প্ৰতীক্ষা বৰা
: ঠিক এইখিনিতে এটা গল্প হয়৷
: কোনখিনিত?
: তুমি মই একেথিৰে সেই পাহাৰটোৰ ফালে চাই
থকাত৷
: চলিহা হোৱা হ’লে লিখিলে হেঁতেন৷ তোমাৰ মোৰ
সেই ঔকাদ নাই৷
: তোমাৰ নাথাকিব পাৰে৷ মোৰ কিন্তু আছে৷ মই
মোৰ এইমুহূৰ্তত সলোৱা উশাহটোক লৈও গল্প লিখি দিব পাৰোঁ৷ আগৰ উশাহটো নসলোৱা হ’লে এই উশাহটো
ঘূৰাব নোৱাৰিলোঁহয়, আকৌ এই উশাহটো ঘূৰাব পাৰিছোঁ বাবেই পাছৰ উশাহটোৰ দিশে গতি কৰিব
পাৰিছোঁ৷ মাজতে ৰৈ যোৱা হ’লে খেলেই ছেছ! এনে ধৰণৰ কথাবোৰ লৈয়েই আৰু৷
: অঁ সেইটো ব’ম আৱেগিক গল্প হ’ব, তুমি ইচ্ছা
কৰিলেও চলিহাক টক্কৰ দিব নোৱৰাঁ৷
: আৰে টক্কৰ দিবলৈ কোনে গল্প লিখে? মানুহে
গল্প লিখে জীয়াই থাকিবলৈ৷ জীৱিকা নহয় জীয়াই থকা – কথাবিলাক অলপ কম্প্লিকেটেড আৰু,
শব্দৰে বুজাব নোৱাৰি৷
: থোৱাঁ হে শব্দৰে বুজাব নোৱাৰি - everybody
knows why the caged bird sings, আমি নিজৰ মাজৰ খালি জেগাকণ পূৰাবলৈ লিখোঁ, ভাবোঁ লিখি
দিলে অলপ সকাহ পাম, but we are fools, the ultimate cowards, লিখি লিখি ইতিহাসত কোন
স্বাধীন হৈছে হে, বহীৰ পাত ফালিছে কেৱল৷ জাবৰৰ স্তুপটো ক্ৰমান্বয়ে ডাঙৰ হৈ যোৱাত অৰিহণা
যোগোৱা কেনে মহান গল্পকাৰ আমিবোৰ৷
: মই গল্পকাৰ নহয়, মই গল্প লিখোঁহে -
: সেইটো আক’ এনেই ফালিলা তুমি৷ পঢ়ুৱৈয়ে একন’উলেড্ছ নকৰা হ’লে তুমি সপোনতো গল্প নিলিখিলাহয়৷
: পঢ়ুৱৈ নহয় সম্পাদক মেইন আই৷
: অঁ তাৰ পাছৰ পৰ্যায়ৰ একন’উলেজমেণ্ট
এটাও তো তুমি বিচাৰাঁ৷ ধৰাঁ তোমাৰ দুশখন কপি ছপা হোৱা কিতাপ কোনেও নিকিনিলে৷ মুস্কিল
চে বিছখন হে বিক্ৰী হ’ল- তাৰে পোন্ধৰখন তুমি নিজেই পৰিয়াল পৰিজন, বন্ধু-বৰ্গ, মিতিৰ
কুটুম্বক উপযাচি উপহাৰ দিয়াঁ৷
: হুঁ লোৱাঁ, চাহ খোৱাঁ৷
: ...
: মই গল্পসমূহ কিতাপ আকাৰে ছপা কৰাৰ কথা এতিয়াই
ভবা নাই৷ আৰু বিছ ত্ৰিছ বছৰৰ পাছত যেতিয়া ক’বলৈ আৰু একোৱেই নাথাকিব, হয়তো তেতিয়া
এখন সংকলন উলিয়াই পেলাম৷
: মোৰ এতিয়াই ক’বলৈ একো নোহোৱা হৈ থাকিল
- I have lost all my opinions, my biases, judgements, characters, thoughts,
feeling, everything, its a pretty bland world that i live in...
