাৰ সংকলন সাগৰতলিৰ শংখ (সম্পা. হীৰেন গোহাঁই, লয়াৰ্ছ, ১৯৯৭, পৃ. ix)-ৰ পাতনিৰ পঞ্চম অনুচ্ছেদত ডক্টৰ হীৰেন গোহাঁয়ে লিখা কিছু কথাই আমাৰ নিজা চিন্তাশক্তি সম্পৰ্কে সন্দিহান কৰি তোলে৷ কাৰণ ডক্টৰ গোহাঁইক আমি আমাৰ পথপ্ৰদৰ্শক বুলি ধৰি লৈছোঁ৷ গোহাঁয়ে লিখিছিল, ‘‘ৱাৰ্ড্‌ছৱাৰ্থৰ দৰেই তেওঁৰ (নীলমণি ফুকনৰ) প্ৰতিভাৰ কিছু সীমাৱদ্ধতা আছে৷ তেওঁৰ কাব্যৰ বৈচিত্ৰ্যৰ মাজত হাস্যৰস বা তীব্ৰ পৰিহাস নাই, নাই কোনো শিশুসুলভ চপল আনন্দ৷ নাই চিন্তাৰ সাৱলীল কছৰৎ৷ মানৱ চৰিত্ৰৰ অন্তহীন বৈচিত্ৰ্য আৰু বিসঙ্গতিৰ প্ৰতি তেওঁৰ ৰুচি নাই৷ শ্লেষ, কটাক্ষ, অদ্ভুত ৰসত তেওঁ অভ্যস্ত নহয়৷ কোনো বিশেষ শিশু বা যুৱকে তেওঁৰ কাব্যত ভুমুকি নামাৰে— তেওঁৰ কাব্যত পদক্ষেপ কৰে, শৈশৱে আৰু যৌৱনে, বাৰ্ধক্যই, মৃত্যু আৰু জন্মই, অনাদি কালৰ নৰ আৰু নাৰীয়ে৷ চৰিত্ৰৰ নাটকীয় মানসিক অন্তদ্বৰ্ন্দ্ব বা সংঘাত তেওঁৰ কাব্যত দুৰ্লভ৷’’ 

এই কথাখিনিতে নিৰাসক্তি আৰু আত্মময়তাৰ কথা লুকাই আছে৷

কবি এজনে কবিতাৰ মাজত নিজৰ ব্যক্তিত্বক কিমানলৈ সক্ৰিয় কৰি ৰাখিব লাগে? এই প্ৰশ্ন চিৰন্তন আৰু উত্তৰবিহীন৷ সাহিত্যৰ বাকীবোৰ ৰূপৰ দৰেই ভাল কবিতা বা বেয়া কবিতাৰো কোনো বিশেষ লক্ষণ নাই— আটাইবোৰ অনুভৱযোগ্য কথা৷ একেদৰেই কবিৰ ব্যক্তিত্বৰ পোনপটীয়া প্ৰকাশৰ এটা বিশেষ পৰিধি থকা উচিত বুলি কিছুমান আলোচকে দাবী কৰি আহিছে৷ তেনে আলোচকৰ ভিতৰত এলিয়টেই উপৰি উক্ত ৰচনাখনত গভীৰ আৰু বিস্তৃত বিশ্লেষণৰ যোগেদি প্ৰসঙ্গটোক বিশেষ মাত্ৰালৈ উত্তীৰ্ণ কৰিছিল৷ তেওঁ লিখিছিল, Poetry is not turning loose of emotion, but an escape from emotion; it is not the expression of personality, but an escape from personality. এইবুলি কৈ তেওঁ লিখিছে যে ব্যক্তিত্ব আৰু আৱেগ সম্পৰ্কে স্পষ্ট ধাৰণা গঢ়ি ল’ব নোৱাৰিলে কোনো কবিয়েই সি‍হঁতৰ উপদ্ৰৱৰ পৰা হাত সাৰিব নোৱাৰে৷ এটা কথা আমিও বিশ্বাস কৰোঁ যে ব্যক্তিত্ব কাক কয় সেইটো নজনাকৈ নৈৰ্ব্যক্তিকতা প্ৰকাশ কৰিব নোৱাৰি৷ আমাৰ অনুভৱত কবিজন যিহেতু এজন তেজ-মঙহেৰে সৃষ্ট জীৱিত ‘মানুহ’, সেয়ে তেওঁ প্ৰাকৃতিক প্ৰবৃত্তিবোৰৰ পৰা মুক্ত নহয়৷ কিন্তু সাহিত্য যিহেতু কলা আৰু কলাক যিহেতু ৰাজহুৱা মঞ্চ বুলি গ্ৰহণ কৰাৰ এটা পৰম্পৰা আছে, সেয়েহে কবিজনৰ ব্যক্তিগত প্ৰবৃত্তিৰ প্ৰকোপ সীমাৰ বাহিৰলৈ গ’লে সেই সাহিত্যই মানুহৰ মৰ্মস্থলত প্ৰৱেশ কৰিবলৈ সক্ষম নহয়৷ অৰ্থাৎ কবিৰ দৰেই পাঠকো মানুহ যি নিজক গুৰুত্ব দিয়ে৷ কবিজনেও যদি অকল নিজকহে গুৰুত্ব দি থাকে, পাঠকজনে সহ্য কৰিব কিয়? এনেয়ে কবিজনৰ কথা আমি শুনিছোঁ বা পঢ়িছোঁ— ইয়াতে আমি প্ৰথম তেওঁক সহ্য কৰিবলৈ আৰম্ভ কৰিলোঁৱেই৷ তাৰ পাছতো আমি তেওঁৰ ব্যক্তিগত অহং ভাবৰ প্ৰকাশকে দেখি থাকিবলৈ হ’লে নিশ্চিতভাৱে বিতুষ্ট হ’ব পাৰোঁ৷

