সঞ্জীৱ সভাপণ্ডিত
বৌদ্ধ ধৰ্মত বৌদ্ধ ভিক্ষুসকলে সদায় ভিক্ষা কৰিয়েই নিজৰ ক্ষুধা নিবাৰণ কৰে৷ মই সদায় ভাবোঁ ভিক্ষা কৰিলেইতো নহ’ব–ভিক্ষা দিবলৈওতো মানুহ থাকিব লাগিব বা মন থাকিব লাগিব- অৰ্থাৎ ধনী নহ’লেও অৱস্থাপন্ন মানুহ সমাজত থাকিবই লাগিব–অৰ্থাৎ সমাজত সদায় এচাম মানুহে ‘দিয়া’ আৰু এচাম ‘লোৱা’ মানুহ থাকিবই লাগিব অৰ্থাৎ সমাজত কোনো মানুহ কেতিয়াও সমান হ’ব নোৱাৰে–যদিহে ধৰ্ম বৰ্তি থাকিবলৈ হয়৷
তেনেকৈ হিন্দু ধৰ্মতো দান নিদিলে পুণ্য নহয়৷ অৰ্থাৎ দান ল’বলৈ মানুহ থাকিব লাগিব৷ থকা
মানুহেতো আৰু দান নলয় অৰ্থাৎ সমাজত ‘নথকা মানুহ’ নাথাকিলে হিন্দু ধৰ্মও ৰক্ষা নহয়৷
কথাবিলাকৰ পৰা মই ওলোটা পুৰাণহে পঢ়ি আছো যেন ভাব হৈছে হ’বলা৷ কিন্তু পৃথিৱীখনেই কিবা
ওলোটা পোলোটা হৈ পৰা নাই জানো?
পৃথিৱীত এই মানুহ নামৰ জীৱটোৱে কিমান ঠাই আগুৰি আছে বাৰু ! গোলকটোৰ ৭৫ক্ম
দেখোন সাগৰেই৷ থাকিল ২৫ক্ম৷ মৰুভূমি-পাহাৰ-পৰ্বত-বনাঞ্চল-ৰাস্তা-পদূলি বাদ দিলে
মাত্ৰ ঙ্ম.ৰক্ম মান ঠাইহে মানুহৰ ভৰিৰ তলত আছে৷ কিন্তু এইকণ ঠাইত থাকিয়েই এই প্ত
ফুট-৬ ফুট উচ্ছতাৰ বা অৱয়বৰ মানুহে যোৱা ৭০-৭৫ বছৰতে পৃথিৱীৰ ৯৫ক্ম অন্য জীৱ মাৰি
কাটি খাস্তাং কৰি দেখোন নিঃচিহ্ন কৰি পেলালে৷ সাগৰৰ তিমি মাছেই বা শ্বাৰ্ক মাছেই
৯০ক্ম নাইকিয়া হ’ল৷ এনে সংহাৰী-এনে দপদপনি থকা মানুহৰ মাজত ভিক্ষাৰী কেনেকৈ থাকিব পাৰে বাৰু !
যদি সৰহভাগ মানুহ আনৰ ভৰষাতেই বৰ্তি আছে তেন্তে এই দপদপাই থকা মানুহবোৰ কোন? সৰহভাগ বুলি এই
কাৰণেই ক’লো কাৰণ এই তিনিটা ধৰ্ম মিলিয়েই পৃথিৱীৰ ৭৫ক্ম মানুহ৷
Alistair Maclean নামৰ এজন
ইংৰাজ ৰহস্য ঔপন্যাসিক আছে৷ তেওঁৰ Puhpet on a chain নামৰ এখন কিতাপ আছে৷ কথাটো আমাৰ পুতলা নাচৰ কথাৰ নিচিনাই৷
কোনোবাই নেপথ্যত থাকি ৰছীৰ সহায়ত পুতলাবিলাক নচুৱাই-গান গাই-সংলাপ কৈ মনোৰঞ্জন
কৰে৷ দৰ্শকে শুনিলেও তাকে বিশ্বাস কৰে-তাতে ৰস পায়-তাতে হাঁহে-তাতে মুগ্ধ হৈ থাকে৷
আমাৰ জীৱনৰ খেলখনো এনেকুৱাই চাগে৷ কোনোবা নহয় কোনোবা মানুহে বা কিবা কাৰকে
আমাক অনবৰতে নিয়ন্ত্ৰণ কৰি আছেই৷ জীৱনটোৱেই এখন ৰংগমঞ্চ৷ ইয়াত সকলো পুতলা নাচৰ
ভাৱৰীয়া-ওপৰৱালা কোনোবাই আমাক নচুৱাই আছে আৰু আৰু আমি নাচি আছো৷ কাক কেতিয়া
ওপৰৱালাই টানি উঠাই লৈ যায় সেইটো কোনেও নাজানে৷ এই কাহিনী শক্তি সামন্তৰ ‘আনন্দ’ নামৰ এখন চিনেমাৰ- সংলাপ ৰাজেশ খান্নাৰ মুখত৷
এই অজান ওপৰৱালা কোন বাৰু? প্ৰথমতে ৰজা আৰু ভগৱান মিলি ওপৰৱালা হৈছিল৷ পিছে ভগৱানে এই
ওপৰৱালাৰ দায়িত্বৰ পৰা কেতিয়াবাই অব্যাহতি ল’লে৷ তেতিয়া মাত্ৰ ৰজা থাকিল৷ পিছত ৰজাও গ’ল৷ তাৰ ঠাইত আহিল নিৰ্বাচিত
চৰকাৰ৷ বহুত ঠাইত এটা সময়ত এই ওপৰৱালা আছিল ইউৰোপীয় দেশবিলাক–বৃটিছ, ফৰাচী, স্পেনিয়াৰ্ড, পৰ্তুগীজ, ওলন্দাজ বিলাক৷ পূব গোলাদ্ধৰ্ত আছিল জাপানীবিলাক৷ তাৰ পিছত (দ্বিতীয়
মহাসমৰৰ পিছত) বিশ্বৰ এক বৃহৎ অংশৰ এই দায়িত্ব গ’ল আমেৰিকানবিলাকৰ হাতলৈ৷ ১৯৪০১ দশকৰ পৰা ইউৰোপৰ
বহু ঠাইলৈ-বিশেষকৈ কমিউনিষ্ট দেশবিলাকত- এই ওপৰৱালা হৈ পৰিল ৰাছিয়া৷ ১৯৭৩ চনৰ পৰা
তলে তলে এই ওপৰৱালা হৈ গ’ল খাৰুৱা তেলৰ মালিক ‘আৰব বিশ্ব’৷ ‘আৰব বিশ্ব’ নহয়, আচলতে তাৰ ৰজাকেইজনহে৷
এতিয়া কিন্তু এই ওপৰৱালাবিলাক তেনেই সলনি হৈ গৈছে৷ এতিয়া তেওঁলোক হ’ল Multinational Company (MNC) বিলাক-অৰ্থাৎ
