ড° প্ৰাণজিৎ বৰুৱা
যোৱা শতিকাৰ পঞ্চম
দশকৰ মাজভাগত আত্মপ্ৰকাশ কৰা নীলমণি ফুকনৰ কবিতাৰ ৰং-ৰূপ-ৰস-গন্ধই আধুনিক অসমীয়া
কবিতাক বিভিন্ন ধৰণেৰে সমৃদ্ধ কৰিছে৷ তেওঁৰ কবিতা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
প্ৰেক্ষাপটতো স্বকীয় গুণ-গৰিমাৰে জিলিকি উঠিবলৈ সক্ষম হৈছে৷ মৌলিক আৰু অনুবাদ-
দুয়োখন ক্ষেত্ৰতে বিচৰণ কৰা ফুকনৰ কবিতাৰ বিষয়বস্তু ভাববস্তু ৰূপবস্তুৰ বিষয়ে
বিভিন্ন সমালোচক-গৱেষকে আলোচনা আগ বঢ়াইছে৷ এই আলোচনা-সমালোচনাসমূহৰ প্ৰধান ভিত্তি
আছিল সমালোচক গৱেষকসকলৰ নিজা বিচাৰবোধ আৰু কাব্যতত্ত্বৰ বিবিধ দিশ৷ নীলমণি ফুকনে
তেওঁৰ আত্মজৈৱনিক ৰচনা ‘পাতি-সোণাৰুৰ ফুল’ত
আৰু চন্দ্ৰপ্ৰসাদ শইকীয়া, হীৰেন গোঁহাই, হৰেকৃষ্ণ ডেকা, শোণিত বিজয় দাস, অনুভৱ তুলসী আদি বিভিন্নজনৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁৰ কাব্যচিন্তা আৰু
কাব্যৰ নেপথ্যৰ অনেক প্ৰসংগ প্ৰকাশ কৰিছে৷ পাতি-সোণাৰুৰ
ফুল আৰু অন্যান্য ৰচনা শীৰ্ষক সংকলনটিত নীলমণি ফুকন নামৰ কবি আৰু
ব্যক্তিজনক কেনে পৰিৱেশ আৰু অনুপ্ৰেৰণাই গঢ় দিছিল তাৰ তাৎপৰ্যপূৰ্ণ বৰ্ণনা আছে৷
কবিৰ ব্যক্তিগত অভিজ্ঞতা, অনুভৱ, বক্তব্যৰ আলোকতো তেওঁৰ
কবিতা আৰু কাব্য চেতনাৰ স্বৰূপ নিৰ্ণয় কৰাৰ থল আছে৷ তেওঁৰ সৃষ্টিশীল জীৱনটোক
কোনবোৰ দিশে প্ৰভাৱিত কৰিছিল বা জীৱন পথত অগ্ৰসৰ হওঁতে শৈশৱৰ পৰা জীৱনৰ বিভিন্ন
পৰ্বত সন্মুখীন হোৱা জীৱন আৰু জগতৰ কোনবোৰ ঘটনা-পৰিঘটনাই, দৃশ্য-দৃশ্যান্তৰে,
অতুচ্ছ জীৱন চানেকিয়ে তেওঁৰ সৃষ্টিশীল মনটোক প্ৰভাৱিত কৰি কবি
নীলমণি ফুকনক গঢ় দিছিল সেই বিষয়ে বিভিন্ন সাক্ষাৎকাৰ, আত্মজৈৱনিক
ৰচনাত উল্লেখ কৰিছে৷
নীলমণি ফুকনৰ
কবি সত্তাটি ঠন ধৰি উঠিছিল শৈশৱতেই৷ ‘পাতি-সোণাৰুৰ ফুল’ত তেওঁ আন্তৰিকতাৰে দেৰগাঁৱৰ গ্ৰাম্য পৰিৱেশ, প্ৰকৃতি,
উৎসৱ-অনুষ্ঠান, খেল-ধেমালি, লোকগীত-মাত, বিশ্বাস-অবিশ্বাস, ভাওনা-সৱাহ, সামাজিক আচাৰ-অনুষ্ঠান, ঐতিহ্য আদিয়ে কেনেকৈ তেওঁৰ জীৱন দৃষ্টি সলনি কৰিছিল তাৰ সৰস বৰ্ণনা দাঙি
ধৰিছে৷ স্কুলীয়া জীৱনতেই তেওঁ ককা নীলমণি ফুকন, ডিম্বেশ্বৰ
নেওগ, জ্যোতিপ্ৰসাদ আগৰৱালা, অম্বিকাগিৰী
ৰায়চৌধুৰী, ৰাজমোহন নাথ, বাণীকান্ত
কাকতী, বেণুধৰ শৰ্মা, জ্ঞানদাভিৰাম
বৰুৱা, কীৰ্ত্তিনাথ বৰদলৈ, ৰাধানাথ
ফুকন, নকুল চন্দ্ৰ ভূঞাৰ দৰে বৰেণ্য ব্যক্তিৰ সান্নিধ্যলৈ
অহাৰ সৌভাগ্য অৰ্জন কৰিছিল৷ জীৱনৰ পৰৱৰ্তী কালতো তেওঁ আনেক মহান ব্যক্তিৰ
সংস্পৰ্শলৈ আহিছিল৷ ‘পাতি-সোণাৰুৰ ফুল’ আৰু অন্য বিভিন্ন প্ৰসংগত সেই ব্যক্তিসকলৰ ব্যক্তিত্ব, কৰ্ম আৰু বৈশিষ্ট্যই তেওঁক কিদৰে সমৃদ্ধ কৰিছিল বা সৃষ্টিশীল ৰচনাৰে সমাজ
জীৱনক সমৃদ্ধ কৰাৰ প্ৰতি অনুপ্ৰাণিত কৰিছিল তাৰ বৰ্ণনা কৰিছে৷ সেই সময়ৰ স্বাধীনতা
সংগ্ৰাম, দ্বিতীয় বিশ্বযুদ্ধৰ অস্থিৰতাৰ মাজতে দেৰগাঁৱৰ দৰে
সৰু চহৰখনত থাকিয়েই কবিয়ে কিদৰে পৰিৱৰ্তনমুখৰ সময়ৰ সৈতে খোজ মিলাইছিল, স্বাধীনতা আন্দোলনত অংশ লৈছিল তাৰ ব্যাখ্যা কৰিছে৷ সেই সৰু চহৰখনৰ সাৰস্বত
সমাজখনৰ সৈতে সংপৃক্ত হোৱাৰ সৰস বৰ্ণনাও তেওঁ দাঙি ধৰিছে৷ যোৰহাটলৈ কিতাপ কিনিবলৈ
যোৱা, কিতাপ-আলোচনীৰ প্ৰতি আকৰ্ষিত হোৱা, শব্দ আৰু ভাষাৰ প্ৰতি সচেতন হোৱা আদি অনেক কথা বৰ্ণনা কৰিছে৷ এইদৰে দেখা
যায় যে শৈশৱ-কৈশোৰতে নীলমণি ফুকনৰ কাব্যচেতনাৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছিল৷ জন্মভূমি
