অন্যযুগ/


চক্ৰ

যশোৱন্ত নিপুণ


(১)

মানুহ দুঘৰৰ কাজিয়া লাগে মাহেকে-পষেকে৷ কিন্তু কাজিয়া কৰাৰো কিছুমান বিশেষ সময় আছে৷ আবেলি আৰু শনি বা ৰবিবাৰেহে সাধাৰণতে যুদ্ধ চলে৷ কাম-কাজৰ পৰা আজৰি হৈ লৈ দুয়োপক্ষই এঘণ্টা-দুঘণ্টাৰ কাৰণে মহাসমৰত লিপ্ত হয়৷ চুবুৰিটোৰ বাকীসকলেও ভালেই পায়৷ গালি-শপনিবোৰ আৰু ইপক্ষই সিপক্ষৰ বদনাম যেনেকৈহে খোঁচৰে, গোটেই কাজিয়াখনেই এখন সৰস নাটকৰ ৰূপ লয়গৈ৷ দুই-এজন চুবুৰীয়াই ৰাস্তালৈ কিবা কামৰ কাৰণে ওলাই অহাৰ ভাও জুৰি মহাসমৰৰ বীৰ যোদ্ধাসকলৰ লম্ফ-জম্ফবোৰৰ দৰ্শন কৰি নয়ন সাৰ্থক কৰি যায় মাজে মাজে৷ কাজিয়া ভগাৰ পাছত চুবুৰিটো নিজম পৰে, ঠিক দ্বিতীয় দৰ্শনীৰ পাছৰ ভ্ৰাম্যমান থিয়েটাৰৰ মণ্ডপটোৰ দৰে৷ 

প্ৰাইমাৰী স্কুলখনৰ সন্মুখত বহা সন্ধিয়াৰ আড্ডাটোতো ফুচ্‌ফুচ্‌কৈ কাজিয়াখনৰ কাৰণ, ঊদ্দেশ্যৰ বিশ্লেষণ চলে৷

যিয়েই নহওক, কাজিয়াখনৰ এটা বৰ ভাল দিশ আছে৷ ৰেৱতী আইতাৰ, মানে পশ্চিমৰ ঘৰৰ নৰকান্ত খুৰাৰ মাকজনীৰ বয়স হৈছে৷ কথা কলেই তেওঁৰ বুকুখন বিষায় হেনো, হাত-ভৰিৰ বিষত থাকিব নোৱৰা হোৱা কথাটো তেওঁ সকলোকে পাৰিলে সদায়েই কব খোজে৷ কিন্তু কাজিয়া লাগিলে তেওঁৰ ডিঙি ফালি এনে সুৱদী, শুৱলা গালি বাহিৰ হৈ আকাশখন চিৰাচিৰ কৰে যে আমি কবলৈ বাধ্য হওঁ - আৰু কমেও এবছৰ হাত-ভৰিৰ বিষেই মাত্ৰ নহয়, বেলেগ কোনো অসুখৰ বাপেকৰো সাধ্য নাই আইতাৰ ওচৰ চাপিবলৈ৷ আৰু সঁচাকৈয়ে দুই-তিনিদিনলৈ তেওঁ বুকু ফিন্দাই ঘূৰি ফুৰে৷ যেন কৰবাৰ স্বাস্থ্যনিৱাসত গৈ এমাহমান থাকি শক্তিবৰ্ধক ঔষধ, পথ্য আদি খাইহে ঘূৰি আহিল তেওঁ৷

কিন্তু সিদিনা কাজিয়া লাগিল সোমবাৰৰ দিনা ৰাতিপুৱাই ! কি আচৰিত কথা ! হৰিহৰ খুৰাই থিয় হৈ ভাবিলে৷ ছেঃ ! তেওঁ গৰুহালক পথাৰত এৰাল দিবলৈ ওলালেই নহয়৷ এতিয়া কোনে তেওঁক কব- কাজিয়াত কি হ, কোনে কাক কি বুলি গালি পাৰিলে, কোনে কাৰ কেইপুৰুষ উদ্ধাৰিলে ? ইফালে গৰুহালক গোহালিলৈ ওভতাই নিলেও বেয়া দেখিব ! দুখ মনেৰে তেওঁ পথাৰলৈ গৰুহালৰ সৈতে আগ বাঢ়িল। 