: মেডাম, এইটো ফে’জো এঞ্জয় কৰক৷ সোণসেৰীয়া সময় এইখিনি- এতিয়া আপুনি কিতাপ পঢ়ক, উৰাই-ঘূৰাই ফুৰক, গৱেষণাৰ কামত মনোনৱেশ কৰক, টাবত ফুল ৰোৱক, ভাত-পানী ৰান্ধক, যোগাভ্যাস কৰক, মুঠতে কিবা এটা লৈ ব্যস্ত থাকক৷
: কষ্ট হয়৷
: অঁ সেই কাৰণেইতো কৈছোঁ সোণসেৰীয়া সময় বুলি, enjoy the torture. কাৰণ এই চুইচ্ছৰ বুটাম তোমাৰ হাতত নাই যে৷ সহজভাৱে লোৱা, যন্ত্ৰৱৎ গল্প লিখিব নোৱাৰোঁ কাৰণেইতো গল্প লিখাটো কাৰো পেছা হ’ব নোৱাৰে৷ এইটোক পেছা কৰি লোৱাতকৈ লিখিবলৈ এৰি দিয়াই ভাল - জাবৰৰ স্তুপবোৰ আৰু আহল-বহল নহওক প্ৰভু!
: অঁ৷ আৰু কি জানা, এই যে ক্ৰিয়েটিভ ৰাইটিঙৰ ক’ৰ্ছবিলাক আজিকালি অ’ত ত’ত আগবঢ়ায় – মই বুজি নাপাওঁ কিয়! ক’ৰ্ছৰ কিতাপ পঢ়ি ক্ৰিয়েটিভ ৰাইটাৰ কোনোবা বনিছে? এই ক্ৰিয়েটিভ ৰাইটিঙৰ কাৰবাৰটোক এটা নিৰ্দিষ্ট ছিলেবাছৰ গণ্ডীৰ ভিতৰত আৱদ্ধ ৰাখি ছাত্ৰ-ছাত্ৰীক শিকোৱাটো মোৰ মূৰ্খামিৰ কাম যেনেই লাগে৷ ভিতৰৰ পৰা নহালৈকে কোনেও শব্দ এটাও লিখিব নোৱাৰে, সহায়-সহযোগ কৰিবলৈ হে ভাষাটো- আগেয়ে ভাষাটো শিকক না শুদ্ধৰূপত৷
: See you’ve got opinions তোমাক আচলতে একোৱে
ট্ৰিগাৰ কৰিব পৰা নাই সেইবাবে নিৰ্লিপ্ত মনোভাবত আছা৷ আজি ওলাই আহি ভাল কৰিলা৷ লোৱাঁ, মেগী খোৱাঁ৷
: মেগী ছেগী মই গিলিব নোৱৰা হৈ আহিছোঁ৷ একো
দেখোন চোবাবলৈ মনেই নাযায়৷
: থেৰাপিষ্ট ৰ লগত সম্পৰ্ক ৰাখিছানে এইকেইদিন?
: নাঃ৷ নিজেই ডীল কৰোঁ৷
: স্ম’কিং টো অলপ কমাবা৷
: কমিলতো৷ এইটো লিখি থকাৰ দিনকেইটাত বেছি
থাকে – আজিকালি এক পেকেট চিগাৰেট দুই সপ্তাহতকৈ বেছি চলাই দিওঁ৷ It’s an
achievement actually...
: That’s an average of two to three
cigarettes a day, পাগলী৷ মৰণফান্দখন খান্দি খান্দি অঁটাগৈ নাই?
: আৰে মই চেষ্টা কৰোঁতো৷ আৰু শুনা, এইটোও
এটা কাৰণ হ’ব পাৰে যে মোৰ লিখা-মেলাবিলাক আগতকৈ কমি গ’ল৷ সেই কিক্ টোৱেই নাপাওঁ৷
: কিক্ পাবলৈ তুমি চিগাৰেট হোপাঁ?
