ৰমানন্দন বৰা
পাহিতাৰ ল’ৰা হোৱাৰ বতৰাটো দশৰথৰ টিকাত থকা বছা গাঁৱৰ মানুহখিনিৰ মাজতো এছাটি কোমল বতাহৰ দৰে বিয়পি পৰিল৷ পাহিতাৰ মাকৰ মনটো দুখৰ ডাৱৰে ওন্দোলাই আনিলে৷ আনে নেদেখাকৈ এসোঁতা কান্দিলে৷
বছা গাঁৱত পানী কমিছে, যদিও মানুহবোৰ তালৈ যাব পৰা হোৱা নাই৷ যাদৱহঁতৰ ঘৰ চোতালেদিয়েই নৈখনে এটা ডাঙৰ সুঁতি কৰি বাট লৈছে৷ সিহঁতৰ পদূলিটো একঁকাল দকৈ খান্দিলে৷ বছা গাঁৱৰ বাছ চলা ৰাস্তাটোও পানীয়ে ছিঙি টুকুৰা-টুকুৰ কৰিলে৷ এতিয়া নৈখন সিহঁতৰ গাঁৱৰ মাজেৰে বৈ গৈছে৷ বৰষুণ দিলেই নৈৰ পানী বাঢ়ে৷ পানী বাঢ়িলেই আটাইবোৰ মানুহৰ ভেটি বুৰাই পেলায়৷ বাৰিষা ভঙা মাথাউৰি বন্ধাৰ কোনো যুগুতি চৰকাৰৰ নাই৷
বহুতৰে ঘৰবোৰ হাওলি পৰিলে৷ পঁচা বাঁহৰ খুঁটা৷ পানীৰ হেঁচাত ক’ৰ পৰা ৰ’ব? গোবৰ মাটিৰে মচা বেৰবোৰে পানী শুহি লৈ চমকা-চমকে খহিছে৷ ভেটিটো ওলালেই পানীত মৰা পোক-পৰুৱা, কেঁচু-কুমটিৰ গোন্ধে নাকত ধৰেহি৷
বাৰীৰ পাণ, জালুক, অমিতা, জলকীয়া আটাইবোৰ জঁয় পৰি আহিল৷ আম, কঁঠাল, লেতেকু, পনিয়ল, তামোল, নাৰিকল আদি ডাঙৰ ডাঙৰ গছবোৰ ৰ’ল৷ সৰু গছৰ ভিতৰত বাচিল কেৱল কাজি নেমুটেঙা৷ গোল নেমুও গ’ল৷ পুখুৰীৰ পোহনীয়া মাছবোৰ নৈৰ বুকুত৷
বানে এনেকৈ গৰকি থৈ যোৱা বাৰী-ঘৰত আকৌ জীৱন-যাপন আৰম্ভ কৰাটো বৰ কষ্টকৰ কাম৷ ডাঙৰ অসুবিধাটো হ’ল— কোনেও কাৰো ঘৰত বন এখনৰ সহায় কৰি দিবলৈ আহৰি নাই৷ নিজৰ কামত সকলো ব্যস্ত৷ এতিয়াহে বুজা গ’ল— বুঢ়া-মেথাই কিয় কয়, সাঁতোৰ সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যাবি ৰসাতলে৷
পানীৰ ভয়ত বাম ঠাই বিচাৰি আহি দশৰথৰ টিকাত থাকিবলৈ লোৱা মানুহখিনি ৰসাতলতে আছে৷ দুখ-দুৰ্গতিৰ অন্ত নাই৷ কাক ক’ব, কোনে পতিয়াব? সেই কাৰণে নিজৰ ভেটিলৈ ঘূৰি যাবলৈ আটাইবোৰ মানুহৰ প্ৰথম চিন্তা৷