এইখিনিতে আন এটা প্ৰশ্ন— মানুহ হিচাপে, নিজৰ সীমাৱদ্ধতাৰে কবিজনেতো নিজৰ অভিজ্ঞতা বা চিন্তাৰ কথাকে লিখিব লাগিব৷ নিজক এৰি তেওঁ আন ক’ত কবিতা বিচাৰি ফুৰিবগৈ? এই প্ৰশ্নৰ উত্তৰো এলিয়টে ৰচনাখনৰ মাজতে দি গৈছে এইবুলি— No poet, no artist of any art, has his complete meaning alone. অৰ্থাৎ কোনোবা কবিয়ে তেওঁ লিখা কবিতাৰ মাজত নিজকে প্ৰকাশ কৰা বুলি ভাবিলেও প্ৰকৃততে তেনে ভাব অনাহক অহং ভাবহে৷ বিচিত্ৰ জাগতিক বস্তুপুঞ্জৰ মাজৰ এটি ক্ষুদ্ৰ অংশহে কবিজন যি জগত-প্ৰপঞ্চক বাদ দি এটা প্ৰকাণ্ড শূন্যৰ বাহিৰে একো নহয়৷ গতিকে নিজকে প্ৰকাশ কৰিবলৈ মনৰ ভিতৰত অনুভৱ কৰা তাড়না বা আসক্তিয়েই কবিৰ ব্যক্তিত্ব নিয়ন্ত্ৰণৰো উপায়৷ অভিজ্ঞতাৰ যোগেদি কবিতাৰ ভাব আহৰণ কৰা, সেই ভাব প্ৰকাশৰ বাবে উপযুক্ত বিষয়ৰ অনুসন্ধান কৰাৰ মাজত কবিজনৰ ব্যক্তিগত তাড়না থাকিবই— তাত সন্দেহ নাই৷ কিন্তু সেই ভাবক বিষয়ৰ যোগেদি পগাই উঠি তাৰ ভাষিক ৰূপ দিবলৈ যাওঁতে কবিজন নিৰাসক্ত হ’বলৈ যত্ন কৰিবই লাগিব৷ অন্যথা তেওঁৰ অভিজ্ঞতাবোৰ কেৱল তেওঁৰে হৈ থাকিব— আন মানুহৰ বাবে তাত কোনো আৱেদন ফুটি নুঠিব৷ ৰচনাখনৰ অন্তিম অংশত কবি এজনে আহৰণ কৰিবলগীয়া নিৰাসক্তিৰ উপায়ো তেওঁ দেখুৱাইছে— and the poet cannot reach this impersonality without surrendering himself wholly to the work to be done. এই কবিজনৰ work to be done মানেই সৃষ্টি কৰিবলগীয়া কবিতাটো৷ 

এই যে কবিজনে নিজকে কৰা surrendering-অৰ কথা কোৱা হ’ল সি কেনেকৈ প্ৰকাশভঙ্গীলৈ নিৰাসক্তি আনিব পাৰে যাৰ যোগেদি কবিজনৰ ব্যক্তিত্ব সংযত আৰু সংহত হয়? উদাহৰণস্বৰূপে আমি কবি নীলমণি ফুকনৰ কবিতাৰ এটা সৰু অংশত চকু ফুৰাব পাৰোঁ৷ তেওঁ ‘কবিতা’ সংকলনৰ এটা কবিতাত লিখিছিল—

কথাটো বৰ সাংঘাতিক

নিজৰ চকুদুটা নিজে কাঢ়ি

হাতত লৈ ফুৰাৰ দৰে

বৰ সাধাৰণ

পাৰ এজোৰ পোহাৰ দৰে

কবিতাটোৰ সমগ্ৰতালৈ মন কৰিলে দেখা যায় যে তাত মানুহেই সৃষ্টি কৰা সন্ত্ৰাসৰ ফলত বিপন্ন মানৱতাৰ বিভিন্ন চিত্ৰ ফুটি উঠিছে৷ উদ্ধৃত অংশটোৰ যোগেদি কবিয়ে ক’ব বিচাৰিছে যে অঘটনবোৰকে মানুহে সহ্য কৰি কৰি লাহে লাহে ‘সাধাৰণ’ ঘটনা বুলি ধৰি ল’ব পৰা শক্তি আহৰণ কৰিছে৷ এই যে ‘শক্তি’ৰ কথা ক’লোঁ, ই অমানুষিকতাৰ উৎপাদন৷ দেখা গৈছে, সমাজৰ বিভিন্ন প্ৰকাৰৰ অপশক্তিক সমালোচনা কৰিবৰ বেলিকা কবিয়ে ইয়াত কোনো উদাত্ত ভাষাভঙ্গী প্ৰয়োগ কৰা নাই, নাই কোনো তীব্ৰ কটাক্ষ প্ৰকাশক শব্দ বা বাক্যাংশ৷ কিন্তু কবিতাটোৰ পৰৱৰ্তী অংশৰ দুঠাইত তেওঁ উপৰি উক্ত ধৰণৰ বৰ্ণনাৰ পুনৰাবৃত্তি ঘটাইছে ইচ্চাকৃতভাৱে৷ এঠাইত কৈছে, ‘দৃশ্যটো বৰ পুৰণি’, আন ঠাইত কৈছে, ‘দৃশ্যটো বৰ সাংঘাতিক/ বৰ সাধাৰণ’৷ কবিজনৰ কণ্ঠ ইয়াত অনুচ্চ, কিন্তু মৰ্মভেদী৷ আকৌ, কবিজনে তীব্ৰ ভাবনাসঞ্চাৰী বৰ্ণনাৰ বেলিকা সৃষ্টি কৰি লৈছে একোটা চৰিত্ৰ—

লঘোনীয়া বুঢ়ীজনীয়ে ক’লে

‘বোপাই আৰু নক’বি 

পানী গুচি শিল হ’ল

অন্ন গুচি বিহ হ’ল

এই যে লঘোনীয়া বুঢ়ীজনী, চৰিত্ৰটোৰ প্ৰতি কবিৰ অন্তৰত যিমানেই দুৰ্বলতা নাথাকক কিয়, কবিতাটোত কিন্তু কবিয়ে সেই ভাব প্ৰকাশ হ’বলৈ দিয়া নাই৷ সেয়েহে ‘বুঢ়ীআইতা’ বা ‘বুঢ়ীগৰাকী’ বুলি কোনো মান্যতাসূচক শব্দ কবিয়ে প্ৰয়োগ কৰা নাই৷ তাৰ মানে বুঢ়ীগৰাকীৰ প্ৰতি দুৰ্বল হ’লেও কবিজনে কবিতাটোৰ মূল প্ৰসঙ্গটোৰ বেলিকা পক্ষপাতিত্ব দেখুওৱা হ’ব বুলি সচেতন হৈ যিমান পাৰে সিমান নৈৰ্ব্যক্তিক হ’বলৈ যত্ন কৰিছে৷