: এসময়ত হুপিছিলোঁ, সেই বাবে অভ্যাসত পৰিণত হৈ গৈছিল - ডিপ্ৰেছনত ভোগা মানুহে কিক্ বিচাৰি যি টি কৰি থাকিবলগীয়া হয়৷ সেইসকল গল্পকাৰ লাকী যি উশাহ এটা ঘূৰাওঁতেই গল্প বিচাৰি পায়৷
: তুমিও এসময়ত মোৰ দৰেই আছিলা আইজনী৷ যোৱা
চাৰিটা বছৰে তোমাক অবিশ্বাস্যভাৱে সলনি কৰি দিলে৷ প্লিজ, থেৰাপীষ্টজনক এৰি নিদিবা৷ প্ৰয়োজন
হ’লে খৰচ মই উঠাম- আগতেও অফাৰ কৰিছোঁ তোমাৰ খৰচ উঠোৱাৰ দায়িত্ব, আৰে মই হে উঠাম!
তোমাৰ আক’ অভিমানত লাগে ...
: নালাগে৷ অতিমাত্ৰা প্ৰয়োজন হ’লে মই ক’ম৷
: হৈছেই দেখোন৷
: অ’হ প্লিজ৷
: সৌ যে পাহাৰটো – এই মুহূৰ্তত সেই পাহাৰটোৰ দিশে চাই থকা তোমাৰ-মোৰ বাহিৰেও আৰু অনেক মানুহ আছে, যি হয়তো হাতত চাহৰ মলা লৈ, নহ’লেবা চিগাৰেট বা ক’ফিমাগত ওঁঠ ৰাখি, নহ’লেবা টিকা-মূৰটোকে খজুৱাই পাহাৰটোৰ ফালে চাই কিবা এটা ভাবিছে, এক-দুই ছেকেণ্ডৰ কাৰণে ভাবি, সেইফালে ৰ লাগি চোৱাৰপাছতে পুনৰ বেলেগ চিন্তাই আহি ঠাই লৈছেহি আৰু পাহাৰটোৰ ফালে মনোযোগ হেৰুৱাইছে৷ ভাবি চাইছানে, কত সহস্ৰ বছৰ ধৰি পাহাৰটো সেই একে জেগাত ঠিয় হৈ তলৰ মানুহখিনিক চাই আছে, ই চব কথা জানে - ভূত, ভৱিষ্যত আৰু বৰ্তমানৰ ই একমাত্ৰ সাক্ষী৷ এই ঠাইখিনিৰ সমস্ত ইতিহাস কেৱল ইয়াৰ বুকুত খোদিত৷
: কিন্তু পাৱাৰলেছ, যিজনেই পাৰিছে নিজ স্বাৰ্থৰ
বিনিময়ত খান্দি পেলাইছে তাৰ বুকু৷ অলপ ওচৰ চাপি গৈ চোৱাঁচোন তাৰ দাঁতিত জাবৰ-জোঁথৰৰ
কেইটা সৰু সৰু পাহাৰ দেখা পোৱা৷
: অঁ সেইটো পাৰ্ছপেক্টিভ লৈ কথা৷ I try
to look at the bright side of things
: Thereby you tend to ignore the brutal
truth...
: ইয়ে৷ কথা দেখৌ৷ মোৰ যেনিবা এটাই মাত্ৰ ডাৰ্ক ফেণ্টাচী আছে৷ এদিন যদি পাহাৰটো আমাৰ ওচৰ চাপি আহি থাকে, তাৰ দুয়োটা বাহু ক্ৰমাৎ প্ৰসাৰিত সৈ বহল হৈ গৈ থাকে, সি এসময়ত এটা দৈত্যৰ আকৃতি লয় আৰু এই চহৰখনৰ গোটেই মানুহবোৰক গ্ৰাস কৰি পেলাবলৈ ধৰে...
: মই যে তামাম খুচ হ’ম৷ কাৰণ এই গতানুগতিক,
নিৰস জীৱনটোত অলপ এক্সাইটমেণ্টৰ দৰকাৰ৷
: For the first time on this date we’ve
found a common ground, ব’লা এইটো খুচীতে ম’ম’ খাওঁ৷
: ৰ হে খকুৱা, মেগী খিনিকেই গিলিব পৰা নাই
মই৷
: সৰুতে মায়ে গিলাছৰ তলিখনেৰে ভাত পিহি মণ্ড কৰাৰ দৰে তোমাৰ মেগীখিনিকো মণ্ড কৰি দিওঁ নেকি?
