ৰুদ্ৰ সিংহ মটক
ঊনবিংশ শতাব্দীৰ সাহিত্য প্ৰতিভা আৰু সাহিত্য সৃষ্টিয়ে তাৰ বহু বৰ্ণিল, বিৰল শিল্পৰূপ, অন্তর্নিহিত প্ৰমূল্যৰ সাৰৱত্তা, বিপুল বৈচিত্র্য আৰু অৰ্থোজ্জ্বল আৱেদনেৰে বিশ্বসাহিত্যৰ বুৰঞ্জীত এক নতুন যুগৰ পাতনিৰ সূচনা কৰিছিল। এই শতিকাটোৰ যুগমানস আৰু যুগযন্ত্ৰণাৰ সাৰ্থক প্ৰতিনিধি, প্ৰতিভাশালী লেখিকা চাৰ্লোট ব্ৰণ্টিৰ জন্ম হৈছিল ১৮১৬ চনত য়ৰ্কচায়াৰৰ প্ৰখ্যাত ব্ৰণ্টি পৰিয়ালত। তেওঁৰ পিতৃৰ নাম আছিল পেট্ৰিক ব্ৰণ্টি। চাৰ্লোট ব্ৰণ্টিয়ে ক’মান ব্ৰীজত এবছৰৰ বাবে প্ৰাৰ্থমিক শিক্ষা গ্রহণ কৰিছিল। সেই শিক্ষানুষ্ঠানটিক লেখিকাই তেওঁৰ উপন্যাস জেন আয়াৰ (Jane Eyre)-ত ‘লা উদ’ বুলি বৰ্ণনা কৰিছে। কিন্তু উচ্চ শিক্ষাৰ বাবে পাছত দিউচবাৰীৰ মিছ উলাৰচৰ স্কুললৈকো যাবলগা হৈছিল। উল্লেখ্য যে পাছলৈ তেওঁ নিজে সেইখন স্কুলৰে সন্মানীয় শিক্ষয়িত্ৰীৰ পদ অলংকৃত কৰিছিল। চাৰ্লোটৰ দুগৰাকী ভনীয়েক আছিল। এমিলি ব্ৰণ্টি আৰু এনি ব্ৰণ্টি। এওঁলোক তিনিওগৰাকী আছিল ইংৰাজী সাহিত্যৰ উচ্চ প্ৰতিভাসম্পন্ন কবি। উপন্যাস সৃষ্টিত মনোনিৱেশ কৰাৰ আগেয়ে তেওঁলোকে সমূহীয়াকৈ “কাৰাৰ বেল” ছদ্মনামত এখন ভাবগধুৰ কাব্য সংকলন প্রকাশ কৰিছিল। ‘জেন আয়াৰ’-ৰ উপৰি চাৰ্লোট ব্ৰণ্টিয়ে ‘চাৰ্লে’, ‘ভিলেট’ আৰু ‘প্ৰফেছৰ’ শীর্ষক আন তিনিখন সাৰ্থক উপন্যাস ৰচনা কৰি গৈছে। চাৰ্লোট ব্ৰণ্টিৰ সৃষ্টিৰ সাধনা আৰু সাহিত্যিক কৃতিত্বৰ আন এক সামাজিক আৰু ঐতিহাসিক তাৎপর্য আছে। আমি সততে অৱগত যে নাৰী লেখিকাৰ সাহিত্য সৃষ্টি আৰু প্ৰকাশ-প্ৰচাৰৰ আৰম্ভণিৰ ইতিহাস খুবেই নিৰ্মম আৰু হৃদয়বিদাৰক। পিতৃতান্ত্রিক সমাজৰ কঠিন বান্ধোন, ধৰ্মীয় অনুষ্ঠানৰ কৰ্তৃত্ব, ধনীক শ্ৰেণীৰ অৱদমন, নিৰ্যাতন আৰু সামাজিক কলংকৰ ভয়াৱহ ভীতিলৈকো ভ্ৰূক্ষেপ নকৰি কলা সৃষ্টিৰ আত্মিক তাগিদা আৰু সামাজিক দায়বদ্ধতাৰ বৃহৎ স্বাৰ্থত যিসকল দুঃসাহসী লেখিকাই ছদ্মনাম অথবা নিজা নামত গল্প, উপন্যাস প্ৰকাশ কৰিবলৈ গৈ অবাঞ্ছিত অপমান আৰু লাঞ্ছনাৰ বলি হ’ব লগা হৈছিল, সেইসকলৰ ভিতৰত চাৰ্লোট ব্ৰণ্টি অন্যতম। তেওঁৰ উপন্যাসৰ প্ৰতি আমাৰ গভীৰ কৌতূহল আৰু আকৰ্ষণৰ ইও এক মূল কাৰণ।
‘জেন আয়াৰ’ উপন্যাসৰ কেন্দ্রীয় বিষয়বস্তু জেন আয়াৰ নামৰ এজনী অসহায় অনাথ কিশোৰীৰ জীৱন প্ৰবাহৰ বিষাদঘন কাহিনী। ইয়াৰ পটভূমি দুটা অভিজাত পৰিয়াল— এটা ইংলণ্ডৰ য়ৰ্কচায়াৰৰ, আনটো থৰ্নফিল্ডৰ। য়ৰ্কচায়াৰৰ পৰিয়ালৰ মুৰব্বী পতিহীনা মিছেছ ৰীড। ৰীডৰ তিনি সন্তান জন, এলিজা আৰু জৰ্জিয়ান। অনাথ দুবছৰীয়া জেনক মাক-পিতাকৰ মৃত্যুৰ পাছত মৰমিয়াল মামাক মিষ্টাৰ ৰীডে নিজ ঘৰলৈ লৈ আহে। নিয়তিৰ কি পৰিহাস! এদিন মি: ৰীডেও ইহলোকৰ পৰা বিদায় ল’লে। এতিয়া আৰু মিছেছ ৰীডক পায় কোনে? দন্দুৰী, ঈৰ্ষাপৰায়ণা ৰীড আৰু জনে শান্ত আৰু প্ৰতিবাদী চৰিত্ৰৰ জেনক বিনা দোষতে উপৰ্যুপৰি গালি-শপনি আৰু অমানুষিক অত্যাচাৰ-নিৰ্যাতন চলাই যাবলৈ ধৰিলে। কোমলমতীয়া, নিপীড়িতা জেনৰ মানসত পৃথিৱীখন হৈ পৰিল এখন আচহুৱা ‘অপৰিচিত’ পৃথিৱী।
