ৰচনা পাঠক
পুৰণি ভাৰতৰ
সংস্কৃত ভাষাত লিখা নাটকবোৰত এটা বিশেষ চৰিত্ৰ দেখা যায়৷ বিদূষক বুলি খ্যাত এই চৰিত্ৰটোৰ আন কোনো নাম নাই৷ চৰিত্ৰটোৰ কাম কেৱল ৰজাৰ মন ভাল লগোৱা৷
সাধাৰণতে খুহুটীয়া কথা কৈ ৰাজন্যবৰ্গৰ মন যোগোৱা এই বিদূষক চৰিত্ৰটোৰ কথা কাণ্ডৰ
মাজত যথেষ্ট প্ৰত্যুৎপন্নমতিতা আৰু উপস্থিত বুদ্ধি লক্ষ্য কৰা যায়৷
ভাৰতবৰ্ষৰ
ৰাজনৈতিক বুৰঞ্জীৰ কেইটামান সঁচা চৰিত্ৰ আছে যিকেইটা বহুদূৰ বিদূষকৰ সমপৰ্যায়ৰ৷
মধ্যযুগৰ দিল্লীৰ বাদছাহ আকবৰৰ ৰাজসভাৰ বীৰবল, কৃষ্ণনগৰ বা বিজয়নগৰৰ
ৰজা কৃষ্ণদেৱৰায়ৰ ৰাজসভাৰ গোপাল ভাঁড় আদি এনে চৰিত্ৰ৷
বীৰবলৰ সময়ত
আকবৰৰ ৰাজসভা আছিল ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ প্ৰতিভাসমূহৰ সঙ্গমস্থলী৷ কবি তুলসীদাস, গায়ক সুৰদাস, সংগীতজ্ঞ তানসেন আদিৰ লগত থাকি বীৰবলে
কোনো বিশেষ বিষয়ৰ পাৰদৰ্শিতাৰে সম্ৰাটৰ প্ৰিয়পাত্ৰ হোৱা বুলি জনা নাযায়; কেৱল বুদ্ধিমত্তা আৰু যিকোনো প্ৰসঙ্গকে ৰসময় ৰূপত দাঙি ধৰিব পৰা গুণৰ
বাহিৰে৷ কিন্তু কেৱল এইটো গুণেৰেই বীৰবল ভাৰতৰ সকলো ঠাইৰে সকলো মানুহৰ মাজতে এনেভাৱে চৰ্চিত হ’ল যে সৰ্বসাধাৰণ মানুহৰ বাবে বীৰবল হৈ পৰিল একেবাৰে নিজৰ মানুহ, আপোন মানুহ৷
আচলতে বীৰবলৰ
জন্মস্থান কোনখন, ইয়াকে লৈ গৱেষকসকলৰ মতভেদ আছে৷ বহুতে কয়
বাৰাণসীত তেওঁৰ জন্ম; আন বহুতৰ মতে বুণ্ডেলখণ্ডত৷ সি যি
নহওক, তেওঁ সংস্কৃত, আৰৱী আৰু ফাৰ্ছী
ভাষাত ব্যুৎপত্তি লাভ কৰাৰ প্ৰমাণ আছে৷ বিভিন্ন বিষয়ৰ জ্ঞান, তীক্ষ্ণ পৰ্য্যবেক্ষণ ক্ষমতা, সৰ্বসাধাৰণ লোকৰ প্ৰতি
মমতাবোধ আৰু ক্ষমতাশালীৰ দ্বাৰা ক্ষমতাৰ অপ ব্যৱহাৰৰ তৎকালিন বিৰোধিতা প্ৰকাশ,
হাস্যৰসিকতা, বুদ্ধি আৰু ভীতিহীনতা– এই আটাইবোৰ গুণৰ সমাহাৰৰ ফলতে বীৰবলে বাদছাহ আকবৰৰ ৰাজসভাৰ
প্ৰধানমন্ত্ৰিত্ব লাভ কৰিছিল৷
বীৰবল শব্দটোৰ
অৰ্থ জ্ঞানী৷ তেওঁৰ জ্ঞান আৰু পাণ্ডিত্যত মুগ্ধ হৈ মহামতি আকবৰেই তেওঁক এই নামেৰে
