ডা: নৰেন কুটুম
(১২ মে’ ২০২১)
পুৱা আঠ বজাত আমাৰ নাইট ডিউটিৰ সময় শেষ হয়৷ নাইট ডিউটি কৰি
ঘৰলৈ যাবলৈ মাথোঁ কিছু সময় বাকী৷
বন্ধু ডা: প্ৰবীণ কাকতিয়ে ফ’নত খবৰটো দিলে হোমেন
বৰগোহাঞি ছাৰ ঢুকাল৷ মই কিছু সময় বাকৰুদ্ধ হ’লোঁ৷ সি কৈয়ে আছিল— ‘‘বহুত বেয়া
লাগিছে, বহুত বেয়া লাগিছে৷ তোৰ বেছি বেয়া লাগিব৷’’ মই জানিব বিচাৰিলোঁ কেতিয়া, কেই
বজাত ঢুকাল৷ তাৰ লগত বেছি কথা নাপাতি লগে লগে শ্ৰীমতীলৈ ফ’নটো লগাই মৰ্মান্তিক খবৰটো
দি টিভিটো অন কৰিবলৈ ক’লোঁ, যাতে মই হস্পিটেলৰ পৰা গৈয়ে বাকী খবৰ জানিব পাৰোঁ৷ কিন্তু
ঘৰলৈ আহি মই টিভিৰ সমুখত বহি
আৱেগিক মনটোক বুজাব নোৱাৰিলোঁ৷ টিভিৰ চুইছটো অফ কৰি মোৰ ঘৰৰ সৰু লাইব্ৰেৰিত সোমাই ছাৰৰ কিতাপ দুখন হাতত লৈ কিছু
সময় লিৰিকি-বিদাৰি থাকিলোঁ৷
‘‘ক্লান্তি
আমাৰ ক্ষমা কৰ প্ৰভু
পথে
যদি পিছিয়ে পৰি কভু…’’
বৰগোহাঞি ছাৰৰ পাৰ্থিৱ শৰীৰ আজি ক্লান্তিৰ পৃথিৱী অতিক্ৰম
কৰি নিথৰ-নিমাত৷ কথা ক’বলৈ মানুহে ভাষা
হেৰুৱায়৷ কিন্ত এই মুহূৰ্তত মই ভাবিবলৈও যেন ভাষা হেৰুৱাইছোঁ৷
এক বুজাব নোৱৰা বেদনাত আজি মন ভাৰাক্ৰান্ত৷ এই ভাৰাক্ৰান্ত
মনটোৰে কিবা এটা ক’বলৈ মন গৈছে৷ বৰগোহাঞি ছাৰৰ লগত মোৰ সামান্য চিনাকিৰ দুটামান
কথা৷
(এক)
মই তেতিয়া কেথ’লিক হস্পিটেলত কাম কৰি আছোঁ৷ ‘আমাৰ অসম’
কাকতৰ নিয়মীয়া গ্ৰাহক৷ অইন বহুতৰ দৰে মোৰো বৰগোহাঞি ছাৰৰ লেখাবোৰৰ প্ৰতি বিশেষ
দুৰ্বলতা আছে৷ তেতিয়া ‘আমাৰ অসম’ কাকতৰ তেখেত সম্পাদক আছিল, মোৰ দুটামান লেখা
পেপাৰখনত প্ৰকাশ হৈছিল৷ ...মানুহৰ দৈহিক গঠন যেনেকৈ ভিন্ন ভিন্ন, তেনেকৈ চিন্তাধাৰাও
ভিন্ন ভিন্ন৷ এইটো হোৱাটোৱেই প্ৰকৃতিৰ নিয়ম৷ বৰগোহাঞি ছাৰৰ লেখাৰ প্ৰতি দুৰ্বলতা
আছিল যদিও তেখেতৰ কিছুমান লেখাত মই ব্যক্তিগতভাৱে প্ৰশ্নৰ উত্তৰ বিচাৰি হাহাকাৰ
কৰিছিলোঁ৷ তাৰ বাবেই মই প্ৰায়েই অস্থিৰতাত ভুগিছিলোঁ৷ এদিন বৰগোহাঞি ছাৰে ‘আমাৰ
অসম’ কাকত এৰি নতুন কাকত এখনৰ সম্পাদক হ’ল ৷ ময়ো ‘আমাৰ অসম’ এৰি উক্ত কাকতখনৰ গ্ৰাহক হ’লোঁ৷ দুদিনমানৰ পাছত
কাকতখনত অদীপ কুমাৰ ফুকনে লিখা article এটা পঢ়িবলৈ পালোঁ৷ য’ত কাকতখনৰ বিশেষ
ভূমিকা লোৱা ব্যক্তিজনৰ বিষয়ে গুণানুকীৰ্তন কৰি কাকতখনৰ মূল্যৱান পৃষ্ঠা ভৰাই দিয়া হৈছিল৷
লেখাখিনি পঢ়ি খং উঠিল বৰগোহাঞি ছাৰলৈ৷ ‘আমাৰ অসম’ কাকতখনত এটা সময়ত এই ব্যক্তিজনৰ
বিষয়ে বেয়াকৈ লিখিছিল,
এতিয়া তেওঁৰ গুণ-গৰিমাত... খঙতে পেপাৰ দিয়া ল’ৰাজনক ক’লোঁ— ‘‘কাইলৈৰ পৰা পেপাৰ
দিব নালাগে৷’’
(দুই)
এতিয়া কি কৰোঁ? মনৰ ক্ষোভ কাক দেখুৱাওঁ?
