ৰমানন্দন বৰা
উনৈছ
ল’ৰাৰ
নাম পৰশুৰাম৷ গুপ্তনাম৷
পৰশুৰাম ভগৱানৰ
অৱতাৰ৷ কিন্তু মাতৃহন্তা৷
বেণু-পাহিতাই
সমাজত নাৰায়ণ গোঁসাইক একো সুধিব নোৱাৰিলে৷ একো ক’ব নোৱাৰিলে৷ কিন্তু মনত
খু-দুৱনি থাকিল৷
সিহঁতৰ কথা শুনি
বৰা কম্পাউণ্ডাৰ ডাক্টৰে হোহোৱাই হাঁহিলে৷ চোতালৰ মূৰত গজি থকা হাবিখিনিত তামোলৰ
পিক্কণ পেলাই পুনৰ চকীখনত গদহকৈ বহিলহি৷ পাহিতাৰ হাতৰ পৰা কেঁচুৱাটো লৈ মাৰিয়াই
ওমলাই আছে৷ বোপাৰাম বিষয়া নাই৷ সোণ জেঠায়ে চুৰটৰ ধঁপাত কুটি আছে৷
বৰা কমপাউণ্ডাৰে
ক’বলৈ ধৰিলে-
“ভগৱন্তৰ
অৱতাৰ৷ ভাল নাম৷ একৈছ বাৰ পৃথিৱী পৰ্যটন কৰি ক্ষত্ৰিয়ক নিক্ষত্ৰিয় কৰিলে৷ ৰেণুকা
মাকক কুঠাৰেৰে কাটিলে৷ বহুত শক্তিশালী পুৰুষ, দেহাৰেও
শক্তিশালী, মনেৰেও৷”
“কিন্তু
মাকক কাটিলে যে৷”
“তুমি
মাৰাক সুধি বেণুলৈ আহিছিলা? তোমালোকে সমাজত আগৰ পৰা চলি থকা
নিয়ম ভাঙি প্ৰসৱকালত ডাক্টৰ লগালা৷ হয়নে
নহয়?”
“হয়৷”
“শিশুক
মাকে যেনেকৈ জন্ম দিয়ে, সমাজখনেও জন্ম দিয়ে৷ মাকৰ দৰে
তুলি-তালি ডাঙৰ-দীঘল কৰে৷ সেই কাৰণে মাক আৰু সমাজ সমান৷ সমাজৰ পূৰ্বৰ নীতিবিলাক
বেয়া বুলি আঁতৰ কৰি নতুন নীতি ল’লে মাকক শিৰচ্ছেদ কৰাৰ দৰে হয়৷ পৰশুৰামে তাকেই কৰিছিল৷ তাকেই কৰিবলৈ সাহস লাগিব৷”
“পৰশুৰাম
আছিল আদিমতম প্ৰযুক্তিবিদ৷ ব্ৰহ্মপুত্ৰখন বোৱাই আনি এই উপত্যকা শস্য শ্যামলা কৰি
তুলিলে৷ ক্ষত্ৰিয়ৰ কাম হ’ল যুদ্ধ কৰা৷ কুঠাৰৰ কাম হ’ল খেতিৰ মাটি নতুনকৈ ভাঙি উলিওৱা৷ মাটি চহ কৰা৷ তেওঁ যুদ্ধ কৰা মানুহবোৰক
খেতিয়কলৈ ৰূপান্তৰ কৰিছিল৷ সেইটোৱেই নিক্ষত্ৰিয়কৰণ৷ নহ’লে
সমগ্ৰ পৃথিৱীৰ ক্ষত্ৰিয়ক মাৰিলে যদি ৰঘু বংশৰ ক্ষত্ৰিয়সকল থাকিলেইচোন, সীতা সয়ম্বৰত ইমানবোৰ ক্ষত্ৰিয় বীৰ ক’ৰ পৰা আহিল?”
