ড° বুলজিৎ বুঢ়াগোহাঁই
সৰ্বভাৰতীয়
পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাসমূহত অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ ছাত্র-ছাত্রীৰ
উত্তীৰ্ণ হাৰ সাধাৰণতে কম হোৱা পৰিলক্ষিত হয়। প্রতিযোগিতামূলক পৰীক্ষাসমূহত
উত্তীৰ্ণ হ’ব পৰাকৈ মেধাৱী হোৱা সত্বেও ছাত্র-ছাত্রী সকল সঠিক ৰূপত
প্রস্তুত নোহোৱাৰ বাবেই এইসমূহ পৰীক্ষাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণৰ হাৰ আন
ৰাজ্যৰ তুলনাত কম হোৱা দেখা যায় ।
ষ্টাফ ছিলেকশ্বন
কমিছনে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগৰ
পদত নিযুক্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত পৰিচালনা কৰা কেইটামান প্রতিযোগিতামূলক
পৰীক্ষা হ’ল-
(১) সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষা (Combined Graduate Level
Examination): এই পৰীক্ষাৰ যোগেদি ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/
বিভাগ/ সংগঠন আৰু বিভিন্ন সাংবিধানিক সংস্থা/ বিধিগত সংস্থা/ ন্যায়াধিকৰণ আদিত
গ্ৰুপ ‘বি’ আৰু গ্ৰুপ ‘চি’ পদসমূহ, যেনে –
Assistant Audit Officer, Assistant Accounts Officer , Assistant Section
Officer, Inspector, Assistant Enforcement Officer, Sub Inspector, Inspector,
Assistant, Divisional Accountant, Junior Statistical Officer, Auditor,
Inspector of Income Tax, Accountant, Junior Accountant, Postal Assistant/
Sorting Assistant, Senior Secretariat Assistant/ Upper Division Clerks, Senior
Administrative Assistant, Tax Assistant, Upper Division Clerks আদি
পূৰণৰ বাবে কম্পিউটাৰ ভিত্তিক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে প্রাৰ্থীৰ বাচনি কৰে
।
বয়সৰ সীমা :
বিভিন্ন পদৰ বাবে পৰীক্ষাৰ বিজ্ঞাপন দিয়া বৰ্ষৰ ১ জানুৱাৰিত প্রাৰ্থীৰ বয়স ১৮ বছৰৰ
পৰা ৩২ বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে
বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি
বয়সৰ ৰেহাই সুবিধা আছে।
শিক্ষাগত অৰ্হতা
:
(ক)
সহকাৰী অডিট বিষয়া/সহকাৰী একাউণ্ট বিষয়া(Assistant Audit
Officer/Assistant
Accounts
Officer):
অত্যাৱশ্যকীয়
অৰ্হতা (Essential
Qualifications): স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ
পৰা স্নাতক ডিগ্ৰী লাভ কৰা।
বাঞ্ছনীয়
অৰ্হতা (Desirable
Qualifications): চাৰ্টাৰ্ড একাউণ্টেণ্ট(Chartered
Accountant) বা খৰচ আৰু ব্যৱস্থাপনা একাউণ্টেণ্ট (Cost &
Management Accountant) বা কোম্পানী সচিব (Company
Secretary) বা বাণিজ্যত স্নাতকোত্তৰ (Masters in Commerce) বা ব্যৱসায় অধ্যয়নত স্নাতকোত্তৰ(Masters inBusiness Studies) বা ব্যৱসায় প্ৰশাসন (বিত্ত)ত স্নাতকোত্তৰ[Masters in Business
Administration (Finance)] বা ব্যৱসায় অৰ্থনীতিত স্নাতকোত্তৰ (Masters
in Business Economics)।
(খ) কনিষ্ঠ পৰিসংখ্যা বিষয়া (Junior Statistical Officer): স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা যিকোনো বিষয়ত স্নাতক
