অন্যযুগ/


সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে

 সঞ্জীৱ সভাপণ্ডিত

 

টিউলিপ ফুল ফুলাৰ বতৰত কাশ্মীৰত হেনো ডাক্তৰৰ ওচৰলৈ যোৱা ৰোগীবিশেষকৈ মনস্তাত্ত্বিক ৰোগৰ ৰোগীৰ, যেনে, depression, হতাশা, অৱসাদ, অজীৰ্ণ, ব্লাড প্ৰেছাৰ, emotional disorder আদি ৰোগীৰ সংখ্যা কমি আহে৷ আমাৰ এই বসন্ত কালেই হল এই ফুল ফুলাৰ বতৰ৷

শীতকালিৰ বৰফ-জাৰ-যাতায়াতৰ অসুবিধা, ব্যৱসায়-বাণিজ্যৰ স্খলন আদিয়ে তাৰ মানুহৰ মনবিলাক এনেয়ে সংকোচিত কৰি ৰাখে৷ তাতে উগ্ৰপন্থীৰ সমস্যাটো তাত বৰ ভয়াৱহ৷ সিহঁতক সহায় নকৰিলেও বিপদ, কৰিলেও বিপদ৷ তদুপৰি নিজৰ পৰিয়ালৰ নহলেও চুবুৰীত হোৱা গুলীয়াগুলীৰ ঘটনাই মানুহবিলাকক অনবৰতে আতংকিত কৰি ৰাখে৷ যিবিলাক পৰিয়ালৰ মানুহ নিধন হয়, সিবিলাকৰ কথাটো সুকীয়াইপুলিচ, মিলিটাৰী, আইন, কৰ্ট, মানৱ অধিকাৰ, বন্ধ, হৰতাল, শিলগুটি দলিওৱা আদি কথাবিলাকে স্বাভাৱিক মানুহৰ মন একেবাৰে বিধবস্ত কৰি পেলায়৷

আমাৰ অসমত এনে পৰিস্থিতি মই স্বচক্ষে দেখিছোঁ৷ পুলিচ-মিলিটেৰীয়েনো কৰে কি ! সৌ সুদূৰ পাঞ্জাব-কেৰেলা-অন্ধ্ৰপ্ৰদেশৰ পৰা আহি আমাৰ কৰবাৰ জকাইচুকীয়া গাঁৱত কাঠৰ দলং এখন এন্ধাৰে-মুন্ধাৰে পহৰা দি আছে– কেনেবাকৈ অজমূৰ্খ খঙাল বিপ্লৱীয়ে বোমাৰে সেইখন উৰুৱাই দি ভাৰতৰ সেনাবাহিনীক উপলুঙা কৰে বুলি– লাগিলে নিজৰ গাঁৱৰে গৰ্ভৱতী নবৌৱেকক প্ৰসৱৰ বাবে হস্পিতাললৈ নিয়াত আহুকালৰে সৃষ্টি হওকতেনেতে হেণ্ড গ্ৰেনেড দলিয়াই কোনাবা এটা পিলিঙা পলাল চাইকেলত উঠি– খেদি গল সেনা জোৱানকেইজন– বিপ্লৱী গৈ সোমালগৈ গাঁৱৰ বোৱাৰী-জীয়াৰীৰ আঁচলৰ তলত– গাঁও ঘেৰি ধৰা হ– বিপ্লৱী ধানৰ ভঁৰালত সোমাল বা বাঁহনিৰ তলেদি পলাল– গাঁৱৰ মানুহৰ গাত সেনাৰ হাত পৰিল– লগে লগে শিয়ালৰ আৰাও– মানৱ অধিকাৰ উল্লংঘনৰ প্ৰতিবাদ– খং বাঢ়িল– পৰিল পিটন– ডেকা পলাল– গাভৰু সন্ত্ৰস্ত হ– নামঘৰত চাকি নজ্বলিল– হয়তো বগা কাপোৰেৰে ঢকা মৃতদেহো আহিল– কান্দোনৰ ৰোল উঠিল– দিনবোৰ বেলেগ হৈ গল৷ Life is never the same again

তথাপি বিহু আহিল– মাঘ বিহুৰ উৰুকাৰ ভোজ– হাঁহি-স্ফূৰ্তিৰ কলৰৱ– সুগন্ধি মছলাৰ মাংসৰ সুবাস– নামঘোষাৰ পদৰ লগত হিন্দী গানৰ কলি উমলিল বা বনগীতৰ লগত বিহুৰ সাবটা-সাবটি চলিল– আৰু ঠিক তেনেতে বড়োভূমিত অসমীয়া হোৱাৰ অপৰাধত AK ৪৭ গৰ্জি উঠিলথলীতে বাগৰি পৰিল বাপেক-ককায়েক-খুৰাক-মাক৷ কণ কণ শিশু traumatized হৈ পৰিল- মনস্তাত্ত্বিকৰ দল আহিল– চিকিৎসা চলিল– মানুহে ঘৰ-মাটি-বাৰী-খেতি এৰি গুচি গ– শৈশৱৰ কৈশোৰৰ স্মৃতি বিভীষিকাময় হৈ ৰল৷ Life is never the same again

