অন্যযুগ/


মিনহঁতৰ দেশ ইন্দোচীনত- ৩

নৃতাত্ত্বি‍ক দিশৰ পৰা ভিয়েটনামীসকল আৰু নাম-ভিয়েট

তপন কুমাৰ শৰ্মা



মিনক ভালকৈ চাই আচৰিত হ’লোঁ।

চৰবতৰ গিলাচটো হাতত লৈ মিনৰ লগত কথা আৰম্ভ কৰিলোঁ। সমুখৰ পুখুৰীটোত আমেৰিকাৰ বোমাৰো বিমানৰ ধ্বংশাৱশেষ। মিনে চচমাযোৰ চকুৰ পৰা কপালেদি নি মূৰত ‘হেয়াৰ বেণ্ড’ৰ দৰে  নি থৈছে।

সিফালৰ পৰা জিলিৰ ফোন আহিল। জিলি আৰু যাদৱ ডানঙৰ পৰা ছাইগনৰ পথত ৰেলগাড়ীত, ডানঙৰ পৰা চাগে দুঘণ্টামান দক্ষিণ পাইছেগৈ। মই ক’লোঁ- আজি হানয় চহৰ মিনৰ লগত ঘূৰি আছোঁ। বৰ্তমান এটি পুৰণা পুখুৰীৰ পাৰত। ‘ফটো এখন পঠিয়াই দিয়কচোন’- জিলিৰ পৰা অনুৰোধ নে আদেশ আহিল।

মিনে মোৰ ফোনটো লৈ আমাৰ ছেল্ফি এখন ল’লে। জিলিলৈ হোৱাটচ্এপত পঠালোঁ। চীনৰ দৰে নহয়, ইয়াত হোৱাটচ্এপ, গুগল সকলোবোৰে কাম কৰে, ভিয়েটনামী চিমৰ নেটৰ গতিবেগো সন্তোষজনক, এই দেশৰ চিম এখন মোবাইলত ভৰাই লৈছোঁ।

জিলিৰ পৰা ওলোটাই ফটো এখন পালোঁ, দুদিন আগতে হানয় চহৰত যাদৱে অন্য এজনী ‘মিন’ৰ লগত স্কুটিত উঠা ফটো।

মিনক এইমাত্ৰ ভালকৈ দেখিলোঁ, আগৰ দুই তিনিঘণ্টা একেলগে ঘূৰিছোঁ যদিও ভালকৈ চোৱা নাছিলোঁ, হেলমেট পিন্ধি আছিল, কোনোবা মুহূৰ্তত হেলমেট খুলিলেও সেই সময়ত হানয়ৰ স্মাৰক আৰু চহৰৰ অন্য গতিবিধি চোৱাত ব্যস্ত আছিলোঁ, তাই লং পেণ্ট, চাৰ্টৰ ওপৰত এটা দীঘল জেকেট জাতীয় কিবা পিন্ধিছিল, জেকেট ঠিক নহয়, হাতদীঘল গেঞ্জি মেটেৰিয়লৰ পাতল বুকুৰ ফালে চেইন থকা গৰম চোলা যেন লাগিল, হাত দীঘল মানে চোলাটো হাতৰ আঙুলিলৈকে প্ৰসাৰিত, শেষৰ অংশ হাতমোজা হিচাপে অন্ত পৰিছে; এইটো নিশ্চয় স্কুটাৰ চলাবলৈ সহায়ক হয়। তাই তোলা ছেল্ফিখন হোৱাটচ্এপত ভালকৈ চালোঁ। তাই সুগঢ়ী বুলি জানিছিলোঁ।

এতিয়া ভালকৈ চাই আচৰিত হ’লোঁ; তাই ধুনীয়া, গঢ়ী আৰু চকুতলগা, সেই কাৰণে আচৰিত হোৱা নাই, সেই কাৰণে ভাল লাগিছে নিশ্চয়, কিন্তু আচৰিত হোৱা মূল কাৰণটো নৃতাত্বিক দৃষ্টিকোণৰ পৰা অৱয়বটো বিশ্লেষণ কৰি। বিতং কৈ আছোঁ, অলপ পাছত।

হঠাতে কিমলৈ মনত পৰিল। মিন আৰু চেহেৰা দুটা মিলালোঁ।

কিম ছাইগন চহৰত থাকে। লগ পোৱা নাই এতিয়ালৈকে। কাইলৈ সন্ধিয়া, নহ’লে পৰহিলৈ পুৱা লগ পাম। ছাইগন দক্ষিণ ভিয়েটনামৰ চহৰ। ছাইগনৰ নতুন নাম হো-চি-মিন চহৰ।

অ, কিমক লগ নাপালেও দেখিছোঁ, ফটোত দেখিছোঁ। ভিয়েটনামলৈ অহাৰ দুমাহমান আগৰে পৰা কিমৰ লগত যোগাযোগ আছিল, তেওঁ ভিয়েটনামত আমাৰ বাবে ভালেখিনি ব্যৱস্থা কৰি থৈছে, বিশেষকৈ ছাইগনত।

মিনৰ চেহেৰাত কি বিশেষ দেখিলোঁ!

ভিয়েটনাম দক্ষিণ-পূব এচিয়াত। তেওঁলোকে নিজকে পূব এচিয়াৰ দেশ বুলি পৰিচয় দিবলৈ ভাল পায়। পূব এচিয়া মানে- চীন, কোৰিয়া জাপান। অ’ত দিন পুহি থকা ধাৰণা এটা– ভিয়েটনামী সকল মংগোলীয় জনগোষ্ঠীৰ লোক। কাৰণটো ইয়াৰ ভৌগালিক অৱস্থান। পাছে,,

মিনৰ মুখমণ্ডললৈ চাই দেখিলোঁ, টিপিকেল চীনা, কোৰিয়া বা জাপানী ছোৱালীৰ যিটো গঢ়, মুদ খাই যাব খোজা চকুৰ সৈতে পুতলা যেন লগা সৌন্দৰ্য্য, পাতল শেতা বগা হালধীয়া ভাৱ থকা গাৰ বৰণ, সেইটো মংগোলীয় চেহেৰা মিনৰ নাই। তাই চকু ককেচীয়সকলৰ দৰে বহল মেলখোৱাও নহয়, তাইৰ চকুটো মোৰ আৰু ধুনুমাৰ লগতহে কিছু মিল দেখিলোঁ, উজ্বল বহল নহয়, কিন্তু মুদখোৱাও নহয়। আনহাতে দক্ষিণ ভিয়েটনামত আমাৰ বাবে ৰৈ থকা কিমৰ চকু কেইটা মিনতকৈ বহল। ভিয়েটনামী লোকৰ গাৰ ৰং ইউৰোপীয় লোকৰ দৰে ঢেলা বগা নহয়, কিন্তু আমাৰ দৃষ্টিত বগা। আনহাতে মিনৰ নাক জোঙা, ককেচীয়সকলৰ দৰে। কিয়? কৈ থওঁ- ককেচীয় মানে ইউৰোপীয় আৰ্য্যমূলৰ বগা চালৰ লোক।

দৰাচলতে ভিয়েটনামীসকলৰ নৃগোষ্ঠীয় পৰিচয় মংগোলীয় নহয়। 

বাইকাৰ মিন থুই।

মিন এগৰাকী কিন। ভিয়েটনামৰ ভৈয়াম অঞ্চলৰ লোকসকলে নিজকে কিন বুলি পৰিচয় দিয়ে।

নৃগোষ্ঠীগতভাৱে ভিয়েটনামীসকল মেলানো-ইণ্ডোনেচীয় লোক, অষ্টো-মালায়ন বুলিও কোৱা যায়। এইসকল লোক বহু হাজাৰ বছৰৰ আগেয়ে চাইবেৰিয়াৰ পৰা আহি দক্ষিণ চীনৰ ইউনান অঞ্চলত বসতি আৰম্ভ কৰিছিল, প্ৰধানত নৈৰ পাৰে পাৰে অথবা সাগৰীয় দ্বীপসমূহত; সময়টো নৱ-প্ৰস্তৰ যুগ; নৱ-প্ৰস্তৰ যুগ খ্ৰী:পূ: দুহেজাৰৰ পৰা দহহাজাৰ বছৰৰ সময়চোৱা। ভিয়েটনামৰ উত্তৰৰ চীনৰ অংশটিয়েই ইউনান। এই অঞ্চললৈ মংগোলীয় আৰু চিনাটিক লোকসকল তাৰপাছৰ যুগতহে অহা; চিনাটিক মানে পুৰণি আৰব-পেলেষ্টাইন অঞ্চলৰ লোক বিশেষ। এতিয়াৰ ভিয়েটনামত ছেম আৰু খামাৰ সকলো বাস কৰে, সংখ্যাত কম। বৰ্তমানৰ ভিয়টনামীসকল নৃগোষ্ঠীগতভাৱে মিশ্ৰিত লোক। সময়ত ভিয়েটসকল ইউনানৰ কিছু দক্ষিণলৈ নামি আহিল আৰু বৰ্তমান ৰঙানদীৰ পাৰে পাৰে বহিল।

বহু হাজাৰ বছৰ একেলগে থকা পাছত ভিয়েটনামীসকল চীন-খেমেৰ-চেম-চিনাটিক সকলৰ এক সংমিশ্ৰিত ৰূপ। উত্তৰ ভিয়েটনামত মংগোলীয় মিশ্ৰণ বেছি, দক্ষিণ ভিয়েটনামত কম, সেয়েহে দক্ষিণত বহল চকুৰ লোক বেচি। তৎস্বতেও যোৱা দুই তিনি দশকত, উত্তৰ আৰু দক্ষিণ ভিয়েটনামত আহ-যাহ মিলা-মিচাৰ বাবে পাৰ্থক্যবোৰ পোনচাটেই চকুত নপৰিবও পাৰে, বিশেষকৈ ডাঙৰ চহৰত পাৰ্থক্য চকুত পৰা নাযায়। মিন আৰু কিমৰ চেহেৰাৰ পাৰ্থক্যৰ মূল কাৰণ এইবোৰেই।

সংস্কৃতি, আচাৰ-নীতিতো মংগোলীয় চীন সকলৰ সৈতে মেলানো ইণ্ডোনেচীয় ভিয়েটনামৰ কিছু পাৰ্থক্য আছে।

“আমি কোন জাননে...”- কথাবোৰ মনতে জুঁকিয়াই থাকোতে মিনে মাত দিলে।

মই ভেলেঙাটোৰ দৰে চাই থাকোতে তাই পুনৰ কৈ গ’ল- “আমি কিনসকল ‘আও-কো’ৰ সন্তান, এই গৰাকী পৰ্বতৰ পৰী,আৰু আমাৰ প্ৰথমগৰাকী মাতৃ। কিংবদন্তী মতে এই মাতৃৰ এশ সন্তান আছিল, প্ৰথমজন সন্তান হং-বং বংশৰ ৰজা হুং।”

এপলেক সময় ৰৈ- “আৰু আছে ৰ, এই মাতৃয়ে এশটা কণী পাৰিছিল আৰু তাৰপৰা এশ সন্তান জন্ম দিছিল। আমাৰ পিতৃ আছিল লেক-লক-কোৱান। সন্তান জন্মৰ পাছত পিতৃ গুছি গ’ল, কিয়নো তেওঁ সাগৰৰ পৰা আহিছিল আৰু সাগৰলৈ গুছি গ’ল। গুছি যাওতে লগতে ৫০জন সন্তান লৈ গ’ল, ৫০জন মাতৃৰ লগত থাকি গ’ল।”

“বৰ আমোদজনক...”- মোৰ মুখৰ পৰা ওলাল- “এইটো আমাৰ মহাভাৰতৰ কৌৰবৰ জন্ম কাহিনীৰ লগত মিল আছে। গান্ধাৰীয়ে যেনিবা এশ কণী পৰা নাছিল, এটুকুৰা মাংস পিণ্ড ভূমিষ্ঠ কৰিছিল, এই মাংস পিণ্ডক, কোনো মুনিৰ দিহা মতে, এশ টুকুৰা কৰি বেলেগে বেলেগে ৰখাত এশ সন্তান জন্ম পাইছিল।”