পিছে আধুনিকতাবাদৰ এটা বিশেষ লক্ষণ হৈছে ব্যক্তিস্বাতন্ত্ৰ্য যাৰ আধাৰ বুলি ক’ব পাৰি আত্মসচেতনতাক৷ এতিয়া এটা প্ৰশ্ন উঠে যে যদি আত্মসচেতন হোৱাটো অহং ভাবৰ প্ৰকাশ তেন্তে মধ্যযুগীয় ভক্তিসাহিত্যৰ দাস্য বা বিনয় ভাবৰ প্ৰকাশলৈ উভতি যাব লাগিব নেকি? প্ৰৱহমান নদী এখনৰ একেখিনি পানীতে দুবাৰ গা ধুব নোৱাৰি৷ সাহিত্যও প্ৰৱহমান নদী— মধ্যযুগৰ তুলনাত ইয়াৰ ব্যপ্তি আৰু গভীৰতা উভয়েই বাঢ়িছে৷ লগতে এইটোও ঠিক যে মধ্যয়ুগীয় ভক্তি সাহিত্য আছিল উদ্দেশ্যধৰ্মী আৰু সেয়ে তাৰ মাজত প্ৰকাশিত বিনয় বা দাস্যভক্তি মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ এটা কৌশলহে আছিল৷ গতিকে আধুনিকতাবাদী সাহিত্যত লেখকৰ আত্মসচেতনতা থাকিবই লাগিব৷ কিন্তু আত্মসচেতনতাৰ মানে অহংকাৰৰ প্ৰকাশ ঘটোৱা নহয়৷ এই অহংভাব প্ৰকাশ কৰাটো অতিকে সহজ আৰু নিজকে নিৰাসক্ত কৰি ৰখাটোৱেই আটাইতকৈ টান কাম৷ আত্মসচেতনতাৰ নামত সকলো সামাজিকতা আৰু পৰম্পৰাগত প্ৰমূল্যত কুঠাৰাঘাত কৰি যোৱাত চমক থাকিব পাৰে, কিন্তু চিৰস্থায়ী বিশেষত্ব নাথাকে৷ শ্বাৰ্ল ব’ডলেয়াৰৰ দৰে কবিয়ে তেনে সচেতনতা প্ৰদৰ্শন কৰিছিল যদিও তেওঁলোকৰ যি অন্তদৃৰ্ষ্টি আৰু পুৰণিৰ মাজতে নতুনক আৱিষ্কাৰ কৰাৰ উদ্ভাৱনী দক্ষতা সেয়া সকলো লেখকৰ থাকিব বুলি আশা কৰিব নোৱাৰি৷ তেনে আধ্যাত্মিক পোতন নোহোৱা আধুনিক কালৰ ডাডাবাদীসকলৰ চমক কেইদিনলৈ আছিল সেই কথা লক্ষ্য কৰিলেই হয়৷ প্ৰসঙ্গটোৰ বিশ্লেষণ পিছলৈ ৰাখিছোঁ৷

মানুহ এজন যিহেতু এটা প্ৰাকৃতিক অস্তিত্ব আৰু সেই হিচাপে কবিজনো, গতিকে কবিৰ ভাব-চিন্তাবোৰে প্ৰকৃতি-নিৰ্ধাৰিত নিয়ম অনুসাৰেহে ক্ৰিয়া কৰে৷ কিন্তু ভাষা মানুহে কৃত্ৰিমভাৱে সৃষ্টি কৰা এক ব্যৱস্থা৷ প্ৰসিদ্ধ অস্তিত্ববাদী চিন্তাবিদ জাঁ প’ল ছাতৰ মতেও কবিজনৰ কাৰণে ভাষা হৈছে এটা বাহ্যিক জগতৰ গঠনহে৷ এই কথা তেওঁ What is Writing শীৰ্ষক ৰচনাত বিশদভাৱে বিশ্লেষণ কৰি দেখুৱাইছে৷ গতিকে, যিহেতু যি ভাষাক মাধ্যম হিচাপে লৈ কবিজনে নিজকে প্ৰকাশ কৰে সি তেওঁৰ ভাবৰ তুলনাত সীমাৱদ্ধ শক্তিসম্পন্ন৷ বক্তাজন, ছাতৰ মতে ভাষা ব্যৱস্থাটোৰ মাজৰে এটা অৱস্থাতহে থাকে৷ গতিকেই পৰস্পৰবিৰোধৰ দৰে লাগিলেও তেওঁৰ ভাবৰ তুলনাত ভাষা দুৰ্বল যদিও সেই ভাষাৰ মাজত তেওঁৰ অস্তিত্ব তাতকৈও ক্ষুদ্ৰ৷ অৰ্থাৎ ভাষাৰ সৃষ্টি এজন মানুহৰ সচেতন প্ৰয়াসৰ ফল নহয়৷ কিন্তু ভাষাৰ ব্যৱহাৰ প্ৰত্যেকে ব্যক্তিগতভাৱে কৰে যি কাৰণত ভাষাৰে নিজকে প্ৰকাশ কৰাৰ বেলিকা প্ৰত্যেকেই নিজৰ অসম্পূৰ্ণতা উপলব্ধি কৰে৷ এই অসম্পূৰ্ণতাৰ উপলব্ধি কৰিবলৈ অৱশ্যে সকলো কবি সক্ষম নহয়৷ নিজৰ উপলব্ধ অভিজ্ঞতা, সেই অভিজ্ঞতাক আনৰ সৈতে ভাগ-বতোৱাৰা কৰিব পৰা মূল্য নিৰ্ণয়, তাৰ কালগত মূল্য নিৰ্ণয় আদি সম্পূৰ্ণ হোৱাৰ পাছতহে সেইখিনি ভাষিক ৰূপায়ণৰ স্তৰটো আৰম্ভ হয়৷ তাৰ কাৰণে আধাৰ হিচাপে কবিয়ে বিচাৰি উলিয়ায় বিষয়৷ তাৰো পাছত ভাষাৰে বিমূৰ্ত (মূৰ্ত হ’লেও অতীত হৈ সময়-দূৰত্ব ক্ৰমে ক্ৰমে বৃদ্ধি হোৱা) অভিজ্ঞতাৰ কাব্যিক ৰূপ প্ৰদানৰ সময়ত সৎ কবিয়ে নিজৰ সীমাৱদ্ধতা উপলব্ধি কৰে৷ ইয়াৰ কাৰণ সম্পৰ্কত আমি অজ্ঞ৷ কিন্তু নিজে অসীম শক্তি বা ক্ষমতাসম্পন্ন বুলি ভবা কোনো লোকেই ভাল কবিতা লিখিব পাৰিছে বুলি আমি নাজানো৷

