সঞ্জীৱ সভাপণ্ডিত
কি চিনেমানো, কোন মানুহে কিয় নিৰ্মাণ কৰে তাৰ কিবা সঠিক উত্তৰ আছে বুলি ভাবিবৰ মন নাযায়। বহুতে ব্যৱসায়ৰ বাবে চলচ্ছিত্ৰ নিৰ্মাণ কৰে বুলি বুজা যায়। কাৰণ হাজাৰ হ’লেও চিনেমা এটা ব্যৱসায়। চিনেমা নিৰ্মাণত বহুত টকা ব্যয় হয়। গতিকে খৰচ উদ্ধাৰৰ লগতে লাভ কৰিবলৈও এওঁলোকে চিনেমা নিৰ্মাণ কৰে। তেওঁলোক Dream Merchant— সপোনৰ সদাগৰ। চিনেমা এটা illusion, অৰ্থাৎ এটা ভ্ৰম। ৰূপালী পৰ্দাত বহুত জোৰা-টাপলি মাৰি ফ্ৰেমৰ ভিতৰত কিবাকৈ বিশ্বসনীয় ৰূপত কথা উপস্থাপন কৰা হয়। নেপথ্যৰ কথা জানিলে চিনেমা উপভোগ কৰিব নোৱাৰি; যেনেকৈ চিনেমাৰ শ্বুটিং চালে বিৰক্তি আৰু জাবৰ এসোপা মূৰত লৈ অনাৰ বাহিৰে একো নহয়।
তথাপি চিনেমা চিনেমাই। এটা শক্তিশালী গণসংযোগৰ মাধ্যম— অত্যন্ত প্রভাৱশালী— সমাজৰ মানসিকতা, ৰুচি, দৃষ্টিভংগী সলনি কৰিব পৰা ক্ষমতা যাৰ আছে।
দিন যোৱাৰ লগে লগে ইমান বিচিত্ৰ ধৰণৰ চিনেমাৰ সৃষ্টি হৈছে যে এতিয়া আৰু এটা লেখাত চিনেমাৰ বিষয়ে বিশেষ একো লিখি অঁটাব নোৱাৰি। কাল্পনিক কাহিনীভিত্তিক, সঁচা কাহিনীভিত্তিক, কল্পবিজ্ঞানভিত্তিক, জীৱনীভিত্তিক, যুদ্ধভিত্তিক, কমেডি, dark comedy, musicals, horror film, ৰোমাঞ্চভিত্তিক, দুঃসাহসিক অভিযানভিত্তিক, Travelogue, documentary, docufeature, short film, political, political satire, animation film, cartoon film, ইতিহাসভিত্তিক— কিমান যে কি বিচিত্ৰ ভাগত চিনেমা বিভক্ত হৈ পৰিছে ধৰাই টান। সকলো চিনেমা সকলোৰে কাৰণে নহয়, সকলো চিনেমা সকলোৱে নিৰ্মাণো কৰিব নোৱাৰে; যেনেকৈ এজন গল্পকাৰ কবি নহ’বও পাৰে বা কবিজন ঔপন্যাসিক নহ’বও পাৰে বা ঔপন্যাসিকজন নাট্যকাৰ নহ’বও পাৰে।
তথাপি চিনেমা চিনেমাই। মানুহৰ মগজুৱে আৱিষ্কাৰ কৰা এটা অত্যন্ত সবল দৃশ্য-শ্ৰাব্য মাধ্যম (audio-visual medium) ।
লগে লগে এইটোও বুজা উচিত যে এখন চিনেমাৰ অত কথা এনেয়ে হ'ব নোৱাৰে। কেমেৰা লাগিব, কৃত্ৰিম পোহৰৰ ব্যৱস্থা লাগিব, শব্দ গ্ৰহণ লাগিব, ট্ৰেক-ট্র'লি-ক্ৰে'ন— বিভিন্ন ধৰণৰ লেঞ্চ, ৰেক'ৰ্ডিং, rerecording, সম্পাদনা, mixing, remixing, colour correction, noise filter, Import-Export-Transfer, make up, set, settings— কতনা ব্যৱস্থা, কতনা মানুহ লাগিব।
ইফালে লাগিল বিষয়বস্তু-কাহিনী-স্ক্ৰিপ্ট— shooting script— drawing board— Scene-shot— Shot division— light continuity, dress continuity— poperty continuity— কতনা কি!