সেয়ে তাত চৰকাৰী উদ্যোগত বা ব্যৱসায়ীৰ উদ্যোগত লাখ লাখ নীলা-বগা-হালধীয়া-বেঙুনীয়া-ৰঙা-মেৰুন আদি বিভিন্ন ৰঙৰ টিউলিপৰ খেতি কৰা হৈছে৷ লাখ লাখ পৰ্যটক সেইবোৰ চাবলৈ গৈছে বা যাব৷ ১৫ লাখ জোপা ফুল ফুলিব৷ আকাশত তাৰ প্ৰতিবিম্ব জিলিকিব৷ মানুহবিলাকে নিজেও ধুনীয়া ধুনীয়া ৰঙীন কাপোৰ লৈছে৷ হাত পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে চাবোন–sanitizer কিনিছে৷ ফুল যিমান ধুনীয়া পেকিং সিমান ধুনীয়া হব লাগিবমানুহবিলাকে কাগজ-কাপোৰ-কাঠত বৈশিষ্ট্যময় কাশ্মীৰী জালিকটা ফুল আঁকিছে৷ পৰ্যটকক দেখুৱাব তেওঁলোকৰ দুখ ঢাকিবলৈ সৃষ্টি হোৱা সৰগী নন্দনকানন৷ বিদেশলৈ যাবলৈও সাজু সেই ফুল৷ সকলোৰে হাতে হাতে অংক বহি গৈছে৷ সকলোৰে মবাইল ফোনত– চৰকাৰী বতৰ বিজ্ঞান কেন্দ্ৰৰ সূচনাত প্ৰতি দিনৰ- আগন্তুক ৩ মাহৰ বাবে– বতৰৰ বতৰা লিপিৱদ্ধ হৈছে৷ ডাক্তৰবিলাকে ৰোগীবিলাকক প্ৰেছক্ৰিপশ্যনত লিখি দিছে কোন কোন বাগিচাত কোনে কোনে কিমান দিনকৈ কেনেকৈ কটাব৷ লগতে ডাক্তৰে এইটোৰো বুজ লৈছে– কাৰ ঘৰত কিমান মাটি আছে, ত ফুলৰ খেতি কৰিব পাৰি৷ আনকি দিল্লী-বাংগালুৰু-চেন্নাইৰ ডাক্তৰেও মানসিক সমস্যাত ভাৰাক্ৰান্ত ৰোগীক পৰামৰ্শ দিছে কাশ্মীৰৰ ফুলৰ বাগিচালৈ ফুৰিবলৈ যাবলৈ৷

এক বিশাল আয়োজন জীৱনক উদ্‌যাপন কৰাৰ– পৰাজিত নোহোৱাৰ সংকল্প লোৱাৰ৷ আমিও যাম, মানুহে প্ৰকৃতিক আৰু অধিক বৈভৱময়-ঐশ্বৰ্যময় কৰাৰ প্ৰচেষ্টা দৰ্শন কৰিবলৈ- যেনেকৈ মাৰাডোনাই ফুটবল খেলক মহীয়ান কৰি গল নিজৰ জন্মগত প্ৰতিভাৰ উন্মেষ ঘটাই, তেনেকৈ নিঃকিন মানুহে প্ৰকৃতিকে প্ৰকৃতিৰ কোলাত স্থাপন কৰি প্ৰকৃতিকে মহীয়ান কৰিছে - তাক চাবলৈ৷

আমাৰ অসমত এক বিৰল গোমা পৰিৱেশ বিৰাজ কৰিছে আজি বহুদিন৷ অসমে নিজৰ স্বকীয়তা হেৰুওৱাৰো আজি বহুদিন হল৷ মই ইয়াণ্ডাবু সন্ধিৰ কথা কোৱা নাই দেই৷ অসম ব্ৰিটিছৰ হাতলৈ যোৱাটো যে কিমান ভাল কথা হৈছিল তাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ মান ৰজাৰ অধীনত অসম আজি ইমান দিন থকা হলে আমাৰ অৱস্থা কিমান বেয়া হলহেঁতেন ভাবিলেই ভয় লাগে৷ ১৭৯২ চনৰ (গৌৰীনাথ সিংহৰ দিনৰ) আৰু ১৮২৬ চনৰ (চন্দ্ৰকান্ত সিংহ-পুৰন্দৰ সিংহ-কন্দৰ্পেশ্বৰ সিংহৰ) আহোম ৰাজ্য মানেতো গুৱাহাটীয়ে অসমৰ পৰা বাহিৰ !