ডিগ্ৰী আৰু দ্বাদশ মান পৰ্যায়ত গণিতত কমেও ৬০% নম্বৰ লাভ কৰিব লাগে অথবা ডিগ্ৰী
পৰ্যায়ত পৰিসংখ্যা বিষয়ক অন্যতম বিষয় হিচাপে লৈ যিকোনো বিষয়ত স্নাতক ডিগ্ৰী
লাভ কৰিব লাগিব।
(গ) অন্যান্য সকলো পোষ্ট(All other Posts): স্বীকৃতিপ্ৰাপ্ত
বিশ্ববিদ্যালয় বা সমতুল্যৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব।
কম্পিউটাৰ
ভিত্তিক পৰীক্ষা দুটা স্তৰত অনুষ্ঠিত হয় : টায়াৰ-I আৰু টায়াৰ-II
আৰু পৰীক্ষা কেন্দ্ৰ অসমৰ ডিব্ৰুগড়, গুৱাহাটী
(দিছপুৰ), যোৰহাট আৰু শিলচৰত আছে ।
টায়াৰ-I পৰীক্ষাত মুঠ নম্বৰ ২০০ থাকে । ইয়াত General Intelligence and Reasoning ৰ প্ৰশ্ন সংখ্যা ২৫ টা
আৰু ৫০ নম্বৰ, General Awareness ৰ প্ৰশ্ন সংখ্যা ২৫ টা আৰু
৫০নম্বৰ, Quantitative Aptitude ৰ প্ৰশ্ন সংখ্যা ২৫টা আৰু ৫০
নম্বৰ, English Comprehension ৰ প্ৰশ্ন সংখ্যা ২৫টা আৰু ৫০
নম্বৰ । প্রশ্নকাকত বস্তুনিষ্ঠ (objective),
একাধিক পছন্দৰ প্ৰশ্ন(Multiple choice questions)ধৰণৰ হয়৷ English Comprehension ৰ বাদে প্ৰশ্নসমূহ
ইংৰাজী আৰু হিন্দী ভাষাত থাকে। প্ৰতিটো ভুল উত্তৰৰ বাবে ০.৫০ ঋণাত্মক নম্বৰ থাকে।
টায়াৰ-II পৰীক্ষাত তিনিখন প্রশ্নকাকত থাকে। বিতং তথ্যৰ বাবে আগ্ৰহী শিক্ষাৰ্থীয়ে ষ্টাফ
ছিলেকশ্বন কমিছনৰ ৱেবছাইট (https://ssc.nic.in) ত চাব পাৰে।
(২) সংযুক্ত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ পৰীক্ষা (Combined Higher
Secondary (10+2) Level Examination) : এই পৰীক্ষাৰ যোগেদি ভাৰত
চৰকাৰ আৰু বিভিন্ন সাংবিধানিক সংস্থা/ বিধিগত সংস্থা/ ন্যায়াধিকৰণ আদিৰ বিভিন্ন মন্ত্ৰালয়/ বিভাগ/ কাৰ্যালয়ৰ বাবে
গ্ৰুপ চি পদসমূহ, যেনে
– নিম্ন বিভাগীয় কেৰাণী(Lower Division Clerk)/ কনিষ্ঠ সচিবালয়ৰ সহায়ক(Junior Secretariat Assistant) আৰু তথ্য প্ৰৱেশ অপাৰেটৰ (Data Entry Operator) আদি
পূৰণৰ বাবে কম্পিউটাৰ ভিত্তিক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে প্রাৰ্থীৰ বাচনি কৰে
।
বয়সৰ সীমা :
পৰীক্ষাৰ বিজ্ঞাপন দিয়া বৰ্ষৰ ১ জানুৱাৰিত প্রাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ২৭ বছৰৰ
ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা
আছে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।
শিক্ষাগত অৰ্হতা
: প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ
মান বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
কম্পিউটাৰভিত্তিক
পৰীক্ষা দুটা স্তৰত অনুষ্ঠিত হয় : টায়াৰ-I আৰু টায়াৰ-II আৰু পৰীক্ষা কেন্দ্ৰ অসমৰ
ডিব্ৰুগড়, গুৱাহাটী (দিছপুৰ), যোৰহাট
আৰু শিলচৰত আছে। টায়াৰ-I
পৰীক্ষাত মুঠ নম্বৰ ২০০ থাকে। ইয়াত English Language
(Basic Knowledge)ৰ প্ৰশ্ন সংখ্যা ২৫টা আৰু ৫০ নম্বৰ, General Intelligence ৰ প্ৰশ্ন সংখ্যা ২৫টা আৰু ৫০ নম্বৰ, Quantitative Aptitude (Basic
Arithmetic Skill) ৰ প্ৰশ্ন সংখ্যা ২৫টা আৰু ৫০ নম্বৰ,
General Awareness ৰ প্ৰশ্ন সংখ্যা ২৫টা আৰু ৫০ নম্বৰ।
