ৰমানন্দন বৰা
(ছয়)
মানুহ অভ্যাসৰ অধীন
হৈ নাথাকিলে নচলিব৷ সলনি হ’ব লাগিব৷ মানুহৰ অভ্যাস কি? খোৱা-শোৱা আৰু তাৰ মাজত কাম
কৰা৷ কিন্তু কি কাম কৰিব? অভ্যাসগত কাম নে নতুন কাম? অভ্যাসৰ পৰিৱৰ্তন মানেই ব্যক্তিৰ
পৰিৱৰ্তন, তাৰ যোগেদি সমাজৰ পৰিৱৰ্তন৷ কিন্তু এই পৰিৱৰ্তন কেনেকৈ কৰিব পাৰি? মেকুৰীৰ
ডিঙিত কোনে টিলিঙা আঁৰিব? এটা নতুন সপোন দেখুৱাই কাম নোহোৱা মানুহবোৰক পৰশুৱে এটা কামত
লগাইছিল৷ মানুহৰ শৰীৰ আৰু মনৰ অসীম শক্তিক অযথা নষ্ট হ’বলৈ নিদি সৎ ব্যৱহাৰৰ বাবে উপায়
এটা উলিয়াইছিল৷ কিন্তু চৰকাৰী ধনৰ মোহত মানুহবোৰৰ মনত আগৰ সোৰোপালি সাৰ উঠিল৷ সেউজীয়া
কৃষি পাম জীয়াই ৰাখিবলৈ কষ্ট কৰিব লগীয়া হৈছে৷ কাম কোনেও নকৰে৷ অথচ হাতে হাতে নগদ টকা৷
গোটবোৰ এতিয়া একো একোটা সুৰু সৰু বেংক৷ সুদত টকা ধাৰে দি সেই সুদেৰে সিহঁত চলি আছে৷
বাৰ্ষিক এশ বিছ শতাংশ সুদৰ হাৰত ঋণ দিছে, লোৱায়ো লৈছে৷ সুদ আৰু মূলধন যথা সময়ত ঘূৰাই
নিদিলে গোটৰ সদস্যকেইজন হৈ উঠে একো একোটা কাবুলী৷
এটা বৰ দুখৰ ঘটনা
হেমন্তৰ মুখেৰে শুনি পৰশুৰ অন্তৰখন হাহাকাৰ কৰি উঠিল - ককিলাৰ খুৰশ্বিদ ছাৰ পাগল হ’ল৷
বৰ সহজ-সৰল, মানুহক ভালপোৱা, কোনো দিন কাৰো কথা বেয়াকৈ ভাবিব নোৱাৰা খুৰশ্বিদ ছাৰ৷
গাঁৱৰ কেৰামত আলিয়ে ছাৰক অনুনয় বিনয় কৰিলেহি তাৰ জীয়েকৰ নিকাহৰ কাৰণে আত্মসহায়ক গোটৰ
পৰা পঞ্চাছ হাজাৰ টকা ধাৰলৈ ল’ব বিচাৰে৷ এজন মানুহে গা-খাই দিব লাগে৷ ছাৰে সেইকণ সহায়
কৰিব লাগে৷ “তই সময় মতে টকা ঘূৰাব পাৰিবিতো? ”
“খোদাৰ কচম৷ ব্যৱসায়টো
সৰু বাবেহে ইমান টকা এবাৰত গোটাবলৈ টান হৈছে৷ কিন্তু কিস্তিকৈ দিবলৈ একো দিগদাৰ নহ’ব৷
”
কেৰামতৰ ঋণৰ গেৰাণ্টৰ
খুৰশ্বিদ ছাৰ৷ তাতে শেষ নহ’ল - আমিনুৰ, বিপুল, মাইনা, বকুলকে আদি কৰি ছজনৰ ঋণৰ গেৰাণ্টৰ
হ’ল ছাৰ৷ এটা শকত দৰমহা পায়ো সৰল জীৱন কটোৱা মানুহজনে নিজে মৰি হ’লেও আনক তাৰে৷ দুখীয়া
মানুহৰ বাবে তেওঁৰ মেহেৰবানিৰ অন্ত নাই৷ সেইকাৰণে গোটেই ককিলা অঞ্চলত ছাৰৰ মান-আদৰ
আনতকৈ বেলেগ৷ ছাৰে গাত লৈছে যেতিয়া খেলিমেলি নহয়৷ এইটো ধাৰণা সকলো ক্ষেত্ৰতে খাটে৷
সভাই-সমিতিয়ে হওক বা কাজিয়া পেছালৰ মীমাংসাই হওক বা ৰাজহুৱা কামৰ দায়িত্বই হওক৷ মানুহজন