বহুজাতিক ব্যৱসায়ী প্ৰতিষ্ঠানবিলাক৷ দেশত চৰকাৰ যাৰেই বা যিয়েই নহওক কিয়, শাসন তেওঁলোকৰ মতেই
চলে৷ চৰকাৰ বিলাকো Puhpet on a chain. মানুহকে আৰম্ভ কৰি তেওঁলোকে সকলো বস্তুকেই পণ্য সামগ্ৰী বা
যুদ্ধৰ সঁজুলি কৰি পেলাইছে৷ মানুহো বস্তু-সামগ্ৰী-সংখ্যা হৈ পৰিছে৷ মন কৰিব৷
দুটা উদাহৰণ৷ ‘ক’ৰণা’ অতিমাৰীৰ দৰৱ ওলাল৷ মানে উলিয়ালে৷ Pfizer নামৰ কোম্পানী এটাই৷ ভাৰতেও উলিয়ালে৷ হাজাৰ হাজাৰ কোটি টকাৰ
দৰৱবোৰ বিক্ৰী হ’ল৷ কিন্তু এতিয়া ওলাইছে যে সেইবোৰ দৰৱে একো কামকে কৰা নাছিল৷ বেমাৰটোক লৈ এটা
বিশাল ষড়যন্ত্ৰ আৰু ব্যৱসায়হে চলিছিল ! Pfizer এটা MNC৷
ইৰাক-কুৱেইটৰ মাজত যুদ্ধ চলিছিল ১৯৯০১ দশকত৷ ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল৷ তাৰ
প্ৰতিকল্পে আমেৰিকাই ইৰাক আক্ৰমণ কৰিছিল–ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনে Weapon of mass destruction সাজি পৃথিৱীত
নৰসংহাৰ চলাব বুলি৷ আচলতে ইৰাকৰ তেলৰ ওপৰত আমেৰিকাৰ চকু আছিল৷ সেয়ে ছাদ্দামক villain সজোৱা হৈছিল৷
আমেৰিকাই patriot missileৰ কাৰ্য্যকাৰিতা, যুদ্ধ পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত কৰি বিশ্বৰ ক্ষেপণাস্ত্ৰৰ
বজাৰখনতো আধিপত্য চলাবলৈ বিচাৰিছিল৷ অস্ত্ৰ উৎপাদন আৰু তাৰ ব্যৱসায় হ’ল বিশ্বৰ দ্বিতীয় বৃহত্তম
ব্যৱসায়৷ আমেৰিকা হ’ল ব্যৱসায়ীৰ দেশ৷ অস্ত্ৰ ব্যৱসায়ে আমেৰিকাক Super powerৰ মৰ্যাদা দিছে৷
আমেৰিকাৰ এজন ভূতপূৰ্ব উপৰাষ্ট্ৰপতি ট্টচ্ঞ Goreএ ’An Inconvenient Truth’ বুলি এখন চিনেমা (ducumentary) কৰিছে৷ তাত
দেখুৱাইছে কেনেকৈ এই MNC বিলাকে সকলো সামগ্ৰী-যুদ্ধাস্ত্ৰ, খাদ্য, প্ৰসাধন সামগ্ৰী, সংবাদ-প্ৰচাৰ মাধ্যম নিজৰ দখলত ৰাখি ব্যৱসায়বিলাক নিজৰ
অনুকূলে নিয়ায়–চোকা চোকা মানুহৰ মগজু ক্ৰয় কৰে–public
opinion গঢ় দিয়ে৷
কোনেও একো গমকে নাপায়৷
আজিৰ তাৰিখত আমি বাৰু কি গম পাইছো? এটা উদাহৰণ ল’লে ভাল হ’ব৷ Driverless car৷ চালকবিহীন গাড়ীৰ প্ৰয়োজন কি? ড্ৰাইভাৰ এজন থাকিলে অসুবিধা কি হয়? গাড়ীত গোপন কথা
পাতিব নোৱাৰি? গাড়ীৰ ভিতৰত নৰ-নাৰীয়ে যৌন ক্ৰিয়া কৰিব নোৱাৰিব? হঠাৎ ছুটী লৈ ড্ৰাইভাৰে অসুবিধাত পেলায়৷
ড্ৰাইভাৰবিলাকে গাড়ীৰ তেল চুৰি কৰে? কি কথা আচলতে? চীন দেশৰ নিচিনা জনসংখ্যা বিস্ফোৰণ হোৱা দেশতো এই
ড্ৰাইভাৰকেইজনৰ চাকৰি খটম কৰাৰ মানে কি? তেওঁলোকো যে এনে গাড়ী নিৰ্মাণত লাগিছে !
কিন্তু আমি বিচাৰিলেও বা নিবিচাৰিলেও driverless গাড়ী আমাৰ মাজলৈ আহিবই৷ কাৰণ
বিজ্ঞান-প্ৰযুক্তিৰ গৱেষণাৰ ক্ষেত্ৰখনতো এতিয়া MNCৰ দখল৷ তেওঁলোকে যিহকে উলিয়াব আৰু
প্ৰচাৰৰ চমকেৰে আমাক যি দিব আমি তাকে গ্ৰহণ কৰিবলৈ বাধ্য !
১৯৮৫-১৯৯০ চন মানলৈকে ভাৰতৰ ৰাস্তাই বাটে
এম্বেছাদৰ-ফিয়েট-ৰাজদূত-য়েজদী-ভেচপা-লেমব্ৰেটা আদিহে চলিছিল৷ কিন্তু চুজুকি
মাৰুতিয়ে ভেটা ভাঙি দিয়াৰ পিছত এতিয়া ফক্সৱেগন-
টয়টা-হোন্দা-হোন্দাই-ফৰ্ড-অডি-নিচান-চেভ্ৰলেট-কিয়া-আনকি Rolls Royce, BMW, Lamborghini, Bentley আদি ভাৰতৰ গাঁৱে-ভূঞে টিঘিল ঘিলাই ঘূৰি ফুৰিছে৷ একোখন গাড়ীৰ দাম, ৩৫ কোটি টকা
পৰ্যন্ত বোলে৷ কেইবছৰনো হ’ল? ৩০ বছৰ মাত্ৰ৷ ভাৰতীয় ৰাস্তা সভ্যতা-পৰিয়াল সভ্যতা-টকা
সভ্যতা-সমাজ সভ্যতা এইবোৰে সলনি কৰি দিয়া নাইনে বাৰু !
