অন্যযুগ/


মানুহ – অমানুহ

চিত্তৰঞ্জন ওজা

 

মানুহজনৰ বহু দিনৰ অপেক্ষাৰ অন্ত পেলাই এজেণ্ট কে কেৰ অশেষ কষ্টৰ মূৰত জাহাজ এখন গোটাব পৰা গ’ল৷ তামিলনাডুৰ এখন অখ্যাত গাঁৱৰ পৰা আৰম্ভ কৰা এই যাত্ৰা চাৰি দিনলৈ চলিব৷ তাৰ পাছত এটা নিজান দ্বীপত ভৰি থব পাৰিব৷ তেওঁক তাতে থৈ জাহাজখন উভতি আহিব৷ এজেণ্টে গোটেই কথাখিনি লিখিতভাবে জনাইছে৷ যাত্ৰাৰ আগে আগে মানুহজনে নিজৰ মোবাইল, লেপটপ আদি সকলো গেজেট সাগৰত দলিয়াই বিসৰ্জন দিলে৷ অতীতৰ সকলো চিন-চাব নোহোৱা কৰিব৷ তেখেতৰ এটা নতুন পৰিচয় হ’ব, মনোৰম বাবু৷ সেই নতুন পৰিচয়েৰে জীয়াই থাকিব জীৱনৰ বাকীচোৱা সময়৷

 

 ভাৰতবৰ্ষৰ মেপখনৰ একেবাৰে তলৰ পিনে কেৰেলাৰ পৰা আন্দামানলৈ এডাল সৰল ৰেখা অংকন কৰিলে তাৰ প্ৰায় মাজভাগত বংগোপসাগৰত কেইটামান দ্বীপপুঞ্জ পোৱা যায়৷ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত থকাৰ দৰে ইয়াত কোনো আদিবাসী লোক পোৱা নাযায়৷ এধাৰি মালা আকৃতিৰ গছ-বিৰিখেৰে ভৰা সেই দ্বীপপুঞ্জত মানুহৰ বসতিৰ কথা কোনেও ভবা নাছিল যোৱা তিনিটা দশকৰ আগলৈ৷ মূলতঃ অতি দুৰ্গম, যোগাযোগৰ অসুবিধাৰ বাবে চৰকাৰে ইয়াত বসতি স্থাপন কৰাৰ বাবে প্ৰয়োজনীয় ধন বিনিয়োগ কৰাৰ কথা ভবা নাছিল৷

       কিন্তু চৰকাৰে নাভাবিলেও দেশৰ কেইজনমান গুণী-জ্ঞানী, বিজ্ঞানী, পণ্ডিতে এই মানৱবৰ্জিত দ্বীপপুঞ্জত এখন সমাজ গঢ়াৰ কথা ভাবিলে৷ ভাবিলে মানে ভাবিবলৈ বাধ্য হ’ল৷ সেয়া আছিল তিনিটা দশক আগৰ কাহিনী৷ ৰঙ্গৰাজন নামৰ বিজ্ঞানীজনে এই বিষয়ত আগভাগ লৈ চৰকাৰৰ পৰা লিখিত অনুমতিও লাভ কৰে৷ প্ৰথমতে মনে মিলা এশজন ব্যক্তিকলৈ ইয়াতে বসতি স্থাপন কৰিবলৈ আহে৷ দ্বীপপুঞ্জৰ নাম দিলে প্ৰশান্তমালা৷ তেওঁলোকৰ সমাজখনৰ নাম থলে মোক্ষধাম৷ ৰঙ্গৰাজনে এই নামটোৰ সপক্ষে যুক্তি দি কৈছিল, “মানুহে মোক্ষ পাবলৈ মৃত্যুলৈ কিয় ৰ’ব লাগে? মৃত্যুৰ পাছত মোক্ষ পায় নে নৰকলৈ যায় কোনে জানে? এই জনমতে আমি মোক্ষধামত থাকিব পাৰোঁ৷ ইয়াৰ বাবে আমাক লাগে এখন সমাজ য’ত কেৱল মানুহৰ ভালৰ বাবে মানুহৰ হিত চিন্তা কৰা হয়৷ আজি মোক্ষধামত তিনি হাজাৰ নাগৰিকে থাকিবলৈ লৈছে৷ প্ৰতিজনৰ মুখত এক উজ্জ্বল জ্যোতি দেখিবলৈ পাব৷”

 

সৰু জাহাজখনেৰে বিপদসংকুলভাবে বঙ্গোপসাগৰৰ মাজেৰে দীঘলীয়া যাত্ৰা পথ অতিক্ৰম কৰোঁতে মনোৰম বাবুৰ বুকু দুৰু দুৰু কঁপি উঠিছিল৷ জীৱনৰ পঞ্চাশটা বছৰৰ কীৰ্তি-কলাপৰ স্মৃতি তেওঁৰ মনলৈ অগা-দেৱা কৰি আছিল৷ অতীতৰ সকলো কথাই আজি পাহৰিব খুজিছে৷ আজি তেখেত এজন অতি সাধাৰণ ব্যক্তিলৈ পৰিৱৰ্তিত হ’ব খুজিছে৷ ইয়াত বাস কৰিবলৈ হ’লে সকলো পাহৰিব লাগিব৷ এইটো হৈছে প্ৰথম চৰ্ত৷ দ্বিতীয় চৰ্ত হ’ল মোক্ষধামে যেনেদৰে গঢ় দিব খোজে তেনেকৈ মানসিকভাবে গঢ় ল’ব পাৰিব লাগিব৷ তাৰ পাছত হে সমাজখনে তেওঁক আদৰি ল’ব৷ অন্যথা পুনৰ ভাৰতবৰ্ষৰ মূল ভূখণ্ডলৈ ওভতাই পঠাব৷ এজেণ্ট কে কেই দঢ়াই দঢ়াই এই কথাখিনিকে কৈছিল৷

