ৰমানন্দন বৰা
চাৰি
কেতিয়াবা কোনোবা এটা কাম আশা কৰাতকৈ ভাল ধৰণে হৈ উঠে৷ কিবা এটা যেন শুভ সংযোগ
থাকে যাৰ ফলত এটাৰ পিছত এটা কাম কম আয়াসত সিদ্ধি হয়৷ পৰশুৱে আগভাগ লোৱা সমবায় কৃষি
পাম পতা কামটোৱে সহজে সফলতাৰ মুখ দেখিলে৷ প্ৰথমে তাৰ লগৰ ডেকাহঁতেই সহযোগিতা
আগবঢ়াবলৈ কুণ্ঠাবোধ কৰিছিল৷
বছা গাঁও আৰু বকুল চাপৰিৰ দহজন খেতিয়ক পৰশুৱে নিজৰ লগত পালে৷ চৰকাৰী বিভিন্ন
সা-সুবিধাৰ আশা নেদেখিলে কোনো কৃষকেই নিজৰ পূৰ্বাপৰ খোজটোৰ পৰা অলপো লৰচৰ কৰিব
নোখোজে৷
“কি পাম? কি হ’ব? চৰকাৰে কিবা দিব
জানো?
দিলে কাৰ লগত ভাগ হ’ব?” - তেওঁলোকৰ এশ এবুৰি প্ৰশ্নৰ লতাই পৰশুৰ উদ্যমী মনটো বান্ধি
পেলাব খোজে৷
“যিটো আমি নিজেই কৰিব পাৰোঁ তাত চৰকাৰৰ সহায় কিয় লাগে? আমি কৰিম৷ আমাৰ লাভ হ’ব৷ সমবায়
কৰিম৷ সকলোৰে সমানে লাভ হ’ব৷ সমানে কৰিব৷”
পৰশৱে বুজায়৷ কিন্তু লাভ নহয়৷ মানুহবোৰৰ মন গলাব নোৱাৰি৷ চৰকাৰী সাহায্যৰ
এনেকুৱা কু-প্ৰভাৱ আছে বুলি পৰশুৱে ইয়াৰ আগলৈকে কেতিয়াও ভবা নাছিল৷ যি এবাৰ
সাহায্য পাইছে তেওঁ চিৰদিন তেনে সহায় পাই থাকিব বুলি এটা ধাৰণা মানুহৰ মনত গঢ় লয়৷
ইয়াৰ কাৰণে তেওঁ যিমান কষ্ট কৰে, সিমানখিনি নিজৰ
কামত কৰা হ’লে, বহুত উন্নতি হ’লহেঁতেন৷ চৰকাৰখনেও
মাথোন হিতাধিকাৰী সৃষ্টি কৰে৷ এই কামটোৰ কাৰণে পৰশুৰ বৰ খং উঠে৷ মানুহবোৰে কেৱল
চৰকাৰৰ মুখলৈ চাই থকাৰ মানসিকতা চৰকাৰেই গঢ় দিছে৷ চৰকাৰে মাহে দহ ত্ৰিছ কিলো চাউল
হিতাধিকাৰীৰ নামত বিনামূলীয়াকৈ দিয়ে, অথচ তেওঁলোকৰ খেতিৰ মাটিকেইডৰাত জলসিঞ্চন বা জলনিষ্কাষণৰ ব্যৱস্থা কৰি নিদিয়ে৷
এনে কৰিলে কৃষকখিনি আত্মনিৰ্ভৰশীল হ’ব পাৰিব৷
চৰকাৰে নুবুজে৷
দহজন খেতিয়কৰ সৈতে পৰশু লগ হৈ এঘাৰজন সদস্যৰে গঠন হ’ল ‘সেউজীয়া পাম’৷ দুহেজাৰকৈ বাইছ হেজাৰ টকা মূলধন৷ বেণুৰ আঁচনিমতেই সংগঠনৰ
ল’ৰাহঁতে খন্দাই থোৱা দুপুৰা মাটিৰ পুখুৰীটো চাফা-চিকুণ কৰি, তাঁতী চকোৱা দিয়া কামটো সিহঁতকেইটাই নিজে গাৰে খাতি কৰিলে৷
ব’হাগৰ মাজ ভাগতে নগঞা পোনা বেপাৰীৰ পৰা বিশ হেজাৰ টকাৰ পোনা
জীয়াই মাঘৰ উৰুকা বজাৰলৈ মাছ ধৰি, দুই লাখ টকা পালে৷
কেঁচা ঘাম মটিত পেলাই নিজে কৰা উপাৰ্জন৷ সিহঁতৰ ৰং চায় কোনে? তাৰ পিছত আৰু সেউজীয়া কৃষি পাম ৰৈ থকা নাই৷ মাটিৰ পৰা কৰা উপাৰ্জন অযথা মাটিত মিহলি হৈ
নাযায়৷
লাহে লাহে গাঁৱৰ মানুহৰ মনবোৰ সলনি হ’ল৷ পৰশুৰ
লগৰ কেইটাৰো চিন্তাত পৰিবৰ্তন আহিল৷ সিহঁতেও সেউজীয়া পামৰ সদস্য হ’ল৷ সদস্য সংখ্যা বাঢ়ি তিনিকুৰি হ’ল৷ সদস্য ভৰ্তি মাচুল একেই৷ দুহেজাৰ টকা৷ গাঁঠিৰ ধন সোমাই
নেথাকিলে পামৰ কামলৈ মানুহৰ মন নাথাকিব৷ এয়া পৰশুৰ কথা৷ পামৰ সদস্য মানেই কোৰ
কটাৰী লৈ হাতে কামে খেতি কৰা মানুহ৷
পামখনে পোখালে৷ সেইবোৰ দীঘলীয়া কথা৷ কত কষ্ট কত পৰিকল্পনা৷ কত ব্যৰ্থতাৰ
অভিজ্ঞতা,
পৰীক্ষা-নিৰীক্ষা...