মই কৈছোঁ আধুনিক সময়ৰ অসমৰ কথাত অসমীয়া সংখ্যালঘুত অসম, পমুৱা বঙালী হিন্দু-মুছলমানৰ দখলতত অসমৰ অৰ্থনীতি ৭০-৮০% অনা অসমীয়াৰ হাততত অসমৰ ৰাজনীতি অসমৰ বাহিৰৰ পৰা নিয়ন্ত্ৰিত হয়– ত অসমীয়া চিন্তাবিদ অস্তিত্বহীন– ত অসমীয়া ভাষা নোকোৱাকৈয়ে অসমত জীৱন চলি যায়– ত অসমীয়াই আনৰ সহায় নোলোৱাকৈ নিজৰ বাপতি সাহোন বিহুটোকে পাতিব নোৱাৰে৷ মই সেইখন অসমৰ কথা কৈছোঁ যিখন অসম কোনোবা আমাৰেই পূৰ্বজে সৃষ্টি কৰিছিল কিন্তু এতিয়া শেষ কৰিব আন কোনোবাই, ঠিক যেনেকৈ এখন কিতাপ লেখকে লিখে ঠিকেই কিন্তু দৰাচলতে শেষ কৰে পাঠকেহে৷ মই সেইখন অসমৰ কথা কৈছোঁ যিখন অসমত মহাপুৰুষ দুজনাক সকলো অসমীয়াৰ জনক-প্ৰতিনিধি-প্ৰতিভূ আদি অভিধাৰে অনাহকত ভাৰাক্ৰান্ত কৰি পেলোৱা হৈছে৷ মই সেইখন অসমৰ কথা কৈছোঁ যিখন অসমত অসমীয়াই এক পলকতে নিজকে সস্তীয়া পণ্য সামগ্ৰীত পৰিণত কৰি পেলায়– ভূত-ভৱিষ্যৎ একো নাভাবি৷

নেলচন মেণ্ডেলাই এষাৰ কথা কৈছিল যে এটা জাতিক ধবংস কৰিবলৈ বন্দুক-বাৰুদ-বোমা একোৱেই নালাগে; লাগে মাথোন শিক্ষাহীন এটা পৰিৱেশ৷ অসম আন্দোলন তথা আলফাৰ দিনৰ পৰা কথাবোৰ মন কৰিলেই হল৷ পঢ়া-শুনা নকৰাকৈয়ে দেখোন সামাজিক বা ৰাজনৈতিক নেতা হব পাৰি; পঢ়ি কি লাভ !

সেই যি আৰম্ভ হ, তাৰ পৰা অসমে একেবাৰেই নিস্তাৰ নাপালে৷ ফলত ৰাজ্যৰ প্ৰশাসনত বা কেন্দ্ৰীয় চৰকাৰৰ কোনো অৰ্থপূৰ্ণ পদবীত কোনো যোগ্য অসমীয়া বহিবগৈ নোৱাৰিলে৷ পাঠকৰ মনত থাকিব লাগে– হিতেশ্বৰ শইকীয়াই নিজৰ শাসন কালত প্ৰায় ৩০,০০০ (ত্ৰিছ হাজাৰ) অযোগ্য মানুহক শিক্ষক হিচাপে নিযুক্তি দিছিল৷ নিজে গুণশব্দটোৰ অ-আ-ক-খ একো নজনা মানুহে বছৰে বছৰে কি মানৱ সম্পদ ৰাজ্যৰ বাবে সৃষ্টি কৰিলে সি সহজেই অনুমেয় !

তাৰ ফলত আজি ৫০০/১০০০ টকাত প্ৰশ্নকাকত বিক্ৰী কৰা শিক্ষক আমি পাইছোহঁক৷ আচলতে সেইকেইটা পইচা, যাকে খোজে সিয়ে দিব পাৰে৷ মোৰ ওচৰলৈ আহিলে মই বাচন ধুবলৈ নিদিয়াকৈয়ে সেইকেইটা পইচা দি দিলোহেঁতেন৷ ১০ লাখ টকাত প্ৰশ্নকাকত সদৰি কৰাহেঁতেনো এক কথা আছিল– যে মই ডকাইতেই, গতিকে মই ১০ লাখ টকা লওঁতেই, যেনেকে সামান্য cyst এটা গাৰ ছালৰ পৰা এক মিনিটত গুচায়েই মানৱ সেৱাকৰা ডাক্তৰে হেণ্ড গ্লাভছ পিন্ধি থকা অৱস্থাৰেই ১০,০০০ (দহ হাজাৰ) টকা বিনা সংকোচে লৈ লয়৷