 

চতুৰ্থদিনা দুপৰীয়া মনোৰম বাবু উপস্থিত হ’ল প্ৰশান্তমালাৰ মূল প্ৰৱেশ পথত অৱস্থিত প্ৰথম দ্বীপটোত৷ সাগৰতীৰৰ পৰা ওপৰলৈ কিছুদূৰ খোজকাঢ়ি তেওঁ দেখিবলৈ পালে নাৰিকল গছেৰে আবৰি থকা এখন সমতল ভূমি৷ তাতেই এটি পঁজা ঘৰ৷ মনোৰম বাবুক আদৰিবলৈ এজন ব্যক্তি ৰৈ আছে৷ তেওঁক লঘু আহাৰ খাবলৈ দিলে৷ আবেলিলৈ মোক্ষধামৰ এজন ব্যক্তিয়ে আহি মনোৰম বাবুৰ লগত কথা পাতিবলৈ লয়৷ কথাপতা বুলি ক’লে ভুল হ’ব৷ যেন চাকৰিৰ বাবে সাক্ষাৎকাৰ হে লৈছে৷

: মোক্ষধাম সমাজৰ বিষয়ে আপুনি কিবা জানেনে ?

: মই বিশেষ একো নাজানো৷ কিন্তু মোক কৈছিল যে ইয়াত সকলোৱে সুখ-শান্তিত জীয়াই থাকে৷ ময়ো জীৱনৰ বাকী সময়খিনি সুখ-শান্তিত থাকিব খোজোঁ৷

: প্ৰথমেই আপোনাক কৈ থওঁ যে ইয়াৰ মানুহবোৰৰ কোনো ধৰ্ম নাই৷ সৰ্বশক্তিমান সৃষ্টিকৰ্তা বুলি ঐশ্বৰিক শক্তিৰ কথা কিছুমানৰ মনলৈ আহিব পাৰে৷ সেই সৰ্বশক্তিমানৰ কোনো নাম নাই, কোনো আকাৰ নাই, সেইজন ঈশ্বৰৰ বাবে কোনো পূজা-অৰ্চনাৰ ব্যৱস্থা নাই৷ ইয়াত নাই কোনো মন্দিৰ, মছজিদ বা গিৰ্জা৷ ইয়াত কোনো এজনৰ নামৰ লগত নাই ধৰ্ম, জাতিৰ নাম, জনগোষ্ঠীৰ পৰিচয়৷ দলিত, উচ্চবৰ্ণ, ব্ৰাহ্মণ, চণ্ডাল সকলো মিলি ইয়াত সমান হৈ পৰে৷               

: ভেৰি ইণ্টাৰেষ্টিঙ৷

কথাষাৰ মুখেৰে ক’লে যদিও মনোৰমৰ মনলৈ আহিল ইমান বছৰে ধৰ্ম, জাতি, গোষ্ঠীৰ নামতে  ৰাজভোগ খালে৷ আজি আকৌ জীৱনৰ বাকীচোৱা সময় য’ত থাকিবলৈ আহিছে তাতে ধৰ্ম, জাতিৰ  চিন-মোকাম নাইকিয়া কৰি পেলাইছে৷

: সেইকাৰনে আমাৰ সমাজৰ প্ৰতিজনৰ নাম সংখ্যাৰে লোৱা হয়৷ ইয়াত আপোনাৰ নাম মনোৰম নহয় – তেইশ চৌৱন্ন মানে ২৩৫৪৷

: এই সংখ্যাবোৰ কেনদৰে মনত ৰাখিম ? অসুবিধা হ’ব দেখোন৷

: মনত ৰাখিবলৈ কিছুমান কিটিপ আপোনাক শিকাই দিম৷ আনটো গুৰুত্বপূৰ্ণ কথা হ’ল ইয়াত সকলো সম্পদৰ মালিক হ’ল সমাজখন৷ আপোনাৰ হাতত যি টকা আছে সকলোখিনি সমাজৰ বেঙ্কত জমা দিব লাগিব৷ ইয়াত নিজৰ বুলিবলৈ কোনো ধন-সম্পদ নাথাকে৷ সমাজে যি সম্পদ উৎপন্ন কৰে তাৰ সমান অংশ সকলো সদস্যৰ মাজত সমানে ভগাই দিয়া হয়৷

: যি ব্যক্তি অধিক কৰ্মক্ষম আৰু অধিক উৎপাদন কৰিব পাৰে তেওঁ নিজৰ বাবে একো নাপায়?  মানুহজনৰ বাবে এয়া অন্যায় নহয় নে?