‘ৰবি...”, মই কৈ গ’লো- “তই কোৱা সাধুটোৰ মতে ভিয়েটনামী সমাজ মাতৃ-প্ৰধান হোৱা উচিত, বৰ্তমান তেনে নহয়, বোধহয় হাজাৰ বছৰ পূৰ্বে আছিল, তহঁতৰ কাষৰ কাম্বোদিয়া সকল মাতৃপ্ৰধান আৰু প্ৰকৃতি পূজক। কিন্তু কণী পৰাৰ কথাটো,,,”, সেইটো মই জানো বুলি মোৰ কথাখিনি মিনে থপিয়াই ল’লে- “আমাক নৃতত্বৰ ছাৰ এজনে কৈছিল যে ভিয়েটনামৰ পৰ্বতত বাস কৰা কিছু জনগোষ্ঠীৰ বিশেষকৈ মোঅং সকলৰ টোটেম চৰাই, সেই ধাৰণাৰ পৰাই প্ৰথম মাতৃয়ে কণী পৰাৰ জনশ্ৰুতি আৰম্ভ হৈছে নিশ্চয়! আনহাতে ভৈয়ামৰ কিন সকলৰ টোটেম ড্ৰেগন।” ১২৯৩ চন পৰ্য্যন্ত সকলো ভিয়েটনামী ৰজাৰ কৰঙণত ড্ৰেগনৰ টোটেম অঁকা নিয়ম আছিল। টোটেম নৃতত্ত্ববিদসকলে ব্যৱহাৰ কৰা শব্দ, অসমীয়াৰ প্ৰতিশব্দ- কুলপ্ৰতীক, বংশপ্ৰতীক এনেধৰণৰ হ’ব। বিভিন্ন জনগোষ্ঠীয়ে তেওঁলোকৰ অতীত কোনোবা জীৱ-জন্তু, গছ আদিৰ লগত সম্পৰ্কীত থকা বুলি ভাৱে আৰু তেনে প্ৰাণীক নিজৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে।

ভিয়েটনামীসকলে তেওঁলোকৰ ইতিহাস খ্ৰী:পূ: তিনিৰ পাঁচ হাজাৰ বছৰৰ পৰা আৰম্ভ কৰে। একে ধৰণেৰে কোৰিয়া, জাপান আৰু চীনা সকলেও একে সময়ৰ পৰাই নিজৰ নিজৰ ইতিহাস আৰম্ভ কৰে।

চীনৰ পুৰণা ইতিহাসৰ তথ্যত ‘বাক-য়ু’ নামৰ জনগোষ্ঠীৰ কথা উল্লেখ কৰিছে। এই বাক-য়ু’ সকলেই ভিয়েট জনগোষ্ঠীয় লোকসকল। এইখিনি টোকাই ভিয়েটনাম সম্পৰ্কীয় পৌৰাণিক টোকা। আমি জানো ইয়াংচিকিয়াং বা হালধীয়া নদীৰ পাৰত চীনা হানসকল বাস কৰিছিল, জনসংখ্যা বাঢ়ি যোৱাৰ হেঁচাত খ্ৰী:পূ: দ্বিতীয় শতিকামানত তেওঁলোকৰ কিছু অংশ ৰঙানদীৰ পাৰলৈ আহিল, স্থানীয় জনগোষ্ঠীৰ লগত সংঘাত হ’ল, তাৰে কিছু অংশ হানসকলৰ তললৈ গ’ল, আৰু জীন গ’ল। লেক আৰু আও নামৰ জনগোষ্ঠী কেইটা জীন নগ’ল, তেওঁলোকেই বৰ্তমানৰ ভিয়েট সকল।

ইতিহাসৰ এটা সময়ত চীনাসকলক অপসাৰিত কৰি স্বাধীন ভিয়েটনাম গঠন হ’ল, সেয়াও হাজাৰ বছৰৰ আগৰ।

তেনে এগৰাকী ভিয়েট নাৰী মোৰ সমুখত। ১৯ শতিকাৰ শেষ ভাগত, ১৮৮৩ চনত ভিয়েটনাম ফৰাচী উপনিৱেশত পৰিণত হ’ল। মোৰ সমুখত মিন থুই। আৰু ফৰাচীৰ কবলৰ পৰা ভিয়েটনামৰ উদ্ধাৰ কৰ্তা হো-চি-মিন। প্ৰথম গৰাকী মিন নাৰী আৰু দ্বিতীয় গৰাকী পুৰুষ।

মিন ভিয়েটনামৰ জনপ্ৰিয় নাম। সেই উপমাটোৰে বুজালে- ভিয়েটনামত যদি ওপৰলৈ শিল এটা দলিওৱা যায়, যাৰে মূৰত পৰক, পুৰুষ অথবা মহিলা তেঁৱে মিন। মিন(Minh) শব্দৰ অৰ্থ উজ্বল/সপ্ৰতিভ। আৰু থুই! থুই(Thuy)ৰ অৰ্থ পানী। মিন উভয় লিংগৰ বাবে দিয়া নাম, কিন্তু মিন-থুই কেৱল মহিলাৰ নাম। আনহাতে হো-চি-মিনৰ অৰ্থ- হো এটা উপাধি চি মিন মানে ‘সপ্ৰতিভ(মিন) আত্মা/ইচ্ছা (চি)’।

ভিয়েটনামত বৰ্তমান ৫৪টা চৰকাৰে চিনাক্ত কৰা সংখ্যালঘু জনগোষ্ঠী আছে। নদী উপত্যকাসমূহ বাদ দি ভিয়েটনামৰ বুজন অংশ পাহাৰীয়া ঠাই, এনে পাহাৰীয়া অঞ্চলত সংখ্যালঘূসকল বাস কৰে। এইসকল সেই সাধুকথাত থকা মাতৃ ‘আও কো’ৰ ৫০জন সন্তানৰ পৰা জনগোষ্ঠী। এই সংখ্যালঘুৰ বৰ্তমান সংখ্যা ৮৩ লাখ, মুঠ জনসংখ্যাৰ ৮%; সংখ্যালঘূসকল কিন নহয়।

,,

পাহৰি যাম বুলি হঠাতে মিনক সুধিলোঁ- ‘‘তহঁতে, মানে ভিয়েটনামীসকলে নিজকে কিয় কিন বুলি পৰিচয় দিয়?’’

‘‘অহ, কি বুলি কওঁ,,,’’- এই বুলি আৰম্ভ কৰি তাই থমকি ৰ’ল, আকৌ আৰম্ভ কৰিলে- “আমি আজি-কালি ‘ৰাজধানী চহৰ’ বুজাবলৈ ‘থু-ডু’ বুলি কওঁ, কিন্তু পুৰণা ভিয়েট ভাষাত ‘কিন ডু’ অথবা ‘কিন-চু’ মানে ৰাজধানী চহৰ। আৰু ৰাজধানী চহৰত বাসকৰা লোকসকল ‘কিন-লু’। সময়ত এই ৰঙানদীৰ পাৰত বাসকৰা, বিশাল অৱবাহিকা অঞ্চলত বাসকৰা লোকসকলে কিন বুলি পৰিচয় দিবলৈ ল’লে।” অলপ ৰৈ- “হ’বনে, তোক আৰু ভালকৈ বুজাই ক’ব নোৱাৰিম”।

মই বুজি ল’লোঁ- ভিয়েটনামৰ ভৈয়ামৰ ভিয়েটসকলে নিজকে ভিয়েটনামৰ পাহাৰত বাসকৰা ত্তাই/শ্বান, মোঅং, মং আদি লোকসকলৰ পৰা পৃথকৈ, ‘নগৰীয়া মানুহ’ বা কিন বুলি পৰিচয় দিছিল।

,,,,,

মিনে এইবাৰ ক’লে- “বান খোই খং? (bn khe không)” মোৰ চকুলৈ চাই পুনৰ ক’লে- “তই কচোন- বান খোই খং” মই যত্ন কৰি ক’লো- “বান খোই খং?”

তাই মোক ভিয়েটনামী ভাষা শিকোৱাত লাগিল। এইবাৰ বুজাই দিলে- তাৰ মানে ‘তোমাৰ কেনে?’, ‘হাও আৰ্ ইউ?’

তাকে ভাবিছোঁ- পৃথিৱীত কিছুমান বিশ্বজনীন অনুভূতি আছে- ‘আমাৰ ভাষাতো সকলোৱে জানক’, নিজৰ ভাষাটো আনক শিকাবলৈ সকলো আগ্ৰহী। মনত পৰিল- জিয়ানত চেলিনাই মোক মাড্ৰাৰিন শিকাইছিল- “নি-হাও-মা”; ইটালীৰ ফ্লোৰেঞ্চত কৰিনা মাৰিয়াই ইটালী শিকাইছিল- ‘কমে ভা’; কলম্বোত সুজাতাই সিংহলী শিকাছিল- ‘ওবাটা কেচেদা?’, ৰত্নগিৰিত অনন্ত্ মোৰেই মাৰাঠী শিকাইছিল- ‘তুজে নাও কায়? (তোমাৰ নাম কি?’), আহমেদাবাদত শৈলজাই শিকাইছিল- “তমে কেম ছো? বা তোমাৰ’ নাম শু(চু) ছে?”, তেনেকৈ বীষ্ট আৰু নেউৰিৱালে গাৰোৱালী শিকাইছিল, দীঘলীয়া তালিকা, এইবাৰ মিন,,,

“ৰবি, তোক কথা এটা সোধো,,,,,”- মিনক বাধা দি মই ক’লোঁ- “তহঁতৰ ভাষাটো যে ৰেমান লিপিৰে লিখে,,,,,!,,”- সপ্ৰশ্নক দৃষ্টিৰে তাইলৈ চাই ৰ’লোঁ।

তাই মুখত আঙুলিটো থৈ চকুতো সৰগলৈ ধিয়াই কিবা এটা ভাবিলে- “তই বৰ বিপদত পেলাৱ! আমি সৰুৰে এই লিপিয়েই দেখি আহিছোঁ, তথাপিতো শুনা মতে আমাৰ পৌৰাণিক লিপি চীনা, জাপানী আদিৰ দৰে আছিল।”

ভিয়েটনামী ভাষাৰ সাহিত্য ইতিহাস সমৃদ্ধিশালী ১১১ পূ:সাবৰ পৰা লিখিত সাহিত্যৰ নমনা পোৱা যায়, এই ভাষা চীনা ভাষাৰ চৰিত্ৰ/লিপি ব্যৱহাৰ কৰি লিখা হৈছিল। এই ধাৰাটো ক্ষীণকৈ বিংশ শতিকালৈ আছিল। ভাবিছিলোঁ ভিয়েটনামী লিখিবলৈ ৰোমান লিপি ফৰাচীসকলে আৰম্ভ কৰিছিল; পাছে নহয়, ইতিহাস আৰু আমোদজনক।

 
(১৭শ, ১৮শ শতিকাৰ ভিয়েটনামী সাহিত্যৰ নমুনা। 
http://en.didulich.net/Culture/Vietnamese-Literature/vietnamese-language-a-long-history-10431)

...