এনে ধৰণৰ সস্তীয়া মানুহ আমাৰ অসমীয়া সমাজত কেনেকৈ সৃষ্টি হল বাৰু ! বুজাই টান৷

যেতিয়া কণ কণ লৰা-ছোৱালীয়ে উগ্ৰপন্থীৰ আক্ৰমণত ঘৰ-দুৱাৰ জ্বলি যোৱা বা পিতৃ-মাতৃ-ভাতৃ-ভগ্নী মুহূৰ্ততে নিথৰ হৈ যোৱা দেখিছিল, তেতিয়া সিবিলাকে ভয়ংকৰ ধৰণে মানসিক শ্বক্‌ খাইছিল– ভ্ৰম বকিছিল– সিহঁতৰ টোপনি নাহিছিল– টোপনিৰ পৰা খকমককৈ ভয় খাই সাৰ পাই উঠি বহি চিঞৰিছিল– কান্দিছিল– খাবলৈ মন নকৰা হৈছিল– মানুহৰ পৰা আঁতৰি থাকিছিল– মানুহলৈ ভয় কৰিছিল– মাত-বোল নকৰা হৈছিল– নতুনকৈ পুষ্পিতা হোৱা ছোৱালীয়ে মাকক নাপাই কাকো একো কব নোৱাৰি মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল, সেইবিলাক সমস্যাৰ সম্মুখীন হবলৈ অসম পুলিচে আশ্বাসনামৰ এটা কাৰ্যসূচী হাতত লৈছিল৷ ময়ো সেই কাৰ্যসূচীৰ অন্তৰ্গত আছিলোঁ৷ ময়ো প্ৰশিক্ষণ লৈছিলোঁ৷ ময়ো প্ৰশিক্ষণ দিছিলোঁ৷ ময়ো তেনে মানুহৰ মুখামুখি হৈছিলোঁ

গতিকে কাশ্মীৰত কি পৰিস্থিতি বা অসমত কি পৰিস্থিতি অনুধাৱন কৰাত মোৰ বিশেষ অসুবিধা নহয়৷ সেয়ে কাশ্মীৰত লোৱা টিউলিপ ফুলৰ পদক্ষেপটোৱে মোক কিছু আলোড়িত কৰি তুলিলে৷ মই ভাবিলোঁ বানপানীত চকুৰ আগতে নিজৰ ঘৰটো উটি যোৱা দেখি বা ঝুলনা খেলা লিচুজোপা মাটিৰে সৈতে মুহূৰ্ততে নিশ্চিহ্ন হৈ যোৱা দেখি আমাৰ লৰা-ছোৱালীয়েও নিশ্চয় একেই trauma অনুভৱ কৰে৷ বহুত বিদ্যালয়ে ৰূপালী জয়ন্তী-সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপন কৰিবলৈ লওঁতে, আগৰ লৰা-ছোৱালীবিলাক যে বিদ্যালয়খনৰ নিজৰ বহা কোঠা-ঠাইকণ চুই চাই Nostalgic হৈআৱেগিক হৈ পৰে– মই ভাবোঁ নিজৰ স্কুলখন খহনীয়াত নোহোৱা হৈ যোৱা দেখি তাত পঢ়া লৰা-ছোৱালীবিলাকৰ কেনে লাগে বাৰু !

সেয়ে মোৰ অসমত বৰ্তমান ঘটি থকা ভাল ঘটনাবিলাকলৈ চকু দিবলৈ মন গৈছে, যিবিলাক এটা সময়ত অসমৰ ইতিহাস বুলি পৰিগণিত হবগৈ৷ বাৰেপতি কথাটো মোৰ মনলৈ আহি থকাৰ কাৰণটো হ– কোনে কি দেখিছে মই নাজানো; কিন্তু মই দেখিছোঁ যে অসমখন প্ৰায় সম্পূৰ্ণৰূপে অৱসাদ-depression-হতাশাত ভূগিছে৷ ইয়াত বানপানীয়ে জুৰুলা কৰা মানুহে থকা ঘৰটো মেৰামতি কৰিয়েই জীৱনটো পাৰ কৰিব লাগে– বেলেগ চিন্তা কৰি কি কৰিব? ইয়াত কিতাপৰ প্ৰকাশকক লেখকে খুৱাব লাগে ! ইয়াত খেতি কৰিবলৈ চৰকাৰে মানুহক কব লাগে৷ ইয়াত নামঘৰকণ ৰাইজে পোনকৈ ৰাখিব নোৱাৰে– চাকিগছত নিজৰ উপাৰ্জনেৰে তেলকণৰ জোৰা মাৰিব নোৱাৰে৷ ইয়াত এটা দুটা জনজাতিৰ বাহিৰে সকলো জনজাতিৰে নিজস্ব সশস্ত্ৰ উগ্ৰপন্থী সংগঠন আছে; গতিকে আন কোনো জনগোষ্ঠীৰ মানুহ অন্য জনগোষ্ঠীৰ ঠাইত নিৰাপদ বা আশ্বস্ত নহয়৷ ইয়াত প্ৰতিটো দল-সংগঠন কোনোবা নহয় কোনোবা অপশক্তিৰ জেপত সোমাই আছে৷ ইয়াত বিশ্বাসযোগ্য মাত মতা (credible voice) কোনো মানুহ ৰাজহুৱা স্থানত দেখা নাযায়, সকলোৰে নিজস্ব agenda থাকে৷ ইয়াত কোনো এটা ব্যৱস্থা বা প্ৰতিষ্ঠানক (System & Institution) মানুহে বিশ্বাসত নলয়৷ SEBA-ক যেনেকৈ নলয়– হস্পিতাল-ডাক্তৰকো নলয়৷ ইয়াত প্ৰায় প্ৰতিখন বাতৰি কাকত আৰু সংবাদ মাধ্যম ন্যস্তস্বাৰ্থৰ গোষ্ঠীৰ দ্বাৰা পৰিচালিত৷ ইয়াত খেতি কৰে মিঞাই– চৰকাৰী পুৰস্কাৰ পায় অসমীয়া উপাধিধাৰী মানুহে৷ ইয়াত ব্যৱসায় কৰে মাৰোৱাৰী-পাঞ্জাবী-বঙালী-মিঞাই, উদ্যোগী বুলি চৰকাৰী স্বীকৃতি পায় অসমীয়াই৷ ইয়াৰ প্ৰতিখন হাবি– প্ৰতিখন নৈ– প্ৰতিখন বিল– প্ৰতিখন খেতিৰ পথাৰ আক্ৰান্ত-বিপৰ্যস্ত৷ ইয়াত কোনো ৰাজহুৱা স্থানত খোকোজা নলগাকৈ শুদ্ধ-ভাল অসমীয়াত এঘণ্টা কথা কব পৰা মানুহ প্ৰায় দুষ্প্ৰাপ্য৷

