ৰমানন্দন বৰা
একৈছ
বান শুকালত
মানুহবোৰ বছা গাঁৱলৈ ঘূৰিল যদিও গৰু-গাইবোৰ বকুলতে ৰ’ল৷
নতুন ঘাঁহ নোলোৱালৈকে চাপৰিৰ মাজত থকাই মঙ্গল৷ সমস্যা বুলিবলৈ বিশেষ নাই৷ বেণু আৰু
সোণ জেঠাইৰ নিচিনা দুঘৰ পোতন থকা মানুহ থাকিলে বহুত কথাই সহজ হৈ পৰে৷ তদুপৰি নাচনী
দলনি আৰু কাম চৰাই দলনিৰ দল ঘাঁহ এইবাৰ বছা গাঁৱৰ গৰু-ম’হৰ
ভাগ্যত নহ’ব৷ আগলৈও কোনোবা দিনা হ’বগৈ
বুলিব নোৱাৰি৷ দুখন বৃহত্তৰ দলনি বালি-পলসে পুতি পেলাইছে৷
বছা গাঁৱৰ গৰিমা
হেৰাল৷ মাথাউৰি এটাই কাল মাতি আনিলে৷ কোনোবা দিনা মথাউৰি গুচাই দিব বুলি ভবাও
অবান্তৰ৷ গতিকে নদীৰ কি বিশ্বাস! কোন দিনা আকৌ পাৰ ভাঙি সোমাই আহে! গাঁওখনৰ ৰোৱতী
মাটিৰ আধাভাগ ধুপধুপীয়া বালিয়ে পুতিলে৷ বাৰীবিলাক উদং হ’ল৷
ভঁৰালবিলাক শূন্য হ’ল৷ এটা ভয়ংকৰ সমস্যাৰ দিশে মানুহখিনি
আগবাঢ়ি গৈ আছে৷
আনে যিমানকৈ
সমস্যাটো বুজিছে, জন্মি মহাজন আৰু ক’লাই
মহাজনে তাতকৈ অলপ হ’লেও বেছিকৈ বুজিছে৷
* * *
বেণুক প্ৰথমে
খবৰটো দিছিল ভোগায়ে৷ তাক জনাইছিল কিনাৰামে৷ সিহঁত দুয়োটাই নিজ চকুৰে দেখি অহা কথা৷
বকুল চাপৰিৰ গাতে লগি থকা নতুন চাপৰি৷ মাজত সৰু সুঁতি এটা৷ খৰালি হ’লে
পানী শুকাই আঁঠুৱনীয়া হয়৷ তাতে ঝাওবনৰ মাজে মাজে এশাৰী নতুন জুপুৰি৷ নতুনকৈ গজি
উঠিছে৷ বাঁহৰ বেৰ, শণ খেৰৰ চাল৷
ৰাতিটোৰ ভিতৰতে
কেনেকৈ ক’ৰ পৰা আহিল মানুহখিনি? দুদিন আগতে কিনাৰাম সেইটো
চাপৰিৰ পৰা আহিছিল৷ তাৰ ম’হ এজনী হেৰাইছিল৷ তাইক বিচাৰি
চাপৰি চলাথ কৰিছিল৷ তেতিয়া সি তাত ঝাওবন, বৰতা, বিৰিণা, শণ খেৰ, কঁহুৱাৰ বাদে
কোনো মানুহ দেখা নাছিল৷ সিটো চাপৰিৰ পৰা গাখীৰৰ বেপাৰ কৰা বদৰ আৰু চুলতানক বাটতে পাইছিল৷ সিহঁতে এঁৱা গাখীৰৰ ঢোঙোৰা ভাৰ বান্ধি কঢ়িয়াই আনিছিল৷ কিনাৰামৰ লগত যোৱা
মোলোকা, বদৰ আৰু চুলতানে মিলি এখন্তেক ৰৈ বদৰৰ লুঙীৰ খোচনিৰ