দেৰগাঁৱৰ পৰা লাভ কৰা ঐশ্বৰ্যৰ বিষয়ে ড॰ হীৰেন গোহাঁইৰ সৈতে হোৱা কথোপকথনত কবিয়ে কৈছে - “দেৰগাঁৱৰ
হাবি-বন-নৈ- পথাৰ গাঁৱলীয়া গীত-মাত আৰু ঐতিহাসিক ঐতিহ্যৰ পৰাই পাইছিলো কোমল
সংবেদনশীল, সৌন্দৰ্য-সন্ধানী এটা মন৷” (কবিৰ বচন, পৃ. ৪১) নীলমণি
ফুকনৰ শিল্প চেতনা, স্থাপত্য-ভাস্কৰ্য প্ৰীতিৰ বুনিয়াদো
দেৰগাঁৱতে গঢ় লৈ উঠিছিল৷ তেখেতে এঠাইত কৈছে-‘ পৰৱৰ্তীকালত
মোৰ যি যৎসামান্য ইতিহাস-ঐতিহ্যবোধ শিল্পকলাবোধ হ’ল তাৰ গুৰি
গছ এই অনাদৃত হৈ পৰি থকা শিলকেডোখৰ আৰু নেঘেৰিটিঙৰ শিৱদ’ল৷’
(কবিৰ বচন, পৃ. ২৭) শৈশৱতে
কবিক দেৰগাঁৱৰ ঘৰৰ কাষৰ কুমাৰ গাঁৱৰ মৃৎ শিল্পই মোহিত কৰিছিল৷ ‘উৰন্ত অপ্সৰাৰ হাঁহি’ নামৰ ৰচনাখনত তেওঁ তাৰ বৰ্ণনা
দি কৈছে- “ চাকখন ঘূৰি থাকোঁতে, কুমাৰৰ
আঙুলিৰ বিৰামবিহীন স্বয়ং যেন লগা সঞ্চালনে, চাকৰ আকাৰহীন
নমনীয় মাটিলদাৰ পৰা- এটা আকাৰৰ, এটা পাত্ৰ উলিয়াই অনা
প্ৰক্ৰিয়াটো দেখি মোহিত হৈছিলোঁ আৰু তেতিয়াই মৃৎ পাত্ৰৰ লগত অজানিতেই মোৰ মন আৰু
সংবেদনৰ এটা দীঘলীয়া সম্পৰ্কৰ আৰম্ভণি হৈছিল (সম্পূৰ্ণ
কবিতা, পৃঃ ৪২৬)৷’ পৰৱৰ্তী সময়ত
ফুকনৰ কবিতাক স্থপত্য, ভাস্কৰ্য আৰু চিত্ৰকলাই গভীৰ ভাৱে প্ৰভাৱিত কৰা দেখা
যায়৷
কবিগৰাকীয়ে
বিভিন্ন ৰচনা, সাক্ষাৎকাৰত কবিতা সম্পৰ্কে নিজা ধাৰণা দাঙি ধৰিছে৷
আধুনিক কবিতাত আৱেগ আৰু বোদ্ধিক মননশীলতা- দুয়োটাই থাকে৷ সেয়ে আধুনিক কবিতাই একে
সময়তে মন আৰু মগজু দুয়োটাকে জোকাৰি যায়৷ আধুনিক কবিতাৰ মাজত কবিৰ কৰ্ষণ আৰু সযত্ন
প্ৰয়াস এটা জড়িত হৈ থাকে৷ নীলমণি ফুকনে পল ভালেৰিয়ে কোৱা ‘কবিতা
অংকৰ দৰে নিৰ্মাণ’ কথাষাৰ বিশ্বাস কৰিও কৈছে ‘কবিতা সৃষ্টি আৰু নিৰ্মাণো৷’ কবিয়ে কবিতা নিৰ্মাণ
প্ৰক্ৰিয়াটোৰ ব্যাখ্যা দি কৈছে- “ হঠাতে পোৱা প্ৰথম শাৰীটোৰে
কবিতাটো আৰম্ভ কৰিছিলোঁ৷...প্ৰায় এঘণ্টামান সময়ৰ ভিতৰতে কবিতাটোৰ প্ৰথম খচৰাটো শেষ
হৈছিল৷ তাৰ পিছত কেইবামাহো ধৰি চলিছিল সংশোধন-পৰিমাৰ্জনা, ক্ষয়-বৃদ্ধি,
শব্দ-ইমেজ আৰু শাৰীবোৰৰ যোগ-বিয়োগ, সাল-সলনি,
কোনো কোনোটো স্তৱকো অগা-পিছা কৰা হৈছিল৷ ...চেতন বা অৱচেতনভাৱে
সৃষ্টিশীল মনটো কিছু হ’লেও সক্ৰিয় হৈ নাথাকিলে, কেৱল ধীশক্তিৰে কাৰিকৰী দক্ষতাৰে, কবিতাটোৰ সংশোধন
পৰিমাৰ্জনা, সংবৰ্ধন কৰিব নোৱাৰিলোহেঁতেন বুলি ভাবোঁ৷”
(কবিৰ বচন, পৃ. ১১৫) ফুকনৰ কবিতাৰ এই
নিৰ্মাণ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছে তেওঁৰ আৱেগ আৰু বৌদ্ধিক চেতনা৷ ইয়েই আকৌ
তেওঁৰ কবিতাৰ ৰূপগত আৰু ভাবগত দিশটোক অধিক সংহত আৰু নিৰ্মেদ কৰি তুলিছে৷ লগতে
প্ৰদান কৰিছে বৌদ্ধিক চাতুৰ্য৷ তেওঁৰ কবিতাৰ মৰ্ম উপলব্ধিৰ বেলিকা এই কথাখিনি
ৰসগ্ৰাহীসকলে মনত ৰাখিব লাগিব৷
নীলমণি ফুকনৰ
কবিতাৰ লগতে সামগ্ৰিকভাৱে আধুনিক কবিতা সম্পৰ্কে এটা অভিযোগ আছিল যে কবিতা
দুৰ্বোধ্য৷ আধুনিক কবিতাৰ এই দুৰ্বোধ্যতা সম্পৰ্কে কবিয়ে কৈছে - “ কবিতা
বোধ-উপলব্ধিৰ বস্তু৷ আৰু পৌৰাণিকেই হওক বা আধুনিকেই হওক- কবি এজনৰ কবিতাৰ মাজেৰেই
তেওঁৰ ভাব-চিন্তাক উপলব্ধি কৰিব লাগিব৷’ হয় নীলমণি ফুকনৰ
কবিতাৰ স্বাদ ল’বলৈ হ’লে কবি ফুকনৰ
ভাব-চিন্তা, তেওঁৰ কবিতাৰ নেপথ্যৰ কথা জানিব লাগিব৷ কিয়নো
তেওঁৰ কবিতা কল্পনাৰ উচ্ছ্বাস নহয়, আৱেগৰ প্ৰকাশ নহয়৷ তেওঁৰ