: নালাগে ইমান ৰেহেম কৰি দিব৷
: বাৰু৷
: বাকী কোৱাঁ, তোমাৰ দিনবিলাক এইকেইদিন কেনেদৰে
গৈছে?
: একেই৷ আগৰ দৰে৷
: তুমিও মোৰ দৰে ডিপ্ৰেশ্বনত ভোগা ষ্টাৰ্ট
কৰিছা নেকি? হাঃ হাঃ৷
: নাই, মোৰ ভীষণ এনজাইটী৷ মই এটা গল্প লিখিব
লাগে, কিন্তু পৰা নাই৷
: কিহে৷ উশাহ দেখোন লৈ আছা৷ লিখাঁ আক’ উশাহৰ
গল্পটো৷
: মই অথনি কোৱাৰ দৰে ইমানো সহজ নহয়৷
: ব্ৰেইনটো আৰ্টিফিচিয়েলী দুদিনমান শ্বাট
ডাউন কৰি দিয়া- ইনষ্টাগ্ৰাম খুলি ‘মিম’ আৰু ‘ৰীল’ চাবলৈ লোৱাঁ বুজিছা, তোমাৰ ব্ৰেইনে
শাক-ভাত খোৱা, বজাৰৰ লিষ্ট আৰু আজি কি পিন্ধি ক’ত যামৰ বাহিৰে বেলেগ চিন্তা কৰিবগৈ
নোৱাৰে৷ You will feel too lethargic to think of feel anything.
: হুম ৷
: আচলতে আমাৰ দৰে গল্পকাৰক কোনেও বুজি নাপায়
অথবা পাত্তা নিদিয়ে৷ বেছি হৈ-হাল্লা কৰি নেথাকোঁ যে৷ আমাৰ অস্তিত্ব চাকিৰ তলৰ ছাঁ- গতিকে আমিয়েই ইজনে সিজনক বুজি পাব লাগিব৷ হুঁ হুঁ৷
: মোৰ আচলতে কনষ্টিপেশ্বনো হৈছে বুজিছানে?
ঘৰৰ ভাত-দাইল-চব্জী খালে খোলোচা নহয় -ভাবিছোঁ ম’ম’ চ’ম’বোৰ খাই দিলে অলপ হ’ব৷
: স্বাৰ্থপৰ, মিছলীয়া! হগাৰ উদ্দেশ্য আগত
ৰাখি মোক উলিয়াই আনিছিলা!
: নহয় অ’ তোমাৰ মন ভাল লগাবলৈকে লগত উলিয়াই
আনিছিলোঁ৷ পেট খোলোচা হোৱাটো আৰু এক গুলীত দুই চিকাৰ হোৱাৰ দৰে কথা৷
: মই পুৱাৰ চাহকাপৰ লগত চিগাৰেটত এক টান মাৰি
দিলেই পেট দিনটোলৈ খোলোচা হৈ যায়৷ অৱশ্যে গল্প হে নোলায়৷
: তথাপি গল্পটো ওলাই আহিলেও ঠিক পেট খোলোচা
হোৱাৰ সমানেই সুখ আৰু শান্তিৰ অনুভৱ হয়৷ মই ভাবিছোঁ কথাবিলাক interlinked, অন্ততঃ
মোৰ ক্ষেত্ৰত৷ হয় গূ ওলাব ন’হলেবা গল্প - দেখা যাওক আজি কি ওলায়৷
: জাবৰ নুলিয়াবা মুঠতে৷
: থেংকছ৷ তুমি এনেকৈ কৈ দিয়াৰ পাছত আৰু মোৰ
লিখিবলৈ মনেই নাথাকিল৷ কিমান প্ৰস্ফূটিত গোলাপ কলি পাহ নেমেলোঁতেই মৰহিল এই সৃষ্টিশীল
সাহিত্য জাবৰ হৈছেনে মুকুতা হৈছে ধৰণৰ বাচ-বিচাৰ চলাই থকা মহাপণ্ডিতসকলৰ কাৰণে৷ লিখিবলৈ
উদ্যত হওঁতেই কিমানৰ মন মৰিল৷ যি আৰু কেতিয়াও খুলি ক’ব নোৱাৰিব মনৰ কথা, দুখ লাগে
ভাবিলে কিমান শব্দস্ৰোত যে বৈ নাহোঁতেই থমকি ৰ’ল৷ শুকাই গ’ল জলধাৰা, গোট মাৰিল কলিজাৰ
বৰফ৷
: এহ তুমিনো কিবা প্ৰস্ফূটিত গোলাপ কলি নেকি?