পৰা উলিয়াই দিয়া বিড়ি একোটা হুপিছিল, সিমানেই৷ আন কাকো
সিহঁতে লগ পোৱা নাছিল৷
গতিকে ৰাতিটোৰ
ভিতৰতে জুপুৰি সাজি এটা চুবুৰী ক’ৰ পৰা বহিলহি! ভোগাই, কিনাৰাম, মোলোকা আৰু বেণু - চাৰিওটাই মিলি এটা
অনুসন্ধান কৰিবলৈ থিৰাং কৰিলে৷ ক’ৰ মানুহ, কি কথা৷ উৰহী গছৰ ওৰ উলিয়াবই লাগিব৷ কথাটো বৰকৈ বিয়পিবলৈ নিদিয়াকৈ ৰখাই
ভাল৷
দিনটো সিহঁতে
উত্তেজনাটো নিজৰ মাজতে দমাই ৰাখিলে৷ বেলি ডুবাৰ পিছত জোনৰ পোহৰত সিহঁত নতুন
চাপৰিবলৈ ওলাল৷ হাতে হাতে নগা দা৷ মোলোকাৰ হাতত এটা জোৰ আৰু দিয়াশলাই আছে৷ কিবা
অঘটন ঘটোৱা সিহঁতৰ উদ্দেশ্য নহয়৷
ঝাউবনৰ মাজে
মাজে চাৰিজনীয়া দলটো আগবাঢ়িল৷ হাত নাৱেৰে সুঁতিটো পাৰ হৈ সিহঁতে চুপি চুপি
সন্তৰ্পণে আগবাঢ়িল৷ গোপনে ইমান ডাঙৰ কাম কৰা মানুহৰ কি বিশ্বাস আছে৷ ক’ৰবাত
লুকাই থাকিবও পাৰে৷ নিজকে যিমান পাৰে লুকুৱাই সিহঁতে দুটা খান্দা পাৰ হৈ লাহে লাহে
জুপুৰীৰ শাৰীটোৰ ফালে আগবাঢ়িল৷
জোনৰ পোহৰত
মায়াময় হৈ উঠা কঁহুৱা বিৰিণাৰ মাজে মাজে লুংলুঙীয়া বাটেৰে গৈ থাকোঁতে, কেতিয়াবা বাট শেষ হয়৷ মানুহ ঢাকি ধৰা হাবিডৰাৰ মাজেদি সিহঁতে নতুন বাটেদি আগ বাঢ়ে৷ মনৰ ভিতৰত এটা শিহৰণ৷
লাহে লাহে
চাৰিজনীয়া দলটো জুপুৰী শাৰীটোৰ ওচৰ পালেগৈ৷ বাহিৰত এটা চৌকা জ্বলাই থৈছে৷ বাহিৰত
জোনৰ পোহৰতে ৰন্ধা-বঢ়া কৰিছে৷ আটাইবোৰে একেলগে খাব৷
“বঢ়িয়া,
সিহঁতে বাহিৰতে একে লগে খাব৷ কেইটা মানুহ আছে গণ্টি কৰিবি৷”
জুপ মাৰি লুকাই থকাৰ পৰা ফুচ্ফুচাই বেণুৱে ভোগাইক ক’লে৷
সিহঁতে সুযোগটোৰ
সদ্ব্যৱহাৰ কৰিলে৷ মানুহখিনিক সিহঁতে যিমান পাৰি পুংখানুপুংখকৈ লক্ষ্য কৰি থাকিল৷ সিহঁতে
জুপুৰীকেইটা বাঁহৰ জেওৰাৰে ভালকৈ ঘেৰি ৰাখিছে৷ মজবুত জেওৰা৷ সম্মুখৰ ঠাইডোখৰ
হাবি-বন কাটি মুকলি কৰি লৈছে৷ য’ত সিহঁতে ৰন্ধা-বঢ়া কৰিছে৷ কিমান
মানুহ হ’ব পাৰে?