খেতিয়কবোৰ
পৰশুৰামৰ সন্তান৷ ব্ৰহ্মপুত্ৰৰ বুকুত ছন পৰা মাটি ভাঙি খেতি কৰা মানুহবোৰ পৰশুৰামৰ
সন্তান৷
বৰা কম্পাউণ্ডাৰ
ডাক্টৰৰ তামোলতি মুখেৰে ওলাই অহা এই কথাবোৰ বাকীসকলে তধা লাগি শুনি থকা বাহিৰে আন
একো কৰিব লগা নাছিল৷
এই কেইমাহতে
তেওঁ বোপাৰাম বিষয়াৰ পৰিয়ালৰ ঘনিষ্ঠ হৈ উঠিছে৷ তেওঁৰে যত্নত ডাক্টৰী চিকিৎসাৰ
প্ৰতি গাঁওখনৰ মানুহবোৰৰ বিশ্বাস জন্মিছে৷ গাঁৱত জ্বৰ-নৰীয়া হ’লে
তেওঁক মাতিবলৈ ধৰিছে৷ তেওঁ দিয়া ঔষধ খাই মানুহ ভাল হৈছে৷ গতিকে লাহে লাহে তেওঁ
গাঁওখনৰ লেখৰ মানুহ হৈ উঠিছে৷ তেওঁৰ নিচিনাকৈ মাৰিয়া নাৰ্ছো ৰাইজৰ মৰমৰ মাজত সোমাব
পাৰিছে৷
কঁকিলাত এটা
স্বাস্থ্য উপকেন্দ্ৰ আৰম্ভ কৰা চাৰি বছৰ হ’ল যদিও ওচৰৰ মানুহে বৰকৈ
ডাক্টৰী চিকিৎসা নকৰায়৷ অথচ ৰোগী বৃদ্ধিৰ সংখ্যা দেখুৱাব নোৱাৰিলে কেন্দ্ৰটো উঠি
যোৱাৰ আশঙ্কা অধিক৷ সেয়ে প্ৰথম কম্পাউণ্ডাৰ হিচাপে দায়িত্ব পোৱা শিশুৰাম বৰাই
মানুহৰ আস্থা অৰ্জনৰ বাবে বৰকৈ চেষ্টা কৰিছে৷ মাৰিয়াই নাৰ্ছ হিচাপে ইয়াত নিযুক্তি
পাইছে৷ তাই খ্ৰীষ্টান মিছনেৰী হাস্পাতালত নাৰ্ছ শিকা৷ কিবা স্বৰূপত ৰাজ্য চৰকাৰৰ
স্বাস্থ্য বিভাগত চাকৰি কৰিছেহি৷ দুয়োৰে চেষ্টা কঁকিলা স্বাস্থ্য কেন্দ্ৰটো ৰওক৷
ৰাইজে উপকাৰ পাওক৷
বিছ
ব্ৰহ্মপুত্ৰই
বাৰিষাত পুৰণা চাপৰি খহায়, নতুন চাপৰি পাতে৷ এই পতা-ভঙা খেল নৈখনে
অনন্তকাল ধৰি খেলি আহিছে৷ নতুনকৈ পতা চাপৰিত প্ৰথমে বালিৰ বাহিৰে একো নাথাকে৷ কিন্তু
এটা সময়ত বালি মাটিতে কহুঁৱা, বিৰিণা, ঝাওবনবোৰ
গজে৷ নৈপৰীয়া মনবোৰ কোমল কৰি তালে৷ ডেকা-গাভৰু মনবোৰত শিহৰণ উঠে৷ কঁহুৱা, বিৰিণাৰ তালে তালে নাচে৷ এটা মন আনটোৰ ফালে হালি-জালি যায়৷
বেণুৰ ঘৰখনৰ সৈতে কম্পাউণ্ডাৰ বৰা আৰু মাৰিয়া নাৰ্ছৰ সম্পৰ্ক গভীৰৰ পৰা গভীৰ হৈ উঠিল৷ বেণুৰ বাঘৰ আচোঁৰ খোৱা আৰু পাহিতাৰ সন্তান ওপজাৰ ঘটনাৰ যোগেদি ডাক্টৰী চিকিৎসাৰ প্ৰতি বকুল চাপৰিৰ লগতে ওচৰৰ কাৰেং চাপৰি, মাজৰ চাপৰিতো মানুহৰ বিশ্বাস বাঢ়িছে৷ সেইফালে বেমাৰী চাবলৈ যোৱাটোক ডাক্টৰে ‘কে’ছ’ বুলি কয় - এই কথা পাহিতাৰ দৰে আন মানুহবোৰেও আজিকালি বুজি পায়৷ বেণুৰ ঘৰত এপাক নোসোমাৱাকৈ, চাহ-তামোল এখন নোখোৱাকৈ বৰা ডাক্টৰ পাৰ নহয়৷