“জন ৰীড মোতকৈ চাৰি বছৰৰহে ডাঙৰ। সি চৈধ্য বছৰীয়া স্কুলীয়া
ল’ৰা। মোৰ বয়স দহ। মোলৈ তাৰ মৰম-চেনেহ অকণো নাছিল। সুবিধা
পালেই মোক গালি-শপনি পাৰিছিল আৰু মাৰ-ধৰ কৰিছিল। বিনা কাৰণতে সি মোক বৰ শাস্তি
দিছিল। সেইবাবে মই তাক অত্যন্ত ভয় কৰিছিলোঁ। ঘৰৰ কাম-বন কৰা মানুহবোৰেও তাৰ
নিষ্ঠুৰ স্বভাৱৰ কথা জানি মোক সহায় কৰিবলৈ আগবাঢ়ি নাহিছিল। মিছেছ ৰীডে তেওঁৰ
পুত্র জনৰ এই অন্যায় আচৰণ দেখিও একো নকৈছিল। তেওঁৰ সমুখতে জনে যেতিয়া মোক বিনা
দোষতে শাস্তি দিছিল তেতিয়া তেওঁ দেখিও নেদেখাৰ ভাও জুৰিছিল।
জনৰ ভয়তেই মই তাৰ সমুখত থিয় দিলোঁ। জনে মোক গালি পাৰিবলৈ আৰম্ভ কৰিলে আৰু
মোৰ হাতৰ পৰা কিতাপখন কাঢ়ি লৈ মোৰ গালৈ দলিয়াই দিলে। কিতাপখন মোৰ মূৰত আহি পৰিল
আৰু মই দুৱাৰত খুন্দা খাই চিঞৰ মাৰি বাগৰি পৰিলোঁ। মূৰ ফাটি তেজ ওলাবলৈ ধৰিলে। মই
বৰকৈ দুখ পাইছিলোঁ আৰু মোৰ ভয় হৈছিল জনে বোধকৰোঁ মোক মাৰিয়ে পেলাব। মই চিঞৰি উঠিলোঁ, “হত্যাকাৰী, ৰোমান ৰজাসকলৰ দৰে হিংসাকুৰীয়া, নিষ্ঠুৰ ক’ৰবাৰ।“ (পৃ: ৮)
জেনক এদিন ঘৰখনৰ পৰাই খেদি পঠোৱা হ’ল। শিক্ষাৰ নামত তাইক অনাথ ছাত্রীৰ
বাবে খোলা এখন দাতব্য বিদ্যালয়ত ভৰ্তি কৰি দিয়া হ’ল। ধৰ্মযাজক
হ’লেও মানৱধৰ্মবিৰোধী শোষণকাৰী চৰিত্ৰৰ ৰেভাৰেণ্ড
ব্ৰক্লহাষ্ট আছিল সেই বিদ্যালয়ৰ প্ৰধান তত্ত্বাৱধায়ক আৰু হাষ্টৰ চৰিত্ৰৰ বিপৰীতধৰ্মী
মানৱীয় গুণেৰে বিভূষিতা মিত্র টেম্পল আছিল অনুষ্ঠানটোৰ আত্মাস্বৰূপা অধীক্ষীকা।
কিন্তু আন শিক্ষয়িত্ৰীসকল আছিল শিক্ষাদানৰ বাবে তেনেই অনুপযুক্ত। ছাত্রীসকলে নিতৌ
অপুষ্টিকৰ খাদ্য খাই পুষ্টিহীনতাত ভোগাৰ উপৰি সঘনে বেমাৰ-আজাৰত পৰিছিল। কিন্তু
সেয়ে শেষ কথা নহয়। নিৰ্বাক আৰু প্ৰতিবাদী চৰিত্ৰৰ বাবে জেনৰ ওপৰত স্কুলৰ তত্ত্বাৱধায়কৰ ৰঙা চকুৰ জুই বৰ্ষণ হ’ল।
লগৰ ছোৱালীৰ সৈতে খেলা-ধূলা কৰিবলৈকো তাইক মানা কৰি দিয়া হৈছিল:
‘ব্ৰকলহাষ্টে চিঞৰি চিঞৰি ক’বলৈ ধৰিলে, ‘‘এই ছোৱালীজনীক সকলোৱে দেখিছেনে? বৰ দুখৰ কথা যে এই অকণমানী ছোৱালীজনী ঈশ্বৰৰ মৰমৰ সন্তান নহয়। তাইৰ কিছুমান দোষ আছে। তাই মিছলীয়া। সেইবাবে এইজনী ছোৱালীৰ পৰা তোমালোক আঁতৰত থাকিবা। তাইৰ লগত নেখেলিবা আৰু তাইৰ ওপৰত সদায় চকু ৰাখিবা।...