এখন মহাকাব্যই হয় গোটেইবিলাক কথা সাঙুৰিলে।
মনত ইফালে অহৰহ চিন্তা আৰু ভাব— দৰ্শকে আজিৰ পৰা ৬ মাহৰ মূৰত— এবছৰৰ মূৰত কি দেখিব— কি ভাবিব— কেনেদৰে ল’ব!
আনফালে অহৰ্নিশে
চিন্তা,
কাহিনী বা বিষয়বস্তুৰ প্রতি ন্যায় কৰা হৈছে নে নাই? চৰিত্ৰবিলাকত যথাযথ গুৰুত্ব দিয়া হৈছে নে নাই? কি
ধৰণৰ সংগীত বা কি ধৰণৰ শব্দ (sound effect) কোন ঠাইত
প্রযোজ্য হ’ব?
ইফালে আকৌ প্ৰযোজক (producer) আৰু বিত্ত আয়োজকৰ (Financier) চৰ্ত পূৰণ কৰাৰ দায়ৱদ্ধতাও উপেক্ষা কৰিবলগীয়া কথা নহয়।
যদি কেনেবাকৈ কাহিনী বা বিষয়বস্তুৰ ওপৰত আনৰ স্বত্ত্ব থাকে তেনেহ’লে কথা আৰু গহীন হৈ পৰে। কোনোবা গল্প বা উপন্যাসৰ ভিত্তিত যদি চিনেমাৰ কাহিনী লোৱা হয়, তেন্তে কিমান দূৰলৈকে ‘director’s liberty’ বা ‘script writer’s creative freedom’ ঠেলিব বা টানিব পাৰি সেইটোও বিচাৰ্য বিষয়। ঐতিহাসিক চৰিত্ৰ যদি নিৰ্বাচন কৰা হয়, তেন্তে সেই জাতি বা জনজাতি বা জনগোষ্ঠীৰ সংবেদনশীলতালৈকো চকু দিব লগা হয়। ভাষা, ৰীতি-নীতি, সাজ-পোছাকৰ কথাও ধৰিবলগীয়া বিষয়েই।
আকৌ যদি period film হয় তেন্তে সেই সময়ৰ কথাবোৰ (ঘৰ-গাড়ী, কাপোৰ-কানি, আচবাব-পত্ৰ, চুলিৰ cut, চুলি ফণিওৱাৰ ধৰণ পৰ্যন্ত চকু দিব লাগিব। দ্বিতীয় মহাসমৰৰ চিনেমাত AK47 দেখুৱাবতো আৰু নোৱাৰি!
গতিকে চিনেমা নিৰ্মাণ কৰা সহজ কথা নহয় তেওঁৰ বাবে, যি ভাল চিনেমা কৰিবলৈ মন মেলে। ‘ক’লা ধন’, বগা কৰিবলৈ কৰা মুম্বাইৰ বহুত হিন্দী চিনেমা বা ‘কোনোবা অভিনেতা-অভিনেত্ৰীৰ সন্তানক Break দিবলৈ কৰা চিনেমা বা টকা নষ্ট কৰিবলৈ বহুত টকা থকা মানুহে চখ মিটাবলৈ কৰা চিনেমা’ বা ‘নাম কিনিবলৈ কৰা চিনেমা’ বা ‘অভিনেত্ৰীৰ লগত অভিসাৰ কৰিবলৈ সুযোগ সৃষ্টি কৰিবলৈ কৰা চিনেমাবিলাক’ মই এই বিচাৰলৈ অনা নাই।
মই সাধাৰণ অর্থত বুজোৱা ভাল চিনেমাৰ কথা নিৰ্মাণ কৰাৰ কথাহে কৈছোঁ। বহুতে বিভিন্ন কথাৰ পৰিপ্ৰেক্ষিতত চিনেমাবিলাক বেলেগ বেলেগ নামেৰে নামকৰণ কৰে; যেনে, সমান্তৰাল চিনেমা (parallel cinema), কলা চিনেমা (Art cinema), নব্যলহৰ চিনেমা (New wave cinema), নৱ যুগ চিনেমা (New age movie) আদি। নিৰ্বাক যুগৰ চিনেমাৰ কথা ইয়াত ধৰা হোৱা নাই। আগতে মই চিনেমাৰ কিছুমান genre বাদ দি গৈছিলোঁ mythological cinema, Religious cinema, Propaganda cinema, Advertisement cinema আদি। চিনেমাৰ এইবিলাক ‘জাতো’ অগ্রাহ্য কৰিব পৰা কথা নহয়। এতিয়া ভাল চিনেমা-বেয়া চিনেমাৰ কথা ওলাওঁতে এইবিলাকো আমি সাঙুৰি ল’ম।