আত্মানুসন্ধান আৰু আত্মশ্লাঘা দুটা পৰস্পৰবিৰোধী ভাবনা৷ আধুনিক মানুহ যিমানে আত্মনিৰ্ভৰশীল বা আত্মমৰ্যাদাসচেতন সিমানেই নিজৰ অস্তিত্বৰ মূল্যহীনতা সম্পৰ্কেও সচেতন৷ আধুনিক পৃথিৱীখনক মানুহে এনে এক বৈচিত্ৰ্য আৰু বিস্তৃতি প্ৰদান কৰিছে যাৰ ফলত আটাইতকৈ মূল্যহীন সম্পদবিধ হৈ পৰিছে মানুহ৷ গতিকে কোনো ‘বিশেষ মানুহ’-ৰ জীৱনক লৈ, তেওঁৰ সমস্যাক লৈ আজিৰ মানুহে মূৰ নঘমায়৷

যদি তেনেই হয়, তেন্তে আমি কিয় এনে কবিতা পঢ়োঁ—

ক) তুমিতো জানাই

এই কবিৰ আৰু একো নাই...

খ) কিমান দূৰত এৰি আহিলোঁ

টোপনিৰ সেই নীল গ্ৰীষ্ম

ওপৰৰ উদাহৰণ দুটা  পঢ়ি আমি বাৰু এনে প্ৰশ্ন তুলি সামৰি থওঁনে— (ক) ‘‘তোমাৰ কিবা আছেনে নাই জানি মোৰ কি লাভ হ’ব, কবি ডাঙৰীয়া?’’ আৰু (খ) ‘‘টোপনিৰ গ্ৰীষ্মই হওক বা বৰ্ষাই, তুমি কিমান দূৰত (ঋতু এটা আক’ দূৰত এৰি আহিব পাৰি কেনেকৈ সেইটো নাভাবিলেও) এৰি আহিলা মোক কেলেই?’’ এনে প্ৰশ্ন আমি কদাপি নোতোলোঁ৷ এনে প্ৰশ্ন আমি উত্থাপন নকৰাৰ কাৰণ হৈছে এয়ে যে, ভাষা ব্যৱহাৰৰ বেলিকা কবিসকলৰ সীমাৱদ্ধতা সম্পৰ্কে আমি সজাগ (ইয়াৰো কাৰণ হৈছে আমি সকলোৱেই ভাষা ব্যৱহাৰ কৰি আমাৰ মনৰ সকলো উপলব্ধ সত্য প্ৰকাশ কৰিব নোৱৰা অভিজ্ঞতাৰে অভিজ্ঞ৷)৷ অন্যথা কামিজৰ কথা কোৱাজনক অহঙ্কাৰী বুলি বা দূৰণিত নীলা ৰঙৰ গ্ৰীষ্মকাল এৰি অহাৰ কথা কোৱা কবিজনক আমি মানসিক সন্তুলনহীনতাত ভোগা বুলি ধৰি ল’লোঁহেঁতেন (দুয়োজন কবিৰ প্ৰতি সশ্ৰদ্ধ ক্ষমা প্ৰাৰ্থনা কৰিছোঁ৷ কেৱল বিষয় বিশ্লেষণৰ স্বাৰ্থতহে এনে কথাৰ অৱতাৰণা কৰিবলগীয়া হৈছে৷)৷ ছাতেও ‘Why Write’ শীৰ্ষক লেখাত কৈয়ে গৈছে, ... it is not true that one writes for oneself — কবি এজনে কোনোবা এজনৰ কাৰণেই নিলিখে৷ গতিকে তেৱোঁ জানে যে তেওঁৰ সীমাৱদ্ধতা আৰু সেই সীমাৱদ্ধতাক অতিক্ৰম কৰিবলৈ তেওঁ কৰা যত্ন সম্পৰ্কে সকলো সজাগ৷ সকলো মানে তেওঁৰ ৰচনা যিমান সংখ্যক লোকে পঢ়িব সিমান সংখ্যক লোক৷ কাৰণ, তেওঁৰ মতেই ... reading is a pact of generosity between author and reader. Each one trusts the other; each one counts on the other, demands of the other as much as he demands of himself. এইখিনি কথা সচেতনভাৱে নাভাবিলেও আমি প্ৰত্যেকেই বিশ্বাসো কৰোঁ৷

ইতিপূৰ্বে জাঁ প’ল ছাতৰ প্ৰসঙ্গ উল্লেখ কৰি আহিছোঁ৷ তেওঁৰ অস্তিত্ববাদী দাৰ্শনিকতা আধুনিকতাবাদৰ ব্যক্তিস্বাতন্ত্ৰ্যৰ অন্যতম এক স্তম্ভ৷ গতিকে, আধুনিকতাবাদী কবিয়ে ভাবি ল’ব পাৰে যে তেওঁ কেৱল নিজা যত্নৰে, নিজা চিন্তাৰে জগতৰ নিহিত সত্য উদ্ধাৰ কৰিবলৈ সক্ষম৷ এনে ধাৰণাৰ ফলতে সাধাৰণতে কবিৰ মনত অহংভাব জন্মে যাৰ ফলত কবিয়ে কবিতাৰ মাজত কেৱল নিজা বক্তব্য আৰু ব্যক্তিত্ব প্ৰকাশ কৰিবলৈ উন্মুখ হৈ উঠে৷ কিন্তু ইতিপূৰ্বেই ছাতৰ দৃষ্টিকোণ এটা দাঙি ধৰা হৈছেই, জগত-প্ৰপঞ্চৰ বাহিৰত ব্যক্তিয়ে অৱস্থান কৰিব নোৱাৰে৷ তেওঁ আৰু কৈছে, for a writer merely to conceive the idea of drawing a portrait — challenge of his real reader, he must have become conscious of a contradiction between himself and his public... (p. 69). অৰ্থাৎ শূন্যত  কোনো নোপজে৷ শূন্যত বহি শূন্যৰ পৰা কোনেও সাহিত্য সৃষ্টি কৰিব নোৱাৰে৷

