গীতিমণি হাতীমূৰীয়া
অথচ আমি নীৰৱতাৰেই নিসংগ
হাঁহি বিলোৱা মানুহবোৰো হঠাৎ
ঈশ্বৰৰ স’তে গুচি যায়।
ব্যস্ততাত খামুচি ধৰি মানুহবোৰে
নিজকে বিচাৰি নাপায় …
আমি আকাশলৈ চাব নাজানো
শুনিবলৈ পাহৰি পেলাওঁ চৰাইৰ কাকলি
চাবলৈ ফুলৰ পাহি
পখিলাৰ মিতিৰালি
কি জিনিবলৈ কি হাবিয়াস কৰোঁ আমি !
সুখী হ'বলৈকে যে দুখৰ প্ৰয়োজন
পোহৰক নাম দিবৰ ববেই যে আন্ধাৰৰ আয়োজন
তাকো পাহৰি যাওঁ ।
আচলতে বিশ্বাসী এক অন্ধকাৰৰ মাজত আমি
বাৰে বাৰে নগ্ন
নগ্নতাৰ স’তে বাস …
সেয়ে বিশ্বাস নামৰ সাঁকোডাল আমাৰ পৰা
বহু আঁতৰত
চিনি নোপোৱা দূৰত …