ভেটি ওলালেই ঘৰৰ ভিতৰতে বাঁহৰ চাং পাতি তাতে শোৱা, খোৱাৰ ব্যৱস্থা কৰিবলৈ মানুহবোৰে হাতে-কামে লাগিলে৷ পুৱাতে মতা মানুহবোৰে দা-কুঠাৰ লৈ পানী ভগনীয়া নিজৰ গাঁৱলৈ যায়৷ সন্ধিয়া ঘূৰি আহে৷
ভালিৰামেও পুতেকহঁতক লৈ সেইটো কামকে কৰিছে৷ গাঁজ আহিবৰ সময়ত বাঁহকেইজোপা পানীত বুৰিল৷ এতিয়া বাঁহ কাটোঁতে গোটেইজোপা বাঁহৰেই গুৰি লৰিছে৷ এইবাৰ গাজ নোলাব আৰু৷ তথাপি উপায় নাই৷ বাৰীৰ বাঁহকেইজোপালৈ ভালিৰামৰ বৰ হেঁপাহ “জীয়াই থাকো মানে কৰোঁ কাঠি-কামি মৰিলে লগতে যায়৷” বাঁহ থাকিলেহে সাহ৷ সঁচা কথা৷ পুঁৱতী সময়ত ভালিৰামে বাঁহকেইজোপাৰ গুৰি গচকিবলৈ নিদিয়াকৈ ৰাখে৷ আন সময়ত কাটিবলৈ হ’লেও গৰজ চাই কেতিয়াবা আগমৰা আৰু কেতিয়াবা বুঢ়া, আঁত মৰা, পোৱালি দিব নোৱৰা হোৱা বাঁহকেইডালহে কাটে৷ এতিয়া উপায় নাই৷ সংকটকালত ধৰ্ম নাই৷
বানে ভঙা ঘৰখন থান-থিত লগাই লোৱাৰ চিন্তাত পাকঘূৰণি খাই থকা ভালিৰামৰ আগত ঘৈণীয়েকে পাহিতাৰ ল’ৰা হোৱাৰ কথা আলোচনা কৰিবলৈ সুযোগ পোৱা নাই৷ মনৰ কথা মনতে পাক খাই মানুহজনীক কিবা আওকণীয়া কৰি তুলিছে৷
“তই দহোঁ, কিবাকিবিখন চিন্তা কৰি থকা হৈছ৷ আমাৰেই হৈছে নে? ৰাইজখনৰ হৈছে৷ ৰাইজ তৰিলে তৰিবি, ৰাইজ মৰিলে মৰিবি৷ তাৰ চিন্তাতে নেখাই থাকিবিনে?”
খোৱাৰ নামত ৰেচন চাউলৰ ভাত৷ প্ৰথম দুদিনমান অকটা গোন্ধৰ বাবে খাব পৰা নাছিল৷ এতিয়া সহিব পৰা হৈছে৷ মচুৰ দাইল, চয়াবিন, ভাতকেৰেলা আৰু আলুৰ ভাজিৰে এজেবা নিমখ আৰু জলকীয়া এটা লৈ তাকে ভাতসাঁজ এইকেইদিন খাই আছে৷ ভাতকেইটা বাঢ়ি দিবলৈ লওঁতে তাইৰ শোকে খুন্দা মৰি ধৰে৷ মেটমৰা ভঁৰালত বিধে বিধে ধান আছিল৷ বিধে বিধে চাউল৷ এতিয়া সেইজনৰ কাঁহীত ৰেচনৰ থৰহা থৰহ ভাত৷
“কি হ’ল? মোক একো নালাগে৷ নিজেও বাঢ়ি ল’৷”
“পাহিৰ ল’ৰা এটা হ’ল৷”— বৰ সৰুকৈ তাইৰ মাতটো ওলাল৷
“শুনিছোঁ৷ তাতে কি হ’ল?”— খহটা উত্তৰ৷