…এই স্কুলৰ সকলো শিক্ষয়িত্ৰী আৰু স্কুল পৰিদৰ্শিকাক মই এই
ছোৱালীজনীৰ প্ৰতি চকু ৰাখিবলৈ অনুৰোধ জনালোঁ। তাই যাতে আন ছোৱালীবোৰক বেয়া কথা
শিকাব নোৱাৰে৷”
এই কথাই জেন আয়াৰৰ কোমল হৃদয়ত মৰ্মান্তিক আঘাত দিলে। কিন্তু ধৈর্যশীলা, দৃঢ়মনা জেনে মনৰ সকলো
দুখ-যন্ত্ৰণা জয় কৰি এদিন পঢ়া-শুনাত বিশেষ সুনাম অৰ্জন কৰিলে। জেনে ওঠৰ বছৰ
বয়সত থৰ্নফিল্ড হলৰ এখন চহকী ঘৰৰ গৃহ শিক্ষয়িত্ৰীৰূপে নিযুক্তি লাভ কৰিলে। সেয়া
আছিল এডৱাৰ্ড ৰ’চেষ্টাৰ নামৰ এজন চহকী যুৱকৰ ঘৰ। জেনৰ
দৃষ্টিত ধৰা দিয়াৰ দৰে যথেষ্ট আহল-বহল তিনিমহলীয়া ঘৰ এটা, একোঠালি
লাইব্রেৰি। এই সুদৃশ্য লাইব্রেৰিয়ে ৰ’চেষ্টাৰৰ সুৰুচিপূৰ্ণ,
সাংস্কৃতিক মনটোৰ পৰিচয় দাঙি দৰে স্বচ্ছ দাপোণ এখনৰ দৰেই:
‘এই কোঠাটো মি: ৰ’চেষ্টাৰৰ নিৰ্দেশক্ৰমে পঢ়া কোঠালী হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে।
বেছিভাগ কিতাপেই আলমাৰীত তলা মাৰি থোৱা আছে। এটা আলমাৰী খোলা। তাত ল’ৰা-ছোৱালীক শিকাবলগীয়া কিতাপৰ বাহিৰেও ভূগোল, বুৰঞ্জী,
সাহিত্য আৰু কেইখনমান উপন্যাস আছে। অনুমান হ’ল
গৃহস্থই মোৰ প্ৰয়োজনৰ বাবেই আলমাৰীটো খুলি থৈ গৈছে। ...এচুকত এটা নতুন পিয়ানো,
আঁকিবলৈ ইজেল আৰু আন সা-সৰঞ্জাম...৷’
ৰ’চেষ্টাৰৰ
ঘৰখনৰ বাতাৱৰণেই সুকীয়া, মিছেছ ৰীডৰ সম্পূর্ণ বিপৰীত।
কিশোৰী এডেলৰ পৰিচালিকা ফেয়াৰফেক্সৰ মৰমসনা কথা-বতৰা, মাৰ্জিত
আচৰণ, এডেলৰ হাঁহি-তামাছা আৰু শিক্ষানুৰাগে জেন আয়াৰক খুবেই
আনন্দিত আৰু আলোড়িত কৰিছিল। অতি তাৎপর্যপূর্ণ কথাটো হ’ল
যিজনী এডেলৰ প্ৰতিপালন আৰু শিক্ষাদানৰ উদেশ্যেৰে ৰ’চেষ্টাৰে
ক্রমে মিছেছ ফেয়াৰফেক্স আৰু জেন আয়াৰক নিযুক্তি দিছিল, সেইজনী
ছোৱালীৰ সৈতে গৃহস্থৰ কোনো বংশগত সম্পর্ক নাছিল। তাই হ’ল ৰ’চেষ্টাৰৰ একালৰ এগৰাকী ফৰাচী ৰক্ষিতাৰ কন্যা। জেন আয়াৰে নিজে মামীয়েকৰ পৰা
পোৱা কপটীয়া, অমানৱীয় ব্যবহাৰৰ বিপৰীতে ৰ’চেষ্টাৰৰ ব্যক্তিত্বৰ দৰদ, ভালপোৱা, সমাজদৰ্শিতাৰে মূল্যবোধৰ অৱক্ষয়ৰ মাজতো নৈতিকতাৰ জাগৰণ
আৰু সুন্দৰ এখন বৈষম্যহীন সমাজ পুনৰ্নিৰ্মাণৰ ইংগিত দিবলৈকো সক্ষম হৈছে।