(তিনি)
মোৰ মনত জাগি উঠা অস্থিৰতা আৰু
ক্ষোভ প্ৰকাশ কৰি বৰগোহাঞি ছাৰলৈ ব্যক্তিগতভাৱে চিঠি লিখিবলৈ ধৰিলোঁ৷ কেথ’লিক
হস্পিটেলত থাকোঁতে সময় আছিল বাবে কেইবাখনো চিঠি লিখিছিলোঁ৷ প্ৰায়বোৰ চিঠিয়েই আছিল
তেখেতৰ লেখাত মোৰ চিন্তাই বিচাৰি নোপোৱা প্ৰশ্নৰ
উত্তৰ বিচাৰি৷ মোৰ চিঠিবোৰ তেখেতে পাইছিলনে নাই নতুবা পাইছে যদিও পঢ়িছিল নে নাই
এইখিনি মোৰ বাবে জনাৰ উপায় নাছিল৷ কিন্তু মনৰ কথাবোৰ চিঠি আকাৰত লিখি গধুৰ মনটো
পাতল অনুভৱ কৰিছিলোঁ...
এদিন কেথ’লিক হস্পিটেলৰ সমুখত থকা সঞ্জুৰ পি চি অ’-ৰ পৰা
বৰগোহাঞি ছাৰলৈ ফ’ন কৰিলোঁ৷ ফ’নত চিনাকি আৰু কিছু কথা পাতিছিলোঁ৷ মোৰ চিঠিবোৰ
পোৱাৰ কথা জানিব পাৰিলোঁ৷
(চাৰি)
সময় বাগৰিল৷ ময়ো বিশ্বনাথ চাৰআলিলৈ গুচি আহিলোঁ৷ নতুন ঠাই,
নতুন পৰিৱেশ৷ নিজকে ক্ষুদ্ৰভাৱে হ’লেও চিকিৎসক হিচাপে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম…৷ লিখা-মেলাৰ
কথা তল পৰিল৷ জানিব পৰা গ’ল পেপাৰৰ মালিকৰ লগত মনোমালিন্য হৈ নতুন কাকতখনৰ
সম্পাদকৰ দায়িত্ব এৰি পুনৰ ‘আমাৰ অসম’ কাকতখনৰ দায়িত্ব ল’লে৷ কি এক মোহিনী শক্তিৰ
আকৰ্ষণত ময়ো হোমেন বৰগোহাঞি ছাৰৰ
সম্পাদনাত থকা পেপাৰখনৰ পিছ নেৰা হ’লোঁ (পিছত ‘নিয়মীয়া বাৰ্তা’-ৰ গ্ৰাহক হ’লোঁগৈ)৷
দুটামান বছৰ যোৱাৰ পাছত... ৰাতি ৯ বাজি ৪৫ মিনিট৷ বৰা
নাৰ্ছিং হ’মৰ বেবি ৰুমটোত নৱজাতক এটাক চিকিৎসা কৰি আছিলোঁ৷ মোৰ ম’বাইলটো বাজি উঠিল৷
দুবাৰমান ৰিং কৰাৰ লগে লগে ফ’নটো ৰিচিভ কৰিলোঁ৷ সাধাৰণতে তেনেকৈ ব্যস্ত হৈ থাকিলে
মাত্ৰ দুবাৰ ৰিং কৰোঁতেই ফ’ন ৰিচিভ নকৰোঁ৷
সিটো মূৰত বুঢ়া বুঢ়া মাত৷ স্পষ্টকৈ নুশুনি৷ মই ভাবিলোঁ
ভাগৱতী ফেমিলিৰ কোনোবা ককা হ’ব লাগিব৷ নাতি-নাতিনীহতঁৰ কাৰণে তেওঁলোকে ফ’ন কৰে৷
—
‘‘কোনে কৈছে?’’