সকলোতে নিৰপেক্ষ আৰু নিৰহ-নিপানী৷ কিন্তু তেওঁৰ জীৱনৰ হিচাপত আউল লাগিল যেতিয়া ধৰুৱাহঁতে
কিস্তি দিবলৈ পাহৰিবলৈ ধৰিলে৷ এমাহ, দুমাহকৈ ছমাহ কিস্তি নিদিয়া হ’লত গোটকেইটাই ছাৰক
ধৰিলেহি বোলে আপুনি গাত লোৱাতহে আমি সিহঁতক ধাৰে দিছিলোঁ৷ এতিয়া সিহঁতৰ পৰা টকা আনি
দিয়ক, নহ’লে আপুনি আমাৰ টকা দিয়ক৷ ”
ছাৰে এমাহ সময় ল’লে৷
এই এমাহত ছাৰে এই মানুহকেইটাৰ নোম-নেগুৰ একো বিচাৰি উলিয়াব নোৱাৰিলে৷ সময় পাৰ হোৱাৰ
পাছ দিনাৰ পৰাই ৰাতিপুৱা-দুপৰীয়া-গধূলি গোটৰ মহিলাবোৰ আহি ছাৰৰ ঘৰত ৰৌজাল-বৌজাল কৰেহি৷
ছাৰৰ খোৱা-শোৱা, জিৰণি, কাম-কাজ চব বন্ধ হোৱাৰ দৰে হ’ল৷ শিক্ষকৰ চাকৰিৰ পেন্সন কেইটাৰে
নিজে যেনেতেনে চলে৷ সৰু জীয়েক মফিদাক বিয়া দিবলৈ বাকী৷ এতিয়া কেনেকৈ তেওঁ আনৰ ধাৰ নিজৰ
টকাৰে সূজে৷ মানুহজন কোঠাৰ পৰা নোলোৱা হ’ল৷ কথাৰ লাগ-বান্ধ নোহোৱা হ’ল৷ জলকা লগা দেহ-মন,
ঘোলা চকুৰে মানুহজনক খুৰশ্বিদ আলম বুলি চিনিব নোৱাৰা হ’ল৷
গোটৰ মহিলাবিলাকে
কয় এইটো তেওঁৰ ভেশচন৷ ধাৰৰ টকা সোনকালে ঘূৰাই নিদিলে পুলিচ লগাই জেললৈ নিয়াব বুলি মহিলাবিলাকে
দৈনিক হুলস্থুল লগাবলৈ ধৰিলে৷ আগতে কোনো ৰাগ-জঞ্জাল নথকা পৰিয়ালটোত এতিয়া প্ৰতিটো মুহূৰ্ততে
গোটৰ মহিলাৰ কথাৰ অত্যাচাৰ৷
অন্য কোনো উপায় নেদেখি
দেউতাকৰ হৈ টকাখিনি ঘূৰাই দিবলৈ গাত লৈছে ডাঙৰ জীয়েক নাজমাই৷ তাই নাৰ্ছৰ চাকৰি কৰে৷
কথাবোৰ শুনি পৰশুৰ
অন্তৰখন মোচৰ খাই পৰিল৷ আনক উপকাৰ কৰা, আনক বিশ্বাস কৰা খুৰশ্বিদ ছাৰৰ উদাৰ-বহল অন্তৰখন
চূৰ্ণ-বিচূৰ্ণ হৈ পৰিল, যাৰ ফলত হয়তো তেওঁ মানসিক ভাৰসাম্য হেৰুৱাইছে৷ মানুহ কেনেকৈ
ইমান নিৰ্দয় আৰু স্বাৰ্থপৰ হ’ব পাৰে৷ মানুহজনক ভাল কৰি তুলিব লাগিব৷ এনে এটা জীৱন অথলে
যাবলৈ দিব নোৱাৰে৷
“হেমন্ত, নাজমাৰ
ফোন নম্বৰটো মোক দিব পাৰিবিনে? ”
“ফে’চবুকৰ পৰা উলিয়াই দিব লাগিব, ৰ’বি৷ ”
* * *
“আপোনালোকে গোটবিলাক
বন্ধ কৰাওক দত্ত দা৷ পইচা দিয়া বন্ধ কৰিলে সেইবোৰ নিজে নিজে বন্ধ হ’ব৷ ”
“কিয়? কি হ’ল? আত্মসহায়ক
গোটবোৰৰ যোগেদি গাঁৱৰ উপান্ত পুৰুষ-মহিলাই উপাৰ্জনৰ পথ বিচাৰি পাইছে৷ তোমালোকেইতো গঠন
কৰি আছা৷ ”
“কাগজে-কলমে মানুহবোৰে