বিভূষিত কৰিছিল৷ বহুতে কয় যে বীৰবল আছিল ব্ৰাহ্মণ সন্তান৷ তেওঁৰ আচল নাম আছিল
মহেশ৷ বাদছাহ আকবৰে ঘটনাক্ৰমে মহেশক লগ পাই তেওঁৰ ব্যক্তিত্ব, নিৰ্ভয় মনোভাব আৰু সৰস কথনভঙ্গীৰ দ্বাৰা আকৃষ্ট হৈছিল আৰু সেই পৰিচয়ৰ
আচিলাতে পৰৱৰ্তী সময়ত বীৰবল নামেৰে তেওঁ বাদছাহৰ ছাঁৰ দৰে হৈ
পৰিছিল৷
বীৰবলকেন্দ্ৰিক
বহুতো হাস্যৰসাত্মক ঘটনা তথা গল্পৰ প্ৰচলন আছে৷ এই ঘটনাৱলীত বা গল্পসমূহৰ ব্যক্তি
জীৱন আৰু সমাজ জীৱনৰ বিসঙ্গতি, সম্ৰাটৰ বুদ্ধিবৃত্তিৰ সমালোচনা আৰু
পৰশ্ৰীকাতৰ সমসাময়িক ব্যক্তিসকলৰ বিভিন্ন প্ৰকাৰৰ ষড়যন্ত্ৰৰপৰা আত্মৰক্ষা কৰি
জোকৰ মুখত চূণ সনাৰ বৰ্ণনা আছে৷ এনে ঘটনাসমূহৰ প্ৰায়বোৰকে তেওঁৰ ব্যক্তিগত জীৱন
জড়িত ঘটনা যেন লাগিলেও এনে হোৱাও অসম্ভৱ নহয় যে আনৰ জীৱনৰ ঘটনাও প্ৰচাৰিত হওঁতে
হওঁতে কালক্ৰমত বীৰবলৰ জীৱনৰ ঘটনাৰূপে প্ৰতিষ্ঠিত হয়গৈ৷ গতিকে ইবোৰৰ কিছুমান
কিম্বদন্তিহে!
ইয়াত বীৰবলৰ
নামত প্ৰচলিত কিছু গল্পৰ লিপিবদ্ধ ৰূপ দিবলৈ যত্ন কৰা হৈছে৷ এইখিনি লিখোঁতে লক্ষ্য
পাঠকৰূপে ভবা হৈছে শিশু আৰু কিশোৰহঁতৰ কথা৷ বুদ্ধি বোলা সম্পদবিধক চোকা কৰি
ৰাখিবলৈ ই নিশ্চয় সহায়ক হ’ব৷
(১)
চিকাৰ কৰাটো
ৰজাসকলৰ বৰ প্ৰিয় কাম৷ মহামতি শ্বাহেনশ্বাহ আকবৰো মাজে মাজে চিকাৰলৈ যায়৷
এদিন হাবিৰ মাজে
মাজে চিকাৰ কৰি ফুৰোঁতে সংগীসকলৰ সৈতে আকবৰৰ খুব পিয়াহ লাগিল৷ বহু বিচাৰ খোচাৰ
কৰিও পানী বিচাৰি নাপাই ৰজাই বাকীসকলক নিৰ্দেশ দিলে যে সোনকালে অৰণ্যৰপৰা বাহিৰলৈ
ওলাব লাগে৷ তেহে কোনোবা গাঁৱৰ মানুহৰ ঘৰৰপৰা পানী খুজি খাব পৰা যাব৷
হাবিখনৰ পৰা ওলাই ইফালে সিফালে মানুহৰ ঘৰ বিচাৰি ফুৰোঁতে এটা সৰু ল’ৰাই এবোজা খৰি লৈ গৈ থকা দেখি শ্বাহেনশ্বাহে ওচৰতে যে কোনোবা গাঁও আছে সেইটো গম পালে৷ তেওঁ ল’ৰাটোক লগ ধৰি সুধিলে,
: হে’ৰা ভাইটি; পানী খাব পৰা সুবিধা ওচৰত আছে নেকি বাৰু?
