ৰমানন্দন বৰা
পোন্ধৰ
হো-হো শব্দ কৰি
নৈৰ পানী বৈ আছে৷ বাৰীখনৰ গছ-লতা, পাতত পানীৰ সোঁতৰ শেষ নোহোৱা শব্দটো
শুনি শুনি আমনি লাগিছে৷ তথাপি একো কৰিব নোৱাৰে ক’লাই মহাজনে৷
নিজকে বৰ অসহায় শক্তিহীন যেন লাগিল৷
গোটেই ৰাতিটো
তেওঁৰ চকুৱে চকুৱে নালাগিল৷ ভাগৰ, আশংকা আৰু হাৰি যোৱাৰ গ্লানিয়ে তেওঁক হেঁচা মাৰি ধৰিছিল৷
তেওঁৰ জীৱনৰ পৰিশ্ৰমেৰে গঢ়ি লোৱা বাৰীখনত এতিয়া বানপানীৰ নাচোন৷ ঘৰৰ ভিতৰত পানী,
চোতালত পানী৷ চৰু জ্বলাব নোৱাৰে৷ এনেকুৱা কেতিয়াও হোৱা নাছিল৷ ভোক
কি জীৱনত তেওঁ চিনি পোৱা নাছিল৷ দুটা মেটমৰা গুটি ভঁৰালৰ গৰাকী ক’লাই শইকীয়াই ঘৈণীয়েকৰ সৈতে কালিৰে পৰা এসাজ ভাত খাবলৈ পোৱা নাই৷ খাব পৰা
পানী এঘটি নাই৷ দুটা নাৰিকল বাচি থাকিল, ক্ষুধা-তৃষ্ণা
নিবাৰণৰ বাবে৷ হতাশাত ভুগিছে তেওঁ৷ ৰাতিটো ছাই-ধূলি, জেঠি,
মকৰা, পঁইতাচোৰা, বাঁকৰাজৰ
সৈতে মিলামিছাৰে কটালে৷
কাউৰীয়ে কা
নকৰাৰ পৰাই তেওঁ চকুহাল মুধচৰ চিলিঙিৰ ফুটাৰে সৰকি অহা পোহৰ বিন্দুত নিবদ্ধ হৈ ৰ’ল৷
তেওঁ শুই উঠা নাই৷ উঠি কি কৰিব৷ কালসৰ্পৰ দৰে পানীৰ সোঁতৰ দেমাকি চাবলৈ মন যোৱা
নাই ৷ ঘৈণীয়েকলৈ চাই ধৰিব পৰা নাই মানুহজনীৰ টোপনি নে এনেয়ে
নিঃসাৰ হৈ পৰি আছে৷
চলৎ চলৎ, চলৎ চলৎ ঘটং চৰ্ৰ ঘটং
চলৎ ঘটং চৰ্ৰ
ঘটং
কিহৰ শব্দ?
নাৱৰ?
কোন আহিছে? ক’ৰ পৰা নাও আহিছে? নাওনে
সঁচাকৈ?
‘ককাইদেউ’
- নাৱেই হয়৷ কোনোবাই মাত দিছে৷
‘ককাইদেউ’
- তেওঁৰ চোতালৰ পৰা কোনোবাই মাতিছে৷
‘কাৰ
মাত? বেণুৰ?’
ক’লাই
মহাজন চমকি উঠিল৷ বেণু আহিছে? তেওঁক উদ্ধাৰ কৰিবলৈ? তেওঁৰ জীৱনলৈ সোমাই আহি হঠাৎ আঁতৰি যোৱা বেণু আকৌ এনেদৰে ঘূৰি আহিব বুলি
কেতিয়াও ভবা নাছিল৷ তেওঁ আৱেগিক হৈ উঠিল৷ মাতটো চিনিও অচিনাকি ভাও ধৰি সুধিলে,
‘‘কোন?’’
