অন্যযুগ/


স্বৰ্ণ মন্দিৰৰ সোণোৱালী আভা আৰু অমৃতসৰৰ অমৃত

 অংগনা চৌধুৰী


 

বহুদিনৰ পৰাই মন আছিল স্বৰ্ণমন্দিৰলৈ যোৱাৰ৷ অকল স্বৰ্ণমন্দিৰ বুলিয়েই নহয়, গোটেই অমৃতসৰখনৰ প্ৰতিয়েই এক আকৰ্ষণ জাগিছিল মনত৷ সেয়ে ৭ ডিচেম্বৰ ২০২২-ৰ দিনা গুৱাহাটীৰ পৰা দিল্লীলৈ আকাশীযানেৰে উৰা মাৰিলোঁ৷ দিল্লীৰ পৰা অমৃতসৰলৈ আকৌ আমাৰ ফ্লাইট আছিল ৰাতি সাত বাজি চল্লিছ মিনিটতহে৷ সেয়ে দুপৰীয়াৰ আৰু আবেলিৰ কিছু সুন্দৰ মুহূৰ্ত কটালোঁ বিমানবন্দৰৰ ওচৰতে থকা ভাগিনী সুগায়িকা সংগীতাৰ ঘৰত৷ অমৃতসৰত থাকিবলৈ আমি আগতীয়াকৈ ৰূম বুক কৰি থৈছিলোঁ গনেশছ পেলেচ নামে এক হেৰিটেজ প্ৰপাৰ্টিত৷ তাৰ পৰা তেওঁলোকে ৰাতি আমাক নিবলৈ বিমানবন্দৰলৈ গাড়ী পঠিয়াই দিছিল৷ প্ৰায় ৰাতি ন বজাত আমি হেৰিটেজ হমটোত সোমাইছিলোঁ আৰু ভাগৰে-জুগৰে পাতল নৈশ ভোজন কৰি শুই পৰিছিলোঁ৷ আচলতে প্ৰপাৰ্টিটোনো কিমান ধুনীয়া সেয়া আমি পাছদিনাহে ব্ৰেকফাষ্ট কৰি উঠি ইফালে সিফালে ঘূৰি ফুৰি অনুভৱ কৰিব পাৰিছিলোঁ৷ তেওঁলোকৰ ফালৰ পৰাই গাড়ী এখন আমাক দিনটোৰ বাবে ঠিক কৰি দিছিল৷ প্ৰথমেই আমি স্বৰ্ণমন্দিৰলৈ বুলি ওলালোঁ৷ বতৰ ফৰকাল, নীলা আকাশ, ফটফটীয়া ৰ’দ আৰু দিনৰ ভাগত ঠাণ্ডা নাই বুলিবই পাৰি৷ ৰাতি পিছে ঠাণ্ডা পৰে৷ গাড়ী পাৰ্কিং কৰা ঠাইৰ পৰা মন্দিৰৰ চৌহদলৈ ভালেখিনি দূৰ খোজ কাঢ়ি যাব লাগে৷ অৱশ্যে জিৰণি ল’বলৈ মাজে মাজে মাৰ্বলৰ বেঞ্চ সাজি থোৱা আছে৷



কোৱা হয় যে গুৰু হৰ গোবিন্দজীয়ে স্বৰ্ণমন্দিৰ স্থাপন কৰিছিল৷ আফগানসকলে এই মন্দিৰ ধ্বংস কৰিবলৈ কেইবাবাৰো চেষ্টা কৰিছিল৷ অৱশ্যে ১৮০১-ৰ পৰা ১৮৩৯ চনৰ ভিতৰত মহাৰাজা ৰঞ্জিত সিঙে সোণৰ পাত চৰাই এই মন্দিৰৰ পুনৰ্নিৰ্মাণ কৰায়৷ সেয়ে ইয়াক স্বৰ্ণমন্দিৰ বোলা হয়৷