ল’ৰাটোৱে ক’লে,
: ওঁ আছে৷ সৌ ওখ গছজোপাৰ
ওচৰতে এটা প্ৰকাণ্ড পুখুৰী আছে৷ – কিছু দূৰৰ গছ এজোপালৈ
আঙুলিয়াই ল’ৰাটোৱে আকৌ ক’লে,
: তাতে পানী খাই গছৰ তলত
আপুনি শুবও পাৰিব৷
ল’ৰাটোৰ
কথা শুনি আকবৰে খুব ভাল পালে৷ সেই গছজোপাৰ ফালেই ল’ৰাটোও গৈ
আছিল৷ তেৱোঁ ল’ৰাটোৰ লগে লগে গৈ থাকি সুধিলে,
: হে’ৰা ভাইটি, তোমাৰ নামটো কি?
:
মোৰ নাম জানি আপোনাৰ কি লাভ হ’ব? ল’ৰাটোৰ উত্তৰ শুনি আকবৰৰ চকু কপালত উঠিল– আও!
পেন্দুকণা ল’ৰা এটাৰ কথাৰ সুৰ শুনাচোন! তেওঁৰ খঙো উঠিল যদিও
মনৰ ভিতৰতে সেই খং সামৰি-সুতৰি থৈ আকৌ ক’লে,
: বাৰু তুমি জানানে,
মই কোন?
: এ... হঁহুৱালে মহোদয়!
আপোনাৰ নামটো জানিলেনো মোৰ কি লাভ হ’ব কওক৷
ই ল’ৰা
কম নহয়৷– সম্ৰাটে ভাবিলে৷
ইতিমধ্যে তেওঁলোক
গৈ পুখুৰীটোৰ ওচৰ পালেগৈ৷ পুখুৰীৰ পানী পান কৰিহে সম্ৰাটে উশাহটো ঘূৰাই পোৱা যেন পালে৷ তাৰ পাছতে তেওঁ ল’ৰাটোক
ক’লে,
:
তোমাক লগ পাই খুব ভাল লাগিল ভাইটি৷ কেতিয়াবা যদি মনত পৰে মোৰ ওচৰলৈ যাবা৷ এইবুলি
তেওঁ নিজৰ নাম লিখা আঙঠি এটা ল’ৰাটোক দিলে আৰু ঘোঁৰাত উঠি
গুচি গ’ল৷
ল’ৰাটোৱে
আঙুঠিটো ঘূৰাই পকাই চাই দেখিলে, তাত আকবৰৰ নাম লিখা আছে৷
: অ’ তাৰ মানে এইজনেই শ্বাহেনশ্বাহ আকবৰ!
লৰাটোৱে ভাবিলে৷
ছেঃ নমস্কাৰ এটাও জনোৱা নহ’ল৷ ল’ৰাটোৰ মনটো বেয়া
লাগি থাকিল৷
তাৰ পাছত বহুত বছৰ পাৰ হ’ল৷
সেই সৰু ল’ৰাটো ইতিমধ্যে পাহোৱাল ডেকা হৈ উঠিল৷ ডেকাৰ নাম
মহেশ৷
হ’লে
কি হ’ব! একো কাম-কাজত ল’ৰাৰ মন নাই৷
দেউতাক নোহোৱা ল’ৰা; খুড়াকে নিজৰ
আশ্ৰয়ত ৰাখি কোনোমতে ইমানটো কৰিছে৷ এতিয়া কাম-কাজ কৰি নিজে যদি চলিব নোৱাৰে তেন্তে
ইয়াৰ ভৱিষ্যত দেখোন তেনেই আন্ধাৰ৷ – খুড়াকে ভাবি ভাবি উপায়
নোপোৱা হ’ল৷
এদিন খুড়াকৰ
মৰহি যোৱা মনটো দেখি মহেশে তাৰ কাৰণ জানিবলৈ বিচাৰিলে৷ খুড়াকে তাক কিবা এটা
অৰ্থপূৰ্ণ কামত মনোযোগ দিবলৈ উপদেশ দি ক’লে,
: নহ’লে মই মৰাৰ পাছত তোৰ দুখ কুলাই-পাচিয়ে নধৰা হ’ব
বোপাই!