ইফালে কাজিয়াই পূৰ্ণ গতি ললে৷

চালা, মহামাৰীত মৰাহঁত, তহঁতৰ কাৰণে পাণ এজোপাও ৰাখিব নোৱৰা হলোঁ৷ কিয় ইমান পাপী অতহঁত ! ইমান অন্যায় কৰি থাক পাপীহঁত৷” নৰকান্ত খুৰাই গগন ফালি গালি পাৰিছে৷

পূবফালৰ পুৰন্দৰ ককায়ো সমানৰ বীৰ৷ তেওঁ চিঞৰিছে, “ঐ ইতৰ প্ৰাণী ! তহঁতৰ কথা দেশৰ ৰাইজে জানে৷ নিজে পাণ কাটি বেলেগক দোষ দিবলৈ আহিছ, নাককটা নিলাজৰ জাত ! কি দৰকাৰ পৰিছে তোৰ বাৰীত সোমাই তোৰ পাণ কাটিবলৈ মোৰ? তোৰ ঘৰত, তোৰ বাৰীত কেতিয়াবা মূতিবলৈও যোৱা দেখিছে নেকি আমাক কোনোবাই ? বদনাম নিদিবি বুলি কৈ দিছোঁ তহঁতক৷ 

তাৰ পাছত ভীষণ কোঢ়াল৷ ইঘৰে সিঘৰক অভিধানতো বিচাৰি নোপোৱা বিশেষণ দি দি গালি পাৰিছে৷ ওচৰ-চুবুৰীয়াই মাজে মাজে নেদেখাকৈ হাঁহিছে৷

চাইকেল মাৰি মাৰি কাষৰ গাঁৱৰে এজন টাউনৰ বজাৰলৈ গৈ আছিল৷ নৰকান্ত খুৰাই তেওঁক আগচি ধৰি ৰখালে৷ ভাই, মোৰ বুকুত কেনেকৈ ই কুকুৰে কামোৰ মাৰিলে চাই যাহিচোন৷

মানুহজনে অনিচ্ছা সত্ত্বেও খুৰাৰ ঘৰৰ পিছফাললৈ গল৷ দুই ঘৰৰ সীমাৰ কাষৰ তামোলজোপাত বগোৱা পাণজোপাৰ পাতবোৰ জঁই পৰি গৈছে৷ গুৰিতেই কোনোবাই পাণজোপা কাটি থৈছে৷

 

তয়ে ক এতিয়া, এনে মানুহৰ কাষত কোনোবা ভাল মানুহ কেনেকৈ তিষ্ঠিব ? মই বুলিহে নমৰাকৈ বাচি আছোঁ৷ পাণকটা শত্ৰুৰ দৰে শত্ৰু নাই জগতত৷”  নৰকান্ত খুৰাই আটাহ পাৰি পাৰি কলে৷

পাণ কটাটো বৰ বেয়া কাম হৈছে৷ কিন্তু কাটিছে কোনে ? তই দেখিছ জানো ?” নিৰপেক্ষ সুৰ এটা আনিবলৈ চেষ্টা কৰি মানুহজনে সৰু সৰুকৈ কলে৷

ই হিংসুকে কি কৰিব নোৱাৰে ? পৃথিৱীৰ চব পচা কাম সিয়েই কৰে৷” নৰকান্ত খুৰাই চিঞৰি চিঞৰি কলে৷

মনে মনে থাক চাল্লা গৰুচোৰ, ইতৰ, নিলাজ৷ ই গৰুচোৰে নিজে পাণ কাটি মোক দোষ দিবলৈ আহিছে৷ মই তাৰ বাৰীলৈ মূতিবলৈকো নাযাওঁ৷ ৰাইজখনে জানে৷” পুৰন্দৰ ককায়ে মানুহজনলৈ চাই কলে৷

 

ইফালে ইমান পৰে ৰণত মাত্ৰ এষাৰ-দুষাৰ গালিৰ যোগদান আগ বঢ়োৱা ৰেৱতী আইতাৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ৷ তেওঁৰ কলিজাৰ শক্তি যে কমি যোৱা নাই তাকেই আকৌ এবাৰ প্ৰমাণ কৰি চিঞৰিলে, “সি কুলাংগাৰেতো মিছা মাতিবই৷ ৰাইজখন আছে৷ ইয়াক এৰি নিদিওঁ আজি৷ ই তিৰী বাঁৰী হোৱাৰ আজি ৰাইজে বিচাৰ কৰিব লাগিব৷ লাগিব, লাগিব, লাগিব৷