এনে ধৰণৰ বহুত কথা আছে৷ এই সকলোবোৰ কথা একে সময়তে আমাৰ দৃষ্টিগোচৰ নহয়৷ সমুখৰ চিকমিকনিয়ে আমাক জলক-তবক দেখুৱায়৷ কিন্তু আমি কব নোৱৰাকৈয়ে আমাৰ অচেতন মনত- এই কথাবোৰে বা এই কথাবোৰৰ পাৰ্শ্বক্ৰিয়াবোৰে প্ৰভাৱ পেলাই থাকে৷ সেয়ে আমি কব নোৱৰাকৈয়ে সাংঘাতিক ধৰণে cynical হৈ গৈ আছো৷ এখন বছৰ ধৰি কষ্ট কৰি লিখা ভাল কিতাপ প্ৰকাশকে মাত্ৰ ৩০০ কপিহে উলিয়াবলৈ সাহস কৰে৷ এখন ভাল চিনেমা চাবলৈ মাত্ৰ ১০জনহে মানুহ আহে এটা দৰ্শনীলৈ৷ অসমত মানুহে ভাল চিনেমা নাচায়– চিনেমাৰ বিষয়ে পঢ়েহে ! অসমীয়া বুলি দপদপাই থকা গুৱাহাটীৰ পুৰণা অভিজাত পৰিয়ালৰ মাটি বৰ্তমান ধুমুহাৰ গতিত অনা অসমীয়া ব্যৱসায়ীৰ হাতলৈ গৈ আছেনাৰিকলবস্তিত-উজানবজাৰত-খাৰঘূলিত-ভৰলুমুখত-শান্তিপুৰত আৰু বহুত ঠাইত৷ 

বৰ্তমান অসমত বলিয়াৰ বাহিৰে প্ৰায় সকলো সুস্থ মনৰ অসমীয়া মানুহে হাল এৰিদিছে৷ খেতি এৰি দিছে মিঞাৰ হাতলৈ৷ নিজৰ কন্যা এৰি দিছে আনৰ হাতলৈ৷ নিজৰ সন্তান এৰি দিছে অন্য ঠাইলৈ৷

মৌলিক নাটক এখনকে ইয়াত লিখা নহয়৷ জগত সভালৈ যাবলৈ ওলোৱা বুলি ভাবি থকা অসমীয়া ভাষাটো আফ্ৰিকা-আমেৰিকা-ইউৰোপ-জাপানে কব বুলিয়ে চাগে ভাবি আছে৷ অনুবাদৰ কাম এটাকে পৰ্যাপ্ত পৰিমাণে কৰিবলৈ ইয়াত মানুহ নাই৷ কত জগত সভালৈ যাব? ঘৰতে নকয়, ওচৰ-চুবুৰীয়া-প্ৰতিৱেশীয়েও নকয়৷ এনেয়ে আৰু ভ্ৰান্ত আশাবাদ !

আশাৰ নামত যিকোনো সামাজিক সমস্যাৰ সমাধানৰ কথাটো বা পথটো আমাৰ নাট্যকাৰে সদায় দৰ্শক-জনতাৰ মাজলৈ এৰি দিয়ে৷ নাট্যকাৰ-শিল্পী-লেখক-কবি-গীতিকাৰসকলক সাধাৰণতে সমাজৰ মাৰ্গদৰ্শক বা চিন্তাবিদ বুলি ধৰা হয়৷ জনতা সদায় মূঢ়৷ গতিকে বাট দেখুৱালে চিন্তাবিদেই দেখুৱাব লাগিব৷ কিন্তু আমাৰ পলায়নবাদী চিন্তাবিদে বৰ কৌশলগতভাৱে জনতালৈ সেই দায়িত্ব এৰি দিয়ে৷ জনতা বা ৰাইজ বোলা বস্তুটো বা কথাটো এটা ধূসৰ আৰু অকায়িক (unclear & abstract) বিষয়৷ এই বস্তুটো সদায় আৱেগত উতলা৷ সেয়ে আমি ধৰ্মৰ নামত mob lynching দেখোঁ৷ সেয়ে আমি নীল-অভি হত্যাকাণ্ড দেখোঁ৷ সেয়ে আমি মিছলীয়া-ভণ্ড ৰাজনীতিকক নিৰ্বাচনত জিকাবলৈ নিজৰ কাম-বন এৰি লাখ লাখ মানুহ একত্ৰিত হোৱা দেখোঁ৷ সেয়ে নিজে ভোট দি নিৰ্বাচন কৰা মানুহকে ভগৱান পূজাদি পূজোঁ