আত্মসচেতনতাৰ মানে অহংকাৰৰ প্ৰকাশ ঘটোৱা নহয়৷ আত্মসচেতনতা মানে নিজকে সংযত কৰিবৰ বাবে সচেতনতা, নিজকে সত্যৰ কাষ চপাই নিবলৈ কৰা যত্নক তপস্যাৰ পৰ্যায়লৈ উন্নীত কৰিবৰ বাবে সচেতনতা, কোনো ঘটনা বা প্ৰসঙ্গক অধ্যয়ন কৰোঁতে বা লক্ষ্য কৰোঁতে পাৰ্যমানে নিৰ্বিকাৰ আৰু পক্ষপাতহীন হোৱাৰ সচেতনতা৷ প্ৰকৃতাৰ্থত ক’বলৈ গ’লে নিজৰ ক’বলগীয়াখিনি কৌশলেৰে ক’ব জনাটো এক বিশেষ আকৰ্ষণৰ বিষয়৷ পিছে ভাষিক সীমাৱদ্ধতা, ভাবক প্ৰকৃত ধৰণে ধ্যান কৰিব নোৱৰা বাবে উপলব্ধিৰ আধৰুৱা অৱস্থা আৰু তাৰ কাৰণেই দাৰ্শনিক গভীৰতাৰ অভাৱ, বিষয়ক আন বিষয়ৰ অনুষঙ্গৰে ব্যঞ্জিত কৰিবলৈ অক্ষমতা আদিৰ কাৰণেই কবিৰ কথনভঙ্গীত ব্যক্তিত্বৰ প্ৰকাশ প্ৰায়ে আত্মময় হয়৷ ই দুৰ্বলতা৷

এজন আলোচকৰ মতে, a good reader will invariably interpose a wealth of nuance within the measure— pausing, maximizing or minimizing stress, and so on — to make the poetry more satisfying and pleasurable, just as any accomplished performer of music will continually introduce similar subtle departures from strict metronomic time. (Phil Roberts, How Poetry Works, Penguin,  2000, P 25) অৰ্থাৎ ভাল পাঠক এজনে কবিতা এটাৰ আৱেদন বঢ়োৱাৰ দায়িত্ব পালন কৰে৷ ইয়াৰ তাৎপৰ্য কি? উপৰি উক্ত মন্তব্য অনুসৰি কবিজনে কবিতা এটা ৰচনা কৰাৰ যোগেদি পাঠকৰ ওপৰত দায়িত্ব ন্যস্ত কৰে— কবিতাটোৰ ৰস উলিয়াবলৈ, তাৎপৰ্য বাহিৰ কৰিবলৈ৷ এই কথাষাৰ সঁচাও৷ কাৰণ একোটা কবিতা তীক্ষ্ণ বুদ্ধি-বৃত্তিৰ অধিকাৰী পাঠকৰ সহায়তহে ভাল কবিতা বুলি চিহ্নিত হয়৷ এনে অৱস্থাত কবিজনৰ ভূমিকা নাথাকে৷ সাধাৰণতে বহু কবিয়েই তেওঁৰ কবিতাৰ বিশেষ ধৰণৰ বিশ্লেষণ শুনি বা পঢ়ি আপত্তি দৰ্শায় কিম্বা অসন্তুষ্ট হয়৷ কিন্তু বহু সময়ত তেওঁলোকে চিন্তা নকৰা ধৰণৰ গভীৰ তাৎপৰ্যও আলোচকৰ দৃষ্টিৰে কবিতা একোটাত ধৰা পৰে৷ প্ৰসঙ্গটোৰ স্পষ্টতাৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ উদাহৰণ এটা দাঙি ধৰোঁ—

নিয়ৰে ছাউনি পাতে পাহাৰত

শিলক শিকায় উৰাৰ গান৷

এই বৰ্ণনাত এক প্ৰকৃতি চিত্ৰই কবিমানসৰ যোগেদি চিত্ৰকল্পৰ ৰূপ পাইছে৷ কবিগৰাকীয়ে কি ভাবি লিখিছিল সেয়া জনাৰ উপায় আমাৰ সম্মুখত নাই৷ সম্ভৱতঃ কোনো পাহাৰৰ শিলত পৰি থকা নিয়ৰ সাময়িকভাৱে স্থায়ী হৈ থাকি বাষ্পীভূত হোৱাৰ নিয়ত ঘটনাটোৱেই কবিৰ মনত প্ৰভাৱ পেলাইছিল৷ সম্ভৱতঃ এই ঘটনাটোৰ অৱলম্বনতে কবিয়ে নিয়ৰ আৰু পাহাৰৰ শিলক ব্যক্তিৰূপ প্ৰদান কৰিবলৈ যত্ন কৰিছিল৷ কিন্তু আমি সততে কৈ অহা দাঙিব নোৱৰা শিলক পৰি নমস্কাৰ বোলা কথাষাৰৰ অনুৰণনো দেখোন ইয়াত আছে৷ কবিয়ে কবিতাটো লিখাৰ সময়ত ঘঁহি ঘঁহিও ক্ষয় নিয়াব নোৱৰা শিলৰ কথা নাভাবিবও পাৰে৷ কিন্তু জীৱনৰ বিভিন্ন সময়ত যিহেতু কবিয়ে তেনে ঘটনাৰ সম্মুখীন হৈছিল, তেনে নিজৰ মততে খুঁটি পুতি বহা মানুহৰ সংস্পৰ্শলৈও নিশ্চয় আহিছিল; গতিকে তেওঁৰ মনৰ গভীৰত তেনে প্ৰসঙ্গৰ এটা প্ৰস্তুতি আছিল৷ আনহাতে আমি পাঠকসকলৰো নিশ্চয় তেনে ঘটনাৰ অভিজ্ঞতা আছে, গতিকে আমিও নিজা চিন্তাশক্তি অনুসৰি কবিতাটোৰ তাৎপৰ্য উদ্ধাৰ কৰিবলৈ যত্ন কৰিলোঁ৷ এনে যত্নৰ কেৱল এটা ফলহে ইয়াত দাঙি ধৰিছোঁ, কবিতাংশৰ তাৎপৰ্য আৰু বহুত ধৰণৰ হ’ব পাৰে৷ এতিয়া, দেখা গ’ল যে কবিয়ে লিখা আঠোটা শব্দৰ উপৰি উক্ত কবিতাংশক আমি পাঠকসকলে বিস্তৃতি প্ৰদান কৰোঁ, গভীৰতা আৰোপ কৰোঁ আৰু তাৰ মাজত নিহিত সম্ভাৱনাবোৰক আৰু অধিক সম্ভাৱনাপূৰ্ণ কৰি তুলি আনন্দিত হওঁ৷