বচনফাঁকি পুৰন্দৰ ককাইৰ ঘৈণীয়েক, নিৰজা নবৌৰ গাতহে বেছিকৈ লাগিল৷ খঙত ৰঙা হৈ তেওঁ চিঞৰিলে, “কি কলি, চালী পিশাচিনী বুঢ়ী ? তিৰী বাঁৰী হোৱা বুলিছ ! তই নিজে কি অ’ ? তোৰ ভাল গুণৰ কাৰণেহে তোৰ মানুহটো কেতিয়াবাতে মৰি ভূত হয় নে ? চালী শাখিনীয়ে আকৌ বেলেগক গালি পাৰে, লাজো নাই৷

কাঁড়পাতে ৰেৱতী আইতাৰ বুকুতে লগাতকৈয়ো বেছি দকৈ বিন্ধি গল৷ অলপ সময় তভক মাৰি তেওঁ বজ্ৰপাত পৰা মানুহৰ দৰে থিয় হৈ ৰল৷ বুকুখনত শোক এটায়ো খুন্দা মাৰি ধৰিলে তেওঁৰ৷ চকুপানীবোৰ সৰসৰকৈ ওলাবলৈ ধৰিলে৷ ককা ডেকা বয়সতে স্বৰ্গগামী হোৱাৰ দুখটো তেওঁ আজিলৈকে পাহৰিব পৰা নাই৷ বৰষুণৰ বতৰত তেওঁ পুতেকক কেতিয়াবা আজিও কৈ উঠে, “এই বৰষুণত মানুহজন ভিজিল অ৷ কি কৰোঁ, কি কৰোঁ অমই!

 

কাজিয়াৰ মাজতে সেই ঘাটুকুৰাৰ যন্ত্ৰণাটোৱে আকৌ নতুনকৈ সাৰ পাই উঠিল৷ চোতালতে বাগৰি পৰি আইতাই হাও হাওকৈ কান্দিবলৈ ধৰিলে৷ মোক কিয় এনেকৈ কামুৰি থাক অ’ ! মোৰ মানুহটোক কালে লৈ গল৷ অচবেই মনে মনে বৰ ভাল পালে অ৷ অমোৰ মানুহটো, মোক কিয় এৰি গলি অ…”

গোটেই নাটকখনৰেই যেন ছন্দপতন হল৷ গালি-শপনিবোৰতকৈও ৰেৱতী আইতাৰ হিয়াভগা কান্দোনৰ শব্দবোৰেহে চুবুৰিটো জিনি নিবলৈ ধৰিলে৷ অলপ পাছতে আইতা মূছকঁছ যোৱাৰ দৰে হলে৷ নৰকান্ত খুৰা আৰু খুৰীয়েই দাংকোলাকৈ আইতাক লৈ ভিতৰলৈ গল৷


ইফালে পুৰন্দৰ ককাই আৰু নিৰজা নবৌৰো ৰণ জিকাৰ আনন্দতকৈও মনে মনে বেয়াহে লাগিবলৈ ধৰিলে বেছিকৈ৷ বুঢ়ীজনীক তেনেকৈ কব নালাগিছিল পাই৷ এতিয়া সেইটো দুখতেই বুঢ়ীজনীৰ কিবা এটা হবলৈ হলে সিহঁতকহে পাপে চুব৷ ঘৰৰ ভিতৰলৈ সোমাই ককায়ে নবৌক চকু পকাই ধৰিলে, “কিয় তেনেকৈ কলি তই ? বুঢ়ীৰ লগত কাজিয়া কিয় কৰিব লাগে ? এতিয়া কিবা এটা হলে গম পাবি৷ এনেয়ে বুঢ়ী কোনদিনা সিফলীয়া হয় তাৰ নাই ঠিক৷

বুঢ়ীয়ে আপোনাক তিৰী বাঁৰী হোৱা বুলি গালি পৰা কাৰণেহে ময়ো তেনেকৈ কলোঁ৷ তাতেইনো তাইৰ ইমান গাত লাগিব লাগে নে ?” নবৌৱে চিন্তা মিহলি সুৰত কলে৷

(২)

 

