আকাশ দীপ্ত ঠাকুৰ
(‘ছায়াকল্প’ শীৰ্ষক কবিতাৰ এটি শিতান ‘অন্যযুগ’ৰ পাততে আৰম্ভ কৰিছিলোঁ৷ চাৰিটা খণ্ডৰ প্ৰতিটোতে ভিন্নসুৰী তিনিটাকৈ
স্তৱক আছিল৷ বহু দিনৰ বিৰতিৰ পাছত পুনৰ সেই ধাৰাটোৰে তিনিটা স্তৱক লিখিবলৈ হেঁপাহ
জন্মিল৷)
(১)
জীৱন জলাশয়
আৰুনো কিমান পানী...! উজাই আহে
বুকুৰ তলিৰপৰা৷ বৈ যায় ভটিয়াই৷ বাৰিষা-খৰালি কাহানিও নুশুকায়৷ ময়াপী সৰোবৰ এয়া
লুণীয়া অনুভূতিৰ৷ আৰুনো কিমান পানী? মোৰ বুকুৰ হেঁপাহ... ক’বিনে এবাৰ! পানী তোৰ— অ’ মোৰ
কমলাকুঁৱৰী৷ জীৱন নহয় এয়া মানস সৰোবৰ৷ পানী মোৰ এবুকু এডিঙি৷ সাগৰ হ’ল দুচকুৰ মণি৷ বুৰিল বাসনা এঠাউনি৷ নমনি একোকে৷ অ’ মোৰ
নয়নৰ মণি, ক’বিনে এবাৰ– আৰুনো কিমান পানী! বুৰালোঁ তোক হেঁপাহৰ চাকনৈয়াত, কলিজাতো
তাৰেই জৰণি৷ গোট মাৰিলেও শিল হ’ব নোখোজে৷ নজহে-নপমে এই বৰফৰ
চাপৰি৷ অ’ মোৰ হিয়াৰ জুৰণি; ক’বিনে এবাৰ— আৰুনো কিমান পানী...!
(২)
পদূলি
মনৰ পদূলিটোৱে কেঁকুৰি ঘূৰাৰ পৰত
তিনিডাল নঙলা৷ দূবৰিৰ সেওঁতা ফালি বগুৱা বাই আহিব খোজে সাঁচতীয়া আৱেগ৷ বাদুলি
ওলমা দি ওলমে৷ সৰি পৰে ইডালৰপৰা সিডাললৈ৷ বুঢ়া তামোলৰ দুটা খুঁটা; দুৱাৰডলিৰ অতন্দ্ৰ প্ৰহৰী— জয় আৰু বিজয়৷ বিন্ধা
বাঢ়িলে কেৰেচীয়া হয় নঙলা৷ সংগোপনে বাঢ়ে আৱেগৰ ভৰ৷ পচা নঙলাই নোৱাৰে সহিব৷
খণ্ড-বিখণ্ড... জৰাসন্ধ৷ পচি হেলেকা হয় তামোলৰ খুঁটা৷ তথাপি সি যে সাক্ষী— মনৰ, বাসনাৰ,
হেঁপাহৰ আৰু ভৰ ব’ব নোৱৰা আৱেগৰ৷ আইৰ পদূলিত সাক্ষী-গোপাল এতিয়াও সেই নঙলা
দুডাল৷ আয়ে কৈছিল— মনটোক
বান্ধি ৰাখিবি৷ এৰাল ছিগা মন৷ সৰকি যাবলৈ কেতপৰ? লৌহ-কপাটে
বান্ধিব নোৱৰা মন... থমকি ৰয় কেৰেচীয়া নঙলাত৷
(৩)
পান্থ
এইখিনিতে আছিল বাঁহনিখন৷ মূধচৰ
তৰাবোৰ নামি আহিছিল সাঁজ লাগি ভগাৰ পাছত৷ বাঁহনিৰ এন্ধাৰত জিলমিল এমুঠি তৰা৷
তৰাবোৰে বগুৱা বাইছিল... তলুৱাত, আৱৰণত নে মনত! বুকুৰ ভিতৰত ৰৈ ৰৈ
বাজি থকা এটি বাঁহফলীয়া বিননি৷ হেঁপা-শিয়ালৰ আটাহ৷ আকৌ ফুলিছে এটি তৰাবুলীয়া সপোন৷
ক’ৰেনো পথিক তই... কঢ়িয়ালি ওৰেটো পথ শ্ৰৱণৰ ভাৰ হেন জীৱন৷
শুনিছনে বাৰু তই পথৰুৱা মনৰ বিননি৷ নিশাৰ জাৰণি ভেদি ৰৈ ৰৈ ভাহে কেতেকী ফুলাৰ সেই
বিৰহী গান৷ এমুঠন হিয়া, কাঁইটীয়া আঁচোৰ৷ দীঘলীয়া গোমৰ পিঠিত
বন-শিৰিষৰ ছাঁ৷ সুৰুঙাৰেই দেখ তই ৰূপোৱালী সপোন৷
লেখকৰ ঠিকনা :
সহকাৰী অধ্যাপক
পদাৰ্থ বিজ্ঞান বিভাগ
জগন্নাথ বৰুৱা মহাবিদ্যালয়; যোৰহাট - ১
ভ্ৰাম্যভাষ— ৯৭০৬২০৫০৭১, ৮৬৩৮১৬৭৬৩০