এতিয়া ইলেকট্ৰিক গাড়ী আহিছে৷ ধুম ধাম Battery charging Station লাগিব-হ’ব৷ Battery manufacturing-maintenance ব্যৱসায়
হৈছেই-ই তীব্ৰ গতিত বিশাল ৰূপ ধাৰণ কৰিব৷
এইবোৰ অবধাৰিত সত্য৷ ট’ল গেট নালাগে-হ’বলৈ নিদিওঁ বুলি কৈ লাভ নোহোৱাৰ দৰে কথা৷ চালকবিহীন গাড়ীয়ে
ৰাস্তাৰ সংজ্ঞাকে সলনি কৰি দিব৷ এতিয়া googleৰ GPত্ৰএ আমাক পথ দেখুৱাই দিয়ে অচিনাকি ঠাইতো৷ তেনে ধৰণেই এই
গাড়ীবিলাক চলিব৷ ৰাস্তাৰ দাঁতিত গাড়ী-বাইক ৰখাটো বন্ধ হৈ যাব৷ এতিয়া আমি প্ত মাইল
দূৰতে গম পাওঁ কোন ৰাস্তাত ভীৰ (traffic jam) আছে আৰু সেইমতে পথ নিদ্ধৰ্াৰণ কৰো৷
প্ৰযুক্তিয়ে আমাক এইবিলাক দিছে আৰু আমি সেইবিলাক অনুসৰণ কৰি চলিবলৈ লৈছোঁ৷
এনে উন্নত-উন্নততৰ-উন্নততম প্ৰযুক্তি এনেয়ে অহা নাই৷ কোনোবাই এই কাণ্ড ঘটাইছে৷
হাজাৰ লাখ জনে কোটি কোটি ঘণ্টা মগজ খটুৱাইছে৷ কোনোবাই উদগনি দিছে৷ তেওঁলোকৰ
ব্যৱসায়ৰ স্বাৰ্থতে৷ আমাক সুবিধা দিয়াৰ বিনিময়ত তেওঁলোকক আমি টকা দিছো৷ বহুত
ক্ষেত্ৰত এনেকৈ টকা দিওঁতে আমাৰ গাত লগা নাই৷ ট’ল গেটত টকা দিবলৈ আমাৰ আপত্তি কিন্তু প্ৰতিটো face book post-twitter-instagram-download-upload ৰ কাৰণে আমি এপইচা-দুপইচাকৈ দি আছো৷ আমি dataৰ কাৰণে পইছা দিছো৷
প্ৰতিটো গান-প্ৰতিটো শব্দ-প্ৰতিখন ছবি এসোপা data-KB-MB-GB-TB (Kilobyte-Megabyte-Gigabite-Terabyte)৷ এতিয়া সমগ্ৰ পৃথিৱীৰ নতুন পণ্য সামগ্ৰী হ’ল data৷ data বিক্ৰী হয়–data চুৰি হয়৷ সমগ্ৰ পৃথিৱীৰ সকলো সম্পদ-ঐশ্বৰ্য্য-বৈভৱ-তথ্য-চিত্ৰ-dataৰ ৰূপলৈ ৰূপান্তৰিত
হৈ গৈছে৷ খাদ্য-বতৰ-বিজ্ঞান-যুদ্ধ-জনসংখ্যা-প্ৰকল্প-পৰিকল্পনা সকলো এতিয়া Big dataৰ খেল৷ আজিকালি ট’ল গেটত আমি হাতেৰে নোচোৱাকৈয়ে
টকা আমাৰ বেংকৰ পৰা গুচি যায়৷ সকলো data game৷
আগতে এজন গুজৰাটী বেপাৰীয়ে বতাহৰ ঢৌ লেখি লেখি বা এজন মাৰোৱাৰী ব্যৱসায়ীয়ে
সাগৰৰ ঢৌ লেখি লেখি টকা ঘটাৰ কথা শুনিছিলো৷ কিন্তু আজি আমি চৰকাৰে Band width নিলাম কৰাৰ কথা
দেখিছো৷ দেখাত বতাহ-শূন্য-অবয়ৱহীন বস্তু৷ Radio Frequency বা electro magnetic wave আৱিষ্কাৰ
কৰোঁতাসকলে কল্পনাকে কৰিব পৰা নাছিল এনে হ’ব পাৰে বুলি৷
৯২.০ৰ পৰা ৯২.৫ সামান্য .৫ band width বিক্ৰী কৰি চৰকাৰে ৫০০০০ কোটি টকা আহৰণ কৰিছে৷ মাটিৰ তলৰ
সম্পদ-নৈ-পাহাৰ-পৰ্বত-মৰুভূমি-সাগৰ-বতাহৰ মালিক হ’ল চৰকাৰ৷ এনে ঘটনা নিত্য নৈমিত্তিক হৈ পৰিছে৷
অমৃতা প্ৰীতমে এটা কবিতা লিখিছিল–will I
ever be contemporary to myself? মই বাৰু কেতিয়াবা
মোৰ নিজৰে সমসাময়িক হ’ব পাৰিমনে? এই সমসাময়িক মানে আচলতে কি? মই বুজা কথাটো হ’ল-মই এখন পৃথিৱী বিচাৰো-মোৰ মনৰ পৃথিৱী-এখন সুন্দৰ পৃথিৱী য’ত
যুদ্ধ-বিগ্ৰহ-হিংসা-খিয়লা-খিয়লি আদিবোৰ নাথাকিব৷ কিন্তু মোৰ দেহৰ বাহিৰত বিৰাজ কৰা
পৃথিৱীখন তেনেকুৱা নহয়৷ এই কথা আমাৰ সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য৷ মোৰ মনৰ পৃথিৱীখন
বাহিৰৰ পৃথিৱীখনৰ লগত একাত্ম হোৱাৰ কথা কৈছে৷ কিন্তু পৃথিৱীখন ইমান সলনি হৈছে যে
তাৰ লগত কোনে কেনেকৈ বাৰু তাল মিলাব !
আমাৰ কবি-সাহিত্যিকসকলে একে ঠাইতে ৰৈ থাকে- একে ভাববিলাসত মত্ত হৈ এনে এখন বা
একোখন পৃথিৱীৰ কথা কয়৷ মানুহক অমৃতৰ সন্তান বুলি কয়৷ মানুহৰ পৰা সকলো আশা কৰে৷
মানুহক লৈয়ে শব্দৰ কাৰচাজিৰেই ভৱিষ্যতৰ সপোন ৰচে৷
তাকে নকৰিনো আৰু কৰিব কি? সেইবিলাকেই মানুহৰ আশা-আকাংক্ষাৰ সীমা হৈ পৰে৷ কিন্তু
তেওঁলোকে লক্ষ্যহে নিৰূপণ কৰে-তাৰ বাবে পন্থা দেখুৱাব নোৱাৰে৷ তেওঁলোকে মানুহৰ
বিষাক্ত চৰিত্ৰ উপেক্ষা কৰি চলে বা দেখিও নেদেখা হৈ ৰয়- বা জানিও নজনাৰ ভাও জোৰে৷
ফলত শ শ, হাজাৰ হাজাৰ, লাখ লাখ এনেকুৱা শব্দ গুচ্ছ, উদ্দেশ্য পূৰণ নোহোৱাকৈ বাটৰ দাঁতিৰ খালত কৰ্ফাল খাই পৰি
আছে৷ হয়তো কেতিয়াবা কোনোবাই তাকে মহামূল্যবান মাণিক বুলি বুটলি আনি চাফ চিকুণ কৰি
অলংকাৰ নিৰ্মাণ কৰিছে৷ সেই অলংকাৰে কাৰোবাৰ দেহবল্লৰীৰ শোভাবদ্ধৰ্ন হয়তো কৰিছে, কিন্তু
ব্যক্তিগৰাকীৰ একো পৰিৱৰ্তন অনা নাই৷ সেয়ে মই আজি কেইদিনমানৰ আগতে এই সকলোবোৰ সাৰি
পুচি আঁতৰাই থৈছো কাৰণ এইবিলাকে বৰ্তমান গুৱাহাটী বা যিকোনো নগৰ-চহৰৰ বাটত খাদ্য
বিচাৰি ঘূৰি ফুৰা-জাবৰৰ দ’মৰ ওপৰত বিচৰণ কৰা-মাছবেপাৰীৰ গাত গা লগাই, মাংসবেপাৰীৰ চকুলৈ
খাদ্যৰ আশাত বহি থকা বগলী-কণামুচৰি-কাউৰী-ডাউকবিলাকক ৰাস্তালৈ অহাটো বন্ধ কৰিব পৰা
নাই৷ সিবিলাকৰ খাদ্যস্থলীবিলাক-জলাশয়-পিতনি-খাল-বিলবিলাক পুতি পেলোৱা হৈছে মানুহৰ
ব্যৱসায় বা বাসগৃহ বা ৰাস্তা নিৰ্মাণৰ তাগিদাত৷ কবি-সাহিত্যিকৰ শব্দ বিফল৷ ভৰলু নৈ
গুচি নৰ্দমা হ’ল৷ গান গাই কি লাভ ! শ্লোগান দি কি লাভ ! লেতেৰা পানী-বস্তু তাত পেলোৱাটো বন্ধ
কৰাৰ ব্যৱস্থা ক’ত !