উন্নত জীৱনবীক্ষাৰ লেখিকা চাৰ্লোট ব্ৰণ্টিয়ে উপন্যাসখনত মানুহক নিয়তিৰ দাস কিম্বা ক্ৰীড়নকৰূপে চিত্রিত কৰা নাই। সেয়ে হয়তো নায়িকা জেন আয়াৰে অসীম ধৈর্য, কৰ্মপ্ৰেৰণা আৰু শ্রমৰ গুণত এগৰাকী সৎ, সাহসী আৰু মৰ্যাদাসম্পন্ন শিক্ষয়িত্ৰীৰ জীৱন যাপন কৰিছে। কিন্তু একে সময়তে আমি প্ৰত্যক্ষ কৰিছোঁ যে কলহপ্ৰিয়, স্বেচ্ছাচাৰী মিছেছ ৰীডৰ উগ্র অহংবোধৰ ভেটিটো কাচঘৰৰ দৰেই ঝনঝনাই খহি পৰিছে। তেওঁৰ পৰিয়ালটোৰ বৈষয়িক সমৃদ্ধিৰো উচন ঘটিছে। তেওঁ চকুপানী টুকি পাৰ কৰিবলগা হৈছে চৰম দাৰিদ্ৰ আৰু দুৰ্দশাপীড়িত অন্ধকাৰ দিন। নিজৰ ল’ৰা-ছোৱালীয়েও তেওঁৰ খবৰ নোলোৱা কুলাই-পাচিয়ে নধৰা দুখৰ দিনত তেওঁৰ দ্বাৰা আগবয়সত বহু নিৰ্যাতিতা জেনেহে তেওঁৰ খবৰ ল’বলৈ আহিছে। ইয়াৰ যোগেদি দক্ষ ঔপন্যাসিকাই হয়তো প্ৰাচীন গ্ৰীক নাট্যকাৰৰ কাব্যিক ন্যায়ৰ (poetic justice) ধাৰণাকে সচল আৰু অৱশ্যম্ভাৱী বুলি সাব্যস্ত কৰিছে।
থৰ্নফিল্ডৰ চাকৰিজীৱনে নায়িকা জেনৰ জীৱনলৈ নতুন পৰিৱৰ্তন অনাৰ লগতে উপন্যাসৰ কাহিনীয়ে এক সুকীয়া ৰূপ আৰু গতিবেগ আহৰণ কৰিছে। নাৰীমনন আৰু হৃদয়াৱেগৰ অতল তলিলৈকে দেখা বিৰল অন্তৰ্দৃষ্টিসম্পন্না ঔপন্যাসিকাৰ বাবে কাহিনীক্ৰমৰ এই বিকাশ বা পট-পৰিৱৰ্তন আছিল খুবেই অনিবার্য আৰু অভীপ্সীত। সেয়ে হয়তো চাৰ্লোট ব্ৰণ্টিয়ে তেওঁৰ পূৰ্বসূৰী অথবা সমসাময়িক আন লেখক-লেখিকাই নিজৰ উপন্যাসৰ কাহিনীৰ বাবে কোনো মহীয়সী নাৰী বা বীৰাঙ্গনাক বাছি লোৱাৰ বিপৰীতে নিজে অতি কাষৰ পৰা দেখা অথবা সংস্পর্শলৈ অহা সাধাৰণ নাৰীকে নায়িকা হিচাপে বাছি লৈছিল। চাৰ্লোট ব্ৰণ্টিয়ে তেওঁৰ ভগ্নীদ্বয় এনি আৰু এমিলিয়ে ক্ৰমে তেওঁলোকৰ ‘উইল্ডফেল হল’ আৰু ‘ৱাডাৰিং হেইটচ্’ত নায়িকাক চাক-চিক্যৰ ৰহণ সানি আপেক্ষিকভাৱে কিছু উচ্চ স্তৰৰ মহিলাৰ ৰূপত অংকন কৰা দেখি তেওঁ হয়তো ভিতৰি ভিতৰি ক্ষুণ্ণ আৰু ক্ষুব্ধ হৈ উঠিছিল। কৃতী সমালোচক উইলবাৰ এল্ ক্ৰছে এই সন্দৰ্ভত তেওঁৰ ‘দেভেলপমেন্ট অব্ দ্য ইংলিছ নোভেল’ গ্ৰন্থত এনেদৰে মন্তব্য কৰিছে-- ‘‘On one of the occasions, Charlotte told Anne and Emil that they were ‘morally wrong in adopting the conventional heroine and said to them, ‘I will show you a heroine as plain and as small as myself, which shall be as interesting as any of yours.’’ কিন্তু নাৰী হ’লেও সংবেদনশীল ঔপন্যাসিকাই কেৱল ‘নাৰীবাদী’ দৃষ্টিভংগীৰে তেওঁৰ নাৰী বা পুৰুষ চৰিত্ৰসমূহ অংকন কৰা নাই; কৰিছে জীৱন আৰু জীৱনৰ উত্তৰণ সম্পর্কে থকা সুগভীৰ জ্ঞান, বাস্তৱতা আৰু সামাজিক অভিজ্ঞতাৰ বৈচিত্র্যৰ ভেটিত।
