শিশুহঁতৰ বাবে কিছু চিন্তা
এজন ব্যক্তি শিশু অৱস্থাৰ পৰাই ডাঙৰ
হয়৷ পিছে ডাঙৰ হোৱা বুলি যিখিনি বয়সৰ পৰা বুজা যায় সেই বয়স প্ৰাপ্ত হোৱাৰ লগে লগে
মানুহে শিশু অৱস্থাত নিজে উদ্যাপন কৰি অহা জীৱনটো যেন পাহৰি যায়৷ সম্ভৱতঃ সেয়েহে
ব্যতিক্ৰমস্বৰূপে অতি কম সংখ্যক লোকক বাদ দি নিজৰ নিজৰ সময়ৰ শিশুসকলৰ
বৌদ্ধিক-নৈতিক-মানসিক বিকাশৰ কাৰণে কিবা কৰিবলগীয়া থকা বুলি মানুহে নভবা হয়৷ এইটো কাৰণতে হয়তো আমাৰ সমাজত
শিশুসকলৰ বৌদ্ধিক-মানসিক বিকাশৰ প্ৰতি আমাৰ দায়িত্ব আছে বুলি আমি নাভাবোঁ; আনকি প্ৰাথমিক স্তৰৰ শিক্ষাৰ ব্যৱস্থাপকসকল আৰু প্ৰাথমিক বিদ্যালয়ৰ
শিক্ষকসকলৰ সৰহ সংখ্যকেই নাভাবে৷ একেটা কাৰণতে কিজানি আমাৰ ভাষাত শিশু-সাহিত্যৰ চৰ্চা কম, যিসকলে চৰ্চা কৰি আহিছে সেইসকলৰ প্ৰতি মানুহৰ আগ্ৰহো কম৷
শিশু-সাহিত্যত ঘাইকৈ শিশুসকলক আনন্দ
প্ৰদানৰ যোগেদি জগতখনৰ বিভিন্ন ইতিবাচক দিশৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ যত্ন কৰা
হয়৷ নৈতিক, বৌদ্ধিক, আধ্যাত্মিক আদি
বিভিন্ন ক্ষেত্ৰৰ মূল্যবোধ পৰোক্ষভাৱে শিশুসকলৰ মনত প্ৰোথিত কৰাটো শিশু-সাহিত্যিকে
কৌশলেৰে কৰিবলগীয়া কাম৷ কিন্তু বহুতে শিশুৰ বাবে লিখিবৰ পৰত এইবোৰ দিশক লৈ সাৱধান
নহয়৷ ফলস্বৰূপে অসমীয়া শিশু-সাহিত্যৰ যিমান উত্তৰণ ঘটিব লাগিছিল সিমান ঘটা নাই৷
আমাৰ সাহিত্য পৰম্পৰাত শিশু-সাহিত্যৰ
ধাৰাটো চহকী বুলিয়েই ক’ব লাগিব৷ কাৰণ, ‘কাণখোৱা’ পুথিখনত
আনন্দদায়ক বৃত্তান্ত কোৱাৰ যোগেদি যশোদাই কৃষ্ণক যি শিক্ষা
দিব খুজিছে, মধ্যযুগৰ ভক্তিসাহিত্যৰ অংশ হিচাপেই নহয়,
যিকোনো সমাজৰ যিকোনো যুগৰ শিশুৰ মনক সি চমকপ্ৰদভাৱে আনন্দিত কৰে৷
একেদৰে মাধৱদেৱৰ ঝুমুৰাসমূহত লুকাই থকা শিশু-সাহিত্যৰ উপাদানবোৰো মন পৰশা৷ ইমান এক
চহকী ঐতিহ্যৰ উত্তৰসূৰী হৈও আজি অসমীয়া শিশু-সাহিত্যৰ জগতখন
প্ৰায় জঠৰ৷
ডাঙৰৰ বাবে সাহিত্য ৰচনা কৰা আমাৰ বহু
লেখকে এসময়ত শিশুৰ বাবেও কাম কৰিছিল৷ বেজবৰুৱাৰ পৰা নৱকান্ত বৰুৱা, ভবেন্দ্ৰ নাথ শইকীয়া,
নিৰ্মলপ্ৰভা বৰদলৈ আদি কৰি তোষপ্ৰভা কলিতা পৰ্যন্ত৷ পিছে সাম্প্ৰতিক
সময়ত ডাঙৰৰ বাবে লিখা লেখকসকলৰ প্ৰায়সকলেই শিশুৰ কাৰণে লিখিবলৈ আগ্ৰহী নহয়৷
শিশুৰ মনস্তত্ত্বৰ সৰলতা সম্ভৱতঃ ক্ৰমে
ক্ৰমে আমি হেৰুৱাই পেলাওঁ৷ কিন্তু সময়ে সময়ে সেই সৰলতাৰ মাজলৈ উভতি যাবলৈও ব্যাকুল
হৈ উঠোঁ৷ তেতিয়া আমি ডাঙৰৰ কাৰণে লিখা সাহিত্যতকৈ শিশু-সাহিত্যৰ পঠনৰ আনন্দ লওঁ৷
এনে ঘটনাৰ বিশ্লেষণ এনেকৈ কৰিব নোৱাৰিনে?— শিশু-সাহিত্য যিকোনো বয়সৰ লোকৰ বাবেই আৱেদনক্ষম৷
শিশুৰ কল্পনাশক্তিৰ বিকাশত শিশু-সাহিত্যৰ অতুলনীয় ভূমিকা থাকে৷ এনে কল্পনাশক্তিয়েই
সময়ত তেওঁলোকক ডাঙৰ পৰিকল্পনাৰ বাবে প্ৰস্তুত হোৱাৰ ভেঁটিটো নিৰ্মাণ কৰে৷ এনে
পৰিকল্পনাৰ প্ৰসঙ্গত বিজ্ঞানৰ প্ৰতি শিশুৰ মনত জন্মাবলগীয়া আগ্ৰহৰ কথাটো আহি
পৰেহি৷ অসমীয়া শিশু-সাহিত্যত বিজ্ঞান সম্পৰ্কীয় লেখা যথেষ্ট নহয়৷ ইয়াৰ কাৰণ কি?