আচলতে এই কথাটোৰ উদাহৰণ বিচাৰি বেছি দূৰলৈ যাবই নালাগে৷ ভাল কাম এটা কৰিবলৈ মাতিলে কেইজন মানুহ সমবেত হয় তাৰ পৰাই বুজা যায়৷

বৌদ্ধিকভাৱে মানুহ ভিতৰৰ পৰা আলোড়িত নহলে সমাজৰ কেতিয়াও মংগল নহয়৷ মই যোৱা ৬ মাহমান সময়ৰ ভিতৰত অসমৰ প্ৰায় ৪৫/৫০ জনমান লেখক, সাংবাদিক, সম্পাদক, নাট্যকাৰ, পৰিচালক, কবি, অভিনেতা, চিত্ৰশিল্পী, প্ৰকাশক, ব্যৱসায়ী আৰু সাধাৰণভাৱে শিক্ষিত মানুহৰ লগত মোৰ ভিতৰুৱা উদ্দেশ্য তেওঁলোকে গম নোপোৱাকৈ কথা পাতিছোঁ৷ এনেকৈ আৰু এনেকুৱা কথা পাতিছোঁ যাতে মই তেওঁলোকৰ মানসিক অৱস্থাবিলাক গম পাওঁ– ব্যক্তিগত আৰু পেছাগত দুয়োটা৷ কিন্তু BJP আৰু RSS-ৰ কিছুমানৰে বাহিৰে বাকী সকলো মানুহ কিবা এক হতাশাত আকণ্ঠ বুৰ গৈছে৷ কাৰো মনত কোনো উৎসাহ-উদ্দীপনা নাই৷ বাতৰি কাকত-আলোচনীৰ লগত জড়িত মানুহৰ কথা শুনিলে চকুপানী ওলাই যাব৷ Quality time-Quality life-Quality company একোৱেই নাই কাৰো৷ লৰা-ছোৱালী, যুৱক-যুৱতীবিলাকক আধুনিক প্ৰযুক্তিয়ে এনেকৈ প্ৰক্ষালিত কৰিছে যে জাকে জাকে সিহঁতে Amazon-Swiggy-ৰ বিলি বয় ধৰণৰ কামতহে গৈ সোমাইছেগৈ৷

কথাটো মোৰ কিবা ক্ৰিকেট খেলৰ match fixing-অৰ দৰে লাগিছেগৈ৷ মই ভাবি আছোঁ মোৰ দেশৰ দলটোৱে জিকিবৰ বাবে প্ৰাণটাকি খেলিছে– মই খোৱা-বোৱা কাম-বন কাটি কৰি খেলখন চাই আছোঁ; মনৰ জোৰ দিছো– বাৰে বাৰে গা দাং খাই খাই গৈ আছে– উত্তেজিত হৈ পৰিছোঁ– tension বাঢ়ি বাঢ়ি গৈ আছে; ই কিন্তু কি? ইমান ভাল খেলুৱৈজন এনেকে আউট হব লাগিছিল নে বাৰু ! বলাৰজনে এইটো কি বল দিলে ! চাৰিটা wide ball একেলগে !

মোৰ দলটো হাৰি থাকিল৷ মনটো বেয়া লাগি গল৷ মনৰ পৰা ভাবটো গুচাবলৈ চেষ্টা কৰিলোঁ– খেলততো হৰা-জিকা থাকেই৷ বাদ দে !

কিন্তু দুদিনমানৰ পিছতে কথা ওলাল যে অমুকে তমুকে বুকী (Bookie)-ৰ পৰা পইচা লৈ হেনো ইচ্ছা কৰিয়ে বেয়া খেলিছিল যাতে দলটো হাৰে !

এনে অবিশ্বাস্য কথাও ঘটিব পাৰেনে? খেলৰ দেখোন মূলমন্ত্ৰই হfaster-higher-better৷ উত্তৰণ-উৎকৰ্ষ সাধনেই দেখোন সকলোৰে চালিকা শক্তি হব লাগিছিল৷ আপ্ৰাণ চেষ্টা কৰি খেলি হাৰি গলেও গলহেঁতেন আৰু ! তেতিয়াহে খেলত হৰা-জিকা থাকেইবোলা কথাটো খাটে !

