অন্যযুগ/


ফেডেৰিক’ গাৰ্থিয়া লৰ্কা

 ড° প্ৰাণ্‌জিৎ বৰা

লৰ্কাৰ ল’ৰালিকালৰ কথা৷

গ্ৰাণাডাৰ ওচৰৰ ফুএ’ণ্টেই ভাকেৰ’ছ নামৰ যিখন গাঁৱত তেওঁৰ জন্ম, তাতেই তেওঁ এদিন দেখা পাইছিল পৰ্বতৰ গুহা এৰি তললৈ নামি অহা দুখীয়া অঘৰী এজনৰ বিষণ্ণ চকুদুটা৷ আঢ্যৱন্ত পৰিয়ালৰ আদৰুৱা সন্তান লৰ্কাই উপভোগ কৰা আৰাম তথা ঐশ্চৰ্যৰ প্ৰতি যেন নিক্ষিপ্ত হৈছিল সেই দৃষ্টি৷ চকুৰ আঁৰ নোহোৱা পৰ্যন্ত তেওঁ সেই দৃষ্টিত নিমগ্ন হৈ আছিল৷ আঁৰ হোৱাৰ মুহূৰ্ততে কাণত পৰিছিলহি উচ্চৈস্বৰে কোনোবাই কৈ যোৱা সেই শব্দটো– Amargo৷ কোনোবা মানুহৰ নাম সেইটো, যাৰ অৰ্থ ‘তিক্ত’৷ চকুৰ আগলৈ সেই নামৰ কোনো মানুহ পিছে ওলাই নাহিল, কিন্তু সেই দৃষ্টি আৰু সি এৰি যোৱা তিক্ত স্বাদ লৰ্কাৰ প্ৰাণত গঁথা হৈ ৰ’ল ওৰেটো জীৱন৷ তেওঁ লিখিবলৈ আৰম্ভ কৰিলে৷ মাথোন ৩৮ বছৰীয়া জীৱনটোতে তেওঁ ইমানকৈ লিখিলে যে অৱশেষত ৰুইজ এলন্‌ছ’ নামৰ তেওঁৰ জঘন্যতম হত্যাকাণ্ডৰ অন্যতম এজন নায়কে ক’বলৈ বাধ্য হ’ল– He did more damages with his pen than others did with their guns. এই কথা সঁচা যে নিৰ্যাতিত মানুহৰ তিক্ত যন্ত্ৰণাৰ কথা লিপিবদ্ধ কৰাৰ সময়ত লৰ্কাৰ কলমডাল এদিন তেওঁৰ বুকুৱেদি সোমাই যোৱা ফেচিষ্টবোৰৰ বন্দুকৰ অব্যৰ্থ গুলীৰ দৰেই অতি নিৰ্মমভাবে গৰ্জি উঠিছিল৷ শুনা যায়, ফেচিষ্টহঁতে বধ্যভূমি পৰ্যন্ত তেওঁক অতি নিৰ্মমভাবে চোঁচৰাই লৈ গৈছিল; তেওঁৰ লগতে দুজন ষাঁড় যুঁজাৰুকো সিহঁতে হত্যা কৰিছিল, আৰু তিনিওকে একেটা গাঁততে কবৰ দিয়া হৈছিল৷

সময়টো আছিল দোকমোকালি৷ লৰকাৰ অতি প্ৰিয় সময়৷ অনুমান কৰা হয়, ফুএ’ণ্টেই গ্ৰাডেইৰ মৌন প্ৰান্তৰৰ এজোপা বুঢ়া জলফাই গছৰ আশে-পাশে ক’ৰবাত তেওঁক পুতি থোৱা হৈছিল৷ লৰ্কা বিপ্লৱী নাছিল, কিন্তু ফ্ৰাংকোৰ স্পেইনত ফেচিষ্টহঁতে এজন বিপ্লৱীতকৈও তেওঁলৈ বেছি ভয় কৰিছিল৷ কিয়নো তেওঁ আছিল এজন কবি৷ শিশুৰ দৰে সৰল, পোনপটীয়া; কিন্তু, এটা নিভীৰ্ক সত্ত্বা (জামাৰ্নীৰ হিটলাৰ-কতৃক  ইহুদী-বিৰোধী ফেচিজিমৰ বিৰুদ্ধে স্পেইনৰ প্ৰতিবাদপত্ৰত প্ৰথমটো চহী কৰিছিল তেঁৱেই৷