“মই
বেণু, লগত আৰু দুজন আছে৷”
ক’লাই
মহাজনে ঘৈণীয়েকক হেঁচুকিলে৷ “উঠা উঠা, বেণু
আহিছে৷” এনেয়ে চকু মুদি পৰি থকা ঘৈণীয়েক উঠি বহিল৷
ভিতৰত থাকোঁতে
আন্ধাৰতে থকা ক’লাই মহাজেন চ’ৰাঘৰৰ দুৱাৰ মুখ
পাই দেখিলে বাহিৰত টলবল পোহৰ৷ বেলি ওলোৱা কিছুপৰ হ’ল৷
বেলিৰ পোহৰ
পানীৰ ঢৌত জিলিকি আছে৷ তাৰ মাজতে এখন নাৱত বেণু আৰু লগত দুটা মানুহ৷ এটাই গুৰি ধৰি
চোতালৰ মাজত নাওখন সোঁতৰ বিপৰীতে থিৰ কৰি ৰাখিছে৷
আন এটা মানুহ মাজৰ পিৰিত বহি আছে৷ বেণুৱে নাৱৰ আগত চৈ মাৰিডালেৰে মাটিত দৃঢ়তাৰে খোঁচ
মাৰি ৰৈছে৷
পাৰ হোৱা
দিনবোৰৰ কোনো কথা, কোনো প্ৰকাৰে আহিবলৈ নিদি পূৰ্বৰ
স্বাভাৱিকতাৰে ক’লাই মহাজনে বেণুক ক’লে,
“নাও
ক’ত পালি? আমাৰ অৱস্থাটো দেখিছই৷
ভোগদৈয়ে এনেকুৱা কৰিব বুলি কস্মিনকালেও ভবা নাছিলোঁ৷ বাৰু লগৰ কেইজন?”
বেণুৱে পুহিৰাম
আৰু শশীক চিনাকি কৰাই দিলে৷ নাওখন শশীৰ নিজা৷ লখাইৰ ঘাটজালত থাকে৷ কালিয়েই খবৰটো
পাই বেণুৱে পুৱাতে পুহিৰামৰ সৈতে তাক লগ ধৰি আনিছে৷ নহ’লে
ডাঙৰ নাও বছাগাঁৱত নাই৷ ফৰিং, দুলুহঁতৰ দলনিত ম’হ ৰখা গুটীয়া কাঠৰ সৰু নাও একোখন আছে৷ তিনিজন মানুহো উঠিব নোৱাৰে৷
“ককাইদেউ,
এইছোৱাত অকল আপুনি আৰু নবৌহে ঘৰতে বন্দী হৈ ৰ’ল৷
বাকী আটাইবোৰ মানুহে দশৰথৰ টিকাত চালি সাজি আছেগৈ৷” - এইবুলি
সি নাৱৰ পৰা এটা টোপোলা লৈ নিজেও নামি আহিল৷
“নবৌ
ক’ত? কালি কিবা খোৱা-বোৱা হ’ল জানো? কোমল চাউল, গুৰ আৰু
চুঙাত দৈ আছে৷ খাই লওক৷”
কিন্তু খাব ক’ত?
পানীত বুৰি আছে বৰঘৰ, পাকঘৰ৷ কি এটা হাহাকাৰ পৰিস্থিতি৷
“নামি
আহক নবৌ, নাৱতে ভৰিকেইটা শুকানত ৰাখি খাব পাৰিব৷”
বেণুৰ মাতত
সাবিত্ৰীৰ চকুৰে দুটোপাল চকুলো ওলাই আহিল৷ কোনেও নেদেখাকৈ চাদৰৰ আঁচলেৰে মচি ল’লে৷
বেণুৰো মাতটোও সেমেকি ওলাল৷ এইজনী মানুহৰ হাতেৰে ৰন্ধা সি কিমান বছৰ খালে৷
এতিয়া...