ব্যক্তিগতভাৱে মই চিনেমাক ইমানবোৰ ভাগত বিভক্ত কৰি চাবলৈ নিবিচাৰোঁ। মোৰ দৃষ্টিত চিনেমা দুবিধেই— ভাল চিনেমা আৰু বেয়া চিনেমা। ভাল চিনেমা মানে মই বুজা কথাকেইটা হ’ল— ভাল কাম, শব্দৰ ভাল প্ৰক্ষেপণ, ভাল অভিনয়, ভাল বিষয়বস্তু, ভাল সম্পাদনা, ভালকৈ মনবোৰ বান্ধি ৰাখিব পৰাকৈ নিৰ্মাণ কৰা নিটোল গতিৰ চিনেমা আজিকালি চিনেমাত special effect-অৰ প্ৰাদুৰ্ভাৱ সাংঘাতিক ধৰণে বেছি হৈছে— যিবিলাকে চিনেমাবিলাকক বৈচিত্ৰ্যময় নতুন মাত্ৰা দিছে৷ ফলত চিনেমাবিলাক অতিকৈ আকৰ্ষণীয়কৈ আৰু সাংঘাতিক ধৰণে উপভোগ্য হৈ উঠিছে। special effect-অৰ সহায়ত সাধাৰণভাৱে কৰিব নোৱৰা চিনেমা নিৰ্মাণো সম্ভৱ হৈ উঠিছে।
আৰম্ভণিৰ পৰা চিনেমা এটা technical art বুলিয়ে বুজা গৈছিল। কিন্তু বৰ্তমান ই কলাৰ সংজ্ঞাকো অতিক্ৰম কৰি গৈছে। ই এনেকুৱা পৰ্যায় পাইছেগৈ যে দৰ্শকক মোহাচ্ছন্ন কৰিবৰ Immersive experience দিবৰ বাবে 3D projection viewing, surround sound, dolby 7.1 sound আদি নিতে নতুন প্ৰযুক্তি সংযোজিত হৈছে। মানুহৰ সকলোবিলাক sensory perception গ্ৰাস কৰি পেলোৱাই এই প্ৰযুক্তিনিৰ্ভৰ চিনেমাবিলাকৰ উদ্দেশ্য।
চিনেমা উদ্যোগটোক ধনৰ শক্তিয়ে ইমান বেছিকৈ পৰিচালিত কৰে যে ই ‘সমগ্র বিশ্বৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিবলৈ বাধ্য’ যাতে সৰ্বত্ৰ এখন বজাৰ সৃষ্টি হয়, যাতে সাংঘাতিক ধৰণে মনোৰঞ্জনৰ ধুমুহা সৃষ্টি কৰি বিনিয়োগকাৰীৰ হাতলৈ টকাৰ ওলোটা ঢল বৈ যায়। ইউৰোপৰ চিনেমা বা ভাৰতৰ (মুম্বাই বা দাক্ষিণাত্যৰ চমৎকাৰ চিনেমাৰ বাহিৰে) অন্য চিনেমা এইবিলাকৰ শাৰীত নপৰে। হলিউড হ’ল সমগ্র পৃথিৱীৰ বাবে চিনেমাৰ highest glamour world ৷ হলিউড এনেকুৱা যে তাৰ প্রযোজকে বিশ্ববিদ্যালয় বা গৱেষণাগাৰকো নিয়োগ কৰে— চিনেমাৰ বাবে প্রযুক্তি উদ্ভাৱন কৰিবলৈ। ৰবট পৰ্যন্ত নিৰ্মাণ কৰি উলিয়ায় বা বিশেষ ধৰণৰ উৰাজাহাজো নিৰ্মাণ কৰি পেলায়। সেইবিলাকৰ পৰা চিনেমাৰ প্ৰযুক্তি গৈ জনহিতকৰ কামতো প্রয়োগ হোৱাৰ দেধাৰ উদাহৰণ আছে।