তাৰ পাছৰ দুসপ্তাহমান ধৰি চুবুৰিটোত লগাতকৈও বেছি শান্তি বিৰাজ কৰিলে৷ ৰাইজে ৰেৱতী আইতাৰ মাতেই শুনিবলৈ নোপোৱা হল৷ পুৱা-গধুলি, মাজতে কেতিয়াবা এবাৰ-দুবাৰহে ঘৰৰ পৰা ওলায়৷ বাকী সময়ত তেওঁৰ সাৰি-শব্দই নাই৷ কম বয়সতে গুচি যোৱা গিৰীয়েকৰ স্মৃতি আৰু নিৰজা নবৌৱে দিয়া আঘাতটোৱে বাৰুকৈয়ে দুৰ্বল কৰি পেলালে তেওঁক৷ নাতিয়েক দুটাক শাসন কৰিবলৈও আজিকালি তেওঁৰ মন নাযায়৷ আগতে গাৰ বিষটোৰ কথা দিনটোত কাৰোবাক এবাৰ হলেও কয়৷ কিন্তু এতিয়া সেইবোৰো নোহোৱা হল৷ নিৰজা নবৌৰ মনে মনে বৰ চিন্তা হল৷ এই দুখতেই যদি বুঢ়ী সিফলীয়া হয়, তেওঁকহে পাপে চুব৷ মানুহেও নবৌকেই বুঢ়ীৰ মনত দুখ দি মাৰি পেলোৱা বুলি বদনাম কৰিব৷ নবৌৱে দিনটো কাণ থিয় কৰি শুনিবলৈ চেষ্টা কৰে বুঢ়ীৰ মুখৰ পৰা নিৰ্গত এটা চিঞৰ, গালি-শপনিৰ অন্ততঃ এটি টুকুৰা৷ কিন্তু নাই ! তেনে একোৱেই নঘটে !

 

সিদিনা আবেলি আঁহতজোপাৰ তলৰ বাঁহেৰে সাজি লোৱা খাটখনত বহি কেইজনমানে তাচপাত খেলিছে৷ জিৰজিৰ বতাহে খেলুৱৈ কেইজনৰ উদং গাবোৰ গৰমৰ দিনতো শাঁত পেলাই ৰাখিছে৷ খেলুৱৈসকলৰ মাজত নৰকান্ত খুৰা আৰু পুৰন্দৰ ককায়ো আছে৷ দুয়োৰে পিছে মাতবোলহে নাই৷ আৰু এজনে এনেয়ে কাষতে বহি চাধা মলিছে৷ খেলুৱৈসকলৰ চাধাভক্ত কেইজনেও ভাগ লব বুলি কৈ থৈছে৷

 

তেনেতে নৰকান্ত খুৰাৰ ঘৰৰ ফালৰ পৰা কান্দোনৰ শব্দ এটা ভাহি আহিল৷ খুৰীয়ে কান্দিছে ডাঙৰ ডাঙৰকৈ৷ আৰু খুৰাৰ প্ৰাইমাৰী স্কুলত পঢ়া লৰাহালে দেদাউৰিয়াই ঢপলিয়াই দৌৰিছে আঁহতৰ তললৈ৷ চুবৰিটো ৰজনজনাই গৈছে৷

খুৰা কিংকৰ্তব্যবিমূঢ়৷ হঠাৎ কি হল ঘৰত ?

ডাঙৰ লৰাটোৱে খুৰাৰ ওচৰ পায়েই আটাহ পাৰি, মাটিত ভৰি মাৰি, হাত জোকাৰি জোকাৰি কবলৈ ধৰিলে

আইতা মৰিল অ৷ অমৰিল অ’৷সৰু লৰাটোৱেও ডাঙৰটোৰ মুখলৈ চাই সমানে ডাঙৰকৈ আটাহ পাৰিছে৷

কি হৈছে নকৱ কিয় আগতে ?” খুৰাৰো ভয় লাগিল৷

আইতা মৰি গল৷ বাগৰি পৰি আইতা মৰি গল এ এ এ৷

 

খাটৰ পৰা জপিয়াই নামি, গামোচাখনৰ আধাখোলা গাঁঠিটো ভালকৈ মাৰি লৈ খুৰাই ঘৰৰ পিনে দৌৰিলে৷ পিছে পিছে লৰা দুটা৷ চাধা মৰাজন আৰু তাচপাতৰ খেলুৱৈ কেইজনো পিছে পিছে গল৷ পুৰন্দৰ ককাই অলপ সময় তভক মাৰি ৰল৷ কিন্তু তেৱোঁ নৰকান্ত খুৰাৰ ঘৰৰ ফালে খোজ ললে৷ এনেহেন সময়ত শত্ৰুতাৰ কথা মনত ৰাখি থাকিব নাপায়৷