চ’ৰাঘৰৰ দুৱাৰত ভেটা দি থোৱা বেঞ্চিখন বেণুৱে আঁতৰাই দিলে৷ পুহিৰামে নাওখনৰ আগটো যিমান
পাৰি ভিতৰলৈ সুমুৱাই দিলে৷ যাতে মানুহজনী পানীত ননমাকৈ নাৱত ভৰি দিব পাৰে৷ মহাজনৰ
বিশেষ উৎসাহ আৰু যত্নত তেওঁ পানীত নিতিতাকৈ নাৱত ভৰি দিলে৷ একঁকাল পানীত অতিমধ্যে
মহাজন আৰু বেণু তিতিছে৷
কোমল চাউলৰ
জলপানটো মহাজনৰ বাবে অমৃত যেন লাগিল৷ ঘৈণীয়েক সাবিত্ৰীয়ে জলপান এগৰাহ মুখলৈ নিও
আধাতে ৰ’ল৷ “পাহিতা ভালে আছেনে?” এইবাৰ
মানুহজনীয়ে ৰ’ব নোৱাৰিলে৷ হুক্হুকাই কান্দি উঠিল৷
“সকলো
ভালে আছে৷ বহুত কথা আছে পাছত ক’ম৷ এতিয়া পেটত কিবা এমুঠি
পেলাই লওকচোন৷ তায়েই যতনাই পঠিয়াইছে৷”
বেণুৱে ক’লাই
মহাজনক নাৱতে দশৰথৰ টিকালৈ লৈ যোৱাৰ কথা ক’লে৷ তাতে সকলো
মানুহ আছেগৈ৷ বকুল চাপৰিলৈ যোৱাৰ প্ৰস্তাৱ দিয়াৰ পৰিৱেশ আৰু সাহস এটাও বেণুৰ নাই৷
ক’লাই
মহাজনে প্ৰথমে একো নামাতিলে৷ এই ঘৰ, সম্পত্তি এৰি তেওঁ
কেনেকৈ তাত থাকিব? আনে পাৰিছে, তেওঁ
নোৱাৰে৷ চোৰৰ কি মাক মৰিছে৷ মানুহ নাথাকিলে গাঁওখনৰ কাৰো ঘৰত একো নাথাকিব৷ এনেয়ে
আকাল পৰিছেই৷
পুহিৰাম আৰু
শশীৰ সহযোগত বেণুৱে তেওঁক বুজালে, মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই৷
পানীৰ মাজত জন-প্ৰাণীহীন গাঁওখনত এনেদৰে অকলে থকাটো বিপদৰ কথা৷ চোৰ আহিলে শুদা
হাতে নাহে৷ অকলে মহাজনে কি কৰিব? গাঁৱৰ মাজত অকলে থকা মানুহক
চৰকাৰেনো কি সহায় কৰিব? কেনেকৈ কৰিব? কাইলৈৰ
পৰা ৰেচন হ’ব বুলিছে৷ মাইকী মানুহজনীক লৈ ওপৰ চাঙত থকাটো
মুখৰ কথা নেকি? হস্কিলে মস্কিলেও মানুহ এটা নাই৷ গাঁওখনত
ৰাতি ৰখীয়া দিয়া ব্যৱস্থা এটা কৰিব পাৰি নেকি ডেকা ল’ৰাবিলাকৰ
লগত আলোচনা কৰিব লাগিব৷
অৱশেষত ক’লাই
মহাজন মান্তি হ’ল৷
আটাইকেইটাই
গোহালি ঘৰটো ভাঙি খেৰ, বাঁহ, এখন পাল,
শুবলৈ কঁথা দুখন, বাচন-বৰ্তন, পিন্ধা কাপোৰৰ টোপোলা এটা লৈ নাৱেৰে দশৰথৰ টিকালৈ যাত্ৰা কৰিলে৷ দুখ আৰু
আশংকাত মহাজন মূক হৈ ৰ’ল৷
বকুল চাপৰিত ঘটা
তাৰ কথাবোৰ বেণুৱে চমুকৈ কৈ গ’ল৷ “বৰ সন্তোষ
পালোঁ, বোপাই৷ তহঁতৰ উন্নতি হওক৷” সাবিত্ৰীৰ
অন্তৰৰ পৰা কথাকেইটা ওলাই আহিল৷
পানীৰ
কোবাল সোঁত৷ গছৰ আঁৰাল লৈ জেপোহা হাবিৰ জোপাবিলাকৰ ভাটিয়েদি সোঁতৰ ধাৰ বচাই বচাই সিহঁতে নাওখন সুন্দৰকৈ আগবঢাই নিলে৷ নাও গাঁৱৰ পৰা বাহিৰ ওলাল৷ নাচনী দলনিখনত
পানী কিমান দ হৈছে জানিবলৈ নাৱৰ চৈ মাৰিডাললৈ ক’লাই মহাজনে মন কৰি আহিছিল৷ কিন্তু চৈ মাৰিডাল দেখোন বেছিকৈ নবহিল৷ সমান
জোখতে বহিছে৷
“বেণু,
এইখন নাচনী দলনিখন নহয় জানো?”