বিশ্বচলচ্ছিত্ৰ এতিয়া টঁ টঁকৈ জিলিকি থকা ঠাইবোৰ হৈছে আমেৰিকা, ইংলণ্ড, জাৰ্মানি, ফ্ৰাঞ্চ, হাংগেৰী, তুৰস্ক, আৰ্জেণ্টিনা, পেৰু, ইৰাণ, ভাৰত, চীন, জাপান, কোৰিয়া, ডেনমাৰ্ক, চুইডেন, নৰৱে', ৰাছিয়া আদি ৷ বাকী অন্য বহুত দেশত চিনেমা নিৰ্মাণ হয়; কিন্তু এইবোৰ দেশৰ চিনেমাইহে সমগ্ৰ বিশ্বৰে মনোযোগ প্রবলভাৱে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
এইবোৰ ঠাইত এনে কিছুমান চিত্ৰ নিৰ্মাতা সৃষ্টি হৈছে যিবিলাকে চিনেমাৰ ব্যাকৰণ, মহাকাব্য সকলো যেন লিখিয়েই পেলাইছে।
এইখিনিতে আমি ক’ম যে চলচ্ছিত্ৰ নিৰ্মাতা বুলিলে আমি মুখ্যতঃ চিনেমাখনৰ পৰিচালকজনকে বুজোঁ। প্ৰযোজক থাকিলেও— হোৰাহোৰে টকা বিনিয়োগ কৰিলেও, এজন পৰিচালকৰ চিনেমা এখন নিৰ্মাণত যি সৰ্বগ্ৰাসী ভূমিকা, সেইটো আন কাৰো লগত তুলনা নহয়। সেয়ে চিনেমাক এক অৰ্থত Director’s medium বুলি কোৱা হয়।
তেনে অৰ্থত পৃথিৱীৰ কেইজনমান যুগান্তকাৰী চিত্ৰনিৰ্মাতাৰ নাম ল’বলৈ গ’লে— আকিৰা কুৰুশ্বোৱা, অজ’, ৰোমান পোলানস্কি, জী লুক গডাৰ্ড, ফ্ৰাঞ্চিচ ফৰ্ড কপলা, জেমছ কেমেৰুন, মাইকেল হেনেকে, ইংগমাৰ বাৰ্গমেন, চাৰ্লি চেপলিন, সত্যজিৎ ৰায়, গোপাল অৰবিন্দন, মৃণাল সেন, ঋত্তিক ঘটক, জাফৰ পানাহী, মাজিদ মজিদি, মখমলবফ, আব্বাছ কিয়ৰ'ষ্টামী আদিৰ নাম ল’বই লাগিব। আৰু অজস্ৰ আছে যাৰ নাম লিখিব পৰা নাই।
এওঁলোকে চিনেমা নামৰ মানৱ সভ্যতাৰ এই এশ্বৰ্যময় সম্পদটিক এনে বৈভৱেৰে ৰঞ্জিত কৰিছে যে চিনেমা হৈ পৰিছে জীৱন মণি, সমাজ বিশ্লেষণ, বৌদ্ধিক আলোড়ন, কৌতূহল নিবাৰণ, অনুভূতিৰ স্পন্দন, আৱেগৰ মন্থন, মানৱ চৰিত্ৰৰ আৱাহন, সময় সুঁতিত অৱগাহন, বিমল প্রাপ্তিৰ আচ্ছাদন আৰু সবাতোকৈ ওপৰত হৈছে সমগ্ৰ মানৱ জাতিৰ বাবে সৃষ্টিৰ সাফল্য।
এতিয়া মই এই বিশাল পটভূমিত নিজে থিয় হৈ ভাবিবলৈ চেষ্টা কৰিছোঁ মই কি কৰিব নোৱাৰিলোঁ— মই কি চিনেমা নিৰ্মাণ কৰিব নোৱাৰিলোঁ বা এতিয়ালৈকে কৰিব পৰা নাই।
আজিকালি প্ৰযুক্তি সহজলভ্য আৰু প্রযুক্তি চালনাৰ বাবে মানুহৰ অসুবিধা কম। আজিকালি পোহৰ ব্যৱস্থা কৰিবলৈও বেছি ভাৰ বহন কৰিব নালাগে। খুব সাংঘাতিক নহ’লেও ভাল চিনেমা এখন কৰিবলৈ প্রয়োজন হোৱা প্ৰযুক্তি-ষ্টুডিঅ'-কলাকুশলী প্রায় সহজতে পোৱাতে আছে।
কিন্তু তথাপি মই ভবা বহুত চিনেমা কৰিব পৰা নাই। কিয়? কিবা পুৰস্কাৰ পাম— নাম হ’ব, এইবুলি ভাবিতো আৰু মই কাহানিও চিনেমা কৰা নাই। আৰু পুৰস্কাৰ সকলো চিনেমাই কেনেকৈ পাব? এইটোতো এটা অবাস্তৱ কথা!