চাফ-চিকুণ আৰু কাৰুকাৰ্যখচিত শুভ্ৰ অট্টালিকাৰে ভৰা চৌহদটোত সোমায়েই আমাৰ মনটো ভাল লাগি গ’ল৷ প্ৰৱেশস্থানত কুপন লৈ (বিনা পইচাই) জোতা থোৱা সুন্দৰ ব্যৱস্থা আছে৷ গাড়ীৰ পৰা নমাৰ পাছতেই আমাৰ ড্ৰাইভাৰজনে মোৰ স্বামী আৰু পুত্ৰক মূৰত সযতনে নতুন ৰুমাল বান্ধি দিছিল৷ মই চেলোৱাৰৰ লগত পিন্ধা উৰণাখনেৰেই ওৰণি লৈছিলোঁ৷ পুৰুষ-নাৰী উভয়েই তাত মূৰ ঢাকিহে সোমোৱাৰ নিয়ম৷ সোমোৱাৰ আগে আগে এঠাইত অহৰহ পানী বৈ থকাৰ ব্যৱস্থা আছে, য’ত ভৰি তিয়াইহে ভিতৰলৈ যাব লাগে৷ ভিতৰলৈ গৈ মই থৰ হৈ ৰ’লোঁ৷ কি যে এক পৱিত্ৰতা, কি যে এক ভাললগা অনুভৱ! ভক্তিৰে যেতিয়া অন্তৰ ভৰি পৰে তেতিয়া সদায় মোৰ মুখৰ মাত হৰে আৰু দুচকু পানীৰে ভৰি পৰে৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল৷ এক অনামী পুলকত মই উচুপি উঠিলোঁ৷ পৰম শক্তিৰ ওচৰত আশীৰ্ৱাদ প্ৰাৰ্থনা কৰি আমি তিনিও স্বৰ্ণমন্দিৰত আঁঠু লৈ মূৰ দোঁৱালোঁ৷ স্বৰ্ণমন্দিৰৰ সোণোৱালী আভাই যেন আশীৰ্ৱাদ স্বৰূপে আমাক আজীৱন আৱৰি থাকে, সেয়াই কামনা কৰিলোঁ৷ অগণন ভক্তই তাত নিজ নিজ মনোকামনা ব্যক্ত কৰি প্ৰাৰ্থনা কৰি আছিল৷ কি যে এক সৰগীয় পৰিৱেশ! সময়ৰ অভাৱত আমি লংগৰৰ ফালে নগৈ লাহে লাহে তাৰ পৰা ওলাই আহি জালিয়ানৱালা বাগৰ ফালে খোজ ল’লোঁ৷