* * *
সেউজীয়া পামৰ বাঁহৰ বিচনাখনত শুই শুই পৰশুৱে আকাশ-পাতাল ভাবি আছিল৷ সঁচাকৈ
পৰশুৰামে মাকক হত্যা কৰিছিলনে? সি স্মাৰ্ট ফোনটোৰ
পৰ্দা পোহৰ কৰি ফেচবুকত নিজৰ শিতানটো লিখিলে -
“পৰশুৰামে মাতৃ ৰেণুকাক কিয় হত্যা কৰিছিল? সঁচাকৈয়ে হত্যা কৰিছিলনে?”
এঘণ্টাৰ ভিতৰত বিছটা মন্তব্য আৰু পঞ্চাছটা পছন্দ আহিল৷ তাৰ হাঁহি উঠিল প্ৰশ্নটোতনো পছন্দ কৰিব
লগা কি থাকে? মানুহবোৰ যে! ফেচবুকৰ মন্তব্যবোৰ আকৰ্ষণীয় -
“ৰেণুকাই চিত্ৰসেন গন্ধৰ্বৰ লগত লেটিপেটি কৰিছিল৷”
“মাতৃ হত্যা কৰা পৰশুৰামক মই ভগৱান বুলি নাভাবোঁ৷”
“আমাৰ নাৰীবাদীসকলে বা কি কয়?”
“জমদগ্নিয়ে ৰেণুকাক পুনৰ জীয়াই তুলিব পাৰিব বুলি পৰশুৰামে
জানিছিল৷”
“পৰশুৰাম ভগৱান হ’লেও বহুত
ডাঙৰ পাপ কাম কৰিলে?”
“এইটো সামথ্য ভক্তিৰ কথা৷ যি কোনোৱে এনে কাম কৰিব নোৱাৰে, কৰিব নেপায়৷ নীলকণ্ঠ শিৱৰ কথাটো একেই৷”
ফেচবুকৰ সতীৰ্থসকলৰ এনেকুৱা মন্তব্যবোৰ সি পঢ়ি গ’ল৷ কোনো মন্তব্য নিদিলে৷ একবিংশ শতিকাৰ দ্বিতীয় দশকটো
ফেচবুক,
হোৱাটছ এপৰ যুগ বুলিব পাৰি নেকি? অন্ততঃ ভাৰতবৰ্ষত?
হঠাৎ তাৰ মেচেঞ্জাৰত এটা বাৰ্তা অহাৰ সংকেত বাজি উঠিল৷ এছ পি দত্ত, বেংক মেনেজাৰ - তাৰ ফোনৰ পৰ্দাত নামটো ভাঁহি উঠিল৷
বহুত দিনৰ বিৰতিৰ পিছত আজিনো কি বতৰা আছে? তাৰ মনত বহুত প্ৰশ্নই দোলা দি গ’ল৷
সি বাৰ্তাটো পঢ়িলে - “আপোনাক জৰুৰীকৈ লগ পাব লগা আছে৷ Pls. come to the Bank.”
“কিয় মাতিছে?”
মোটামুটি সম্পৰ্কহীন সম্পৰ্ক এটা চলি আছে ইমানদিন৷ ফেইচবুকত কেতিয়াবা দুটা এটা সঁহাৰি দিয়ে ইম’জিৰ যোগেদি৷ হোৱাটছএপত কোনো যোগাযোগ নাই৷ দত্তই অৱশ্যে মাজে মাজে বিভিন্ন
দিৱসৰ বাৰ্তা, বেংকৰ নতুন
কাম-কাজৰ ভিডিঅ’ তালৈ পঠিয়াই থাকে৷ মাথোন পৰশু নীৰৱে
থাকে?