গতিকে চিনেমাখন
আমাৰ মানুহেই চাব লাগিব— আমাৰ মানুহেই ভাল-বেয়া নিৰূপণ কৰিব লাগিব—আমাৰ মানুহেই
খৰচ হোৱা টকাকেইটা তুলি দিব লাগিব। চিনেমাখন নিৰ্মাণ কৰাৰ পাছত আকৌ মানুহক
দেখুওৱাটো মোৰে কাম হ’ব নোৱাৰে। তাৰ কাৰণে বেলেগ বিতৰক থাকিব
লাগিব। চিনেমাখন চলিবৰ কাৰণে তেওঁৰ হাতত কিছুমান— ২০০ মান চিনেমা হল থাকিব লাগিব। কিন্তু এইবোৰ আমাৰ নাই। গতিকে বিতৰক আৰু হল নথকাৰ বাবেই মূলতঃ মই, মই ভবা বহুত চিনেমা কৰিব
পৰা নাই।
গতিকে মোৰ মন সদায় কোঁচ খাই থাকে। হাত-ভৰি মেলি একো ভাবিব নোৱাৰোঁ৷ এই অৱস্থাৰ পৰা আমাৰ পৰিত্ৰাণ নাই বুলি মই নিশ্চিত। আমাৰ অসমীয়া কাগজকেইখনে আৰু অসমীয়া টিভি চেনেলকেইটাই যিমানেই নিচিঞৰক কিয়, মোৰ দৃষ্টিত অসমত অসমীয়াৰ জাতীয়তাবোধৰ একো চিন-মোকাম নাই। অসমীয়া জাতীয়তাবাদৰ চিঞৰে অসমীয়াৰ জাতীয়তাবোধৰ পৰিচয় নিদিয়ে।
এইটো সমগ্ৰ মানৱজাতিৰেই দুৰ্ভাগ্য যে অসমীয়া নামৰ জাতিটোৱে ইয়াৰ একো এটা বৌদ্ধিক তথা সাংস্কৃতিক উপাদান ৰক্ষা কৰিবতো নোৱাৰিলেই বৰং সকলো ধ্বংসহে কৰি পেলালে। ভাৰতবৰ্ষৰ চতুৰ্থখন সবাক চিনেমা জন্ম দিয়া জাতিৰ চিনেমা দেখুৱাবলৈ হলৰ অভাৱ— এই কথাটোৱেই বহুত কথা কৈ দিয়ে।
অসমত এজন ভাল অসমীয়া লেখকৰ কিতাপ ১,০০০ কপি বিক্ৰী কৰিব নোৱাৰে কোনো প্রকাশকে। এই তথ্যয়ো অসমীয়া জাতিৰ বিষয়ে বহুত কথা কয়। কিতাপ নপঢ়া জাতিয়ে ভাল চিনেমা চাবও নাজানে। কিতাপ নপঢ়িলে ভাল-বেয়া কেনেকৈ চিনি পাব! হুঁচৰি গ’ল। গৰু গ’ল, গৰু বিহু গ’ল। পথাৰ গ’ল, কাতি বিহুও গ’ল। যিকণ আছে সিও কংকালহে মাত্র। বিহুসুৰীয়া গীতবোৰকে জধে-মধে বজাই বজাই শুনিবৰ মন নোযোৱা কৰিলে!
