ভাস্কৰ জে নাথ
১
মেঘ ভাঙি
কাউৰীবোৰ আহিছিল
যেন এক ভয়াৰ্ত সময়ৰ ছবি ছিৰাছিৰ কৰি
মোৰ চকুৰ আয়নাত
২
কা কা শবদত মই সাৰ পাইছোঁ
কৰ’বাত কিবা এটা যেন অঘটন হ’ব!
৩
মোৰ তৃতীয় চকুৱে সাৰ পোৱাৰ আগতেই
কাউৰীৰ ক’লাবোৰ কলালৈ ৰূপান্তৰ হৈছে
আৰু মই কেনভাছত ৰং সানিছোঁ
৪
ক’লা মানেই দৈত্য নহয় বুলি মই স্বীকাৰ কৰিছোঁ
আৰু চোৱাঁ এন্ধাৰতো মই তোমাক বিচাৰি পাইছোঁ!
৫
এন্ধাৰৰ প্ৰতি প্ৰীতি জাগিছে
শুই থকা মানুহবোৰক জগাইছোঁ
আৰু কৈছো ব’লা আমি এন্ধাৰক চাই আহোঁ
কাইলৈ পোহৰ হোৱাৰ আগতেই এন্ধাৰৰ প্ৰেমত পৰোঁ!
৬
এন্ধাৰৰ প্ৰেমত নপৰিলে পোহৰ কি কেনেকৈ বুজিম কোৱাঁ!
৭
এন্ধাৰৰো থাকে উচুপনি
যি মই শুনিছোঁ
আপুনিও শুনিছেনে!
(এয়া সান্ত্বনা নহৈ নোৱাৰে
এন্ধাৰক কলালৈ ৰূপান্তৰিত কৰাৰ)