কবিতা ৰচনাত কবিজনৰ surrendering himself wholly মানে কি সেই কথা ৰাইনাৰ মাৰিয়া ৰিল্কেই Letters to a Young Poet গ্ৰন্থৰ প্ৰথমখন চিঠিতে কোনো এক অনুজ কবিলৈ লিখাৰ মাজত লুকাই আছে৷ সেই লেখাৰ কথাখিনি সংক্ষেপে এনেকুৱা—

‘কবিৰ সম্মুখত এটাই পথ আছে৷ নিজৰ ভিতৰলৈ যোৱাটো৷ যি তেওঁক লিখিবলৈ অনুপ্ৰাণিত কৰিছে সেই কাৰণটো বিচাৰি উলিয়াবলৈ যত্ন কৰি, অন্তৰৰ অন্তঃস্থলীলৈ সি শিপাইছেনে নিজকে প্ৰশ্ন কৰা উচিত৷ নিজৰ আত্মাক সোধা উচিত, এইটো (কবিতাটো) লিখিব নোৱাৰিলে তেওঁৰ মৃত্যু হ’ব নেকি? সৰ্বোপৰি, নিশা আটইতকৈ নীৰৱ মুহূৰ্তত নিজকে সোধা উচিত— ‘‘মই লিখিমনে? যদি উত্তৰটো সদৰ্থক হয়, উত্তৰটো যদি শক্তিশালী আৰু পোন হয় যে ‘মই লিখিবই লাগিব’; তেন্তে সেই প্ৰয়োজন অনুসৰি জীৱনটো গঢ়ি লোৱাটো তেওঁৰ কৰণীয়৷ ... কবিজন নিজৰ ভিতৰলৈ যাব লাগে, সেই গভীৰতালৈ যাব পাৰিব লাগে য’ত তেওঁৰ জীৱনে উত্থান বিচাৰি পাব৷ তাৰ উহতে ‘‘তুমি লিখিবানে?’’ — প্ৰশ্নটোৰ উত্তৰ লুকাই থাকে৷ যি উত্তৰেই পোৱা যায় তাত প্ৰশ্ন তোলাৰ সকাম নাই৷ সম্ভৱতঃ এনেকুৱাও  হ’ব পাৰে যে কবিজনে এজন শিল্পী হিচাপে পৰিচয় দিয়াৰ ধাৰণাটোৱেই নাকচ হৈছে৷ ... তেওঁৰ নিজৰ মাজত, নিজৰ ভিতৰৰ নিঃসংগতাত অৱগাহন কৰোঁতে এনেও হ’ব পাৰে যে তেওঁ কবি হোৱাৰ সপোনটোকে বাদ দিব লগা হৈছে৷’’ এইখিনি কথা কৈ উঠি ৰিল্কেই যিষাৰ কথা কৈছে সেইষাৰ হজম কৰিবলৈ যথেষ্ট সততা, সাহস আৰু আত্মবিশ্বাসৰ প্ৰয়োজন৷  তেওঁ কৈছে, as I have said, to feel that one could live without writing; then one must not attempt it at all (মই কৈছোঁৱেই, এইটো অনুভৱ কৰা দৰকাৰ যে কোনোবাই যদি নিলিখাকৈ জীয়াই থাকিব পাৰে, তেন্তে তেওঁ তেনে প্ৰয়াস নকৰাই ভাল৷) [Rainer Maria Rilke, Letters to a Young Poet,  Tran. M. D. H. Norton, Norton and Company, New York, 1962, P. 21]৷’

ৰিল্কেৰ দৰে মহান কবিসত্তাৰ উপলব্ধিক অন্তঃকৰণেৰে গ্ৰহণ কৰিব পৰাকৈ নিজৰ কবিমনক সৰল আৰু সহনশীল হ’ব লাগিব৷ নিজৰ সম্পৰ্কত থকা ধাৰণা বিশুদ্ধ হ’ব লাগিব৷ মানুহৰ নিজৰ সম্পৰ্কে থকা ধাৰণা সন্দৰ্ভত এটা উদাহৰণ দাঙি ধৰিব বিচাৰিছোঁ৷ ধৰা হ’ল, এজন শিক্ষকতা বৃত্তিৰ সৈতে জড়িত লোকে চিগাৰেট হোপে৷ তেওঁ সদায়ে ছাত্ৰসমাজৰ চকুৰ আঁৰত থাকি সেই কামটো কৰে৷ ছাত্ৰহঁতে কাহানিও তেওঁক ধূমপায়ী বুলি নাভাবে৷ তেৱোঁ তেনেকৈয়ে ছাত্ৰসমাজত নিজৰ ভাবমূৰ্তি এটা নিৰ্মাণ কৰি লৈছে৷ এদিন এজন ছাত্ৰই তেওঁৰ কাষেদি পাৰ হৈ যাওঁতে চিগাৰেটৰ গোন্ধ পালে৷ বন্ধুমহলত আলোচনা হ’ল৷ পাছদিনা কেইবাজনেও গোন্ধ পালে৷ এনেকৈ এদিন তেওঁ চিগাৰেট হুপি থকা অৱস্থাতে সকলোৱে তেওঁক আৱিষ্কাৰ কৰিলে৷ এই ঘটনাটোৰ পাছতো ছাত্ৰসকলৰ আগত শিক্ষকজনে ধূমপানৰ অপকাৰিতা সম্পৰ্কে বক্তৃতা দিয়েই থাকিল৷ কবি এজনৰ ক্ষেত্ৰত নিজে গঢ় দি লোৱা নিজৰ ভাবমূৰ্তি, প্ৰকাশ্যভাৱে আৰু গোপনভাৱে তেওঁ যাপন কৰা জীৱন, তেওঁৰ লেখাৰ মাজত প্ৰতিফলিত জীৱন সকলোৰে মাজত এটা আন্তঃসম্পৰ্ক আছে৷

