অন্যযুগ/


কেৰিয়াৰক কেনেকৈ শ্ৰেণীভুক্ত কৰিব পাৰি?

 ° বুলজিৎ বুঢ়াগোহাঁই

      

          বিভিন্ন কেৰিয়াৰৰ কৰ্ম প্ৰকৃতি বা বৈশিষ্ট্য অনুসৰি শ্ৰেণীভুক্ত কৰিব পাৰি। যেনে-  বাস্তৱধৰ্মী কেৰিয়াৰ (Realistic Careers), অনুসন্ধানী কেৰিয়াৰ (Investigative Careers), শৈল্পিক কেৰিয়াৰ (Artistic Careers),  সামাজিক  কেৰিয়াৰ (Social Careers), উদ্যমী কেৰিয়াৰ (Enterprising Careers), গতানুগতিক কেৰিয়াৰ  (Conventional Careers) আদি।

 

বাস্তৱধৰ্মী কেৰিয়াৰ (Realistic Careers):  এইবোৰ সেই কেৰিয়াৰ যত মেচিন, কম্পিউটাৰ নেটৱৰ্ক, নিজৰ ভৌতিক শৰীৰৰ সৈতে কাম কৰাটো জড়িত হৈ থাকে। এই কেৰিয়াৰৰ লোকসকলে সাধাৰণতে কাৰখানা, দোকানৰ মজিয়া, মুকলি বায়ু পৰিৱেশত সঁজুলি আৰু মেচিনৰ সহায়ত কাম কৰে। উদাহৰণ - কৃষি বিজ্ঞানী (Agricultural Scientist), এথলিট (Athlete), অডিঅইঞ্জিনিয়াৰ(Audio Engineer), অটোমোবাইল ইঞ্জিনিয়াৰ (Automobile Engineer), কেমিকেল ইঞ্জিনিয়াৰ (Chemical Engineer), চিভিল ইঞ্জিনিয়াৰ (Civil Engineer), বাণিজ্যিক পাইলট (Commercial Pilot), কম্পিউটাৰ ইঞ্জিনিয়াৰ (Computer Engineer), ডিচাষ্টাৰ মেনেজাৰৰ (Disaster Manager), ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ (Electrical Engineer), এনভিৰনমেণ্টেল ইঞ্জিনিয়াৰ (Environmental Engineer), ফিল্ম এডিটৰ (Film Editor),ফিটনেছ ট্ৰেইনাৰ (Fitness Trainer), ফুড এণ্ড ডেয়াৰী টেকনলজিষ্ট (Food and Dairy Technologist), ফুটৱেয়াৰ টেকনলজিষ্ট (Footwear Technologist), ফৰেষ্ট মেনেজাৰৰ (Forest Manager), জিঅ’গ্রাফাৰ (Geographer), হৰ্টিকালটাৰিষ্ট (Horticulturist), ইণ্ডিয়ান এয়াৰফৰ্চ অফিচাৰ(Indian Airforce Officer), ইণ্ডিয়ান আৰ্মি অফিচাৰ (Indian Army Officer), ইণ্ডিয়ান নেভি অফিচাৰ (Indian Navy Officer), ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰ (Industrial Engineer), ইনস্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰ(Instrumentation Engineer), লেণ্ডস্কেপ আৰ্কিটেক্ট(Landscape Architect), মেনুফেকটাৰিং ইঞ্জিনিয়াৰ (Manufacturing Engineer), মেটেৰিয়াল এণ্ড মেটালাৰ্জিকেল ইঞ্জিনিয়াৰ (Material and Metallurgical Engineer), মেকানিকেল ইঞ্জিনিয়াৰ(Mechanical Engineer), মেডিকেল লেব টেকনলজিষ্ট(Medical Lab Technologist), মাৰ্চেণ্ট নেভি(Merchant Navy), মেটালাৰ্জিকেল ইঞ্জিনিয়াৰ (Metallurgical Engineer), পেৰা মিলিটাৰি বাহিনী (Para Military Forces), মিনাৰেল ইঞ্জিনিয়াৰ (Mineral Engineer), মাইনিং ইঞ্জিনিয়াৰ(Mining Engineer), নাভাল আৰ্কিটেক্ট এণ্ড ওচেন ইঞ্জিনিয়াৰ(Naval Architect and Ocean Engineer), শাৰীৰিক শিক্ষাৰ শিক্ষক (Physical Education Teacher), পুলিচ অফিচাৰ (Police Officer), প্ৰডাকচন ইঞ্জিনিয়াৰ (Production Engineer), ক্ৰীড়া প্ৰশিক্ষক (Sports Instructor), চাউণ্ড ইঞ্জিনিয়াৰ (Sound Engineer), সীমান্ত সুৰক্ষা বাহিনী (BSF), কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF), কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী(CISF), ভাৰত-তিব্বতী সীমান্ত আৰক্ষী (ITBP), সশস্ত্ৰ সীমা বল (SSB) আদি।