আজি মানুহজনে মাতিছে, বেংকলৈকে৷
পৰশুৱে তেওঁক লগ কৰিবলৈ ঠিৰাং কৰিলে৷ বিগত দিনৰ তিতা ইতিহাস তেওঁ ধৰি থকা নাই, যেতিয়া সিও ধৰি নাথাকে৷
পাঁচ
সত্যপ্ৰকাশ দত্তৰ সৈতে পৰশুৰ কোনো ব্যক্তিগত শত্ৰুতা নাই৷ দুয়ো একেলগে বহু কাম
কৰিছে৷ সেউজীয়া কৃষি পামৰ আৰম্ভণিকালত যিকেইজন ব্যক্তিৰ সহযোগিতা আছে তাৰ মাজত
দত্ত এজন৷
সেউজীয়া কৃষি সমবায় সমিতিয়ে লাহে লাহে ডাল-পাত মেলিবলৈ লওঁতে যিটোৰ আটাইতকৈ বেছি অভাৱ হৈছিল, সেইটো হ’ল টকাৰ অভাৱ৷
পুলিটো এপতীয়া বা দুপতীয়া হওঁতে সাৰ-জাবৰ বৰকৈ নালাগে৷ কিন্তু নতুন ঠেঙুলি পোখা
মেলিবৰ সময়ত গুৰিত সাৰ নহলেই নহয়৷ সমবায় সমিতিৰ সদস্য সংখ্যা এশ হওঁতে পুঁজি হ’লগৈ দুই লাখ৷ তাৰে পঞ্চাছ হেজাৰ বেংকত ৰাখি বাকীখিনি আৱৰ্তি
পুঁজি হৈ চলিল৷ কিন্তু কামে কাম গোটায়৷ লাভৰ মুখ দেখিলে মনটো বাঢ়ি
যায়৷ অকল বাম খেতি আৰু মীন পালনতে কামবোৰৰ সীমা বান্ধি নাৰাখি চাৰিখন তাঁতশাল তাৰ
লগত যোগ হ’ল৷ মৰাপাটৰ আঁহেৰে
বিভিন্ন গৃহ-সজ্জাৰ সামগ্ৰী তৈয়াৰ কৰা এটা গোট স্থাপন হ’ল৷ নিজৰ জেপৰ টকাও বহু সোমাল৷ তথাপি কামবোৰ হ’ব লাগে - সেউজীয়া পামৰ সভাপতি নীলেশ্বৰ পাতৰৰ মত৷ ল’ৰাহঁতে কৰা কামত হাত উজান দিবলৈ আৰু কেবাজনো আগবাঢ়ি আহিল৷
সেউজীয়া পামৰ কামেৰে নতুন চাপৰি জিলিকি উঠিল৷ গামোচা আৰু চাদৰ-মেখেলাবোৰ
বিক্ৰী কৰিবলৈ চাৰিগৰাকী সদস্যাক নিযুক্তি দিয়া হ’ল৷ চৰকাৰে এটা সুবিধা কৰি দিছিল৷ খৰালি আৰম্ভ হ’ল মাত্ৰকে ‘হস্ত-তাঁত বস্ত্ৰশিল্পৰ মেলা’ আৰু বিভিন্ন উৎসৱ-মহোৎসৱবোৰৰ লগত আয়োজিত প্ৰদৰ্শনীত সেউজীয়া
পামৰ গামোচা, চাদৰে আদৰ পাবলৈ ধৰিলে৷ মৰাপাটৰ আঁহৰ
পৰা তৈয়াৰী সৰু দুৱাৰ দলিৰ দলিচা, ডাইনিং ছেটৰ কভাৰ, পেন ষ্টেণ্ড, পেপাৰ পকেট আদি গ্ৰাহকৰ বাবে নতুন৷ কম দামত পাই পৰীক্ষামূলকভাবে হ’লেও বহুতে কিনে৷
আটাইবোৰ কামৰ খৰচ, আয়, ষ্টক আদিৰ উপৰি নতুন নতুন বজাৰ বিচাৰি লোৱা কামটো বৰ সহজ