যৌতুক নথকা সমাজ বুলি ফুটনি মৰা সমাজ যৌতুকৰ বাবে কৰা অত্যাচাৰ-হত্যাৰে কলংকিত হৈ পৰিল!
জাত-পাতৰ বেছি বাচ-বিচাৰ নথকা বুলি গৰ্ব কৰা জাতি ‘মানুহক এঘৰীয়া কৰাৰ কাহিনীৰে’ টলমল হৈ পৰিল।
বাংলাদেশী মূলৰ মানুহে নিজকে অসমীয়া নুবুলিলে থলুৱা অসমীয়া অসমতে সংখ্যালঘু হৈ পৰিল। তেওঁলোকে নিজৰ ল’ৰা-ছোৱালীক অসমীয়া মাধ্যমৰ বিদ্যালয়ত নপঢ়ালে শ শ অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈ পৰাৰ আশংকা!
প্রায় সকলো অৱস্থাপন্ন— শিক্ষিত অসমীয়া মানুহে নিজৰ সন্তানক অসমীয়াৰ সকলো কথাৰ পৰা আঁতৰাই পঠাইছে— দুই-এটা জোনাকী পৰুৱাৰ ব্যতিক্ৰমৰ বাহিৰে।
সৰ্বভাৰতীয় অসামৰিক প্রশাসনীয় সেৱাত অসমীয়া মানুহ অস্তিত্বহীন, গতিকে ‘আনৰ তলত গোলামি কৰাটো’ আমাৰ মজ্জালৈকে সোমাই গৈছে। অসমীয়াৰ দপ্দপনি কেৱল অসমীয়া মানুহ দুটামান বেছিকৈ থকা ঠাইতেহে সীমাৱদ্ধ; তাকো এই ফট্ফটনি, মদিৰাসম্ভূতহে বহুত পৰিমাণে!
গান কেইটামান
গালেই— বেলেগ বেলেগ কাপোৰ পিন্ধি নাচিলেই অসমীয়াক সংস্কৃত জাতি বুলি কোৱা
নাযায়। নিজৰ গাৰ বাহিৰে চাৰিওফালে থুৱাই-পিকাই থকা মানুহক কেনেকৈ সভ্য বুলি ক'ব
পাৰি? ৰাস্তাৰ দাঁতিত সকলোৱে দেখাকৈ গাহৰি-ছাগলী কাটি— ঘপিয়াই ঘপিয়াই সকলোৱে দেখাকৈ কাটি— নিষ্ঠুৰতাৰ পৰিচয় দিয়া মানুহক কেনেকৈ সংস্কৃত বুলি ক’ব
পাৰি? এজন চিত্ৰকৰৰ এখন ছবি কিনি আনিবলৈ মন নোযোৱা মানুহ
কেনেকৈ সংস্কৃত? এজন ভাস্কৰ্য শিল্পীক তেওঁৰ সৃষ্টিৰ
উপযুক্ত মাননি এটা নিদিয়া মানুহ কেনেকৈ সংস্কৃত?
এই মানুহে সাংস্কৃতিক উপাদান-চিনেমা— কেনেকৈ ধৰি ৰাখিব পাৰিব? নোৱাৰে । সেয়ে আমাৰ মানুহে আমাৰ চিনেমা নাচায়— চিনেমাৰ বিষয়ে কাগজত বা ফেইচবুকত লেখাহে পঢ়ে। আমাৰ চিনেমা সমালোচনা কৰিব পৰা মানুহো জানো আছে? যাকে ভাল পায় তাৰে কথা ভালকৈ লিখে। সমালোচনাৰ অগনিৰে পুৰিব নোৱাৰিলে সৃষ্টিকৰ্তাৰ উদগতি কেনেকৈ হ’ব?