নায়িকা জেন আয়াৰ চৰিত্ৰটো চাৰ্লোট ব্ৰণ্টিৰ সংস্কাৰমুক্ত আধুনিক মনন আৰু
বাস্তৱিক সমাজদৃষ্টিৰ এটি বুদ্ধিদীপ্ত অথচ প্ৰাণৱন্ত সৃষ্টি। জীৱনত জেনে পদে পদে
যিবোৰ যন্ত্রণা আৰু সংঘাতৰ মুখামুখি হৈছিল, সেয়ে তাইৰ ভিতৰৰ মানৱিক সত্তাক তিল তিলকৈ গঢ় দিছিল। মানুহৰ জটিল চৰিত্ৰৰ অধ্যয়ন আৰু ৰহস্য উদ্ঘাটনৰ প্ৰতি
চাৰ্লোট ক্রমে ক্রমে অধিকতৰ কৌতূহলী আৰু আকৰ্ষিত হৈ পৰিছিল। ঘৰুৱা শিক্ষয়িত্ৰী
হিচাপে নায়িকা জেনে ডেকা ৰ’চেষ্টাৰৰ সান্নিধ্যলৈ আহিলেও
তেওঁৰ প্ৰতি হৃদয়ত প্রেমৰ টান অনুভৱ কৰিলেও সদায় এক নিৰাপদ দূৰত্বত থাকি নিজ
কৰ্তব্য পালন কৰি যাবলৈ তেওঁ কোনোদিনেই পাহৰা নাছিল। নতুন ঘৰখনত থাকিবলৈ লৈ যুৱতী
জেনে মনে মনে অথচ খুউব ব্যগ্রতাৰে লক্ষ্য কৰিবলৈ ল’লে যে ৰ’চেষ্টাৰ আহিলে থৰ্নফিল্ড হঠাৎ সলনি হৈ যায়। ‘আগৰ
নিজান পৰিৱেশ আৰু নাথাকিল। সকলোৱেই ব্যস্ত-সন্ত্রস্ত। প্ৰত্যেকৰে কথা-বতৰাও বেলেগ
হৈ পৰিছে৷ ঘৰৰ গৃহস্থৰ উপস্থিতিয়ে ঘৰখনক সম্পূর্ণ নতুন কৰি তুলিছে৷ জেনৰ মনটোও
ভিতৰি ভিতৰি উৎফুল্লিত হৈ উঠিছে। থৰ্নফিল্ড হলত ৰ’চেষ্টাৰক
দেখা পোৱাৰ পাছত মানুহজনৰ এটা ব্যক্তিত্বসম্পন্ন উজ্জ্বল প্ৰতিমূৰ্তি তেওঁৰ মানসপটত
ভাহি উঠিল। তাইৰ এনে লাগিল তাই যেন মানুহজনক আগতে ক’ৰবাত লগ
পাইছে।
‘‘মানুহজন মোৰ অচিনাকি নহয়। তেওঁৰ বহল আৰু ডাঠ চেলাউৰি, উঠা কপাল আৰু ক’লা চুলি। জোঙা নাক তেওঁৰ দৃঢ় চৰিত্ৰৰ পৰিচায়ক; কিন্তু মুখখন বৰ কঠিন। মই ভালদৰে চালোঁ। নাই কোনো ভুল নাই— এখন কঠিন মুখ। তেওঁৰ গোটেই চেহেৰা এতিয়াহে ভালদৰে চকুত পৰিল। এজন খেলুৱৈৰ দৰেই। বৰ বেছি ওখ নহয়, ধুনীয়াও নহয় কিন্তু বুকুখন যঠেষ্ট বহল।’’ (পৃ. ৪৫)
ৰ’চেষ্টাৰৰ
নম্ৰতা, শালীনতা, স্পষ্টবাদিতা আৰু
শিল্পানুৰাগে জেনৰ হদয়জগতত লাহে লাহে প্ৰথম প্ৰেমৰ পূৰ্বৰাগ সঞ্চাৰ
কৰিছিল। মানসিকভাৱে জেন যেন ৰ’চেষ্টাৰৰ বুকুৰ নিচেই কাষ চাপি
গৈছিল। হয়তো ৰ’চেষ্টাৰৰ হৃদয়তো তেতিয়া খোদিত হৈ গৈছিল
মোহময়ী জেনৰ জীৱন্ত ভাস্কর্য। কিন্তু মিলনৰ পথ যে সদায় কণ্টকাকীর্ণ। চাৰ্চত
বিয়া সম্পন্ন কৰিবলৈ গৈ জেন এক অপ্ৰত্যাশিত সংঘাতৰ সন্মুখীন হ’ল। এজন উকীলৰ মুখৰ পৰা তাই জানিব পাৰিলে যে ৰ’চেষ্টাৰ
বিবাহিত আৰু তেওঁৰ জীৱিত স্ত্ৰী বাৰ্তা মেচন এতিয়াও আছে থৰ্নফিল্ড হলৰ ওপৰ মহলাত।