ফেচিষ্টহঁতে তেওঁক ভয় কৰিছিল প্ৰধানতঃ এই বাবেই যে নিৰ্মল হৃদয়ৰ, সৰল আৰু ফূৰ্তিবাজ এই কবি আৰু তেওঁৰ কবিতাক সাধাৰণ জনতাই, আনকি নিৰক্ষৰ হোজা খেতিয়ক-শ্ৰমিক আৰু বনুৱা পৰ্যন্ত, আটায়ে প্ৰাণভৰি ভাল পাইছিল৷ পৃথিৱীৰ খুব কম সংখ্যক কবিৰ কাব্য-সংকলনেইহে হয়তো প্ৰকাশ হোৱাৰ আঠ বছৰৰ ভিতৰতে সাতোটাকৈ পুনঃমুদ্ৰণ হোৱাৰ সৌভাগ্য অৰ্জন কৰিছে৷ লৰ্কাৰ ‘জিপছী বেলাড’– এ সেই জনপ্ৰিয়তা পাইছিল৷ মানুহে সংগীতৰ লগতে তেওঁৰ কবিতা আওঁৰাইছিল, লোকগীতৰ দৰে সুৰ ধৰি গাইছিল, তেওঁ আছিল জনতাৰ মৰমৰ ফেডেৰিক’৷

তেওঁৰ কবিতা কিমান জনপ্ৰিয় হৈছিল তাৰ সাধাৰণ প্ৰমাণ এটা এয়ে যে মাথোন ৩১ বছৰ বয়সতে আমেৰিকালৈ যোৱাৰ আগে আগে গ্ৰাণাডাবাসীয়ে লগ হৈ তেওঁক সম্বৰ্ধনা যাচিছিল স্পেনীয় আধুনিক কবিতাৰ প্ৰতিনিধি আৰু স্পেনীয় কবিতাৰ নব্য প্ৰাণদাতা আখ্যাৰে বিভূষিত কৰি৷