: আমাৰ উদ্দেশ্য হৈছে সকলোৱে শান্তিত বাস কৰিবলৈ পাব লাগে৷ ইয়াত কোনো কথাতে প্ৰতিযোগিতা চলোৱা নহয়৷ সকলো বস্তু সমানে ভাগ হ’ব৷ সেইটোৱে ইয়াৰ নিয়ম৷ মানুহে যেতিয়া অৰণ্যত চিকাৰ কৰি জীয়াই আছিল, বলবান কেইজনমানে চিকাৰ কৰি যি আনিছিল তাৰ সমান অংশ সকলোৱে ভগাই লৈছিল৷ বৃদ্ধ, শিশু, মহিলা সকলোৱে সমানে৷ প্ৰকৃতিৰ এইটোৱে নিয়ম৷ আমাৰ অশান্তিৰ মূল কাৰণে হ’ল সকলোতে প্ৰকৃতিৰ নিয়ম উলংঘা কৰা৷ 

মানুহজনে অলপ সময় ৰ’ল৷ মনোৰমৰ মূৰটো ঘূৰিবলৈ ধৰে৷ গোটেই জীৱন সমাজৰ হকে কাম কৰিবলৈ গৈ নিজৰ বাবেহে ধন-সম্পদ অৰ্জন কৰি থাকিল৷ তেনে এজন ব্যক্তিয়ে ইয়াত থাকিবলৈ নিজকে সলনি কৰিব পাৰিবনে ? “প্ৰথমে থিতাপি লাগকচোন৷” তেওঁ মনতে ভাবিলে৷

: তৃতীয় কথাটো হ’ল ইয়াত কোনেও পৰিয়াল হিচাপে থাকিব নোৱাৰে৷ পুৰুষ বা মহিলাই ইজনে সিজনক পচন্দ কৰিলে দুয়ো মাজে সময়ে একেলগে থাকিব পাৰে৷ কিন্তু একেলগে সংসাৰ কৰা নিয়ম নাই৷ যদি সেই মিলনত সন্তান জন্ম পায় সেই সন্তান হ’ব সমাজৰ৷ সন্তানক ডাঙৰ দীঘল কৰাৰ দায়িত্ব সমাজৰ, পিতৃ-মাতৃৰ নহয়৷

: ইয়াৰ কি কাৰণ বুজি পোৱাত অসুবিধা হৈছে৷

: মোৰ পৰিয়াল, মোৰ সন্তান, এই মই ভাবটোৱে মানুহৰ মনত লোভ, মোহ আদি বেয়া ভাবৰ সৃষ্টি কৰে৷ সেই লোভৰ বাবেই মানুহে আনৰ অপকাৰ কৰিবলৈ আগবাঢ়ে৷ তাৰ পৰাই সৃষ্টি হয় অশান্তিৰ৷ সেয়হে ইয়াত নিজৰ বুলিবলৈ কাৰো ঘৰ নাথাকে৷ সকলোৱে এটা এটা সৰু কুটিৰত থাকে৷ এই দৰ্শনৰ প্ৰবৰ্তক ৰঙ্গৰাজনো সাধাৰণ ব্যক্তিৰ দৰে পঁজাঘৰত থাকে৷ তেখেতৰ ইয়াত নাম হ’ল দহ দহ অৰ্থাৎ ১০১০৷ ৰঙ্গৰাজনে এই সমাজখন সৃষ্টি কৰিছিল দেশত চলি থকা অন্যায়, উৎপীড়ন, শোষণ, নিষ্পেষণ, পাপৰ পৰা মুক্ত হৈ মানুহৰ দৰে জীয়াই থাকিবলৈ য’ত বেয়া কথা, বেয়া চিন্তা নাথাকে৷

মানুহজন যাবলৈ ওলাল৷

“কালিলৈ ৰাতিপুৱা আপুনি এটা মনোবৈজ্ঞানিক পৰীক্ষাত বহিব লাগিব৷ আপোনাৰ অন্তৰত থকা কুটিল চিন্তা, লোভ, মোহ আদি সকলো ৰিপুৰ পৰা নিজকে মুক্ত কৰিব লাগিব৷ কিমান দিন আৰু কেনেধৰণৰ প্ৰশিক্ষণ দিয়া হ’ব সেই বিষয়ত সিদ্ধান্ত লোৱা হ’ব৷ বহু দূৰৰ পৰা আহিছে, আজি সম্পূৰ্ণ জিৰণি লওক৷”