—
‘‘মই হোমেন বৰগোহাঞিয়ে কৈছোঁ৷ হোমেন বৰগোহাঞি...’’
—
‘‘মই চঁক খাই উঠিলোঁ৷ হয় ছাৰ… হয় ছাৰ, কওক ছাৰ… কওক ছাৰ৷’’
—
‘‘ডা: নৰেন কুটুম হয়নে?’’
—
‘‘হয় ছাৰ… হয় ছাৰ৷’’
ছাৰে ক’লে মই তোমাৰ দুখন চিঠিয়েই যোৱা কালি পাইছোঁ৷ তুমি
ক’ত থাকা? ক’ত ঘৰ? পৰিয়ালৰ কথা কোৱা ইত্যাদি৷
মই চমুকৈ সকলো ক’লোঁ৷ ক’লোঁ আগতেও ফ’নত আপোনাৰ লগত কথা পাতিছোঁ৷ আৰু
ক’লোঁ কাইলৈ ছাৰ মোৰ ল’ৰাটোৰ জন্মদিন৷ ২৭ ছেপ্টেম্বৰ৷ মোৰ কথাটো শুনি ছাৰে ক’লে—
‘‘মই ভাল দিনতে তোমালৈ ফ’ন কৰিলোঁ৷ তোমাৰ ল’ৰটোক মই আশীৰ্বাদ দিলোঁ৷’’ মোক এদিন
তেখেতৰ ওচৰলৈ যাবলৈ ক’লে…
ব্যক্তিগতভাৱে লিখা চিঠিখন দীঘল আছিল৷ প্ৰায় চাৰি পৃষ্ঠাৰ৷
মই বুদ্ধিজীৱীসকলক তিনিটা শ্ৰেণীত বিভক্ত কৰি চিঠিখন লিখিছিলোঁ৷ আৰু প্ৰশ্ন
কৰিছিলোঁ আপুনি কোন শ্ৰেণীত পৰে? হয়তো এই চিঠিখনে ছাৰৰ মগজুত কিছু প্ৰভাৱ পেলাইছিল,
যাৰ কাৰণে মোৰ নিচিনা এজন সাধাৰণ মানুহলৈ ফ’ন কৰিছিল৷
(পাঁচ)
তেতিয়া মোৰ সাগৰ নীলা (Ocean blue) ৰঙৰ ৱেগনাৰ গাড়ী এখন
আছিল৷ প্ৰয়োজনীয় কাম শেষ হোৱাৰ পাছত গাড়ীখন লৈ কেতিয়াবা গুৱাহাটীত উদ্দেশ্যহীনভাৱে
ঘূৰি ফুৰোঁ৷ এদিনৰ কথা৷ গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত ‘মঙ্গোলীয়ান ফুড ফেষ্টিৱেল’ চলি
আছিল৷ দুজনী বান্ধৱীৰ লগত মই এই ফেষ্টিৱেললৈ গৈছিলোঁ৷ আমি দোকান এখনত ফ্ৰাই কেঁকোৰাৰ
জুতি লৈ আছিলোঁ৷ লাহে লাহে সন্ধিয়া নামিছিল৷ ৰশ্মিয়ে (কবি-গল্পকাৰ ৰশ্মিৰেখা বৰা)
ক’লে— চোৱা চোৱা, হোমেন বৰগোহাঞি, হোমেন বৰগোহাঞি! যোৱা মাতষাৰ দিয়াগৈ৷ মই ক’লোঁ— ‘‘কি বুলি দিম? ফ’নতহে কথা পাতিছোঁ৷ চিনাকি
নাই নহয়৷’’
তাই
ক’লে— ‘‘চিনাকি হৈ লোৱাঁগৈ৷’’
ধুই,
এনেকৈ চিনাকি হ’ব পাৰি নেকি!