ভালিৰামে খৰখেদাকৈ আৰু দুমোকোৰামান ভাত মুখলৈ সুমুৱাই বাকীখিনি কাঁহীতে এৰি উঠি গ’ল৷
ঘৈণীয়েকে কি কৰিব কি কৰিব ভাবি গিৰিয়েকে এৰি যোৱা কাঁহীতে দাইল অকণ লৈ বাকী দুগৰাহমান খাবলৈ যত্ন কৰিলে৷ তথাপি কাঁহীখন পৰিষ্কাৰ নহ’লগৈ৷ খাবলৈ মন নগ’ল৷
খাই উঠি ভালিৰামে পুৰণি অভ্যাস মতেই পোনে পোনে বিছনালৈ গ’ল৷ প্ৰথম দুদিন মাটিত শুকান খেৰ পাৰি শুইছিল৷ এতিয়া তাৰ ওপৰত পাৰিবলৈ কঁথা এখন ঘৰৰ পৰা যেনে তেনে আনিলে৷ দুনল দীঘল আৰু এনল বহল চালিখনৰ মাজতে টিনপাত এখিলা দি ভাগ কৰা হৈছে৷ এফালে ল’ৰাহঁত, আনফালে ভালিৰাম আৰু ঘৈণীয়েক৷
চাকিটো নুমুৱাই বিছনাত পৰাৰ পিছত ঘৈণীয়েকৰ ফালে নুঘূৰাকৈয়ে ভালিৰামে ক’লে, “চিন্তা নকৰিবি৷ চাওঁতা আছে, চাব৷ আগৰ গৰুৰ পিছে পিছে আনবোৰ গৈ আছে৷”
ভালিৰামৰ ইংগিতটো তাই ভালকৈয়ে বুজিছে৷ তেওঁৰ মতে জেঠায়েক সোণেই হ’ল যত কূটৰ ঘাই৷ তাইৰ হিত-মত নথকা হ’লে তেওঁৰ ছোৱালীয়ে এনেকুৱা কাম নকৰিলেহেঁতেন৷
ঘৈণীয়েকে ভাবিলে, “দোষটোনো কাৰ?”
* * *
ওঠৰ
এমাহত নৱজাতকক শুদ্ধি কৰা নিয়ম৷ জাত-ধৰ্ম নকৰালৈকে চণ্ডাল হৈ থাকে৷ গতিকে এমাহৰ ভিতৰত জাতলৈ উঠোৱা নিয়ম৷ কিন্তু আহাৰ-শাওণ খেতিৰ মাহ৷ আহৰি কাৰো নাই৷ নতুন মাটিত খেতি কৰিবলৈ লোৱা বেণুৰ বাবে ভাত খাবলৈও আহৰি নোহোৱা দৰে৷ গৰু ৰাখিবলৈ আহি তাৰ ঘৰতে থকা বিপিন আৰু দীঘলাই তাৰ সকলো কামতে বাৰুকৈয়ে সহায় কৰিছে৷ বকুল চাপৰিত গৰু ৰখাৰ নিয়ম নাই৷ খেৰনি লৈ গৰু খেদি দিয়ে৷ গৰু নিজেই চৰে আৰু পেট ভৰিলে সন্ধ্যা নিজে ওলাই আহে৷ কেতিয়াবা দুই-এটা বনৰজাৰ পেটত সোমালেও কোনেও সেইটো কথা ভয়ংকৰ বুলি নাভাবে৷ বছা গাঁৱৰ গৰুজাক ৰাখিবলৈ পাঁচটা গৰখীয়া নালাগে৷ কাম একো নাই৷ মাথোন গছৰ ওপৰত উঠি মাজে মাজে জাকটোৰ গতিবিধি মন কৰিলেই হয়৷ পাঁচটা গৰখীয়াৰ দুটাই বেণুৰ কামত লাগি থাকিলেও একো দিগদাৰ নাই৷ “তাৰ ঘৰতে খাইছোঁ, শুইছোঁ৷ সিয়েই ইমানবোৰ সুবিধা দিছে৷ তাক সহায় নকৰি কাক কৰিবা৷” আঘোণ-পুহলৈকে চাগে গৰুজাক বকুল চাপৰিতে ৰাখিব লাগিব৷ বছা গাঁৱৰ দলনিত এতিয়া ভোগদৈৰ বালি৷ পানী শুকাই পথাৰত নতুন ঘাঁহ ওলাবলৈ সময় লাগিব৷
“ভাদ পৱিত্ৰ মাহ৷ মহাপুৰুষৰ দুয়োজনাৰ তিথি৷ সেই তেতিয়াই নামষাৰ হওক৷”— নাৰায়ণ গোসাঁয়ে মহেনক কৈ পঠালে৷ বকুল চাপৰিত নামঘৰ যেনেকৈ নাই, নামতীও নাই৷ ভকত বুলিলেও ডিঙিত গামোচাখন আঁৰি মাহ-প্ৰসাদ খোৱা কেইজনমান আছে৷ কাৰো এইবিলাকলৈ মতি-গতি নাই৷ তাৰ ফলত কাৰোবাৰ কিবা ক্ষতি হৈছে বুলিও নাই৷ নাৰায়ণ গোসাঁয়েই সেইবোৰ কামত বকুল চাপৰিৰ ৰাইজক তাৰি আছে৷ তেৱেঁই তিনি-চাৰিজন ভকত লগত লৈ আনে৷ তেওঁলোকেই আসন পতা, শৰাই সজোৱা, মাহ-প্ৰসাদ ধোৱা আদি কামবোৰ কৰে৷ গোসাঁয়ে নাম গায়৷ নামৰ শেষত ভকতসকলক তেওঁলোকে প্ৰসাদ বিতৰণ কৰাৰ পিছত আন গঞা আৰু ল’ৰা-ছোৱালী, তিৰোতাসকলক প্ৰসাদ বিতৰণৰ বাবে বোপাৰাম বিষয়া, ফটিক দাসৰ নিচিনা দুজনমান বুজন ভকতক দায়িত্ব দিয়ে৷ নিয়াৰিকৈ আটাইবোৰ কাম চলে৷
বেণুৰ ঘৰৰ শুদ্ধি-সকামো তেনেদৰেই চলিল৷ আয়োজনটো বৰ ক্ষুদ্ৰ নাছিল৷ গোসাঁইক চাল-পীৰা পাৰি ভৰি ধুৱাই আদৰি অনা, ভকত আদৰণি কৰাৰ পৰা গোসাঁইক গুৰু মাননি আৰু ভকতসকলক শকত ভোজনী দি বিদায় দিয়ালৈকে সুকলমে হ’ল৷
নৱ জাতকৰ নামকৰণ পৰ্বত নাৰায়ণ গোসাঁয়ে ক’লে— “এতিয়া আহিল আমাৰ গৰ্গ ঋষিৰ কাম ভাগি৷ ভগৱন্ত কৃষ্ণৰ জাত-কৰ্ম কৰি গৰ্গ ঋষিয়ে কৃষ্ণ নাম থৈছিল৷ “জাত কৰ্ম কৰি গৰ্গ ঋষি থৈলা নাম৷ গোকুলত ক্ৰীড়ান্তে ফুৰন্তে কৃষ্ণ ৰাম৷” আমাৰ কানায়ো এই পৃথিৱীত ক্ৰীড়া কৰিব, লোকৰ হিত সাধিব, ভগৱন্তৰ নাম-গুণ ল’ব৷ পিতৃ-মাতৃ, জ্ঞাতি-কুটুম্ব, গুৰুজনৰ নাম উজ্জ্বলাব৷ জাতকৰ কইনা ৰাশি৷ গুপ্ত নাম পৰশুৰাম থোৱা হ’ল৷ ভগৱন্তৰে নাম৷ জাগতিক নাম মাক-বাপেকে চিন্তা কৰিব৷” সকলোৱে হৰি ধ্বনি কৰিলে৷