কবিতাৰ এক বাস্তৱ ভিত্তি থাকে৷ কেতিয়াবা কবিতাৰ অন্তৰালত থাকে একোটা ঘটনা৷ এই
সম্পৰ্কত কবিয়ে কৈছে- “ মোৰ ভালেমান কবিতাৰ অন্তৰালত একোটা
ঘটনা আছে৷ অৱশ্যে সিবোৰত ঘটনাটো নাই, কোনো ঘটনাৰ বস্তুনিষ্ঠ
বিৱৰণ নাই৷ ঘটনাটোৱে সৃষ্টি কৰা আৱেগিক বা মানসিক প্ৰক্ৰিয়াটোহে আছে৷ ‘অব্যক্ত mood’-ৰ দ্বাৰা অনুপ্ৰাণিত হৈও মই বহুত
কবিতা লিখিছোঁ৷” (কবিৰ বচন, পৃ. ৯২) অসমৰ বিদেশী
খেদা আন্দোলনৰ সময়ত সংঘটিত হোৱা নেলীৰ ভয়ংকৰ হত্যাকাণ্ডৰ ফটোগ্ৰাফ ‘টেলিগ্ৰাফ’
কাকতত দেখি তেওঁ ‘কোনো নাই ইয়াত-শিশু নাৰী
বৃদ্ধ’ কবিতাটি লিখিছিল৷ তাত কবিয়ে মৃত্যুক অংকন কৰিছে
এনেদৰে- ‘অ’ মোৰ সপোনৰ সূৰ্যৰ মানুহ /
চকু মেলি চা / চকু মুদি চা / মৃতুৰ দাপোণত চা তোক৷’ ঠিক
সেইদৰে বাতৰি কাকতত পঢ়ি আৰু কবি হৰেকৃষ্ণ ডেকাৰ মুখত- ঘৰবোৰত এফালৰ পৰা জুই লগাই
ভয়ংকৰ অগ্নিকাণ্ড সৃষ্টি কৰা কথাশুনি লিখিছিল-‘গাঁওখন যেতিয়া
এজাক /ঢোঁৰা কাউৰী হৈ উৰি গ’ল / কুকুহা হৈ ধানবোৰ/ পকা
ডালিমৰ গুটিৰ দৰে মাতবোৰ / যেতিয়া ছাই হ’ল’৷ আকৌ ব্যস্ত ৰাজপথৰ চাৰিআলিৰ আঁহত গছৰ তলত দেখা বিবস্ত্ৰা বলিয়া নাৰীজনীক
লৈ লিখিছে ‘আৰু এদিন দুপৰীয়া’ কবিতাটি৷
পংকাৰ হত্যাকাণ্ড, গৌৰীনাথ সিংহ, শৰাইঘাটৰ
যুদ্ধ, কাস্পুচিয়াৰ হত্যালীলা আদি অনেক ঘটনাই তেওঁৰ কবিতাত
ঠাই উলিয়াই লৈছে৷ নেপথ্যৰ এই ঘটনা বা কথাবোৰৰ পোহৰত তেওঁৰ কবিতাৰ মৰ্মবস্তুক অধিক
স্পষ্ট কৰি তুলিব পাৰি৷
নীলমণি ফুকনৰ
কবিতাত প্ৰকৃতি বিচিত্ৰ ৰূপত প্ৰতিভাত হৈ উঠিছে৷ তেওঁৰ কবিতাৰ প্ৰকৃতি জগতখনে
শৈশৱতেই তেওঁৰ বকুত শিপা মেলিছিল৷ শৈশৱৰে পৰা প্ৰকৃতিৰ সৈতে তেওঁৰ আছিল নিবিড়
সম্পৰ্ক৷ ফুকনৰ প্ৰকৃতি শান্ত সমাহিত নহয়; ই ৰহস্যময়, ভয়ংকৰ, বিষণ্ণ৷ তেওঁৰ শৈশৱৰ চিনাকি অৰণ্যখনো আছিল
বাঘ-ফেউৰা, দেও-ভূত-বুঢ়াডাঙৰীয়াৰে ভৰি থকা দিনতে অন্ধকাৰ৷
তাৰ ৰহস্যময়তাই, বিষণ্ণ সেউজীয়াৰ স্তব্ধতাই কবিৰ অন্তৰত গভীৰ
সাঁচ বহুৱাইছিল৷ সেই অৰণ্যৰ মাজতেই তেওঁ কিবা এক কাণেৰে নুশুনা আৱহমান মাত,
এক অজান ৰহস্যৰ অন্তৰ্ধ্বনি শুনিছিল আৰু পৰৱৰ্তী ওৰেটো জীৱন অৰণ্যখন
বুকুত লৈ ফুৰিছে৷ কবিয়ে ‘পাতি-সোণাৰুৰ ফুল’ত লিখিছে-‘ দিনতে আন্ধাৰ এই হাবিখনে মোৰ মনত যি ভয়
বিস্ময় আনন্দ বিষাদ নিৰ্জনতা প্ৰশান্তিৰ আৱেগ ভাব অনুভূতিৰ সৃষ্টি কৰিছিল-
সেইবোৰেই মোক অতকাল ধৰি চলাই-ভুলাই হঁহুৱাই-কন্দুৱাই- ঘৰতো পৰতো, মানুহৰ মাজতো হাতত ধৰি, খেদি ফুৰিছে৷ উশাহ-নিশাহত
আজিও হাবিখনৰ সেই সেউজীয়া গোন্ধটোকে লৈ আছোঁ৷’ (সম্পূৰ্ণ
কবিতা , পৃ. ৪১৫)
শৈশৱৰ
অৰণ্যখন,
প্ৰকৃতি জগতখন, গ্ৰাম্য পৰিৱেশটোৰ পৰা তেওঁ
অনেক প্ৰতীক চিত্ৰকল্পৰ সমল গ্ৰহণ কৰিছে৷ শৈশৱৰ অৰণ্যখনত জাৰকালি ফুট-গধূলিতে
ফেউ-ফেউ কৰা ফেউৰাটো কবিতালৈ সোমাই আহিছে এনেদৰে- ‘ ৰাতিৰ
দূৰত্বলৈ নামি গ’ল / অতীত আৰু বৰ্তমান / ফেউৰাটোৰ চিঞৰৰ
দূৰত্বত / শূন্যতাৰ আৰ্তস্বৰ’৷ ‘ইয়াৰ
পৰা কিমান দূৰ’ কবিতাত থকা ‘
দল ঘাঁহ পাটীদৈয়ে থৈছেনে / আৱৰি তাত /এজাক সোণালী ফিছাৰ মাছ’-
এই পৃক্তিকেইটা কবিয়ে শৈশৱ-কৈশোৰতে হাজাৰবাৰ দেখা কিবা এক অবুজ
আনন্দত আত্মহাৰা হোৱা গ্ৰাম্য জীৱনৰ সম্পদ৷ ‘বতাহে মেলি
দিছিল/গছৰ শ্যামলিমা’, ‘সাপে ধৰা বেঙৰ মাতত / কাতৰ দুপৰ’,
‘অৰণ্যত, অৰণ্যৰ ভিতৰত / সাৰেং চৰাইৰ মাত’,
‘গছবোৰ উভালি পৰিছে /পানীত যেন/ নে সেই বলিয়া দঁতালটোৱে/ ঘৰ ভাঙি...’