:
মই কি কৰিলে আপুনি সুখী হ’ব কওক খুড়া৷ আপুনি যি কৰিবলৈ কয়
মই তাকেই কৰিম৷ – মহেশে ক’লে৷
মহেশ বৰ
বুদ্ধিয়ক আছিল৷ সেইমতে তেওঁ বিনয়ীও আছিল৷ ডাঙৰৰ প্ৰতি শ্ৰদ্ধা-ভক্তি, সৰুৰ প্ৰতি মৰম, সমনীয়াৰ প্ৰতি আন্তৰিকতা– এইবোৰ গুণেৰে মহেশ বৰ গুণী ল’ৰা আছিল৷ খুড়াকে মহেশৰ
এনে গুণবোৰ সৰু গাঁওখনতে আৱদ্ধ হৈ থকাটো আশা কৰা নাছিল৷ সেয়ে তেওঁ ক’লে,
:
বোপা মহেশ৷ তই এই সৰু গাঁওখনতে বন্দী হৈ নাথাকিবি৷ বাহিৰলৈ ওলাই যা; দহজনক লগ পালে নিজেও চহকী
হ’বি আৰু দহজনক সহায়-সাৰথিও কৰিব পৰা হ’বি৷ তোৰ যিখিনি জ্ঞান-বুদ্ধি হৈছে, সেইখিনি মানুহৰ
সহায়ৰ হকে ব্যৱহাৰ কৰি নিজেও সৎ হৈ থাকি আনকো অসৎ পথৰপৰা উদ্ধাৰ কৰিবলৈ যত্ন কৰগৈ
যা৷
খুড়াকৰ উপদেশ
বাণীয়ে মহেশৰ চকু মুকলি কৰিলে৷ গাঁৱৰ জীৱনৰ সীমাৱদ্ধতাৰ মাজত যে কোনো বৈচিত্ৰ্য
নাই সেয়া মহেশে উপলব্ধি কৰিলে আৰু বিশাল জগতখনৰ প্ৰতি সেই মুহূৰ্তৰপৰাই তেওঁ অনুভৱ
কৰিবলৈ ধৰিলে এক এৰাব নোৱৰা আকৰ্ষণ৷
পিছে যাব কলৈ? কৰিবগৈ কি?
এনে গুণা-গথাঁ কৰি থাকোতেই মহেশৰ মনত পৰিল শ্বাহেনশ্বাহ আকবৰৰ কথা৷ মহেশ সাহসী হৈ উঠিল৷
পিছে শ্বাহেনশ্বাহে জানো মোক মনত ৰাখিছে? – মহেশে ভাবিলে৷
তেওঁ মনত নাই
ৰখা বুলি ঘৰতে বহি থকাতকৈ এবাৰ গৈ প্ৰমাণ চোৱাই ভাল বুলি স্থিৰ কৰি মহেশে এদিন
খুড়াক-খুড়ীয়েকক সেৱা জনাই ঘৰৰপৰা বাহিৰ ওলাল৷
বহু কষ্টকৰ
যাত্ৰাৰ শেষত এদিন মহেশ উপস্থিত হ’লগৈ শ্বাহেনশ্বাহ আকবৰৰ দৰবাৰ
বা ৰাজসভাত৷ গাঁৱৰ সহজ-সৰল প্ৰকৃতিৰ মাজৰপৰা যোৱা মহেশৰ চকুত ৰাজ-দৰবাৰৰ উজ্জ্বলতা
আৰু আড়ম্বৰে ছাট্ মাৰি ধৰিলে৷ কি কৰিব কি নকৰিব ভাবি নাপাই মহেশ
পাত্ৰ-মন্ত্ৰীসকলৰ পিছফালে চুক এটাত কোঁচ-মোচ খাই বহি থাকিল....