“হয়৷”
“চৈ
মাৰি দেখোন বহি নগ’ল?”
“ভোগদৈয়ে
বালি-পলস পেলাই পুতিলে৷ নাৱেৰে দলঘাঁহ কটাৰ মুদা মৰিল৷ দলনি বাম হ’ল, গাঁওখন দ হ’ল৷”
বাৰিষা
এবুকু-এডিঙি দ হোৱা দলনিখন বাম হৈ গাঁওখন যে এটা পুখুৰীৰ নিচিনা দ হৈছে সেই কথা ক’লাই মহাজনে বাৰুকৈয়ে অনুভৱ
কৰিলে৷
নাচনি দলনিৰ যি
অৱস্থা কামচৰাই দলনিৰো একে৷ ভোগদৈৰ বালি-পলসে তেনেই পুতি পেলাইছে৷ আগৰ দলনিৰ এতিয়া
চিন-চাব নাথাকিব৷ সেই ঠাইত এতিয়া খুব বেছি একাঁঠু পানী৷ গাঁৱৰ মাজত এবুকু৷
“বছাগাঁও এতিয়া আৰু আগৰ গাঁওখন হৈ নাথাকে৷” ক’লাই মহাজনৰ মুখৰপৰা এটা দীঘলীয়া হুমুনিয়াহ ওলাই আহিল৷
কৰিবলৈ একো নাই৷
কোনে কি কৰিব পাৰে৷ নৈক কোনে বাধা দিব৷ বাধা দিবলৈ গৈ এয়া তাৰ ফল কি হৈছে আটায়ে দেখিছে, ভুগিছে৷
আবেলিলৈ দশৰথ
টিকাৰ ওখ পথাৰ এখনৰ চুক এটাত বাকীবোৰ মানুহৰ দৰে ক’লাই মহাজনৰ বাবেও
চালি এখন থিয় হ’ল৷ গাঁৱৰ আটাইবোৰ গৰু বকুল চাপৰিলৈ খেদাই
নিবলৈ বেণুৱে প্ৰস্তাৱ দিলে৷
“ঘাঁহৰ
অভাৱ নাই, মুকলি ঠাই৷ ৰখীয়াকেইটা আমাৰ ঘৰত, সোণ জেঠাইৰ ঘৰতে মিলাই-মেলি থাকিব পাৰিব৷”
কেনিও আন সুবিধা নাই
যেতিয়া আপত্তি কৰিবলৈ কাৰো একো নাথাকিল৷
বেণুৱে ক’লাই
মহাজনক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি অনা, বেণুৱে নিয়া জলপান
খোৱা, বেণুৱে আগ ভাগ লৈ ক’লাই মহাজনৰ
থকা চালি সাজি দিয়া আদি কামবোৰ যেতিয়া ভালিৰামৰ কাণত পৰিল আৰু নিজেও দূৰৈৰ পৰা
বেণুক দেখিলে, তেওঁৰ ভিতৰি ভিতৰি কাকো প্ৰকাশ কৰিব নোৱাৰা
এটা অনুভূতি জাগি উঠিল৷ কি কৰিব ভালিৰামে৷ বেণুক এই ঠাইৰ পৰা অপমান কৰি খেদি পঠাব
নে মনে মনে নিজে আঁতৰি আহিব? ল’ৰাকেইটাই
বেণুক দেখিলে কি কৰিব? বেণুক জোঁৱাই
বুলি মানি ল’ব পাৰিবনে? পাহিতাক ভালদৰেই
ৰাখিছে বুলি তেওঁ শুনিছে৷ নিজাকৈ ঘৰ-বাৰীও কৰিছে৷ এতিয়া তেওঁৰ ককায়েকৰ লগতে গাঁৱৰ