প্রশ্নকাকত বস্তুনিষ্ঠ (objective),
একাধিক পছন্দৰ প্ৰশ্ন(Multiple choice questions) ধৰণৰ হয়। English Language
(Basic Knowledge)ৰ বাদে প্ৰশ্নসমূহ ইংৰাজী আৰু হিন্দী ভাষাত
থাকে। প্ৰতিটো ভুল উত্তৰৰ বাবে ০.৫০
ঋণাত্মক নম্বৰ থাকে।
টায়াৰ-II পৰীক্ষাৰ প্রশ্নকাকতত তিনিটা শাখা থাকে। বিতং তথ্যৰ বাবে আগ্ৰহী শিক্ষাৰ্থীয়ে
ষ্টাফ ছিলেকশ্বন কমিছনৰ ৱেবছাইট (https://ssc.nic.in) ত চাব পাৰে ।
(৩) ষ্টেনোগ্ৰাফাৰ গ্ৰেড ‘চি’ আৰু ‘ডি’ পৰীক্ষা(Stenographer Grade ‘C’ and ‘D’
Examination): ভাৰত চৰকাৰ বিভিন্ন মন্ত্ৰালয়/বিভাগ/সংগঠনৰ
ষ্টেনোগ্ৰাফাৰ গ্ৰেড ‘C’ (গ্ৰুপ ‘B’, নন-গেজেটেড)
আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড ‘D’ (গ্ৰুপ ‘C’) পদত নিযুক্তিৰ বাবে এটা মুক্ত প্ৰতিযোগিতামূলক কম্পিউটাৰ ভিত্তিক
পৰীক্ষা অনুষ্ঠিত কৰে। যিসকলৰ
ষ্টেনোগ্ৰাফী দক্ষতা আছে, তেওঁলোকহে আবেদন কৰিবলৈ যোগ্য।
বয়সৰ সীমা :
ষ্টেনোগ্ৰাফাৰ গ্ৰেড ‘C’ ৰ বাবে পৰীক্ষাৰ বিজ্ঞাপন দিয়া
বৰ্ষৰ ১ জানুৱাৰিত প্রাৰ্থীৰ বয়স ১৮ বছৰৰ
পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগে আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড ‘D’
ৰ বাবে পৰীক্ষাৰ বিজ্ঞাপন দিয়া বৰ্ষৰ ১ জানুৱাৰিত প্রাৰ্থীৰ বয়স ১৮
বছৰৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ
ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ
বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।
শিক্ষাগত অৰ্হতা
: প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ
মান বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
পৰীক্ষাৰ
প্রশ্নকাকতৰ মুঠ নম্বৰ ২০০। ইয়াত General
Intelligence & Reasoning ৰ প্ৰশ্ন সংখ্যা ৫০টা আৰু ৫০ নম্বৰ,
General Awareness ৰ প্ৰশ্ন সংখ্যা ৫০টা আৰু ৫০ নম্বৰ,
English Language and Comprehension ৰ প্ৰশ্ন সংখ্যা ১০০টা আৰু ১০০
নম্বৰ। প্রশ্নকাকত বস্তুনিষ্ঠ (objective),
একাধিক পছন্দৰ প্ৰশ্ন(Multiple choice questions) ধৰণৰ হয় । English
Language and Comprehension ৰ বাদে প্ৰশ্নসমূহ ইংৰাজী আৰু হিন্দী
ভাষাত থাকে। প্ৰতিটো ভুল উত্তৰৰ বাবে ০.২৫
নম্বৰৰ ঋণাত্মক নম্বৰ থাকে। পৰীক্ষা কেন্দ্ৰ অসমৰ ডিব্ৰুগড়, গুৱাহাটী(দিছপুৰ), যোৰহাট আৰু শিলচৰত আছে ।
ষ্টেনোগ্ৰাফীত
দক্ষতা পৰীক্ষা: কম্পিউটাৰ ভিত্তিক পৰীক্ষাত চৰ্টলিষ্ট হোৱা পৰীক্ষাৰ্থীয়ে ষ্টেন’গ্ৰাফীৰ
দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। প্ৰাৰ্থীসকলক ইংৰাজী বা
হিন্দী ভাষাত (অনলাইন আবেদন প্ৰ-পত্ৰত প্ৰাৰ্থীসকলে বাছনি কৰা অনুসৰি) ১০ মিনিটৰ
বাবে শ্ৰুতলিপি দিয়া হয়, ষ্টেনোগ্ৰাফাৰ গ্ৰেড ‘C’ পদৰ বাবে প্ৰতি মিনিটত ১০০ শব্দৰ গতিবেগ
আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড ‘D’ পদৰ বাবে প্ৰতি
মিনিটত ৮০ শব্দৰ গতিবেগ হ’ব লাগে।
বিষয়টো কম্পিউটাৰত লিপিবদ্ধ কৰিব লাগিব ।
(৪) কনিষ্ঠ অভিযন্তা (অসামৰিক, যান্ত্ৰিক, বৈদ্যুতিক আৰু পৰিমাণ জৰীপ আৰু চুক্তি) পৰীক্ষা (Junior Engineer
