অনুবাদ : দীপজ্যোতি বৰা
(১)
পাৰৰ শুকান বালিত ভৰি থৈ
কবিয়ে চাই থাকে নদী,
নদীয়েও অপলক চাৱনিৰে চাই থাকে কবিক;
দুয়ো নির্বাক৷
কবিৰ হৃদয়ত উথলি উঠে প্ৰেম
নদীৰ বুকুতো উঠে প্ৰেমৰ লহৰ,
প্ৰতিপল, অহর্নিশ, অপাৰ৷
কবি মুগ্ধ,
আঃ, কিমান বিশাল এই নদীৰ পাৰ !
ব্ৰহ্মপুত্ৰত জিল্মিলাই কবিৰ প্ৰতিকৃতি
ব্ৰহ্মপুত্ৰৰ বুকুত গুঞ্জৰিত হয় কবিৰ হৃদকম্পন,
কবিৰ হৃদয়তো জাগি থাকে বোৱতী ব্ৰহ্মপুত্ৰ
নদীয়ে ভাবে
আঃ কিমান বহল কবিৰ হৃদয়-কূল
(২)
ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এতিয়াও চ্যুকাফাৰ পদচালনা
ব্ৰহ্মপুত্ৰৰ স্মৃতিস্তম্ভত মজুত থাকে চ্যুকাফাৰ শৌর্যগাঁথা
চ্যুকাফাৰ আশিস দিয়ে ব্ৰহ্মপুত্ৰই
সেই যে ব্ৰহ্মপুত্ৰৰ পানী
মাজে মাজে ৰঙা দেখি;
সেয়া আন একো নহয়, বিস্ময় কদাপি নহয়
মাথোঁ ব্ৰহ্মপুত্ৰৰ সোঁতত পখালিব আহে চ্যুকাফাই
ৰক্তস্নাত নিজৰ হেংদাং
(৩)
গুগলত সন্ধান কৰিলে
অথবা বিচাৰি চালে মানচিত্ৰত
পোৱা নাযায় পলাশবাৰীৰ নাম৷
কোনো ডাকোৱালে পলাশবাৰীৰ ঠিকনা নাজানে
কোনেও ল’ব নোৱাৰে কুৰিয়াৰৰ সুবিধা
কিয়নো
পলাশবাৰী এৰাৰ আগেয়েই ব্যর্থ কৰা হৈছিল
সংযোগৰ সকলো তাঁৰ
পলাশবাৰীত এতিয়া নমোৱা নহয় নিমখৰ বোজা
প্ৰেৰিত নহয় চুপাৰিৰ দ’ম
নাও-জাহাজবোৰেও ক্ৰমাৎ পাহৰিছে পলাশবাৰীক
পলাশবাৰীয়ে হেৰুৱাইছে মুগা-পাটৰ খম্খমীয়া গোন্ধ
ব্যর্থ হ’ল অর্ঘ্য, অপূর্ণ
কত প্ৰার্থনা
পলাশবাৰীত নাবাজে এতিয়া বিৱাহ বাদ্য
ধ্বনিত নহয় উৰুলিৰ জোকা
আনকি, শুনা নাযায় নাৰীৰ বিলাপো !
(৪)
নহয়,
বিমূর্ত পৃথিৱীত তুমি গণিব নোৱাৰাঁ পলাশবাৰীক
কল্পলোকৰ স’তে ইয়াৰ বহু যোজন দূৰত্ব
বাস্তৱ আছিল পলাশবাৰী, সঁচা আছিল ইয়াৰ বৈভৱ
বিকশিত নগৰৰ চাতুর্যৰ স্মৃতিত
এতিয়াও স্পন্দিত হয়
নিস্পন্দ হোৱা পলাশবাৰী৷
পলাশবাৰী দ্বাৰকা নাছিল,
নাছিল কোনো সম্পর্ক তাৰ অন্য কোনো কৃষ্ণৰ স’তে
যে লিখা হ’ব মহা-আখ্যান
যি ব্ৰহ্মপুত্ৰই গঢ়িছিল পলাশবাৰীৰ সৌভাগ্য
সেই ব্ৰহ্মপুত্ৰতে লীন গ’ল পলাশবাৰী
তুমি তাক খনন নকৰিবা
নিবিচাৰিবা পলাশবাৰীক
ঢৌতে জন্মা, ঢৌতে সমাধিস্থ হোৱা পলাশবাৰী !
ব্ৰহ্মপুত্ৰৰ কোলাহলমুখৰ ঢৌৰ বাদে