তেওঁৰ কবিতাৰ এই অভূতপূৰ্ব জনপ্ৰিয়তাৰ মূলতে আছিল সিবোৰত নিহিত হৈ থকা স্পেইনৰ মাটিৰ সুৱদী গোন্ধ, যি বিয়পি আছিল আন্দালুছিয়াৰ অঘৰীসকলৰ বা সাধাৰণ চহাজনৰ নিৰৱধি জীৱনধাৰাৰ প্ৰতিটো ছন্দত৷ সৰুৰে পৰাই তেওঁ লালিত হৈছিল চহাজীৱনৰ অতুল বৈভৱৰ মাজত৷ স্পেইনৰ এই চহা জনতাৰ নিজস্ব পুৰাণ নাছিল৷ কিন্তু আছিল লোক গীত-মাত-নৃত্যৰ জীৱন, আপুৰুগীয়া পৰম্পৰা৷ লৰ্কা আছিল এই জীৱন, পৰম্পৰাৰ মানস সন্তান৷ পাহাৰৰ দাঁতিৰ বিশাল সেউজীয়া জলফাই বনৰ মাজত বা নৈৰ দাঁতিত অথবা ৰৌদ্ৰোজ্জ্বল কোনো পথাৰত বা ফুলিবলৈ ধৰা ঘাঁহনিৰ কাষত য’তে-ত’তে তেওঁ চহাজীৱনৰ হাঁহি-চকুলোৰে গঢ়া সেই গানবোৰ গাই ঘূৰি ফুৰিছিল৷ আচৰিত হৈ তেওঁ লক্ষ্য কৰিছিল, কেৱল এই গানবোৰতেই নহয়, দৈনন্দিন কথা-বতৰাতো নিৰক্ষৰী চহা মানুহবোৰে ব্যৱহাৰ কৰে উপমাৰ ভাষা। মন্ত্ৰমুগ্ধ হৈ তেওঁ সেয়ে গ্ৰাণাডা চহৰত আন্দালুছিয়া আদি-গান Canto Jondo-ৰ উৎসৱেই অনুষ্ঠিত কৰি পেলালে৷ গ্ৰীক-ৰোমান কাব্যৰ দেৱ-দেৱীৰ পিনে পিঠি দি নিজৰ ভৰিৰ মাটিৰ তলতে থকা মংগলা কাব্যশক্তি (duende)-ৰ বন্দনাৰে নিজেই লেখি উলিয়ালে শতাধিক লোকগান৷ যেন আদি-মানুহৰ আত্মা হৈ উঠিল তেওঁৰ কবিতাৰ আত্মা, যেন আদি-মানৱৰ সেই pre-logical জগতখন, য’ত সৰু ল’ৰা এটাৰ হাতত ধৰি আকাশেৰে ক’ৰবালৈ গৈ থাকে জোনবাইজনী, বা বতাহৰ লগত যুঁজ কৰি কৰি নাচি থাকে আইৰিশ্ব ফুলৰ পাতবোৰ, হৈ পৰিল তেওঁৰ মুক্তিৰ পীঠস্থান৷ কিন্তু ইয়াৰ অৰ্থ এনেকুৱা নহয় যে লৰ্কাৰ কবিতা তথাকথিত সৰল কবিতা৷ লোককথাৰ পৰা তেওঁ মাথোন সমলবোৰহে গ্ৰহণ কৰিছিল, কিন্তু ৰচনা কৰি উলিয়াইছিল যথাৰ্থ আধুনিক কবিতা৷ চি. এম. বাওৰাৰ মতে, লৰ্কাই প্ৰথমজন ইউৰোপীয় কবি যি সৰল আদি-মানুহৰ কবিতাৰ আধুনিক চিত্ৰকল্প আৰু ব্যঞ্জনাৰ বিশেষত্ব ব্যৱহাৰ কৰি তাক নতুন আয়তন প্ৰদান কৰিলে৷ আৰু এক লক্ষ্য কৰিবলগীয়া বিষয় হৈছে লৰ্কাৰ সেই Pre-logical জগতখনৰ সৈতে অংগাগীভাৱে জড়িত হৈ থকা এক সূক্ষ্ম যন্ত্ৰণাবোধৰ বিষয়টো, যি লৰকাৰ কবিতাৰ এক সম্পূৰ্ণ আত্মিক উপলব্ধিৰ বাবে অতীব প্ৰয়োজনীয় পূৰ্বচৰ্ত৷ নিঃসন্দেহে এই যন্ত্ৰণাবোধৰ উৎস হৈছে সেই সময়ৰ তেজে ধোৱা স্পেইন য’ত ষাঁড় যুঁজাৰুৰে পৰা আৰম্ভ কৰি (ষাঁড় যুঁজৰ প্ৰতি লৰকাৰ বিশেষ অনুৰাগ আছিল) স্কুলৰ শিক্ষকলৈকে নিৰ্মমভাৱে হত্যা কৰা হৈছিল ফ্ৰাংকোৰ সামৰিক শক্তিৰ উদ্যোগত৷ এই যন্ত্ৰণা নিপীড়িত মানুহবোৰৰ গাৰ পৰা ক্ষয় হোৱা তেজ দেখিও নিজে একো কৰিব নোৱৰাৰ যন্ত্ৰণা৷ অকাল মৃত্যুৰ বিষাদ৷ হতভগীয়া মৃত্যুৰ বিষাদ৷ ‘মৃত্যু’ সেয়ে বাৰে বাৰে তেওঁৰ কবিতাত ধৰা পৰিছে যন্ত্ৰণা, চেতনা আৰু মুক্তিৰ একত্ৰ প্ৰতীক হৈ৷ ‘‘মৃত্যু তেওঁৰ বাবে জীৱন সংগিনী, তৰুণী, ৰূপহী, জীৱনৰ বিপৰীত নহয়৷’’ জীৱন আৰু মৃত্যুৰ বন্ধনতে ডোল খাই আছে মানুহৰ বেথা৷ মানুহৰ কৰুণা আৰু সমগ্ৰ আনন্দ৷

ফ্ৰাংকোৰ স্পেইনত নিজৰ মৃত্যুক লৈ লৰকাৰ কিন্তু কোনো দুঃশ্চিন্তা নাছিল৷ ১৯২৮ চনত ২৯ বছৰ বয়সত তেওঁ এবাৰ লেখিছিল, 'I have always been a child'৷ ২৯ বছৰ বয়সতো নিজকে সদায় সৰু বুলি  ভবা মানুহজন কেনেকুৱা হ’ব লাগিব বাৰু? নিঃসন্দেহে তেওঁ আছিল দৃঢ় আৰু বলিষ্ঠ, কিন্তু শিশুৰ সৰলতা আৰু সততাই কেতিয়াও তেওঁক লগ এৰা নাছিল৷ নিজৰ স্মৃতিকথাত লৰ্কাৰ কবিবন্ধু নেৰুডায়ো এই কথাকে সুঁৱৰিছে৷ বুয়েনছ আয়াৰ্ছত নাটলিও বোট’না নামৰ এক ধূৰ্ত পুঁজিপতিৰ ঘৰলৈ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ যাওঁতে হোৱা এক আচৰিত ঘটনাৰ কথা সুঁৱৰি নেৰুডাই লেখিছে, ‘‘ফেডেৰিক’ই যিহকে দেখিছিল, তাতে আনন্দিত হৈ হাঁহি উঠিছিল৷ আমাৰ আগে আগে বক্‌বক্‌ কৰি তেওঁ গৈ আছিল৷ তেওঁ সদায় তেনেকুৱাই ৰং মনৰ মানুহ আছিল৷ আনন্দ যেন গাৰ ছালখনৰ দৰে তেওঁৰ এটা অংশহে আছিল’’৷ কবিতা সুন্দৰকৈ আবৃত্তি কৰা, গান গোৱা, পিয়ানোত নিজৰ সুৰ এটা বজোৱা– এই আটাইবোৰতেই তেওঁৰ দখল আছিল অতি প্ৰশংসনীয়৷ তদুপৰি তেওঁ আঁকি উলিয়াইছিল অধিবাস্তৱবাদী ধাৰাৰ ড্ৰয়িং আৰু পেইণ্টিং৷ (প্ৰথমতে নিজৰ ছবিৰ প্ৰদৰ্শনীও পাতিছিল, পাছত নেৰুডাৰ কবিতাৰ কিতাপৰ বাবেও ছবি আঁকি দিছিল৷)