 

অনুসন্ধানী কেৰিয়াৰ (Investigative Careers) : এইবোৰ হৈছে সেই কেৰিয়াৰ যত বিজ্ঞান বা গণিতৰ ওপৰত ভিত্তি কৰি অনুসন্ধান, গৱেষণা বা বিশ্লেষণ জড়িত হৈ থাকে। এই কেৰিয়াৰবোৰত মানুহে ভৌতিক জগতখনৰ বিষয়ে বুজাৰ জৰিয়তে বিমূৰ্ত সমস্যা সমাধান কৰি আনন্দ লাভ কৰিবলৈ পায়। উদাহৰণ - অণুজীৱবিজ্ঞানী(Microbiologist), আইটি চিকিউৰিটি প্ৰফেশ্যনেল (IT Security Professional), ইতিহাসবিদ(Historian), এথিকেল হেকাৰ (Ethical Hacker), এনভিৰনমেণ্টেল চাইণ্টিষ্ট (Environmental Scientist), গণিতজ্ঞ (Mathematician), চফ্টৱেৰ ডেভেলপাৰ (Software Developer), চিষ্টেম ইঞ্জিনিয়াৰ (System Engineer), জিনীয় বিজ্ঞানী (Geneticist), জেনেটিচিষ্ট(Fisheries Scientist), জ্যোতিৰ্বিজ্ঞানী (Astronomer ), ডক্টৰ (Doctor), ডেণ্টিষ্ট(Dentist), নিউট্রিশ্বনিষ্ট (Nutritionist), পদাৰ্থবিজ্ঞানী(Physicist), পৰিসংখ্যাবিদ (Statistician), পশু চিকিৎসক (Veterinarian), পশু বিজ্ঞানী (Animal Scientist ), পাব্লিক হেল্‌থ কেয়াৰ প্ৰফেশ্বনেল (Public Health Care Professional), পুৰাতত্ত্ববিদ (Archaeologist), ফাৰ্মাচিষ্ট(Pharmacist),  ফিচাৰিছ চাইণ্টিষ্ট (Fisheries Scientist), ফিজিচিয়ান (Physician),  বায়োকেমিষ্ট্ৰি ৰিচাৰ্চ চাইণ্টিষ্ট (Biochemistry Research Scientist), বায়োটেকনলজিষ্ট (Biotechnologist), বায়োফিজিচিষ্ট (Biophysicist), ভূতত্ত্ববিদ(Geologist), মনোবিজ্ঞানী (Psychologist), মহাকাশ গৱেষক(Space Researcher ), মাৰ্কেট ৰিচাৰ্চাৰ(Market Researcher), মেডিকেল চাৰ্জন(Medical Surgeon), ৰাজনৈতিক গৱেষক (Political Researcher), সমাজবিজ্ঞানী(Sociologist) আদি।

 