কাম পাইছে৷ উপাৰ্জন কৰিছে৷ কিন্তু প্ৰকৃততে কোনেও একো কৰা নাই৷ যদি কৰিছে এশটাৰ ভিতৰত
পাঁচটাই কৰিছে৷ বাকী পঞ্চানব্বৈটা গোটে এতিয়া মহাজনী ঢঙত ধন সুদ লৈ দি অজলা অভাৱী মানুহবোৰক
ধাৰৰ ফান্দত পেলাইছে৷ ”
সত্যপ্ৰসাদ দত্তই
পৰশুক বুজালে- আত্মসহায়ক গোট খোলাটো চৰকাৰৰ এটা পদক্ষেপ৷ বাংলাদেশৰ অৰ্থনীতিবিদ মহম্মদ
ইউনুছে এনেকুৱা আত্মসহায়ক গোটৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ গোট খুলি মহিলাসকলক উৎপাদনক্ষম
আৰু উপাৰ্জনক্ষম কৰি দেশখনৰ চেহেৰা সলনি কৰি দিছে৷ তাৰ বাবে তেওঁ নোবেল বঁটা পাইছে৷
আমাৰ চৰকাৰে তেওঁৰ আদৰ্শ গ্ৰহণ কৰিছে৷ বেংকবিলাকক এনে গোট খুলিবৰ বাবে একোটা টাৰ্গেট
থিৰাং কৰি দিছে৷ গতিকে কোনো বেংকে এনে গোট নোখালাকৈ থাকিব নোৱাৰে৷ কোনোবা গোটে নিজে
বেংকৰ ওচৰ চাপিলে, গোটটোক উপেক্ষা কৰিব নোৱাৰে৷ এনেকুৱা একাউণ্ট খুলিবলৈ দৰাচলতে বেংকবোৰো
আগ্ৰহী নহয়৷ কিন্তু উপায় নাই৷
“গোটবিলাকে আঁচনি
মতে কাম কৰিছেনে নাই, তাক পৰ্যবেক্ষণ কৰিহে বেংকে পৰৱৰ্তী ধন মুকলি কৰিব লাগে৷ সেইটো
কৰা হয়নে? ”
“তেওঁলোকৰ কাৰ্যবিৱৰণী
বহী, গোটৰ নিজা হিচাপ বহী চাই পৰৱৰ্তী পুঁজি দিয়া হয়৷ বেংকৰ লগত তেওঁলোকৰ লেনদেন ভাল৷
কিস্তি নিয়মীয়াকৈ দি আছে৷”
“বেমাৰ সেইখিনিতে৷
সকলো কাগজৰ যাদুত চলি আছে৷ কামত একো নাই৷ বেংকৰ কিস্তি কেনেকৈ আদায় দিছে জানেনে? বেংকৰ
ধন গোটে আন কাৰোবাক ধাৰলৈ দিছে৷ শতকৰা মাহিলি সুদৰ হাৰ দহ৷ গতিকে সকলো ঠিকেই চলি আছে৷
বেংক চলিছে, চৰকাৰৰ আঁচনি চলিছে, আত্মসহায়ক গোট চলিছে৷ নাই মাথোঁন দেশৰ প্ৰগতি৷ হায়
মহম্মদ ইউনুছ !!”
“একেবাৰে কাম কৰা
নাই বুলিলে ভুল হ’ব৷ নগৰে-চহৰে হোৱা মেলাবোৰত আত্মসহায়ক গোটবিলাকে নিজৰ উৎপাদিত বস্তুৰে
অংশ গ্ৰহণ কৰে৷ তেওঁলোকৰ আয় ভাল৷”
“ময়ো কোৱা নাই একো
কাম নাই হোৱা বুলি৷ জিলাখনত কিমান হাজাৰ গোট আছে৷ বিছ হাজাৰ, বাইছ হাজাৰ? তাৰে কেইটা
গোটে কাম কৰিছে, বিছটা বাইছটা৷ খুব বেছি ত্ৰিছটা৷ বিছ হাজাৰৰ দহ হাজাৰ গোটে আঁচনি মতে
কাম কৰা হ’লেও আমাৰ গাঁওবিলাকৰ ছবিখন সলনি হ’লহেঁতেন৷ ”
পৰশুৰ কথা দত্তই
অস্বীকাৰ কৰিব নোৱাৰে৷ কিন্তু বেংকৰে বা ক্ষমতা কিমান৷ চৰকাৰী বিভাগৰ বিষয়াই যদি ভালদৰে
পৰ্যবেক্ষণ নকৰে বেংকে কি কৰিব?