বেণু-পাহিতাৰ ক’ব লগা আছিল৷ কিন্তু কিনো ক’ব? কেনেকৈ ক’ব? ৰ’দৰ জীয়েক ন’হল বাৰু! মেঘৰ পুতেকতো হ’ল৷ জাগতিক নাম কি দিব? সিহঁতৰ বিদ্যা-বুদ্ধিয়ে ঢুকি নাপায়৷ প্ৰভুক সুধিব লগা আছিল৷ আছুতীয়াকৈ সুধিব পাৰি, সমজুৱাকৈ নোৱাৰি৷
নাৰায়ণ গোসাঁয়ে বোপাৰাম বিষয়াক এটা নতুন দায়িত্ব দি গ’ল৷ ঠিক ৰাজহুৱাকৈ কথাষাৰ ক’লে, “আমাৰ বোপৰাম বিষয়ালৈ এটা অনুৰোধ কৰা হৈছে৷ বকুল চাপৰি এতিয়া পাম হৈ থকা নাই, গাঁৱেই হৈছেহি৷ সেই কাৰণে সমাজ এখন লাগে, নামঘৰ এটা লাগে৷ দাইচালি কামবোৰ তুমিয়েই কৰিব পাৰা৷ ফটিক ৰামে দেউৰীৰ কাম কৰিব পাৰে আৰু দুই-এজন বাছি লোৱাঁ৷ সকাম-নিকামবোৰ তোমালোকে নিজেই চম্ভালিবলৈ লোৱা৷ বয়সৰ ফালৰ পৰাও সঠিক সময়৷ নাতিৰ মুখ দেখিলা৷ এতিয়া হৰিৰ মুখ দেখিব লাগে৷ .... শৰণৰ কথা কেইফাঁকি মনত আছেনে নাই? পাহৰিছা যদি সোঁৱৰণ কৰোৱা হ’ব৷ ভজনৰ কথাকেইফাঁকিও লৈ ল’বা৷ এদিন আটাইকেইজন সপৰিবাৰ আমাৰ সত্ৰলৈকে যাবা৷ ময়েই আহিলোঁহেঁতেন; কিন্তু ইয়াত গুৰু আসনভাগ স্থায়ীকৈ ক’তো নাই৷ ব্যৱস্থা এটা কৰাঁ৷”
গোসাঁয়ে সঠিক কথাই কৈছে৷ আনৰ পৰা ভকত বিচাৰি সকাম-নিকাম কৰাটো বৰ সুবিধা নহয়৷ উপস্থিত সকলো ভকতে গোসাঁইৰ কথা হয়ভৰ দিলে৷
শুদ্ধিকৰণ সকাম পাৰ হ’ল৷
বোপাৰাম বিষয়াৰ গাত গোসাঁয়ে এটা ডাঙৰ দায়িত্ব দি গ’ল৷ গুৰুৰ বাক্য অলংঘনীয়৷ এটা ডাঙৰ সমস্যাত পৰিল বিষয়া৷ তেওঁ ধৰ্ম-কৰ্মত বৰ ৰাপ থকা মানুহ নহয়৷ “ধৰ্মকো জানহো মই তথাপি প্ৰবৃত্তি নাই৷ অৰ্ধমতো নিবৃত্তি নোহয়৷” জাতীয় মানুহ বোপাৰাম বিষয়া৷ কাম কৰিব লাগে, খাব লাগে৷ জীৱনটো তেনেকৈ পাৰ কৰিবলৈ পোৱা হ’লেই তেওঁ সুখী হ’লহেঁতেন৷ কিন্তু সময়ে কেতিয়াবা বেলেগ চিন্তা কৰোৱায়৷ বছৰেকত নামষাৰ পাতিলেও নাপাতিলেও তেওঁ বৰ চিন্তা নকৰে, কিন্তু বিয়া এখন ওলালে বা