যোৱা তিনিটা মাহ ধৰি মনোৰমৰ বাবে জীয়াই থকা দুৰ্বিষহ হৈ পৰিছিল৷ পলাতক হৈ অনাই বনাই ঘূৰি ফুৰিছে৷ তেখেতক আটক কৰিবলৈ ৰাজ্যখনৰ লগতে গোটেই ভাৰতবৰ্ষৰ সৈন্য-সামন্ত উঠি পৰি লাগিছে৷ তেখেতৰ পত্নী, পুত্ৰ-জীয়াৰীক বিদেশত সংস্থাপন দিয়াৰ বাবে হাজাৰ কোটি টকা  এজেণ্ট কে কেক ইতিমধ্যে জমা দিছে৷ দুখৰ বিষয় যে বিদেশলৈ পঠাব খোজোঁতে তিনিওজন ধৰা পৰে৷ জেললৈ চালান দিয়ে৷ মনোৰমক ধৰিব পাৰিলে জীয়াই নাৰাখে৷  টকাৰে পূৰ্ণ এটা বেগ লগত লৈ তেখেতে তিনিমাহ ধৰি ঘূৰি ফুৰিছে৷ কে কেৰ উপদেশ মৰ্মে  ইখনৰ পৰা সিখন গাঁৱত থিতাপি লৈছে৷ শান্তি পোৱা নাই৷ টোপনি  নাহে৷ মনোৰমক ধৰিবলৈ শত্ৰুপক্ষই গোটেই পৃথিৱীখন  চলাথ কৰিছে৷ ধৰা পৰিলে গোটেই জীৱন জেলৰ ভাত খাব লাগিব৷ তিনি মাহৰ মূৰত আজি মনোৰমে শান্তিত শুব৷ ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ পৰা ইয়াত অপৰাধীক বিচাৰি নাহে৷

     “আপোনাৰ মনোবৈজ্ঞানিক বিশ্লেষণ শেষ হ’ল৷ আপোনাৰ অন্তৰত যে ইমান বেয়া চিন্তা, কপট ভাব, চয়তানৰ বুদ্ধি সোমাই আছে তাক দেখিবলৈ পাই আচৰিত হৈ পৰিছোঁ৷ দেশত আপোনাৰ দৰে আন এজন ব্যক্তি পোৱা যাব বুলি আশা নকৰাই ভাল৷ আমি আপোনাক ইয়াত ৰাখিবলৈ অলপো ইচ্ছা নাই৷ কিন্তু কে কেৰ মোক্ষধাম সমাজৰ প্ৰগতিত যথেষ্ট অৰিহনা আছে৷ কে কেৰ বাবেহে আপোনাক ইয়াত স্থান দিয়া হ’ব পাৰে যদিহে আপোনাৰ মনটো সম্পূৰ্ণকৈ নিকা কৰিব পৰা যায়৷ কিন্তু প্ৰশিক্ষণ দীঘলীয়া সময়ৰ বাবে চলাই থাকিব লাগিব৷ তেতিয়ালৈ মোক্ষধাম সমাজৰ মাজলৈ আপোনাক নিব পৰা নাযাব৷” একেলেঠাৰিয়ে পাঁচ ঘণ্টা সময় পৰীক্ষাৰ অন্তত মনোৰোগ চিকিৎসকে ক’লে৷

“আনুমানিক কিমান দিন এই প্ৰশিক্ষণ চলিব ক’ব পাৰিব নে?“

“হয়তো ছয় মাহ অথবা এবছৰ৷ আপুনি নিজেও ধৰিব পাৰিব মনৰ কপটতা গুচিলে নে নাই৷ আপুনি কথা ক’লে বা হাঁহি মাৰিলে মুখৰ বাওঁফাল টান খাই ধৰে৷ সেইটো উৎপন্ন হৈছে ল’ৰালি কালৰ পৰা মনৰ ভিতৰত থকা কপট চিন্তাৰ বাবে৷ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব৷ ধ্যান, প্ৰাণায়াম, যোগ আৰু মোক্ষধামে প্ৰস্তুত কৰি উলিওৱা বিশেষ শিক্ষাৰ জৰিয়তে আপুনি কপট চিন্তাৰ পৰা মুক্তি পাব পাৰে৷ সকলোখিনি নিৰ্ভৰ কৰিছে আপোনাৰ ওপৰত৷”

“মোৰ ফালৰ পৰা ১০০% চেষ্টা চলাম৷ পৰীক্ষাত পাছ কৰিম৷”

মনোৰম বাবুই জীৱনৰ কোনো এটা পৰীক্ষাত দ্বিতীয় হৈ পোৱা নাছিল৷ কিন্তু এইটো পৰীক্ষাত পাছ কৰিব নে নাই মনৰ ভিতৰত সন্দেহ উপজিছে৷ পৰীক্ষাত পাছ কৰিব নোৱাৰিলে কি হ’ব ভাবিহে ভয় লাগিছে মনোৰমৰ৷ মুক্ত ভাবে জীয়াই থকাৰ শেষ আশাও নিৰ্বাপিত হ’ব নেকি৷

