ৰমানন্দন বৰা
(যোৱা সংখ্যাৰ পিছৰ পৰা)
বাইছ
এদিন
দুদিনকৈ এসপ্তাহ বাগৰিল৷ নতুন চাপৰিৰ পৰা মানুহবোৰে আঁতৰি যোৱাৰ কোনো লক্ষণ
নেদেখুৱালে৷ প্ৰথম দুদিন সিহঁতে কাম কৰা নাছিল৷ তাৰ পাছৰ পৰা কাম কৰিবলৈও আৰম্ভ
কৰিলে৷
বকুল
চাপৰিত দিনে দিনে উত্তেজনা বাঢ়িবলৈ ধৰিলে৷ মোলোকা, ভোগাইহঁত খঙত
টিঙিৰি তুলা হৈ উঠিছে৷ নতুন মানুহখিনিয়ে সিহঁতক বুঢ়া আঙুলি দেখুৱালে৷ সিহঁতক বাটৰ
ভতুৱা কুকুৰ হেন ভাবিলে৷ বকুল চাপৰিৰ মানুহৰ মান-সন্মান সিহঁতে মাটিৰ লগত মিলাইছে৷
সিহঁতে গম পোৱা নাই কাৰ লগত খেলিছে৷ জুইৰ লগত খেলিছে, জুইৰ
লগত৷
জুইকুৰা
সহজে নুনুমায় বুলি বেণুৱে অনুভৱ কৰিলে৷ এইকুৰা জুই নুমুৱাবলৈ তাৰ শক্তি নাই৷
কেতিয়াবা জুই নুমুৱাবলৈ যোৱাজনো দগ্ধ হ’ব লগা হয়৷ কিন্তু বাকী ল’ৰাবোৰে আলচ কৰাৰ দৰে সি সেই মানুহখিনিক মৰা-কটা কৰিবলৈ এৰি দিব নোৱাৰে৷ ল’ৰাহঁতেও নেৰে৷ সিহঁতৰ কাৰণে ধৰ্ম-চৰ্ম ডাঙৰ কথা নহয়, মাটিহে ডাঙৰ কথা৷ মাটি থাকিলেহে ধৰ্ম থাকিব, জাতি
থাকিব৷ কোনো কাৰণতে সিহঁতে আনক মাটি এৰি নিদিয়ে৷ আজি বকুল চাপৰিত ঠাই আছে৷ কাইলৈ
মানুহ বাঢ়িব, ঠাইৰ নাটনি হ’ব। তেতিয়া?
বকুল চাপৰিৰ মানুহকে নতুন চাপৰিটো লাগিব৷
“তহঁতে চা, এই মানুহকেইটাক মাৰ-পিট কৰি খেদোৱাটো ডাঙৰ
কথা নহয়৷ সিহঁতক খেদাম৷ তাৰ পাছত?” - বেণুৱে বুজাবলৈ যত্ন
কৰে৷
“তাৰ পাছত মানে? আমাৰ মাটি আমাৰ হৈ থাকিব৷”
“নাথাকে৷ আমাৰ মাটি বুলি ক’ৰবাত মাটি আছে নেকি?
আজি আমি বকুল চাপৰিত আছোঁ৷ আমাৰ আগতে ইয়াত কোন আছিল? এই চাপৰিটো আগতে আছিল নে? সদায় থাকিবনে? নাথাকে৷ আমিও সদায় নাথাকোঁ৷ খেতি কৰিব পৰা মাটি এনেয়ে পৰি নাথাকে৷ কোনোবা
নহয় কোনোবা খেতিয়কে আহি মাটি চহাবহি৷ তাত বাধা দিব নোৱাৰ৷ এবাৰ পাৰিবি, দুবাৰ পাৰিবি। সেইবুলি সদায় নোৱাৰ৷”
“তেনেহ’লে সিহঁতক নতুন চাপৰিটো এৰি দিম নেকি?”