জালিয়ানৱালা বাগৰ মুখ্যদ্বাৰত শ্বহীদসকলৰ প্ৰতীক চিহ্ন হিচাপে অজস্ৰ মুখযুক্ত এক শুভ্ৰশিখাৰ দৰে মূৰ্তি দেখা পালোঁ৷ তাৰ কাষতে কৃপাণ হাতত লৈ প্ৰহৰীৰ দৰে ৰৈ আছিল এক শিখ যুৱক৷ লুংলুঙীয়া এক পকী দীঘল বাটেৰে আমি জালিয়ানৱালা বাগ মেম’ৰিয়েল পাৰ্কলৈ সোমাই গ’লোঁ৷ দুয়োপাৰে বেৰত অসংখ্য মূৰ্তি খোদাই কৰা আছে৷ ১৯১৯ চনৰ ১৩ এপ্ৰিলত জেনেৰেল ডায়াৰৰ নিৰ্দেশত তাত সাধাৰণ নিৰস্ত্ৰ জনতাৰ ওপৰত গুলীবৰ্ষণ কৰা হৈছিল৷ ভিতৰলৈ গৈ থাকোঁতে এজাক হিমশীতল বতাহত মোৰ শৰীৰৰ লগতে যেন বুকুৰ ভিতৰখনো কঁপি উঠিছিল৷ আহল-বহল চৌহদেৰে এই ঠাইত বৰ্তমান আছে জালিয়ানৱালা বাগ মেম’ৰিয়েল পাৰ্ক৷ বহুলোকৰ সমাগম থকা সত্তেও যেন তাত এক নীৰৱতা, এক শীতলতা বিৰাজ কৰিছে৷ কিছু সময় তাত কটাই আমি মূল বজাৰলৈ ওলাই আহিলোঁ আৰু মাটিৰ ভাড়ত বিক্ৰী কৰি থকা ‘মছালা চাহ’ খাই লাহে লাহে গাড়ী পাৰ্ক কৰি থোৱা ঠাইলৈ আগুৱাই গ’লোঁ৷ বজাৰৰ গলিবোৰত প্ৰকাণ্ড প্ৰকাণ্ড গিলাছত লচ্চী আৰু মক্কী কী ৰোটিৰ লগত চৰচোঁ কি চাগ বিক্ৰী কৰি আছিল৷ অৱশ্যে আমি থকা হেৰিটেজ হোমত সেইসমূহ খাদ্য অনায়াসে পোৱা গৈছিল বাবে বজাৰত আৰু খাবলৈ নৰ’লোঁ৷ আমি থকা হেৰিটেজ হমত ৰুটিৰ লগত ইমান সুন্দৰ দৈ আৰু তৃপ্তিদায়ক মাখন দিছিল যে মাখনবোৰ এনেয়ে টুকুৰা-টুকুৰকৈ খাই থাকিবৰ মন গৈছিল৷ সেয়া নিশ্চয়কৈ তেওঁলোকৰ ঘৰত অথবা গাঁৱৰ কোনো ফাৰ্মত তৈয়াৰ কৰা৷ সেয়েহে তাৰ সোৱাদেই অনন্য৷ পিছে সকলোতে ইমান ঘিঁউ আৰু মাখন ব্যৱহাৰ কৰিছিল যে মাজে মাজে খাবলৈ লৈ ভয়ো লাগিছিল৷ কাৰণ অসমততো আমি ব্যঞ্জনবোৰত ইমান ঘিঁউ, মাখন ব্যৱহাৰ নকৰোঁ৷ কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব, সেয়া হ’ল প্ৰতিটো ব্যঞ্জনৰ সোৱাদ আছিল বঢ়িয়া৷

আৰু এটা কথা, অমৃতসৰৰ বুকুত লুকাই থকা অমৃতৰ কলচীটো হ’ল, তেওঁলোকৰ আপ্যায়ন, ভদ্ৰতা, মৰমিয়াল মাত-কথা আৰু আনক সহায় কৰাৰ প্ৰৱণতা৷ আমি থকা হেৰিটেজ হমৰ মালিক পক্ষই হওক বা কৰ্মচাৰীবৃন্দই হওক, দিনটো একেলগে ঘূৰি ফুৰা ড্ৰাইভাৰজনেই হওক বা স্থানীয় লোকেই হওক, সকলোৰে অমায়িক ব্যৱহাৰে আমাক মুগ্ধ কৰিছিল৷