আমি কেঁকোৰা চোবাই চোবাই চাই আছিলোঁ ছাৰে কি কৰিছে৷ দোকানবোৰলৈ
গৈ তেওঁ কিবাকিবি সুধি আছিল৷ ছাৰৰ লগত তিনিজন মানুহ আছিল৷ ৰশ্মিয়ে বাৰে বাৰে খাটনি
ধৰাত মই বহাৰ পৰা উঠি ছাৰৰ ফালে খোজ দিলোঁ৷ সিহঁতেও মোৰ পাছে পাছে আহিল...
সমুখত থিয় হৈ ক’লোঁ— ‘‘ছাৰ, মই ডা: নৰেন কুটুম৷’’ ছাৰে
মোৰ মুখলৈ অলপ পৰ চাই ৰ’ল৷ তাৰ পাছত ক’লে— ‘‘বিশ্বনাথ চাৰিআলিৰ ডা: নৰেন কুটুম!’’
‘‘হয়
ছাৰ৷’’
এইবাৰ
ছাৰৰ দৃষ্টি মোৰ ভৰিৰ পৰা মূৰলৈ, আকৌ মূৰৰ পৰা ভৰিলৈ৷ সন্দেহৰ ভাবত পুনৰ
সুধিলে—‘‘তুমি নেকি ডা: নৰেন কুটুম?’’ (ছাৰে হয়তো ভাবিছিল তাৰ চিঠিবোৰ যিমান দীঘল
মানুহজন সিমানেই চুটি)।
‘‘হয়
ছাৰ৷’’
‘‘কেতিয়া
আহিলা?’’
সেই
সময়তে দুজনমানে ‘গুড্ ইভিনিং ছাৰ’, ‘গুড্ ইভিনিং ছাৰ’ বুলি নমস্কাৰ জনাই ছাৰৰ
ওচৰলৈ আহিল৷
‘‘তোমাৰ
লগত পিছত কথা পাতিম’’ বুলি কৈ লৰালৰিকৈ এই ঠাইৰ পৰা সন্ধিয়াৰ আন্ধাৰৰ লগত বৰগোহাঞি
ছাৰ অদৃশ্য হৈ গ’ল৷
(ছয়)
যথাসময়ত মোৰ প্ৰথম কাব্যগ্ৰন্থ ‘এতিয়াই বিদায়ৰ কথা
নক’বা’ কিতাপখন ছপাশালৰ পৰা ওলাল৷ কবি বন্ধু কুশল দত্তই ক’লে— সময় আছে যেতিয়া
আপুনি বৰগোহাঞি ছাৰক অফিচত গৈ কপি এটা দি যাব৷ মই দত্ত ছাৰ আৰু ডেকা ছাৰক দিম (বীৰেন্দ্ৰ
কুমাৰ দত্ত৷ তেতিয়া তেখেত অসম সাহিত্য সভাৰ বিদায়ী সভাপতি আছিল)৷
উলুবাৰীত থকা ‘আমাৰ অসম’-ৰ অফিচলৈ ৰাওনা হ’লোঁ৷ অফিচটো
বিল্ডিংটোৰ প্ৰথম মহলাত আছে৷ অফিচৰ তলত কৰ্তব্যৰত ছিকিউৰিটিক সুধিলোঁ ছাৰক লগ
পাম নেকি? তেওঁ উত্তৰত ক’লে— ছাৰক আনিবলৈ এইমাত্ৰ গাড়ী গৈছে৷
—
‘‘কিমান সময় লাগিব আহিবলে?’’
—
‘‘দহ পোন্ধৰ মিনিট৷ আপুনি এপইণ্ট্মেণ্ট লৈছে নেকি?’’
—
‘‘কি এপইণ্ট্মেণ্ট ল’ম৷ কিতাপ এখন দিবলৈ আহিছোঁ৷ দিম আৰু যাম৷’’
মোৰ
কথা শুনি ছিকিউৰিটিজনে একো ন’কলে৷ কিন্তু তাৰ চকুৰ ভাষাটোৰ পৰা গ’ম পোৱা গ’ল, সি
যেন মোক কৈছে— ‘‘মানুহে তেনেকৈও কথা কয়নে?’’
