অন্যযুগ/
চৰাই হোৱা হ’লে...
জ্যোতিস্মিতা শৰ্মা
জাক জাক চৰাই উৰিছে
আমাৰ মূৰৰ ওপৰেৰে। ঘৰমুৱা জাকবোৰলৈ চাই চাই পলে কৈছে, ‘‘মা মই চৰাই হোৱাহ’লেই ভাল আছিল।’’
— ‘‘কিয় হে? এতিয়ানো
কি বেয়া হৈছে?’’
— ‘‘চৰাই হোৱাহ’লে নপঢ়িলেও হ’লহেঁতেন। আৰামত গছৰ ডালত বহি আম খালোঁহেঁতেন আৰু গোটেই পৃথিৱীখন উৰি
ফুৰিলোঁহেঁতেন।’’
দেউতাকে ক’লে—
‘‘আৰু শুবলৈ যে তোমাৰ বিছনা এখনো নাথাকিলহেঁতেন, গছৰ ডালতে দিনে-নিশাই, ৰ’দে-বৰষুণে
কটাব লাগিলহেঁতেন, সেইটো ভাবিছানে নাই?
— ‘‘কিন্তু মইতো
এটা নেষ্ট বনাই ল’লোঁহেঁতেন ন..., তাতেহে থাকিলোঁহেঁতেন! তুমি এক্কো নাজানা।’’
বাপৰে, এই চাৰে
পাঁচ বছৰতে, অলপ বেছিয়ে জ্ঞান হৈছে ল’ৰাটোৰ।
— ‘‘শুনা পল, ভালদৰে
পঢ়া-শুনা কৰিলেই গোটেই পৃথিৱী ঘূৰি ফুৰিব পাৰিবা। নিজকে দেশৰ সম্পদৰূপে গঢ়ি তুলিব
পাৰিলে তোমাক মাতি নিব মানুহে। কৃষ্টি পেহীক দেখা নাই? ভালদৰে পঢ়া-শুনা কৰাৰ বাবে
এতিয়া ফ্ৰান্সত থাকে, চাকৰিও কৰে তাতেই। ’’
— ‘‘নহয় অ’ দে’তা,
মই কৃষ্টি পেহীৰ নিচিনাকৈ এৰ’প্লেইনত বহি যোৱাৰ কথা কোৱা নাই, নিজৰ পাখিৰেহে উৰি গৈ ভাল লাগে, য’লৈকে ইচ্ছা ত’লৈকে যাব পাৰি। য’তে ইচ্ছা ত’তে ৰ’বও পাৰিম। চৰাই হ’লেতো লক্ডাউন চক্ডাউনো নাই। আমিহে ঘৰতে
সোমাই আছোঁ। সিহঁতেতো কি মস্তি কৰি আছে চোৱাঁ। গোটেই আকাশখনত উৰি ফুৰিছে। ইমান যে চৰাই চৰাই
কৈ আছা, চৰাইৰ কথা কি জানা কোৱাচোন?’’
— ‘‘কু কুকু কু…
কু কুকু কু … কু কুকু কু… (দেউতাকে পিছফালৰ পৰা মাত লগালে) এইটো কি চৰাইৰ মাত কোৱাঁচোন
পল?’’
— ‘‘এইটোতো কেতেকী
চৰাই। আইতাই কৈছে নহয়, কেতেকী চৰাই বোলে কাকাক বিচাৰি থাকে জানা— বৌ কাকা কৈ… বৌ কাকা
কৈ… এনেকে…’’
— ‘‘হাঃ হাঃ হাঃ….’’—
তিনিওৰে হাঁহি উঠি গ’ল।
— ‘‘পল হাঁহে কেনেকৈ
মাতে?’’
— ‘‘কোৱেক্ কোৱেক্, কোৱেক্ কোৱেক্….’’
— ‘‘কু...উ… ,
কু...উ… কৈ কোনে মাতে?’’
— ‘‘কুলি চৰায়ে মাতে। মা মা এইবাৰ মই সুধিম হা, তোমালোকে ক’বা। কা কা কা…. কোৱাঁ কি চৰাই?’’
— ‘‘কাউৰী।’’
— ‘‘অ’ ঠিকেই কৈছা।’’
— ‘‘তুমি জানানে
পল, এলেহুৱা কুলি চৰাইটো বৰ টেঙৰ, নিজৰ বাবে বাহ এটাও সাজি নলয়। কাউৰীৰ বাহত কণী পাৰি
থৈ আহে। আৰু বেচেৰী কাউৰীজনীয়ে দেখিবলৈ একে হোৱা বাবে নিজৰ বুলি ভাবি কুলি চৰাইৰ
পোৱালিকে যতন লৈ ডাঙৰ কৰে। কুলি আৰু কাউৰী চৰাইৰ পোৱালি দেখাত একেই, মাত্ৰ দুচকুৰ বৰণহে
বেলেগ।’’
— ‘‘কুলি চৰাইৰ
চকুৰ ৰং কি দে’তা?’’