খুৰাৰ ঘৰৰ পদূলিতে পুৰন্দৰ ককাই থিয় দি ৰল৷

ভিতৰত খুৰাই চিঞৰি কাৰোবাক দবিয়াইছে, “মনে মনে থাক৷ মোৰ মূৰটো গৰম নকৰিবি এতিয়া৷ যা পানী লৈ আহ৷ চকু-মুখত মাৰিব লাগে৷ যা, দেৰি নকৰিবি এতিয়া৷ এনেকৈ ভেঁ-ভেঁকৈ মুখ মেলি দিবহে জানিছ তহঁতে৷

অলপ পাছতহে কথাবিলাক পৰিষ্কাৰ হল৷ যোৱা কেইদিনমানৰ পৰা ৰেৱতী আইতাই ভালকৈ খোৱা-বোৱা কৰা নাই৷ অনবৰতে কিবা ভাবি থাকে৷ মাজে মাজে বহু বছৰ আগতে তেওঁক এৰি গুচি যোৱা ককাৰ কথা কৈ উচুপি উচুপি কান্দে৷ দুৰ্বলতাৰ কাৰণেই মূৰ আচন্দ্ৰাই কৰি তেওঁ পৰি গৈছিল৷ বোৱাৰীয়েকে তাতেই বৰ ভয় খালে৷ নাতিয়েক দুটাই আইতাকক মৰি যোৱা বুলিয়েই ভাবি লৈছিল৷

পুৰন্দৰ ককায়ে ঘৰলৈ আহি নবৌকো কলে কথাটো৷ নবৌৱে কাণ থিয় কৰি ইতিমধ্যে সকলো শুনিছিলেই৷ ৰেৱতী আইতা মৰা বুলি নাতিয়েক দুটাই চিঞৰি চিঞৰি কন্দা শুনি তেওঁ বৰ ভয় খাইছিল৷

কি কৰিবা এতিয়া ? আমাৰ দোষতেই এইবোৰ হল নেকি অ’ ?” ককায়ে সৰু সৰুকৈ কলে৷

খবৰ এটা লৈ অহাটো ভাল হব নেকি ?” নবৌৱে সুধিলে৷

কিন্তু যাওঁ কেনেকৈ ? সিহঁতৰ লগত ইমান বছৰে অহা-যোৱা নাই৷

এঃ বাদ দিয়ক সেইবোৰ৷ এনেহেন সময়ত সেইবিলাক কথা কোনেও নাভাবে৷

 

পাছদিনা আবেলি বজাৰৰ পৰা অনা দহটা ৰসগোল্লা আৰু ঘৰৰ গাইজনীৰ আধা লিটাৰমান গাখীৰ লৈ পুৰন্দৰ ককাই আৰু নবৌ ৰেৱতী আইতাৰ বিছনাৰ ওচৰ পালেগৈ৷ নৰকান্ত খুৰাই মনে মনে বৰ ভাল পোৱা নাছিল৷ কিন্তু এনে সময়ত মানা কৰিবও নোৱাৰি৷

খুৰী অ’। আমি অলপ গাখীৰ আনিছিলোঁ৷ খাবি নে অলপ ? নে কিবা ভাবিবি ?” ককায়ে মোলায়েমকৈ সুধিলে৷

কি ভাবিম অবাপু ! তয়ো মোৰে এটা চলি দে৷ খাম দে৷” ৰেৱতী আইতাই সেহাই সেহাই কলে৷

নিৰজা নবৌৱে একাপমান গাখীৰ খুৱালে আইতাক৷ কাপটো নৰকান্ত খুৰাৰ খুৰীয়েই আনি দিছিল৷ চামোচখনেৰে খুৱাই থাকোঁতে আইতাৰ চকু দুটা পানীৰে উপচি পৰিছিল আৰু এসোঁটা কান্দিছিলও৷ নবৌৱেও চকুৰ পানী ৰখাব পৰা নাছিল৷ তেৱোঁ কান্দিছিল আৰু চাদৰখনেৰে চকুলো মচি মচি গাখীৰখিনি খুৱাইছিল৷

চামোচখনেৰে ভাঙি ভাঙি ৰসগোল্লা দুটাও খুৱাই দিলে নবৌৱে৷

তামোল খাই ওলাই আহোঁতে নৰকান্ত খুৰাক বিশেষ চিন্তা কৰি থাকিবলৈ হাক দিলে ককায়ে৷ আইতাৰ যে বৰ্তমান কোনো বিপদ নাই সেই কথাষাৰতো জোৰ দিলে৷ দুসপ্তাহৰ আগৰ আৰু তাৰো আগৰ কজিয়া-পেচাল, গালি-শপনিবোৰ সকলোৱে যেন পাহৰি গৈছিল তেতিয়া৷