দীঘলীয়া সময়
তেনেদৰে পৰি থাকি দলটোৱে মানুহখিনিৰ ভাত খোৱা সময়ছোৱাত হিচাপ কৰিব পাৰিলে৷ মানুহৰ
মুঠ সংখ্যা ডেৰ কুৰি দুটা৷ আটাইবোৰ মানুহ ডেকা, ডেকা-আদহীয়া৷ কাম কৰা
মানুহ, বৰ হিংস্ৰ যেন নালাগিল৷ ছটা জুপুৰীত থাকিলেও
খোৱা-লোৱা একেলগে কৰে৷ উদ্দেশ্যও একে বুলি ধৰিব পাৰি৷ নতুন মাটি ভাঙি দখল কৰিব
লাগে৷ মানুহবোৰৰ মাতবোৰ বুজিব নোৱাৰি, সৰু সৰুকৈ কৈছে কাৰণে৷
কিন্তু ডাঙৰকৈ ভাহি অহা শব্দকেইটাও বেণুহঁতৰ দলটোৰ বাবে অচিনাকি৷ লুঙী আৰু দাঢ়িলৈ
চাই মানুহখিনি বদৰ-চুলতানহঁতৰ লগৰ হ’ব৷
পাছদিনা বকুল
চাপৰিত খবৰটো প্ৰথমে গুণ গুণকৈ, চেপা-চেপা মাতেৰে বতাহত উৰি ফুৰিল৷
আগবেলা, পিছবেলা উজনি চুকৰ আৰু নামনি চুকৰ আটাইবোৰ ডেকা ল’ৰা গোট খালেহি আঁহত জোপাৰ তলত৷
বিস্ময়, ক্ৰোধ, উত্তেজনা প্ৰত্যেকৰে মাতে মাতে উফৰি ফুৰিল৷ ক’ৰ মানুহ? কেনেকৈ আহিল? কিবা
এটা কৰিবই লাগিব৷ নতুন চাপৰিত নতুনকৈ মানুহ বহিবহি৷ বকুল চাপৰিৰ মানুহে গম নাপাব৷
ডেকা তেজ গৰম হোৱাৰে কথা৷
“এই
শনিপতীয়াসোপাক খেদিবই লাগিব৷ যি মন যায় সিয়েই আহি মাটি দখল কৰিব৷ আমি চাই থাকিব
নোৱাৰোঁ৷ ”
“সিহঁতৰ
জুপুৰিবোৰ জ্বলাই দিব লাগে৷ ”
“সিহঁতক
কচু কটা দিব লাগে, বাপেকহঁতক চিনি পোৱা নাই৷ ”
“দাবোৰ
ধৰাই থ৷ তেজৰ নৈ বোৱাম৷ ”
“চুলতানহঁতৰে
কাম৷ সিয়েই নিজৰ মানুহ আনিছে৷ তাকো খেদিব লাগিব৷ চোঁৱৰৰ বাচ্ছা৷ গাখীৰৰ বেপাৰ কৰে৷
”
ডেকাহঁতৰ আঙঠা
আঙঠা কথাবোৰ বুঢ়াসকলে অলপ শাম কটালে৷ “সেইবোৰ কাম নকৰিবিহঁক৷
মানুহ মৰা, ঘৰ জ্বালি কেচ সাংঘাতিক৷ কেবাপুৰুষলৈ উদ্ধাৰ
নেপাবি৷ পুলিছে আহি হালে হালে সাঙুৰিব৷ এতিয়া যি এসাজ খাইছোঁ, শান্তিৰে খাইছোঁ৷ তাৰো মুদা মৰিব৷ প্ৰথমে তহঁত যা, মানুহকেইটাৰ
পৰা পোনপটীয়াকৈ জানি আহ৷ সিহঁত কেনেকৈ আহিল? কিয় আহিল?