কোনোবা এজন ঢুকালে বৰ সমস্যা হয়৷ আনৰ গাঁৱৰ মানুহৰ ওপৰত আটাইবোৰ কথা নিৰ্ভৰ কৰাটো ভাল নহয়৷ পৰত আশ বনত বাস৷ প্ৰমাণ হাতে হাতে পাইছে৷ বহুত বাৰ৷ গোসাঁইৰ পৰা কথা শিকি-বুজি ল’লে তেওঁ কামবোৰ কৰিব পাৰিব৷ নিজৰ ওপৰত সেই বিশ্বাস আছে৷ তেওঁৰ সমস্যাটো হ’ল— অ’ত নাখাবা, ত’ত নাখাবা৷ আৰ হাতে নাখাবা, তাৰ হাতে নাখাবা— এই ধৰণৰ কথাবোৰ৷
ধৰ্মটোৱে মানুহৰ মাজতে ইমান ভেদাভেদ আনে৷ ঘৰৰ মানুহকে সন্দেহ কৰিবলৈ শিকায়৷ ভকতৰ মাজত থৈয়া-নথৈয়াবোৰ তেওঁ বেয়া পায়৷ তদুপৰি মিচিং গাঁৱৰ উমাৰাম, ডেম্বিহঁত বা উজনি চুকৰ পাৰচ চিং, যাদৱ চৌধুৰী তেওঁৰ বুকুৰ আপোন৷ বকুল চাপৰিত প্ৰথম বহোঁতে তেওঁলোকৰ সহায় পাহৰিলে তেওঁক দোষে চুব৷ এতিয়া ‘ভকত’ হ’লে তেওঁৰ প্ৰাণৰ বন্ধুহঁতৰ পৰা আঁতৰি আহিব লাগিব নেকি?
বোপৰাম বিষয়া চিন্তাত পৰিল৷
তথাপি, নাৰায়ণ গোসাঁইৰ কথাষাৰ ৰাখিব লাগিব৷ বিষয়টো সমাজৰ ফালৰ পৰাও গুৰুত্ব আছে৷ হেন জানি ভাদৰ পূৰ্ণিমাতে তেওঁলোক নাৰায়ণ গোসাঁইৰ সত্ৰ পালেগৈ৷ সত্ৰ বুলিবলৈ বিশেষ একো নাই৷ পদূলিতে বাটচ’ৰা৷ গোসাঁইঘৰ, তাতে গুৰু আসন৷ নামঘৰৰ দৰে দুই-আঢ়ৈ কুৰি ভকত একেলগে বহি নাম ল’ব পৰা ঘৰটো৷ বোপাৰাম বিষয়া, ফটিক চন্দ্ৰ শইকীয়া, কমল নেওগ, মিনেশ্বৰ গগৈ নিজৰ নিজৰ ঘৈণীয়েক আৰু একোটাকৈ সিধা লৈ নাৰায়ণ গোসাঁইৰ সত্ৰ পালেগৈ৷ গোসাঁয়ে আগৰ পৰা ভালেখিনি যা-যোগাৰ কৰি ৰাখিছে৷ পকা মিঠৈৰে সৈতে চাহপানী দিলে, দৈ-গুৰেৰে জলপান খুৱালে৷ ৰাইজক সেৱা এটা কৰি অনুমতি লৈ গোসাঁনীয়ে বৰ প্ৰসাদ সিজাবলৈ লাগিল৷ গুৰুৰ ঘৰত শৰণীয়া-ভজনীয়া শিচসকলে গুৰুৰ হাতেৰে এসাঁজ খোৱাটো নিয়ম৷
গুৰু আসনৰ আগত বহুৱাই শিচসকলৰ শৰণৰ বাক্যকেইশাৰী স্মৰণ কৰোৱাই নাৰায়ণ গোসাঁয়ে তেওঁলোকক ভজনৰ ‘কথাবস্তু’ দিলে৷ শিচসকলেও গুৱাপাণ, খৰচা, গামোচা, চেলেং আগবঢ়াই সেৱা ল’লে৷ এক শৰণীয়া হৰি ভক্তিৰ ভজনীয়া বস্তু পাই আটাইকেইজনৰ মনটো প্ৰফুল্লিত হ’ল৷