কবিসকলে কবিতাত ব্যক্তিগত ব্যক্তিত্ব বা ব্যক্তিগত বক্তৃতাৰ প্ৰকাশ নকৰিবলৈ যত্ন কৰাৰ মনস্তাত্ত্বিক আৰু সামাজিক দিশো আছে৷ এটা সময়লৈকে personal statement-অকো কবিতা বুলিয়ে গ্ৰহণ কৰা হৈছিল৷ মধ্যযুগৰ ‘‘মঞি দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ’’-ৰ পৰা শেষ জোনাকী যুগৰ ‘‘তুমি যদি অসমীয়া মই তেনে বিদ্ৰোহী পাঠান’’ পৰ্যন্ত আত্মময় পদ্যকো কবিতা বুলিয়ে গ্ৰহণ কৰা হৈছিল৷ কাৰণ তেতিয়ালৈকে ব্যক্তিস্বাতন্ত্ৰ্যৰ বিকাশ হোৱা নাছিল বা হ’লেও সি এটা সাধাৰণ (common) বিশেষত্বৰূপে গা কৰা নাছিল৷ অন্ততঃ ত্ৰিছ-চল্লিছ বছৰমানৰ আগলৈকে অমাৰ সমাজত লেখক-সাহিত্যিকসকল আছিল আকাশৰ তৰাসদৃশ৷ সমাজখনত যিহেতু শিক্ষিত লোকৰ সংখ্যা আছিল কম, গতিকে শিক্ষিতসকলৰ মাজৰ পৰা ওলোৱা লেখকৰ সংখ্যা আছিল তাতোকৈ কম৷ গতিকে তেওঁলোকে সামাজিক দায়িত্ব পালন কৰাৰ লগতে সামাজিকভাৱে গুৰুত্বও লাভ কৰিছিল৷  কিন্তু সাম্প্ৰতিক সময়ত শিক্ষা-দীক্ষাৰ প্ৰসাৰকে ধৰি নানান কাৰণত সাহিত্য-শিল্পৰ চৰ্চা কৰা লোকৰ সংখ্যা বাঢ়িছে৷ এইসকল সকলোৰে সামাজিক দায়ৱদ্ধতাও আছে বুলি দাবী কৰিব পৰা নাযায় (থকাহ’লে সমাজখন দিনক দিনে অধঃপাতে যায়নে?)৷ আনহাতে বৰ্তমান কবিজন যি শক্তিৰ বলত অহংকাৰী, সেই একে শক্তিৰ বলতে পাঠকজনো অহংকাৰী৷ এনে অৱস্থাত মন কৰিব লাগিব যে পাঠকজন কবিৰ ওপৰত নিৰ্ভৰশীল নহয় কিন্তু কবিজন সকলো সময়তে পাঠকৰ ওপৰতে নিৰ্ভৰশীল৷ গতিকে কবিয়ে ব্যক্তিগত বক্তৃতা দিবলৈ গ’লে তাক পাঠকে গ্ৰাহ্য কৰাৰ দিন এতিয়া আৰু নাই৷

নিজৰ সম্পৰ্কে খুব ভাল ধাৰণা এটা পোষণ কৰিব পৰাটো নিঃসন্দেহে মানুহৰ এটা ডাঙৰ গুণ৷ পিছে তেনে ধাৰণা এটা ৰক্ষা কৰাটো প্ৰায় অসম্ভৱ৷ যদিও জগতৰ প্ৰতিজন ব্যক্তিয়েই নিজকে চূড়ান্ত শুদ্ধ আৰু শ্ৰেষ্ঠ বুলি বিৱেচনা কৰে, তথাপি ব্যক্তিজন যদিহে আন দহজনে অনুসৰণ কৰা ধৰণৰ হয়— শিল্পী বা লেখক হয়, তেন্তে তেনে ধাৰণাটো বৰ্তাই ৰখাটো তেওঁলোকৰ কাৰণে সম্ভৱপৰ হৈ নাথাকে৷ কাৰণ ব্যক্তি হিচাপে প্ৰতিজন মানুহেই নানান পৰস্পৰবিৰোধৰ সমষ্টি৷ মৌলিক লেখকসকলে বিশেষকৈ সাম্প্ৰতিক সময়ত, বিভিন্ন প্ৰচাৰ মাধ্যমে মানুহক দেৱতা সজোৱাৰ সময়ত নিজৰ গুৰুত্ব অক্ষুণ্ণ ৰাখিবলৈ ব্যাকুল হোৱা দেখা যায়৷ ইপিনে তথ্য-প্ৰযুক্তিৰ বিস্ফোৰণৰ সমানে তাল মিলাব নোৱাৰি তেওঁলোকৰ একেবাৰে কম সংখ্যকক বাদ দি সকলোৱেই নিজকে সময়ৰ উপযোগী কৰি ৰাখিবলৈ সক্ষম নহয়৷ এই সকলোকে এজন ব্যক্তি ধৰি লৈ ক’ব খোজোঁ যে, সেয়েহে তেওঁ নিজৰ গুৰুত্বহীনতাৰ আশঙ্কাত ভোগে আৰু কৃত্ৰিম ব্যক্তিত্ব প্ৰদৰ্শন কৰিব খোজে৷ তেওঁ সৃষ্টি কৰা সাহিত্যৰ ক্ষেত্ৰতো তেওঁ যে ঈপ্সিত লক্ষ্যত উপনীত হ’ব পৰা নাই সেইটো জানে৷ কিন্তু যিহেতু এদল গুণমুগ্ধই তেওঁলৈ চাই থকা বুলি তেওঁ অনুভৱ কৰে, গতিকে তেওঁৰ মনত নিজে কিবা কাৰণত গুৰুত্বহীন হৈ পৰাৰ আশঙ্কা একোটাই ক্ৰিয়া কৰে৷ গতিকে সময়ে সময়ে তেওঁ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ চমকধৰ্মী কিবা একোটা কৰি থাকে৷