মোৰ ভাগ্য ভাল আছিল বেছি অপেক্ষাৰ প্ৰয়োজন নহ’ল৷ ছাৰ গাড়ীৰ
পৰা নামিল৷ বেঞ্চ এখনত বহি আছিলোঁ, ময়ো থিয় হ’লোঁ৷ মোৰ কাষত পোৱাৰ প্ৰায় আঠ/ দহ
ফুটমান আঁতৰত ছাৰ থিয় হৈ মোৰ ফালে চাই থাকিল৷ মই থিয় হোৱাৰ পৰাই ক’লোঁ— ছাৰ মই
নৰেন কুটুম৷ তেতিয়াও ছাৰে একো নোকোৱাকৈ মোৰ ফালে দৃষ্টি দি চায়েই আছে৷ মই ভাবলোঁ
ছাৰে মোৰ কথাটো ভালকৈ শুনি পোৱা নাই… অলপ ওচৰ চাপি এইবাৰ আগতকৈ ডাঙৰ ভলিউমত ‘ছাৰ
মই নৰেন কুটুম’ (ইচ্ছা কৰিয়েই মই নামৰ আগত ডা: কোৱা নাছিলোঁ৷ মই জানিছিলোঁ যে ছাৰৰ
স্মৃতিশক্তি অতি প্ৰখৰ৷ সেই কাৰণে মই পৰীক্ষা কৰিব বিচাৰিছিলোঁ ছুপাৰ মাৰ্কেটত
ক্ষন্তেকৰ বাবে লগ পোৱা এই চুটি-চাপৰ ডা: নৰেন কুটমক মনত আছেনে নাই)৷
এইবাৰ তেওঁ সোঁহাতখনৰ তৰ্জনী আঙুলিটো মোৰ ফালে পোনাই ‘‘ডা: নৰেন কুটুম’’ বুলি প্ৰায় চিঞৰাৰ নিচিনাকৈ কৈ মোৰ কান্ধত তেওঁৰ বাঁওহাতখন ৰাখি
‘আহা’ বুলি কৈ খট্খটীয়েদি ওপৰলৈ লৈ গ’ল৷ খট্খটীৰ খোজ শেষ হোৱাৰ পাছতহে হাতখন মোৰ
কান্ধৰ পৰা নমালে৷... ছাৰৰ সমুখৰ চকীখনত বহিবলৈ দিলে৷ ‘‘ছাৰ, মোৰ কিতাপ এখন ওলাল৷ পঢ়িব৷’’
এইবুলি আগবঢ়াই দিলোঁ৷ ছাৰে ক’লে— ‘‘তোমাৰ কিতাপ মই কিয় নপঢ়িম!’’
ছাৰৰ
উক্ত বাক্যটো মোৰ কাৰণে কি এক শিহৰণকাৰী...
লোহিতমুখৰ কথা ছাৰে নিজে ক’বলৈ ধৰিলে৷ ১৯৬৩ চনত যোৰহাটত ডেপুটি
কালেক্টৰ হিচাপে চাকৰি কৰি থাকোঁতে হেনো নুমলীয়া গামৰ পুখুৰী পৰিদৰ্শন কৰিবলৈ
লোহিতমুখলৈ আহিছিল৷ মই আচৰিত হ’লোঁ নুমলীয়া গামৰ (প্ৰাক্তন বিধান সভাৰ অধক্ষ
প্ৰয়াত গনেশ কুটুমৰ দেউতাক) নামটো বৰগোহাঞি ছাৰৰ এতিয়াও মনত আছে৷ কি আচৰিত
স্মৃতিশক্তি তেওঁৰ ... (এসপ্তাহৰ পাছত মোৰ কিতাপখনৰ বিষয়ে লিখি বেটুপাতসহ ‘আমাৰ
অসম’ কাকতত প্ৰকাশ কৰিছিল৷)
(সাত)
ইতিমধ্যে মই হতাশাত ভুগিবলৈ আৰম্ভ কৰিলোঁ৷ দিল্লীৰ
ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয় এখনত মোৰ fistula অপাৰেচন কৰোৱাৰ দুমাহমানৰ পাছতেই
ৰোগটো পুনৰ দেখা দিলে৷ ডা: ইলিয়াছ আলি, ডা: সুভাষ খান্নাই পৰামৰ্শ দিলে যে মই
Indian institute of gastroenterology, Hyderabad-ত চিকিৎসা কৰাবগৈ লাগে...
