ৰমানন্দন বৰা
(যোৱা সংখ্যাৰ পাছৰ পৰা)
চাৰি
উৰুকা মানেই
আনন্দ ভৰা ব্যস্ততাৰ দিন৷ আগন্তুক বিহুটো পিঠা-পনা, গা-গামোচা,
পা-পৰিষ্কাৰ, সেৱা-সৎকাৰেৰে সজাই পৰাই তোলাৰ
প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ সময় উৰুকা৷ তাতে যদি বহাগৰ বিহু
হয়, তেতিয়া কথাই নাথাকে৷ তিৰোতাৰ কামেই বেছি হয, যদিও মুনিহৰো তৰণি নাথাকে৷ চিৰা-পিঠা খুন্দাৰ কামটো সপ্তাহ চেৰেক আগৰ পৰাই
আৰম্ভ হয়৷ ঢেঁকীশালত বেণুৱেও নবৌয়েকহঁতক পালচ মান ঢেঁকী দি সহায় নকৰিলে নহয়৷ শুকান
খৰি গোটাই দিয়া, ধান ভাপত দিয়া আদিবোৰ এই কেইদিন বেছি জোৰদাৰ
হয়৷
উৰুকাৰ দিনা
পুৱাতে সি গাই খীৰাই গৰুকেইটা গোহালিৰ পৰা উলিয়াই পথাৰৰ ফালে খেদি পঠালে৷ এইটোৱেই
নিয়ম৷ বলধ দুহালৰ ঘাঁহ লগাই এৰাল দিয়া হয়৷ পলসুৱা দলনি পথাৰত গৰুৰে হাল বাব
নোৱাৰি৷ কলাফুলীয়া বোকা৷ সেই কাৰণে মহাজনে এহাল ম’হ ৰাখিছে৷ সেইহালৰ যতনৰ ভাৰো বেণুৰ ওপৰতে৷ এইখিনি তাৰ নৈমিত্তিক কাম৷ হাললৈ যাবলৈ হ’লে
ইয়াৰ এফাল কাম ৰজিতে কৰে৷ সি মহাজনৰ ঘৰত হাজিৰা কৰা মানুহ৷ হালৰ দিনত কাহিলিপুৱাতে
মহাজনৰ ঘৰত উপস্থিত হোৱা তাৰ বহুদিনীয়া নিয়ম৷ আনটো হালোৱা সৰুপাই, অলপ সোৰোপা৷ তাৰ পলম হয়৷ উৰুকাৰ দিনা এইবোৰ নৈমিত্তিক কাম কৰি অঁটাই নবৌয়েকে
দিয়া গাখীৰ চাহটোপা খাই থাকোঁতেই সেইফালৰ পৰা মাত আহিলেই, “বেণু,
ৰঙা মাটিখিনি সোনকালে আনি দিবিচোন৷ বগী অহাৰ কথা৷” বগীয়ে মহাজনৰ ঘৰৰ মজিয়া ৰঙাকৈ মচিব৷
বেণুৱে ভোগদৈৰ
পাৰৰ পৰা বাছি বাছি ৰঙা মাটি এভাৰ আনি পিৰালিত থ’লেহি৷ কাঠনিত পৰি
থকা বগীতৰা এজোপাৰ দুটা প্ৰকাণ্ড ডাল কাটি আনি ফালিলেহি৷ বিহুৰ দিনকেইটা সি এইবোৰ
কামত হাত নিদিয়ে৷ খৰি চাঙত শুকান বাঁহ ফালি দ’মাই থোৱা আছে৷
কাঠ খৰিও আছে৷ বগীতৰাখিনি অতিৰিক্ত জমা৷ ক’বতো নোৱাৰি৷
মহাজনৰ ঘৰত এইবাৰ ট্ৰেক্টাৰৰ ভোজ চলিয়েই আছে৷ চ’ত ফুলা তামোল
কেইথোকামান সি হাঁকুটিয়াই পাৰিলে৷ তামোল কেইজোপা কাকিনী হৈছে৷ জাত এৰিবলৈ ধৰিছে৷ হ’লেও
বুঢ়া তামোলৰ মাজে মাজে এইখিনিৰেও কাম চলিব৷ গাঁৱৰ হুঁচৰিযোৰা আহিলে এপোন মান
তামোলৰ শৰাধ ততালিকে হয়৷ আটাইকে কিমান আটকীয়া বুঢ়া তামোল খুৱাবা৷ ক’লাই মহাজনৰ পাণ-তামোলৰ বাৰীখন আচুতীয়া, মূল বাৰীৰ দক্ষিণফালে৷ অশুচি গাৰে
যাতে কোনো বাৰীখনলৈ যাব নোৱাৰে তাৰ বাবেই এই ব্যৱস্থা৷ ৰ’দঘাই পাণ মচমচীয়া হয়৷ বেণুৱে মৈটাৰে উঠি পাণ এখাং পাৰিলে৷ আগবেলাতে এইখিনি কৰি সি
দুপৰীয়া ভাত খোৱালৈ আজৰি হ’ল৷ এৰালত দিয়া বলধহালক হোলাটোত
পানী খুৱাই খুঁটি লৰাই বন্ধাৰ পাছত সি আজৰি৷ কাইলৈ গৰু বিহুৰ বাবে নতুন পঘা,
তৰা পঘা মহাজনে নিজে গুণিয়াই থৈছে৷ জাগত দিবলৈ ভাং কেইজোপামান সি
কুবিয়াই থৈছে৷ গতিকে তাৰ পাছবেলাটোত আন কাম নাই৷ সি নিজৰ কাম কৰিব৷
বেণুৰ নিজৰ বুলি
কেইটামান কাম অৱশ্যে আছে৷ ম’হৰ শিঙৰ পেঁপাটো মিঠাতেল ঘঁহি চিকুণাই
থৈছে৷ জাৰণিৰ পৰা আনি নল এডালো কাটি থৈছে৷ চুপহিটো চাঁচিবলৈ বাকী আছে৷ সেইটোতকৈ
ডাঙৰ কথা কাপ্টন বুঢ়াৰ ওচৰত টনাবলৈ দিয়া ঢোলটো আনিবগৈ লাগে৷ প্ৰায় তিনি মাইল
বাট৷ মহাজনৰ চাইকেলখন নহ’লে অহা-যোৱা কৰোঁতেই বেলাটো যাবগৈ৷
ঢোলটো মহাজনৰে৷ তেওঁৰ ডেকা কালতে পূৰঠ
কঁঠালৰ মজ্জা খুলি কৰা খোলা৷ তেওঁ ডেকা বয়সত বিহুটো বুলি ঢোল একোচাপৰ বাইছিল৷
আজিকালি সেইবোৰলৈ মন নকৰা হ’ল৷ খোলাটোৱে ধোঁৱা চাঙত ঠাই লৈ
আছিল৷ বেণু অহাৰ পাছত ঢোলটোৰ কদৰ বাঢ়িল৷ সোমাল চ’ততে সি
মহাজনক কয়- ঢোলটো চোৱাব লাগে৷ মহাজনেও তাৰ হাততে ৰূপ দহ টকাৰে সৈতে কাপ্টন বুঢ়াৰ
তালৈ দি পঠিয়ায়৷ তাৰ পাছৰ পৰা ঢোলটোৱে প্ৰত্যেক বিহুতে প্ৰাণ পাইছে৷ ঢোলটোৰ প্ৰতি
যিহেতু মহাজনৰ টান এটা আছে, গতিকে কাপ্টন বুঢ়াৰ ঘৰলৈ যাবলৈ তেওঁৰ চাইকেলখন পাব
বুলি বেণুৱে ভাবিলে৷ নহ’লে মহাজনে চাইকেলখন হাতছাড়া নকৰে৷
বেণুৱে মহাজনক
বাৰীত নেদেখি, নিজৰ কোঠাত বিচাৰিলে৷ তাতো নাই, চাইকেলখনো
নাই৷ উৰুকাৰ হাটৰ পৰা অহাই নাই নেকি? কিন্তু ইমান বেলি হ’বতো নালাগে৷ পুৱাতে উৰুকাৰ হাট বহে৷ দুপৰীয়ালৈ হাট ভাগে৷ মহাজনে পৰিয়ালৰ
আটাইলৈকে চোলা-কাপোৰ উৰুকাৰ হাটৰ পৰাই কিনে৷ হালোৱা-হজুৱা আটাইলৈকে বনিয়ন চোলা এটা
হ’লেও আহে৷ ‘মহাজন ককাইদেউ অহা নাই
যেতিয়া কাপ্টন বুঢ়াৰ তালৈ যোৱাটো দেৰি হ’ব৷’ - বেণুৱে ভাৱিলে৷ এই সময়কণ কি কৰা যায়? দীঘলতি মাখিয়তী