বিশেষকৈ অসমীয়া সাহিত্যৰ মাজতে এনে ঘটনা ঘটি আছে৷ অসমীয়া সাহিত্যৰ স্বৰূপ যিহেতু পৰম্পৰাগতভাৱে আলোচনীনিৰ্ভৰ, সেয়েহে আলোচনীৰ সম্পাদনা পক্ষয়ো এনে কিছু চমকপ্ৰদ কাৰ্যকলাপ দেখুৱাই আহিছে৷ বিশেষকৈ বিশেষ লেখকৰ লেখাৰ প্ৰকাশ কৰা, সমালোচনা কৰোৱা আদিত সম্পাদক পক্ষৰ গুৰুত্ব অসীম৷ সাম্প্ৰতিক কালৰ অসমীয়া আলোচনীত লেখকৰ গুৰুত্ব লেখাৰ মানতকৈ অধিক হোৱাৰ কাৰণে অসমীয়া সাহিত্যত ৰামধেনুৰ পৰৱৰ্তী কোনো সাহিত্য আন্দোলন গঢ় দিব পৰা নাই৷ অসমীয়া কবিতাৰ বেলিকাও একেটা পৰিৱেশেই বিৰাজ কৰিছে৷ কবিতা লিখাটো বহু কবিৰ কাৰণে এতিয়া হৈ পৰিছে সহজ সামাজিক বিচৰণৰ পথ৷ গদ্য ৰচনাৰ বাবে যি বৈয়াকৰণিক ভিত্তিৰ প্ৰয়োজন আৰু সেই ভেঁটিটো গঢ়ি ল’ব পাৰিলেহে গদ্যৰ ফ্ৰেম ভাঙি নতুনকৈ ভাষাৰ পৰীক্ষামূলক ব্যৱহাৰ কৰিব পাৰি সেইটো দিশলৈ চকু নিদিয়াকৈ সাম্প্ৰতিক সময়ত দ্ৰুত গতিত বাঢ়িছে ‘কবিতা’ লিখা মানুহৰ সংখ্যা৷ ইপিনে ছপা প্ৰযুক্তি সহজলভ্য হৈ পৰা বাবে একোখন কিতাপ প্ৰকাশ কৰাটো এতিয়া মানুহৰ কাৰণে সপোন হৈ ৰোৱা নাই৷

এতিয়া প্ৰশ্ন হ’ল, ইমানবোৰ দায়িত্ব কেৱল কবিৰ ওপৰত কিয়? উত্তৰত উত্থাপন কৰিব লাগিব আন কিছুমান প্ৰশ্ন: তোমাকনো কবিতা লিখিবলৈ কৈছে কোনে? লিখিবলৈ লৈছা কিয়? কবিতাক তেনেই সহজ কলা বুলি ভাবিছা কিয়? কবিতাৰ কাৰণে যে অনেক স্তৰত অনেক ধৰণে নিজকে পৰীক্ষা কৰি থাকিবলগীয়া হয় সেইটো স্বীকাৰ কৰি নোলোৱাকৈ, নিজকে যন্ত্ৰণাৰে দগ্ধ কৰি তাৰে জগতৰ মানৱতাৰ যন্ত্ৰণা নিৰাময় কৰিব পৰা সামৰ্থ্য আহৰণ কৰিবা কেনেকৈ? 

এই ৰচনাখন কবিৰ নৈৰ্ব্যক্তিকতা আৰু নিৰাসক্তি সম্বন্ধীয় এক প্ৰস্তাৱনাহে৷ ইয়াত যিমান পাৰি জটিলতা বৰ্জন কৰি সৰলভাৱে সকলোৰে বোধগম্য হোৱাকৈ কথাবোৰ ক’বলৈ যত্ন কৰা হৈছে৷ সামৰণি হিচাপে একে সাধাৰণ সুৰতে ক’ব খুজিছোঁ যে কবিতা ভাষানিৰ্মিত কলাৰূপ যদিও ইয়াক ভাষানিৰ্ভৰ বা ভাবনিৰ্ভৰ বুলি একে আষাৰেই কৈ পেলাব নোৱাৰি৷ ই ভাষানিৰ্ভৰ হোৱাহ’লে বস্তুনিষ্ঠ গদ্যৰ সৈতে ইয়াৰ পাৰ্থক্যই নাথাকিলেহেঁতেন (মন কৰিব লাগিব, বস্তুনিষ্ঠ গদ্যয়ো কাব্যিকতা বৰ্জন কৰিব নোৱাৰে)৷ আনহাতে ভাবনিৰ্ভৰ হোৱাহ’লে ই ভাষানিৰ্মিত শৰীৰ একোটাৰ গঢ় নল’লেহেঁতেন আৰু তেনে ভাষানিৰ্ভৰ পাঠৰ আধাৰত লাখ লাখ পৃষ্ঠাৰ আলোচনা-সমালোচনাও নহ’লহেঁতেন৷ কিন্তু ভাব যিহেতু ইয়াত গুৰুত্বপূৰ্ণই, আৰু সেই ভাব যিহেতু কবিজনে আহৰণ কৰে, গতিকে কবিজনে নিজৰ কথাকেই প্ৰকাশ কৰিব লাগিব৷ কিন্তু যি যুক্তিত কবিজনে নিজৰ ভব প্ৰকাশ কৰিব, সেই একেটা যুক্তিতে পাঠকজনে কবিজনক প্ৰত্যাখ্যান কৰাৰো আশঙ্কা এটা থাকে৷ গতিকেই কবিতাত কবিজনে যথাসম্ভৱ নিৰাসক্তিৰ পৰিচয় দিব পাৰিলে ভাল হয়৷ তেনে কৰিলে কবিজনে নিজৰ কথাকে আনৰ বুলি ক’ব পৰা দক্ষতাও আহৰণ কৰে, পাঠকো সন্তুষ্ট হয়৷ লগতে, যিকোনো ঘটনা বা বিষয়ক নিৰাসক্তিৰে লক্ষ্য কৰিব পৰাটো নিশ্চিতভাৱে ভাল কথা৷ তদুপৰি এই ধৰণৰ অনুশীলনে কবিজনৰ ভাষিক দক্ষতাও বৃদ্ধি কৰে৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