“নেৰোঁ, এই কাৰণেই নেৰোঁ যে এই মানুহখিনিয়ে নিজৰ কাৰণে
খেতি কৰিবলৈ অহা নাই৷ কোনোবা মহাজনৰ ভঁৰাল ভৰাবলৈ আহিছে৷ এই খেতি কৰা মানুহবোৰৰ
নিজৰ ভঁৰাল এটা কোনো দিনেই নাথাকে৷ আজি ইহঁতক খেদাম, কাইলৈ আন
এদল মানুহ আহিব৷ নিজে আহিব৷ নহ’লে মহাজন এটাই আনিব, নহ’লে চৰকাৰে আনিব৷ মাটি ছন পৰি নাথাকে৷”
বেণুৱে
নতুন চিন্তাৰ খোৰাক এটা সিহঁতক দিলে৷ “দখল কৰ, নিজৰ নামত মাটি লগাই ল’৷ মণ্ডলৰ ওচৰলৈ যা৷ বছৰি
খাজনা দে, খেতি কৰ৷ তেতিয়াহে মাটি ৰ’ব৷”
ল’ৰাখিনিয়ে
গম পাইছে যে নতুন চাপৰিত মাটি ৰখা মানে বাঁহৰ খুঁটা কেইটামানেৰে ঢাপ মাৰি থোৱা
নহয়৷ খেতি কৰিব লাগিব৷ দখল তেতিয়াহে হ’ব৷ খাজনা দিব লাগিব৷
কিন্তু খেতি কৰিবৰ বাবে বকুল চাপৰিৰ মাটিয়েই যথেষ্ট৷ এতিয়া থকা মাটিত খেতি
কৰিবলৈকে মানুহৰ নাটনি, ধনৰ নাটনি৷ নতুন চাপৰিত নতুন মাটিত
কি কৰিব? কেনেকৈ কৰিব?
এতিয়া
আটাইৰে কাম হ’ল মহাজনৰ শুংসূত্ৰ উলিওৱা আৰু মানুহখিনিক ভয় খুৱাই
খেদা৷ মাটি দখলৰ কথা পাছত হ’ব৷ এতিয়া অন্ততঃ মাটিখিনি মুকলি
হৈ থাকক৷
বেণুৱে
সঁকিয়ালে, “পানী তলত কাঁইট আছে৷ সাৱধানে খোজ দিব লাগিব৷ কি সাহসত
মানুহখিনিয়ে আকৌ কামত ধৰিছেহি? কোনোবাই ৰখি নাথাকিলে সিহঁতে কামত ধৰিব বুলি মোৰ মনে
নকয়৷ আকৌ যদি তালৈ যাব লাগে, অতি সাৱধান৷ বিপদ ক’ত লুকাই থাকে ক’ব নোৱাৰি৷ কাৰণ ইন্দ্ৰজিতৰ নিচিনা
মেঘৰ আঁৰৰ পৰা যুঁজ কৰি আছে মহাজনে৷”
মহাজন
কোন?
* * *
তেইছ
সম্ভেদ পাবলৈ বৰ বেছি দিন ৰ’ব লগা নহ’ল৷
সপ্তাহ
চাৰেকৰ পাছৰ এদিন দুপৰীয়া, টিখাং খাং ৰ’দ৷ মানুহেই নহয়, গছ-লতা, পশু-পক্ষীয়েও
নিঃপালি দি জিৰাইছে৷ শিমলুডৰাৰ সিপাৰে এৰালৰ গৰুকেইজনীক পানী খুৱাই, ছাঁত বান্ধি বেণুৱেও বননিতে বহি আকাশ-পাতাল ভাবি আছে৷ তাৰ সাংসাৰিক জীৱন
পূৰ্ণ৷ পাহিতা আৰু কেঁচুৱাটোৱে ঘৰত থকা সময়খিনি তাক মোহাৱিষ্ট কৰি ৰাখে৷ সি সম্পূৰ্ণ
সুখী মানুহ বুলি অনুভৱ কৰা এনেকুৱা দিনবোৰতে কিন্তু নতুন চাপৰিৰ ঘটনাবোৰে তাক ভিতৰি ভিতৰি
বৰ অশান্ত কৰি ৰাখিছে৷ এই মানুহখিনি তাত থকা মানে বকুল চাপৰিৰ নিৰাপত্তা নোহোৱাৰ
দৰে৷ ইহঁতৰ লগ লৈ দলে বলে আৰু মানুহ আহিব৷ হয়তো মহাজনেই আনিব৷ গোটেই চাপৰিটো ভৰাই
তুলিব৷ কোনো দিন হৈ-হুলস্থুল নোহোৱা, চোৰ-ডকাইতি নোহোৱা বকুল
চাপৰিৰ মানুহবোৰে হয়তো সুখৰ দিনবোৰ চিৰকাললৈহেৰুৱাব৷
মোহনো