ইত্যাদি অনেক আৰণ্যিক পংক্তিয়ে ফুকনৰ কবিতাৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি
কৰিছে৷
শৈশৱতে ঠন
ধৰি উঠা কবি সত্তাটোৱে ফুকনৰ কবিতাৰ আনেক ঠাই আগুৰি আছে৷ ল’ৰালিৰ
স্মৃতি স্বপ্ন তেওঁৰ কবিতাৰ স্তৰে স্তৰে সোমাই আছে৷ ১৯৯৪ চনৰ ফেব্ৰুৱাৰীৰ শ্ৰীময়ী আলোচনীত
প্ৰকাশিত এটি সাক্ষাৎকাৰত কবিয়ে কৈছে- ‘‘ মোৰ ভালেমান কবিতাৰ স্তৰে
স্তৰে সোমাই আছে সেই ল’ৰালি কালৰ স্মৃতি, স্বপ্ন, অনুভৱ, আনন্দ, বিষাদ, হাঁহি আৰু চকুলো, ৰ’দ-বৰষুণ, জোনাক-আন্ধাৰ আৰু কাঞ্চন, গুলচ, খৰিকাজাঁই আৰু নাহৰ ফুলৰ গোন্ধ৷ এজন কবিৰ
জীৱনত শৈশৱ আৰু শৈশৱৰ প্ৰভাৱেই সৰ্বাধিক, সুদূৰ প্ৰসাৰী আৰু
আটাইতকৈ গুৰুত্বপূৰ্ণ হয়৷”
নীলমণি ফুকনৰ
কাব্য চেতনাৰ এটি বিশেষ দিশ লোক চেতনা, ঐতিহ্য চেতনা৷ তেওঁৰ কবিতাত
লোকমন, লোক সমাজ, লোককলা, লোক সাহিত্যৰ অনেক উপাদান সোমাই আছে৷ লোকগীত, সাধুকথা
প্ৰবাদ-প্ৰবচন আদিয়ে বিচিত্ৰ ৰূপত আধুনিক কবিতাত স্থান পাইছে৷ এই প্ৰসংগত ড॰ হীৰেন গোঁহাইৰ সৈতে
হোৱা কথোপকথনত কবিয়ে কৈছে -“আমাৰ আইতা গাঁৱলীয়া গীত-মাত সাধুকথাৰ এটা
থুনুপাক আছিল৷ কথাই কথাই আইতাৰ মুখত আখৈ ফুটাদি ফুটিছিল ফকৰা-যোজনা পটন্তৰ৷ আইতাই
মতা কিছুমান অসম্পূৰ্ণ পংক্তিৰ ধবনি-সুষমাই মোৰ মন মুহি থৈছিল৷ ...কণআইটী পেহীদেউৰ
মুখত তেতিয়াই শুনা তুলা আৰু তেজা, পানেশৈ কাচনমতী তেজীমলা
কমলাকুঁৱৰী চম্পাৱতীয়ে মোক আজিও হাঁহি হঁহুৱায়, কান্দি
কন্দুৱায়৷ তেওঁলোকে গোপনে মোক কিবা এটা দিয়ে, কিবা এটা পাওঁ,-যিটো আন ক’তো নাপাওঁ৷” (কবিৰ
বচন, পৃ. ৩০ ) পৰৱৰ্তী
সময়ত কবিয়ে কবিতাত দেশী-বিদেশী অনেক মিথৰ উপকৰণ প্ৰয়োগ কৰিছে৷ মিথবোৰৰ আদিম
অযৌক্তিকতাৰ মাজত তেওঁ কল্পনা আৰু জ্ঞানৰ উমান পায় আৰু তেতিয়াই মিথবোৰ যে কবিতাই
সেই কথাটো কবিৰ মনলৈ আহে৷ এটা প্ৰাচীন মিছৰীয় মিথ আৰু এখন মিছৰীয় চিত্ৰৰ দ্বাৰা
অনুপ্ৰাণিত হৈ তেওঁ লিখিছিল ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’
কবিতাটি৷ ‘এই যেন প্ৰথম শুনিলো সেই মাত’
কবিতাটিত তেজীমলাৰ, ‘কিন কিন হেঙুলীয়াৰ মাজত’
চম্পাৱতী সাধুকথাৰ প্ৰভাৱ আছে৷
‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’ৰ নেপথ্যৰ দেৱী ন্য়ূট
চিত্ৰ-স্থাপত্য-ভাস্কৰ্যৰ
দৰে শিল্পকলাই ফুকনৰ কবিতাক বহুমাত্ৰিক গুণ প্ৰদান কৰিছে৷ প্ৰতীক আৰু চিত্ৰকল্পৰ
প্ৰয়োগ আধুনিক কবিতাৰ উল্লেখযোগ্য বৈশিষ্ট্য৷ নীলমণি ফুকন এজন সাৰ্থক
চিত্ৰকল্পবাদী কবি৷ তেওঁৰ কবিতাৰ প্ৰধান বৈশিষ্ট্যই হৈছে চিত্ৰৰ প্ৰাধান্য৷
বিভিন্ন আলোচকে ফুকনৰ কবিতাৰ চিত্ৰকল্পৰ লগতে ৰঙৰ প্ৰয়োগ সম্পৰ্কে আলোচনা কৰিছে৷
তেওঁৰ কবিতাৰ চিত্ৰল মেটাফৰ বা কালাৰ এপিথেটৰ ব্যৱহাৰ সম্পৰ্কে, চিত্ৰল
কল্পনা সম্পৰ্কে বিভিন্নজনে আলোচনা কৰিছে৷ কবিতাত ছুৰৰিয়েলিজিম বা অতিবাস্তৱবাদ
আৰু ইম্প্ৰেছনিজিম বা মনচ্ছায়াবাদৰ প্ৰভাৱ থকাৰ কথা উল্লেখ কৰি কবিগৰাকীয়ে সেইবোৰ
পোনপটীয়াকৈ ছবিৰ পৰাই অহা বুলি কৈছে৷ কবিয়ে ‘মোৰ কবিতা
নেপথ্য কথা’ ৰচনাত কৈছে-“ চিত্ৰকলাৰ
প্ৰতি থকা অনুৰাগে, বিশেষকৈ চিত্ৰকল্প ৰচনাৰ ক্ষেত্ৰত মোক
অনুপ্ৰাণিত কৰিছে৷ কবিতাত মই অনেক colour eqithet ব্যৱহাৰ
কৰিছোঁ । আৰু মোৰ কবিতা চাক্ষুষ হৈ পৰাৰ গুৰিতে চিত্ৰকলাৰ লগত থকা মোৰ দীঘলীয়া
অন্তৰংগতা (নীলমণি ফুকনৰ কবিতাৰ নেপথ্য, পৃ.১৫৩)৷” কবিতাৰ
মাধ্যম যে ভাষা, কবিতালৈ যে ৰং আৰু ৰেখাৰ মহিমা আনিব নোৱাৰি