এইবোৰ কথা থাকিলেও কিন্তু মূল কথাটো হৈছে তাড়ণা-পেটৰ ক্ষুধা-৷ সকলো জীৱৰে ভোক
আছে৷ গতিকে সামগ্ৰিকভাৱে পৃথিৱীত ক্ষুধাৰ বৃদ্ধি কমাব নোৱাৰিলে বাকী সকলো বৃথা৷
মহাত্মা গান্ধীয়ে এষাৰ কথা কৈছিল–There is
enough in this World for everyone’ব্দ need but not enough to meet everyone’s greed.
বহুতবোৰ কথাৰ লগতে এইখিনি কথাতো মহাত্মা গান্ধীৰ প্ৰাসংগিকতা সদায় থাকিব৷ কাৰণ
আমি এই পৃথিৱীখন পৈতৃক সূত্ৰে কাৰো পৰা আহৰণ কৰা নাই; বৰং আমি আমাৰ ভৱিষ্যতৰ বংশধৰসকলৰ পৰা পৃথিৱীখন
যেন ধাৰলৈহে লৈছো৷ তেওঁলোকলৈ আমি এখন নিখুঁট অংগক্ষত নোহোৱা পৃথিৱী এৰি থৈ যাব
লাগিব৷ এইটো আমাৰ দায়িত্ব৷
আজি আমাৰ পূৰ্বসুৰীসকলে আমাক কেনে এখন অসম দি থৈ গ’ল বাৰু? থলুৱা জাতি-জনজাতিসকলৰ সৈতে সুখে-দুখে-পোৱাই-নোপোৱাই একেলগে
থকা অসমীয়া মানুহবিলাকৰ ওপৰত লাখ লাখ অবৈধ বিদেশীৰ বোজা কিয় দিয়া হ’ল? আজি অসমৰ ৩৫০ লাখ জনসংখ্যাৰ মাজত ২০০ লাখ মানুহ
কেনেকৈ বঙালী হ’ল? আজি অসমত অসমীয়া মানুহৰ সংখ্যা কেনেকৈ ২৬-৩০% হ’ল? (২০১১ চনৰ লোকপিয়লত ৪৮% আছিল, এতিয়া যোৱা ১০ বছৰত ৩৫% decadal growth হোৱা বাংলাদেশীয়ে ২০-২২% decadal growth হোৱা
অসমীয়াক ক’ৰবাতে পিছ পেলাই গ’ল৷ তাতে ৭-৮% বড়ো মানুহে আৰু ৩-৪% ডিমাচা মানুহে নিজকে অসমীয়া বুলি নকয়)৷ এতিয়া
আমি অনবৰতে-যোৱা ৫০ বছৰে এক আতংকত ভুগি আছো৷ কি শংকৰ-মাধৱৰ সংস্কৃতি অসমত এইকণ
মানুহে বৰ্তাই ৰাখিব পাৰিব মই নাজানো৷ বলিয়াৰ দৰে আজি অসমীয়া মানুহে নিজৰ সকলো ভাল
কথা এৰি-বাংলাদেশী মুছলমানৰ আৰু বাংলাদেশী হিন্দুৰ আগ্ৰাসনৰ পৰা পৰিত্ৰাণ পাবলৈ
উত্তৰ ভাৰতীয় হিন্দুস্থানীৰ মেৰপেচত পৰিছেগৈ৷ আমাৰ দৌল-দেৱালয়-থান-সকলো ৰাম-হনুমান
থকা মন্দিৰ হৈ পৰিছে৷
আনহাতে ধুমুহাৰ গতিত আগুৱাই আহিছে প্ৰযুক্তিগত সভ্যতা-নিতে নতুন গেজেট-ৰোমাঞ্চ-মনোৰঞ্জন-সুবিধা-বৈচিত্ৰ্য-চমক৷
বৰ্তমানৰ মানৱ সভ্যতা আজি আৰু গ্ৰীক বা ৰোমান বা মিছৰীয় সভ্যতাৰ নিচিনা একক
বৈচিত্ৰ্য-বৈভৱেৰে চিহ্নিত নহয়৷ ই বৰ্তমান প্ৰায় সম্পূৰ্ণভাৱে প্ৰযুক্তি নিৰ্ভৰ৷ আমি সকলো
একাকাৰ কৰা সভ্যতাৰ মাজত জীয়াই আছো৷
আমি এনেকৈ ভাবিলে আৰু নহ’ব যে বেয়াবোৰ কেৱল অসমৰ বাহিৰতহে আছে৷ অসমীয়া বেশ্যা-অসমীয়া
পৰ্ণগ্ৰাফি এতিয়া একো আঁতৰৰ কথা নহয়৷ সমগ্ৰ বিশ্ব-ভাল বেয়াৰে সৈতে এতিয়া আমাৰ মাজত
সোঁশৰীৰে উপস্থিত হৈছেহি৷ আমি আৰু এতিয়া একো অস্বীকাৰ কৰিব নোৱাৰো৷ পৃথিৱীৰ সকলো
ঠাইলৈকে অসমীয়া মানুহ গৈছে৷ পৃথিৱীৰ সকলো ঠাই অসম পাইছেহি৷ সেয়ে সক্ৰিয় হোৱাৰ
বাহিৰে আমাৰ গত্যন্তৰ নাই৷ এই সক্ৰিয়তা অসমক প্ৰথম দেখুওৱা মানুহজন আছিল মণিৰাম
দেৱান৷
মণিৰাম দেৱানে নিজৰ উচ্চাকাংক্ষাৰ কাৰণেই হওক বা নিজ উদ্যমী চৰিত্ৰৰ কাৰণেই হওক বা
স্বৰ্গদেউৰ প্ৰতি আনুগত্যৰ কাৰণেই হওক, এটা অত্যন্ত সক্ৰিয় জীৱন যাপন কৰিছিল৷ চাহৰ ব্যৱসায়িক
সম্ভাৱনীয়তা দেখি তেওঁ নিজেই চাহবাগিচা খুলি দিছিল৷ তেতিয়াৰ স্বৰ্গদেউকেইজন ল’ৰামতীয়া-অপৰিপক্ব-অজ্ঞানী বুলি
বুজি তেওঁ নিজেই অসমৰ ভাগ্য নিয়ন্তা হোৱাৰ সপোন দেখিছিল৷
অসমৰ ইতিহাসত মণিৰাম দেৱানকে ধৰি আন কেইজনমানহে এনে মানুহ আছে যাৰ ইতিহাসৰ গতি
নিৰ্ণয় কৰিব পৰা ক্ষমতা আছিল৷ ৰাধা গোবিন্দ বৰুৱাও তেনে এজন মানুহ৷ বাকী, ১৭৯২ চনৰ পৰা (স্বৰ্গদেউ
গৌৰীনাথ সিংহৰ দিনৰ পৰা) অসমৰ ইতিহাস সদায় অন্য মানুহে নিৰূপণ কৰি আহিছে৷
বাস্তৱিকতে তেতিয়াৰ পৰাই অসম বৃটিছেই চলাই আহিছিল৷
বৃটিছেই প্ৰথম অসমক ভৱিষ্যতৰ সপোন দেখুৱাইছিল৷ তাৰ আগলৈকে সকলো স্থিতাৱস্থাৰ
বাহকহে আছিল৷ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহো আচলতে স্থিতাৱস্থাৰ বাহকহে আছিল, কাৰণ বিদ্ৰোহীসকলে
মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰকে দিল্লীৰ সম্ৰাট বুলি ঘোষণা কৰিছিল (যদিও ইয়াক
ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি কোৱা হয় আচলতে ই তেনে নাছিল৷ )
১৮২৬ চনৰ পিছত বৃটিছেই অসমক ‘অসম’ কৰি ৰখাৰ বহুত কাম কৰিছিল৷ ছাৰ এডৱাৰ্ড গেইট, চুডমাৰ্চন, গৰ্ডন, গ্ৰীয়েৰচন, হেনৰি কটন আদি
বৃটিছ প্ৰশাসকৰ কাৰণেই অসম বহুত পৰিমাণে ‘আৱিষ্কৃত’ হ’ল৷
বৃটিছে অসমলৈ আহোঁতে চীন দেশলৈ যোৱাৰ বাট বিচৰাটোও এটা মূল উদ্দেশ্য আছিল; কাৰণ ইষ্ট ইণ্ডিয়া
কোম্পানীয়ে কানিৰ ব্যৱসায় কৰিছিল আৰু চীনত কানি পোৱা গৈছিল৷ এই ব্যৱসায় লাভজনক
আছিল৷ কানিৰ কাৰণে ইংৰাজৰ লগত চীনাবিলাকৰ যুদ্ধও হৈছিল৷ এই যুদ্ধবিলাকত বন্দী হোৱা
চীনাবিলাকক ইংৰাজে আনি চাহ বাগিচা খোলা কামত লগাইছিল৷ তেনেকৈয়ো বহুত চীনা মানুহ
অসমলৈ আহিছিল- আনকি তামিলনাডু-নীলগিৰি অঞ্চললৈকো নিছিল৷ সেই যুদ্ধ বন্দীবিলাকৰ কথা
আমাৰ ইতিহাসত লিপিবদ্ধ নহ’ল৷ তামিলনাডুৰ-নাডুবত্তমত বৰ্তমান তেনে যুদ্ধ বন্দীৰ ঘৰ
আৱিষ্কৃত হৈছে৷ তেনে বহুত হৃদয়বিদাৰক কাহিনীৰে অসমৰ বুকুও ৰঞ্জিত হৈ আছে৷
(এইখিনিতে এটা কথা কৈ থওঁ যে
বৃটিছে চাহ খেতি কৰিবলৈ অনা আদিবাসী মানুহবিলাকৰ কথা আমি ভাবিব লাগে৷ এই মানুহবিলাক
যিমান শাৰীৰিক-মানসিক-আৰ্থিক-মানৱিক-সামাজিক নৃশংসতা তথা শোষণ-নিপীড়নৰ বলি হৈছে
অসমৰ আন কোনো মানুহ তেনেদৰে হোৱা নাই৷ বাকীসকলে যদি কিবা পোৱা নাই, তেন্তে বহুত
পৰিমাণে তেওঁলোকৰ নিজা দোষ–অত্যন্ত সুৰা অনুৰাগৰ বাবেও৷ কিন্তু চাহবনুৱাসকলক পঢ়া-শুনা
কৰিবলৈ দিয়া নহৈছিল-ভালকৈ খাবলৈ দিয়া নহৈছিল-ঘেট্ট (ghetto) সদৃশ ‘লাইন’ত ৰাখি থৈছিল-ওচৰৰ মানুহৰ লগত মিলা-মিছা কৰিবলৈ দিয়া
নহৈছিল৷ মদ সহজলভ্য কৰি তেওঁলোকৰ সকলো উপাৰ্জন তাতে নষ্ট কৰাইছিল, অৰ্থাৎ প্ৰজন্মৰ
পিছত প্ৰজন্ম ধৰি মানুহবিলাকক ‘অমানুহ’ কৰি গৈ থাকিল৷
ঠিক তেনেকৈ কোচসকলৰ কাৰণেও আমি ভবা উচিত৷ শংকৰদেৱক আশ্ৰয় দিয়া- অসমীয়া ভাষা
চৰ্চা কৰা কোচসকলৰ কাৰণেও অসম আজি অসমীয়াৰ হৈ আছে৷
আজি বৃটিছে বা ভাৰতে বৰকৈ human rights
violation ৰ কথা কয়; কিন্তু আচলতে তেওঁলোকৰ এইবিলাক কথা ক’বৰ একো নৈতিক অধিকাৰেই নাই৷ )
এই চাহ অসমৰ চিনাকি যদিও অসম নিৰ্মাণত এই বৃহৎ চাহবাগিচাবিলাকৰ একো ভূমিকা
নাই৷ এতিয়াহে ক্ষুদ্ৰ চাহবাগিচাবিলাকে জৈৱিক চাহ উৎপাদনেৰে নিজৰ এটা পৰিচয় দাঙি
ধৰিবলৈ চেষ্টা কৰিছে৷ কিন্তু বজাৰ বোলা বস্তুটো বৰ সাংঘাতিক আৰু জটিল৷ বজাৰ
নিয়ন্ত্ৰণ কৰা সহজ কথা নহয়৷ এই কাম বংগৰ পৰা ৰাজস্থানলৈ বিয়পি থকা উত্তৰ ভাৰতীয়
ব্যৱসায়ীহে কৰি আছে৷ অসমীয়া কেইজন চাহ tester আছে? মই কেইবাজনো গুজৰাটী, মাৰাঠী, বঙালী মানুহ লগ পাইছো- যাৰ কথাৰ ওপৰত ভিত্তি কৰিয়ে চাহৰ
বজাৰে গতি লয়৷
বৰ্তমানৰ অসমত অসমীয়া মানুহকো খেতি কৰিবলৈ শিকাইছে বাংলাদেশ বা পূৰ্বৰ পূব
পাকিস্থানীয় মূলৰ মানুহেহে৷ আগতে আমাৰ মানুহে ঘৰৰ খেতি ঘৰতে খাইছিল৷ বজাৰলৈ নিয়াৰ
মানসিকতা নাছিলেই৷ বজাৰ মানে মই ৫ কিলো-১০ কিলো বস্তু বিক্ৰী কৰাৰ কথা কোৱা নাই৷ ট্ৰাকে
ট্ৰাকে বেঙেনা-কবি-বিলাহী-অমিতা-আম-মাটিকঁঠাল আদিৰ কথা কৈছো৷ লাগ বুলিলে আজিও অসমে
১০০০খন এড়ী চাদৰ এমাহত উৎপাদন কৰি দিব নোৱাৰে৷ অৰ্থনীতিৰ ক্ষেত্ৰত অসমৰ কথাবোৰ
এনেকুৱাই৷
২০৫০ চনত বহি বহিহে যেন মই এই কথাবোৰ চাই আছো ! সমগ্ৰ পৃথিৱীক বৰ্ণসংকৰ জাতৰ
জৈৱিক কৃষিজাত সামগ্ৰী লাগে৷ অসমে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰিছিল বাবে অসমৰ মাটি
জৈৱিক কৃষিৰ বাবে উপযুক্ত আছিল৷ কিন্তু এই চাহিদা বৃদ্ধি হ’ব বুলি বুজি নোপোৱাৰ বাবে অসমৰ
মাটিয়ে বেলেগ মালিককহে এই উৎপাদনৰ দায়িত্ব দিলে৷ অসম-অৰুণাচল সীমান্তত শ শ বিঘা
মাটিত আজি ৰাজস্থানী মানুহে খেতি কৰিছে-কিৱি ফল উৎপাদন কৰি ৰপ্তানি কৰিছে৷
আনে কোৱা কাৰণেহে যে আমি জৈৱিক কৃষি কৰিবলৈ লৈছো, আমাৰ নিজা প্ৰত্যয় একো নাই নেকি?