শ্ৰীমতীৰ লগত পল্টন বজাৰৰ Amborish হোটেলত ৰাতি থাকিম আৰু পাছদিনা
যাত্ৰা কৰিম৷ হোটেলৰ ৰুমত উদ্বিগ্ন, হতাশা বুকুত বান্ধি পায়চাৰি কৰি আছোঁ৷ অৱশেষত
বৰগোহাঞি ছাৰে কিবা পৰামৰ্শ দিব বুলি ফ’নটো লগালোঁ— ‘‘ছাৰ ইমাৰজেঞ্চি আছে আপোনাক
এতিয়াই লগ কৰিব লাগে৷’’ উত্তৰ আহিল— ‘‘মই ষ্টুডিঅ’ত। ৰেকৰ্ডিঙৰ কাৰণে
সোমাইছোঁ৷ তুমি কাইলৈ ৰাতিপুৱা ঘৰলৈ আহিবা।’’ এই বুলি কৈয়ে ফ’নটো কাটি দিলে৷ তেতিয়া
সময় ৰাতি ৮ বাজি পঁয়ত্ৰিছ মিনিট৷ পাছদিনা পুৱা ৯ বজাত আমাৰ উৰাজাহাজৰ সময়৷
(আঠ)
তাৰিখ, বাৰ এইবোৰ একো মনত নাই৷ ডায়েৰিজাতীয় বস্তু নিলিখাৰ
কুফল৷ আন্তঃৰাষ্ট্ৰীয় কনফাৰেঞ্চৰ কাৰণে পৰিয়ালসহ মুম্বাইলৈ গৈছিলোঁ৷ আমি থকা
RAMADA হোটেলত আমাৰ কেইবাজনো বন্ধু আৰু তেওঁলোকৰ পৰিয়াল আছিল৷ দ্বিতীয় দিনা গধূলি
দুই বন্ধুৰ লগত ছুইমিং পুলৰ কাষত বহি আড্ডা মাৰি আছিলোঁ৷ ম’বাইলটো চাওঁতে দেখিলোঁ
হোমেন বৰগোহাঞি ছাৰে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়াইছে৷ আনন্দত চঁক খাই উঠিলোঁ৷ সিহঁতক
চিঞৰি চিঞৰি ক’লোঁ— ‘‘ঐ ঐ… হোমেন বৰগোহাঞি ছাৰে মোক ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়াইছে৷’’
এজন বন্ধুৰ প্ৰতিক্ৰিয়া— ‘‘ঐ… ফাল্টু কথা কৈ সন্ধিয়াটো
বৰবাদ নকৰিবি৷’’ ম’বাইলটো দেখুওৱাৰ পাছত আনজনে চিঞৰলে— ‘‘তই পাৰ্টি দিব লাগে ...
হোটেললৈ ঘূৰি আহি ৰঙা-নীলা মদ খালে দুয়ো৷ মই পঁয়ত্ৰিছশ টকাৰ বিল দিলোঁ৷ বিল দিয়াৰ
সময়ত বন্ধু দুজনক কৃত্ৰিম ভেম দেখুৱাই সকীয়াই দিলোঁ— ‘‘মোৰ লগত তহঁতে যা-তা কথা
ন’কবি৷ মই হোমেন বৰগোহাঞিৰ নিচিনা মানুহৰহে বন্ধু...৷’’
(ন)
যোৱা বছৰৰ ক’ৰ’না হোৱাৰ আগৰ কথা৷ এনেয়ে খবৰ ল’লোঁ ফ’নত৷ ...
‘‘এইকেইদিন গাটো ভাল নহয়৷ জ্বৰ, চৰ্দি৷ যোৱা সপ্তাহত মঙ্গলদৈলৈ মিটিং এখনৰ কাৰণে
গৈছিলোঁ৷ তাতে আৰম্ভ হ’ল নেকি! চকুত অপাৰেশ্বন এটাও হ’ল৷ লিখা-পঢ়া কৰিব পৰা নাই...