ইয়াৰ বাদেও তেওঁৰ জীৱনৰ আন এক সাংঘাতিক নিচা আছিল নাটক৷ নিজে নাটক লিখা আৰু পৰিচালনা কৰিয়েই তেওঁ কিন্তু ক্ষান্ত নাছিল, থিয়েটাৰৰ সামাজিক দায়ৱদ্ধতাৰ কথা সুঁৱৰি আজি অ’ত কালি ত’ত কৰি তেওঁ নাট্যদলবোৰৰ লগতো প্ৰায়ে ঘূৰি ফুৰিছিল৷ ‘ব্লাড ৱেডিং’ ‘য়াৰ্মা’ আদি নাটকবোৰত তেওঁ যিধৰণে ট্ৰেজেদিৰ পুনৰ নিৰ্মাণ কৰিছিল ভাবিলে আচৰিত হ’ব লাগে৷ যেন তেওঁৰ কবিতাৰেই সহজ পৰিণাম হৈ উঠিছিল নাটক৷ ‘য়াৰ্মা’ চাই তেওঁৰ অন্তৰংগ বন্ধু বুনুৱেলে কৈ উঠিছিল– ‘‘The poem is endless. I fight my impatience.’’

এক কথাত লৰ্কাৰ জীৱনটোত ব্যস্ততাৰ অন্ত নাছিল৷ তেওঁ আছিল এটা গতি৷ নিজৰ নাটক আৰু কবিতাৰে ফ্ৰাংকোৰ স্পেইনলৈ তেওঁ যি এক গণতান্ত্ৰিক, পুৰণি খ্ৰীষ্টান নৈতিকতা-বিৰোধী গতি আনি সাধাৰণ জনতাক উৎসাহিত কৰিছিল, সিয়েই ফ্ৰাংকোক বাধ্য কৰাইছিল তেওঁৰ বিৰুদ্ধে মৃত্যুৰ পৰোৱানা জাৰি কৰিবলৈ৷ লৰকাই কিন্তু এই বিষয়ে মুঠেও চিন্তাই কৰা নাছিল৷ নিজৰ বহু বন্ধুৱে তেওঁক পলাই যাবলৈ কোৱা সত্বেও তেওঁ ঘূৰি ফুৰিছিল মুকলিকৈয়ে৷ শিশুৰ দৰে সৰলতাৰে তেওঁ বিশ্বাস কৰিছিল– নাই, এজন কবিক সিহঁতে কেতিয়াও হত্যা নকৰে৷ কিন্তু লৰ্কাৰ বিশ্বাস ভুল বুলি প্ৰমাণিত হ’ল সহজতে৷ মাথোন ৩৭ বছৰ বয়সতে ১৯৩৬ চনৰ ১৯ আগষ্টৰ পুৱতি নিশা তেওঁক গুলীয়াই হত্যা কৰা হ’ল৷ নিজকে সদায় শিশু বুলি ভাবি থকা, শিশুৰ দৰেই সমাজৰ অন্যায়ৰ বিৰুদ্ধে জক্‌জকাই উঠা এজন কবিক হত্যা কৰা হ’ল কুকুৰৰ দৰে অতি নিৰ্দয়ভাৱে৷ তেওঁৰ কিতাপবোৰ পুৰি পেলোৱা হ’ল৷ তেওঁৰ কবিতা নিষিদ্ধ কৰা হ’ল৷ আনকি তেওঁৰ সম্বন্ধে মুকলিকৈ কথা পাতিবলৈও জনসাধাৰণক মানা কৰা হ’ল৷ ১৯৭৫ চনলৈকে স্পেইনত এই নিষেধাজ্ঞাই চলি আছিল৷ ১৯৭৫-৭৬ চনত প্ৰথমবাৰৰ বাবে লৰ্কাৰ জন্মদিন যেতিয়া ৰাজহুৱাকৈ অনুষ্ঠিত কৰা হৈছিল তেতিয়াও কিন্তু জনসাধাৰণ ওলাই অহা নাছিল৷ চৰকাৰী উদ্যোগত অনুষ্ঠিত সেই জন্মদিনৰ কাৰ্যসূচী আছিল আচলতে ফ্ৰাংকোৰ বিৰুদ্ধে অনুষ্ঠিত ৰাজনৈতিক বিক্ষোভৰেই অন্য নাম৷ লৰ্কাৰ জীৱনৰ তিনিটা প্ৰধান নিচা– সংগীত, নাটক আৰু কবিতাৰ সেই অনুষ্ঠানত কোনো স্থানেই নাছিল৷ নাছিল তাত লৰ্কাই পঢ়ি ভাল পোৱা শ্বেইক্সপীয়েৰ অথবা ভিক্টৰ হিউগ’৷ নাছিল তাত লৰ্কাৰ পিয়ানোত দক্ষতাৰে সাৰ পাই উঠা বিথ’ভেন৷... অথচ এই একে সময়তে লৰ্কা হাজাৰ হাজাৰ সাধাৰণ স্পেনিছৰ বুকুত সাৰে আছিল চেতনাৰ প্ৰতীক হৈ, আত্মত্যাগৰ জ্বলন্ত নিদৰ্শন হৈ৷ কৰুণা আৰু বিশ্বাসৰ তুঁহজুই একুৰা হৈ লৰকা শুই আছিল বোকা আৰু ধূলিৰে প্ৰতিপালিত এইসকল দীনদুখীৰ অন্তৰত, যাক লৰ্কাই এসময়ত ভাল পাইছিল নিজৰ দৰেই৷ আজি লৰ্কাৰ জন্ম-শতবাৰ্ষিকী হৈ যোৱাৰ পাছত লৰ্কাক সমগ্ৰ ‘নতুন স্পেইন’ৰে প্ৰতীকত পৰিণত কৰিবলৈ এটা চাম উঠি-পৰি লগা পৰিলক্ষিত হৈছে৷ ফেডেৰিক’ৰ প্ৰতি নিঃস্বাৰ্থ শ্ৰদ্ধাৰ বাবে অৱশ্যে তেওঁলোক আগবাঢ়ি অহা নাই, বৰং ফেডেৰিক’ৰ নামটোৰ জৰিয়তে ফেডেৰিক’-প্ৰেমী জনতাক নিজৰ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাই তেওঁলোকৰ উদ্দেশ্য৷ স্পেইনৰ জনতাই জনা উচিত যে তেওঁলোক কাহানিও লৰকাক সঁচা অন্তৰেৰে ভালপোৱা সেই ডালি বা বুনুৱেল নহয়৷

ছালভাড’ৰ ডালি, যাৰ শিল্পী-জীৱনৰ এটা সমগ্ৰ পৰ্ব লৰ্কা পৰ্বৰূপে পৰিচিত, তেওঁ আৰু এখোজ আগবঢ়া৷ ডাঙৰ হাতৰ আখৰেৰে লিখা শব্দৰ দৰে স্পষ্ট লৰ্কাৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা আৰু আন্তৰিকতা- ‘‘তেওঁক লগ নোপোৱা পৰ্যন্ত মই আছিলোঁ গোঁৱাৰ, গ্ৰাম্য৷ তেঁৱেই মোক প্ৰথমে পৰিচয় কৰি দিলে সম্পূৰ্ণ সুকীয়া এখন জীৱন্ত জগতৰ সৈতে৷ ফেডেৰিক’– ফেডেৰিক’ আছিল এটি শিখা৷’’