সেই বিষয়েও কবি সচেতন আছিল৷ অন্যহাতে তেওঁ প্ৰকৃত মনন আৰু আৱেগেৰে পুষ্ট
চিত্ৰকল্পৰ সংখ্যা নিচেই তাকৰ বুলি কোৱা কথাষাৰো তাৎপৰ্যপূৰ্ণ৷ এইদৰে কোৱাৰ পাছতো
কবিয়ে কৈছে “ চিত্ৰকল্পই মোৰ ভাষা, মোৰ
ভাবৰ বাহন৷ চিত্ৰকল্পৰ মাধ্যমতেই মই ভাবোঁ, উপলব্ধি কৰোঁ৷”
চিত্ৰৰ দৰে
তেওঁৰ কবিতাক স্থাপত্য আৰু ভাস্কৰ্য কলাইও সমৃদ্ধ কৰিছে৷ শিল্পকলাৰ প্ৰতি ফুকনৰ
আকৰ্ষণ গভীৰ৷ চিত্ৰ-স্থাপত্য-ভাস্কৰ্য কলাৰ সাধনা আৰু কাব্য চৰ্চা দুয়োটা যেন কবিৰ
বাবে অভিন্ন; দুয়োটাকে তেওঁ জীৱনৰ প্ৰতিকল্প ৰূপে গণ্য কৰিছে৷
সেয়ে ‘উৰন্ত অপ্সৰাৰ হাঁহি’ ৰচনাত তেওঁ
কৈছে- “ “মোৰ কাৰণে শিল্পকলা দৰ্শন বা চৰ্চা বিনোদন বিলাসৰ
বস্তু নহয়, দেখাক দেখি কৰা কামো নহয়, কবিতাৰ
দৰেই সিবোৰ জীৱনৰ প্ৰতিকল্প, শিল্পকলা চৰ্চা, জীৱনচৰ্যা, মনুষ্যত্ব চৰ্চাৰেই নামান্তৰ (সম্পূৰ্ণ
কবিতা, পৃ.৪২৬)৷” চিত্ৰ-স্থাপত্য-ভাস্কৰ্যৰ
প্ৰতি অনুৰাগ তেওঁৰ শৈশৱৰে পৰা আছিল৷ এঠাইত তেওঁ শৈশৱতে আৱাহনত ওলোৱা ছবি ‘ট্ৰেইচ’
কৰাৰ কথা উল্লেখ কৰিছে৷ ইতিপূৰ্বে উল্লেখ কৰা হৈছে যে দেৰগাঁৱৰ ঘৰৰ
কাষত থকা কুমাৰ গাঁৱৰ শিল্পীসকলে সজা চৰু ভুৰুকা, দুণৰি,
সুতুলি, জুনুকা, টেকেলি,
ঘট আদি মৃৎশিল্পই তেওঁক মোহিত কৰিছিল আৰু তেতিয়াই মৃৎপাত্ৰৰ লগত
অজানিতেই তেওঁৰ মন আৰু সংবেদনৰ এটা দীঘলীয়া সম্পৰ্কৰ আৰম্ভণি ঘটিছিল৷ ঠিক সেইদৰে
ভাস্কৰ্য আৰু স্থাপত্যকলাৰ প্ৰতিও তেওঁৰ অনুৰাগ কৈশোৰতে গঢ় লৈছিল৷ দেৰগাঁৱৰ ঘৰত
থকা ক’লা শিলৰ বিষ্ণু মূৰ্তিখন সৰুৰে পৰাই দেখিছে, নেঘেৰিটিং দ’লৰ শিলৰ খটখটি, গেলাবিলৰ
পাৰত পৰি থকা বৃহৎ শিলাখণ্ডবোৰে তেওঁৰ সংবেদনশীল শিশুমনক জোকাৰি গৈছিল৷ নুমলীগড়ৰ
দেওপাহাৰৰ প্ৰাচীন শিৱমন্দিৰৰ স্থাপত্যকলা দৰ্শনৰ বাবে কৈশোৰ কালতে তেওঁ ভৰ
দুপৰীয়া বনৰীয়া হাতীৰ ভয়, চেলাপেটী জোকৰ কামোৰকো উপেক্ষা কৰি
ৰোমাঞ্চকৰ যাত্ৰা কৰিছিল আৰু তাত শিলত খোদিত বৃহৎ বিশ্বপদ্ম, দেৱতা, মানুহ, মৈথুন, নৃত্য, যুদ্ধৰ দৃশ্য, জীৱ-জন্তু,
ফুল-পাত, নানা কাৰুকাৰ্য খোদিত শিলবোৰ দেখি
বিস্ময়-বিমুগ্ধ হৈছিল৷ এইবোৰে তেওঁৰ কবিসত্তাক সংগোপনে সমৃদ্ধ কৰিছিল৷ দেওপাহাৰলৈ
উঠাৰ পঁয়ত্ৰিছ বছৰমানৰ পাছত কবিতা এটা লিখি কবিয়ে সেই ৰোমাঞ্চকৰ অকলশৰীয়া যাত্ৰালৈ
মনত পেলাইছিল৷ ‘দেওপৰ্বতৰ আন্ধাৰত শিলৰ / মূৰ্তিবোৰ ঘূৰি
ফুৰে / হাত ভঙা বিষ্ণু মূৰ্তিবোৰে চিঞৰে / মোৰ হাত দুখনেও
চিঞৰে...’ এনেদৰে কবিতাটিত কবিৰ দেওপাহাৰৰ অভিজ্ঞতাটি সজীৱ হৈ
উঠিছে৷ শিলৰ প্ৰতি কবিৰ যি অনুৰাগ সেই বিষয়ে তেওঁ কৈছে- ‘শিলৰ
প্ৰতি মোৰ বিশেষ ভাব এটা থকাৰ গুৰিটোনো ক’ত, আজিও নাজানিলোঁ৷ আমি নজনা, মনস্তাত্ত্বিক কথা
কিছুমানো হয়তো এই ভাবৰ লগত জড়িত হৈ আছে৷ কোনো মনোবিজ্ঞানীয়ে ক’ব খোজে, শিল জীৱনীশক্তি আৰু তাৰ সকলো ৰহস্যৰ ধাৰক
আৰু বাহক৷”
কবিয়ে নীলমণি ফুকনৰ
কবিতাৰ নেপথ্য গ্ৰন্থত এনে কেইবাটাও কবিতাৰ কথা উল্লেখ কৰিছে
যিবোৰৰ মূল উৎস আছিল একো একোখন চিত্ৰ৷ জীৱনৰ উৎসৱ আৰু যৌৱনৰ উৎসৱৰ কবিতা ‘উৎসৱৰ
এই শ্যামল সন্ধ্যা’ৰ আঁৰত আছে এখন ৰাজপুত চিত্ৰ ‘তুৰী ৰাগিনী’৷ য’ত এগৰাকী
ৰাজপুত মহিলাই দুৱাৰমুখত ৰৈ এহাতত এটা তানপুৰাৰ নিচিনা বাদ্যযন্ত্ৰ, এহাতত বোধহয় ঘেহুঁ লৈ হৰিণা এটাক খুৱাবলৈ লৈছে৷ কবিৰ কবিতাত আছে- ‘উৎসৱৰ এই শ্যামল সন্ধ্যা / দুৱাৰত ৰৈ / তুমি-/ হাতত দোতাৰা’৷ ভিনচেণ্ট ভেন গঘৰ অসাধাৰণ চিত্ৰ ‘সূৰ্যমূখী ফুলে’
কবিক গভীৰ ভাবে আকৃষ্ট কৰিছিল৷ মুংখৰ ‘দ্য
