ৰমানন্দন বৰা
ছয়
ইয়াৰ পিছৰ ঘটনাৰ
গতি অতি দ্ৰুত৷ পদেপদে বিপদ, সংঘাতৰ আশংকা থকা৷ পিছে গাজনিহে হ’ল, বৰষুণ নহ’ল৷
ভাদ মাহত খেতি উঠাই এদিন বেণু আৰু পাহিতা
অন্তৰ্ধান হ’ল৷ ক’লৈ গ’ল?
কেনি গ’ল? ভূ পোৱা টান হ’ল৷ কিন্তু কিয় গ’ল সেইটো আটায়ে কোনেও নোকোৱাকৈয়ে বুজি পালে৷
কোনোৱে ক’লাই শইকীয়াক দুষিলে, কোনোৱে
ভালিৰামক, কোনোৱে পাহিতাক, কোনোৱে
বেণুক৷ দুদিন মান ক’লাই মহাজন অগ্নিশৰ্মা হ’ল৷ ভালীৰামে খঙে-বিষে একো নাই হৈ জীয়েকৰ লগত সম্পৰ্ক ছেদ কৰিলে৷ বোলে ‘গৰুও মৰিল, পোকো সৰিল৷’ পাহিতাৰ ককায়েক দেউকণৰ খং
ইমানেই বেছি হ’লগৈ যে বেণু-পাহিতাক পালেই কাটিব৷ সৰু ককায়েকে কোনো
মাত দিয়া নাই৷ ভায়েক কমলৰ প্ৰতিক্ৰিয়াও অজ্ঞাত৷ মাক জনীয়েহে মন মাৰি থাকে৷ পলাই
যোৱাৰ বাবে দুখ নহয়, বছা গাঁৱত এইটো নিয়ম বহুতে পালন কৰে৷
ছোৱালীজনী দুখত পৰিব বুলিহে মানুহজনীৰ জীৱটোৱে সহা নাই৷ যি হ’লেও
মাকৰ মন৷
বছা গাঁৱৰ ঢৌ
নোহোৱা সমাজখনলৈ চঞ্চলতা আহিছিল৷ কিন্তু তেনেই কম দিনলৈ৷ আঘোণৰ পথাৰে এইবোৰ কথা
পাহৰাই পেলালে৷ ক’লাই মহাজনৰহে এখন হাত ছিগিল৷ খেতিটো সি
পাতিলে, চপাওঁতে নাই৷ ৰজিত আৰু দুটামান হাজিৰা কৰা মানুহ লগা
হ’ল যদিও বেণুৰ কামৰ জোৰ সিহঁতে নাপায়৷
বেণু-পাহিতা ক’লৈ
গ’ল?
পাহিতাৰ
জেঠায়েকৰ ঘৰ বকুলত৷ ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰি বকুল৷ তালৈ যাওঁতে ঘাটত নাৱেৰে পাৰ
কৰি সহায় কৰিলে জয়সিং মিলিয়ে৷ দেওবৰীয়া পাচলি বেপাৰলৈ আহোঁতে-যাওঁতেই বেণুৰ সৈতে চিনাকি৷
তেৱেঁই বকুল চাপৰিৰ নিৰ্দিষ্ট মানুহ ঘৰলৈকে আগবঢ়াই থোৱাৰ দায়িত্ব ল’লে৷
জেঠায়েকৰ নাম
সোণ৷ ঘৰৰ পৰা অহা দিন ধৰি সোণ জেঠায়েকক পাহিতাই দেখা নাই৷ মাথোন তেওঁৰ কথা শুনিছে৷
এটা কাহিনী৷ এটা বিশ্বাস৷ তাৰ ওপৰত ভৰসা কৰিয়েই সিহঁত তালৈ আহিছে, নতুন জীৱনৰ পাতনিতে অকণমান আশ্ৰয় বিচাৰি৷
ক’লাই
মহাজনৰ পৰিয়ালৰ আটাইবোৰ সদস্যৰ কাৰণে বকুল চাপৰি নিষিদ্ধ ঠাই৷ সেই ঠাইৰ লগত কোনো
হাট-বাট কোনেও ৰাখিব নোৱাৰিব৷ মহাজনৰ বজ্ৰ নিনাদ, ‘চাবি,
সোণৰ তালৈ যাব যদি যাবিয়েই৷ ঘূৰি আহি এইখন ঘৰত ভৰি নিদিবিহি৷’ মহাজনে আঁকি দিয়া লক্ষ্মণ ৰেখা আজিলৈকে কোনেও পাৰ হোৱা নাই৷ কপিৰাজ বালীয়ে ঋষ্যমূক
পৰ্বতলৈ নোযোৱাৰ দৰে বছা গাঁৱৰ শইকীয়া বংশৰ কোনো প্ৰাণীয়ে বকুল চাপৰিত ভৰি দিয়া গৈ
নাই৷ এই কাৰণতে পাহিতাৰ বাবে বকুলৰ সোণ জেঠাইতকৈ নিৰাপদ ঠাই কি হ’ব পাৰে?