নহয়৷ ইয়াৰ উপৰি খেতিৰ বিধে বিধে হিচাপ৷ বতৰ চাই কঠিয়া পাৰিলেহে কৃষি৷ আনতকৈ আগত
ফচল উলিয়াবলৈ হ’লে সুকীয়া যতন দৰকাৰ৷ পলি হাউচ
চাৰিটা তৰা হ’ল৷ জিলা কৃষি বিষয়া হেমন্ত বৰাৰ
সহযোগিতা আৰু বদান্যতাত সেউজীয়া পামে এইকেইটা বিনামূলীয়াকৈ চৰকাৰৰ পৰা পালে৷ খেতিত
ইমান যতন ল’ব লাগে যে খেতিয়কৰ আন কথা চিন্তা
কৰিবলৈ সময় নাথাকে৷ বাতি থাকিলেহে খেতিত ফচল খাবলৈ পায়৷ সেয়েহে কয়-পঢা.য়, পঢ়ে ৰেৱাই পান, এই তিনিয়ে নিচিন্তে আন৷
সমবায়ৰ সদস্য ভৰ্তি মাচুল দুহেজাৰ টকাৰ উপৰি পাঁচ হাজাৰ টকাকৈ বিশজনে অধিক ভৰি
ৰেহাই হাৰত ট্ৰেক্টৰ এখন লোৱা হ’ল৷ তাৰ লাভৰ ধন
সেইকেইজনৰ মাজত ভাগ হ’ব৷ ড্ৰাইভাৰ নিয়োগ
কৰা হ’ল বিমলক৷
কামবোৰ নিয়াৰিকৈ আগবঢ়াই নিবৰ বাবে পুতুল আৰু ৰীতামণিক দায়িত্ব দিয়া হ’ল৷ এনেদৰে এটা কাৰ্যালয় গঢ় ল’লে৷ পামৰ পৰা খেতিৰ ফচলবিলাক সৰু গাড়ীত বোজা কৰি যোৰহাট
নগৰত বিক্ৰী কৰিবৰ বাবে নকুল, অতুল, মাধৱ আৰু বাবুৱে দায়িত্ব ল’লে৷ এই কামটোৱেই আটাইতকৈ জটিল৷ খুচুৰা বিক্ৰী কৰিবলৈ ৰাষ্টাৰ কাষত বহিব লাগে৷
হাত খোৱাই হিচাপতকৈ অধিক টকা বিচাৰে৷ মাজে মাজে পুলিচে আহি আটাইবোৰ দলিয়াই
ফৰ্মুঠিয়াই ভাঙে৷ মানুহকো মাৰপিট কৰে৷ ৰ’দৰ পোৰণি, বৰষুণৰ জেকনিৰ কথা বাদেই৷ দিনে দুখনকৈ গাড়ীত দুবাৰকৈ মাল
পঠিয়াব লাগে৷
এটা সপোনে বাস্তৱৰ ৰূপ ল’বলৈ ধৰিছে৷ বেণু
সুখী৷ পুতেকে শিক্ষিত ল’ৰাৰ দৰেই চিন্তাবোৰ
কৰি সফল হৈছে৷ পৰশুৰ খাবলৈ, শুবলৈ সময় নোহোৱা
হয়৷ তথাপি ভাগৰ নাই৷ গাঁৱৰ মানুহবোৰক সি দুটকা উপাৰ্জনৰ পথ দেখুৱাব পাৰিছে তাতকৈ
আৰু সুখৰ কথা কি হ’ব পাৰে?
লাহে লাহে বছা গাঁও, বকুল চাপৰিৰ
মানুহবোৰে বিষয়টোত গুৰুত্ব দিবলৈ ধৰিছে৷ খেতি কৰি নগদ ধন উপাৰ্জন কৰাৰ পথ নোপোৱা
মানুহবোৰে কথাবোৰ নতুনকৈ ভাবিবলৈ ধৰিছে৷ পামত খেতি কৰিবলৈ অহা মানুহৰ সংখ্যা
বাঢ়িবলৈ ধৰিলে৷ বাটে-পথে পালেও পৰশুক মানুহে সুধিবলৈ ল’লে, “আমাৰ কাৰণেও কাম
ওলাব নেকি?”