স্ক্ৰেম’ ছবিখনৰ দলঙৰ ওপৰৰ মানুহটোৰ চিঁয়ৰটো এটা মটিফৰ দৰে
তেওঁ বহু কবিতাত বাৰে বাৰে ব্যৱহাৰ কৰিছে৷ ফৰাচী চিত্ৰকৰ পল চেজানৰ চিত্ৰৰ
অনুপ্ৰেৰণাত ৰচনা কৰিছে ‘ অনুচ্ছ্বাস স্থাপত্যিক সুমিত সুষমা’
কবিতাটি৷
কবিয়ে তেওঁৰ
কেইবাটাও কবিতাৰ আধাৰ ভাস্কৰ্য বুলি কৈছে৷ তেওঁ কবিতাক ৰেটৰিকৰপৰা মুক্ত কৰিবলৈ
অনুপ্ৰেৰণা পাইছিল বিশ্ববৰেণ্য আধুনিক ভাস্কৰ্য ব্ৰাঁকুচিৰ পৰা৷ ইয়াৰ উপৰি প্ৰাচ্য
পাশ্চাত্য বহু ভাস্কৰৰ অনুপ্ৰেৰণা তেওঁৰ কবিতাত দেখা যায়৷ বিশ্ব ভাস্কৰ্যৰ অপূৰ্ব
নাৰী মূৰ্তি মিছৰীয় সুন্দৰী নেফাৰটিটিক লৈ তেওঁ লিখিছে ‘এডোখৰ
স্ফটিকত কাটি ললোঁ তোমাক’ কবিতাটি৷ ঠিক সেইদৰে ইটালীৰ
ভাস্কৰ্য শিল্পী মেৰিনো মাৰিনিৰ ৰাইডাৰ ছিৰিজৰ দ্বাৰা অনুপ্ৰাণিত হৈ লিখিছিল ‘পৰহিয়েই পানীত ডুবি মৰা মানুহটো’ কবিতা৷ আধুনিক
ভাৰতীয় ভাস্কৰ্য শিল্পী ৰামকিংকৰ বেইজক শ্ৰদ্ধাঞ্জলি জনাই লিখিছে ‘গতি নে অভিব্যক্তি ব্ৰহ্মাণ্ডৰ’৷
আধুনিক কবি
নীলমণি ফুকনৰ কবিতাত নিসংগ চেতনা, মৃত্যু চেতনা সম্পৰ্কে বিস্তৃত আলোচনা
হৈছে৷ কবিয়ে শোণিত বিজয় দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত মৃত্যু সম্পৰ্কে তেওঁৰ
ধাৰণা দাঙি ধৰি কৈছে- ‘মৃত্যুটো মানে... একে সময়তে মৃত্যু
আৰু জীৱন এই দুয়োটা একেলগে থাকে-- সমান্তৰালভাৱে৷ মৃত্যু-চেতনা এটা প্ৰবল নহ’লে জীৱন-চেতনাও প্ৰবল নহয়৷’ কবিয়ে মৃত্যুক তেনেই
ওচৰৰ পৰা দেখিছিল৷ তেওঁৰ পৰিয়ালৰ নজন মানুহ খুব কম বয়সতে ঢুকাইছিল৷ সেয়ে ভাছকো
পপাৰ কবিতাৰ পংক্তিৰে তেখেতে কৈছিল- “Death stands blue
above me/ Becoming one/ With asort of endless youth.” কবিয়ে
মৃত্যুৰো এটা সৌন্দৰ্য আছে বুলি কৈছে৷ কবিয়ে জীৱনত দেখা মৃত্যুৰ ছবিয়ে পৰৱৰ্তী
কালত বিভিন্ন ইমেজৰ ৰূপত কবিতাত ধৰা দিছে৷ শৈশৱতে দেখা গাঁৱৰ পদুমণি পুখুৰীত পদুমৰ
মাজত ওপঙি থকা ফুলি উঠা মৃতদেহটো কবিতালৈ আহিছে এনেদৰে- ‘মূৰত
এডৰা সেউজী ঘাঁহনি লৈ / পদুমণি পুখুৰীৰ পৰা উঠি আহিছা’৷ দুৰাৰোগ্য কৰ্কট ৰোগে তিল তিলকৈ মৃত্যুৰ ফালে লৈ যোৱা মাতৃৰ মৃত্যুৰ
যন্ত্ৰণাদগ্ধ অভিজ্ঞতাক লৈ তেওঁ লিখিছিল- ‘আকাশখনে ধপধপায়
চাকিটো খেপিয়াওঁ /হঠাৎ সোঁশৰীৰে দেখোন / মা’৷
অন্য এটা কবিতাত লিখিছে- ‘হাড়ৰ মাজে মাজে সুমুৱাই আনিছোঁ
জীয়া মৰিশালিৰ জুই৷’
কবি নীলমণি
ফুকনে বিভিন্ন সময়ত বিভিন্নজনৰ আগত বা বিবিধ ৰচনা, ভাষণত তেওঁৰ কাব্য
চেতনাৰ বিভিন্ন দিশ সম্পৰ্কে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে৷ সেইবোৰৰ আধাৰত
তেওঁৰ কবিতাৰ ভাব, বিষয় আৰু শিল্পসৌন্দৰ্যৰ স্বৰূপ উপলব্ধি
কৰিব পাৰি৷ কবিগৰাকীয়ে দেশী-বিদেশী বহু কবিৰ কবিতা অনুবাদ কৰিছে৷ অনুবাদ কৰ্মৰ
সৈতে জড়িত হৈ থকাৰ অভিজ্ঞতাই স্বাভাৱিকতেই তেওঁক বিশ্বৰ বৰেণ্য কবিসকলৰ কবিতা আৰু
কাব্য দৰ্শনৰ সৈতে পৰিচিত কৰিছে৷ কবিয়ে বিভিন্ন প্ৰসংগত বিদেশী কবি আৰু কবিতাৰ
প্ৰভাৱৰ কথাও কৈ গৈছে৷ আধুনিক কবিজনাৰ কাব্যিক চেতনাৰ বিশালতা অনুভৱ কৰিবলৈ তেনে
মন্তব্যবোৰ পৰ্যালোচনা কৰাৰ প্ৰাসংগিকতা অনুভৱ কৰা যায়৷ ড॰ হীৰেন গোহাঁইৰ সৈতে
হোৱা কথোপকথনত তেওঁ কৈছে- “বিভিন্ন কথাত বিভিন্ন ধৰণে মই বহু বিদেশী কবিৰ ওচৰত
ঋণী৷ বিশেষভাৱে- তু ফু, বাছো, বুচন,
লৰকা, এলুৱাৰ, ট্ৰাকল,য়েৎছ, পাউল, চেলান, পাস্তাৰনেক, আলবেৰ্তি, কাভাপি,
হিমেনেৎ, কোৱাজিমোদো, চেফাৰিজ
পপা, নেৰুদা, ৰিটছচ্ আৰু ইহুদী কবি
আমিখাইৰ ওচৰত (সম্পূৰ্ণ কবিতা , পৃ.