সম্ৰাটে পাত্ৰ-মন্ত্ৰীসকলৰ প্ৰতি
এটা প্ৰশ্ন প্ৰক্ষেপ কৰিলে,
: জগতৰ আটাইতকৈ ধুনীয়া ফুল
কোনপাহ?
সভাসদসকলে এজন এজনকৈ প্ৰায়
আটাইবোৰ ফুলৰে নাম ক’লে৷ শ্বাহেনশ্বাহ কিন্তু সন্তুষ্ট নহ’ল৷
দৰবাৰ কাঁহ পৰি জীণ গ’ল৷ সকলো তলমূৰ হৈ থাকিল৷
মহেশ গাঁৱৰ ল’ৰা হ’লেও সাহসী আছিল৷
তেওঁ এখোজ-দুখোজকৈ আগবাঢ়ি গৈ সম্ৰাটৰ সিংহাসনৰ ওচৰত আঁঠু লৈ ক’লে,
: অপৰাধ হ’লে মাৰ্জনা কৰিব জাহাপনা৷ মোৰ মতে সকলো ফুলৰ ভিতৰতে সুন্দৰ হৈছে কপাহ ফুল৷
‘কপাহ
ফুল’! সভাসদসকলৰ মাজত গুণগুণনি সৃষ্টি হ’ল৷ এজনে ক’লে, ‘কি হে মূৰ্খ
ডেকা! যি ফুলৰ গোন্ধ-ভাপ একো নাই, ৰং নাই, সি আক’ ধুনীয়া ফুল বুলি কোনখন শাস্ত্ৰত পালা?’
শ্বাহেনশ্বাহে সকলোকে মনে মনে থাকিবলৈ
ইঙ্গিত দি সুধিলে,
: বাৰু কোৱাঁচোন ডেকা!
তোমাৰ কথাষাৰ যুক্তিৰে প্ৰমাণ কৰিব পাৰিবা?
:
জাহাপনা৷ আপোনাৰ ওচৰত যেনেকৈ যুক্তিহীন কথাৰ মূল্য নাই. তেনেকৈ মোৰ ওচৰতো নাই৷ যাৰ
গুণ আছে তাকে সুন্দৰ বোলা হয়৷ কপাহৰ পৰা আপোনাৰ সিংহাসনৰ গাদী তৈয়াৰ কৰা হয়,
কপাহৰ আঁহেৰে তৈয়াৰী সূতাৰে আমি পিন্ধা কাপোৰ-কানি প্ৰস্তুত কৰা হয়৷
আন কোনবিধ ফুলে আমাৰ লাজ ঢাকিব পাৰে কওকচোন জাহাপনা!
ডেকাৰ উত্তৰে শ্বাহেনশ্বাহকে নহয়, সভাসদসকলকো নিৰুত্তৰ কৰিলে৷ তেতিয়া শ্বাহেনশ্বাহে তেওঁৰ পৰিচয় সোধাত তেওঁ বহু বছৰৰ আগৰ কাহিনীটো
কৈ শ্বাহেনশ্বাহে দিয়া আঙুঠিটো দেখুৱালে৷
বাদশ্বাহ
আনন্দিত হ’ল৷ সেইদিনাৰপৰাই মহেশক বাদশ্বাহে নিজৰ অন্যতম সভাসদৰূপে
নিযুক্তি দিলে৷
(ক্ৰমশঃ)