সাহিত্য ৰচনা কৰা লোকসকলৰ বিজ্ঞান সম্পৰ্কীয় ভাল ধাৰণাৰ অভাৱ নে
বিজ্ঞানৰ জগতখনত কাম কৰা লোকসকলৰ সাহিত্য সম্পৰ্কীয় ভাল ধাৰণাৰ অভাৱ?
শুনিবলৈ পাওঁ, অসমৰ প্ৰকাশন
প্ৰতিষ্ঠানবোৰৰ সৰহ সংখ্যক হেনো শিশুৰ বাবে কিতাপ প্ৰকাশ কৰিবলৈ আগ্ৰহী নহয়৷ আকৌ এই বুলিও
শুনো, শিশুৰ কাৰণে লিখা কিতাপৰ বিক্ৰী হেনো আন কিতাপতকৈ ভাল৷
ই এক বিপৰীতমুখী ঘটনা নে
সংঘটন— আমাৰ জানিবলৈ মন যায়৷ আনহাতে অসম সাহিত্য সভাৰ দৰে
সংগঠনে শিশু-সাহিত্যৰ বাবে বিশেষ একো কৰা দেখা নাযায়৷ চৰকাৰীভাৱে
‘অসম শিশু সাহিত্য ন্যাস’ বুলি কিবা
এটা আছে যদিও ৰাজ্যখনৰ শিশুসকলক লৈ তেওঁলোকৰ একো বিজ্ঞানসন্মত পৰিকল্পনা নাই যেন
লাগে৷
যোৱা কেইটামান বছৰত অসমত আন এটা
নেতিবাচক অনুশীলন গঢ় লৈ উঠিছে৷ চৰকাৰীভাৱে বিদ্যালয়ে বিদ্যালয়ে পাঠ্যপুথি যোগান
দিয়াৰ ফলত আমাৰ শিশুহঁতৰ কিতাপৰ দোকানলৈ যোৱাৰ বাটটো বন্ধ হৈ পৰিছে৷ ফলত, স্কুলীয়া পাঠ্যপুথিৰ
উপৰি আন কিতাপো যে পঢ়িব লাগে, এই ধাৰণাটো বহু ল’ৰা-ছোৱালীৰ মনৰ পৰা লাহে লাহে আঁতৰি গৈছে৷ ফলত, এনে
এটা আশংকা জাগি উঠিছে যে যদি এই ব্যৱস্থাটো দীৰ্ঘস্থায়ী হয়, ভৱিষ্যতৰ
দিনত সামগ্ৰিকভাৱে অসমীয়া সাহিত্যৰ পাঠকেই নোহোৱা হ’বগৈ
পাৰে৷ কিতাপৰ ছপা-বন্ধাৰ দিশটোৱেও এই ক্ষেত্ৰত বিশেষ গুৰুত্ব দাবী কৰে৷ আমাৰ দেশৰে
বিশেষকৈ ইংৰাজী ভাষাত শিশুৰ বাবে কৰা কিতাপবোৰৰ ছপা-বন্ধাৰ মান অসমীয়া
শিশু-কিতাপতকৈ অনেক উন্নত৷ স্কুলীয়া পাঠ্যপুথিৰ ক্ষেত্ৰতো অসমীয়া মাধ্যমৰ ল’ৰাহঁতে পঢ়া পাঠ্যপুথিৰ তুলনাত ইংৰাজী মাধ্যমৰ কিতাপবোৰ অধিক আকৰ্ষণীয়৷
এনে হোৱাৰ কাৰণেও অসমীয়া কিতাপ পঢ়িবলৈ আমাৰ ল’ৰা-ছোৱালীহঁতৰ
আগ্ৰহ কমি গৈছে নেকি এইটোও ভাবিবলগীয়া৷
প্ৰতিখন চহৰতে বা প্ৰতিখন গাঁৱতে কেৱল
শিশুৰ বাবে একোটা পুথিভঁৰাল৷ এনে এটা সপোন আমি দেখিব নোৱাৰোঁনে? প্ৰতিজন উপাৰ্জনক্ষম
লোকে মাহে দহ টকাকৈ বৰঙণি যোগালেই পাঁচ বছৰৰ ভিতৰতে অসম পৃথিৱীৰ ভিতৰতে এনে এখন
ঠাইহৈ উঠিবগৈ, য’ত প্ৰতিখন গাঁও বা
চহৰতে শিশুৰ বাবে একোটা পুথিভঁৰাল আছে৷ অৱশ্যে এই ক্ষেত্ৰত সংগঠকসকলৰ সততা সৰ্বাধিক