৯৯)৷’ অন্যহাতে চীনা আৰু জাপানী কবিতাই কবিক শিকাইছে
প্ৰকৃতিক কেনেকৈ চাব লাগে, জীৱ-জন্তু, চৰাই-চিৰিকতি,
পোক-পতংগক কেনেকৈ ভাল পাব লাগে, মনৰ ভিতৰত
সিবোৰক কেনেকৈ সুমুৱাই থ’ব লাগে, আৰু
জীৱনক কেনেকৈ সবাতোকৈ ভাল পাব লাগে৷ জাপানী কবিতাৰ স্বল্পভাষিতা আৰু ইংগিতময়তা
আধুনিক কবিতাৰ প্ৰাথমিক আৰু অন্যতম প্ৰধান বৈশিষ্ট্য বুলি ভবা ফুকনক সেই কবিতাৰ
চিত্ৰৰূপময় ভাষা, চিত্ৰকল্প নিৰ্মাণ কৌশল, নিসৰ্গবোধ, মিতভাষিতা, চিত্ৰকল্প
আৰু ব্যঞ্জনাৰ মহিমা সম্পৰ্কে সচেতন কৰিছিল৷ চীনা কবিতাৰ অভিব্যক্তিৰ সৰলতা,
নিসৰ্গবোধ, প্ৰকৃতিমূলীয় উপমা, গ্ৰাম্য জীৱনৰ সৰলতা আৰু তাৰ বিশ্বজনানতাই মোহিত কৰিছিল৷ ফুকনৰ কবিতাও
ইংগিতময়, মিতভাষী, ব্যঞ্জনা সমৃদ্ধ৷ ‘হৰিৎ প্ৰান্তৰত হঠাৎ বাজি উঠিল এটি ঘণ্টা / জুই
নুনুমুৱা চিতাত এতিয়া সন্ধ্য”, বা ‘সৰা পাতটিত /
নিটাল নিৰ্ঝৰ/ আন্ধাৰ কোঠাত/ ধোঁৱাই ধোঁৱাই/ জ্বলি ৰ’ল/ কাৰ
অন্তৰ’ৰ দৰে কবিতাই জাপানী কবিতাৰ সৌন্দৰ্যলৈ মনত পেলায়৷
কবিৰ কাব্য
চেতনাত ভাৰতীয় সাহিত্যয়ো প্ৰভাৱ পেলাইছিল৷ কবিগৰাকীয়ে সংস্কৃত বিশেষকৈ প্ৰাকৃত আৰু
মধ্যযুগীয় ভাৰতীয় কবিতা, বৌদ্ধ সাহিত্য আৰু দৰ্শন, উপনিষদ,
ভাস্কৰ্য-স্থাপত্য-চিত্ৰকলা আৰু ভাৰতীয় নন্দনতত্ত্বৰ ওচৰত নানা
ধৰণেৰে ঋণী বুলি কৈছে৷ বাংলা কবি ৰবীন্দ্ৰনাথ ঠাকুৰ, জীবনানন্দ
দাস, মহাকবি কালিদাসৰ কবিতাই তেওঁক প্ৰভাৱিত কৰাৰ কথা
বিভিন্ন প্ৰসংগত উল্লেখ কৰিছে৷ অন্যহাতে তেওঁ কবিতাত অন্য কবিৰ কবিতাৰ শাৰীও
ব্যৱহাৰ কৰিছে৷ এঠাইত কবিগৰাকীয়ে কৈছে- “লিখি থাকোঁতে আন
কবিৰ দুই-এটা শাৰী নিজে নিজেই আহি সোমায়হি৷... এনেকৈয়ে অহা এটা বা ততোধিক শাৰীয়ে
মোৰ কবিতাটোক দিয়ে এটা নতুন মাত্ৰা, তাৰ অৰ্থ আৰু ব্যঞ্জনাক
দিয়ে এটা ব্যাপ্তি এটা গাম্ভীৰ্য৷ কেতিয়াবা আকৌ শাৰীটোৱে মোৰ কবিতাটোৰ ভাবমণ্ডলত
মোট সলাই এটা নতুন অৰ্থ কৰে, সম্পূৰ্ণকৈ মোৰ আৱেগ-অনুভূতিৰ
বাহন হৈ পৰে৷”
কবিগৰাকীয়ে
বিভিন্ন সময়ত কবিতাৰ ভাব-ভাষা-শব্দ, ছন্দ, কবিতাত
আৱেগৰ স্থান, কবিতাৰ নিৰ্মাণ কলা, কবিতাৰ
লক্ষ্য ইত্যাদিৰ বিষয়ে মন্তব্য আগ বঢ়াইছে৷ এই মন্তব্যসমূহৰ আলোকত তেওঁৰ কবিতাৰ
নান্দনিক সৌন্দৰ্যৰ ৰস বিচাৰ কৰিব পাৰি৷ কবিৰ মতে “কবিতা বোধ-উপলব্ধিৰ
বস্তুহে৷ আৰু পৌৰাণিকেই হওক বা আধুনিকেই হওক- কবি এজনৰ কবিতাৰ মাজেৰেই তেওঁৰ
ভাবক-চিন্তাক উপলব্ধি কৰিব লাগিব৷” তেওঁ আন এঠাইত কৈছে-‘
কবিতা ৰসবস্তু৷ পোনতেই ‘অৰ্থ অৰ্থ কৰিলে
নিৰুপায় হওঁ৷’ ... আধা পোহৰ আধা আন্ধাৰৰ মাজেৰে উদ্যোগী
ৰসিকজনে আপোন আভিজ্ঞতাত বুৰ গৈ সন্ধান কৰে সেই কবিতাৰ ভাব-সুষমাৰ মৰ্ম, তাত অন্তৰ্নিহিত অনাবিল সংগীতৰ লহৰ (নীলমণি ফুকনৰ কবিতাৰ নেপথ্য, পৃ, ১৪৭)৷”
এইখিনি কথাৰ আধাৰতে আধুনিক কবিতাত প্ৰয়োগ হোৱা একান্ত অনুষংগ আৰু
সূচনাৰ বিচাৰ কৰিব পাৰি৷
কবিতাৰ ভাষা
সম্পৰ্কে অক্টাভিঅ’ পাজে কৈছে- ‘...it (poetry)seeks to
re-create language in accordance with laws other than those which govern
conversation and logical discourse.The poetic transmutation occurs in the
innermost recess of the language.’ কবিৰ মতে কবিতাৰ ভাষা ‘কল্পনাৰ অনুভূতিৰ ভাষা৷’ লুই আৰগাঁই কোৱা ‘ভাষাৰ গভীৰ চৰ্চা অবিহনে, ভাষাৰ পুনৰ নিৰ্মাণ আবিহনে
কাব্য সৃষ্টি অসম্ভৱ’ কথাষাৰ কবিয়ে সততে মনত ৰাখিছিল৷ ‘মোৰ কবিতাৰ নেপথ্য কথা’ত কবিয়ে ভাষাক লৈ কৰা তেওঁৰ
সাধনাৰ প্ৰাঞ্জল বৰ্ণনা দিছে৷ ভাষাক সংহত, সংক্ষিপ্ত আৰু
সংযত কৰিবলৈ ফুকনে কঠোৰ পৰিশ্ৰম কৰিছিল৷ লোক গীত-মাত, পুৰণি-নতুন
অসমীয়া সাহিত্য সমগ্ৰ কাব্যিক ঐতিহ্যৰ মাজত অসমীয়া শব্দৰ বিচিত্ৰ আচৰণ, সিহঁতৰ সৌন্দৰ্য, শক্তি আৰু দুৰ্বলতাৰ সন্ধান কৰিছিল৷
কবিয়ে বিশ্বাস কৰে ‘সমাজবোধ আৰু ইতিহাসবোধৰ পৰাই উৎসাৰিত হয়
কবিতাৰ ভাষা৷’
কবিতাৰ শব্দৰ
বিষয়ে কবিৰ নিজা মন্তব্য আছিল এনে ধৰণৰ- “...কবিতা শব্দৰ খেলা, কিন্তু ই অৰ্থৰো খেলা; জীৱনৰ খেলা৷...কবিতা
শব্দশিল্প, জীৱন শিল্প৷...শব্দৰ প্ৰকৃতি বিচিত্ৰ৷ ফুলৰ দৰে
গোন্ধায়, পখিলাৰ দৰে উৰি ফুৰিব পাৰে, জোন-তৰা-বেলি-জোনাকী
আৰু চাকিৰ দৰে পোহৰ দিয়ে, বন্দুকৰ দৰে ফুটে, তৰোৱালৰ ধাৰে কটাদি কাটে....শব্দই কি নকৰে৷ কিছুমান শব্দ চেঁচা-তপত,
গধুৰ-লাহি, উজ্জ্বল-অনুজ্জ্বল, নিস্তেজ, কিছুমানৰ ৰং হালধীয়া, সেউজীয়া, বগা, নীলা আৰু ক’লা৷” এই শব্দবোৰে মানুহৰ অতীত বৰ্তমান ভৱিষ্যতৰ
মাজেৰে অহৰহ অহা-যোৱা কৰি অতীত বৰ্তমান ভৱিষ্যতক সংযোগ কৰি ৰাখিছে৷ এই শব্দই
সাংস্কৃতিক ঐতিহ্য, বিশ্ব প্ৰকৃতি আৰু সমাজ জীৱনৰ লগত গোপন
সম্পৰ্ক ৰক্ষা কৰি আহিছে৷ শব্দই মানৱীয় বক্তব্য, আৱেগ
অনুভূতি, ভাবনা-চিন্তা বহন কৰে৷ ই সত্তাক আলোড়িত আলোকিত
আন্দোলিত কৰে৷ নীলমণি ফুকনৰ কবিতাৰ শব্দৰ সৌন্দৰ্য বিচাৰো
কবিৰ এই ধাৰণা আৰু বিশ্বাসৰ ভেটিতেই কৰিব লাগিব৷ প্ৰকল্প ৰঞ্জন ভাগৱতীৰে হোৱা এটি
সাক্ষাৎকাৰত কবিগৰাকীয়ে তেওঁৰ কবিতাৰ অন্তৰ্নিহিত সুৰ, লয়,
ছন্দ, সংগীতৰ বিষয়ে কোৱা কথাষাৰো এইখিনিতে
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি৷ তেওঁ কৈছিল, ‘কবিতাৰ
অন্তৰ্নিহিত সুৰ, লয়, ছন্দ, সংগীত - এইবোৰ মই বেলেগে বেলেগে বিচাৰ নকৰোঁ৷ সামগ্ৰিক কবিতাটোৱেই সেই
বস্তুবোৰ মোৰ মনৰ মাজত কঢ়িয়াই আনে ’
নীলমণি ফুকন
গভীৰ মানৱতাবাদী কবি৷ তেওঁৰ কবিসত্তাক মানৱতাবোধে গভীৰভাৱে আন্দোলিত কৰিছে৷ সাহিত্য
অকাদেমিৰ ফেল’শ্বিপ সন্মান গ্ৰহণ কৰি দিয়া ভাষণত সেয়ে
কবিগৰাকীয়ে কৈছিল- ‘কবিতা মানৱতাৰ কণ্ঠস্বৰ৷’ সাহিত্য অকাদেমিৰ বঁটা গ্ৰহণ অনুষ্ঠানত কবিয়ে কবিতাৰ লক্ষ্য সম্পৰ্কে ক’বলৈ গৈ কৈছে- “ মানুহক মানুহ কৰাই সকলো কলাৰ লক্ষ্য৷
কবিতাৰো৷ মানুহৰ সৃজনী শক্তি, উপলব্ধি শক্তি, মংগলবোধক উদ্ৰেক কৰা, বোধ অনুভূতিক জীপাল, তেজাল, ধাৰাল কৰা- মানুহৰ সৃজনশীল চৈতন্যক
সম্প্ৰসাৰিত কৰা, মানুহক দ্ৰষ্টা কৰা, স্ৰষ্টা
কৰা৷ পৃথিৱীৰ সকলো কবিয়েই সম্ভৱতঃ বাঞ্ছা কৰে, পৃথিৱীৰ সকলো
মানুহেই কবি হওক৷” তেওঁৰ কবিতাত বিভিন্ন ধৰণেৰে এই মানৱিক
চেতনাৰ প্ৰকাশ ঘটিছে৷ দৰাচলতে দুখ যন্ত্ৰণা বিষাদ আৰু নিৰাশাৰ মাজতো ফুকনে এখন
সুন্দৰ মুক্ত পৃথিৱীৰ সপোন দেখিছে; এটা শুভবাত্তৰ্াৰ কাৰণে
অপেক্ষা কৰিছে, ৰৈ আছে মানৱতাৰ মুহূত্তৰ্বোৰৰ বাবে৷ কবিয়ে
এখন সুন্দৰ পৃথিৱীৰ কামনা কৰিছে, য’ত ‘‘মানুহ মুক্ত, জীৱন সুন্দৰ, জুই
সুন্দৰ, পানী সুন্দৰ, উঁইচিৰিঙাৰ মাতটো
সুন্দৰ, টিপচি চৰাইটো সুন্দৰ,সুন্দৰ
মানুহৰ মৃত্যু৷”
গ্ৰন্থপঞ্জীঃ
১) অনুভৱ তুলসী (সম্পা.) : কবিৰ বচন
২) নীলমণি ফুকন : নীলমণি ফুকনৰ
সম্পূৰ্ণ কবিতা
৩) মৃদুল হালৈ (সম্পা.) : নীলমণি ফুকনৰ
কবিতাৰ নেপথ্য
৪) মৃণাল কুমাৰ গগৈ : নীলমণি ফুকন
জীৱন আৰু সৃষ্টি
৫) নীলমণি
ফুকন : পাতি সোণাৰুৰ ফুল আৰু অন্যান্য ৰচনা
৬) হৃদয়ানন্দ
গগৈ (সম্পা.) যুগদ্ৰষ্টা জাতীয় কবি নীলমণি ফুকন
৭) স্বামিম
নাছৰিন : ‘পাতি-সোণাৰুৰ ফুল’ৰ আলোকত
নীলমণি ফুকন, লক্ষ্মীনন্দন বৰা (সম্পা.) গৰীয়সী, ফেব্ৰুৱাৰী,
২০১১
ঠিকনা :
সহযোগী অধ্যাপক, অসমীয়া বিভাগ
দিখৌমুখ মহাবিদ্যালয়
ভ্ৰাম্যভাষ : ৮৬৩৮৪৭৭৩৪০
Email. pbnkp1970@gmail.com