সেইদিনাখনৰ পৰা মনোৰম বাবুৰ প্ৰশিক্ষণ আৰম্ভ হৈ যায়৷ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ চলে প্ৰশিক্ষণ৷ মনলৈ কপট চিন্তা আহিব খুজিলে নিজকে বাধা দিয়ে৷ মাজে মাজে ধ্যানত বাধা আহি পৰে৷ এমাহ গ’ল৷ দুমাহ গ’ল৷ তিনিমাহ পাৰ হ’ল৷ প্ৰশিক্ষণ চলিয়ে থাকিল৷ তাৰ মাজতে এদিন মনোৰম বাবুক মোক্ষধাম সমাজৰ মূল দ্বীপলৈ লৈ গ’ল৷ সকলোৱে প্ৰকৃতিৰ মাজতে চলাফুৰা কৰিছে৷ আৰামী জীৱন যাপন কাৰোৱে নাই৷ সকলোৱে নিজৰ কামত ব্যস্ত৷ পঢ়া-শুনা কৰা, খেতি কৰা, ৰান্ধনিঘৰৰ কাম, বৈজ্ঞানিক গৱেষণাৰ কাম, চিকিৎসা বিদ্যাৰ কাম সকলোৱে পাল পাতি কৰিছে৷ সন্ধিয়া সকলোৱে একগোট হৈ কথা পাতিছে, কোনোবাই খেলিছে, কোনোবাই গান গাইছে, নাচিছে৷ যাৰ যি মন গৈছে জীৱনটো নিজৰ মতে উপভোগ কৰিবলৈ চাইছে৷ সকলোৰে মনত প্ৰশান্তি৷ ইয়াত বাতৰি কাকত, আলোচনী, টেলিভিশ্বন, ৰেডিঅ’, মোবাইল, টেলিফোনৰ ব্যৱস্থা নাই৷ ইণ্টাৰনেটৰ প্ৰয়োগ ইয়াত নাই৷  সমজুৱা গ্ৰন্থাগাৰত সকলো সদস্যৰ বাবে বিভিন্ন বিষয়ৰ গ্ৰন্থ  ৰাখি থোৱা আছে৷ সেই গ্ৰন্থৰ মাজেৰেই বহিঃজগতৰ কথা জানিব পাৰে৷ মনোৰম বাবুক সমাজৰ মানুহৰ পৰা আঁতৰে আঁতৰে ৰাখিছে৷

“মানুহবোৰৰ লগত কথা পাতিবলৈ, মিলা মিচা কৰিবলৈ বৰ মন যায়৷ এঘণ্টাৰ বাবেও যদি অনুমতি দিলেহেঁতেন কিমান যে ভাল লাগিলহেঁতেন!” মনোৰম বাবুই বৰ দুখত কথাষাৰ ক’লে৷

প্ৰশিক্ষকে অলপ কঠোৰ সুৰতে উত্তৰ দিলে, “আইনাত নিশ্চয় নিজকে চাইছে৷ আপুনি কথা ক’লে বা হাঁহিলে বাওঁফাল টানি থকা বেমাৰটো ভাল হোৱা নাই৷ হাঁহিটোও কৃত্ৰিম৷ সেইবোৰ নোহোৱা হ’ব লাগিব৷ তাৰ পাছতহে ভাবিব পৰা যাব৷ এতিয়া যদি আপোনাক সকলোৰে লগত মিলা মিচা কৰিবলৈ দিওঁ আপোনাৰ সান্নিধ্যত সদস্যসকলৰ নিজৰ স্বভাৱ নষ্ট হ’ব৷ আমাৰ বাবে ই হ’ব এক ভয়ংকৰ কথা৷”

মনোৰমে মনতে ভাবিলে, “মই ইমান ভয়ংকৰ ফেঁটিসাপ নে?” লৰালি কালত বন্ধুসকলে কৈছিল এক লাখ শিয়াল মৰি এজন মনোৰম জন্মিছে৷ মাজে মাজে তেওঁ ভাবে, এক লাখ কিয় তাতোকৈ বেছি শিয়াল মৰি হয়তো তেখেতে জন্ম লাভ কৰিছিল এই মৰতত৷

ছমাহ পাৰ হ’ল৷ মনোবৈজ্ঞানিক দলটো মনোৰমৰ সন্মুখত পুনৰ বহিল৷ মনোৰমৰ মানসিক জগতখন যিমানখিনি উৎকৰ্ষ সাধন হ’ব লাগিছিল সেয়া হৈ নুঠিল ৷ “আপুনি মন-প্ৰাণ দি প্ৰশিক্ষণ ল’ব লাগিব৷ আমি এবছৰলৈ প্ৰশিক্ষণ দিব পাৰিম৷ তাতকৈ বেছি সময় আপোনাৰ বাবে দিব পৰা নাযাব৷“

“অন্তৰৰ পৰা কৈছো মনৰ সংস্কাৰৰ বাবে সকলোধৰণে চেষ্টা কৰিছোঁ আৰু কৰিম৷ মোৰ ওপৰত ভৰসা ৰাখক৷” মনোৰম বাবুই সঁচাকৈয়ে অন্তৰৰ পৰা কৈছেনে ? কেৱল ভগৱানেহে জানে৷ ইপিনে মোক্ষধামৰ মানুহে ভগৱানকো বিশ্বাস নকৰে৷