সোণমাই শইকীয়া, বকুল চাপৰিত নিচিনিবলৈ নাই৷
গতত বন্ধা বছা গাঁৱৰ জীৱনৰ পৰা শ’লমাৰি ভাঙি ওলাই আহিছিল সোণমাই শইকীয়া৷ এল. পি পাছ৷ এটা স্বাধীনচিতীয়া মন লৈ ডাঙৰ হৈছিল৷ গাভৰুতে ৰোৱা-তোলা, বোৱা-কটাত কোনেও ফেৰ মাৰিব নোৱৰা সোণৰ এটা জেদী মন আছিল৷ ল’ৰাই যিটো পাৰে ছোৱালীয়েও পাৰিব৷ এই ভাৱেৰে তাই গছ বগাই তামোল পাৰিছিল, পথাৰৰ চুক কুৰিছিল, খৰি ফালিছিল, ভোগদৈত সাঁতুৰিছিল মুঠতে হালৰ মুঠিত ধৰিব নাপায় বুলি বৰকৈ বাৰণ কৰা কাৰণেহে সেই কাম তেওঁ নকৰাকৈ থাকিল৷ গৰু-গাই পোহা তাইৰ চখ৷ এগোহালি গৰু তেওঁৰ নিজাকৈ হৈছিলগৈ৷ পুহিৰামক গৰখীয়া ৰাখি চৰুৱাইছিল৷ চুলতান গুৱালক গাখীৰ বেচিছিল৷ নিজে ঘাঁহ কাটি মূৰত ভাৰ বান্ধি আনিবলৈ পিছ হোহঁকা নাছিল৷ কিন্তু ঘৰৰ সম্পূৰ্ণ বিৰোধিতা সত্বেও তাই পলাই আহিল বকুলৰ বাপধন বিষয়ালৈ৷ অজাতিলৈ যোৱা বাবে তাইৰ জাত গ’ল৷ বছা গাঁও তাইৰ বাবে নিষিদ্ধ হ’ল৷
দিনটো খোজ কাঢ়ি
সন্ধিয়াৰ আগে আগে সোণ জেঠায়েকৰ ঘৰত উপস্থিত হওঁতে মানুহজনীয়ে বাৰীত কিবা এটা খুচৰি
আছিল৷ চোতালত মতা মানুহ দুটা আৰু মাইকী মানুহ এজনী দেখি তেওঁ বাৰীৰ পৰা ওলাই আহিল৷
ভালদৰে কাকো চিনিব পৰা নাই৷
‘জেঠাই...
জেঠাই...’
সম্বোধনটোত
মানুহজনী চমকি উঠিল৷ বকুল অহাৰ পৰা এই মাত, এই সম্বোধন, এই সুৰ তেওঁ শুনা নাই৷
‘জেঠাই,
মই পাহি, পাহিতা৷’
জেঠায়েক
মানুহজনীৰ গাত এইবাৰ কিবা এটা শিহৰণ উঠিল৷ মগজুটোৱে চিন্তা কৰিবলৈ টান পালে৷
পাহিতা৷ ভালীৰামৰ জীয়েক৷
‘বছাৰ
পাহিতা৷’ - এইবুলি তেওঁ পাহিতাক সাবটি ধৰিলে৷ দুয়োজনীয়ে
এসোঁতা কান্দিলে৷
‘তই
মোৰ পাহি৷ ইমান ডাঙৰ হ’লি৷ আহ আহ ভিতৰলৈ আহ৷’
ভিতৰত বহুৱাই
নেমু পানী একো গিলাচ খোৱাৰ মাজতে আলহীৰ পা-পৰিচয়
ল’লে৷
কাহিনী শুনি অলপ গম্ভীৰ হ’ল
সোণ জেঠায়েক৷ কি কয় বা তেওঁ৷ পাহিতা, বেণু আৰু জয় সিঙৰ
চিন্তা বাঢ়িল৷ যদি না বুলি কয়? যদি আশ্ৰয় নিদিয়ে৷ যদি বছা
গাঁৱৰ শইকীয়া বংশৰ সৈতে সম্পৰ্ক আৰু অধিক বেয়া হোৱাৰ ভয়ত সিহঁতক ৰাখিব নোৱাৰোঁ বুলি
কয়? কি কৰিব সিহঁতে? তেওঁ ভৰসাতে সকলো
বিপদ নেওচি সিহঁত সাপেখাতী পাইছেহি৷
‘জেঠাই?’