(Civil, Mechanical, Electrical and Quantity Surveying & Contracts)
Examination): ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগ/সংগঠনৰ বাবে
কনিষ্ঠ অভিযন্তা (অসামৰিক, যান্ত্ৰিক, বৈদ্যুতিক
আৰু পৰিমাণ জৰীপ আৰু চুক্তি) নিযুক্তিৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰে। এই পদসমূহ
গ্ৰুপ ‘বি’ (নন-গেজেটেড)।
বয়সৰ সীমা :
বিভিন্ন পদৰ বাবে পৰীক্ষাৰ বিজ্ঞাপন দিয়া বৰ্ষৰ ১ জানুৱাৰিত প্রাৰ্থীৰ বয়স ৩০/৩২ বছৰৰ ভিতৰত হ’ব
লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।
নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।
শিক্ষাগত অৰ্হতা
:
(ক) স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত
ডিগ্ৰী লাভ কৰা অথবা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/ প্ৰতিষ্ঠান/ ব’ৰ্ডৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ তিনি বছৰ ডিপ্লমা আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ
কামৰ পৰিকল্পনা/ নিষ্পাদন/ ৰক্ষণাবেক্ষণত দুবছৰীয়া কৰ্ম অভিজ্ঞতা।
(খ)স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিক ডিগ্ৰী অথবা
স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত তিনি
বছৰৰ ডিপ্লমা আৰু নিজ নিজ ক্ষেত্ৰত দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব।
(গ)স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠান বা ব’ৰ্ডৰ
পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা থাকিব লাগিব।
(ঘ) স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠান বা ব’ৰ্ডৰ
পৰা বৈদ্যুতিক অভিযান্ত্ৰিকীত ডিপ্লমা
থাকিব লাগিব।
(ঙ) স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠান বা ব’ৰ্ডৰ
পৰা যান্ত্ৰিক অভিযান্ত্ৰিক ডিপ্লমা। থাকিব লাগিব আদি।
পদ অনুসৰি
শিক্ষাগত অৰ্হতা বেলেগ বেলেগ । বিতং তথ্যৰ
বাবে আগ্ৰহী শিক্ষাৰ্থীয়ে ষ্টাফ ছিলেকশ্বন কমিছনৰ
ৱেবছাইট (https://ssc.nic.in) ত চাব পাৰে ।
পৰীক্ষাত দুখন
প্রশ্নকাকত থাকে । প্রশ্নকাকত -I (কম্পিউটাৰ ভিত্তিক পৰীক্ষা) আৰু প্রশ্নকাকত -II (বৰ্ণনামূলক)।
প্রশ্নকাকত –I ত General Intelligence and Reasoning ৰ প্ৰশ্ন
সংখ্যা ৫০টা আৰু ৫০ নম্বৰ; General Awareness ৰ প্ৰশ্ন
সংখ্যা ৫০টা আৰু ৫০ নম্বৰ আৰু General Engineering (Civil &
Structural) ৰ প্ৰশ্ন সংখ্যা ১০০টা আৰু ১০০ নম্বৰ অথবা General
Engineering (Electrical)ৰ প্ৰশ্ন সংখ্যা ১০০টা আৰু ১০০ নম্বৰ অথবা General
Engineering (Mechanical) ৰ প্ৰশ্ন সংখ্যা ১০০টা আৰু ১০০ নম্বৰ ।
প্রশ্নকাকতখন বস্তুনিষ্ঠ (objective), একাধিক পছন্দৰ প্ৰশ্ন(Multiple
choice questions) ধৰণৰ হয় ।
প্ৰশ্নসমূহ ইংৰাজী আৰু হিন্দী ভাষাত থাকে।
প্ৰতিটো ভুল উত্তৰৰ বাবে ০.২৫ নম্বৰ ঋণাত্মক নম্বৰ দিয়া হয়।
প্রশ্নকাকত –II (বৰ্ণনামূলক)ত General Engineering (Civil & Structural)ৰ ৩০০ নম্বৰ অথবা General Engineering (Electrical) ৰ
৩০০ নম্বৰঅথবা General Engineering (Mechanical) ৰ ৩০০ নম্বৰ