হতাশাগ্রস্ত জেনক ৰ’চেষ্টাৰে তেওঁৰ যন্ত্রণাভৰা জীৱনৰ সমস্ত
কাহিনী বিৱৰি ক’লে। জেনে শিল পৰা কপৌজনীৰ দৰে কাণ পাতি শুনি
গ’ল। :
“...ডাক্তৰে তেওঁক উন্মাদ বুলি ঘোষণা কৰাৰ পাছত মই তেওঁক বন্দী কৰিয়েই থৈছিলোঁ। মোৰ নিজৰ জীৱনলৈ এনে বিতৃষ্ণা আহিল যে মই মুক্তি বিচাৰিলোঁ। বাকচৰ পৰা পিষ্টল উলিয়াই আত্মহত্যা কৰিম বুলি ভাবোঁতেই মনটো কিয় জানো সলনি হৈ গ’ল। ভাবিলোঁ য়ুৰোপীয় দেশবোৰলৈ গৈ জীৱনটো ভালদৰে গঢ়ি তোলোঁগৈ। জীয়াই থকাৰ হেঁপাহে মোক মৃত্যুৰ পৰা বচালে।’’ (পৃ. ১১১)
জেনে ৰ’চেষ্টাৰৰ মাজত আৱিষ্কাৰ কৰিলে সমাজৰ সংকীর্ণ পৰম্পৰাগত
ধ্যান-ধাৰণাকে খামুচি ধৰি ৰখাৰ বিপৰীতে আধুনিক জীৱনাদর্শৰ অধিকাৰী এক প্ৰসাৰিত ‘মানবসত্তা’,-যাৰ মাজত লুকাই আছে এজন উপযুক্ত
স্বামী আৰু যথাৰ্থ প্ৰেমিক, যি এজনী নাৰীক বিবাহিত জীৱনৰ
সাংসাৰিক সকলো সুখ-ঐশ্বৰ্যৰ লগতে নাৰীসত্তাৰ সকলো প্ৰকাৰৰ সামাজিক সুৰক্ষা আৰু
স্বাধীনতা সুনিশ্চিত কৰিব পাৰে। কিন্তু জেনে তেওঁৰ পূর্বৰ প্ৰণয়প্ৰাৰ্থী ৰিভাৰ্চৰ
মাজত ৰ’চেষ্টাৰৰ পূর্ণ মানৱসত্তাৰ প্ৰতিফলনৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিল। সেয়ে তাই ৰিভাৰ্চক পতি হিচাপে অনুপযুক্ত বিবেচনা কৰি ৰ’চেষ্টাৰক এনেদৰে কৈছিল :
“তেওঁ (ৰিভাৰ্চ) মোৰ স্বামী নহয়, কেতিয়াও
নহয়। তেওঁ মোক ভাল নাপায়। ময়ো তেওঁক ভাল নাপাওঁ। তেওঁ মোক এজন মিচনেৰীৰ স্ত্রী
হিচাপেহে বিচাৰিছিল। তেওঁ ভাল মানুহ। উদাৰ আৰু গভীৰ চিন্তাধাৰাৰ। কিন্তু তেওঁৰ
অন্তৰখন বৰফৰ দৰে চেঁচা। তেওঁৰ লগত মই সুখী হ’ব নোৱাৰোঁ। মোৰ
প্ৰতি তেওঁৰ মৰমতকৈ দায়িত্ববোধহে বেছি। আপোনাৰ দৰে মৰম কৰিব তেওঁ নাজানে। এটা
মানসিক বান্ধোন হয়তো তেওঁৰ আছিল, কিন্তু তাৰ বাহিৰে আন একো নাই৷” (পৃ. ১৪৬)
ৰ’চেষ্টাৰ
বিবাহিত, তেওঁৰ উন্মাদ পত্নী বাৰ্থা জীৱিত আৰু তেওঁ যে
থৰ্নফিল্ড হলৰ ওপৰ মহলাৰ কোঠা এটাত
এতিয়াও বন্দিনী ৰূপত আছে সেয়া জনাৰ পাছত ৰ’চেষ্টাৰৰ প্ৰতি
থকা হৃদয়ৰ টান হেৰুৱাই পেলোৱাটোৱেই হয়তো অতিশয় স্বাভাৱিক। কিন্তু এদিন নিয়তিয়ে
জেন আৰু ৰ’চেষ্টাৰৰ বাবে নতুন দিনৰ দুৱাৰ খুলি দিলে।
থৰ্নফিল্ড হলত জুই লাগি মিছেছ বাৰ্থা মেচনৰ শোকাৱহ মৃত্যু ঘটিল। ৰ’চেষ্টাৰৰ এটা চকু বেয়া হ’ল, এখন