গুৰুত্বপূৰ্ণ পূৰ্বচৰ্ত হ’ব লাগিব৷
অন্যযুগে বিগত কেইমাহমানৰ পৰা
বিশেষভাৱে শিশু-কিশোৰৰ ব্যক্তিত্ব বিকাশৰ দিশটোত গুৰুত্ব আৰোপ কৰিছে। কাৰণ, আজিৰ শিশু-কিশোৰসকলৰ
হাততেই কালিলৈৰ আমাৰ সময়খিনি নিৰ্ভৰশীল। শিশু-কিশোৰসকলক চিন্তা কৰিবলৈ শিকোৱা,
সপোন দেখিবলৈ অনুপ্ৰাণিত কৰা আদি বিষয়ক সাধাৰণতে আমাৰ অভিভাৱকসকলে
গুৰুত্ব দিবলগীয়া বিষয় বুলি নাভাবে বা নাজানে। অকল ভাত-কাপোৰ যোগান ধৰি সন্তানক ডাঙৰ কৰাটোকে অভিভাৱকত্ব নোবোলে। শিশুসকলৰ উদ্দেশ্যে কৌশলপূৰ্বক
নানান কথা লিখি শিশু-সাহিত্যিকসকলে মাক-দেউতাকেও কৰিব নোৱৰা এই কামটোকে কৰে।
অলপতে আমাৰ মাজৰ পৰা শাৰীৰিকভাৱে আঁতৰি
যোৱা গগনচন্দ্ৰ অধিকাৰীদেৱে (১ জুন, ১৯৪১— ৩০
ছেপ্টেম্বৰ, ২০২০) অসমীয়া শিশু-সাহিত্যক এক বিশেষ মাত্ৰালৈ উত্তৰণ ঘটোৱাত গুৰুত্বপূৰ্ণ
ভূমিকা পালন কৰি গৈছে। ক্ৰমে টকাত একোটা হাতী (মে’,
১৯৮১), ৰ’দালি
এ, ৰ’দ একন দে (অক্টোবৰ,
১৯৮৮), কক্ ককৰে-কক্ কেকে-হুৱা (জানুৱাৰি, ১৯৯০), তিনিখন ঠেং হ’ল
বুঢ়ী আইতাৰ (১৯৯৫), আখৰৰ গীত (নৱেম্বৰ
১৯৯৫), টৰ্চ মৰা মহ (২৯
ডিচেম্বৰ ২০০১), মাৰ গুলি, পকা
চুলি ভিজা মেকুৰীৰ অতপালি (ডিচেম্বৰ ২০১৭), মাখন মামাৰ
সাধু (নৱেম্বৰ ২০০২), মনোৰম খবৰৰ
পেৰা (ডিচেম্বৰ ১৯৯৫) শীৰ্ষক শিশুগ্ৰন্থ ৰচনা কৰি
গৈছে। তদুপৰি ২০০৩ চনত নৱকান্ত বৰুৱাৰ শিশু
সাহিত্য সমগ্ৰ (প্ৰথম খণ্ড) তেওঁ সম্পাদনা কৰি উলিয়াইছিল। ওৰে
জীৱন শিশু-সাহিত্যৰ সৃষ্টিত আত্মনিয়োগ কৰা এই মনোৰম ব্যক্তিত্বৰ অধিকাৰী
ব্যক্তিজনক ২০১০ চনত সাহিত্য
অকাদেমিয়ে বাল সাহিত্য পুৰস্কাৰেৰে সন্মানিত কৰিছিল।
আমি একালত সম্পাদনা
কৰা মাহেকীয়া জ্ঞানপীঠ আলোচনীত
তেখেতে নিয়মীয়াকৈ লিখিছিল আৰু আমাক বিভিন্ন উপদেশেৰে সমৃদ্ধ হোৱাত সহায় কৰিছিল।
শিশু-সাহিত্যসমূহ ‘ডাটা কেপছুল’ হ’ব
নালাগে বুলি তেখেতে বাৰে বাৰে আমাক সকীয়াইছিল। এইজন গুণী ব্যক্তিৰ সোঁৱৰণত
অন্যযুগৰ এই সংখ্যাটো শ্ৰদ্ধা সহকাৰে উছৰ্গা কৰিবলৈ পাই আমি ধন্য মানিছোঁ।