মৃত্যু যে আসন্ন, সেই কথা আগতীয়াকৈ গম পোৱাটো বাৰু সম্ভৱনে? আনৰ কথা ক’ব নোৱাৰি, কিন্তু লৰ্কাই যেন আগতীয়াকৈ গম পাইছিল তেওঁৰ আসন্ন মৃত্যুৰ কথা৷ স্পেনিছ গৃহযুদ্ধ আৰম্ভ হোৱাৰ তিনিমাহ আগতে হোৱা ভয়ংকৰ অভিজ্ঞতা এটাৰ কথা তেওঁৰ নিজৰ প্ৰিয় বন্ধু নেৰুডাৰ আগত কৈ শুনাইছিল৷ আৰু তেওঁৰ অজ্ঞাতেই সেই নাৰকীয় অভিজ্ঞতা তেওঁৰ মনত গঁথা হৈ ৰৈছিল নিজৰ মৃত্যুৰ পূবাৰ্ভাস বা প্ৰিম’নিশ্যন্‌ৰ ৰূপত৷

নিজৰ বন্ধুৰ সেই নাৰকীয় অভিজ্ঞতা শুনিবৰৰ পৰত নেৰুডাই সপোনতো ভাবিব পৰা নাছিল যে কেইমাহমানৰ পাছতে সেই ভয়ংকৰ অভিজ্ঞতাৰ সৈতে হুবহু মিলি যাব লৰ্কাৰ জীৱনৰ শেষ পৰিণাম৷

তেনেকৈ ভাবিব পৰাটো সম্ভৱো নাছিল৷ কিয়নো লৰ্কাৰ দৰে ইমান ৰঙিয়াল, স্ফূৰ্তিবাজ আৰু শিশুৰ দৰে সৰল মানুহ সময়ৰ গ্ৰাণাডাতে বিৰল আছিল৷ নেৰুডাৰ ভাষাত–

‘‘এপিনে সপ্ৰতিভতা আৰু প্ৰতিভাৰ, আনপিনে উৰন্ত এখন হৃদয় আৰু ফাটিক প্ৰপাতৰ দৰে মনৰ ইমান মোহনীয় যুগলবন্দী দ্বিতীয় আন কাৰো মাজত মই দেখা পোৱা নাছিলো৷ ... তেওঁৰ মাজত আছিল এনে ধৰণৰ চুম্বকীৰ্য় মুখৰতা যি নিতৌ তেওঁৰ অন্তৰৰ মাজত জগাই তুলিছিল পৃথিৱীখনৰ প্ৰতি দুৰ্বাৰ হেঁপাহ... ৰজনীগন্ধাৰ দৰে তেওঁ সুৰভিত কৰি তুলিছিল চিৰদিনলৈ বিলীয়মান হ’ব খোজা স্পেইনখনক...’’

সেই সময়ত লা বাৰাকো নামৰ ভ্ৰাম্যমান নাট্যদলৰ লগত লৰকা সোঁৱে-বাঁৱে জড়িত৷ এই নাট্যদলৰ লগতে তেওঁ সিদিনা গৈছে castile-ৰ বহু ভিতৰৰ এখন গাঁৱলৈ৷ দিনটো নাট্যদলৰ লগত ঘূৰি ঘূৰি পৰিশ্ৰান্ত তেওঁ৷ নগৰৰ উপকণ্ঠতে তেওঁলোকৰ ৰাতিটোৰ বাবে কেম্প যদিও, ৰাতি তেওঁৰ কোনোমতেই ভাল টোপনি নহ’ল৷ দোকমোকালি নৌ হওঁতেই সেয়ে তেওঁ শোৱাপাটীৰ পৰা উঠি আহিল৷ বাহিৰত হাড় কঁপোৱা শীত৷ বতাহ যেন শান দি থোৱা ছুৰীৰ দৰে৷ দিক্‌দিগন্ত অগাধ কুঁৱলীৰে আচ্ছন্ন৷ কুঁৱলীৰ ওৰণি গুচাই যিবোৰ দৃশ্য চকুৰ সমুখলৈ আগবাঢ়ি আহে সেই সকলোৰে গাত যেন আদিম কোনো জগতৰ বীভৎসতা৷ যি নহওক, খোজকাঢ়ি গৈ থাকোঁতেই এসময়ত তেওঁ থিয় দিলেগৈ বহু পুৰণি সামন্ত যুগৰে যেন লগা এখন বিশাল পাৰ্কৰ সমুখত৷ প্ৰৱেশদ্বাৰতে মামৰে ধৰা লোহা-লক্কৰ সমন্বিতে মূৰ্তি কিছুমানৰ ভগ্নাৱশেষ৷ পৰিত্যক্ত আৰু বিশাল সেই ভগ্নাৱশেষৰ মুখামুখি হৈ হঠাৎ যেন আৰু বেছিকৈ বাঢ়ি গ’ল শীত আৰু শূন্যতাৰ মাত্ৰা৷ লৰ্কাৰ ভাব হ’ল, ঠিক এই মুহূৰ্ততে যেন কুঁৱলীত আচ্ছন্ন দোকমোকালিৰ এই মঞ্চত অভিনীত হ’ব ভয়াৱহ কিবা এটা ঘটনা৷ ভাবি থাকোঁতেই হঠাৎ যেন শূন্যৰ পৰাই ভগ্নাৱশেষৰ সেই স্তুপটোত ক’ৰবাৰ পৰা দৌৰি আহি উপস্থিত হ’লহি এটা ভেড়া৷ চাৰিওপিনৰ ভয়াৱহ পৰিৱেশত কোমল ভেড়াটোৰ ভৰিৰ শব্দ হৈ পৰিল ভীষণ মানৱিক৷ লৰকাৰ ভাব হ’ল, যিয়েই নহওক, অন্ততঃ এতিয়া আৰু তেওঁ অকলশৰীয়া নহয়৷ এই নিজম-নিস্তব্ধ ৰুদ্ধশ্বাস পৰিৱেশত তেঁৱেই যেন সেই ঠাইৰ সেই একমাত্ৰ জীৱন্ত প্ৰাণীটোৰ সংগী এতিয়া৷ তেওঁৰ মনটো পাতল যেন লাগিবলৈ নাপালেই পিছে, হঠাৎ সেই ঠাইত  আহি উপস্থিত হ’লহি চাৰি-পাঁচটামান ক’লা, হিংস্ৰ বনৰীয়া গাহৰিৰ দল এটা৷ চাই থাকোঁতেই সিহঁত সেই নিৰীহ আৰু শান্ত ভেড়াটোৰ ওপৰত জঁপিয়াই পৰিল, আৰু লৰ্কাৰ চকুৰ সমুখতে সংঘটিত হৈ গ’ল ৰক্তপাতময় দৃশ্যটো৷ ভেড়াটোক দাঁত আৰু নখেৰে ফালি-ছিৰি নিজৰ ক্ষুধা পুৰণ কৰি আঁতৰি গ’ল গাহৰি কেইটা৷ আৰু ভীষণ আতংকত হিম যেন চেঁচা হৈ গ’ল লৰ্কা৷