এইটোৱেই আমাৰ সমস্যা৷ আনে certificate নিদিলে- আমাৰ আত্মবিশ্বাস নাবাঢ়েই৷ বগা চাহাব এজনে গামোচা
এখন পিন্ধি দিলেই আমি আত্মহাৰা হৈ পৰো৷ পিছে গামোচাখনক লৈ আমাৰ ফুটনি এনেয়েহে৷
অসমত এক কিলোগ্ৰামো কপাহী সূতা উৎপাদন নহয়৷ দক্ষিণ ভাৰতৰ পৰা মাৰোৱাৰী-বঙালী
ব্যৱসায়ীয়ে সূতা আনি নিদিলে আমাৰ স্বাভিমান ৰক্ষা নহয় !
আজি আধুনিক অসম নিৰ্মাণত অসমীয়া মানুহ মুঠেও জড়িত হোৱা নাই-flyover নিৰ্মাণত-ব্ৰহ্মপুত্ৰৰ
ওপৰৰ দলং নিৰ্মাণত-Ropeway নিৰ্মাণত-ৰাস্তা নিৰ্মাণত-উদ্যোগ নিৰ্মাণত-যন্ত্ৰপাতি নিৰ্মাণত-চাহৰ মেচিন
নিৰ্মাণত-মাছ উৎপাদনত-গৰুৰ দানা প্ৰস্তুতিত-একোতে নাই৷ আমি ভাবি আছো flyoverত ওপৰেদি গৈ কেনে
লাগিব? তলত কোনে কাম কৰি আছে আমি চোৱাই নাই৷
আজি অসমত G ২০ শীৰ্ষ মেল হৈছে৷ এটা কামতো অসমীয়া মানুহ নাই৷ শ শ বিদেশী মানুহ আহিব, সিবিলাকক ফৰাছী, স্পেনিচ, জাৰ্মান আদি ভাষাত good morning-good night-hello- ক’বলৈও আমাৰ মানুহ নাই৷ সেইবোৰ কামো আনে কৰিছে৷ এইবোৰ কামলৈ মন নিদিয়াৰ কাৰণে মই
অসমৰ জাতীয়তাবাদী বিলাকক বেয়া পাওঁ৷
এনে কথাবোৰ ইমান তীব্ৰ বেগত ঘটিবলৈ লৈছে যে ই আমাৰ বৌধশক্তিৰ বাহিৰলৈ গুটি
গৈছে৷ কালিৰ কথা আজি স্মৃতিৰ পৰা আঁতৰি গৈছে৷ মাইকেল জেকচনৰ নিচিনা pop legend- পপ সংগীতৰ
কিম্বদন্তীয়েই আজি আলোচনাৰ বিষয় নোহোৱাৰ নিচিনা হৈছেগৈ৷ অত্যন্ত প্ৰয়োজনতহে আজি
মানুহে অতীতক বিচাৰে৷ আজি ৰসৰাজ বেজবৰুৱাৰ ভাষা জানো মানুহে কয়? আজি এটা
পৰিষ্কাৰ-পৰিশীলিত-মাৰ্জিত-চহকী অসমীয়া ভাষা জানো ৰাজহুৱা স্থানত শুনিবলৈ পাওঁ? আজিৰ বিধৱা বিবাহ
এখনত জানো মানুহে হেমচন্দ্ৰ গোস্বামী বা জ্ঞানদাভিৰাম বৰুৱা বা ধীৰেন বেজবৰুৱাৰ
কথা পাতে? মহাত্মা গান্ধীক জানো আমি দৈনন্দিন জীৱনত মনত ৰাখো৷
আগতে মানুহে লাহে ধীৰে অহা-যোৱা কৰিছিল-গাঁৱৰে বিয়া বুলি এপষেক খাটিছিল-গাঁৱৰে
ভিনদেউ বুলি এসপ্তাহ আলহী হৈছিলহি৷ আজি, কাৰ কিমান সময় আছে হাতত? সকলোৰে সময়বোৰ আধুনিক সময়ে চুৰি কৰি নিছে৷ Social Mediaই নিছে সময়ৰ লগতে
জীৱনো ! তাৎক্ষণিক বৰ্তমানত আমি ইমানেই নিমগ্ন যে দিনটোৰ বৰ্তমানতে আমি নাই৷ নতুন
অতীত বা পুৰণা অতীতৰ কথা নক’লোৱেই বা৷ ঘৰৰ-পৰিয়ালৰ চিনাকিৰো গুৰুত্ব-গৌৰৱবোধ নাই৷ জাতিৰ
চিনাকি দিয়াবিলাক আঁতৰৰ মানুহেই৷ সৌৰভ কুমাৰ চলিহা, সত্যনাথ বৰা, পানীন্দ্ৰ গগৈ, মিত্ৰদেৱ মহন্ত, মফিজুদ্দিন আহমেদ হাজৰিকা, চৈয়দ আব্দুল মালিক, আদিৰ নাম আমি ল’বলৈ পাহৰিয়েই গৈছো৷ কিয়?
লুই পেষ্টুৰে (father of Microbiology- কলেৰা, এনথ্ৰেক্স, জলাতংগ ৰোগৰ প্ৰতিষেধকৰ আৱিষ্কাৰক) অসমত কি কাম কৰিছিল? ’The most poetic of all actresses’ (হলিউড অভিনেত্ৰী) জুলি খৃষ্টিৰ জন্ম অসমৰ ক’ত হৈছিল? শংকৰদেৱৰ সময়ত
অসম-কোচবিহাৰলৈ অহা ফৰাচী ভ্ৰমণকাৰীজন কোন আছিল? (চাৰ্লচ চোভালিয়াৰ)৷ নেফা-নগাপাহাৰত
অসমীয়া ভাষা-অসমীয়া স্কুল পতা কৰ্ণেল উমানাথ শৰ্মা, চন্দ্ৰ বৰপাত্ৰগোহাঁই, অন্নদাচৰণ বৰাঠাকুৰ, লক্ষেশ্বৰ বৰুৱা, তৰুণ হাজৰিকাহঁত কোন আছিল? আজিৰ মেঘালয়ৰ
উমত্ৰু-উমিয়াম জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণত কোন কোন অসমীয়া জড়িত আছিল (সত্যেন ফুকন আদি)? নগা পাহাৰৰ লগত
পদ্মনাথ গোহাঞি বৰুৱাৰ কি সম্পৰ্ক? শংকৰদেৱে ভাৰত ভ্ৰমণ কৰা পথটো কি আছিল? হেমচন্দ্ৰ
গোস্বামীয়ে গোৱালপাৰাত কি কাম কৰিলে আৰু কি কৰিব নোৱাৰিলে; কিয়?
এনেকুৱা অজস্ৰ কথা আছে৷ এনে কথাবোৰ জনাৰ পৰা কি লাভ-কোনোবাই সুধিব পাৰে? উত্তৰটো ‘নিজক বুজাৰ পৰা কি লাভ? ’ প্ৰশ্নটোৰ উত্তৰতে
নিহিত হৈ আছে৷ এই উত্তৰ নিবিচৰাৰ ফলতেই আমি ‘বাৰ্বি’ নামৰ পুতলাটো আমাৰ শিশুসকলৰ হাতত তুলি দিওঁ৷ বাৰ্বীজনীৰ
দেহৰ গঠন চাওক–এজনী ষোড়শী গাভৰু নহয় নে বাৰু ! শিশুৱে গাভৰুক কোলাত লৈ চুমা খাই মৰম কৰে নেকি?