আজিকালি বকুল
চাপৰিৰ মানুহে জ্বৰ-পানী লগা হ’লে ডাক্টৰী পিল খাবলৈ ভাল পায়, লগে লগে জ্বৰ পানীকৃত্য হয়৷ কাহ হ’লে আগতে তিতাবাহকৰ পাত খাইছিল, এতিয়া ডাক্টৰে দিয়া চিঁচাত থকা পানীয়া দৰব
খাইহে গুণ পোৱা হ’ল৷ কঁকালৰ বিষ, আঁঠুৰ
বিষ, পেট বিষ আদিবোৰতো বৰা কম্পাউণ্ডাৰৰ দৰৱৰ আদৰ বাঢ়িল৷
মাইকী মানুহৰ বেমাৰবোৰ চাওঁতে মাৰিয়া নাৰ্ছ লগত থাকে৷ তাইৰ কদৰো বাঢ়ি গৈ আছে৷
ডাক্টৰ অবিহনে তায়ো দৰৱ-জাতি দিব পাৰে৷ বেজী দিয়া কামটো তাই অকলেই কৰে৷ কটা ঘাঁ
চিলাবলৈ তাই ভয় বা ঘৃণ নকৰে৷ তাই গাঁৱৰ মাইকী মানুহবোৰৰ দৰে ভয়াতুৰ নহয়৷
আৰু বহুত কথা
আছে যাৰ কাৰণে মহেনৰ অন্তৰত মাৰিয়াৰ এটা সুকীয়া স্থান আছে৷ ম’হৰ
খুঁটিৰ পৰা মহেনে প্ৰায়ে কঁকিলাৰ ডাক্টৰখানালৈ যায়৷ লগত বাঁহৰ চুঙাত দৈ এচুঙাও মাজে
মাজে নিয়ে৷ মহেনৰ মনৰ চাপৰিতো প্ৰেমৰ বিৰিণা, কঁহুৱাই পোখা
মেলিছে নে বা পাই হালিছে-জালিছে, ঠিৰাংকৈ
কোৱা টান৷ এটা কথা ঠিক, ইটোৱে সিটোক দেখিলে ভাল লগা হৈছে,
দুদিন নেদেখিলেই মনটো ইচাট-বিচাট কৰিবলৈ ধৰে৷ লগ নাপাওঁতে বহুত কথা
পাতিবলৈ জুকিয়াই থয়, লগ পালে সেইবোৰৰ এটা কথাও পতা নহয়৷
পাহৰি থাকে৷ কিবা কিবি কথাৰে সময়খিনি পাৰ হোৱাৰ পিছতহে চেতনা আহে৷ মহেনৰ ৰেডিঅ’টো মাৰিয়াৰো ভাল লগা হৈ আহিছে৷ ৰেডিঅ’ত অহা দুই এটা
গান গুণ গুণাই তাইৰ ভাল লাগে৷ কিন্তু এই ভাল লগাবোৰৰ মাজতো কিবা এটা আছে৷ যিটো
সিহঁতে প্ৰকাশ কৰিব নোৱাৰে, পৰা নাই৷
কথাবোৰ ইকাণ সিকাণকৈ বোপাৰাম বিষয়াৰ কাণত নপৰাকৈও থকা নাই৷ কিন্তু মহেনক কি ক’ব তেওঁ? ক’লে জানো মানিব? তাৰ স্বভাৱটো সৰুৰে পৰা দেখি আহিছে৷ নিজৰ কামত সি কাৰো হকা-বধা নামানে৷ আন কথা নাই৷ ধন-টকাৰো কথা নাই৷ কিন্তু জ্ঞাতি-গোত্ৰ, পা-পৰিচয় নথকা ছোৱালী এজনীক এনেকৈ বোৱাৰী কৰি ল’ব পাৰেনে? বৰা কম্পাউণ্ডাৰৰ মুখেৰে শুনি তাইৰ বিষয়ে যি জানিছে, সেইটো আৰু ভয়ঙ্কৰ কথা৷ সৰুতেই মাক মৰা ছোৱালীজনীক খ্ৰীষ্টান মিছনেৰীয়ে তুলি-তালি, ডাঙৰ দীঘল কৰিছে, পঢ়ুৱাই নাৰ্ছ কৰাইছে৷ তাই খ্ৰীষ্টান৷ বিধৰ্মী ছোৱালীজনীক বোৱাৰী কৰিলে সমাজে কি ক’ব? মহেনো খ্ৰীষ্টান হ’ব নেকি? তাই তাক তাইৰ ধৰ্মলৈ নিনিবনে? নাই নাই আৰু ভাবিব নোৱাৰে বোপাৰাম বিষয়াই৷
ধৰ্ম-অৰ্ধম!
কি আছে এইবোৰত? সিদিনা তেওঁৰ নিজৰ ঘৰৰ নামষাৰত ঘটা অঘটনটোৰ
বাবে বোপাৰাম বিষয়া হতাশ হৈছে৷ ধৰ্ম ডাঙৰ নে মানুহ ডাঙৰ?
আগৰ পৰা এটা
নিয়ম আছে - গাঁৱত ‘দেৱৰ কাম’ লৈ কোনোবা
উঠিলে, চাৰিখন গাঁৱৰ চাৰিজন ভকত আৰু নিজৰ খেলৰ ভকতসকলক লৈ
এষাৰ নাম আয়োজন কৰিব লাগে৷ ব্যক্তিগতভাৱে কোনোবাই নিজৰ ঘৰত নামষাৰ পাতিব পাৰে,
নহ’লে সমূহীয়াকৈ নামঘৰত পাতিব পাৰে৷
বোপাৰাম বিষয়াই
গোঁসাইৰ ওচৰত কথাবস্তু লৈ ‘ভজনীয়া’ হোৱাটো তেওঁৰ
জীৱনৰ এটা ছেদ বুলি অনুভৱ কৰিছে৷ এতিয়াৰ পৰা আৰম্ভ হ’ব তেওঁৰ জীৱনৰ
এটা নতুন অধ্যায়৷ সেয়ে নামঘৰত আনৰ লগত জাপ পাতিবলৈ তেওঁ ভাল নাপালে৷ নিজাকৈ চোতালৰ
মূৰতে সৰুকৈ এটা নামঘৰ সাজিলে৷ ঈশ্বৰৰ কামবোৰ এদনীয়া হোৱাই ভাল৷
বিষয়াই আথেবেথে
নাম-প্ৰসংগ এষাৰ আয়োজন কৰিলে৷ পুৱাতে আসন প্ৰতিষ্ঠা আৰু দুপৰীয়া নাম-প্ৰসাদ, বৰ প্ৰসাদ৷ ঠিকে ঠাকেই আয়োজন হ’ল৷ আন ভকতৰ লগতে
উমাৰাম দলে, ডেম্বি পাটিৰ, পাৰচ সিং
আৰু যাদৱ চৌধুৰীকো বিষয়াই সকামভাগলৈ নিমন্ত্ৰণ কৰিছিল৷ তেওঁলোক আহিছিল৷ কিন্তু ফটিক
শইকীয়াই তেওঁলোকক ভকতৰ শাৰীত বহিবলৈ নিদিলে৷ কিবাকিবি উজুহাতত ল’ৰা-মহিলাৰ শাৰীত ৰাখিলে৷ কোনে কি ভাবিলে বা নাভাবিলে সেইটোতকৈ বোপাৰাম
বিষয়াৰ মনটো গধূৰ হৈ থাকিল৷ এই কেইজনো নিমন্ত্ৰিত ভকতেই আছিল কিন্তু অজাতি হোৱাৰ
কাৰণে পাবলগীয়া সন্মান দিয়া নহ’ল৷ বিষয়াৰ মনটোৱে বিদ্ৰোহ কৰি
থাকিল৷ যদি এনেকৈ মানুহৰ পৰা মানুহক আঁতৰ কৰিব লগীয়া হয় তেন্তে এই ধৰ্মবোৰ কেলেই
লাগে৷
বেণুৱেও তেনেকেই
ভাবে৷ সোণ জেঠায়েকৰো তেনেকুৱাই মত৷
‘‘ধৰ্মনো আমাক কেলেই লাগে?”