“চাওক দত্ত দা, গোটবোৰ
খোলা হৈছে চৰকাৰী সাহায্য পাবৰ কাৰণে৷ চৰকাৰে দহজনীয়া গোটবোৰক ভোট বেংকৰ একক হিচাপে
গণ্য কৰিছে৷ নিৰ্বাচনৰ আগে আগে লাখ লাখ গোটলৈ টকা আগবঢ়াই ভোট কিনিব বিচাৰে৷ গোটবোৰো
চৰকাৰৰ হিতাধিকাৰীহে, উৎপাদনী একক নহয়৷”
পৰশুৱে জানে সত্য
প্ৰসাদ দত্তৰ এনে কোনো ক্ষমতা নাই যে চৰকাৰ আৰু বেংকৰ ঊৰ্ধতন কতৃৰ্পক্ষৰ সিদ্ধান্তৰ
বিপৰীতে কাম কৰিব পাৰিব বা এষাৰ মাত মাতিব পাৰিব৷ কিন্তু সি যিটো সিদ্ধান্ত লৈছে তাৰ
দ্বাৰা দত্তৰ চাকৰিৰ কাম-কাজত আহুকাল হ’ব পাৰে৷ সেই কাৰণেই সি তেওঁৰ লগত এইখিনি কথা
পাতিলে৷
“মই কিবা এটা কৰিম৷
আপুনি বেয়া নাপাব৷ ইয়াত আমাৰ ব্যক্তিগত আবেগ জড়িত নকৰিব, কথাবোৰ সামাজিক হিচাপে ল’ব৷
”
পৰশু বেংকৰ পৰা ওলাই আহিছিল৷
* * *
(সাত)
খুৰশ্বিদ ছাৰৰ জীয়েক
নাজমাৰ সৈতে পৰশুৱে ফোনতে কথা পাতিলে৷ সি তাইক গোট কেইটাক টকা পৰিশোধ নকৰিবলৈ ক’লে৷
নাৰ্ছৰ দৰমহাৰ টকাৰে আনৰ ধাৰৰ টকা সূজিব? নিজৰ পৰিয়ালটো চলাই টান৷ তথাপি দেউতাকৰ বিপদটো
নাজমাই নিজৰ গালৈ টনি লৈছে৷ এয়া তাইৰ দেউতাকৰ প্ৰতি থকা শ্ৰদ্ধা আৰু দায়বদ্ধতা৷ কিন্তু
এটা ভীষণ অন্যায়৷ সেই টকাবোৰ দেউতাকে নিজৰ বাবে লোৱা নাই৷ আনক লৈ দিছে, আনে উপভোগ কৰিছে৷
এতিয়া নিয়মৰ দোহাইত দেউতাকে টকাখিনি ভৰিব লাগে৷ তাকৰীয়া নহয়, ছয় লাখৰ বেছি টকা৷ তেওঁলোকৰ
পৰিয়াল আত্মীয়-কুটুম্ব আটায়ে সাংঘাতিক আঘাত পাইছে৷ সৰলমনা মানুহজনৰ সৰলতাৰ সুযোগ লৈ
তেওঁকে হত্যা কৰিবলৈ বিচৰা হৈছে৷ কিন্তু কোনে কি সহায় কৰিব পাৰে৷
“নাজমা, তুমি চিন্তা
নকৰিবা৷ ছাৰৰ দৰে মানুহক এনে দশা কৰা মানুহখিনিৰ সৈতে কি কৰিব লাগে মই কৰিম৷ ”
পৰশুৰ বাবে এইটো
এটা প্ৰত্যাহ্বান হৈ পৰিল৷ পামৰ কামৰ পৰাই তাৰ আহৰি নাই৷ তাৰ মাজতে সময় উলিয়াই সি ধাৰুৱা
কেৰামত, আমিনুৰ, বিপুল, বকুল, মাইনা আৰু গণেশ্বৰক লগ কৰিলে৷ খুৰশ্বিদ ছাৰক এনেকৈ প্ৰতাৰণা
কৰাৰ কাৰণে সি মানুহকেইটাক নথৈ ককৰ্থনা কৰিলে৷ ধৰুৱাৰ মাত যে সৰু হয় পৰশুৱে প্ৰত্যক্ষ