“আমাৰ সমস্যাটো ক’ত জানেনে? অভিজ্ঞতাৰে পূৰ্ণ গোটেই কেইজন প্ৰশিক্ষক আজি আপোনাৰ সংস্পৰ্শত আহি নিজৰ সততা হেৰুৱাই পেলাইছে৷ তেওঁলোকে এতিয়া নিজেই তিনিমাহৰ প্ৰশিক্ষণ ল’ব লাগিব৷ শুদ্ধিকৰণ হ’ব৷ এতিয়া নতুনকৈ চাৰিজন প্ৰশিক্ষকে আপোনাক প্ৰশিক্ষণ দিব৷ মোক্ষধামৰ ত্ৰিশ বছৰীয়া ইতিহাসত এয়া প্ৰথম ঘটনা৷ দ্বিতীয়বাৰ তেনে আপদীয়া ঘটনা ঘটিলে আপোনাক ইয়াৰ পৰা বহিষ্কাৰ কৰা হ’ব৷“

মনোৰমে মনতে ভাবিলে, “ইমান পাপী নে মই! মোৰ সংস্পৰ্শত সকলো পবিত্ৰ জীৱ পাপী হৈ পৰে৷” মনোৰমে ভবাতকৈয়ে হয়তো অধম পাপী৷ তাৰ প্ৰমাণ কিছুদিনৰ ভিতৰতে মোক্ষধাম সমাজে দেখিবলৈ পালে৷

মনোৰমক প্ৰশিক্ষণ দিবলৈ নতুনকৈ অহা চাৰিগৰাকীৰ ভিতৰত দুগৰাকী হ’ল নাৰী৷ এইখন সমাজত লিংগ বৈষম্য নাই বুলিয়ে ক’ব পাৰি৷ মহিলা এগৰাকীয়ে তেওঁক দৰ্শনৰ জ্ঞান দিবলৈ আৰম্ভ কৰে৷ মোক্ষধামৰ মূল দৰ্শন হ’ল - জীৱনটো এক বিৰাট শূন্য৷ প্ৰতিজন মানুহে জন্মৰ পৰা মৃত্যুলৈ কৰা পৰিক্ৰমাক আমি  জীৱন বৃত্ত বুলি কওঁ৷ এই বৃত্তও হ’ল এটা ডাঙৰ শূন্য৷ মধ্য যুগৰ ভক্তি আন্দোলনৰ সময়ত যি দৰ্শন মহাপুৰুষ সকল যেনে- ৰামানন্দ, কবিৰদাস, গুৰু নানক, তুলসীদাস, সুৰদাস, মীৰাবাই, হৰিদাস, তুকাৰাম আদিয়ে যি কৈ গৈছে তাৰ থুল মূল কথাখিনি হ’ল যে জীৱনটো  দুখ-দুৰ্দশাৰে পৰিপূৰ্ণ এক কাৰাবাস৷ ধনসম্পদ, সতি-সন্ততি সকলো অসাৰ৷  ভগৱানক স্মৰণ কৰি মুক্তিলৈ অন্তহীন অপেক্ষা কৰাত বাহিৰে উপাই নাই, মৃত্যুহে একমাত্ৰ মুক্তিৰ পথ৷ এই দৰ্শনক পিছলৈ পাশ্চাত্যৰ পণ্ডিত সকলে নাম দিলে নঞৰ্থবাদ (Nihilism )৷ তাৰো বহু আগত তথাগত বুদ্ধই একে দৰ্শনৰ কথাই কৈছিল৷ চুফি সংগীত অথবা পুৰণি লোক সংগীতৰ দৰ্শনো হৈছে শূন্যতাৰে ভৰা জীৱন৷ সেয়েহে আমাৰ মনৰ ভিতৰৰ পৰা সকলো ধৰণৰ মায়া, মোহ, আক্ৰোশ, খং, কপটতা এই সকলো বেয়া বস্তুবোৰ আঁতৰাই এই জীৱনতে মোক্ষ প্ৰাপ্তি হ’ব লাগে৷

সুন্দৰী মহিলাৰ সংস্পৰ্শত মনোৰমৰ মনোযোগ, শিকাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পালে৷ ইয়াৰ দুমাহৰ পাছত মুখৰ বাওফালে টানি থকা বদ অভ্যাসো কমি গ’ল৷ মোক্ষধাম সমাজেও অলপ স্বস্তিৰ নিশ্বাস পেলাবলৈ ল’লে৷ কিন্তু এদিন হঠাতে মনোৰমৰ অন্তৰত আদিম প্ৰবৃত্তি জাগি উঠে৷ মহিলা প্ৰশিক্ষকগৰাকীক নিজৰ প্ৰেমৰ মায়াজালেৰে বান্ধিবলৈ হাতে-কামে লাগি গ’ল৷ কিছু দিনৰ ভিতৰতে তেওঁ সফলো হ’ল৷ কিছুদিন সেইগৰাকী নাৰীৰ সৈতে যৌন ক্ষুধা নিবাৰণ কৰি আনগৰাকী নাৰীৰ লগতো সেই একে ধৰণে চেষ্টা চলালে৷ এইবাৰো মনোৰম সফল হ’ল৷ মনৰ কলুষতা লগে লগে চাৰিগুণ বৃদ্ধি পালে৷ কিন্তু ডাঙৰ ঘটনাটো ঘটিল তেতিয়া যেতিয়া ইজনীয়ে সিজনীৰ কথা জানিব পাৰিলে৷ মোক্ষধামত হাহাকাৰ লাগি গ’ল৷ লগে লগে মনোৰোগ বিশেষজ্ঞ কমিটি গঠন হ’ল৷ মনোৰমৰ ওপৰত নতুনকৈ পৰীক্ষা চলাবলৈ সিদ্ধান্ত লয়৷