সি কি উত্তৰ দিব? সেউজীয়া পামৰ মুঠ
কৰ্মীৰ সদস্যৰ সংখ্যা দুকুৰি৷ তেওঁলোকে মাননি লয়৷ বাকী অংশীদাৰীসকলৰ মাজত লাভাংশ
বিতৰণ কৰা হয়৷ বছৰৰ মুঠ লাভাংশ গাইপতি পাঁচ-ছহেজাৰ হ’লেও সেয়া বিতৰণ কৰা হয়৷ সেইখিনি কোনোবাই পুনৰ খটুৱাব পাৰে৷
তেতিয়া তেওঁৰ লাভাংশৰ পৰিমান সিমান গুণ বাঢ়িব৷ সমবায়ৰ ধাৰণাটো মানুহৰ মনত
সুমুৱাবৰ কাৰণে কোনো আঁৰ-বেৰ নোহোৱাকৈ সকলো হিচাপ পৰশুৱে অংশীদাৰসকলৰ আগত দাঙি
ধৰে৷ বছৰি মুঠ লেনদেন যেতিয়া কুৰি লাখৰ বেছি হ’ল৷ তেতিয়া
মানুহবোৰ আচৰিত হ’ল৷ সঁচাকৈ জাকৰুৱা
নাও বামেৰেও চলে৷ মন কৰিলেই চন, বাকৰি মাটিতে ধন৷
পামখনৰ পৰিসৰত অধিক মানুহৰ দৰকাৰ নাই৷ তথাপি কাকো নিৰাশ কৰিবলৈ পৰশুৰ মন
নাযায়৷
সি কয়, “আহচোন বাৰু৷ আমাৰ পামৰ কাষতে বহুত
মাটি এনেই পৰি আছে৷ মাটি ভাঙি ল’হি৷ আমি সহায় কৰিম৷”
চাওঁতে চাওঁতে এনেকৈ ডেৰ কুৰি সৰু সৰু পাম গঢ় লৈ উঠিল৷ সেউজীয়া পামৰ গইনাতে
গঢ়ি উঠা সৰু পামবোৰে খেতিলৈ মন থকা ল’ৰাবোৰক
নিজাকৈ কাম কৰাৰ সুবিধাও দিলে৷
নতুন চাপৰিত নতুন প্ৰাণ চঞ্চলতাই দেখা দিলে৷
খেতিৰ দিহা-পৰামৰ্শ দিবলৈ দায়িত্ব ল’লে কৃষি
উন্নয়ন বিষয়া বিজিত নয়ন দাসে৷ “এইটো মোৰ কামেই৷
মোৰ এলেকাত উৎপাদন বঢ়াটোৱেই মোৰ সফলতা৷’
সেউজীয়া পামৰ আঁৰৰ এটা শক্তি হ’ল বিজিত নয়ন
দাস৷ আন বহুত বিষয়াৰ নিচিনাকৈ পথাৰলৈ নহাকৈ কাৰ্যালয়ত বহি কাগজত কৃষি উন্নয়ন কৰা
বিষয়া নহয়৷
এদিন তেওঁ কান্ধত ওলোমাই ফুৰা ক’লা প’ৰ্টফলিও বেগটোৰ চাৰি পৃষ্ঠা কাগজৰ ছপা পত্ৰিকা এখন উলিয়াই
পৰশুক দিলে - ‘সেউজ পথাৰ’ কৃষকৰ হাতৰ পুথি৷
“তোমালোকক চাৰ্প্ৰাইজ দিলো৷ আপত্তি আছে নেকি?”
পামৰ কামত আৰু এটা যোগ হ’ল৷ মাহেকীয়া
কৃষি-পত্ৰিকা৷ মুঠ পৃষ্ঠা চাৰিৰৰ পৰা আঠলৈ বাঢ়িল, তাৰপিছত ষোল্ল৷ প্ৰায়খিনি লেখা বিজিত নয়ন দাসেই সংগ্ৰহ কৰে৷ বতৰৰ খেতিৰ সম্বাদ, যতন, পৰিকল্পনা, নতুন কৃষি পদ্ধতি, সফল কৃষকৰ ছবি আৰু সাক্ষাৎকাৰ, খেতিয়কৰ গীত-কবিতাৰে ওপচ হৈ সেউজ পথাৰ ওলাই থাকিল৷ দুটকা দাম দি সকলোৱে কিনে৷
এইখিনিতে বেংক বিষয়া সত্য প্ৰকাশ দত্তৰ সংযোগ৷ এটা এটা সুন্দৰ প্ৰস্তাৱ লৈ
সেউজীয়া পামলৈ অহা দত্ত সোনকালে সকলোৰে প্ৰিয়ভাজন হৈ উঠিল৷
“চৰকাৰে আত্মসহায়ক গোট গঠন কৰিলে সাহায্য আৰু আৱৰ্ত পুঁজি
দিব৷ পামৰ মুঠ চল্লিছ গৰাকী কৰ্মীক লৈ চাৰিটা গোট হ’ব পাৰে৷ পুৰুষ পুৰুষভাগে, মহিলা মহিলা ভাগে৷
দহ গৰাকী হ’লেই হ’ল৷ ইয়াৰ লগত জড়িত সৰু পামবোৰেও একোটা গোট খুলিব পাৰে৷ চৰকাৰে সাহায্য দিব৷”
“দত্ত দা, চৰকাৰে সাহায্য দিব
বুলি গোট খুলিলে কি হ’ব? নিজৰ কামৰ পৰিকল্পনা কি হ’ব?
এনেই টকা পালে মানুহে অযথা খৰচ কৰিব ৷ কামত একো নাহিব৷”
“নিৰ্দিষ্ট কৰ্ম আঁচনি দাখিল কৰাৰ পিছতহে টকা দিয়া হ’ব৷”
“যদি টকাখিনি চৰকাৰক ঘূৰাই দিব নোৱাৰে?”