প্ৰমাণ পালে৷ আটাইকেইটা মানুহক ঘৰ-ঘৰোৱাহৰ আগতে সি টান কথা কোৱা সত্তেও কাৰো মুখৰ
পৰা সি টানকৈ এষাৰো নুশুনিলে৷ হয়তো এইটো ধৰুৱাবিলাকৰ এটা চাল৷ ধাৰ সুধিবলৈ অহা মালিকক
ভালৰি লগাই, তেওঁ আঁতৰি যোৱাৰ লগে লগে ধাৰ নুসূজিবলৈ শপত লয়৷ নহ’লে এনেকুৱাও হ’ব পাৰে
খুৰশ্বিদ ছাৰৰ দুৰ্দশা সিহঁতৰ বাবেই হ’ল বুলি অনুতপ্ত হৈছে৷ বুজিবলৈ উপায় নাই৷ পৰশুৱে
একেবাৰে খাৰাংখাচ কৈ আহিছে -
“অহা এসপ্তাহৰ ভিতৰত
গোটৰ ঋণ ঘূৰাই দিয়ক৷ নহ’লে কেনেকৈ টকা উলিয়াই নিব লাগে আমি জানো৷ ”
“আমি প্ৰথম দুই তিনিটা
কিস্তিৰ ধন একে লগে দিওঁ৷ তাৰ পাছৰখিনি মাহে মাহে দি যাম৷ ”
“মই সেইবোৰ নাজানো৷
মই খুৰশ্বিদ ছাৰ নহয়৷ মই সময়ত খুৰ চলাব জানো৷ ”
পৰশুৰ ধমকিয়ে কামত
দিলে৷ ধৰুৱাবৃন্দই দুমাহৰ ভিতৰত আধা ধন সূজিলে৷ তাৰ পাছতে আকৌ চুপ মাৰিলে৷ এইবাৰ সিহঁতক
ধমক দি বৰ লাভ নহ’ব বুলি পৰশুৱে বুজিলে৷ শুকান জেওৰা চেপি থাকিলেও আৰু ৰস নোলায়৷ গতিকে
সিহঁতক ঋণ দিয়া আত্মসহায়ক গোট কেইটাৰ সভাপতি-সম্পাদকক গাঁৱৰ যুৱ সংঘৰ ঘৰটোলৈ মাতিলে
আলোচনাৰ কাৰণে৷ তেওঁলোকক এনেকৈ মাতি আনি আলোচনা কৰাৰ কতৃৰ্ত্ব পৰশুৰ আছে৷ কিয়নো বেংক
আৰু আত্মসহায়ক গোটৰ সংযোগকাৰী সংস্থা সেউজীয়া পামৰ সম্পাদক হিচাপে সি গোটবোৰৰ হিচাপ
পত্ৰ-পৰীক্ষণ কৰা দৰে কামো কৰিব পাৰে৷
মিলিজুলি, জিলিমিলি,
সহযাত্ৰী - তিনিটা আত্মসহায়ক গোটৰ আটাইকেইগৰাকী মহিলাই খুৰশ্বিদ ছাৰৰ পৰা হোৱা বিপদৰ
কথা বহলাই ক’লে৷ পৰশুৱে শুনিলে৷
“আপোনালোকে প্ৰায়
আধা টকা ঘূৰাই পাইছে? ”
“কিন্তু বাকীখিনিৰ
কি হ’ব? আমি কিস্তি দিব নোৱাৰিলে বেংকে আমাক আৰু ঋণ নিদিব৷ ”
“কিয়? আপোনালোকৰ
গো-পালন আঁচনি, হাঁহ-কুকুৰা পালন আঁচনি, বয়ন শিল্প আঁচনিৰ পৰা পোৱা লাভৰ টকাৰে কিস্তি
পৰিশোধ কৰিব৷ ”
কথাষাৰ কৈ সি মানুহকেইগৰাকীৰ
মুখলৈ চালে৷ তাৰ কথাৰ সুৰ ভালেকইজনীয়ে বুজি নাপালে৷ যি কেইগৰাকীয়ে পালে, সিহঁতে কথাটো
পছন্দ নকৰিলে৷ সম্পাদিকা এজনী টিমক৷ তাই উত্তৰ দিলে৷
“ছাৰ, সেইবোৰ লাভ-লোকচান
আমাৰ কথা৷ আমি দিয়া টকা সম্পূৰ্ণ ঘূৰাই পাব লাগে৷”
“বাৰু বেংকৰ টকাবোৰ