“আপুনি ইয়াত ন মাহ সময় থাকিলে৷ এই সময়খিনিৰ যি ডাটা আমাৰ লগত আছে তাৰ পৰা অনুমান কৰি কেইটামান প্ৰশ্ন আপোনাক সুধিবলৈ লৈছোঁ৷ আশাকৰো আপুনি সঁচা কথা ক’ব৷ মিছা ক’লে আমি ধৰা পেলাব পাৰিম৷”

“মই সকলো সঁচা কথাই ক’ম৷” মনোৰমে বুজি পালে, মিছা কৈ কোনো লাভ নাই৷

“আমাৰ এনে লাগিছে আপুনি গোটেই জীৱন মিছা কথা, কপটতাৰ মাজেৰে জীয়াই থাকিল৷ মানুহৰ, দেশৰ, দহৰ হিতৰ বিপৰীতে কাম কৰিয়ে কটালে৷ খুব সম্ভৱ আপুনি এজন ৰাজনৈতিক নেতা আছিল৷”

“হয়৷ তিনিটা দশক ধৰি এখন ৰাজ্যত ৰাজত্ব কৰিলোঁ৷ নিজৰ গুৰুক, নিজৰ অন্তৰঙ্গ বন্ধুক হত্যা কৰি ৰজা হোৱা মানুহ মই৷ ৰাস্তাৰ কোনো এডাল কাঁইট থাকিব নোৱাৰে, সকলো উঘালি পেলাব লাগে – এই আদৰ্শলৈ মই কাম কৰিছিলোঁ৷”

“তেনেহ’লে কি পৰিস্থিতিত পৰি আপুনি মোক্ষধামলৈ আহিবলগীয়া হ’ল?”

“যোৱা তিনিটা দশকত যিমান মানুহক সিপুৰীলৈ পঠালো, অত্যাচাৰ চলালো, শোষণ কৰিলো, নূন্যতম অধিকাৰৰ পৰা বঞ্চিত কৰিলো, আজি সেইবোৰৰ প্ৰতিশোধ ল’বলৈ সকলোৱে উঠি পৰি লাগিছে৷ আনকি দাস-দাসী, অঙহী-বঙহী সকলোৱে মিলি মোৰ নিধন যজ্ঞ পাতিবলৈ লাগি গৈছে৷ নতুনকৈ সিংহাসনত বহা ৰজাই মোক বিচাৰি চলাথ কৰিছে৷ বিচাৰি পালেই মোক হত্যা কৰিব৷ মই পলাইছোঁ৷ বিদেশলৈ যোৱা সকলো পথ বন্ধ কৰি দিলে৷ মোৰ বাবে লুকাই থাকিবলৈ একমাত্ৰ স্থান হ’ল মোক্ষধাম৷ সেয়ে ইয়ালৈ আহিলোঁ৷”

“ইয়াতো আপুনি সেই পুৰণি বদ অভ্যাসবোৰ আৰম্ভ কৰিলে৷”

“শপত খাই কৈছো মই নিজকে বেয়া চিন্তাৰ পৰা আঁতৰাই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ৷ কিন্তু কি হৈ গ’ল নিজেই নাজানিলোঁ৷ এই ষাঠি বছৰ বয়সতো নিজৰ প্ৰবৃত্তিৰ দাস হৈ পৰিলোঁ৷”

“আপোনাৰ এজেণ্ট ‘কে কে’ক জাহাজ এখনৰ সৈতে তুৰন্তে মাতি পঠাইছোঁ৷ কে কে অহালৈ আপোনাক এটা নিৰ্জন দ্বীপত বন্দী অৱস্থাত ৰাখিব লাগিব৷ আপোনাৰ সংস্পৰ্শত যিয়ে এবাৰ আহে তেওঁ আপোনাৰ পৰা বেয়া আচৰণ শিকি লয়৷ মাহৰ পাছত মাহ শুদ্ধিকৰণ কৰিবলগীয়া হয়৷ মোক্ষধাম সমাজত আপুনি যদি এমাহ সময় মুক্তভাৱে বিচৰণ কৰে ইয়াৰ সকলো সদস্যৰ মন কপটতাৰে ভৰি পৰিব৷ সমাজখন ধ্বংস হৈ যাব৷“

মনোৰমে মনতে ভাবিলে ইমান অসৎ হৈ জন্ম লাভ কৰা বাবেহে সি তিনিটা দশক ৰাজপাট খালে৷ নহ’লেনো গাঁৱৰ নিঃকিন পৰিয়াল এটাৰ পৰা আহি ৰজা হ’ব পাৰেনে? ৰজাও ৰজা একেবাৰে তিনিটা দশকজুৰি অবিসম্বাদী সম্ৰাট৷