তাৰ পিছত পিছৰ কথা চিন্তা কৰা হ’ব৷ ” -বোপাৰাম বিষয়াৰ কথাতে সিদ্ধান্তটো হ’ল৷
এবাৰ গৈ অহা
বেণু-ভোগাইহঁতৰ দলটোৰ লগত আৰু চাৰিটা যোগ হ’ল৷ চাৰিটাই গৈ মানুহখিনিৰ
লগত কথা পাতিব, চাৰিটা আলেখ-লেখ চাই লুকাই থাকিব৷ দা-লাঠি
লগত থাকিব৷ ব্যৱহাৰ নকৰে৷ যদি কিবা কথাত তথিবাদ হয়, লুকাই
থকা চাৰিটাই গা দেখা দিব আৰু এনেকুৱা ইংগিত দিব যেন সিহঁতৰ লগত আৰু এশমান মানুহ
আছে৷
কথা মতেই কাম৷
পিছদিনা আগবেলাতে বকুল চাপৰিৰ পৰা ডেকা ল’ৰাৰ দলটো নতুন চাপৰিৰ
নতুন মানুহখিনিৰ ওচৰলৈ গ’ল৷ বিদ্বেষৰ ভাব এটা সকলোৰে মনত
সোমাই আছে৷ ঘৰৰ মাটি কোনোবাই দখল কৰিবলৈ আহিলে সুদাই এৰিব নোৱাৰি৷ ইয়াত আন মানুহক
মাটি দিব নোৱাৰি৷ ব্যতিক্ৰম মাথোঁন বোপাৰাম বিষয়া৷ পানী ভগনীয়া মানুহ কিজানি,
আশ্ৰয় বিচাৰি আহিছে৷
বেণুৰ মনটোত অলপ
কোমলতা আছে৷ সিনো কি? সিয়ো ভগনীয়া হৈ বকুল চাপৰিলৈ আহিছে৷
কিন্তু গাঁৱৰ মানুহৰ সমূহীয়া মনটোৰ বিপৰীতে সি যাব নোৱাৰে, নাযায়৷
বকুল চাপৰি তাৰ ধাত্ৰী নহয়, তাৰ মাতৃ৷
সিহঁতৰ দলটো গৈ
মানুহখিনি থকা ঠাই পালেগৈ৷ জুপুৰি কেইটাৰ দুৱাৰত দাং দি মানুহবোৰ কামে কামে গৈছে৷
অৱশ্যে কামৰ পৰাই জুপুৰি কেইটালৈ সিহঁতৰ এটা নজৰ আছে৷ এটা এটাকৈ সিহঁতৰ আটাইকেইটা
চোতালত আহি গোট খালেহি৷ হাতত দীঘল দা আৰু কোৰ৷ নতুনকৈ মাটি ভাঙিছে৷
বেণুৱে আৰম্ভ
কৰিলে,
গহীন অলপ হুটা মাতত৷
“ক’ৰ পৰা আহিছ? ”
নতুন মানুহ চামৰ
মাজত অলপ আঁহ-পাহ মুকলি মানুহ এটাই হেনাহুচাকৈ উত্তৰ দিলে৷ এটা শব্দৰ উত্তৰ ঃ
নগাঁও৷
“কেলেই
আহিছ? তাত মাটি নাই? ”
“আমাকে
আনছে৷ ”
“কোনে?
”
“নামটো
নাই জানমু৷ মহাজন মানু আছে৷ ”
“নাম
নাজান৷ মাটি দখল কৰিবলৈ আহিছ৷ ” - মোলোকাই ধমকি দিলে৷
“না
না আমি দখল কৰ্বো না৷ এইটা মহাজনেৰ মাটি আছে৷ আমাকে খেতি কৰবা জন্য আন্ছি৷ ”
মানুহটোৰ নৰম মাত৷
“বাপেৰৰ
মাটি? কোন মহাজন? নাম ক’৷ ” ভোগায়ে টোকোনডালেৰে জেওৰাখনত কোব এটা শোধাই গৰজি
উঠিল৷
“না
মহাজন, আমি গৰীব মানু৷ কাম কৰিম৷ পইচা পাম, খাম৷ ”
মানুহটোৱে
ভোগাইকে মহাজন বুলি মতাত কেউটাৰে মনে মনে হাঁহি উঠিল৷ লগতে খেলি মেলি বঢ়ালে৷ বছা
গাঁৱৰ মানুহে দুটা মানুহক মহাজন বোলে তেওঁলোক ধনী হোৱা কাৰণে৷ ক’লাই
মহাজন আৰু জন্মি মহাজন৷ এই মানুহকেইটাৰ কাৰণে মহাজনটো তেনেকুৱা নহয়৷ সন্মানেৰে