“জীয়াই
থাকোঁতে নালাগে অ’৷ মৰিলেহে লাগে৷ তোৰ শটোক চুবলৈ মানুহ নোলাব নহয়৷”
ৰাজহুৱাকৈ নামঘৰ
এটা পাতিবৰ বাবে বোপাৰাম বিষয়া আৰু বেণুৰ মাজত চৰ্চা হৈছিল৷ চাপৰিটোত এটাই নামঘৰ হ’ব
লাগে৷ উজনি চুক, নামনি চুকৰ আটাইকেইঘৰ মানুহে তাতে মূৰ
দোঁৱাবলৈ পাব লাগে৷ পাৰচ চিং, যাদৱ চৌধুৰীহঁতৰো উপাসনাস্থলী
স্থায়ীকৈ নাই৷ উমাৰাম, ডেম্বিহঁতৰো নাই৷ আটায়ে মিলি নামঘৰ
সাজিব৷ ডেকা ল’ৰাবোৰ গোট খাই সাজি লোৱা ঘৰটোকে নামঘৰ কৰিব
পাৰি৷ অৱশ্যে সিহঁতক সুধিব লাগিব৷ কাৰোবাৰ কিবা অসুবিধা আছে নেকি? নামঘৰ এজনৰ নহয়, ৰাইজৰ সকলোৰে৷ বেণুৰো কথা নামঘৰ এটা
হ’ব লাগে৷ লগতে এটা পাঠশালাও লাগে৷
কিন্তু আসন
প্ৰতিষ্ঠাৰ দিনাৰ ঘটনাই বিষয়াৰ মনটো একেবাৰে শুকুৱাই আনিলে৷ শৰণ-ভজন দিওঁতা নাৰায়ণ
গোঁসায়ে এই কথাবোৰতো কোৱা নাছিল৷ ফটিক শইকীয়াই নিজৰ ঠেক চিন্তাৰ ফলত এনেকুৱা হ’ল৷
কিন্তু স্বয়ং গোঁসাই থাকোঁতে তেওঁ এনেকুৱা কৰিবলৈ সাহস কৰিলে কেনেকৈ? গোঁসায়ে আটাইখিনি ঘটনা দেখিয়েই আছিল৷ কিয় তেওঁ এই ভকতকেইজনক সৰু ল’ৰা আৰু মহিলাৰ শাৰীৰ পৰা আগলৈ নিনিলে? বয়সস্থ
মানুহকেইজনে অপমান পাইছিল৷ মুখেৰে একো কোৱা নাছিল৷ ভকত মাতি অপমান কৰা হ’ল৷ ক্ৰোধ আৰু ক্ষোভত বোপাৰাম বিষয়াৰ বুকু ভাগি গ’ল৷
তেওঁৰ দাইচালি
কৰাৰ উৎসাহ একেবাৰে দমি গ’ল৷ নামঘৰ এটা স্থাপন কৰাৰ কথাও সিমানতে ৰ’ল৷
(ক্ৰমশঃ)