ক’ৰবাৰ পৰা আহি বেণুৰ কাষতে বহিলহি৷ দুয়োটাৰে কথাৰ বিষয় একেটাই৷ হঠাতে এটা
শব্দ ভাহি আহিল৷ দূৰণিৰ পৰা আহিছে৷ নতুন চাপৰিৰ ফালৰ পৰা৷
এটা
যান্ত্ৰিক শব্দ - ধক্ ধপ্ ধক্ ধপ্ গুম গুম...৷ একেৰাহে আহিছে৷ এটা সুৰত বন্ধা৷
অলপ ডাঙৰ আকৌ অলপ সৰুকৈ, অলপ ডাঙৰকৈ অলপ সৰুকৈ... একেৰাহে৷
“কিহৰ শব্দ?” মোহনৰ মুখৰ পৰা ওলাই আহিল৷
বেণুৱে লগে লগে উত্তৰ নিদিলে৷ সি কিবা এটা অনুমান কৰি ক’লে৷
“ব’লচোন চাওঁগৈ৷” শিমলুডৰা পাৰ
হৈ আটাইতকৈ ওখ চতিয়নাজাপাৰ গুৰিতে দুয়োটা ৰ’ল৷
“বগাব পাৰিবিনে?” বাঘে ধৰাৰ পাছৰ পৰা পিঠি আৰু বুকুত
জোৰ পৰা কাম নকৰিবলৈ বেণুক পাহিতাই শপত দি থৈছে৷
“পাৰিম৷”
“ওপৰলৈ উঠি চাচোন৷ এইছোৱা একেবাৰে মুকলি নহয় জানো৷”
পিন্ধি
থকা ধূতিখন কোঁচাই ভালদৰে তলপোন্ধ মাৰি, কমৰত গামোচাখনেৰে বান্ধ
এটা দি মোহনে চতিয়না জোপাত বগাবলৈ ধৰিলে৷ এইজোপাই আটাইতকৈ ওখ গছ৷ ইয়াৰ পৰা নতুন
চাপৰিৰ এফাল দেখি৷
গছজোপাৰ একেবাৰে ওপৰৰ ফেৰেঙনি এটাত বহি মোহনে ডিঙি মেলি শব্দটো অনুসৰণ কৰিবলৈ যত্ন
কৰিলে৷
“কিবা মনিছনে?”
ভালদৰে
চাই মোহনে ওপৰৰ পৰা ৰিঙিয়ালে -
“ঐ কিবা বগা ধোঁৱা-ধূলিৰ দৰে উৰিছে৷ কিবা এখন ঘূৰি আছে৷ মাটি চহাইছে নেকি?”
“নামি আহ৷”
মোহনে
নামি আহি যি বৰ্ণনা কৰিলে তাৰ পৰা বেণুৰ অনুমানটো ফটফটীয়া হ’ল
- ট্ৰেক্টৰ৷ ক’লাই মহাজনৰ ঘৰত থকাখনৰ নিচিনা নহয়৷ তাতকৈ
ডাঙৰ৷ মানুহটো উঠি লৈ হাল বাব লাগে৷ ক’লাই মহাজনৰখন হেনো
ট্ৰেক্টাৰ নহয়, পাৱাৰ টিলাৰ নে কিবাহে৷ ট্ৰেক্টৰেৰে বহুত মাটি
একেদিনে চহাব পাৰি৷ কম্পাউণ্ডাৰ বৰা ডাক্টৰৰ মুখেৰে শুনি বেণুৱে যন্ত্ৰটোৰ বিষয়ে
এটা অনুমান কৰিছিল৷ কিন্তু আজি এনেকৈ নতুন চাপৰিত সেইটো যন্ত্ৰৰ অৱিৰ্ভাৱ ঘটিব বুলি সি সপোনতো ভবা
নাছিল৷
“চাই আহোঁগৈ ব’ল৷” নতুন বস্তুটো
চাবলৈ বেণুৱে তাৰ হেঁপাহ দমাব নোৱাৰিলে৷
“তালৈ জধে-মধে যোৱাটো ভাল নহয় বুলি তয়েই কৈছিলি৷”
“আমি চোৰ নে ডকাইত যে ভয় কৰি সোমাই থাকিম৷ ব’ল,
মোৰ ম’হ এজনী হেৰাইছে বিচাৰি আহিছোঁ বুলি ক’ম৷ আন কাৰোবাক অনিষ্ট কৰিবলৈ অহা নাই নহয়৷”
তাৰ
কথাৰ ইংগিত মোহনে বুজিলে৷ দুয়োটা নতুন চাপৰিৰ সেই নিৰ্দিষ্ট ঠাইলৈ ৰাওনা হ’ল৷
ঝাও, বিৰিণা, বৰতাই মানুহটো ঢাকি ধৰা
হাবিবোৰৰ মাজে মাজে৷ খান্দা দুটা পাৰ হৈ সিহঁত ৰ’ল৷
শব্দটো
অধিক স্পষ্ট হৈ অহাৰ লগতে বিৰিণা জোপাবোৰৰ আঁৰে আঁৰে দেখিবলৈ পোৱা গৈছে৷ হাল বোৱা