এতিয়ালৈ মোৰ চকুত পৰা নামফলক, জাননী, সৰু পুস্তিকা আদি দেখি গম পাইছোঁ, বৰ্তমান ভিয়েটনামীসকলে ৰোমান লিপি সংশোধিত ৰূপত ব্যৱহাৰ কৰে। স্বৰবৰ্ণ কেইটাৰ ওপৰে তলে ফুট, ডেচ আদি ব্যৱহাৰ কৰি উচ্চাৰণবোৰ ঠিক কৰে। উদাহৰণ স্বৰূপে a আখৰটো আৰু পাঁচটা ৰূপ আছে; à, á, , ã, আৰু ; তেনেকৈ বাকী কেইটা  স্বৰবৰ্ণৰো একাধিক ৰূপ আছে, তেওঁলোকে এই বিভিন্ন ৰূপ নধৰিলেও ২৯টা বৰ্ণ ব্যৱহাৰ কৰে; দৰাচলতে আধুনিক লেটিন ভাষাত এই ধৰণৰ স্বৰচিহ্ন ব্যৱহাৰ হয়।

ছাইগনত লিপি সম্পৰ্কে কিমৰ লগত কথা পাতিছিলোঁ। গম পালোঁ আমোদজনক ইতিহাস।

ভিয়েটনামী জাতীয় ভাষাটো (তেওঁলোকে ‘কুউকু-ঙু’ বুলি কয়) লিখা এই ৰোমান লিপিৰ ব্যৱহাৰ সপ্তদশ শতিকাত  পৰ্টুগীজসকলে আৰম্ভ কৰিছিল। পৰ্টুগীজ মিছনেৰী ফ্ৰাঞ্চিচকো-ডি-পিনা নামৰ ধৰ্ম যাজকজনে এই ৰোমান লিপিটো আৰম্ভ কৰিছিল, তেওঁ জাপানী ভাষাৰ কৰ্মৰাজী কিছুমান পৰ্টুগীজলৈ অনুবাদ কৰিছিল, জাপানী ব্যাকৰণ লিখিছিল। ১৬১৫ চন মানৰ পৰা তেওঁ ভিয়েটনামৰ ‘হয়-আন’ চহৰত বহিছিল, ভাষাটো সলসলিয়াকৈ শিকিছিল আৰু বৰ্তমানৰ লিপিত বান্ধিছিল; ভাবি ভাবি আঁত নাপাওঁ, চতুৰ্দশ পঞ্চদশ শতিকাৰ পৰাই ইউৰোপীয়সকলে বিশ্বৰ প্ৰতিটো কোনলৈ ঢাপলি মেলিছিল, বেপাৰেই মূল আছিল বুলি কোৱা হয় যদিও, আৱিষ্কাৰ আৰু শিকা-জনা-বুজাৰ প্ৰতি অদম্য, অবুজ, অপৰাজেয় বাসনা এটা আছিল; তেওঁলোকে সকলো দেশৰে ভাষা-সংস্কৃতি, শিক্ষা-দীক্ষা সকলোতে স্থায়ী প্ৰভাৱ পেলাইছিল। মিনকক’ ক’লোঁ-

“তোৰ ভাষা, লিপি এইবোৰ বাৰু মই অন্য উৎসত জানি ল’ম।”

,,,,,

“অ, অন্য এটা কথা কচোন, এই ভিয়েটনাম শব্দটোৰ অৰ্থ কি? কৰবাত কৰবাত পঢ়োতে ‘নাম ভিয়েট’ বুলিও পাইছিলোঁ”- মোৰ প্ৰশ্নত তাই থমকি ৰৈ ক’লে- “আমাৰ দেশখনৰ নাম ভিয়েটনাম, আগতে দুটা শব্দত ‘ভিয়ট-নাম’ বুলি কৈছিল। ভিয়েট মানে পিপোল(মানুহ) নাম মানে দক্ষিণ; অৰ্থ চীন দেশৰ দক্ষিণ অঞ্চলৰ লোকসকল। ১৮০২ চনৰ আগলৈকে দেশখনক ‘নাম-ভিয়েট’ বুলি কৈছিল। চীনা হানসকলে খ্ৰী:পূ: ১১১ চনৰ পৰা এহেজাৰ বছৰ জুৰি বৰ্তমানৰ উত্তৰ ভিয়েটনাম শাসন কৰিছিল, ‘নান্যুই নামৰ চীনা সাম্যাজ্যখনৰ ভিতৰুৱা আছিল- হংকং, মাকাও, দক্ষিণ ফুজি আৰু উত্তৰ ভিয়েটনাম। চীনাসকলে ভিয়েটনাম অঞ্চলক ‘আন্নাম’ বুলিছিল, অৰ্থ ‘শান্ত-শিষ্ট দক্ষিণ’। ৯৩৮ চনত ভিয়েটনামৰ পৰা চীনাসকলক অপসাৰণ কৰি স্বাধীন ভিয়েটনাম গঠন হ’ল, ঙ-বংশৰ প্ৰথম ৰজা ঙ-কুৱেনে দেশখনৰ নাম ৰাখিলে নাম-ভিয়েট। ১৮০২ চনৰ পাছত নাম-ভিয়েট গুছি ‘ভিয়েট-নাম ’হ’ল। পাছলৈ শব্দ দুটা যোৰ পাতি লিখিবলৈ ল’লে।

“দে, বহু কথা পৰিস্কাৰ হ’ল।”

দক্ষিণ-পূব এছিয়াৰ গছ-পাতৰ জাপিবোৰ।

হাতত সময় কম, মোবাইলৰ ঘড়ীত চকু দিলোঁ, তথাপি মিনৰ পৰা আৰু কেইটিমান কথা জানি ল’ব লাগিব। অলপ আগতে ফোনত কথা পাতোতে জিলিয়ে আৰু এটা ফৰমাইচ দিছিল- “এই যে মহিলাবোৰে চাইকেলত বা মটৰ চাইকেল পাচলি আদি বোজাই কৰি নিওতে মূৰত জাপি এটা পিন্ধে, তেনে অৱস্থাত ফটো এখন লৈ থবচোন, মই বহুতক দেখিলোঁ, কিন্তু সুবিধাজনকভাৱে ফটো ল’ব নোৱাৰিলোঁ।”, এইমাত্ৰ সমুখেদি ফটো ল’ব পৰা তেনে দুটামান দৃশ্য পাৰ হৈ গ’ল, বহা ঠাইৰ পৰা উঠি জাঁপ মাৰি ফটো লওঁ মানে আঁতৰ হ’ল। আমাৰ অসমত জাঁপিবোৰ কেৱল গাঁৱত কৃষকৰ মূৰত, পথাৰতহে দেখা যায়, নগৰত দুৰ্লভ। সৰুদৈয়া জাপিটো কেৱল সাঁজোন-কাচোনত ব্যৱহাৰ হয়। ভিয়েটনামত জাপিটো গাঁৱে-ভূঞে, নগৰে-চহৰে সকলোতে সমভাৱে ব্যৱহাৰ হয়, জাঁপিটো এই মুলুকত সাধাৰণ দৃশ্য। আবালবৃদ্ধবনিতা, দৰিদ্ৰ, সাধাৰণ, অভিজাত সকলোৱে পিন্ধে, আনকি পৰ্যটকসকলেও।

...

“সেইটোক কি কয়, সেই ‘হেট’টো পিন্ধি থকা মহিলা বেপাৰীৰ ফটো ল’ব খোজোঁ।”- মোৰ প্ৰশ্নত মিনে ক’লে- “অ, ‘নন-লা’ৰ কথা কৈছ! চিন্তা নকৰিবি আগত পাই যাম, তোক তুলি দিব।” বুজিলোঁ- জাঁপিক ভিয়েটসকলে নন-লা বুলি কয়। জাঁপিটোক ইংৰাজীত কি ক’ম! আম্বেলা, হেট, নে কেপ? ইংৰাজী সাহিত্যত কি কৈছে বা। খুঁচৰিলোঁ। ‘ৰাইচ হেট’, ‘পেদি হেট’, ‘লিফ হেট’, ‘কুলি হেট’ আদি শব্দ ব্যৱহাৰ কৰিছে। ভিয়েটনামী শংকু আকৃতিৰ এই জাঁপিটো দক্ষিণ-পূব আৰু পূব এচিয়াৰ প্ৰায়বোৰ দেশতে ব্যৱহাৰ কৰিছে। অসমত জাঁপিটো কিছু বেলেগ, এইটো মানৰ দেশৰ লগত কিছু মিল আছে।

“ৰ, শুন, আমাৰ এই নন-লাৰ উৎপত্তি সম্পৰ্কে এক জনবিশ্বাস আছে।”

“কচোন, ক।”

“এবাৰ আকাশেদি যোৱা বৃহদাকাৰৰ পৰী এগৰাকীয়ে পৃথিৱীৰ মানুহক বৰষুণ, বানপানী আদিৰ পৰা ৰক্ষা কৰিবলৈ তিনিখিলা বিশাল আকাৰৰ গছৰ পাত লৈ ছাতি আকৃতিত দাঙি ধৰিলে। তাকে দেখি ভিয়েটসকলে অনুকৰণ কৰি টকৌ গছৰ পাতেৰে অনুৰূপ কিবা এটা জাঁপি সাজিবলৈ ধৰিলে,তেনেকৈয়ে এই নন-লাৰ জন্ম হ’ল।”

“মিন, কথা এটা কচোন, তহঁতৰ ইয়াত জাঁপি তৈয়াৰ কৰা গাঁও আছেনে, আমাৰ অসমত জাঁপিসজীয়া নামেৰে গাঁও এখন আছে।”

“কিয় নহ’ব, বহুত আছে, যাব খুজিছ নেকি ব’ল।”

জাঁপিসজীয়া গাঁও চাবলৈ সময় নহ’ব। সাধু শুনি আছোঁ, মাজে মাজে চাৰিওফালে চকু ঘূৰাই আছোঁ।

...

“মই তেওঁলোকক কিয় গুলিয়াব লাগে, তেওঁলোকেতো মোক নিগাৰ বুলি কোৱা (তাচ্ছিল্য কৰা) নাই, তেওঁলোকে আমাক খেদি খেদি গণপ্ৰহাৰ কৰা নাই,,” (ন ভিয়েটেকং হেজ কল্ড্ মি এ নেগাৰ। no viet-cong has called me তাইি negar)

...

আমাৰ সমুখেদি দুজন লোক পাৰ হৈ গ’ল, কোনো বিদেশী পৰ্য্যটক যেন লাগিল, এজন মাগুৰ বৰণীয়া, বোধহয় নিগ্ৰো মূলৰ, মোৰ চিনাকি চিনাকি যেন লাগিল; কেই মুহূৰ্তমান মনৰ ভিতৰত যুদ্ধ কৰাৰ পাছত, অস্ফুটভাৱে স্বত:স্ফুটভাৱে উচ্চাৰণ কৰিলোঁ- কেচিয়াচ-ক্লে! মিনলৈ চাই ক’লোঁ- ‘মহম্মদ আলিক জাননে’?