কাইলৈ বাৰীৰ ঢাপৰ পৰা কোব মাৰি কাটি আনিলেই হ’ব৷ পেঁপাটোকে
ঠিক কৰা হওক৷ মনটো কিবা উৰুঙা উৰুঙা লাগিছে৷ কুলিৰ মাতটো তাৰ বুকুৰ মাজত বাজিবলৈ
ধৰিছে৷ হেঁটুলুকা চৰাইটোৱে দুপৰীয়াটো মায়াময় কৰি তুলিছে৷ একোতে মনটো বহুৱাব পৰা
নাই সি৷ শেষত সি দাখন লৈ বাঁহৰ কামি এডালকে অজানিতে চাঁচিবলৈ ধৰিলে৷ ঘপহকৈ তাৰ মনলৈ ভাব আহিল
গাঁৱৰ বিহুৱতী কেইজনীমানলৈ গগণা কেইপাতমানকে সজা হওক৷ পুখুৰী পাৰতে বহি সি এপাত
এপাতকৈ চাৰিপাত গগণা সাজি উলিয়ালে৷ তাৰ পাছত পুখুৰীৰ পৰা মাটি তুলি সুতুলী চাৰিটা
সাজি ৰ’দত শুকাবলৈ দিলে৷ কিবা কাৰণত পেঁপাৰ কামটো কৰা নহ’ল৷
ইতিমধ্যে ক’লাই
মহাজনে বিহুৰ বজাৰ লৈ ঘৰ পালেহি৷ বাৰান্দাৰ আৰামী চকীখনত জিৰণি লওঁতেই বেণুৱে
ঢোলটোৰ কথা উলিয়ালে৷ মহাজনে জেপৰ পৰা ৰূপ দহ টকা উলিয়াই তাক দিলে৷ চাইকেলখনৰ কথা
সুকীয়াকৈ সুধিব লগীয়া নহ’ল৷ কাপোৰ সলাই বেণুৱে চাইকেলেৰে
কাপ্টন বুঢ়াৰ ঘৰলৈ পেদেল ঘূৰালে৷
গধূলি হোৱাৰ আগে
আগে ঢোল লৈ বেণু ঘৰ পালেহি৷ গৰু-গাইৰ লেথা সামৰি সি বাৰান্দাৰ চুকত বহি পেঁপাটোৰ
যুৰীয়াটো ঠিক কৰিবলৈ ধৰিলে৷ তাৰ বৰ মৰমৰ পেঁপা৷ পিতলেৰে বন্ধোৱা৷ এসময়ত সি
পেঁপাটোত কলি এটা বজাব পৰা কৰিলে৷ ঘৰৰ ভিতৰত পেঁপা বজালে বাকীসকলে ভাল নাপাব বুলি
সি ভঁৰাল ঘৰৰ ফালে গৈ পেঁপাত ফুঁ দি ইটো কলিৰ পিছত সিটো কলি বজাই গ’ল
-
পানীতে ঘূৰিলে পানীৰে পৰুৱা
আকাশত ঘূৰিলে বগ৷
মনৰে কথাটি মনতে ঘূৰিলে
ক’বলৈ
পোৱা নাই লগ৷৷
মতা ম’হৰ
বেজাৰত মাইকী ম’হ
বেছিলোঁ
লাখুটি তুলিলো চালত৷
তোমাৰ বেজাৰত ঘৰ-বাৰী এৰিলোঁ
শালমনে চেপিলে গালত৷৷
কিবা এটাই তাক আচ্ছন্ন কৰি কৰি তুলিছে৷ মনটো উৰুঙা উৰুঙা৷ এটা গোন্ধে তাৰ কলিজাখন যেন একেবাৰে শালি পেলাইছে৷ তগৰ জোপা গধূলি বেছিকৈ আমোলমোল গোন্ধায় নেকি? সি ভাবিলে- হয় তগৰজোপাৰ গোন্ধ বিয়পি পৰিছে৷
আপোন মনে পেঁপা
বজাই থাকোঁতে সি অনুভৱ কৰিলে তাৰ পিছফালে ক্ষীণ আন্ধাৰত যেন কোনোবা ৰৈ আছে৷ কোন? ঘৰৰ মানুহবোৰ কামে কামে৷ এইখিনি বেণুৰ নিজা সময়৷ কোন আহিব পাৰে? ভালকৈ ঘূৰি চাই দেখিলে পাহিতা৷ সি অলপ আচৰিত হ’ল৷
অলপ শিহৰিত হ’ল৷
‘পাহি
! তই !’