ট্ৰেক্টৰ নামৰ এই যন্ত্ৰটোতকৈ সি বেছি আচৰিত হ’ল টেপুক দেখি৷
টেপু
কেনেকৈ ইয়াত আছেহি? সি তৎক্ষণাৎ বুজি পালে ইমান দিনে জানিবলৈ
যত্ন কৰি থকা কথাটো৷ টেপু হ’ল জন্মি মহাজনৰ সোঁহাত৷ নহ’লেই নোহোৱা মানুহ৷ তাৰ মানে জন্মি মহাজনৰ ফন্দি এইবোৰ৷ এটা এটাকৈ আটাইবোৰ
কথা তাৰ চকুৰ আগত জলজল-পটপট হৈ উঠিল৷ জন্মেজয় শইকীয়াৰ গাত লাগিছে মাটিৰ ভূত৷
তেৱেঁই নগাঁৱৰ পৰা মানুহ আনিছে, ইয়াত বহুৱাইছে, ৰচদ-পাতি দি ৰাখিছে৷ মহাজনেই অভয় দি, বোধকৰোঁ পহৰা
দিও ৰাখিছে৷ নতুন চাপৰিটো জন্মেজয় শইকীয়াই নিজৰ নামত লিখাই ল’ব৷
“ৱেল কাম ব্ৰাদাৰ, ৱেল কাম৷” কেতিয়ানো
বেণু গৈ সেই ঠাই পালেগৈ গমেই নাপালে৷ টেপুৱে কথাই কথাই কিখননো কয় বেণুৱে বুজিবই
নোৱাৰে৷ ল’ৰাটো তাতকৈ বয়সত সৰু৷ দুশ্ৰেণীমান নগৰৰ ফালেই
পঢ়িছিল হ’বলা৷ কি স্বৰূপতনো আহি জন্মি মহাজনৰ ঘৰত সোমালহি
সেইটো কোনেও নাজানে৷
“কিটোনো কাম আৰু, ম’হ এজনী
হেৰাইছে৷ আমি দুটাই বিচাৰি ফুৰিছোঁ৷ পিছে তই?”
“আৰে ব্ৰাদাৰ, মহাজনৰ নতুন প্ৰজেক্ট৷ মই নাচালে কোনে
চাব?”
“এইখন?” - ট্ৰেক্টৰখনলৈ আঙুলিয়াই বেণুৱে সুধিলে৷
“ট্ৰেক্টৰ, ব্ৰেণ্ড নিউ৷ নতুন কিনিছে৷ নহ’লে কি এই ব্লাডি মিঞা কেইটাৰে চব কাম হ’ব নেকি?
লুক্! কি জবৰদস্ত কাম৷ মাটি ফাঁহ ফাঁহ কৰি
দিছে৷ ইউ লাইক ইট? ভাল দেখিছানে?”
বেণুৰ
মগজুটোৱে কথাবোৰ চিন্তা কৰিব নোৱাৰা হৈ আহিছে৷ সি মনোযোগেৰে ট্ৰেক্টৰখন চোৱা দেখি
টেপুৱে নিজৰ মূৰত পিন্ধি থকা চাহাবী টুপিটো বাওঁহাতেৰে সামান্য ঠিক কৰি ক’লে
-
“ইউ ড্ৰাইভ পাৱাৰ টিলাৰ? ইয়’ৰ ফাদাৰ ইন ল হাউছ৷ তুমি তোমাৰ ফাদাৰ ইন ল মানে শহুৰৰ ঘৰত পাৱাৰ টিলাৰ চলাইছিলা৷ এইখন ড্ৰাইভ কৰা টান৷ অৱশ্যে পাৰিবা, শিকিলে পাৰিবা৷ ইউ কেন, ইউ কেন৷”
টেপুৰ
কেনকেননি তাৰ কাণত সোমোৱা নাই৷ কথা চহকী টেপুৰ পৰা সি যিমান পাৰে কথা উলিয়াই ল’ব
লাগিব৷ ইয়াতকৈ ভাল সুবিধা আৰু নাপাব৷ গামোচোত বান্ধি নিয়া টেমিটোৰ পৰা তামোল এখন
উলিয়াই টেপুক যাঁচিলে৷
“বিটল নাট, ভেৰি গুদ৷ দিয়াঁ তামোল এখনকে দিয়াঁ৷”
শিমলুজোপাৰ ছাঁত তিনিওটা বহিল৷ নগঞা মিঞা মানুহকেইটাই উলুৱনি কাটি মাটি মোকলাইছে৷ আগতে
মুকলি কৰা মাটি ট্ৰেক্টৰখনে লুটিয়াই গৈছে৷ বগলী এজাকে গাড়ীখনৰ পিছে পিছে
পোক-পৰুৱা বিচাৰি ফুৰিছে৷
“জন্মি মহাজনে কি খেতি কৰিব?”