মৃত্যুৰ ঠিক তিনিমাহৰ পূৰ্বে ঘটিছিল এই ঘটনা৷ ইয়াৰ তিনিমাহ পাছতে ১৯৩৬ চনৰ ১৯ আগষ্টৰ দোকমোকালিত শোৱাপাটীৰ পৰা জগাই লৈ গৈ ফোচিষ্টহঁতে তেওঁক নিমৰ্মভাৱে গুলীয়াই মাৰিছিল৷

বহুতে ক’ব খোজে, আমেৰিকা-ভ্ৰমণৰ অভিজ্ঞতাৰে লিখা ‘নিউয়ৰ্কত কবি’ৰ কবিতাবোৰ ৰচনা পৰাই যেন লৰকাক মৃত্যুৰ শীতল গোন্ধটোৱে আমনি কৰিবলৈ লৈছিল৷ আমেৰিকা তেওঁৰ মানত তাঁৰ আৰু মৃত্যুৰ দেশ, মৃত্যুৱে শেঁতা কৰি তোলা নিগ্ৰোৰ দেশ– পুঞ্জীভুত বেদনাৰ এই দেশত ভৰি দি ভীষণ ভয়ংকৰ অভিজ্ঞতা হৈছিল লৰ্কাৰ৷ লৰ্কাৰ বন্ধু ৰাফায়েল আলবোৰ্তি, যি নিজেও বহুবাৰ সমুখীন হ’বলগীয়া হৈছিল লৰ্কাৰ ওপৰত চলোৱা ধৰণৰে বিভিন্ন ধৰণৰ আক্ৰমণ আৰু ষড়যন্ত্ৰৰ; আলবেৰ্তিয়ে তেওঁৰ আত্মজীৱনী The lost Grove-অত ‘নিউয়ৰ্কত কবি’ৰ প্ৰথম সংস্কৰণৰ ভুমিকাত বেগাৰ্মিনে লেখা গুৰুত্বপূৰ্ণ কথাকেইটামান উদ্ধৃত কৰিছে৷ আলবেৰ্তিয়ে উদ্ধৃত কৰা অনুসৰি, বেগাৰ্মিনে লেখিছিল যে–

‘‘ইয়াত (‘নিউইয়ৰ্কত কবি’ত) এনে এক কণ্ঠস্বৰ শুনা যায় যি ধাপে ধাপে, কবিতাই কবিতাই সহজে দেখা পোৱা আৰু পৰিণামত মৃত বুলি দেখা পোৱা এখন পৃথিৱীৰ সমস্ত গৰিমা ক্ৰমান্বয়ে মোহাৰি-ছিৰি গৈ থাকে৷ আৰু এইদৰেই কবিয়ে দেখুৱাব খুজিছে আত্মহত্যাৰ প্ৰান্তত থিয় দিয়া ব্যক্তি এজনৰ আত্মপ্ৰতিকৃতি৷ এক ভয়ংকৰ মৃত্যুৰ আগজাননী লিপিৱদ্ধ কৰিছে তেওঁ আচলতে...’’