‘জেঠপেহাৰ
ঘৰত নাই৷ ইহঁতকেইটাও কামে কামে ঘৰৰ বাহিৰত আছে৷ চাহ-জলপান খাই ল’চোন বাৰু৷ আটাইবোৰ আহক৷’
সোণ জেঠায়েকৰ
কথাত কিবা আঁৰ আছে নেকি? কিবা ৰহস্য আছে নেকি? এটা সৰল বিশ্বাসত বহু দিন ধৰি সম্বন্ধ নথকা মানুহজনীৰ ওচৰলৈ আহিছে পাহিতা৷
সৰুতে তেওঁৰ সকলো কামতে লগে লগে ফুৰিছিল তাই৷ বৰ মৰম কৰিছিল৷ কিন্তু প্ৰায় সোতৰ
বছৰত মানুহৰ বহুত পৰিৱৰ্তন হয় দেহৰো, মনৰো৷ মানুহজনীৰ দেহৰ
পৰিৱৰ্তন হৈছে৷ বয়সে জেঠায়েকৰ দেহাত নিজৰ বাবে ঠাই উলিয়াই লৈছে৷ তেনেদৰে মনতো
যদি...
‘জেঠাই...’
‘মই
বুজিছো পাহি৷ মোৰ ঘৰত তোৰ বাবে ঠাইৰ অভাৱ নহয়৷ কিন্তু লগত জোঁৱাই আনিছ৷ বহুত কথা
আছে৷ জেঠপেহাৰ আহক৷’
জেঠপেহাক সম্বন্ধে তাইৰ কোনো ধাৰণা নাছিল৷ এজন ওখ-পাখ আটিল মানুহ৷ হাঁহিমুখীয়া৷ তেওঁলোকৰ
চাৰিটা ল’ৰা৷ দুটা পাহিতাতকৈ ডাঙৰ, দুটা সৰু৷ গধূলি জুহালৰ
মজিয়াত আটাইকেইটা গোট খালেহি৷ পৰিৱেশটো পাহিতাৰ কাৰণে অনুকূল যেন লাগিল৷ ডাঙৰ বাটি
এটাত কাঢ়া চাহখিনিত সোহা মাৰি জেঠপেহাকে ক’লে, ‘আমাৰ ছোৱালী নাই৷ এতিয়া এজনী পাইছো৷ ভালহে কথা৷ জোঁৱাই মইনাৰ সৈতে আমাৰ
পঞ্চপাণ্ডৱ হ’ল৷’
জেঠপেহাকৰ এনে উদাৰতাত
পাহিতা-বেণু গদগদ হ’ল৷
জেঠায়েকে মাত লগালে, ‘বকুল চাপৰিলে বছাৰ পৰা আহিলি যেতিয়া
ঘূৰি যোৱাৰ বাট মাৰি আহিছ৷ আমাৰ ঘৰতে থাক, খা৷ যিমান দিন
থাক৷ পিছে জেঠায়েৰক কৰি খুৱাব নালাগে, ঘৰৰ নিচিনাকৈ থাক৷’
জেঠপেহাকৰ কথা, ‘মইনা, তোমাৰ কথা শুনিছো৷ বছাত কিমান কাম কৰিছিলা৷ ট্ৰেক্টৰো
চলাইছিলা৷ এতিয়া ইয়াতো বহি থাকিব নালাগে৷ কামত লাগি যাবা৷’ এইবুলি
বেণুলৈ গহীনকৈ চাই ক’লে, ‘তুমি মোৰ
কাৰণে কৰিব নালাগে৷ নিজৰ কাৰণে কৰিবা৷ শিমলু তলৰ এপুৰা মাটি বাৰী পাতিবৰ বাবে
উপযুক্ত৷ তাতে বাৰী পাতাঁ৷ শুনিছনে ল’ৰাহঁত, শিমলু তলৰ মাটিপুৰা পাহিতা আৰু মইনাৰ নামত মই দিছোঁ৷ তহঁতে আপত্তি
নকৰিবি৷ জয় সিং তুমি সাক্ষী থাকিলা৷ মইনাহঁতে শালি খেতি চপাওঁতে লাগি দিবা৷ দুটা
মানুহৰ খোৱা আমাৰ ভঁৰালৰ পৰাই আঁটিব৷ শালি পথাৰৰ চিন্তা পিছে পৰে কৰিব লাগিব৷’
পাহিতা আৰু
বেণুৱে জেঠপেহাক আৰু জেঠায়েকক গুৱা পাণেৰে মান ধৰিলে৷ জেঠপেহাকে শ্লোক মাতিলে৷ জেঠায়েকে চকুৰ পানীৰে আশীৰ্বাদ দিলে৷
ভোগদৈৰ ৰঙা
মাটিৰ পৰা গৈ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ বগা মাটিত বেণু-পাহিতাৰ নতুন জীৱন আৰম্ভ হ’ল৷