“মেনি কাল্টিভেচন৷ বহুত খেতি৷ ভেৰাইটি৷ বেলেগ বেলেগ৷”
“কিমান মাটি চহোৱা হ’ব?”
“যিমান পাৰি৷ এজ মাচ এজ আই কেন৷ অল লেণ্ড হিয়েৰ৷ গভৰ্মেণ্ট পাৰমিছন৷ গোটেই চাপৰিটো ল’ব পাৰো৷ চৰকাৰে পাৰমিছন দিছে৷”
“হয় নেকি?”
“ফ্লাডত মহাজনৰ মাটি স্পইল৷ গ’ টু গভৰমেন৷ গিভ পাৰমিছন৷ মহাজনছ লেণ্ড অল ছেন্দ৷ ভোগদৈ ফ্লাড৷”
“আনবিলাকৰো মাটিত বালি পেলাইছে৷ চবকে মাটি দিছে নেকি?”
“নট, নট অল৷ বাট ইউ থিংক অল৷ চবকে দিছেও না.ো দিয়া৷”
“মানে?”
“ব্ৰাদাৰ তুমি কি বুজিবা৷ ইউ নট আন্দাৰষ্টেণ্ড৷ কমিটি৷ ফ্লাড ভিক্টিম ৰিহালিবেচন কমিটি৷ ইয়’ৰ ফাদাৰ ইন ল ক’লাই শইকীয়া, চেয়াৰ৷ কমিটিক দিছে৷ তোমাৰ শহুৰ চেয়াৰ, মানে সভাপতি৷ চৰকাৰে চব দিব৷ ছীড, মেনিয়ৰ চব৷ ডেয়াৰ লেণ্ড স্পইল্ড৷ হিয়েৰ নিউ লেণ্ড কাল্টিভেটৰ জীয়াই থাকিব লাগিবতো৷ ইউ ন’৷ তাত মাটি নাই, ইয়াত খেতি কৰাঁ৷ বচ৷”
তাৰ
মানে জন্মি মহাজন আৰু ক’লাই মহাজনে শঠামিতিৰালি কৰি এইখন কাণ্ড
কৰিছে৷ সাপ-নেউল একেলগ হ’ল৷ শেনৰ এজাত৷
“ডিছ ট্ৰেক্টৰ, দুই মহাজন৷ ফিফ্টি ফিফ্টি কষ্টিং৷ ডিছ মিঞা কষ্টিং ফিফ্টি ফিফ্টি৷ চব খৰচ দুই মহাজনে সমানে কৰিছে৷ তুমিতো ক’লাই মহাজনৰ ছান ইন ল’৷ ছান মানেই পুতেক৷ জোঁৱাই ভেৰি গুড৷ টেল হিম৷ ইউ গেট লেণ্ড৷ তুমি তেওঁক কোৱাঁ, মাটি তুমিও পাবা৷ ইউ ষ্টে’ হিয়েৰ৷ মেনি হেল্প টু আছ৷ আই ছেল টেল হিম৷”
“বাৰু বাৰু হ’ব৷ তুমি কামত লাগাঁ৷ আমি ম’হ বিচৰা মানুহ৷ দেৰি হ’ব৷”
“ৱেল ৱেল, কাম এগেইন৷”
টেপুৰ
পৰা উৰহী গছৰ ওৰটো জানি বেণু আৰু মোহনে খৰখেদাকৈ ঘৰলৈ ঘূৰিল৷ বাটত আন কথা-বাৰ্তা
নাই৷ মাত্ৰ প্ৰচণ্ড ক্ৰোধত বেণুৰ মুখৰ পৰা ওলাল “দেখিলিতো মোহন,
খেলখন বেলেগকৈ খেলিব লাগিব৷”
(আগলৈ)