ঠিক ক’ত বা প্ৰথম কেতিয়া লৰকাই তেওঁৰ নিজৰ মৃত্যুৰ পূবাৰ্ভাস পাইছিল, নিউয়ৰ্কতে নে পাছত এটা দোকমোকালিৰ মাজত, সেয়া ডাঙৰ কথা নহয়৷ ডাঙৰ কথা বৰং এয়েহে যে স্পেইনৰ সবাতোতকৈ জনপ্ৰিয়, সবাতোতকৈ স্নেহধন্য এই কবিৰ বিৰুদ্ধে অপৰাধটো সংঘটিত হৈছিল তেওঁৰ নিজৰ মাতৃভূমি স্পেইনতে৷ লৰকাৰ সময়ৰ আন এক বৰণীয় প্ৰতিভা এণ্টনিও মাচাদোৱে লৰ্কাক উদ্দেশ্যি লেখা তেওঁৰ কবিতাত বাৰে বাৰে এই কথাটোৰ ওপৰতে জোৰ দিছে–

        ‘‘চিৰকাললৈ প্ৰকাশ কৰি যাব মাথোন এটা কথা :

        এই অপৰাধ ঘটিল গ্ৰাণাডাত, তেওঁৰে আপোন গ্ৰাণাডাত৷’’

দেশে দেশে কবিসকলৰ ভাগ্যত ছাগৈ এনেকুৱাই ঘটি থাকে৷ নিজ দেশৰে এখন বিষণ্ণ নিৰ্জন পাৰ্কত গছৰ তলত মুমূৰ্ষুভাৱে আঘাত কৰি পুস্কিনক পেলাই থৈ গৈছিল এজন তৰোৱালধাৰীয়ে৷ বাইৰন মৰিবলগীয়া হৈছিল আকৌ গ্ৰীচত, যুদ্ধৰ বিৰুদ্ধে যুদ্ধ কৰি কৰি৷ নিঃসংগতাপ্ৰিয় ৰিল্‌কেকো বলপূৰ্বক ধৰি নিয়া হৈছিল যুদ্ধক্ষেত্ৰলৈ৷ আপ’লিনেৰ মৰিছিল প্ৰথম মহাযুদ্ধৰ গোলা-বাৰুদৰ দ্বাৰা মূৰত আঘাতপ্ৰাপ্ত হৈ৷ লৰ্কাৰ বন্ধু ৰাফায়েল আলবেৰ্তিৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছেই, ষড়যন্ত্ৰকাৰীহঁতে হেজাৰবাৰ যত্ন কৰিছিল তেওঁক হত্যা কৰিবলৈ অথবা ফাঁচী-কাঠত ওলমাই থ’বলৈ৷

যুগে যুগে ঘটিয়েই আছে এইবোৰ, নিতৌ নতুন নতুন সাজত, নতুন নতুন ৰূপত, ঠিক আজি পৰ্যন্ত৷ কবি হয়তো নিহত হয়, কিন্তু তেওঁৰ কবিতাক কোনো শক্তিয়েই নিহত কৰিব নোৱাৰে৷ কবিতা জীয়াই থাকে নিহত কবিয়ে পৰম আত্মোৎসৰ্গৰ জৰিয়তে দি যোৱা তাৰ মহান দীপ্তিত৷

লৰ্কাৰ এই দীপ্তিৰ বাবেই হয়তো আলবেৰ্তিয়ে তেওঁৰ লৰ্কাক সোঁৱৰণ কৰি লিখা অমৰ কবিতাত পুনৰ আহ্বান কৰিছে লৰ্কাকেই :

        ‘‘যদিহে ফাঁকি দি আঁতৰি যায় সপোনে, আহাঁ, তুমি আহাঁ মোৰ

        সেই সপোনৰ ৰাতিবোৰলৈ, তোমাৰ ভিতৰৰ পোহৰকণেৰেই 

        আকৌ দেখুৱাই যোৱাঁ সপোন৷’’


 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