আপোনালোকক কিয় দিছিল? এনেয়ে নে কিবা কাম কৰিবলৈ? ”
তিৰোতাখিনি এইবাৰ
মনে মনে ৰ’ল৷ পৰশুৱে সুযোগটো ল’লে৷ “সেইখিনি কাৰ টকা? বেংকৰ মেনেজাৰৰ বাপেকৰনে? নে
মুখ্যমন্ত্ৰীৰ নিজৰ চন্দুকৰ? সেইবোৰ আমাৰ টকা, ৰাইজৰ টকা৷ ৰাইজৰ পৰা নিয়া টকা৷ অবাবত
খৰচ কৰিব নোৱাৰিব৷”
“আমি অবাবত খৰচ কৰা
নাই৷ বেংকত হিচাপ-পত্ৰ ঠিকেই দি আছোঁ৷ বেংকৰ দত্ত ছাৰে আমাক বিশ্বাস কৰে৷”
“সমস্যাটো তাতেই৷
কাগজৰ যাদু৷ কাগজত সকলো থাকে, বাস্তৱত একো নাই৷ আপোনালোকে কওক - এটা আঁচনিৰ অধীনত অনুমোদিত
টকা কোনোবা বাহিৰা মানুহে ধাৰে দিব পাৰেনে? সুদৰ লোভত৷ আপোনালোকক বেংকে কাবুলী কৰিছে৷”
সুৰটো অলপ টান হ’ল৷
“আপোনালোকৰ গোটবিলাকত
এই পাঁচ বছৰত কমেও পাঁচ লাখ মানকৈ টকা সোমাল৷ কি উৎপাদনমুখী কাম কৰিলে কওকচোন৷ কি নীতিৰ
ভিত্তিত আপোনালোকে এই মানুহকেইজনক ঋণ দিলে? কি যোগ্যতা আছিল তেওঁলোকৰ? এজন মানুহ কেইটা
ঋণৰ গেৰাণ্টৰ হ’ব পাৰে? জানেনে? নাজানে৷ নজনা কাৰণেই এই পয়মাল৷ চৰকাৰৰ মুখলৈ ভিক্ষাৰ
জোলোঙা লৈ ৰৈ থকা দিনবোৰ সলনি নহ’ল৷”
“আপোনালোকে যিমান
ঘূৰাই পাইছে মানুহকেইটা আচলতে সিমান টকাহে ঋণ পাবৰ বাবে উপযুক্ত৷ তাতকৈ অধিক টকা দিয়াৰ
সাধ্য সিহঁতৰ নাই৷ গতিকে আৰু টকা আশা নকৰিব৷”
“তেতিয়া হ’লে খুৰশ্বিদ
আলমে ঘূৰাই দিব লাগে৷” মহিলাখিনি সমস্বৰে কেংকেঙাই উঠিল৷ পৰশুৱে বুজিলে সি কোদো বাহত
জুই দিছে৷ লাগক, জুই নলগালে এই আলান্ধুবোৰ নোপোৰে৷
“খবৰদাৰ, খুৰশ্বিদ আলম ছাৰৰ নাম নল’ব৷ তেখেতক বা তেখেতৰ ঘৰৰ কাৰোবাক এই বিষয়ে কিবা ক’লে মই ৰৈ নাথাকোঁ৷ বেংকক আপোনালোকৰ স্বৰূপ জনাম, ডি.চি.ক জনাম আৰু কি কৰিব লাগে কৰিম৷ দৰকাৰ হ’লে আইনৰ কাষ চাপিম৷ তেতিয়া মিলিজুলি, জিলিমিলি আৰু সহযাত্ৰী আত্মসহায়ক গোটে বে-আইনীভাৱে ধনৰ লেনদেন কৰাটো প্ৰমাণ হ’ব৷ আপোনোলাকৰ জেইল হ’ব৷ ”
তিৰোতাখিনিয়ে নিজৰ
মাজতে কাউলা-কাউলি কৰিবলৈ ধৰিলে৷ পৰশু তাৰ পৰা উঠি আহিল৷
সি এই অন্যায়ৰ প্ৰতিবাদ
কৰিব৷ কাম নকৰা গোটবোৰ সি বন্ধ কৰাব৷ ধনৰ ক’লা ব্যৱসায় সি বন্ধ কৰাব৷
***
(আগলৈ)