জনোৱা এটা সম্বোধনহে৷ অতএৱ ইহঁতক আমদানি কৰা মহাজন কোন অনুমান কৰিবলৈ জটিল হ’ল৷
“ইয়াৰ
মাটি তহঁতে পাবি৷ ”
“না
না৷ দুচ্ৰাৰ মাটি আছে৷ মহাজনৰ মাটি৷ আমি কেন্কে পাম, আমি
কম্লা৷ ”
“সেইবোৰ
নাজানো৷ তহঁত ইয়াৰ পৰা যাবিনে? ” কিনাৰামে অধিক কথা পাতিব
নিবিচাৰি চিধাই টোকোন দাঙিলে৷ মানুহকেইটা থিৰ হৈ তলমূৰকৈ ৰ’ল৷
“আমি
কৈছোঁ৷ তহঁতে ভালে ভালে ইয়াৰ পৰা গুচি যা৷ কোন মহাজন কৈ দে৷ টকা ল’ আৰু যা৷ ” - বেণুৱে সিদ্ধান্ত দিলে৷
“নহ’লে এইখন দেখিছ (অশ্লীল)৷ ব্ৰহ্মপুত্ৰত উটাই দিম৷ কেইটা আছ? আমি হেজাৰটা৷
মোলোকাই দীঘল দাখন কথা পতা মানুহটোৰ ফালে টোঁৱাই চকু ৰঙা কৰিলে৷ তাকে দেখি লুকাই
থকা ডেকাকেইটাই হাবিৰ পৰা গৰ্জন কৰি উঠিল৷
“নেবাচ৷
এটাও নেবাচ (অশ্লীল)৷ কৈ থ’লো৷ ”
সিহঁতক আৰু বহুত
মানুহে ঘেৰি আছে বুলি জানি মানুহকেইটাই ভয় খালে৷ সিহঁতে থূপ বান্ধিলে৷
তাকে দেখি
কিনাৰামৰ মাতত আৰু জোৰ আহিল৷
“যাবিনে
নেযাৱ ক৷ ”
“যাম৷
”
“কেতিয়া
যাবি? ”
“আজিয়েই
যাব লাগিব৷ ”
“মহাজন,
টকা পাবলৈ আছে৷ ”
“বাপেৰৰ
পৰা টকা ল আৰু যা৷ নহ’লে টুকুৰা-টুকুৰ কৰিম৷ ”
অধিক দীঘলীয়া হ’লে
গৰমাগৰমি, উখুনা-উখুনি আৰু বঢ়িব৷ বেণুৱে আটাইকে উভতিবলৈ ক’লে৷ যেই যেনেকৈ পাৰে ধমকি দি মানুহকেইটাক ভয় খুওৱাৰ সবল প্ৰচেষ্টা সাৰ্থক
কৰি উভতি আহিল৷
সন্ধিয়া
বুঢ়াসকলৰ সৈতে মেলত কথাবোৰ সবিশেষ আলোচনা হ’ল৷ “ভোগাই মহাজনেই কওকচোন৷ ” ভোগাইৰ নামৰ লগত মহাজন যোগ
হোৱা কাহিনী শুনি আটাইৰে হাঁহি উঠিল৷ পিছলৈও তাৰ নামৰ সৈতে মহাজন উপাধিটো কঁঠাল
এটা লগা দি লাগিল৷
“সিদ্ধান্ত
তহঁতে দিয়েই আহিছ৷ ঠিকেই আছে৷ কিন্তু এই মহাজনটো বিচাৰ ক’ৰ?
কোন চুৱা খোৱাৰ মাটিৰ খক লাগিছে৷ ”
ৰাতি শুবলৈ লৈ
বেণুৱে চিন্তা কৰিলে মাটিৰ লোভ বৰ বেয়া৷ মাটিত কলি থাকে৷ কলি মানেই
দ্বন্দ্ব্ব-খৰিয়াল, অপায়-অমঙ্গল, কটা-মৰা৷
কোনোবা এটা মানুহে এটা চাপৰি গ্ৰাস কৰিব৷ কাম্লা লগাই মাটি ভাঙিব৷ আনে হাড় ভাঙি
খেতি কৰিব, মুনাফা তেওঁৰ হ’ব৷ এই কথা হ’ব নোৱাৰে৷ বকুল চাপৰি, নতুন চাপৰি য’তেই নহওক নিজে খেতি কৰিব নোৱাৰাকৈ বেছি মাটি ৰখাটো এটা পাপ৷ নতুন চাপৰিক
মাটি খকুৱাৰ শেন চকুৰ পৰা ৰক্ষা কৰিবই লাগিব৷
কিন্তু এই মহাজন
কোন?