মানুহৰো মন জিনিছে৷ এনেয়েও গাঁৱৰ বাকী মানুহৰ লগত তাৰ কোনো অসূয়া নাছিল৷ ভালিৰামৰ
মনৰ মাজত এখন যুদ্ধ চলি থাকিল৷
* * *
চৰকাৰী ৰেচন
অহালৈকে দুদিন দুৰাতি ওচৰৰ মিচিং গাঁও কপহুৱা আৰু দাধৰা গাঁৱৰ মানুহেই বছাগাঁৱৰ
মানুহক খুৱাই-বুৱাই ৰাখিলে৷ দুদিনৰ পাছত চৰকাৰী ৰেচন আহিল৷ গাইপতি এক কিলোকৈ চাউল, এপোৱাকৈ মচুৰ দাইল, আধা লিটাৰকৈ গাখীৰ, এক কিলোকৈ গুৰ, দুপেকেটকৈ বিস্কুট আৰু পানী পৰিষ্কাৰ
কৰিবলৈ ফিটকিৰি৷ থকা-খোৱা, শৌচ-প্ৰস্ৰাৱ কৰাত মানুহখিনিৰ যি দুৰ্গতি
বৰ্ণাই শেষ কৰিব নোৱাৰি৷ বহু সময়ত মানুহে লাজ-বিজ এৰিব লগাতে পৰিছে৷ তথাপি
মানুহখিনিৰ চিন্তা এতিয়াৰ কাৰণে নহয় ভৱিষ্যতৰ কাৰণেহে৷ বছাগাঁৱৰ পথাৰত আকৌ খেতি হ’বনে? জেঠত পৰা কঠিয়াবোৰ বানে শেষ কৰা পাছত কঠিয়া ক’ৰ পৰা পাব? সঁচাই যদি নৈখন সোমাই আহিছে, গাঁৱৰ পথাৰৰপৰা পানী ওলাই যাবনে? চৰকাৰে মাথাউৰিটো পুনৰ
বান্ধি দিবনে?
ভোগদৈয়ে দুপাৰৰ
মানুহক এনে দুৰ্গতি আগেয়ে কেতিয়াও কৰা নাছিল৷ মথাউৰিটোৱেই কাল হ’ল৷ দুটা নগদ টকা পোৱালৈ চবৰে লোভ হ’ল৷ এতিয়া মাটি-ভেটিয়েই হেৰাওঁ হেৰাওঁ অৱস্থা৷ মানুহখিনিৰ মাজত এটা কথা বৰকৈ চলিছে, বোলে মথাউৰিটো
ভোগদৈৰ বালিৰেহে বন্ধা হৈছে৷ বালিৰে মথাউৰি বান্ধে নেকি? কথাতে
কয় বালিৰ ভেটা৷ দ্বিতীয়তে মাথাউৰিটো মাটিবোৰ খাজ খাবৰ কাৰণে যেনেকৈ হাতীৰে গচকাব
লাগিছিল, তেনেদৰে কামটো কৰা নহ’ল৷
জন্মি মহাজনৰ হাতীটোৰে গচকাইছিল ঠিকেই৷ গাঁৱৰ মানুহখিনিয়ে কাম এৰি অহাৰ পাছত
মাটিয়াহঁতে মাটি তুলিয়েই আছিল৷ কোৱা শুনা মতে তেতিয়া হাতীৰ সলনি ভীমকলৰ গছেৰে মাটি
টিপা হৈছিল আৰু সেই কলগছবোৰ মথাউৰিতে পুতি ওখ কৰা হৈছিল৷
কথাবোৰ সঁচা
নেকি?
সঁচা যদি বৰ ডাঙৰ কথা হ’ল৷ কিন্তু আটাইবোৰ হ’লগৈ বৰষুণ যোৱাৰ পাছত লোৱা জাপি৷