শৈল্পিক কেৰিয়াৰ (Artistic Careers): এইবোৰ সেই কেৰিয়াৰ যত মানুহে কল্পনা আৰু সৃষ্টিশীলতা, ভাষা, ডিজাইন আৰু পৰিৱেশনত মৌলিকতা ব্যৱহাৰ কৰে। ইয়াত মানুহ সাধাৰণতে মূল সৃষ্টিৰ সৈতে জড়িত থাকে। উদাহৰণ - অনুবাদক (Translator), অভিনেতা (Actor), আৰ্কিটেক্ট(Architect), আৰ্টিষ্ট (পেইণ্টাৰ), ইণ্টেৰিয়ৰ ডিজাইনাৰ (Interior Designer), ইণ্ডাষ্ট্ৰিয়াল ডিজাইনাৰ (Industrial Designer), এনিমেটৰ এণ্ড কাৰ্টুনিষ্ট (Animator and Cartoonist), কমাৰ্চিয়েল আৰ্টিষ্ট (Commercial Artist), গ্ৰাফিক ডিজাইনাৰ (Graphic Designer), চলচ্চিত্ৰ পৰিচালক (Film Director), চেফ (Chef), জুৱেলাৰি ডিজাইনাৰ (Jewelry Designer), টিভি এংকৰ (TV Anchor), টিভি কমেণ্টেটৰ (TV Commentator), টেক্সটাইল ডিজাইনাৰ (Textile Designer), ডিজে জকী (Dise Jockey), নৃত্যশিল্পী(Dancer), ফটোগ্ৰাফাৰ (Photographer),ফাৰ্নিচাৰ ডিজাইনাৰ (Furniture Designer), ফেশ্বন ডিজাইনাৰ(Fashion Designer), ফেশ্বন মডেল (Fashion Model), ভাষাবিদ (Linguist), ভাস্কৰ্য্য শিল্পী (Sculptor), ভিডিঅজকী (Video Jockey ), মিউজিয়াম কিউৰেটৰ (Museum Curator), ৰেডিঅজকী (Radio Jockey), সংগীতজ্ঞ (Musician), সাংবাদিক (Journalist) আদি।

 

সামাজিক  কেৰিয়াৰ (Social Careers) : এইবোৰ সেই কেৰিয়াৰ যিবোৰ মানৱতাবাদী; দলমুখী আৰু সাধাৰণতে আনৰ কল্যাণৰ প্ৰতি চিন্তিত, মানুহৰ পৰা মানুহৰ মাজত বহুত পাৰস্পৰিক ক্ৰিয়া-কলাপ থাকে। এই কেৰিয়াৰত কাম কৰা লোকসকলে নিজকে ভালদৰে প্ৰকাশ কৰে আৰু আনৰ সৈতে ভালদৰে মিলি যায়। উদাহৰণ - এয়াৰ হোষ্টেছ(Air Hostess), কৰ্পোৰেট প্ৰশিক্ষক (Corporate Trainer), প্ৰসাধন বিশেষজ্ঞ (Cosmetologist), পৰামৰ্শদাতা (Counselor), ডায়েটিচিয়ান (Dietitian), হোটেল / ৰেষ্টুৰেণ্ট অতিথি সম্পৰ্ক পৰিচালক (Hotel / Restaurant Guest Relations Manager), মানৱ সম্পদ পৰিচালক (Human Resource Manager), নাৰ্চিং আৰু চিকিৎসা সহায়ক (Nursing and Medical Assistant), ফিজিঅথেৰাপিষ্ট (Physiotherapist), ফ্লাইট ষ্টিৱাৰ্ড (Flight Steward), ৰাজনীতিবিদ (Politician), সমাজকৰ্মী (Social Worker), স্পিচ থেৰাপিষ্ট (Speech Therapist), শিক্ষক (Teacher), যোগ প্ৰশিক্ষক (Yoga Instructor) আদি।

 