।
পৰীক্ষা কেন্দ্ৰ
অসমৰ ডিব্ৰুগড় , গুৱাহাটী (দিছপুৰ), যোৰহাট
, শিলচৰ আৰু তেজপুৰত
আছে ।
(চ) দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ উপ-পৰিদৰ্শক পৰীক্ষা
(Sub-Inspector in Delhi Police and Central Armed Police Forces
Examination): দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত
উপ-পৰিদৰ্শক নিযুক্তিৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হয় ।
বয়সৰ সীমা :
বিভিন্ন পদৰ বাবে পৰীক্ষাৰ বিজ্ঞাপন দিয়া বৰ্ষৰ ১ জানুৱাৰিত প্রাৰ্থীৰ বয়স প্রাৰ্থীৰ বয়স ২০ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব
লাগে । নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।
নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।
শিক্ষাগত অৰ্হতা
: সকলো পদৰ বাবে শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক
ডিগ্ৰী বা সমতুল্য।
এই পৰীক্ষাত
প্রশ্নকাকত -I, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট (পিএছটি)/ফিজিকেল
এণ্ডুৰেন্স টেষ্ট (পিইটি)[ Physical Standard Test (PST)/Physical
Endurance Test (PET)], প্রশ্নকাকত -II আৰু
বিশদ চিকিৎসা পৰীক্ষা (ডিএমই)[ Detailed Medical Examination (DME)] থাকে। পৰীক্ষাৰ এই সকলোবোৰ পৰ্যায় বাধ্যতামূলক।
প্রশ্নকাকত –I ত General Intelligence
and Reasoningৰ প্ৰশ্ন সংখ্যা ৫০টা আৰু ৫০ নম্বৰ; General
Knowledge and General Awarenessৰ প্ৰশ্ন সংখ্যা ৫০টা আৰু ৫০ নম্বৰ ;Quantitative
Aptitudeৰ প্ৰশ্ন সংখ্যা ৫০টা আৰু ৫০ নম্বৰ আৰু English
Comprehensionৰ প্ৰশ্ন সংখ্যা ৫০টা আৰু ৫০ নম্বৰ।
প্রশ্নকাকত –II ত English language & Comprehensionৰ প্ৰশ্ন
সংখ্যা ২০০টা আৰু ২০০ নম্বৰ।
দুয়োখন
প্রশ্নকাকতৰ প্ৰশ্ন বস্তুনিষ্ঠ , বহু পছন্দৰ ধৰণৰ হ’ব। প্রশ্নকাকত –I English Comprehensionৰ বাদে প্ৰশ্নসমূহ ইংৰাজী আৰু হিন্দী ভাষাত থাকে।
প্রশ্নকাকত –I আৰু প্রশ্নকাকত –II ত প্ৰতিটো ভুল উত্তৰৰ বাবে 0.২৫ নম্বৰৰ ঋণাত্মক
নম্বৰ থাকে।
পৰীক্ষা কেন্দ্ৰ
অসমৰ ডিব্ৰুগড় , গুৱাহাটী (দিছপুৰ), যোৰহাট
, শিলচৰ আৰু তেজপুৰত
আছে ।
ফিজিকেল
ষ্টেণ্ডাৰ্ড টেষ্ট (পিএছটি)/ফিজিকেল এণ্ডুৰেন্স টেষ্ট (পিইটি)[ Physical
Standard Test (PST)/Physical Endurance Test (PET)] আৰু বিশদ
চিকিৎসা পৰীক্ষা (ডিএমই)[ Detailed Medical Examination (DME)]ৰ বিতং তথ্যৰ বাবে আগ্ৰহী
শিক্ষাৰ্থীয়ে ষ্টাফ ছিলেকশ্বন কমিছনৰ
ৱেবছাইট (https://ssc.nic.in) ত চাব পাৰে ।
(ছ) কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত কনিষ্টবল (জিডি), এছ এছ এফ, অসম ৰাইফলছত ৰাইফলমেন (জি ডি) আৰু
নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোত চিপাহী পৰীক্ষা [Constable (GD) in Central
Armed Police Forces (CAPFs), SSF, Rifleman (GD) in Assam Rifles and Sepoy in
Narcotics Control Bureau Examination]: গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে
প্ৰণয়ন কৰা নিযুক্তি আঁচনি অনুসৰি আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ষ্টাফ ছিলেকশ্বন
কমিছনৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি
অনুসৰি সীমান্ত সুৰক্ষা বাহিনী (বি এছ
এফ), কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চি আই এছ এফ),
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), ভাৰত তিব্বতী সীমান্ত আৰক্ষী( আই টি বি পি), সাশাস্ত্ৰ
সীমা বাল (এছ এছ বি), সচিবালয় নিৰাপত্তা বাহিনী (এছ এছ এফ),
অসম ৰাইফলছ (এ আৰ)ত ৰাইফলমেন (জেনেৰেল ডিউটি) আৰু এন চি বি
(নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো)ত চিপাহী
নিযুক্তিৰ বাবে প্ৰতিযোগিতামূলক
পৰীক্ষা অনুষ্ঠিত কৰে । নিযুক্তি প্ৰক্ৰিয়াত কম্পিউটাৰ ভিত্তিক পৰীক্ষা (চিবিই),
শাৰীৰিক দক্ষতা পৰীক্ষা (পিইটি), শাৰীৰিক
মানদণ্ড পৰীক্ষা (পিএছটি), চিকিৎসা পৰীক্ষা আৰু নথিপত্ৰ
পৰীক্ষণৰ ব্যৱস্থা থাকে।
বয়সৰ সীমা :
প্রাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ২৩ বছৰৰ ভিতৰত হ’ব লাগে । নিৰ্দিষ্ট শ্রেণীৰ
ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ
বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।
শিক্ষাগত অৰ্হতা : পৰীক্ষাৰ্থীয়ে
স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ড/ বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিক বা দশম
শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
এই পৰীক্ষাত
কম্পিউটাৰ ভিত্তিক বস্তুনিষ্ঠ ধৰণৰ
প্রশ্নকাকত । ইয়াত General
Intelligence and Reasoning ৰ প্ৰশ্ন সংখ্যা ২০টা আৰু ৪০ নম্বৰ,
General Knowledge and General Awareness ৰ প্ৰশ্ন সংখ্যা ২০টা আৰু
৪০ নম্বৰ,Elementary Mathematics ৰ প্ৰশ্ন সংখ্যা ২০টা আৰু ৪০
নম্বৰ আৰু English/ Hindi ৰ প্ৰশ্ন সংখ্যা ২০টা আৰু ৪০
নম্বৰ। প্ৰতিটো ভুল উত্তৰৰ বাবে ০.৫০ নম্বৰৰ ঋণাত্মক নম্বৰ থাকে। কম্পিউটাৰ
ভিত্তিক পৰীক্ষা কেৱল ইংৰাজী আৰু হিন্দী ভাষাত অনুষ্ঠিত হয়। পৰীক্ষা কেন্দ্ৰ অসমৰ
ডিব্ৰুগড়,গুৱাহাটী(দিছপুৰ), যোৰহাট
আৰু শিলচৰত আছে ।
শাৰীৰিক দক্ষতা
পৰীক্ষা (পিইটি)/ শাৰীৰিক মান পৰীক্ষা (পিএছটি) [Physical Efficiency Test (PET)/
Physical Standard Test (PST)] আৰু চিকিৎসা পৰীক্ষা (Medical
Examination)ৰ বিতং তথ্যৰ বাবে আগ্ৰহী শিক্ষাৰ্থীয়ে
ষ্টাফ ছিলেকশ্বন কমিছনৰ ৱেবছাইট (https://ssc.nic.in) ত চাব পাৰে ।
(জ) কনিষ্ঠ হিন্দী অনুবাদক, কনিষ্ঠ অনুবাদক আৰু জ্যেষ্ঠ
হিন্দী অনুবাদক পৰীক্ষা (Junior Hindi Translator, Junior Translator and
Senior Hindi Translator Examination): ভাৰত চৰকাৰৰ বিভিন্ন
মন্ত্ৰালয়/ বিভাগ/ সংস্থাৰ বাবে কনিষ্ঠ হিন্দী অনুবাদক, কনিষ্ঠ
অনুবাদক আৰু জ্যেষ্ঠ হিন্দী অনুবাদকৰ গ্ৰুপ ‘বি’ নন-গেজেটেড পদত নিযুক্তিৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰে।
বয়সৰ সীমা :
প্রাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগে । নিৰ্দিষ্ট
শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে। নিৰ্দিষ্ট শ্রেণীৰ
ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।
শিক্ষাগত
অৰ্হতা: Junior
Translator in Central Secretariat Official Language Service (CSOLS), Junior
Translator in M/o Railways (Railway Board), Junior Translator in Armed Forces
Headquarters (AFHQ) আৰু Junior Translator (JT)/ Junior
Hindi Translator (JHT) পদৰ বাবে শিক্ষাগত অৰ্হতা হ’ল - ইংৰাজীক বাধ্যতামূলক বা
ঐচ্ছিক বিষয় হিচাপে বা ডিগ্ৰী পৰ্যায়ত পৰীক্ষাৰ মাধ্যম হিচাপে লৈ হিন্দী ভাষাত
স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰী ; অথবা
হিন্দীক বাধ্যতামূলক বা ঐচ্ছিক বিষয় হিচাপে বা ডিগ্ৰী পৰ্যায়ত পৰীক্ষাৰ মাধ্যম
হিচাপে লৈ ইংৰাজী ভাষাত স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰী;
অথবা হিন্দী বা ইংৰাজীৰ
বাহিৰে আন যিকোনো বিষয়ত স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰী,
হিন্দী মাধ্যম আৰু ইংৰাজীক বাধ্যতামূলক বা ঐচ্ছিক বিষয় হিচাপে বা
ডিগ্ৰী পৰ্যায়ত পৰীক্ষাৰ মাধ্যম হিচাপে; অথবা হিন্দী বা
ইংৰাজীৰ বাহিৰে আন যিকোনো বিষয়ত স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ
ডিগ্ৰী, ইংৰাজী মাধ্যম আৰু হিন্দীক বাধ্যতামূলক বা ঐচ্ছিক
বিষয় হিচাপে বা ডিগ্ৰী পৰ্যায়ত পৰীক্ষাৰ মাধ্যম হিচাপে লৈ; অথবা হিন্দী বা ইংৰাজীৰ বাহিৰে আন যিকোনো বিষয়ত স্বীকৃতিপ্ৰাপ্ত
বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰী, হিন্দী আৰু ইংৰাজীক
বাধ্যতামূলক বা ঐচ্ছিক বিষয় হিচাপে বা দুয়োটাৰে যিকোনো এটাক পৰীক্ষাৰ মাধ্যম
হিচাপে আৰু আনটো ডিগ্ৰী পৰ্যায়ত বাধ্যতামূলক বা ঐচ্ছিক বিষয় হিচাপে আৰু হিন্দীৰ পৰা ইংৰাজীলৈ অনুবাদৰ স্বীকৃতিপ্ৰাপ্ত
ডিপ্লমা বা চাৰ্টিফিকেট পাঠ্যক্ৰম বা ভাৰত চৰকাৰৰ আণ্ডাৰটেকিংকে ধৰি কেন্দ্ৰীয় বা
ৰাজ্য চৰকাৰৰ কাৰ্যালয়ত হিন্দীৰ পৰা ইংৰাজীলৈ আৰু বিপৰীতে অনুবাদৰ কামৰ দুবছৰীয়া
অভিজ্ঞতা।
Senior Hindi
Translator in various Central Government Ministries/ Departments/ Offices পদৰ বাবে শিক্ষাগত অৰ্হতা হ’ল - ইংৰাজীক বাধ্যতামূলক
বা ঐচ্ছিক বিষয় হিচাপে বা ডিগ্ৰী পৰ্যায়ত পৰীক্ষাৰ মাধ্যম হিচাপে লৈ হিন্দী
ভাষাত স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰী; অথবা
হিন্দীক বাধ্যতামূলক বা ঐচ্ছিক বিষয় হিচাপে বা ডিগ্ৰী পৰ্যায়ত পৰীক্ষাৰ মাধ্যম
হিচাপে লৈ ইংৰাজী ভাষাত স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰী;
অথবা হিন্দী বা
ইংৰাজীৰ বাহিৰে আন যিকোনো বিষয়ত স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ
ডিগ্ৰী,
হিন্দী মাধ্যম আৰু ইংৰাজীক বাধ্যতামূলক বা ঐচ্ছিক বিষয় হিচাপে বা
ডিগ্ৰী পৰ্যায়ত পৰীক্ষাৰ মাধ্যম হিচাপে; অথবা হিন্দী বা
ইংৰাজীৰ বাহিৰে আন যিকোনো বিষয়ত স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ
ডিগ্ৰী, ইংৰাজী মাধ্যম আৰু হিন্দীক বাধ্যতামূলক বা ঐচ্ছিক
বিষয় হিচাপে বা ডিগ্ৰী পৰ্যায়ত পৰীক্ষাৰ মাধ্যম হিচাপে লৈ; অথবা হিন্দী বা ইংৰাজীৰ বাহিৰে আন যিকোনো বিষয়ত স্বীকৃতিপ্ৰাপ্ত
বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰী, হিন্দী আৰু ইংৰাজীক
বাধ্যতামূলক বা ঐচ্ছিক বিষয় হিচাপে বা দুয়োটাৰে যিকোনো এটাক পৰীক্ষাৰ মাধ্যম
হিচাপে আৰু আনটো ডিগ্ৰী পৰ্যায়ত বাধ্যতামূলক বা ঐচ্ছিক বিষয় হিচাপে আৰু হিন্দীৰ
পৰা ইংৰাজীলৈ অনুবাদৰ স্বীকৃতিপ্ৰাপ্ত ডিপ্লমা বা চাৰ্টিফিকেট পাঠ্যক্ৰম বা ভাৰত
চৰকাৰৰ আণ্ডাৰটেকিংকে ধৰি কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ কাৰ্যালয়ত হিন্দীৰ পৰা
ইংৰাজীলৈ আৰু বিপৰীতে অনুবাদৰ কামৰ তিনি বছৰৰ অভিজ্ঞতা।
এই সকলোবোৰ
প্রতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন ষ্টাফ ছিলেকশ্বন কমিছনৰ
ৱেবছাইট (https://ssc.nic.in) লগতে এমপ্লয়মেণ্ট নিউজ
আৰু বিভিন্ন বাতৰি কাকত/আলোচনীত প্রকাশ হয় । ষ্টাফ ছিলেকশ্বন কমিছনে পৰিচালনা কৰা প্রতিযোগিতামূলক পৰীক্ষাবোৰ
অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে। ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল- https://ssc.nic.in/Portal/Apply
ষ্টাফ ছিলেকশ্বন কমিছনে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগৰ পদত নিযুক্তিৰ বাবে সৰ্বভাৰতীয়
পৰ্যায়ত পৰিচালনা কৰা প্রতিযোগিতামূলক পৰীক্ষাসমূহ তথা নিযুক্তিৰ বাবে আয়োজন কৰা
সাক্ষাৎকাৰবোৰত সাধাৰণতে সাধাৰণ জ্ঞানৰ পৰীক্ষা লোৱা হয় । সাধাৰণ জ্ঞান দুই
প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান(Traditional General
Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ(Current Affairs )। সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা
সম্ভৱ নহয় ইয়াৰ বাবে ছাত্র-ছাত্রী সকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন। পৰম্পৰাগত
সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ
পাঠ্য পুথি আৰু এই সকলোবোৰ বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব।
সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বভিন্ন
আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু, দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত
কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু
টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে ।
তাৰোপৰি, সাংখ্যিক হিচাপ-নিকাচৰ সক্ষমতা (Numerical
Ability), বিচাৰ-বুদ্ধিৰ ক্ষমতা (Reasoning) আদি
বিষয়সমূহৰ অনুশীলনো স্কুলীয়া দিনৰ পৰাই আৰম্ভ কৰাটো দৰকাৰ। ছাত্র-ছাত্রী সকলে দীঘলীয়া সময়ৰ প্রস্তুতি লগতে
নিয়মীয়া অনুশীলন অব্যাহত ৰাখি এইসমূহ পৰীক্ষাৰ বাবে প্রস্তুতি চলালে আমাৰ ৰাজ্যৰ
পৰাও উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীৰ সংখ্যা বৃদ্ধি হ’ব বুলি
আশা কৰিব পাৰি ।
ড° বুলজিৎ
বুঢ়াগোহাঁই
কেৰিয়াৰ
পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বি.দ্র. কেৰিয়াৰ
বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে
প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।