‘ওঁহো, কিয়’? এপলেক ৰৈ- ‘ৰবি, ৰবি, দেউতাৰ মুখত শুনিছিলোঁ, আমেৰিকাৰ সেই বিখ্যাত বক্সাৰজন নহয় জানো! তেখেতে বোধহয় নিজৰ দেশৰে চৰকাৰ আমেৰিকাৰ প্ৰশাসকৰ বিৰুদ্ধাচৰণ কৰিছিল। কিবা আমেৰিকাৰ হৈ যুদ্ধ কৰিবলৈ আমেৰিকাৰ সৈন্য বাহিনীত যোগদান কৰিবলৈ অমান্তি হৈছিল।’

মই যোগ দিলোঁ- “হয়, ঠিকেই মনত পেলাইছ। সেইবাবে তেওঁক বন্দীশাললৈও নিক্ষেপ কৰিছিল, আনকি বক্সিঙৰ বিশ্বখিতাপ কাঢ়ি লোৱা হৈছিল, সেইটো ১৯৬৭ চন মানৰ কথা হ’ব, তেতিয়া তোৰ দেউতাৰা চাগে সৰু ল’ৰা অথবা চেঙেলীয়া ডেকা, মই নিজে দ্বিতীয় মানত আছিলো চাগে।”

মহম্মদ আলিৰ সৰু কালৰ নাম আছিল কেচিয়াচ ক্লে। নামটো তেওঁৰ নিজে ভবা মতে  ক্ৰীটদাস হিচাপে পোৱা নাম, সেয়ে প্ৰতিবাদ কল্পে ধৰ্মান্তৰিত হৈ নাম লৈছিল মহম্মদ আলি। মানুহজন সাংঘাতিক প্ৰতিবাদী আৰু বিদ্ৰোহী মনৰ আছিল। আমাৰ ল’ৰালিৰ হিৰসকলৰ ভিতৰত অন্যতম আছিল এইজন মুষ্ঠিযোদ্ধা। যুদ্ধৰ সেই সময়ত বহু আমেৰিকাৰ ডেকা ল’ৰা কানাডা বা অন্য ঠাইলৈ পলাই গৈছিল, কাৰণ- তাকে নহ’লে চৰকাৰে জোৰ কৰি সেনা বাহিনীত নিয়োগ কৰি ভিয়েটনাম যুদ্ধলৈ পঠিয়াই দিছিল, তেনে যুৱক হয়তো কোনো দিনে নিজ দেশলৈ ঘূৰি আহিব পৰা নাছিল, তেনেকৈ নিয়োগ কৰিবলৈ এখন আইনো প্ৰণয়ন কৰি লৈছিল।

 ( ফটো- ৱাচিংটন পষ্ট।)

মহম্মদ আলি(জ, ১৯৪৪- মৃ, ২০১৬) পলাই নগ’ল, বৰং যুদ্ধৰ বিৰোধিতা কৰি কৈছিল- “মোৰ ভাইসকলক(ভিয়েটসকল), অথবা কোনোবা ক’লা মানুহক, অথবা কোনোবা দৰিদ্ৰ জনসাধাৰণক, আমেৰিকাৰ দৰে বৃহৎ শক্তিৰ হৈ গুলিয়াবলৈ মোৰ বিৱেকে নকয়।” অন্য এবাৰ তেওঁ কৈছিল- “আৰু তেওঁলোকক কিয় গুলিয়াব লাগে? তেওঁলোকে মোক কেতিয়াও নিগাৰ(নিগ্ৰো) বুলি কোৱা নাই, মোক কেতিয়াও উন্মাদ গণপ্ৰহাৰ কৰা নাই, তেওঁলোকে মোৰ ওপৰত কুকুৰ মেলি দিয়া নাই, মোৰ মা-দেউতাক বলাৎকাৰ কৰি হত্যা কৰাও নাই,,,, মই কিয় গুলিয়াব লাগে? মই দুৰ্ভগীয়া লোক কিছুমানক কেনেকৈ গুলিয়াম। মোক জেইললৈকে নিয়া।”

মিনে প্ৰতিক্ৰিয়া জনালে- “আচৰিত! ইমানখিনি কথা জনা নাছিলোঁ, শ্ৰদ্ধাত মূৰ দো খাই যায়।, যি বুজিলোঁ- আমেৰিকাত নিগ্ৰোসকল শ বছৰ জুৰি বগা-মানুহৰ দ্বাৰা বৰ্ণ বৈষ্যমৰ বলি হৈ আহিছে, এইসকলক নতুন আমেৰিকা গঢ়িবৰ বাবে ইউৰোপীয়সকলে আফ্ৰিকাৰ পৰা ক্ৰীতদাস হিচাপে ধৰি অনা নাছিল জানো।”

মই ভাবি আছোঁ- “তই স্মাৰ্ট দেখোন!”।

তাই পুনৰ যোগ দিলে- “মই মহম্মদ আলিৰ বিষয়ে সিমান নাজানিছিলোঁ। কিন্তু আমেৰিকাৰ যোদ্ধ-বিৰোধী কৰ্মীবোৰৰ মাজত ‘জেন ফন্দা’ক ভালপাওঁ।,,,,”- মিনে এইবাৰ নতুন বিষয় এটা ক’লে।

“কোন জেন ফন্দা?”- মোৰ মুখৰ পৰা ওলাল।

“তাকে ক’বলৈ ওলাইছোঁ, শুনি যা চোন। সৌ পুখুৰীৰ মাজত ভগা প্লেনখন দেখিছ,,,”- আমি পুখুৰীৰ পাৰতে আড্ডাত মছগুল হৈ আছোঁ।

“পাছে? জেনৰ পৰাগৈ ভগা প্লেন! কৈ যা”

“জেন ফান্দা আমেৰিকাৰ চিনেমাৰ নায়িকা এগৰাকী, এতিয়াও জীৱিত বোধহয়, মোৰ দৃষ্টিত বৰ মোহময়ী অভিনেত্ৰী। ১৯৭২ চনত ভিয়েটনামলৈ আহিছিল, এই হানয় চহৰত বহু দিন আছিল। আমি তেওঁক ভালপোৱাৰ কাৰণটো হ’ল, ইয়াৰ পৰা তেওঁ এলানি ৰেডিঅ’ ব্ৰডকাষ্টিং কৰিছিল। ৰেডিঅ’ত তেওঁ আমেৰিকাৰ যুদ্ধ বিমানে বোমাবৰ্ষণ কৰা ঘটনাৱলীক গৰিহণা দিছিল, আৰু তেনে নকৰিবলৈ তেওঁৰ দেশৰ চৰকাৰক অনুৰোধ কৰিছিল। ভিয়েটনামৰ ক্ষেপনাষ্ট বোৰে বহু আমেৰিকাৰ বিমান ভূপতিত কৰিছিল, তাৰে এখন আমাৰ সমুখত।”

“ও, তাৰ পাছত?

“এবাৰ ভিয়েটটনামী ‘এণ্টি-এয়াৰক্ৰাফ্ট গান’ৰ সমুখত থিয় হৈ, পজ দি, জেনে এখন ফটো উঠিছিল, সেইখন ফটো ভিয়েটনামৰ আৰু আমেৰিকাৰ বাতৰিকাকতত ওলাই গৈছিল, ফটোত এনে দেখা গৈছিল- জেনে আমেৰিকাৰ প্লেন আক্ৰমণ কৰি বগৰাব খুজিছে! আমেৰিকাত হাহাকাৰ লাগিল। সেই ফটোক লৈ জেন বেয়াকৈ সমালোচিত হৈছিল, জেন আমেৰিকাত কুখ্যাত হৈ পৰিল। জেন ফন্দাৰ উপনাম হৈ গৈছিল- ‘হানয় জেন’। আমেৰিকালৈ ঘূৰি যোৱাৰ পাছত তেওঁক দেশদ্ৰোহী আখ্যা দিছিল। বহুবাৰ তেওঁ নিজ দেশত ক্ষমা খুজিছে সেইখন ফটোগ্ৰাফৰ বাবে।” ১৯৩৭ চনত জন্মা হানয় জেন এতিয়াও জীৱিত।

মিনৰ মুখত শুনাৰ পাছত মই জেনৰ বিষয়ে কিছু পঢ়ি লৈছিলোঁ, ১৯৭২ চনৰ জুলাইত তেওঁ উত্তৰ ভিয়েটনাম ভ্ৰমণ কৰিছিল, দুসপ্তাহৰ বাবে ভিয়েটনামত আছিল, বোমাই বিধস্ত কৰা ঠাইসমূহ ঘূৰিছিল, লগতে হানয়ত বন্দীহৈ থকা আমেৰিকাৰ সৈন্য কিছুমানকো লগ কৰিছিল।


 
(ফটো- নিউইয়ৰ্ক টাইমচ্।)

মোৰ মুখৰ পৰা দীঘল হুমুনিয়াহ এটা ওলাই আহিল।

“কি, কবি! যুদ্ধই মানুহক কেতিয়াও ইতিবাচক একোৱেই দিয়া নাই।,,”

“তৎস্বতেও, মহাভাৰত, ইলিয়াড-ওদিচিৰ দিনৰে পৰা, আলেকজেণ্ডাৰ, চেংগিচ খাং, দুখনকৈ মহাযুদ্ধ, ভিয়েটনাম, ইৰান, ইৰাক, আফগানিস্তান,,, এই সকলোবোৰ, সমগ্ৰ মানৱ ইতিহাসৰ পৰিক্ৰমাটোৱেই যুদ্ধৰ ইতিহাস,,”, আৰু এটা দীঘল উশাহলৈ কৈ গ’লোঁ- “বুজিছ, আমাৰ মহাভাৰতৰ এটা বৃহৎ অংশ গীতা, গীতাত উধৰ পৰা মুধলৈ কৃষ্ণই প্ৰায় এহেজাৰ শ্লোকৰ মাজেৰে এটা কথাই বাৰে বাৰে কৈছেঁ- ‘সখা, যুদ্ধ কৰা, যুদ্ধ কৰা, যুদ্ধৰ বিকল্প একো নাই’!”

তাই কি বুজিল জানো! তাই মোলৈ ভেলেঙিৰ দৰে চাই থাকিল। মই মুখৰ ভিতৰতে ক’লোঁ- “তই, মহাভাৰত, গীতা, কৃষ্ণ-অৰ্জুন- এইবোৰ কিবা বুজিছ জানো!”

তাইৰ মুখৰ পৰা ওলাল- “অ, তোক কোৱাই নাই, প্ৰয়োজনো হোৱা নাই, তহঁতৰ গীতাৰ কথা শুনি মনত পৰি গ’ল, মোৰ খুৰা এজন বোমাৰ আঘাতত ঢুকাইছিল, আমাৰ গাঁৱৰ বহু লোক হয় মৰিছে নহয় ঘূনীয়া হৈছিল, ‘আংকোল হা’ই ভিয়েটনাম উদ্ধাৰ কৰিলে।”- তাইৰ চকু বোধহয় সেমিকি গৈছিল, ভয়তে মই তাইৰ চকুলৈ চোৱা নাই। হো-চি-মিনক ভিয়েটসকলে হো-দদাইদেউ (হো খুৰা) বোলে।

,,,,

চোৰক মেলে নুখুৱায়। এইবাৰ উঠিব লাগিল। হানয়খন চাবলৈ বহুত বাকী।

বহাৰ পৰা তায়ো উঠিল। ঘোষণা কৰিলে- “বল যাওঁ”।

বিতংকৈ জনালে- “এইবাৰ ক’ত যাম জাননে! ৰঙানদীৰ পাৰলৈ যাম। ৰঙানদীৰ এখন ঐতিহাসিক দলং পাৰ হম।”

বল আকৌ, মই ঘূৰিবলৈহে আহিছোঁ, মেল মাৰিবলৈ নহয় নহয়। এইবোৰ মোৰ মনৰ মাজেদি অহা ভাব, তাইক ফুটাই কোৱা নাই। তই ৰঙানদীৰ পাৰৰ, এই নদীৰ পাৰত তিলে তিলে গঢ় লোৱা হাজাৰ বছৰীয়া সাংস্কৃতিক উপাদানেৰে গঢ় লোৱা। ময়ো লুইতৰ পাৰৰ পৰা আহিছোঁ, লৌহিত্যৰ পাৰৰ পৰা। লোহিত মানে ৰঙা, ময়ো ৰঙানদীৰ পাৰৰ। আমাৰ হেম বৰুৱাই নিজ দেশ অসমৰ পৰিচয় জ্ঞাপক পুথি লিখিছে- ‘ৰঙানদী আৰু নীলা পাহাৰ’/ ‘ৰেড ৰিভাৰ এণ্ড ব্লু হিলচ্’। মুখেৰে ফুটাই ক’লোঁ- “বল, এতিয়া, সোনকাল কৰ।” তহঁতৰ দেশখনো ৰঙানদী আৰু নীলা পাহাৰৰ দেশ, সাগৰে অৱশ্যে ভিয়েটসকলৰ দেশক এক সুকীয়া বৈশিষ্ট্য দিছে; আনহাতে মোৰ অসম দেশৰ ‘লেণ্ডলক’, সাগৰৰ পৰা বহু দূৰ; সাগৰ আমাৰ বাবে সপোন, মোৰ কলংপাৰৰ কবিয়ে সোধে- ‘সাগৰ দেখিছা?’, বিলাত-ফেৰত হেম বৰুৱাই লিখে- ‘সাগৰ দেখিলোঁ’।

দক্ষিণ চীন সাগৰৰ পাৰৰ মিনে স্কুটী ষ্টাৰ্ট দিলে।

প্ৰতিবাৰ কৰা দি তাই হেলমেটৰ ফিটাডাল মোৰ ঠুঁতৰিত বান্ধি দি, ভৰি কেইটা পাওদানিত পৰিছেনে চাই বাইক এৰি দিলে,,,,,।