“তোম্ৰাসকলে হৰিত শৰণ লৈছা৷ হৰিক ভজিবা৷ মই মাত্ৰ পথটোহে দেখুৱাই দিছোঁ৷ শৰণ মই দিব পৰা বস্তু নহয়৷ প্ৰভুৰ চৰণতহে শৰণ, তেওঁৰ চৰণৰহে ভজনা৷”
“অন্ন যোনি বিচাৰ কৰি চলিবা৷”— এইষাৰ কথাত বোপাৰাম বিষয়াই বিশেষভাৱে কাণ উলাই থাকিল৷
“সাত্ত্বিক, ৰাজসিক, তামসিক”— এই তিনিবিধ অন্ন৷ সাত্ত্বিক অন্ন গ্ৰহণ কৰিবা৷ মাছ-মাংস ৰাজসিক, মদ-ভাং ৰাগিয়াল বস্তু তামসিক৷ সেইবোৰৰ পৰা আঁতৰত থাকিবা৷ যোনি বিচাৰ জানিছাই৷ একক বিবাহ মানি চলিবা৷ পৰ নাৰী, পৰ পুৰুষক¸ কাম ভাবেৰে নাচাবা৷”
আৰু কিবা ক’ব নেকি গোসাঁয়ে? আৰু কিবা? কাৰ হাতেৰে খাবা৷ কাৰ হাতেৰে নেখাবা৷
নাই নকয়, গোসাঁয়ে চমুৱাই আনিলে৷
“প্ৰভু, কিবা পোৱা নোপোৱা৷ লোৱা নোলোৱা৷”
নাৰায়ণ গোসাঁয়ে মিচিকিয়াই হাঁহিলে৷
“সকলোকে ভগৱানে সৃষ্টি কৰিছে৷ সকলো সমান৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সাত্ত্বিকতা থাকিলেই হ’ল৷ প্ৰভুৰ চৰণত অৰ্পণ কৰা সকলো অন্ন পৱিত্ৰ৷ অন্নক নিন্দা কৰিব নাপায়৷”
বোপাৰাম বিষয়াৰ মনটো এইবাৰ মুকলি হ’ল৷
“প্ৰভু, কোনোবাই যে কাৰবাৰ হাতেৰে নেখায়, কথাটো কি?”
“সেয়া অজ্ঞতা৷ অন্নক নিন্দা নকৰিবা৷ অন্ন ভগৱান৷ কোনোবাই নাজানিলে তেওঁক তোমাৰ ধৰণে শিকাই ল’বা৷ এতিয়া আমাৰ অন্ন গ্ৰহণৰ সময় হ’ল৷”
এইবুলি গোসাঁয়ে গুৰু আসনলৈ চাই কাকূতি ঘোষা আৰু অপৰাধ মাৰ্জনা ঘোষা গাই সেৱা কৰিলে৷ শিচসকলেও তাকেই কৰিলে৷
ভজনীয়া হৈ ঘূৰি আহোঁতে বোপাৰাম বিষয়াৰ মনটো ফৰকাল৷ মনৰ আকাশৰ ডাৱৰ নাৰায়ণ গোসাঁইৰ কথাৰ বতাহে ক’ৰবালে উৰুৱাই নিলে৷ ধৰ্মৰ নামত বন্ধু হেৰুৱাবলগীয়া নহ’ব৷ পুৱা-গধূলি গোসাঁইঘৰত বন্তি প্ৰজ্জ্বলন, প্ৰাৰ্থনা, ঘোষা এইবোৰ তেওঁৰ দৈনন্দিন কামৰ সূচীত ভৰাই ল’বলৈ কথাবোৰ যুকিয়াই আহিল৷