‘নতুন
ট্ৰেক্টৰ চলোৱা নতুন ড্ৰাইভাৰক নতুন দায়িত্ব এটা দিব খুজিছোঁ৷’ - চতুৰ চাৱনি আৰু কৌতুকময় সুৰত পাহিতাই উত্তৰ দিলে৷
‘কি?’
‘চালে
বুজিবা৷’ এইবুলি পাহিতাই লুকুৱাই অনা কাগজেৰে মেৰিওৱা টোপোলা এটা তাৰ হাতত গুজি দি ততাতৈয়াকৈ সেই ঠাইৰ পৰা আঁতৰি গ’ল৷
বেণু ভেবা
লাগিল৷ তাৰ বুকুখন ধান বনাদি বানিবলৈ ধৰিলে৷ গাটো কিবা গৰম গৰম লাগিল৷ এসোঁতা গৰম
তেজ তাৰ ভৰিৰ পৰা কাণলতিলৈকে বৈ গ’ল৷ তগৰৰ গোন্ধে তাক বেঢি ধৰিলে৷ পাহিতাই কি ক’লে? কি দিলে?
কিয় তেনেকৈ দিলে?
সি লৰালৰিকৈ
নিজৰ কোঠালৈ আহিল৷ ফিটাডাল পকাই লেম্পটোৰ পোহৰ বঢ়াই লৈ সি কাগজৰ টোপোলাটো খুলিলে৷
উত্তেজনাত তাৰ হাতখন কঁপিছিল, বুকুখনো৷ কোনো গাভৰুৰ কোনো উপহাৰ
পোৱা নাই৷ আজি পাহিতাই তাক এটা উপহাৰ দিছে৷ গোপনে, তাৰ মানে?
ক’ৰবাত কোনোবাই ঢোল এটা কোবাইছে৷ খৰ চাপৰ৷
ঘেনিদিঘেন দাখি
দাখি
ঘেন ঘেনা খিতি
ঘেন
দাখি দিঘেন দাখি
দাখি.....
তগৰ ফুল বচা এখন
গামোচা,
ৰঙা এখন ৰুমাল আৰু পদুম ফুল বচা এটা গাৰু গিলিপ৷ সুগন্ধি আতৰ ছটিয়াই
থোৱা আছে৷ এটা অচিনাকী অথচ টানি ধৰা গোন্ধে তাৰ চিন্তাক যেন বিকল কৰি তুলিব৷
দিধেনিতি গিঘেন
দাখি দাও
ঘেনখিতি ঘেনদাও
দিঘেনিতি ঘেন দাও
তাখি দিঘেনিতি
ঘেন দাও....
আস!
তাৰ মানে, তাৰ মানে !! পাহিতাই তাক
ভালপোৱা জনাইছে৷
উপহাৰ কেইপদ
বুকুত সাবটি সি বিছনাত বাগৰ দিলে৷ লেম্পৰ পোহৰটো কমাই ল’লে৷ এটা অনাবিল
আনন্দই তাক আচ্ছন্ন কৰি তুলিলে৷ একো নকৰি বিছনাতে পৰি থাকিবলৈ তাৰ মন গ’ল৷ অযুত ভাবনাই তাক জুমুৰি দি ধৰিলে৷
পাহিতাই কি ভাবি
তাক এই কেইপদ উপহাৰ দিলে৷ ভালপোৱাৰ বাদে আন ভাব হ’বওতো পাৰে৷ নাই
নাই৷ ইয়াৰ আন অৰ্থ থাকিবই নোৱাৰে৷
নিজকে বৰ
ভাগ্যৱান যেন লাগিল বেণুৰ৷ পুৰুষ পুৰুষ লাগিল৷ নাৰীক আকৰ্ষণ কৰিব পৰা পুৰুষ৷
কিন্তু ... উচিতনে? তাৰ কি আছে? আনৰ ঘৰৰ লগুৱা৷ তাইক লৈ কেনেকৈ সংসাৰ
তৰিব?