নিজেই হাৰি দিয়ে ! নিজকে পৰাস্ত কৰে ! কি অদ্ভূত কথা !

কিয়? কিয়? কেলেই? কেলেই?

নেপথ্যৰ নায়ক বোলে টকা ! খেল আজিকালি হেনো ব্যৱসায় ! নিজে খেল নেখেলা মানুহ কিছুমানে হেনো বাজী খেল চলায়৷ জুৱা খেল৷ বহুত কোটি কোটি টকাৰ খেল৷ খেলখনত দৰ্শক হয়তো মাত্ৰ ১০০০০হে উপস্থিত আছে৷ টিকটৰ মুঠ মূল্য হয়তো গড়ে ১০০ টকাকৈ ধৰিলে ১০ লাখ টকাহে৷ কিন্তু বাজী চলিছে ১০০ কোটি টকাৰ৷ অমুক দলটো বেয়া যদিও  জিকিব বুলি বাজী মাৰাঁ– ১০০ টকা দিয়াঁ– যদি জিকে ১০০০ টকা পাবা; ৫ লাখ দিয়াঁ ১০ লাখ পাবা৷ গতিকে ভাল দলটোক হৰুৱাব লাগিব৷ গতিকে দুজনমান key player (আচলতে আধুনিক যুগৰ জীৱনত এনেকুৱা ঘটনাবোৰ ঘটিবলৈ লৈছে যিবিলাক কথা অসমৰ মানুহৰ সপোনৰো অগোচৰ আছিল৷ সেয়ে বহুত এনে শব্দৰ অসমীয়া প্ৰতিশব্দ বিচাৰি পাবলৈ নাই৷ ওচৰ চপা শব্দ পালেও আচল ভাব (connotation) প্ৰকাশত অসমৰ্থ) কিনিব লাগে৷ তেওঁৰ Match fee যদি ৫০০০০ টকা, তেন্তে তেওঁক কোটি দি দিয়াঁ; তেওঁ বেয়া খেলি দিব– কোনেও গমেই নাপাব– সাংঘাতিক ডাঙৰ শিল্পীৰ কৌশলী চাতুৰ্যৰে তেওঁ সকলোকে আভুৱা ভাঁৰি দিবতলে তলে তেওঁ ধনী হৈ যাব– ওপৰে ওপৰে তেওঁ ভাল মানুহেই হৈ থাকিব !

বাঃ কি চমৎকাৰ কথা !

অসমতো আচলতে এই match fixing য়েই চলি আছে৷ মহাপুৰুষে-সাহিত্যৰথীয়ে-ৰসৰাজে-সাহিত্যাচাৰ্যই-সুধাকণ্ঠই-পদ্মশ্ৰীয়ে ভাবি আছে, লিখি আছে, কৈ আছে– কিবা কিবি ভাল হওক বুলি৷ কিন্তু যি কৰিব লাগে কামবোৰ সি জৈৱিক বাসনা-জৈৱিক সুখ-টকাৰ মোহ-বৈষয়িক সুখ (carnal desire-carnal pleasure-money power-material comfort)-ৰ মাদকতাৰ অভিসাৰত বিভোৰ-মত্ত-মচগুল৷

গতিকে জিকিব লগা খেলবিলাকত আমি হাৰি আছোঁ৷

একো কৰিব নোৱৰা মানুহে সদায় কিবা নহয় কিবা অজুহাত উলিয়ায়েই৷ উৰহৰ খং ভগাঢাৰিত জাৰেই৷ মুখত ভাওনাৰ বীৰ বচন বা আস্ফালন থাকেই৷

সেয়ে আমি সদায় অসমীয়া বাতৰি কাকতত-অসমীয়া বৈদ্যুতিন মাধ্যমত জুমুঠি দাহ-ধৰ্ণা-বিক্ষোভ-বিবৃতিৰ মহাসাগৰ দেখোকেৱল ৩০% মানুহৰ৷ বাকী ৭০% মানুহ হল অনা অসমীয়া৷ তেওঁলোকৰ এইবিলাক কথালৈ মন দিবৰ সময়-আহৰি নাই৷ কাম কৰিছে-বাট উলিয়াইছে-উন্নতি কৰিছে৷ আমাৰ মানুহে বিছনাখন চৰকাৰে পাৰি দিয়া নাই, কেনেকৈ শুমবুলি সুৰাৰ ৰাগীত বহি আছে৷

তেলেংগানা ৰাজ্যত ৩০০ ঘৰমান ইহুদী মানুহ আছে৷ কথাটো বহুত দিনলৈকে মানুহে গমেই পোৱা নাছিল৷ বাহিৰত মাত-কথা, বেশ-ভূষা, খোৱা-বোৱা সকলোবোৰ অন্য তেলেগু মানুহৰ দৰেই৷ কিন্তু ঘৰৰ ভিতৰত তেওঁলোকে ইহুদী নিয়মৰেই ঘৰ চলায়৷