,,,,

মিনৰ স্কুটি দৌৰি আছে, চিনাকি আত্মিক পৃথিৱীখনো আমাৰ সৈতে একেলগে আগবাঢ়িছে।

মূৰৰ ওপৰত খোলা আকাশ, ভৰিৰ ঠিক তলতে মাটি।

স্কুটীত চহৰ নগৰ, অলি-গলি ঘূৰাৰ আনন্দ, গাড়ীত ঘূৰাতকৈ হাজাৰ গুণ বেচি, ই কেৱল ইন্ধনৰ খৰচ আৰু নগৰৰ ট্ৰেফিকৰ বাবে বা পাৰ্কিৰ সুবিধাৰ বাবেই নহয়। ইয়াৰ এক অনন্য মাত্ৰা আছে, নিজা আয়তন আৰু ব্যাপ্তি আছে। এষাৰ সুন্দৰ বাক্য মটৰ বাইক আৰোহীৰ মুখে মুখে। “গাড়ী চলোৱাটো চিনেমা চোৱাৰ দৰে আৰু মটৰ বাইক চলোৱাটো নিজে অভিনয় কৰাৰ দৰে।” বাইক চলালে মূৰৰ ওপৰত আকাশখন আৰু ভৰিৰ ঠিক তলতে মাটি; গাড়ীত গ’লে খিৰিকিৰ কাঁচৰ মাজেদি পৃথিৱীখন চিনেমাৰ দৰে লাগে, চৌপাশৰ গছ-গছনি, মানুহ-দুনুহৰ লগত আত্মিক দূৰত্ব এটা থাকি যায়! ওপৰ ফালেদি আৰু তলেদি ই বাস্তৱ পৃথিৱীৰ পৰা ঢাক খোৱা! স্কুটিত গ’লে প্ৰায় খোজ কঢ়াৰ দৰে, থাওকতে ৰ, ফটো ল, কথা পাত; গছ-লতা, দোকান-পোহাৰ, লোকালয়, কোলাহল, দীঘলীয়া নিৰ্জন পথ সকলো জীৱন্ত হৈ উঠে; আৰু ৰ’দ, বতাহ, বৰষুণ, ধূলি সাধাৰণ পথচাৰিৰ দৰে সকলো গা পাতি ল’ব লাগে; বাস্তৱ পৃথিৱীৰ সৈতে এক শাৰিৰীক আৰু আত্মিক সম্পৰ্ক গঢ় লয়!

মিনৰ সৈতে আগুৱাইছোঁ।

আমাৰ বেগৰ সৈতে, হানয় বতাহৰ শব্দই কাণত কোবাই গৈছে, গাভৰু ছোৱালী, মুকলি ঠাই পালে এক্সেলেটাৰত হাতৰ হেঁচাটো বেচিকৈ পৰে। এইমাত্ৰ গাড়ীতকৈ মটৰ বাইক সুবিধাখিনি ‘জেন এণ্ড আৰ্ট অৱ মটৰ চাইকেল মেইণ্টেনেঞ্চ’ নামৰ কিতাপখনত উল্লেখিত; হবহু একে নহয়, মোৰ মনৰ মাজত যেনেদৰে ৰৈ গৈছিল। ১৯৮০ দশকৰ শেষৰ ফালে বা ৯০ দশকৰ আৰম্ভণিত কিতাপখন কিনিছিলোঁ, আমেৰিকাৰ ‘বেষ্টচেলাৰ’। কিতাপখন কিনিছিলোঁ জেন বৌদ্ধবাদৰ প্ৰতি থকা আকৰ্ষণ বাবে। বাপেক আৰু পুতেকে আমেৰিকাৰ মিনেচোটাৰ পৰা উত্তৰ কেলিফৰ্নিয়ালৈ কৰা ১৭ দিনীয়া মটৰ-বাইক, হোণ্ডা CB77, যাত্ৰাৰ কাহিনী। সমগ্ৰ কিতাপখন শেষ কৰিব নোৱাৰিলোঁ, কাৰণ বৰ্ণনা বাহুল্যতা, কিন্তু পঢ়াখিনিৰ ভালে অংশই মন চুই গৈছিল; উত্তৰ গুৱাহাটীৰ উঁয়ে খোৱা কিতাপৰ মাজত যদি হেৰাই যোৱা নাই, পুৰণা কিতাপৰ ৰেকত এতিয়াও বিচাৰি পাম।

ৰঙানদীখন এতিয়াও চকুত পৰা নাই, বোধহয় নদীখন আমাৰ সমান্তৰালকৈ কেইশ মিটাৰ মান আঁতৰেদি বৈ গৈ আছে। কিছু দূৰ গৈ লগ পাম।

 

(হানয় চহৰত বৰষুণৰ পাছত। ফটো ২২জুন ২০২২, Vn Express/Quynh Tran)

জুলাই মাহৰ হানয় মোটামোটিকৈ গুৱাহাটীৰ সৈতে একে। উষ্ণতা প্ৰায় সমান, এক-দুই ডিগ্ৰী ইফাল সিফাল। দুয়ো ঠাইতে বৰষুণৰ বতৰ। ভাগ্য ভাল এতিয়ালৈকে বৰষুণ পোৱা নাই। গুৱাহাটীলৈ মনত পৰিল। আমি চলমান, ধাৱমান, মূৰটো সমুখলৈ হাওলাই মিনৰ কাণত ক’লো- ‘‘তহঁতৰ ইয়াত, মানে হানয় চহৰত, ওৱাটাৰ লগিং সমস্যা আছেনে?”

তাইৰ পৰা ‘হা’ বুলি কওঁতে বুজিলোঁ, শুনা নাই বা বুজা নাই, প্ৰশ্নটো দুনাই কৰিলোঁ। উত্তৰ পালোঁ- “বৰষুণত তিতিবৰ মন গৈছে নে পানী খচিবৰ মন গৈছে?” বুজি ল’লোঁ- পৃথিৱীৰ সৰহভাগ জনবহুল ঠাইৰ দৰে, ইয়াতো কৃত্ৰিম পানী হয়।

 


(ৰঙানদীৰ ওপৰৰ প্ৰথমখন দলং- ১৮৯৮-১৯০২। By Ngoc Thanh - Vo Hai Sun 4/4/2021, 04:00 am)

“সৌৱা চা,,,”- সমুখলৈ দৃষ্টি আকৰ্ষণ কৰি মিনে ক’লে।

সমুখত লোহিত, অ নহয় হানয়ৰ ৰঙানদী। এনেতে আমাৰ স্কুটী নদীৰ ওপৰেদি পাৰ হ’ব লগীয়া দলঙৰ কাষ চাপিল। আগেয়ে নেদেখা নতুন দৃশ্য। নতুন দলং। দলংখন নতুন নহয়, ই শতিকা পুৰণি, ছকুৰি বছৰৰ ওপৰ হ’ল; দলংখন মোৰ দৃষ্টিত নতুন, আগেয়ে এনে দলং দেখা নাছিলোঁ।

দলংখনৰ মাজ অংশইদি ৰেল চলাচল কৰে। তাৰ দুয়োকাষৰ অংশই দি গাড়ী চলাচল কৰে। ফৰাচীসকলে ইয়াত উপনিৱেশ পতাৰ এক দশক মান পাছত ৰঙানদীৰ ওপৰেদি সঁজা এইখন প্ৰথম দলং। নিৰ্মাণৰ সময় ১৮৯৮-১৯০২ চন। ‘কাষ্ট আইৰন’এ সজা দলংখন সেই সময়ত এচিয়াৰ অন্যতম দীঘল দলং আছিল, দৈৰ্ঘ্য ২,৪ কিলোমিটাৰ। দলংখনৰ বৰ্তমানৰ নাম ‘লং-বিয়েন’, কিন্তু ১৯৫৪ চনৰ আগতে, স্বাধীন ভিয়েটনাম গঠনৰ আগেয়ে নাম আছিল- ‘পল ডুমাৰ ব্ৰিজ’, এইজন পল ডুমাৰ আছিল তেতিয়াৰ ফৰাচী প্ৰশাসক, ফৰাচী ইন্দোচীনৰ গভৰ্নৰ জেনেৰেল।

ৰেলপথটো মাজত ৰাখি দলঙৰ বাঁওহাতৰ লেনটোৱেদি আমাৰ স্কুটীখন আগুৱাইছে, সমুখত আৰু পাছফালে অসংখ্য মটৰবাইক, সাৱধানে আৰু কিছু ধীৰ গতিত আগুৱাইছোঁ, ক্ষন্তেক পাছতে ৰঙানদীৰ জলৰাশি চকুত পৰিল, ভৰ বাৰিষাৰ ঘোলা বালিময়, মটিয়া ৰঙৰ পানী, ৰঙা নদী বোলাত আপত্তি নাই, সপোন বিলাসী কবিৰ ভাষাত হয় সোণোৱালী নহয় ৰূপোৱালী নৈ। নদীৰ ফটো তুলিব পৰাকৈ কিছু দূৰ গৈ মিনে স্কুটী ৰখালে-

“এতিয়া কিছু ফটো তুলি ল।’- লগতে ক’লে-

“তই পেৰিচলৈ গৈছনে?”

ভাবিছোঁ- এই আকস্মিক প্ৰশ্ন কিয়? অঁকৰাৰ দৰে চাই ক’লো- “এবাৰ গৈছিলোঁ, কিয় সুধিলি, তই গৈছ নেকি?”

“নহয়,,,”- তাই উত্তৰ দিলে- “নহয়, তহঁত নিশ্চয় দেশ বিদেশ ঘূৰি ফুৰা মানুহ, পেৰিচলৈ গৈছ যেতিয়া আইফেল টাৱাৰ নিশ্চয় ওচৰৰ পৰা চাইছ। আইফেল টাৱাৰৰ আৰ্হি নিৰ্মাণ কৰা মূল অভিযন্তা গুস্তাভ আইফেলে এইখন দলঙৰ আৰ্হি নিৰ্মাণ) কৰিছিল।”

 (ফটো- তকুশ।)

“অহ, সুন্দৰ তথ্য। তথ্য,,, ৰবি, আইফেল টাৱাৰ সাজিছিল ১৮৮৯ চনত, তাৰ দহ বছৰ পাছত এইখন দলং, আলেকজেণ্ডাৰ গুস্তাভ আইফেল (১৮৩২- ১৯২৩)ৰ কোম্পানীয়ে ফৰাচী দেশৰ প্ৰায়বোৰ ৰেলৰ দলং নিৰ্মাণ কৰিছিল, আৰু এইখনো ৰেল আৰু সাধাৰণ পথ দলং, একেই ফৰাচী চৰকাৰ সেয়ে আইফেলে এই দলঙৰ কাম পাইছিল।”

১৯৬০-৭৩ এই সময়চোৱা ভিয়েটনাম যুদ্ধৰ সময়, আমেৰিকাই অকাৰণে উত্তৰ ভিয়েটনামত বোমা বিস্ফোৰণ কৰা সময়। এইখন দলঙৰ ওপৰত একাধিকবাৰ বোমাৰ বোমা বৰষণ হৈছে, গুৰুত্বপূৰ্ণ ভালেমান অংশত ক্ষয়-ক্ষতি হৈছিল, সেইবোৰ পুনৰ মেৰামতি কৰা হৈছে। প্ৰথমবাৰ বোমা পৰিছিল ১৯৬৭ চনৰ ১১ আগষ্টত।

 

(ট্ৰেফিক নিৰাপত্তা আমাৰ কাম্য, ফটো- ভিয়েটনামএক্সপ্ৰেছ।)

বৰ্তমান দলংখনৰ ওপৰেদি ৰেল চলে দুই চাৰিখন, ঘনাই নচলে। মটৰ গাড়ীৰ বাবে বন্ধ। বাকী মটৰবাইক, বাইচাকেইকেল আৰু আৰু পদযাত্ৰী অহা-যোৱা কৰে। পৰ্য্যটক আৰু স্থানীয়লোক সূৰ্য্যোদয় আৰু সূৰ্য্যস্ত চাবলৈ দলঙৰ ওপৰলৈ আহে।

আজি আমি বেলি ডুবাৰ দৃশ্য চাবলৈ নাপাম, দুটা কাৰণ, প্ৰথমটো- বাৰিষাৰ হানয় পশ্চিম আকাশ গোমা, ঘড়ী চাই দেখিলোঁ- বেলি লহয়াইছি কিন্তু পশ্চিম আকাশত অন্তৰ্ধান হ’বলৈ আধা ঘণ্টাতকৈ বেছি সময় আছে।

...