শৰীৰ থাকিব মানে বেমাৰ থাকিবই৷ বেমাৰৰ কথা বাদ দিয়া, বেলেগ কথা পাতা৷’’ ওপৰৰ
কথাখিনি বৰগোহাঞি ছাৰৰ৷
তেওঁ নাই বুলি ভাবিবলৈও কষ্ট হৈছে৷ তেওঁ নিজকে অজ্ঞেয়বাদী
বুলি দাবী কৰিও মানুহক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল৷ নিজে চিকিৎসা বৃত্তিৰ পৰা দূৰৈত
থাকিও হাজাৰজনৰ শৰীৰ আৰু মনৰ চিকিৎসা কৰিছিল৷ কেনেকৈ জীয়াই থাকিব লাগে তাৰ
কৌশল শিকাইছিল৷ আৰু আচৰিত! মৃত্যুৰ বাবে মানুহে কেনেকৈ প্ৰস্তুত হ’ব লাগে, এই
বিষয়েও জ্ঞান দিবলৈ নাপাহৰিছিল৷ এনে এগৰাকী মহান ব্যক্তিয়ে আমাৰ নিচিনা
সাধাৰণ মানুহৰ মনৰ কথাও বুজিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল৷
‘‘...ক্লান্তিত ভাগি পৰি মোৰ শৰীৰটোৱে যেতিয়া অলপ
জিৰণিৰ বাবে আকুল প্ৰাৰ্থনা কৰে, তেতিয়া মোৰ শৰীৰৰ ভিতৰত থকা কোনটো শক্তিয়ে তাক
চাবুকৰ প্ৰহাৰ কৰি কাম কৰিবলৈ বাধ্য কৰি থাকে?’’— বৰগোহাঞি ছাৰেই কৈছিল৷
আজি বৰগোহাঞি ছাৰৰ শৰীৰৰ ভিতৰত সেই শক্তি নাই; যিটো
শক্তিয়ে তেওঁৰ শৰীৰত প্ৰহাৰ কৰি মানুহজনক জগাই তুলিব পাৰে৷
নায়িকা সুনন্দা বেনাৰ্জীৰ ক্লান্ত কৰুণ মুখেৰে নিগৰি অহা
ৰবীন্দ্ৰনাথৰ ‘‘ক্লান্তি আমাৰ ক্ষমা কৰে প্ৰভু/ পথে যদি পিছিয়ে কভু...’’
বিখ্যাত গীটটো অনুভৱ কৰিবলৈও এতিয়া তেওঁ নাই...।
তেখেতৰ কিছুমান লেখাৰ পৰা আমি নিশ্চিতভাৱে জানিব পাৰিছিলোঁ
যে তেখেত ইতিমধ্যে মৃত্যুভয় জিনিব পাৰিছে৷ বৃটিছ দাৰ্শনিক ডেভিড ইউমৰ
দৰে মৃত্যুৰ আগমুহূৰ্তত বৰগোহাঞি ছাৰে যেন আমাক কৈ গ’ল— ‘‘জন্মৰ আগতেও মই নাছিলোঁ;
মৃত্যুৰ পিছতো মই নাথাকিম৷ জন্মৰ আগতে মোৰ অস্তিত্ব নথকাটোৱে যদি মোক আতংকিত নকৰে,
তেন্তে মৃত্যুৰ পাছত মোৰ অস্তিত্ব নথকা কথাটোৱে মোক আতংকিত কৰিব লাগে কিয়?’’
এই মুহূৰ্তত মই অনুভৱ কৰিছোঁ মানৱজাতিৰ একান্ত নিজা বুলিব
পৰা একমাত্ৰ সম্পদটোৱেই হৈছে মৃত্যু; যাক নিজৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে৷ এই নিজৰ
একমাত্ৰ সম্পদটো লৈ বৰগোহাঞি ছাৰ আজি গ’লগৈ...।
মৃত্যু নামৰ নিজৰ সম্পদটো লৈ তেওঁ গুচি গ’ল যদিও তেখেতৰ
সৃষ্টি আৰু কৰ্মৰাজিৰে এনেকুৱা কিছুমান সম্পদ জাতিৰ কাৰণে এৰি থৈ গ’ল, যাৰ বাবে অসমবাসী
তেওঁৰ ওচৰত চিৰঋণী হৈ ৰ’ব৷
তেওঁৰ
পৱিত্ৰ আত্মালৈ শতকোটি প্ৰণাম জনাইছোঁ৷
ঠিকনা :
শিশুৰোগ বিশেষজ্ঞ
বিশ্বনাথ চাৰিআলিৰ অসামৰিক
চিকিৎসালয়
জিলা: বিশ্বনাথ
ভ্ৰাম্যভাষ: ৮৬৩৮৮৬৩৩২৫