এনে কথাবোৰ নজনাৰ ফলতেই আজি অসমীয়া ছোৱালী বিয়া কৰোৱা এজন উত্তৰ ভাৰতীয় যুৱকে
অষ্ট্ৰেলিয়াৰ পৰা anti rabbit vaccine আনি বিশ্ব বেংকৰ টকাৰে অসমত যোগান ধৰিব পাৰিছে৷
কথাবোৰ বহলকৈ আৰু বেলেগকৈ চাব পাৰিব লাগে৷ এটা জাতিৰ শক্তি এনে দৃষ্টিভংগীৰ
মাজতেই নিহিত হৈ থাকে৷ এনে দৃষ্টিৰে যদি আমি অন্য এটা কথা চাওঁ তেন্তে দেখিম যে–
বংগদেশখন অসমৰ প্ৰতিবেশী ৰাজ্য বা ৰাষ্ট্ৰ হোৱাটো অসমীয়াৰ বাবে সৌভাগ্য আৰু
দুৰ্ভাগ্য দুয়োটাই হ’ল৷ সৌভাগ্য বুলি এই কাৰণেই কৈছো যে দুয়োটা ভাষাৰ মাজত প্ৰচুৰ মিল থকাৰ কাৰণে
দুয়োবিধ মানুহৰ মাজত ভাব বিনিময় কৰাটো সহজ৷ কলিকতা, ১৭৫৭ চনত পলাশীৰ যুদ্ধৰ পিছত বৃটিছে আৱিষ্কাৰ
কৰাৰ আগেয়েই ফৰাচী আৰু পৰ্তুগীজসকলে আৱিষ্কাৰ কৰিছিল৷ নদী-সাগৰৰ বন্দৰ আদিৰ
সুবিধাৰ বাবে কলিকতা আজিৰ পৰা ৩০০ বছৰ আগেয়েই ‘এখন ৰাজধানী চহৰ’ হিচাবে চিহ্নিত হৈছিল৷ গতিকে বঙালীবিলাক আমাতকৈ
বহুত আগেয়েই ইউৰোপীয় মানুহৰ সংস্পৰ্শলৈ আহি পশ্চিমীয়া শিক্ষা-দীক্ষা-আদৱ-কায়দা-
ব্যৱসায়-বাণিজ্য কাম-কাজৰ নীতি-নিয়ম আদিৰে সজ্জিত হৈ পৰিছিল৷ তেওঁলোকৰ পৰাই অসম
মুলুকৰ মানুহে এইবোৰ কথাৰ ভূ পাইছিল৷ দুৰ্ভাগ্য বুলি এইকাৰণেই কৈছো যে সমগ্ৰ বংগদেশ
জমিদাৰী তথা সামন্তবাদীয় ধ্যান-ধাৰণাৰে পুষ্ট আছিল৷ জমিদাৰ বা ৰজাবিলাকক দখলত ৰাখি
বিদেশীবিলাকে সহজেই শাসন কৰিব পাৰিছিল৷ সেয়ে ধনী মানুহৰ বনকৰা মানুহ বা পোহনীয়া
জীৱ আন মানুহৰ এনে ভৃত্যতকৈ ওপৰখাপৰ হোৱাৰ নিচিনাকৈ অসমে ‘অনুভৱ’ কৰা সমগ্ৰ বঙালীবিলাক অসমীয়াতকৈ ’superior’ হৈ পৰিছিল৷ আনকি পূৰ্ববংগৰ পৰা খেদা
খাই অহা ভগনীয়া-শৰণাৰ্থীবিলাকেও ফৰাচী-বৃটিছ বা ৰবীন্দ্ৰনাথহঁতৰ জোৰত যিকোনো
অসমীয়াক হেয় আৰু অৱজ্ঞাৰ চকুৰে চাইছিল৷
কিন্তু কথাটো আচলতে তেনেকুৱা নহয়৷ তেওঁলোকে যৌতুক প্ৰথাৰ কলংকৰে ক’লা৷ তেওঁলোক সতীদাহ প্ৰথাৰ
কলংকৰে লেতেৰা৷ তেওঁলোক feudalism-সামন্তবাদী শোষণ আৰু ঘৃণাৰ মন্ত্ৰেৰে লালিত পালিত৷ অত্যন্ত
শোকাবহ জীৱনলৈ ঠেলি দিয়া বৃন্দাবনৰ বিধবাসকল বহু পৰিমাণে বংগদেশৰ সৃষ্টি৷ ভাৰতত
সতীদাহ প্ৰথাৰ মূল হোতা আছিল বঙালীসকল৷ আজিৰ বাংলাদেশ তথা আগৰ পূৰ্ববংগ, মুছলমানপ্ৰধান
দেশলৈ পৰিণত হোৱাৰ মূল কাৰণ হ’ল বংগৰ হিন্দু জমিদাৰ তথা ৰজাসকল–সিবিলাকৰ শোষণ, অত্যাচাৰ, নিপীড়ন৷ বংগদেশত যিমান নাৰীক বেশ্যাবৃত্তিলৈ ঠেলি
পঠিওৱা হৈছে সমগ্ৰ পূব ভাৰতত আন কোনেও তেনে কৰা নাই৷ বংগদেশে যিমান অপৰাধ
কৰে-যিমান চোৰাং কাৰবাৰ কৰে সমগ্ৰ পূব ভাৰতত আন কোনেও নকৰে৷ বংগদেশে
চাহ-তেল-মৰাপাট বা আন যিকোনো সামগ্ৰীৰ ব্যৱসায় কুক্ষিগত কৰি সমগ্ৰ উত্তৰ-পূব ভাৰতক
যিমান লুণ্ঠন কৰিছে, আন কোনেও সিমান কৰা নাই৷ ৰবীন্দ্ৰনাথ-শৰৎচন্দ্ৰ-বিভূতিভূষণ আদি থকা সত্ত্বেও
বংগ কিয় এনেকুৱা? – এই কথাবোৰ কোৱাৰ কাৰণে বিশ্ব বিখ্যাত এজন বঙালী মানুহৰ লগত মোৰ আজি কেইবাবছৰে
মাতবোল নাই৷
অথচ যৌতুক প্ৰথা নথকা-গা ধন দিহে ছোৱালী অনা-সাধাৰণ ধৰণৰহে জাত-পাতৰ বিচাৰ থকা
অসমীয়া সমাজ সভ্যতাৰ আচল মাপকাঠিত ওপৰৰ খাপৰ৷
তেনে এটা ভিন্ন দৃষ্টিভংগীৰ আন এটা উদাহৰণ লৈছোঁ৷ অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে
এষাৰ কথা প্ৰায়ে কয় যে অসমীয়া মানুহে ঘৰতে সকলো কৰিবলৈ বিচাৰে–জলকীয়াৰ পৰা মাছলৈকে, শাকৰ পৰা বাঁহলৈকে৷
সকলো বস্তু অলপ অলপ কৰে৷ কোনো এটা বিষয়ত পাৰদৰ্শিতা নাই৷ সেইকাৰণে উৎপাদন কম৷
উৎপাদিত সামগ্ৰীৰ মানদণ্ড কম৷ Economy of Scale ৰ সুবিধা নাপায়৷ ফলত বজাৰত অসমীয়া মানুহৰ অস্তিত্ব নাই৷
কথাটো বহুত পৰিমাণে সত্য৷ আমাৰ পুৰোধা ব্যক্তিসকলে অসমীয়াক কেৱল ভাববিলাসহে
দিলে৷ বস্তুবাদী (objectivity) দৃষ্টিভংগী নিদিলে৷ ভাব সদায় ক্ষণস্থায়ী৷ সময় সলনি হ’লেই ভাব সলনি হয়৷ মন কৰকচোন-
জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমীয়া ছোৱালীৰ উক্তি–
পাঁজিসেৰীয়া-কাজী আঙুলিৰে-স্বৰাজৰ চৰ্কা ঘূৰোৱা আইদেউ...