আমাৰ বাইকখন ৰঙানদীৰ ঐতিহাসিক দলংখনেদি দৌৰি আছে।

কেইটিমান প্ৰশ্নই মোক আমনি কৰি আছে। যেনে যেনিয়েই গৈছোঁ, তেনিয়েই মটৰ বাইক, সৰহখিনি স্কুটী, হানয়ত কিমান স্কুটী আছে? স্কুটী চলোৱা নাৰী কিমান?

 

(হানয় চহৰৰ যান-জঁট, দুচকীয়াৰ সংখ্যধিক্য।)

অন্য এটা প্ৰশ্ন- মিনে কিয় মোক কৈছিল- “আই এম পুৱৰ?” ভিয়েটনামৰ অৰ্থনীতি কেনেকুৱা?

প্ৰথম প্ৰশ্নটো উত্তৰ বিচাৰোঁতে ই.ভিয়েটনাম.নেট আৰু দ্যা-গাৰ্ডিয়ানত হায়ন সম্পৰ্কে দুটা বাতৰি পঢ়িলোঁ।

গাৰ্ডিয়ানত লিখিছে- “হানয় চহৰত পৰিয়ালৰ সংখ্যা যিমান, তাতকৈ মটৰবাইকৰ সংখ্যা বেছি। সেয়েহে যান-জঁট আৰু দূৰ্ঘটনা ঘনাই হয়। শেহতীয়া অধ্যয়ণত পোৱা মতে বায়ু প্ৰদুষণৰ বাবে হানয় এছিয়াৰ ভিতৰতে প্ৰথম।,,,,

২০০৮ চনত চহৰখনৰ ৮০% যাতায়াত মটৰবাইক আৰু স্কুটাৰৰ দ্বাৰা হয়, এতিয়াৰ লোক ক্ৰমে গাড়ীৰ প্ৰতি আকৰ্ষিত হৈছে। বৰ্তমান প্ৰায় ৪৯ লাখ মটৰবাইক আৰু স্কুটাৰ হানয় পথত চলে। এসময়ত চহৰখনত বাইচাইকেলৰ সংখ্যা সৰ্বাধিক আছিল, মটৰবাইকৰ সংখ্যা বাঢ়ি যোৱাত চাইকেলৰ সংখ্যা কমিছে। ১৯৯৫ চনত চহৰৰ ৪৭% যাতায়াত চাইকেলেৰে হৈছিল, চাইকেলৰ সংখ্যা এতিয়া ২০০৮ চনত ৩% হৈছেগৈ। ,,, যাতায়াতৰ ৯%হে ৰাজহুৱা বাছসেৱা। ,,, চৰকাৰে ২০২৫ মানৰ ভিতৰত কিছুমান অঞ্চলৰ পৰা মটৰবাইক অঁতৰোৱা কথা ভাবিছে, যিটো সম্ভৱ নহ’ব।,,,।”

আজিৰ তাৰিখত হানয়ৰ জনসংখ্যা ৮০ লাখ, পৰিয়াল ১৬ৰ পৰা ২০লাখ। আৰু মটৰবাইক, স্কুটী আদি ৫৪ লাখ; ছয়-আঠ মাহমান আগতে হানয়ত মেট্ৰ-ৰেল আৰম্ভ হৈছে তথাপিতো দুচকীয়াবোৰ কমা নাই, ভৱিষ্যতে মেট্ৰ-ৰেলৰ সংখ্যা বঢ়োৱাৰ আচনি আছে। এই দুচকীয়া চলোৱাসকলৰ ভিতৰত চাকৰিয়াল, ব্যৱসায়ীকে আদি কৰি সমাজৰ সকলো স্তৰৰ লোক আছে। এইবোৰৰ ভিতৰত মিনহঁতৰ দৰে স্কুটী চলোৱা ছোৱালী কিমান আছে? মিনহঁতে মূলত: পৰ্য্যটকৰ সন্ধানত থাকে, প্ৰায় বিলাক আগশাৰীৰ হোটেল আৰু ‘ট্যুৰ অপাৰেট’বিলাকৰ লগত বহুত মিনৰ দৰে স্কুটী ছোৱালী থাকে।

মিনে মোক লগ পোৱাটো দূৰ্ঘটনা নহয়, ‘মষ্ট প্ৰবেবোল’ ঘটনা এটিহে।

 

ফৰাচী লিগেচী।

অস্বাভাৱিকতা একো নাই। তাইৰ দৰে স্কুটী চলোৱা, চলাই জীৱন নিৰ্বাহ কৰা ছোৱালী হানয় চহৰত এহেজাৰ মান হ’ব! নাই, দুই তিনি হাজাৰো হ’ব পাৰে।

 


(ফটো- অমিতাভ কাকতি ডোহা)

 

“ঐ মিন ৰচোন”

“কি হ’ল?”

“হানয়ত ফৰাচী অৱশেষ কি আছে?”

মই সুধিছিলোঁ যে হানয় চহৰত ‘ফেঞ্চ লিগেচি কি কি আছে?’ বহুত থাকিব লাগেতো, এইখন ফৰাচী উপনিৱেশ আছিল। দুটা বাৰু স্পষ্টকৈ দেখিলোঁ, ‘হানয় হিলটন’ নামৰ জেইলখন আৰু এইমাত্ৰ পাৰহৈ অহা দলংখন আৰু?

“আৰু বহুত পাৰহৈ আহিলোঁ, তই মন নকৰিলি, বা মই নক’লোঁ,,,”- এই বুলি তাই স্কুটীখন ৰখাই দিলে। সমুখলৈ দৃষ্টি আকৰ্ষণ কৰি ক’লে-

“সৌৱা চা।”

 

(ফটো- অমিতাভ কাকতি ডোহা)

 বিশেষ একো চকুত নপৰিল, কিবা বিশেষ ডাঙৰ ডাঙৰ পুৰণা ফৰাচী নিৰ্মিত ঘৰলৈ বুলি চকু দিলোঁ। “কি?” বুলি সুধিলোঁ।

“সমুখৰ ট্ৰাই-চাইকেলখনৰ কথা কৈছোঁ। আমি কওঁ- ‘চাইক্লো’, ভিয়েটনামী ভাষাত- ‘জে–-জিক-লো’, এইখন ফৰাচীসকলৰ অৱদান।”

অ, চাৰি দিন আগেয়ে এইখন চহৰতে জিলিয়ে আৰু যাদৱে এনে এখন ৰিক্সাতে এইখন চহৰত ঘূৰিছিল, ফটো এখন দিছিল। সিহঁত হালংবে আৰু ডানং চহৰ হৈ আজি চাইগন অভিমুখে গৈ আছে। কাইলৈ আবেলি সিহঁতক লগ পামগৈ।

১৯৩৯ চনত পোনতে ফৰাচী দেশৰ পৰা আনি এই চাইক্লো হানয়ত চলাবলৈ ধৰে আৰু লাহে লাহে হেমক বা ঘোঁৰাই টনা গাড়ীবোৰ কমি আহে। বৰ্তমান এই ৰিক্সাবোৰ মূলত: পৰ্য্যটকক বাবেহে।

“তই ঠিকেই কৈছ, এনোবোৰ ৰিক্সা আমাৰ তাত নাই, ভাৰত, শ্ৰীলংকা, ম্যানমাৰ আদি কোনো ব্ৰিটিচ উপনিবেশত এইখন দেখা মনত নপৰে, ই ফৰাচী মূলৰে হয়।”

আমি যেতিয়া হোটেলৰ পৰা ওলাই, বিতচকু যোৰ কিনি হোৱান-কিয়েম হ্ৰদৰ পাৰলৈ গৈছিলোঁ, সেই বাটত আমি ‘অপেৰা হাউচ’টো দেখি গৈছিলোঁ। ফৰাচীসকলে য’তেই উপনিবেশ পাতিছে ততেই অপেৰা হাউচ আছে, ভিয়েটনামত বহু কেইটা অপেৰা আছে।

 

(হানয় অপেৰা হাউচ।)

হানয়ৰ অপেৰে হাউচটোত ৬০০ দৰ্শক বহিব পাৰে, ইয়াক নিৰ্মাণ কৰা হৈছিল ১৯১১ চনত, তেতিয়া ফৰাচী ডা-ডাঙৰীয়া আৰু তেওঁলোকৰ পত্নীসকলৰ বাবে ইয়াত ফৰাচী নাট-গান আয়োজন কৰা হৈছিল; গম্বুজ(ডম) আকৃতিৰ মুধচ, বেলকনি, কৰিয়ডৰ আৰু ওখ বহল খিৰিকিৰে হালধীয়া ৰঙেৰে জিলিকি থকা ফৰাচী স্থাপত্য। বৰ্তমান ইয়াত পশ্চিমীয়া আৰু ভিয়েটনামী দুয়ো ধাৰাৰ সংগীত নাটক আদি আয়োজিত হয়।

হানয় আধুনিক সুউচ্চ আট্টালিকা নোহোৱা নহয়, বহুত কম। চীনৰ চহৰ সমূহ, থাইলেণ্ডৰ বেংকক, আনকি ভিয়েটনামৰ চাইগনতকৈ বহুত কম; বৰং ইয়াত ফৰাচী ঔপনিৱেশ সময়ৰ ফৰাচী স্থাপত্যৰ ঘৰেই সৰহ।

এই চহৰৰ ভালে কেইটা পথ-উপপথ ফৰাচী নিদৰ্শন চকুত লগা, দুয়োকাষে ফৰাচী আৰ্হিৰ ‘মেনছন’ আৰু ‘ভিলা’সমূহ আৰু ভিলাবিলাক ধুনীয়া ফুলনিৰে বাৰীৰে ঘেৰা; এনে কেইটিমান পথ ফান-ডিন-ফুং, হোৱাং-ডিউ, ট্ৰেন-ফু আৰু  লি-হং-ফং।

ফৰাচী ইন্দোচীনৰ ৰাজ্যপাল/গভৰ্নৰৰ হাউলীটো, বৰ্তমান ‘ভিয়েটনাম সামাজিক গণৰাজ্য’ৰ প্ৰেছিডেণ্টৰ ঘৰ, ই সগৌৰৱে ফৰাচী স্থাপত্য বহন কৰি আহিছে। লগতে বৰ্তমান চৰকাৰী অতিথিশালা আগৰ ‘টনকিনচ্ পেলেচ’, আগৰ বেংক অৱ ইন্দোচীন এতিয়াৰ ষ্টেটবেংক অৱ ভিয়েটনাম, লুই ফিনট যাদুঘৰ, চুপ্ৰিম কৰ্ট,, এইকেইটা উৎকৃষ্ট ফৰাচী স্থাপত্যৰ নিদৰ্শন।

ৰাজ্যপালৰ হাউলীটো কাইলৈৰ কাৰ্যসূচী।

 

(হানয় চহৰৰ সুলভ দৃশ্য। ফটো- অমিতাভ কাকতি, ডোহা।)

...

“ইয়াৰ পাছত কলৈ নিবি?”- মোৰ প্ৰশ্নৰ উত্তৰত মিনে ক’লে-

“এতিয়া স্পা কেন্দ্ৰলৈ যাবি নেকি?”