এতিয়া তেওঁলোকে প্ৰত্যেক ইহুদীৰ promised land, ইজৰাইললৈ যাবলৈ বিচাৰিছে৷ তেতিয়াহে কথাটো ওলাল৷ ইজৰাইললৈ এদিন যামগৈ বুলিয়ে তেওঁলোকে আজি ৩০০ বছৰেভাৰতলৈ অহাৰ দিন ধৰি– ইয়াত মাটি কিনা নাই৷ সদায় ভাড়া ঘৰতে আছে৷

এনেকুৱা জাতীয়তাবোধ-এনেকুৱা সপোন কি আত্মবলৰ শক্তিৰ ফলত মানুহে দেখে বাৰু ! বিশ্বাসেই নহয় কথাটো৷

যেনেকৈ মোৰ বিশ্বাস হোৱা নাই যে চাৰিওফালে ফুলৰ খেতি কৰি কেনেকৈ মানুহৰ মন জাগ্ৰত-উৎফুল্লিত-উৎসাহিত কৰিব পাৰি !

কিন্তু তেওঁলোকে তাকেই কৰিবলৈ লৈছে এতিয়া৷ ফলো পাইছে৷ ফুলৰ বিভিন্ন ৰঙীণ সুবাসিত জগতে তাৰ মানুহকে জগাই তুলিছে৷ অন্য ঠাইৰ মানুহক হাত বাউল দি মাতিছে৷ যেন এচাটি স্নিগ্ধ মলয়া বতাহ বৈছে৷

আমাৰ ইয়াত বিৰাজ কৰা সামগ্ৰিক বিষণ্ণতাবোধৰ বিপৰীতে ফুল-বাৰী কেতিয়াবাতে আচলতে কৰিব লাগিছিল৷ মোমাই তামুলী বৰবৰুৱাই আমাক চকুত আঙুলি দি দেখুৱায়েই দিছিল৷ আমিহে নেদেখিলোঁ– নুশুনিলোঁ৷ আমিহে আমাৰ বোপা-ককাৰ দিনৰ সুন্দৰ সুন্দৰ ঘৰবিলাক জাতিষ্কাৰ কৰি তোলাৰ সলনি দুটা পইচাৰ বাবে বা পৰিয়ালৰ দ্বন্দ্ব-খৰিয়ালৰ ফলত ভাঙি পেলাইছোঁ বা তাৰ ঠাইত দালান নামৰ বাকচ সাজিছোঁ৷ অন্য ধৰণেৰেও আমি নিজকে সুন্দৰ কৰিবলৈ চেষ্টা কৰা নাই৷ অসমৰ ৰাজহুৱা স্থানবিলাকততো অসুন্দৰৰেই আধিপত্য৷

আমিও match fixing-য়েই কৰি আছোঁ নেকি? কৰিবৰতো কোনো দৰকাৰ নাছিল ! আধুনিকতাৰ পৰশ বা চমক লাগে বুলিয়েই আমি আমাৰ সুন্দৰতাবিলাকক বিসৰ্জন দিয়াৰ কোনো প্ৰয়োজন নাই৷ নাই বুলিও হাতীৰ শূঁৰত একলহ পানী থাকে৷ আমাৰো নিশ্চয় শাহটো আছে৷ তেন্তে আমি কৰা নাই কিয়? নে আমি আৱাহনো নাজানো– বিসৰ্জনো নাজানোপূজাও নাজানো– বাহিৰো নাজানো– ভিতৰো নাজানো– পৰকো নাজানো– নিজকো নাজানো৷ এক ভয়ংকৰ আত্মক্ষয়ী ৰোগত আমি আক্ৰান্ত ! ইমানেই অৱসাদ যে ফুল এপাহকে ফুলাবৰ বাবে আমাৰ মন যোৱা নাই !

কাশ্মীৰলৈ এবাৰ চাম নেকি বাৰু?

কিয় নোৱাৰি চাব? আমাৰ জোঁৱাইৰ দেশ দেখোন সেইখন ! কামৰূপ জীয়ৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰোৱা নাছিল জানো ! সেয়া বৌদ্ধ ধৰ্মৰ প্ৰসাৰ কালৰ ঘটনা নহয় জানো ! কামৰূপকন্যা বৌদ্ধ ধৰ্ম প্ৰচাৰলৈ যোৱাৰ কথাটো আমি নাপাতিলোঁ কিয় আজি ইমানদিনে! মোমাই তামুলীৰ কথা পাহৰিলোঁ- অমৃতপ্ৰভাক পাহৰিলোঁ- মান দেশত অসমীয়া মানুহ বিচাৰি যোৱা চাও পুষ্প গগৈক পাহৰিলোঁ...

আমাৰ Dementia-Alzheimer সকলোবোৰ হৈছে দেখোন ! কি কৰা যায় এতিয়া !

ফুলনি কৰিবৰ বাবে ইয়াতকৈ বেছি ভাল কাৰণ থাকিব পাৰেনে বাৰু !

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