তোমাৰ হাতখন পৈণত, হ’ল বুলিয়েই হকে-বিহকে লিখি হাতখনৰ সন্মানটো হানি নকৰিবা৷
: বাহ এলিট মেণ্টেলিটী! তুমি যে মানিও লৈছা মই জাবৰ উলিয়াব পাৰোঁ বুলি৷
: প্ৰথম কথা গল্পকাৰসকলে এটা এলিট আৰু প্ৰিভিলেজড অৱস্থানৰ পৰাই গল্পবোৰ লিখে, কবিও একেই – সাংঘাতিক ধৰণেৰে প্ৰিভিলেজড তেওঁলোক৷ ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ চলি থাকোঁতে ঢাঁহি-মুহি কবিতা লিখা মহান কবিসকলক দেখিছানে? ইয়াতে পেলেষ্টাইনী কবিও আছে৷ তেওঁলোকে জানে যে তেওঁলোক ছিকিউৰড, হয়তোবা নিজ দেশতেই নাই৷ আছেগৈ ক’ৰবাৰ ইউ. এছ. এ, জাৰ্মানীত বহি- মূৰৰ ওপৰত কেইবা তৰপীয়া নিৰাপদ ছাদ৷ দ্বিধা নাই, শংকা নাই৷ সেই লৈ ছ’চিয়েল মিডিয়াত ‘লাইভ’ আহি ডিঙিৰ সিৰ ফুলাই ফুলাই গান গোৱাবোৰৰ কথা যে নক’বাই৷ বিখ্যাত ব্যক্তিৰ মৃত্যু হ’লে, হত্যা-ধৰ্ষণ-লুণ্ঠনৰ ঘটনাক লৈ একেৰাতিতে কবিতা লিখা সেই মহান কবিসকলক মই পোৱা হ’লে মুখত থুৱালোহেঁতেন৷ আৰু জাবৰ? চবেই পাৰে জাবৰ লিখিব৷ বেছিভাগ নামজ্বলাই লিখি আছে৷ অলপ প্ৰতিষ্ঠিত আলোচনী এখনকে মেলি চোৱাঁচোন- বাৰ মাহৰ দহটা সংখ্যাই সৰ্বমুঠ জাবৰ৷
: বাৰু মেগী প্লে’টখন আঁতৰাই থোৱাঁ৷ ম’ম’ এক পিছ খোৱাঁ৷
: ধুই৷ নেখাওঁ৷ বঁতিয়াই দিম৷
: পজিটিভলি কথাবিলাক ল’বলৈ আৰম্ভ কৰাঁচোন,
জীৱনটো ভবাতকৈ ভাল হ’ব৷
: ...
: থেৰাপিষ্টগৰাকীক এৰি নিদিবা বুজিবা৷ মানুহজনী
ভাল৷ পইচা-পাতিৰ অলপ ব্যয় হ’বই আৰু৷ হওক৷ আমিবোৰ দেখোন আছোঁৱেই - তোমাক এইদৰে দেখি
ভাল নালাগে, চাৰি বছৰৰ আগৰ মানুহজনীক মই ঘূৰাই পাব বিচাৰোঁ৷
: হুঁ ৷
: ব’লা উঠোঁ৷ মোৰ বহুত জোৰত প্ৰেছাৰ আহিছে৷
তলপেটটো চিকুট মাৰি ধৰিছে৷ নোৱাৰিছোঁ৷
: যোৱাঁ৷ দৌৰাঁ৷ ৰূম পাই মোক খবৰ দিবা খোলোচা
হ’লা নে নাই৷
: ঔকে৷ আজি খোলোচা নহ’লে মোৰ চিন্তাত টোপনিয়েই নধৰিব৷ চকুৰ গুৰি চোৱাঁ কিমান ক’লা পৰিছে..
: যাও৷ ভাগৌ৷ তুৰন্ত৷
e-mail ID: pratikshyaborah93@gmail.com