এই প্ৰশ্নটো মোক মিনে দুঘণ্টামান আগতেই কৰিছিল, মই নুশুনাৰ ভাও ধৰিছিলোঁ। মোৰ আওকণীয়া ভাৱ দেখি দুনাই সোধা নাছিল। ভিয়েটনামৰ হানয় বা যি কনো পৰ্য্যটক থকা চহৰত স্পা আৰু মাছাজ চেণ্টাৰ বহুত থাকে, প্ৰায় প্ৰতিখন হোটেলৰ কাষত একোখনকৈ থাকেই। ইউৰোপ, আমেৰিকাত থকাৰ উপৰিও সমগ্ৰ দক্ষিণ-পূব আৰু পূব এচিয়াৰ দেশ সমূহত আছে। নেপাল, বাংলাদেশ, ভূটান আদিত চকুত পৰা নাই। ভাৰতৰ কেৰেলা প্ৰদেশত আছে; শ্ৰীলংকাত হয়তো আছে, কম হ’ব; আমি শ্ৰীলংকাত কটোৱা ১০দিনত তেনেকৈ চকুত পৰা নাছিল। ভাৰতৰ অতিকায় মহানগৰীসমূহত আছে পাছে সেইবোৰলৈ অভিজাত আৰু ধনবান সকলেহে যায়, খৰচী আৰু ইলাহী কাৰবাৰ বুলি ধৰা যায়, গুৱাহাটী দৰে চহৰত এখন বা দুখন থাকে, একেই ইলাহী কাৰবাৰ। প্ৰথমবাৰ মিনে স্পা কেন্দ্ৰলৈ যোৱাৰ প্ৰস্তাব দিওতে নাকচ কৰা এটা কাৰণ হ’ল- খৰচ, অযথা ব্যয়; ভাৰতীয় চহৰ এখনত এবাৰ স্পা/মাছাজ কৰিলে তিনিৰ পৰা দহ হাজাৰ টকা। কেৰেলাৰ এলেপিত ঘৰে ঘৰে আয়ুৰ্বেদিক মাছাজ কেন্দ্ৰ, তাত বাৰ/পোন্ধৰশ টকাতে সুন্দৰকৈ সম্পূৰ্ণ শৰীৰ মাছাজ কৰাব পাৰি। তালৈ যাওতে মই আৰু ধুনুমাই কৰাব খুজিছিলোঁ, জিলিয়ে মন নকৰিলে; আমাৰ লগৰ কোনোবা এটাই কৈছিল- ‘উদৰ সাতপুৰুষ গ’ল কেচাঁ মাছ খাওতে!’, ভাৱ- এতিয়া এনেবোৰ ইলাহী কাৰবাৰত নাই। এলেপীত স্পা কৰা কামটো নহ’ল। এবাৰ আয়ুৰ্বেদিক মাছাজ কৰিবলৈ বহুদিনীয়া মন এটা আছিল, গাতো সতেজ/ৰিজুভিনেট হ’ব, পুৰণা বিষ কোপ নাইকীয়া হ’ব, মাজতে গুৱাহাটীত খবৰো লৈছিলোঁ- মাছাজ থেৰাপী মেডিকেল ইঞ্চুৰেঞ্চে সামৰিব নে নাই। ‘স্পা’ বোধহয় গ্ৰীক মূলৰ, শব্দটোৰ অৰ্থ গৰম পানীত গা ধুই কৰা পৌৰাণিক চিকিৎসা, বহু হাজাৰ বছৰ পুৰণি। আৰু মাছাজ বা মালিচ কৰা ভাৰতত হাজাৰ বছৰৰ পৰাই আছে।

বেলি লহৰিয়ালে, আন্ধাৰ নামিব, মিনে আজিৰ যাত্ৰা সামৰিব খুজিছে। যাত্ৰাৰ শেষত মিনহঁতে প্ৰায়বোৰ পৰ্য্যটকক স্পা কেন্দ্ৰলৈকে নিয়ে, বোধহয় কমিছনো থাকে। মিনি যেতিয়া পুনৰ ক’লে-

“এতিয়া স্পা কেন্দ্ৰলৈ যাবি নেকি?”

মোৰ মুখৰ পৰা ওলাল- “বল।”, মনতে ক’লোঁ- “দাম আৰু পৰিৱেশটো চাই লওঁচোন।” আমাৰ বাইক আহি এঠাইত ৰ’ল।

এ,২৯ হাং-বং ষ্ট্ৰীট।

...

হঠাতে বৰষুণ আহিল। কম সময়ৰ ভিতৰতে বৰষুণজাকে কলহৰ মুখেদি ঢালিবলৈ ধৰিলে। ডবা পিতা বৰষুণ। বতৰ বিজ্ঞানৰ বতৰা চালোঁ। জুলাই মাহত উঞ্চতা সৰ্বনিম্ন ২৬ ডিগ্ৰী আৰু সৰ্বোচ্চ ৩৪ ডিগ্ৰী চেলচিয়াচ আৰু বৰষুণ! মাহটোত ১৫/১৬ দিন! ভাগ্য ভাল দিনটো মিনৰ লগত ওলমি ফুৰোঁতে বৰষুণে নাপালে।

তাই আহি এখন স্পা চেণ্টাৰত সুমুৱাই দিলেহি, এইখন বোধহয় ‘মাই চাৰ্মিং হোটেল এণ্ড স্পা’। কাৰণ আজি পুৱা তাইৰ হাতত হানয় চহৰৰ মেপ দেখিছিলোঁ, মেপৰ তলত এই স্পাৰ নাম লিখা আছে। অভ্যৰ্থনাৰ সমুখত থকা ছোফাবোৰত বহুতো বিদেশী নৰ-নাৰী দেখিলোঁ। অভ্যৰ্থনাৰ ছোৱালী কেইজনীয়ে ‘ৰেট-কাৰ্ড’ এখন দেখুৱালে, দাম সৰ্বনিম্ন ২০ ডলাৰ (ভিয়েটনামী স্পা), থাই-স্পা বা অন্য প্ৰকাৰৰ হ’লে অধিক দাম। এঘণ্টা এখন বিচনাত তললৈ মুখ কৰি সম্পূৰ্ণ ভৰি হাত মেলি গা এৰি দিলোঁ, বিচনাত য’ত মুখখন পৰিছে সেইখিনিতে মুখখন সোমাই যোৱাকৈ গাত এটা। ভিয়েটনামী তেল নে কি দি মালিচ দিলে গম নাপাওঁ, টোপনিত পৰা যেন পালোঁ। বাহিৰলৈ আহি ৰিচেপচনৰ ওচৰত বহিলোঁ।

অভ্যৰ্থনাত টকা দিবলৈ গৈ জেপৰ পৰা ভিয়েটনামী ন’ট সমূহ আগুৱাই দিলোঁ, মিনে আৰু ৰিচেপচনৰ ছোৱালীজনীয়ে হিচাপ কৰি দেখিলে যে ২০ ডলাৰৰ কম আছে। কি কৰোঁ। জেপত থকা এশ ডলাৰ আগবঢ়াই দিলোঁ, তেওঁলোকক ভিয়েটনামী ডংহে লাগে। কি কৰো? মিনে তাইৰ ভেনিটি বেগ খুচৰি ক’লে- যে তাই ডলাৰৰ পৰা ডং কৰি দিব পাৰে।

“কিমানকৈ দিবি? ১ ডলাৰত কিমান ডং দিবি?’- মই সুধিলোঁ

“২০,০০০ ডং”- তাই ক’লে।

“নাই নহ’ব, এতিয়া ২৩,০০০ ডং চলি আছে”- মোৰ উত্তৰ।

তাই তিমান নিদিয়ে বুলি মোক জনাই দিলে। কাষত কোনো টকা সলনি কৰা দোকান নাই নেকি? এইবাৰ যেনিবা তাই সহায় কৰিলে। আমাৰ স্পাখনৰ পৰা নামিয়েই বাটটো, বাটটোৰ সিপাৰে স্পাৰখনৰ ঠিক বিপৰীতে টকা-সলোৱা দোকান। তালৈ যাম বুলি লওঁতেহে মন কৰিলোঁ- বাহিৰত বৰষুণ, উলামুলা বৰষুণ নহয়, কলহৰ কাণেদি ঢালি আছে। আন্ধাৰ হ’ল, হোটেললৈও ঘূৰিব লাগে। আৰু মিন, তাইৰ বাবে ঘৰত বা কোন ৰৈ আছে। ৫ মিনিটমান ৰলোঁ, বৰষুণ কমাৰ লক্ষণ নাই। গ্লাছেদি দেখিলো বাৰান্দাত বহুত কেইটা ছাতি। দুয়োটা বাৰান্দালৈ ওলালোঁ, ডাৱৰে সৰহীয়াকৈ ঢালিয়ে আছে, গাত আচাৰকণি পৰিছে, মিনে ডাঙৰ ছাতি এটা লৈ মোক তলত সুমুৱাই খৰ খোজত বিপৰীতে থকা দোকানত ওলাল গৈ। তাতো দোকানত মহিলাই, অলপ আদহীয়া মহিলা গৰাকীৰ লগত কথা পাতি ভাল লাগিল, মোক দৰদাম নকৰাকৈ ১ ডলাৰত ২৩০০০ ডং হিচাপত সলনি কৰি দিলে। এশ ডলাৰ ডঙলৈ সলনি কৰিলোঁ, এইখিনি লাগিবই কাৰণ কমেও আৰু ৫ দিন ভিয়েট-কং গৰিলাৰ দেশত থাকিম।

আকৌ দুয়োটাই ৰাষ্টাৰ সিপাৰলৈ ঘূৰিলোঁ।

বৰষুণ এৰাটো নায়েই, চোকো কমা নাই। আজি এতিয়া দুটা কাম বাকী আছে, মিনক দিনটো ঘূৰাৰ বাবদ কি দিব লাগে হিচাপ কৰি দিয়া, দুই নম্বৰটো- তাইক মোক হোটেল নমাই দি নিজে ঘৰলৈ যোৱা।

“ক, তোক কিমান দিম?”

তাই ঘড়ী চালে আৰু ক’লে- “চা তোৰ লগত মোৰ চাৰে চাৰি ঘণ্টা হ’ল, স্পাত থকা এঘণ্টা বাদ দে, চাৰে তিনিঘণ্টাত দুশকৈ সাতশ ডং হয়।” দৰাচলতে সাতশ হাজাৰ ডং, চমুৱাই হাজাৰটো কোৱা নাযায়। আকৌ ডং এসোপা উলিয়ালোঁ, তাই মোৰ হাতৰ পৰা হিচাপ কৰি কৰি অলপ ল’লে আৰু ক’লে- “খুচুৰা নিমিলা বাবে অলপ কম লৈ ক’লে- “এই এশ ডং কাইলৈ তোৰ পৰা ল’ম।” আকৌ ক’লে-

“বল এতিয়া যাওঁ, তোক থৈ মই যাম গৈ।”

বাহিৰলৈ চাই দেখো বৰষুণৰ গতি কমা নাই, কলহৰ কাণেদি ঢালিয়েই আছে; বৰুণ দেৱতাই বৰষুণৰ টোপালবোৰ যেন বেগৱান যাঁঠিৰ দৰে ধৰালৈ নিক্ষেপ কৰিছে, সেয়ে অসমীয়া কবিয়ে কয় মুষলধাৰে বৰষুণ নামিছে। এইহেন বৰষুণত কেনেকৈ যাও?