তাইৰ ভুল হৈছে৷
তাইক শুধৰাই নতুন পথ দেখুৱাব লাগিব৷
নাই নহয়, তাইৰ প্ৰেমক প্ৰত্যাখান কৰিব নোৱাৰে সি৷ কত ভাবনাৰ চাকনৈয়াত সি কতবাৰ
উপঙিলে কতবাৰ তল গ’ল৷
বছা গাঁৱৰ
ডেকাহঁতে নতুনকৈ ছোৱাই লোৱা ঢোলবোৰ কাইলৈৰ বাবে বজাই চাইছে৷ কিন্তু মাথোন এজাক ধুমুহাই
বিধ্বস্ত কৰি গৈছে বেণুক৷ ভাল লগা, ভয় লগা৷
‘বেণু ...
বেণু ...’ - মহাজনৰ পৰিবাৰৰ মাতত সি চেতন হ’ল৷
‘কি
হ’ল? গা-মূৰ বেয়া নেকি?’
‘নাই
এনেয়ে৷’
‘ভাত
বাঢ়ি মাতি আছোঁ, আহাঁ খোৱাঁহি৷’
বেণু ভাতৰ পাতত
পহিলগৈ৷ কি আঞ্জাৰে ভাত খালে সেইটোও তাৰ হিচাপলৈ নাহিল৷ এটা চিন্তাতে সি বিভোৰ -
সি কোন?
এইখন ঘৰৰ সৈতে তাৰ সম্পৰ্ক কি? তাক কিয় ক’লাই মহাজনে আনিছিল? নিজৰ ভাই বুলি চিনাকি দিছিল৷
এতিয়া পাহিতাক যদি সি বিয়া কৰাবলৈ বিচাৰে এই ঘৰখনক অন্যায় কৰা নহ’বনে? পাহিতা? তাই কি দেখিলে
তাৰ মাজত? তাই ইমান সাহসী?
সি উত্তৰ উলিয়াব
নোৱাৰে৷ সি ক’লাই মহাজনৰ ঘৰৰ কাম কৰা মানুহ নে পৰিয়ালৰ সদস্য?
আন কথা বাদ, পাহিতাক কাইলৈ সি কি বুলি ক’ব? উপহাৰৰ বিনিময়ত উপহাৰ দিব লাগে৷ কিন্তু কি দিব সি? ব্লাউজ এটা? নাই তাৰ লাজ লাগিব৷ গোন্ধ তেল এটা ..., কিন্তু তাৰ হাতত দেখোন টকা-পইচা নাই৷ টকা নিজৰ লগত ৰাখিবলৈ তাৰ কোনো গৰজ নুঠে৷ কিবা দৰকাৰ হ’লে মহাজনৰ পৰা খুজি দুই-চাৰি টকা নিয়ে৷ আচলতে সি কোনো দিন টকাৰ কথা পতা নাই৷ টকাৰ কাৰণে সি মহাজনৰ ঘৰত থকা নাই৷ টকাৰ কাৰণে সি কাম কৰা নাই৷ সি আদৰৰ, মৰমৰ প্ৰতিদান হিচাপে কাম কৰিছে, আছে৷ কিন্তু পাহিতাক নিজৰ নাক ৰাখি কিবা এটা দিব লাগিব৷ মহাজনক খুজিব নোৱাৰি৷ দেৱেনৰ দোকানৰ কিবা কিনিবও নোৱাৰি৷ পদূলি শুঙাজাকে কিবা প্ৰকাৰে উপহাৰৰ ওৰ উলিয়াই ঢৌটোকে ৰৌটো কৰিব৷
সি নিজে সজা গগণা আৰু সুতুলী পাহিতাক দিব৷ চাৰিওটা দিব৷ আন কাকো নিদিয়ে৷
আটাইবোৰ দিব৷ তাৰ যি আছে আটাইবোৰ...৷
(আগলৈ)