হাত অকামিলা হ’ল। অসহায় যন্ত্রণাকাতৰ ৰ’চেষ্টাৰৰ সেৱা কৰিবলৈকে জেনে মনৰ দ্বিধা-দ্বন্দ্বৰ বান্ধোন জিনি তেওঁৰ স’তে যুগ্ম জীৱনৰ পাতনি মেলিলে। বিয়াৰ দুবছৰলৈকে ৰ’চেষ্টাৰে
চকুৰে একো দেখা নাছিল। এই সময়ছোৱাত জেন হৈ পৰিছিল তেওঁৰ দৃষ্টি স্বৰূপ। কিন্তু
লণ্ডনৰ এজন চকু বিশেষজ্ঞৰ চিকিৎসা লোৱাৰ পাছত তেওঁ যথেষ্ট ভাল পালে। জেনৰ ভাষাত— ‘পৃথিৱীৰ ৰংবোৰ তেওঁ আকৌ দেখা পাবলৈ ধৰিলে। আমাৰ প্ৰথম সন্তানক কোলাত লৈ
তেওঁ দেখা পালে যে তাৰ চকু দুটা তেওঁৰ দৰেই ডাঙৰ, ক’লা আৰু উজ্জ্বল। ...উপন্যাসখনৰ নায়ক-নায়িকাৰ জীৱনৰ দুখ-যাতনাৰ যি ট্ৰেজিক অন্তঃস্ৰোত কাহিনীক্ৰমৰ মাজেদি প্ৰচ্ছন্নভাৱে প্ৰবাহিত হৈ আছিল সি অৱশেষত
মিলনমুখী পৰিণতিৰে পূৰ্ণতা লাভ কৰিলে।
জেন আয়াৰ উপন্যাসখৰ প্রথম সংস্কৰণ প্ৰকাশ পাইছিল ১৮৪৭ চনত। এই উপন্যাস ৰচনা কৰাৰ আগেয়ে সুপ্রখ্যাত লেখিকা জেন আষ্টিনৰ উপন্যাস পঢ়াৰ ব্ৰণ্টিৰ কোনো সৌভাগ্যই হোৱা নাছিল। কিন্তু পাছত তেওঁৰ ‘Emma’ উপন্যাস পঢ়ি উঠি ব্ৰণ্টিৰ মনোজগত আন্দোলিত হোৱাৰ বিপৰীতে গভীৰ তিক্ততা আৰু অসন্তুষ্টিৰে ভাৰাক্ৰান্ত হৈ পৰিছিল। তেওঁ কাকতৰ সংবাদদাতাৰ আগত ব্যক্ত কৰা অভিব্যক্তিত তেওঁৰ বিৰূপ প্ৰতিক্ৰিয়াৰ স্পষ্ট ছবি ফুটি উঠিছে।— ‘‘She (Jane Austen) ruffles her reader by nothing vehement, disturbs him by nothing profound. The passions are perfectly unknown to her, she rejects even a speaking acquaintance with that stormy sisterhood.’’ নিজৰ পূর্বসূৰী শ্ৰেষ্ঠ ঔপন্যাসিকাৰ শিল্পকৰ্মৰ মাজত অনুভৱ কৰা মানৱীয় প্ৰবৃত্তিৰ গভীৰ জ্ঞানৰ অসম্পূর্ণতা অথবা বাস্তৱ হৃদয়াৱেগৰ যথাৰ্থ শিল্পায়ন-ৰসায়নৰ বাবে প্ৰতিভা আৰু অন্তৰ্দৃষ্টিৰ বহুমাত্রিকতাৰ যি ভীষণ অভাৱ আষ্টিনৰ সাহিত্যবীক্ষাত খুব সচেতনভাৱেই আৱিষ্কাৰ কৰিছিল সেয়া চাৰ্লোট ব্ৰণ্টিৰ বহু উদ্ভাসিত সাহিত্যদৃষ্টি কিম্বা সৃষ্টিকৰ্মৰ ক্ষেত্রত অনুভূত নোহোৱাটোৱেই অধিকতৰ সত্য আৰু বাস্তৱ।
‘জেন আয়াৰ’ উপন্যাসখনৰ বিষয়বস্তু বা কাহিনী— ভাগ প্রধানকৈ ৰোমাণ্টিক হ’লেও তাৰ ট্ৰেজিক সংঘাত, বিকাশ আৰু সংযুক্তিৰ অন্তঃস্ৰোতত মেঘৰ বুকুৰ বিজুলীৰ দৰেই সম্পৃক্ত আৰু সমুজ্জ্বল হৈ উঠিছে জীৱন ঘনিষ্ঠ এক বিৰল সামাজিক তাৎপর্য। নায়ক-নায়িকা অথবা আন সৰু-বৰ বিচিত্র চৰিত্ৰৰাজিৰ মাজেদি সমকালীন ভিক্টোৰিয়ান যুগৰ ৰীতি-নীতি, ধৰ্ম, কলা, শিক্ষা, নৈতিকতাৰ দৰে বহুৰঙী সমাজভাৱনাৰ কলাগত ৰূপচিত্ৰ অংকন কৰিলেও সেই বৰ্ণিল চৰিত্ৰসমূহৰ মাজত বাৰ্টোল্ট ব্ৰেখ্টে কোৱা ‘significant human being’-ৰ উদ্ভাস-আৱিষ্কাৰো আছিল উপন্যাসিকা ব্ৰণ্টিৰ সাহিত্যৰ আত্মিক উদ্দেশ্য। লেখিকাই মুখামুখি হোৱা সমাজখনৰ সকলো বৈচিত্র্য আৰু বৈচিত্র্যহীনতা, অৱক্ষয় আৰু অন্তৰ্দ্বন্দ্বৰ বুকুতো জীৱনৰ এক সাৰ্থক আৰু সুন্দৰ ৰূপ সন্ধানৰ যি সচেতন প্ৰয়াস সিয়ে হয়তো ঔপন্যাসিকাৰ সূক্ষ্মাতিসূক্ষ্ম পৰ্যবেক্ষণ শক্তি, সৃজনাত্মক কল্পদৃষ্টি আৰু অন্তহীন অনুসন্ধিৎসাৰো মূল প্ৰেৰণা। নক’লেও হ’ব যে সমাজৰ শ্ৰেণীদ্বন্দ্ব আৰু অভিজ্ঞতাৰ অন্তৰ্জগতত ৰূঢ় বাস্তৱৰ সংঘাত-অভিঘাতত আলোড়ি উঠা পৰিশীলিত সমাজখনৰ লগতে প্ৰচ্ছন্ন সংগ্রাম চৈতন্যৰ অবিৰল অন্তঃপ্ৰবাহৰ মনোবৈজ্ঞানিক অধ্যয়ন আৰু উপলব্ধি লেখিকাৰ সংস্কাৰমুক্ত প্ৰগতিশীল সৃষ্টি প্ৰজ্ঞাৰ অন্যতম উপলক্ষ। লেখিকাৰ এই উদ্ভাৱনক্ষম বিৰল অন্তৰ্দৃষ্টিয়েই হয়তো তেওঁৰ আত্মাৰ মাজৰ অদৃশ্য অথচ অনৱচ্ছিন্ন বহবাঙ্ময় পোহৰসাঁকো বা যোগসূত্র। ডেৰেক ট্ৰেভাৰ্ছে, উইলবাৰ এল্ ক্ৰছৰ দৰে বৰেণ্য সমালোচকে ভাৰ্জিনিয়া উল্ফ, জেন আষ্টিন, থেকাৰে, এমিলি ব্ৰণ্টি আদি বিশ্বসাহিত্যৰ যুগোত্তীৰ্ণ স্ৰষ্টাসকলৰ সৈতে একে শাৰীতে চাৰ্লোট ব্ৰণ্টিৰ স্থানো নিৰ্ণয় কৰিছে। ইয়ে সূচায় দেশ-কালৰ সীমা চেৰাই বিশ্বৰ পাঠক সমাজৰ হৃদয় দখল কৰা তেওঁৰ উপন্যাসৰাজিৰ নজহা-নপমা অভূতপূর্ব কলাগত সাফল্য, আত্মিক ঐশ্বৰ্য আৰু বিশ্বজনীন সাৰৱত্তা। ‘জেন আয়াৰ’-ৰ মূল্যায়ন কৰিবলৈ গৈ উইলবাৰ এল্ ক্ৰছে এনেদৰে মন্তব্য কৰিছে— ‘‘No book was ever written with sincerer motives or sprang more directly from an aching heart. It was a criticism of the vast structure of modern manners built upon Norman conventionalities on the light of the truth of a simpler civilization.’’ (পৃ. ২৩০, ডেভেলপমেণ্ট্ অব্ দ্য ইংলিছ ন’ভেল)।
গ্ৰন্থপঞ্জী :
১) Development of the English Novel/Wilbur L Cross.
২) From Dichens to Hardy(Pelican Guide to English Literature)/Boris Ford.
৩) Jane Eyer/Charlotte Bronte.
৪) জেন আয়াৰ/মূল(ইংৰাজী) : চাৰ্লোট ব্ৰন্টী /অসমীয়া অনুবাদ : সুভদ্রা বৰুৱা।
৫) ৱিকিপিডিয়া (https://en.wikipedia.org/wiki/Jane_Eyre)