বৰষুণে অসমৰ পৰা মিৰজুমলাক খেদিছিল। হানয়ৰ পৰা অৱশ্যে ফৰাচীক এনে বৰষুণে খেদিব পৰা নাছিল; ক’ব নোৱাৰো অৱশ্যে- ১৯৪৫- ১৯৫৪ চনৰ সময় চোৱাত হো-চি-মিনৰ ভিয়েটমিন বাহিনীক বৰষুণে সহায় হয়তো কৰিছিল। অৱশ্যে আমিও বৰষুণৰ সহায়ত ইংৰাজক খেদিব পৰা নাছিলোঁ।

কাইলৈৰ বাবে মিনক বন্দবস্ত কৰি থৈছোঁ।

কাইলৈ উৰিম ছাইগন চহৰলৈ, ছাইগনৰ বৰ্তমান চৰকাৰী নাম হো-চি-মিন চিটি। বিমানৰ সময় দিনৰ দুই বজা। মনে মনে হিচাপ কৰিলোঁ- ১১ বজাত গৈ পালে ভাল। দূৰত্ব ৩১ কিলোমিটাৰ, সময় ৪৫ মিনিট ল’ব। ১০ বজাত ওলালে ভাল।

“তই মোক বিমান বন্দৰত থ’ব পাৰিবিনে?” আকৌ ক’লোঁ- “কিমান লবি?- মনে মনে অংক কৰি আছোঁ- কালি টেক্সিয়ে বিমান বন্দৰৰ পৰা হোটেললৈ আহোতে ৫০০ ডং ল’লে, তাই বা কি বিচাৰে?

“মোক ৩০০ ডং দিবি।”

“হ’ব, তই কাইলৈ ৭,৩০ বজাত পোৱাকৈ হোটেললৈ আহিবি, প্ৰথমে হো-চি-মিন কবৰ আৰু যাদুঘৰ দেখুৱাবি, তাত এক-দেৰ ঘণ্টা মান থাকি বিমান বন্দৰলৈ যাম, বাটতে তোৰ লগত পুৱাৰ জলপান কৰিম, সম্পূৰ্ণ ভিয়েটনামী জলপান হ’ব লাগিব।”

“ঠিক আছে। এতিয়া ব’ল।”

বাহিৰলৈ চাই তাই মুখ বেকেটা কৰি দিলে, বৰষুণে অঁকৰা মুৰ্তি এৰাই নাই।

কি কৰা যায়!,,,

ৰৈ থকা নাযায়, এনে বৰষুণ ভেদি স্কুটাৰতো যাব নোৱাৰি, শেষত তাই প্ৰস্তাৱ দিলে- “টেক্সি এখন মাতি দিওঁ, তাতে হোটেললৈ যা, মোৰ এপ এটা আছে, এতিয়াই আহিব”। মই মানি নল’লোঁ, কাৰণ তাইক বহু পইচা দিলোঁ, অতিৰিক্ত পইছা খৰচ কৰিবলৈ মন নাই। তাই টেক্সি মতাত জোৰ দিছে, মই মানি লোৱা নাই। এবাৰ বোধহয় টেক্সি মাতিবৰ কাৰণে মোবাইলত টিপাটিপি কৰিলে, নেটৰ সমস্যা নে অন্য কাৰণত বোধহয় টেক্সিও নাপালে। এতিয়া?

মোৰ হোটেল এক দেৰ কিলোমিটাৰ মান আঁতৰত হ’ব লাগে। এইবাৰ তাই কাম এটা কৰিলে, আকৌ ছাতিটো লৈ পথৰ সিপাৰলৈ গৈ মোৰ বাবে কম দামী সাধাৰণ স্বচ্ছ প্লাষ্টিকৰ বৰষুণ-ভেদিব পৰা কোট কিনি আনিলে। তাইৰ নিজা ৰেইন কোট আছেই। ইতিমধ্যে বৰষুণৰ চোক অলপ কমিছে।

বৰষুণ ভেদি আমাৰ স্কুটী দৌৰিল। ‘হানয় চেণ্টাৰ চিল্ক বটিক’ পাবলৈ এশ মিটাৰ থাকোতে আমাৰ বাইক ৰৈ গ’ল, এইখন মোৰ হোটেলৰ নাম। ‘ন-এণ্টি’ থকাৰ বাবে হোটেলৰ সমুখলৈ নিব নোৱাৰি তাই বুজাই দিলে- “সৌ যে ৰাষ্টাৰ মূৰটো দেখিছ, তাৰ পৰা সোঁহাতে ঘূৰিলেই তোৰ হোটেল।”

“কাইলৈ কি হ’ব!”

“তই সাজু থাকিবি, পুৱা ৭,৩০ বজাত মই আহি যাম।”

ৰাতিৰ হানয়, আমি দুয়ো দুটা দিশত নোহোৱা হ’লোঁ।

...

কত নগৰৰ আলি-গলিয়েদি।

হানয়, ভিয়েটনাম।

...

দিনটো কেনেকৈ গ’ল!

পুৱা ৯,০৩ বজাত হানয়ৰ মাটিত ভৰি থ’লোঁ। নৈ-বাই আন্তৰ্জাতিক বিমান বন্দৰত উৰাজাহাজৰ পৰা নামি টেক্সি ল’লোঁ, হোটেলত নামিলোঁ, খোজকাঢ়ি গৈ পথৰ কাষত ৰেষ্টুৰাঁত ভিয়েটনামী জলপান গ্ৰহণ কৰিলোঁ।

তাৰ পৰা খোজকাঢ়ি বিতচকু বিচাৰি ফুৰোতে মিনক পালোঁ। মিনৰ বাইকত বহি হানয়ৰ অলিয়ে গলিয়ে ঘূৰি আন্ধাৰ নমাৰ পাছত হোটেলত খটখটিত ভৰি থৈছোঁ, অভ্যৰ্থনা প্ৰথম মহলাত। ৰাতি ৭,৩০ মান বাজিছে।

বাৰান্দাত ‘বৰষুণ চোলা’টো খুলি থ’লোঁ, লিফটৰ বুটন টিপি নৱম মহলা পালোঁগৈ।

 (ফটো- জিলি)

জিলিয়ে ডানঙৰ পৰা ছাইগন চহৰলৈ ঢপলিয়াই আছে, ভিয়েটনামী ৰেলত গৈ আছে। জিলিৰ পৰা ফোন পালোঁ- “হোটেল সোমাল নে, কিবা খালেনে, সোনকালে ওলাই কিবা খাই লওক, ৮-৯ বজাৰ পাছত ৰাষ্টাৰ কাষৰ ৰেষ্টুৰাঁবোৰ লাহে লাহে বন্ধ কৰিব, দেৰি কৰিলে খাবলৈ বিচাৰি নাপাব। পৰহি আমাৰ সেই দশা হৈছিল।”- তাই অনৰ্গল দিহা দি গ’ল।

হোটেলৰ অভ্যৰ্থনা কক্ষত থিয়হৈ কাঁচৰ বেৰেদি বাহিৰলৈ চালোঁ, সামান্য বাঁওহাতে পথৰ বিপৰীতফালে থকা ৰেষ্টুৰাঁৰ তপত খাদ্যৰ পৰা ওলোৱা ধোঁৱা চকুত পৰিল, ভোকটো বাঢ়িল, জিভাৰ পানী পৰিল; পুৱাৰ জলপানৰ পাছত একোৱেই খোৱা নাই, মিনৰ সৈতে অৱশ্যে হ্ৰদৰ পাৰত মহা আৰামেৰে এগিলাচ চৰবত ৰৈ ৰৈ পিছিলোঁ। ৰাষ্টাত দিনৰ ব্যস্ততা কমিছে।

প্ৰথম মহলাৰ লবিৰ পৰা তললৈ নামি আহিলোঁ।

ব্ৰিটেইনৰ কবি, জীৱনীকাৰ/লেখক এগৰাকীৰ কবিতাৰ মাজেদি হানয় চহৰৰ ফটো এখন, চলন্ত ছবি এখন, মানস পটত ভাঁহি আহিল।



 
(ফটো- জিলি)

...

হানয়ৰ বেলকনিৰ পৰা।

(এলিচন জেছনৰ কবিতা)

 

চপক চপক সেই চেন্দেল পিন্ধা ভৰিৰ খোজ

ড্ৰেগন-ফল বেচা পোহাৰীজনীৰ অথবা

 

খিৰিক খিৰিক চাইকেলৰ শব্দ

বজাৰমুখী এবোজা নেমু আৰু সেউজ ফলৰ ভাৰ।

 

মোৰ খিৰিকীৰ সিপাৰৰ পথটোৱে কেতিয়াও টোপনি নামাৰে।

শেঁতা সুমথিৰা বেলিটিয়ে পুৱাৰ কুঁৱলী ফালি ভুমুকি মাৰে।

 

লগে লগে শুকান অথবা বৰফত দিয়া মাছ, কুকুৰা আৰু গাহৰিৰৰ মঙহ বোজাই কৰি পেঁপো শব্দ কৰি যোৱা বাইকবোৰ

 

ধুলিময় পথেদি বিদেশী আলহীক ফুৰাবলৈ

ৰৈ থকা ৰিক্সাৰ শাৰীবোৰ।

 

দুপৰৰ প্ৰখৰ তাপত কুকুৰ এজনীয়ে ছাঁতে সৰুপানী চুলে

কাষেদি লেংলেঙীয়া বগলীৰ দৰে এজাক স্কুলীয়া ছোৱালী পাৰহৈ গ’ল!

 

সন্ধিয়া পদপথৰ চুকে চুকে চৌকা জ্বলিল

কাষতে ন্যূডুলচ আৰু পানীয় লৈ আড্ডা জমি উঠিল।

বিষয়- ডলাৰ, মোবাইল, হোণ্ডা বাইক, খেতিয়কৰ কথা।

,,,,,,,

পুৱাৰ জলপান কৰা ৰেষ্টুৰাঁতে আকৌ বহি ‘মেনু’খনত চকু ফুৰালোঁ।,,,

 



(ফটো-: Ms Loes Heerink Fri 4 Nov 2016 11.30 GMT)

ফটোখন ফ্লাইঅভাৰৰ পৰা তলেদি যোৱা পথত। লোচ এগৰাকী নেডাৰলেণ্ডৰ ফটোগ্ৰাফাৰ; ‘মাৰ্চেণ্ট ইন ম’চন’ এই নামৰ এলানি ফটোগ্ৰাফৰ বাবে খ্যাত।

...

বাহিৰত এমুঠি আহাৰ গ্ৰহণ কৰি আহি, কোঠাৰ সংলগ্ন গাধোৱা ঘৰত সোমাই, কৃত্ৰিম কুহুমীয়া পানীৰ বৰষুণত গাটো এৰি দিলোঁ, এয়াহে আচল স্পা! বিচনাত লাংখাই পৰি টেবলেটো(ডাঙৰ মোবাইল) উলিয়াই কিন্দোলত কিতাপ পঢ়াত লাগিলোঁ, ভিয়েটনামী সাধু। তাৰ আগতে পুৱা ৬,০০ বজাৰ এলাৰ্ম দি ল’লোঁ, তেহে ৭ বজাত সাজু হ’ব পাৰিম; ৭:৩০ বজাত মিন আহিব।

...

এসময়ত এখন দেশত,,,

২১ বছৰীয়া যুৱক ভান-বা, তেওঁ ছাইগন বন্দৰত থকা ফৰাচী জাহাজ এখনৰ ৰান্ধনী শালৰ লগুৱা হিচাপে খাটিবলৈ আৱেদন কৰিলে। জাহাজখনৰ নাম এডমিৰেল-ডে-লাটউচ-ট্ৰেভিলে। জাহাজখনে ১৯১১ চনৰ ৫ জুনত যাত্ৰা আৰম্ভ কৰিলে, এমাহৰ পাছত ফৰাচী বন্দৰ মাৰ্চেলিত জাহাজ চপালে, এইখন দক্ষিণ ফৰাচীৰ বন্দৰ। জাহাজ এইবাৰ ভূমধ্য সাগৰেদি জিব্ৰাইল্টৰ প্ৰনালী হৈ  ফৰাছী হাৰ্ভে বন্দৰ পালে, তাৰপৰা আৰু উত্তৰলৈ আগুৱাই শেষ ফৰাচী বন্দৰ ডুনক্ৰিকত জাহাজ ৰ’লগৈ। সময় ছেপ্তেম্বৰ। তাৰপাছত! যুৱকজনে ১৯১১ চনৰ পৰা ১৯১৭ চনৰ জাহাজে পৃথিৱীৰ বহু দেশ ঘূৰিলে, এছিয়া, ইউৰোপ আৰু আমেৰিকা।,,,,

                                                                                                                                              (আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