সকলো মিলি অসমীয়া কৃষ্টি-সংস্কৃতি-সমাজ বৰ্তমান এক অতি নিম্ন মধ্যমীয়া (lower mediocre) মানৰ পৰ্যায়ত ওলমি আছে। উদ্ধাৰ কৰিবলৈ কোনো দিগগজ চকুতো পৰা নাই। এই স্খলনৰ চৰিত্ৰ উপলব্ধি কৰিবলৈকো আমাৰ মানুহ অপাৰগ।
সেয়ে চিনেমা এখন কৰিবলৈ লোৱাৰ সময়তে মই প্রযোজকক ক’ব লাগিব যে আপোনাৰ ২০ লাখ টকা যে পানীত পৰিব সেইটো খাটাং। বিনিময়ত এটা সাংস্কৃতিক সম্পদ জাতিটোৰ কাৰণে হয়তো সৃষ্টি হ’বগৈ, যিটো কোনোবা দিনে, মানে চাগে ২১০০ চনত বা ২২০০ চনত বা কেতিয়াবা কোনোবা মানুহে হয়তো কোনোবা দূৰ ভৱিষ্যতত বুটলি শুঙি চাব। তাৰ বাহিৰে আন একো নহয়। ... আনহাতে চিনেমা নিৰ্মাণ কৰাৰ সুবাদত শিল্পী হৈ মোৰ গামোচা ল’বলৈকো মন নাই-সম্বৰ্ধনা ল’বলৈকো মন নাযায়।
সেয়ে মই দ্বিতীয় মহাসমৰৰ পটভূমিত অসমৰ কাহিনী এটা লৈ— চম্পা নামৰ আমাৰ গাঁৱলীয়া ছোৱালী এজনী মেলৰ’ (Melroe) নামৰ আমেৰিকান সৈন্য এজনৰ প্ৰেমত পৰি বিয়া হৈ আমেৰিকালৈ গুচি যোৱাৰ চিনেমাখন কৰিব নোৱাৰিলোঁ।
সেয়ে মই অসমৰ মাৰ্ঘেৰিটাত ৰে’ল লাইন বহুৱাই থাকোঁতে— বাৰিষাৰ নৈত— ৰে’লৰ দলঙৰ কাঠৰ খুঁটা বহি গৈ— ইঞ্জিনৰ সমুখত বহি কাম চাই যোৱা— ইংৰাজ অভিযন্তাজনৰ জীৱন্তে পোত গৈ হোৱা মৃত্যুৰ বিষয়ত চিনেমাখন কৰিব নোৱাৰিলোঁ। সেয়ে মই ‘অসীমত যাৰ হেৰাল সীমা’ক চলচ্ছিত্ৰৰ ৰূপ দিব নোৱাৰিলোঁ । সেয়ে মই তুৰ্বকৰ বিৰুদ্ধে মূলাগাভৰুৰ বিজয়গাথাক চিত্ৰৰূপ দিব নোৱাৰিলোঁ—।
সেয়ে মই ৰসৰাজৰ
দৰে মহীৰূহগৰাকীৰ জীৱনক লৈ চিনেমা এখন কৰিব নোৱাৰিলোঁ; যি ৰবীন্দ্ৰনাথৰ
দৰে সূৰ্যৰ দাঁতিতে থাকিও— ঘৰে-বাহিৰে বঙালীৰ চক্ৰবেহুত
থাকিও— আমাৰ কচু-ঢেঁকীয়া-ঔটেঙাসৰ্বস্ব অসমীয়া ভাষাটোৰ কালিকা ধৰি ৰাখিবলৈ সক্ষম হৈছিল ...।
ক’ত
পাম ইমান টকা!
কেনেকৈ সৃষ্টি
কৰিম সেই সময়বোৰ!
এটা সংকুচিত
জাতিৰ এজন নিঃকিন মানুহে এই ডাঙৰ কথাবোৰ— কামবোৰ কেনেকৈ কৰিব পাৰে!
ভাষণ দিয়া- সমালোচনা কৰা মানুহ বহুত ওলাব। কিন্তু জাতিটোক সকলো ফালৰ পৰা ধ্বংস কৰা ইমানবোৰ মানুহৰ মাজত দুজন-এজনে কিমান কি কৰিব পাৰে! সকলো যে মত্ত ভোগবাদী সমাজৰ মৌ পান কৰাত!
ক্ষন্তেক ৰৈ তভক মাৰি কথাবিলাক ভবাৰ অৱকাশ কাৰ?