 

(৩)

 

এমাহমানৰ পাছৰ শনিবাৰৰ এটা আবেলি৷

দুপৰীয়া ভাত খাই পুৰন্দৰ ককাই বাৰান্দাতে শুইছে৷ তেওঁৰ উদং গাটো এছাটি বতাহে মাজে মাজে চুই গৈ আছে৷ টোপনিতে তেওঁৰ নাকটোৱে মেঘে গজাদি গাজিছে৷

ঘৰৰ সম্মুখৰ মুকলি ঠাইখনত চুবুৰিটোৰ সৰু লৰাবোৰে ফুটবল খেলিছে৷

হঠাৎ কোনোবাই জোৰৰে বলটোত কিক্ মাৰিলে৷ বলটো উৰি আহি ককাইৰ মূৰতে পৰিল৷ তেওঁৰ টোপনি কৰবালৈ উৰি গল৷

অই, তহঁতে খেলিবলৈ সময় নাপাৱ ?” উঠি বহি বলটো দলিয়াই দি ককায়ে খুব খঙত আটাহ পাৰি কলে, “আৰু ইয়াতেহে মোৰ মূৰ খাবলৈ তহঁতে খেলিবলৈ ঠাই পাৱ৷ তহঁতৰ ঘৰৰ সন্মুখত নেখেল কিয় গৰুহঁত ?”

বলটো এবাৰহে সিফালে গৈছে৷ তাতেনো কি হ? আমি ৰাস্তাত খেলিব লাগিব নেকি ?” নৰকান্ত খুৰাৰ চতুৰ্থ শ্ৰেণীত পঢ়া লৰাটোৱে অলপ ডাঙৰকৈয়ে কলে৷

ঐ বিহৰ গুটি ! যমদূতৰ দৰে কথা নকবি তই৷ ডাঙৰ মানুহৰ লগত কেনেকৈ কথা কব লাগে মাৰ-বাপেৰে শিকোৱা নাই তোক ? লাজ নোহোৱা চলি !

মুখখন ফুলাই ঘৰলৈ গৈ সি মাক-দেউতাকক কথাটো কৈ দিলেগৈ৷

 

লগে লগে ৰণভেৰী বাজি উঠিল৷

নৰকান্ত খুৰাই চিঞৰিলে, “চালা কুকুৰ৷ মোৰ লৰাক যমদূত বুলি কৱ, বিহৰ গুটি বুলি কৱ তই পাপী৷ চৰকাৰী মাটিত সৰু লৰাকেইটাই তোৰ কাৰণেই খেলিব নোৱৰা হল৷ তই কি মন্ত্ৰী, এম-এল-এ নেকি ? নে তই ডকাইত ?”

মুখ চম্ভালি কথা কবি ঐ চালা ইতৰ৷ তোৰ ঘৰৰ আগত খেলিবলৈ নিদিয় কিয় সিহঁতক৷” ককায়ে ওলোটাই চিঞৰিলে৷

তাৰ কাৰণে সৰু লৰাকেইটায়ো শান্তিত থাকিব নোৱৰা হৈছে৷ ইমান তাৰ অত্যাচাৰ৷…” ৰেৱতী আইতাই আৰম্ভ কৰিলে৷

আইতাৰ মাতত কোনো দুৰ্বলতাৰ চিন নাই৷ কথাটো অনুমান কৰি নিৰজা নবৌৰ মনটো শাঁত পৰি গল৷ আইতাই গালি পাৰি গৈছে, তেওঁৰ কলিজাটো যে এতিয়াও শক্তিশালী হৈ আছে, তাৰে প্ৰমাণ জলজল পটপটকৈ ওলাই পৰিছে৷ আইতাৰ গালিবোৰ কুলিৰ মাততকৈও মধুৰ হৈ নবৌৰ কাণত পৰিছে৷ হওক তেও, এটা ডাঙৰ মহাপাপৰ পৰা নবৌ যে ৰক্ষা পৰিল৷

শীঘ্ৰেই চুবুৰিটো দুয়োঘৰৰ চিঞৰ-বাখৰেৰে ৰজনজনাই যাবলৈ ধৰিলে৷

 

 

 

ঠিকনা :

P.O. Bamakhata

Via Pathsala

Assam

ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮

 


PIN 781325

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