“তেওঁলোকক এবছৰ দিন বেংক লেনদেন, হিচাপৰ ক্ষণ, পাছবুক লিখন, ঋণ ঘূৰাই দিয়া
আদিবোৰ শিকাই লৈ অভ্যস্ত কৰা হ’ব৷”
বেছি আপত্তি কৰাৰ থল নাথাকিল৷ সেউজীয়া পামৰ কৰ্মী আৰু ওচৰৰ পামকেইখনৰ মানুহ, গাঁৱৰ অন্যান্য মানুহ লগ হৈ গোট খোলা হ’ল৷ প্ৰথম অৱস্থাত গোটৰ নামত বেংকত এটা একাউণ্ট খুলিব লাগে, তাৰ পিছত প্ৰতিমাহে প্ৰত্যেক সদস্যই নিৰ্দিষ্ট টকা সম্পাদকক
জমা দিয়ে,
সম্পাদেক মাহেকত বেংকত জমা দিয়ে, সদস্যৰ পাছবুক বহীত সেইবোৰ হিচাপ লিখে৷ মাহেকে মাহেকে সভা
বহে৷ তাৰ কাৰ্যবিৱৰণী সম্পাদেক লিখে৷ যিমান টকা বেংকত জমা হ’ল তাৰে কেইটামান আনি নিজৰ মাজতে ঋণ লয়৷ ঋণৰ সুদ দিয়ে৷ এবছৰ
হ’লে চৰকাৰে পাঁচ হেজাৰ টকা গোটৰ একাউণ্টত সুমুৱায়৷গোটে তাৰে
কাম কৰি দেখুৱাব লাগে৷ এনেকৈ চলি আছে৷
চৌদিশে¸ আত্মসহায়কগোট খোলাৰ ঢৌ উঠিল৷ চৰকাৰে
বেংকক টাৰ্গেট বান্ধি দিছে৷ বেংকবিলাক গাঁৱৰ মহিলা, পুৰুষে গিজগিজাই থাকিবলৈ ধৰিলে৷ আগতে ধনী মানুহৰ ঠাই বুলি গাঁৱৰ দুখীয়া
মানুহবোৰে বেংকৰ ওচৰ চাপিবলৈ ভয় কৰিছিল৷ কিন্তু এতিয়া জাকে জাকে আত্মসহায়ক গোটৰ
মানুহে বেংকৰ চৌহদ গিজগিজাই থাকে৷ মহিলাৰ সংখ্যা সৰহ৷ কেতিয়াবা বিৰ্ দি বাট
নোপোৱাৰ অৱস্থা৷ য’লৈ সভাপতি-সম্পাদক
গ’লেও হয় তালৈকে আটাইকেইগৰাকী সদস্যা গৈ ভিৰ বঢ়াইছেগৈ৷
“সেউজীয়া পামলৈ এটা ভাল খবৰ আছে৷ এই অঞ্চলত আত্মসহায়ক গোট
খোলা,
প্ৰশিক্ষণ দিয়া আৰু বেংক সংযোগ কৰাৰ দায়িত্ব আমাৰ বেংকে
সেউজীয়া পামক দিব বিচৰে৷”
“কিন্তু টকা-পইচাৰ লেনদেন কৰা সেউজীয়া পামৰ উদ্দেশ্য নহয়৷
আমাৰ কাম খেতি কৰা, আন উৎপাদনমুখী কাম
কৰা৷”
“পামৰ কামৰ একো ক্ষতি নহয়৷ প্ৰতি গোটক বেংক সংযোগ কৰণৰ বাবে
বেংকে এটা মাননি দিব৷ তাৰে দুগৰাকী নিবনুৱাক
উপাৰ্জনৰ পথ দিয়াৰ লগতে পামৰ একাউণ্টতো দুটকা ৰাহি হ’ব৷”
কাম বাঢ়িল৷ গাঁৱৰ মানুহবিলাকৰ ভালৰ বাবেই গোটবোৰ গঠনৰ কাম কৰা উচিত৷ হৰেন আৰু
বিশ্বজিতক পথাৰৰ খেতি চোৱাৰ কামৰ পৰা অলপ আজৰি কৰি গোটৰ কাম-কাজ চাবলৈ দায়িত্ব
দিয়া হ’ল৷
দুয়োটা বি.এ পাছ উদ্যমী ল’ৰা৷ কম দিনতে
হেজাৰৰ অধিক গোট অঞ্চলটোত খোল খালে৷ সেউজীয়া পামৰ নামো তাৰ লগে লগে প্ৰচাৰ হ’বলৈ ধৰিলে৷ সেউজীয়া পামে বেংকলৈ গোটটোৱে ঋণ পাব পাৰে বুলি