দুপৰীয়াৰ আহাৰ খাই উঠি ৰাওনা হ’লোঁ ৱাঘা সীমান্তলৈ৷ আবেলি সেই ঠাইডোখৰ হাজাৰ হাজাৰ মানুহেৰে ভৰি পৰে৷ বহুত মানুহ যদিও কোনো খেলি-মেলি নাছিল৷ শাৰী পাতি পাতি পুৰুষ-মহিলা সকলো আগ বাঢ়িছিল৷ ভিতৰত বিশাল এক গেলেৰীত সুন্দৰ বহাৰ ব্যৱস্থা৷ দৰ্শকৰ উৎসাহ বঢ়াইছিল বি. এছ. এফ.-ৰ জোৱানসকলে৷ দেশভক্তিমূলক গীত লগাই থোৱা হৈছিল আৰু পেৰেড আৰম্ভ হোৱাৰ আগৰ সময়ছোৱা দৰ্শকৰ মাজৰ পৰা বহুলোকে ভাৰতৰ পতাকা হাতত লৈ তাত নাচ-গান কৰিছিল৷ পেৰেড আৰম্ভ হোৱাৰ সময়খিনিলৈ আছিল সকলোৰে ভীষণ উৎসুকতা৷ সীমাত থকা দ্বাৰখন যেতিয়া খুলি দিয়া হৈছিল, তেতিয়া দৰ্শকৰ হৰ্ষোল্লাসে আকাশ-বতাহ মুখৰিত কৰি তুলিছিল৷

এক কাহানিও পাহৰিব নোৱৰা পৰিৱেশৰ পৰা বেলি ডুবাৰ পৰত বিদায় মাগি পুনৰ অমৃতসৰৰ মূল চহৰলৈ গতি কৰিছিলোঁ৷ লাহে লাহে আন্ধাৰ হৈ আহিছিল আৰু বিজুলীবাতিবোৰ জ্বলি উঠিছিল৷

ৰাতি হেৰিটেজ হমত শুই থাকোঁতে ভাবিছিলোঁ আকৌ বা কেতিয়া অহা হ’ব এই ঠাইলৈ! হয়তো বহু বছৰৰ মূৰত অথবা কাহানিও নহয়৷ প্ৰতিখন ঠাইক বিদায় দিবৰ পৰত মোক এইভাগি শোকে খুন্দা মাৰি ধৰে৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল৷

পাছদিনা দুপৰীয়া দিল্লী অভিমুখে যাত্ৰা কৰিবলৈ অমৃতসৰৰ বিমান বন্দৰলৈ আহিলোঁ৷ বিমানবন্দৰটো যথেষ্ট সুৰুচিপূৰ্ণভাৱে সজোৱা অৰু চালে চকু ৰোৱা৷ যিহেতু দিল্লীৰ বুৰঞ্জীমূলক স্থানসমূহ আগতে আহোঁতে চোৱা হৈ গৈছিল আৰু বজাৰ-সমাৰসমূহো ঘূৰিছিলোঁ৷ সেয়ে এইবাৰ সদায় বৰ আগ্ৰহেৰে মাতি থকা দুগৰাকী বান্ধৱীৰ ঘৰলৈকে যাম বুলি ঠিক কৰিলোঁ৷ দিল্লী পাই সেইদিনা গধূলি হজখাচ ভিলেজতে কিছু ঘূৰি-ফুৰি ৰাতি হোটেলত জিৰণি ল’লোঁ৷ পাছদিনা সুলেখিকা দীপামণি শইকীয়া আৰু কটনত পঢ়া দিনৰে অন্তৰংগ বান্ধৱী দিল্লী বিশ্ববিদ্যালয়ৰ এছ’ছিয়েট প্ৰফেছৰ ডৰত্নোত্তমা দাস বিক্ৰমৰ ঘৰলৈ গ’লোঁ৷ দুয়োৰে ঘৰত আদৰ-আপ্যায়নৰ মাজত সময়বোৰ কেনেকৈ পাৰ হ’ল গমকে নাপালোঁ৷

পাছদিনা গুৱাহাটীলৈ উভতিবলৈ দিল্লীৰ বিমানবন্দৰত যেতিয়া বহি আছিলোঁ, তেতিয়া এটা কথাই বাৰে বাৰে মনলৈ আহিছিল৷ সেয়া হ’ল প্ৰতিটো ভ্ৰমণে আমাক যিমান সুমধুৰ স্মৃতি আৰু অভিজ্ঞতা দিছে, জীৱনত আন একো বস্তুৱেই হয়তো সিমান সুখ দিব নোৱাৰে৷   

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