— ‘‘কাউৰীৰ পোৱালিৰ
চকুৰ বৰণ ক’লা আৰু কুলিৰ ৰঙা। সেই কাৰণে কুলি চৰাইৰ পোৱালিকেইটাই কাউৰীৰ বাহত থকা সময়খিনিত
চকুৱেই নেমেলে।’’
— ‘‘কুলি চৰাইৰ
কি বুদ্ধি দেখিছা দে’তা…? সেই কাৰণেতো মোৰ চৰাই হ’বৰ মন যায়।’’
— ‘‘পাৰ চৰাইৰ
মাত শুনিছানে পল?’’
— ‘‘শুনিছোঁতো।’’
— ‘‘পাৰ, কপৌ আদি চৰাইৰ মাতক ৰুণ দিয়া বুলি কয়।’’
— ‘‘এইবাৰ কোৱাঁ ভাটৌ চৰাইৰ কথা।’’
— ‘‘অ’ অ’, খ্যাতিবাহঁতৰ ঘৰত যে আছে, সেইটো ভাটৌ চৰাই নহয়নে?’’
— ‘‘হয় হয়, সেই
সেউজীয়া ৰঙৰ চৰাইটোৰ নাম ভাটৌ।’’
— ‘‘ভাটৌ চৰায়েতো
মা মোৰ দৰে কথা ক’ব পাৰে জানা? মই যি কওঁ, তাকেই কয়। খ্যাতিবায়ে ৰঙা ৰঙা জলকীয়া
খাবলৈ দিয়ে ভাটৌটোক। ইম্মান সৰু চৰাই, মোতকেও সৰু, তথাপি জলা নাপায় জানা, পুৰা জলা
খাই দিয়ে। মই হ’লেতো নোৱাৰিলোঁৱেহেঁতেন। জলা খাই খায়েই কিজানি ঠোঁটটো ৰঙা হৈ গৈছে ভাটৌ চৰাইৰ।’’
— ‘‘ভাটৌৰ ঠোঁটটো
এনেয়েও ৰঙা পল। বাৰু, টুনী চৰাইৰ নাম শুনিছানে?’’
— ‘‘টুনী? এইটো
চৰাই ক’ত থাকে মা? দেখিবলৈ কেনেকুৱা?’’
— ‘‘আমি এতিয়ালৈকে যিমানবোৰ চৰাইৰ কথা পাতিলোঁ, এই আটাইবোৰ চৰাই অসমতে
পোৱা যায়। এই সৰু সৰু অকণমানি টুনী চৰাইবোৰে জাক পাতি পাতি পকা ধান খাবলৈ যায় পথাৰলৈ।
আৰু ধান নপকা দিনত কীট-পতংগ, ফুলৰ মৌ আদি খাই থাকে। গছৰ দুটা পাত মোনাৰ দৰে চিলাই লৈ
খেৰ-কুটা, তুলা, সূতা আদিৰে নিজৰ বাহটো সাজে বাবে এইবিধ চৰাইক দৰ্জী চৰাই বুলিও কয়।
— ‘‘দেউতা, দেউতা
এইটো কি চৰাই? সদায় আমাৰ ঘৰলৈ উৰি আহে জানা, ইয়াতেই থাকে, ৰাতিপুৱা উৰি যায়, আকৌ
ঘূৰি আহে।’’
— ‘‘এইটো ঘৰচিৰিকা।
ইহঁত মানুহ প্ৰিয়। মানুহৰ ঘৰত থাকিয়েই ভাল পায় এইবিধ চৰাই।’’
— ‘‘আমাৰ অসমৰ
হাবিয়ে-বনে আৰু বহুতো চৰাই আছে পল, যেনে শালিকা, ধনেশ, চিলনী, বাঢ়ৈটোকা, সখীয়তী,
বুলবুলি, মাছৰোকা, ফেঁচা, হুদু, মৌপিয়া, পানীপিয়া, দহিকতৰা, টোকোৰা, মইনা, বাদুলী
আদি ঢেৰ চৰাই আছে। আকৌ এদিন আমাৰ মইনাটোৰ সৈতে চৰাইৰ কথা পাতিম দেই। আজি আন্ধাৰ হ’ল
নহয়, ব’লা ভিতৰলৈ যাওঁ।’’
— ‘‘নাই নাই, মোক
আগতে ম’বাইলত টুনী চৰাইৰ ফট’ এখন দেখুৱাবই লাগিব, নহ’লে নাযাওঁ ভিতৰলৈ।’’
অধিবক্তা,
গুৱাহাটী।
(৮৪৮৬০৪১৪৭৬)