লিখি ষ্টাম্প মাৰি দিলেহে বেংকে ঋণ দিয়ে৷ পামখনক সৰ্বসাধাৰণৰ মনত এনেকুৱা
গুৰুত্বপূৰ্ণ স্থান দিয়াত সহায় কৰা বাবে সত্য প্ৰকাশ দত্তৰ ওচৰত পৰশু কৃতজ্ঞ হ’ল৷
পাঁচ... দহ... বিছ.. পঁচিছ
বেংকৰ ঋণৰ পৰিমাণ বাঢ়ি গ’ল৷ মাহেকীয়া কিষ্টি
নিয়মীয়াকৈ দি যোৱাটো মস্কিলৰ কাম৷ গোটৰ সদস্যবিলাকক এই কথা সঁকিয়াই থাকে সেউজীয়া
পামৰ হৰেন আৰু বিশ্বজিতে৷ লাহে লাহে গোটবোৰ ধনী হ’বলৈ ধৰিলে৷
চৰকাৰী ধনৰ প্ৰভাৱ লাহে লাহে সেউজীয়া পামতো পৰিবলৈ ধৰিলে৷ প্ৰথমে, তাঁতশালৰ বোৱনী মানুহ কেইজনীৰ অহা অনিয়মীয়া হ’ল৷ তাৰ পাছত মৰাপাটৰ গোটত থকা ল’ৰা-ছোৱালীকেইটাৰ কামত মন নবহা হ’ল৷ আগেয়ে দিনটোৰ ভিতৰত পোন্ধৰ-ষোল্ল মিটাৰ মৰাপাটৰবেণী গুঠি
কাৰ্পেট,
ডাইনিং মেট সাজিব পৰা ল’ৰা-ছোৱালীহঁতে
দিনে দহ মিটাৰ দীঘল বেণী এডালো গুঁঠিব নোৱাৰাত পৰিল৷
“তোমালোক কালি নাহিলা যে? আগতীয়াকৈ নজনালা৷”
উত্তৰবোৰ পাল মৰা ধৰণে আহে -
“গোটৰ মিটিং আছিল, গোটৰ কামত বেংকলৈ গৈছিলো, ঘৰত সকাম আছিল, ল’ৰাটোৰ বসন্ত ওলাইছে, গাটো ভাল নাছিল” এশ এবুৰি অজুহাতত মানুহবোৰে খতি কৰিবলৈ
ধৰিলে৷ একে ঘৰ, একে মানুহ আগতে
এইবোৰ সমস্যাৰ কথা কৈ কোনো নহাকৈ থকা নাছিল৷ এতিয়া কি হ’ল? পৰশুৰ গা চেবালে৷ ক’ৰবাত কিবা এটা হৈছে৷
পৰশুৱে বুদ্ধি এটা পাঙিলে৷ সেইদিনা দুদিন কামলৈ নহা জিতুৰ ঘৰলৈ সি নিজেই গ’ল৷
বছা গাঁৱৰ জিতুৱে সেউজীয়া পামত কাম বিচাৰি কেবাদিনো গৈছিল৷ সুস্থ-সবল কৰ্মঠ ল’ৰাটোক মৰাপাটৰ গোটটোত কাম কৰিবলৈ সুবিধা দিয়া হ’ল৷ কামত বেয়া নহয়৷ কিন্তু লাহে লাহে গতি-মতি সলনি হ’ল৷ পৰশুৱে বুজিলে, ন-তেহে ন অঁৰা, পুৰণি হ’লে ছঅঁৰা৷
জিতুৰ পদূলিৰ পৰা চোতাললৈ আৰু চোতালৰ পৰা বাৰাণ্ডা বুলি আঁৰি থোৱা টিনপাতৰ চলিখনলৈকে মূৰ ফুলা, ববছা, কেঞা আদি বিবিধ বন আৰু প্ৰেমলতাৰ ওৱাদানি৷ বাঁহৰ গাধৈৰ বেৰকেইখন গোবৰে
মোচাৰ পিছত ৰঙা মাটিৰ এমোছা দিবলৈ ঘৈণীয়েকৰ সময় হোৱা নাই এথোন৷
পৰশুক চোতালত দণ্ডায়মান দেখি জিতুৰ কি কৰোঁ কি নকৰোঁ অৱস্থা৷ সি ঘেঁহাই ঘেঁহাই
ক’লে -
“দাদা, কি আচৰিত৷ আহক আহক৷” প্লাষ্টিকৰ চকী এখন বাৰাণ্ডালৈ উলিয়াই সি পৰশুক বহিবলৈ দিলে৷
“এইফালে আহিছিলোঁ৷
মই বোলো তোৰ ঘৰতো সোমাই খবৰ এটা লৈ যাওঁ৷ এই দুদিন তই যোৱা নাই নহয়৷ গা-মূৰ ভালনে
সকলোৰে?”