উদ্যমী কেৰিয়াৰ (Enterprising Careers): এইবোৰ সেই কেৰিয়াৰ যত নেতৃত্ব আৰু উদ্যোগী ক্ষমতা জড়িত হৈ থাকে। এই ক্ষেত্ৰৰ লোকসকলে সাধাৰণতে তেওঁলোকৰ প্ৰেৰণাদায়ক আৰু প্ৰভাৱিত দক্ষতা ব্যৱহাৰ কৰে। অৰ্থাৎ এনে কৰ্ম পৰিস্থিতিত থকা লোকসকলে বিশেষকৈ বিক্ৰী, আধিপত্য, আৰু নেতৃত্ব দিয়াত নিজৰ যোগাযোগৰ দক্ষতা ব্যৱহাৰ কৰে। উদাহৰণ - আইএএছ অফিচাৰ (IAS Officer), ইভেণ্ট মেনেজাৰৰ (Event Manager), উকীল(Lawyer), এনট্ৰাপ্ৰেনিউৰ (Entrepreneur), খুচুৰা পৰিচালক (Retail Manager), জনসংযোগ পৰিচালক (Public Relations Manager), জীৱন বীমা কাৰ্যবাহী (Life Insurance Executive), ট্ৰেভেল এণ্ড টুৰিজম মেনেজাৰ  (Travel and Tourism Manager), ডিৰেক্ট চেলচ এক্সিকিউটিভ (Direct Sales Executive), ফিল্ম প্ৰডোচেৰ এণ্ড ডিষ্ট্ৰিবিউটৰ (Film Producer and Distributor), ব্যৱসায়িক পৰিচালক (Business Manager), মাৰ্কেটিং মেনেজাৰৰ (Marketing Manager), একাউণ্টছ মেনেজাৰ (Accounts Manager), ৰিয়েল এষ্টেট এজেণ্ট (Real Estate Agent), ষ্টক ব্ৰকাৰ(Stock Broker), হোটেল মেনেজাৰৰ (Hotel Manager) আদি।

 

গতানুগতিক কেৰিয়াৰ (Conventional Careers): এইবোৰ সেই কেৰিয়াৰ যত সাধাৰণতে বিতং কাৰ্যকলাপ আৰু পুনৰাবৃত্তিমূলক কাম জড়িত থাকে। এই কেৰিয়াৰৰ লোকসকলে সাধাৰণতে কাৰ্যালয়ৰ পৰিৱেশত কাম কৰে আৰু আনৰ বাবে সিদ্ধান্ত লবলৈ বিশ্লেষণ কৰে।

উদাহৰণ - বেংক বিষয়া (Bank Officer), চাৰ্টাৰ্ড একাউণ্টেণ্ট (Chartered Accountant), কোম্পানি ছেক্ৰেটাৰী (Company Secretary), ক্ৰেডিট মেনেজাৰ (Credit Manager), লাইব্ৰেৰিয়ান (Librarian), কাৰ্যালয়ৰ কাৰ্যবাহী (Office Executive) আদি।

 

শিক্ষাৰ্থী সকলে নিজৰ ব্যক্তিত্বৰ লগত খাপ খোৱাকৈ যদি কেৰিয়াৰ নিৰ্বাচন কৰি লব পাৰে, তেন্তে সেই ক্ষেত্ৰখনত অতি সহজে  আগুৱাই যাব পাৰিব৷ এইক্ষেত্ৰত শিক্ষাৰ্থীজনে সৰ্বপ্ৰথমে নিজেই নিজক অন্তৰ্মুখী নে বহিৰ্মুখী  নাইবা আন কেনেধৰণৰ ব্যক্তিত্বৰ অধিকাৰী তাক পৰ্যবেক্ষণ কৰিব লাগিব। ব্যক্তিত্বক বিভিন্ন ভাগ কৰিব পাৰি, যেনে - বাস্তৱধৰ্মী (Realistic), অনুসন্ধানী (Investigative), শৈল্পিক (Artistic),  সামাজিক  (Social), উদ্যমী (Enterprising), গতানুগতিক (Conventional) ব্যক্তিত্ব আদি। ব্যক্তিত্বৰ লগতে নিজৰ ৰাপ, পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থী সকলে কোনটো কেৰিয়াৰ নিৰ্বাচন কৰিলে সুফল লাভ কৰিব, সেই সম্পৰ্কে জানিবলৈ কেৰিয়াৰ পৰামৰ্শদাতাৰ  সহায়ো লব পাৰে। শিক্ষাৰ্থীসকলে হবি(hobby)বোৰকো গুৰুত্ব প্রদান কৰিব লাগে। কিয়নো এই হবিসমূহেই  শিক্ষাৰ্থী জীৱন, কৰ্ম জীৱন তথা অৱসৰ জীৱনত বিভিন্ন ধৰণে সহায় কৰিব পাৰে। কোনো ব্যক্তিৰ ভবিষ্যত জীৱনত হয়তো হবিয়েই এদিন কেৰিয়াৰ হব পাৰে।

 

  বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্কবিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com 

 

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