কে কে আহি পালে ৷ মনোৰমৰ অপকৰ্মৰ বাবে মোক্ষধাম সমাজক ক্ষতিপূৰণ দি তেওঁলোক ভাৰতৰ মূল ভূখণ্ডলৈ ৰাওনা হ’ল৷ জাহাজত উঠি মনোৰমৰ মনলৈ আহিছে যে বিপদৰ সময়ত ধৈৰ্য ধৰাই শ্ৰেয়৷ মানুহৰ জীৱনত এখনত দুৱাৰ বন্ধ হ’লে হেনো আন চাৰিখন দুৱাৰ খোল খায়৷ তাৰ বাবেও নতুন এখন দুৱাৰ খোল খাব৷

ওভতনি যাত্ৰাত মনোৰমে আবিষ্কাৰ কৰিলে এটা নতুন দ্বীপ৷ জাহাজৰ কেপ্টেইনক আদেশ দিলে দ্বীপটোলৈ লৈ যাবলৈ৷ দ্বীপৰ একেবাৰে ওচৰলৈ যাবলৈ কোনো সুবিধা নাই৷ জাহাজত থকা সৰু মেচিন নাওখন সাগৰৰ পানীত নমাই দিলে৷ কে কে আৰু মনোৰমে দ্বীপটোলৈ যাত্ৰা কৰে৷ দ্বীপৰ সমুদ্ৰতীৰ দেখিবলৈ ইমান সুন্দৰ৷ সাগৰতীৰৰ পানীখিনিত যেন নীলা ৰঙ সানি থোৱা আছে৷ দূৰত এখন পাহাৰ দেখিবলৈ পালে৷ দুই কিলোমিটাৰ পথ খোজকাঢ়ি পাহাৰখনলৈ আগবাঢ়িল৷ পাহাৰৰ ওপৰৰ পৰা তললৈ নামি আহিছে এটা নিজৰা৷ কি যে এক নান্দনিক দৃশ্য !

“কে কে, নিজৰাৰ পিনে থিয় হৈ থকা মোৰ ফটো এটা লোৱাচোন৷“ মনোৰম ব্যস্ত হৈ পৰিল সেই দ্বীপটোৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰাত৷

“আপোনাৰ ইয়াতে নতুনকৈ কিবা কৰাৰ প্লেন নাইতো?“ কে কেৰ চিন্তা লাগি গ’ল৷

“চাও ফটোখন মোৰ৷“

নিজৰ ফটোখন বহুপৰ চাই মনোৰমে ক’লে, “কেনে লাগিছে মোক ? এজন ধ্যানত মগ্ন ঋষি যেন লগা নাই নে ? ফটোখন যিমান পাৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰা৷ লিখি দিয়া যে ভগৱানে পুনৰ জন্ম পালে কলিযুগত৷ পঞ্চাশ বছৰকাল কেৰেলাৰ পৰা হাজাৰ মাইল দূৰত এটা নিৰ্জন দ্বীপত নিৰন্তৰ সাধনাৰ পাছত মোক্ষ প্ৰাপ্তি ঘটিছে৷ আহক আমি সকলোৱে সেই ঋষিৰ ওচৰলৈ যাওঁ৷ আশীৰ্বাদ বিচাৰোঁ৷”

“আপুনি মানুহ মাৰিব দেই৷”

“মই ধেমালি কৰা নাই দেই কে কে৷ এসপ্তাহৰ ভিতৰত ইয়াত কমেও এশটা কটেজ নিৰ্মাণ কৰিব লাগিব৷ কৰ্মচাৰী আনিব লাগিব তামিলনাডু, কেৰেলাৰ পৰা৷ ৰান্ধনিঘৰৰ ব্যৱস্থা, শৌচ-প্ৰশ্ৰাৱ ঘৰ সকলো কৰিব লাগিব৷ জেনেৰেটৰ, লাইটৰ ব্যৱস্থা কৰা৷ মই জমা থোৱা বাকী টকাখিনি এই কামত লগাই দিয়া৷ জীৱনৰ শেষ সুযোগটো লৈ লওঁ ইয়াতে৷”

“আপোনাৰ নাম এটা ঠিক কৰক৷ লগতে আশ্ৰমৰ নাম৷ যাতে নাম শুনিলেই যেন মানুহে এক দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰে৷“

“ভাবি আছো – দেবাদি দেব মহাদেব৷ য়েছ, মোৰ নতুন সংস্কৰণ ‘মহাকাল’৷ কৈলাস পৰ্বতৰ পৰা নমাই আনি পাতি লৈছোঁ কৈলাস দ্বীপ৷”

“কৈলাস দ্বীপত এয়া মহাকাল৷ বাহ  কি সুন্দৰ নাম ! আৰু কেইটামান ফটো ল’ব লাগিব আপোনাৰ৷”

“লোৱা লোৱা, যিমান পাৰা ফটো লোৱা৷ চাবা যাতে সামাজিক মাধ্যমত লাখৰ ওপৰত শ্বেয়াৰ হয়৷ মানুহ পাগল হৈ পৰিব মহাকালৰ দৰ্শন লাভ কৰিবলৈ৷

“হৰ হৰ মহাদেৱ৷“

পাহাৰৰ পৰা খুন্দা খাই প্ৰতিধ্বনি হৈ আহিল “হৰ হৰ মহাদেব৷”

ভ্ৰাম্যভাষ : ৮৬৪০৩৬১৪৩

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