“ভালেই দাদা ভালেই৷” মূৰ খজুৱাই জিতুৱে উত্তৰ দিলে৷ “কিনো ক’ব আৰু৷ এইবোৰ অবুজন ল’ৰা৷ আজি
বোলে টিভি এটা লাগে, কাইলৈ বোলে বাইক
এখন লাগে...৷”
“দিয়া হ’লনে?”
“কি ক’ব আৰু৷ গোটৰ পৰা ঋণ
ল’লোঁ ত্ৰিছ হাজাৰ টকা, তাৰে টিভিটো কিনিলোঁ৷ কিছু তাৰো ৰ’ল৷ মাটি এবিঘা বন্ধক দিলোঁ, গাখীৰতী গাইজনী পৰহি বিক্ৰী কৰি, যেনে তেনে জোৰাটো মাৰি কালি তাক বাইক এখন কিনি দিলোঁ৷ সেই
কাৰণে কামলৈ যোৱা নহ’ল৷”
ভিতৰলৈ জুমি চাই পৰশুৱে সুধিলে-
“এতিয়া নাই নেকি?”
“ওলাই গৈছে৷”
“কি কাম কৰে সি?”
“ভালে কেইমাহ কৰা নাই৷ পকা মিস্ত্ৰীৰ যোগালী কৰিছিল৷ সময়ত
কাম ধৰিব নোৱাৰিলে ঠিকাদাৰে গেট মাৰি দিয়ে৷ বিহাৰী ঠিকাদাৰ৷ বৰ চাৰ, অহা মাহৰ পৰা কামলৈ যাম বুলিছে৷”
ভিতৰত উজাৰ খাই অহা প্ৰচণ্ড খঙটো
দমাই ৰাখি পৰশুৱে জিতুৰ কথা শলাগি শুনি থাকিল৷ কুহুলিয়াই নতুন সম্ভেদ পাবৰ যত্ন
কৰিলে৷
“তহঁতৰ গোটটোৱে পশুপালনৰ আঁচনি এখন দিছিলি নহয়? বেংকে যে এক লাখ টকা দিছিল৷ গৰুবোৰ ক’ত ৰাখিছ? ব’লচোন এপাক চাওঁ তহঁতৰ ফাৰ্মখন৷”
সৰল বিশ্বাসেৰে জিতুৱে উত্তৰ দি গ’ল -
“নাই দাদা, ক’তনো গৰু কিনিলোঁ৷ লাগি থাকিবলৈ মানুহৰ সময় নাই৷ তাতে জীৱ
লগা বস্তুৰ কোনো সঞ্জাত নাই৷”
“তেনেহ’লে টকাখিনি কি
কৰিলি?”
“ভগাই ল’লোঁ, ধাৰলৈ দিলোঁ৷”
পৰশু জিতুৰ ঘৰৰ পৰা আহি ভিতৰি ভিতৰি অনুসন্ধান চলালে৷ জিতুৰ গতিয়েই আনৰো গতি৷
বেংকৰ ঋণৰ টকাৰে কোনেও একো উৎপাদনমুখী কাম কৰা নাই৷ প্ৰায়বোৰ আত্মসহায়ক গোটেই
টকাখিনি ধাৰলৈ দিছে৷ তাকো মাহেকীয়া সুদত৷ এমাহত দহ শতাংশ সুদ৷ বছৰত এশ বিংশ শতাংশ৷
জিতুৰ মাটি কেইডৰা, গৰুজনী গ’ল৷ বিপিনে গোটৰ পৰা ধাৰ লৈ জীয়েকৰ তোলনি বিয়া পাতলে৷
মিহিৰামে ঘৈণীয়েকৰ চিকিৎসা কৰালে, প্ৰবীনে পুতেকৰ
খেচখেচনি সহিব নোৱাৰি ঘৰলৈ চাউণ্ড চিষ্টেম এটা আনিলে ৷ জুনুৱে ঘৰৰ টিনপাত কেইচলা
লগালে৷ হেমই মোবাইল ফোন এটা কিনিলে৷
বছা,
বকুল, নতুন চাপৰিৰ
প্ৰতিঘৰ মানুহেই ধাৰৰ নাগপাশত বন্দী হ’ল৷ নগদ টকাৰ
মুখ নেদেখা মানুহবোৰে হঠাৎ কোনো পৰিশ্ৰম নোহোৱাকৈ ধন পালে, কেতিয়াও উপযুক্ত ব্যৱহাৰ কৰিব নোৱাৰে৷ এশ এবুৰি
প্ৰয়োজনীয়তাৰ হেঁচাত পণ্য সামগ্ৰীৰ আকৰ্ষণ বেছি হয়৷ এই স্বভাৱৰ ওচৰত মানুহ কাবু৷
*