আজিৰ ছোৱালীয়ে পাঁজিসেৰীয়া কি বস্তু কেনেকৈ বুজি পাব বাৰু !
জ্যোতিপ্ৰসাদৰ অসমীয়া ডেকাৰ উক্তি
ময়েই খাছীয়া-মই জয়ন্তীয়া- ডফলা আবৰ অকা-নগা গাৰো...
false ego এটা সৃষ্টি হোৱা
নাইনে বাৰু ! বৰ অসমৰ ভাব এটা ভ্ৰান্ত ধাৰণা নহয়নে বাৰু ! নগা-মিজো-গাৰো-অসমীয়াৰ কি মিল বাৰু ! অৰুণ শ্বোৰীয়ে এখন কিতাপ
লিখিছিল Worshihping false Gods বুলি৷ তাত আমি ভাৰতীয়বিলাকে কিছুমান ভুল মানুহক দেৱতাৰ
শাৰীত থোৱাটো দেখুৱাইছিল৷ আমিও অসমত তেনে বহুত কাম কৰিলো৷ তেনেকুৱা মানুহ আমি
চিনাক্ত কৰিবলৈ বিশেষ অসুবিধা নহয়৷ আজি মহাপুৰুষ শংকৰদেৱক লৈও কিছুমান অযথা
কাম-কাজ কৰা হৈছে৷ ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত শংকৰদেৱক অসমত অবিসংবাদী নেতা
হিচাপে স্বীকৃতি দিয়াত কাৰো আপত্তি নাই৷ কিন্তু ধৰ্মৰ ক্ষেত্ৰত শংকৰদেৱক অযথা
টনা-আজোৰা কৰি তেখেতক সংকীৰ্ণ গণ্ডীলৈহে লৈ অনা হৈছে৷ ইয়াৰ ফলত হিতে বিপৰীত হোৱাৰ
বহুত লক্ষণ দেখা গৈছে৷
আজি কোনোবা অসমীয়াই জ্যোতিপ্ৰসাদৰ নিচিনা হ’বলৈ বিচাৰে নে বাৰু? চাহবাগান দেৱলীয়া কৰা মানুহজন হ’বলৈ? কোনোবা বিষ্ণু ৰাভা হ’বলৈ বিচাৰে নে বাৰু- ১৫০০ নে ৫০০০ বিঘা মাটি থকা
সত্ত্বেও- চব যাকে তাকে- মাটিহীন বুলি দি দি- নিজৰ উৎপাদন ক্ষমতা শূন্য কৰি পেলোৱা
মানুহজন হ’বলৈ? তেওঁলোকে একোটা অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়ি থৈ যাব নোৱাৰিলে কিয়–দেবেন্দ্ৰনাথ ঠাকুৰ-ৰবীন্দ্ৰনাথ
ঠাকুৰৰ দৰে-বিশ্বভাৰতীৰ দৰে- শান্তি নিকেতনৰ দৰে?
শ্ৰম-অৰ্থনীতি-উৎপাদন-উৎপাদকতা আদি কথাবোৰৰ লগত অসমীয়া মানুহৰ সম্পৰ্ক সদায়েই
বৰ দুৰ্বল আছিল৷ সামান্য দুই-এটা ব্যতিক্ৰমৰ বাবে প্ৰায় সকলোবোৰ তথাকথিত
গণ্য-মান্য ব্যক্তিয়ে আমাক এই সম্পৰ্ক সবল কৰাত একো কৰা নাই৷ সময়ৰ লগত খোজ মিলাই
চলিবলৈ শিকোৱা নাই৷ সকলোৰে মুখৰ ফৰফৰণি মাথোঁন৷ প্ৰায় সকলোবোৰেই পৰম্পৰাৰ বাহক–conventional৷ সেয়ে অসমীয়া
মানুহ সদায় অতীতক লৈয়ে ব্যস্ত৷ ভৱিষ্যৎমুখী দৃষ্টিভঙ্গী আমাৰ বৰ কম৷ সেয়ে প্ৰায়বোৰ
কথাতেই আমি নতুন পৃথিৱীৰ দ্বাৰা উপেক্ষিত৷ পুৰণিৰ কথা–পৰম্পৰাৰ কথা ক’লেও আমি পুৰণিক–পৰম্পৰাক ধৰি ৰাখিব পৰা নাই৷
আজি আমাৰ পথাৰবিলাক আধুনিক ট্ৰেক্টৰ-পাৱাৰ টিলাৰ-harvesting মেচিনে দখল কৰিবলৈ লৈছে৷ এই দখল
এনেকুৱা শক্তিশালী যে ই পথাৰত হাল বোৱা গৰু নাইকিয়া কৰি পেলাবই৷ এপোৱা গাখীৰ দিয়া
গৰুৰো আৰু প্ৰয়োজন নাই৷ ঘাঁহ-খেৰ-দানা-বেমাৰ-গৰু চৰোৱা আদিবোৰ উকটিবৰ বাবে
ঘৰবিলাকত মানুহ নাই-সময় নাই-অংক নিমিলে৷ গাখীৰ ব্যৱসায়িকভিত্তিত গাখীৰ উৎপাদন
কৰোঁতাই কৰিব৷ গতিকে আমাৰ ‘গৰু বিহু’ অন্তৰ্ধান হোৱাৰ পথত৷ হ’বই স্বাভাৱিক কথা৷ অৱধাৰিত কথা৷
তেনেকৈ কাতি বিহুও যাবগৈ৷ পথাৰেই নাইকিয়া হৈছেগৈ–বিনা পইচাত চাউল-খেতিৰ কি দৰকাৰ ! এবিঘা মাটিত ৩০ মোন ধান–এবছৰত–৩০ টকাকৈ ৯০০ টকা-কি অৰ্থ বাৰু?
তেনেকে ব’হাগ বিহুও নাথাকেগৈ৷ হুঁচৰি গ’ল৷ স্বতঃস্ফূৰ্ত জেংবিহু-ফাটবিহুও গ’ল৷ এতিয়া কেৱল বিহুসুৰীয়া গীতৰ
লগত নৃত্য আছে৷ নাহৰ গছ-ফুল নেদেখাকৈ নাহৰক লৈ গান গোৱা গায়ক-গায়িকা আছে৷ তাঁতৰ শাল নেদেখাকৈ মাকো
খিটখিটোৱা নাচনী আছে৷
আজি আমাৰ গাঁৱৰ ঘৰে ঘৰে গোৱা হুঁচৰিবোৰ ক’লৈ গ’ল? নাই; নাথাকিবই৷ আজি কাৰ সময় আছে ৭ (সাত) বিহু মাৰিবলৈ বাৰু-গৰু বিহু, চেৰা বিহু, গোসাঁই বিহু, মানুহ বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী
বিহু আদিৰ বাবে? দেউতাক-মাকৰ শ্ৰাদ্ধ-নিজৰ বিয়াত বহি থাকোঁতেও ম’বাইলটো বাজি থাকে৷ কাম-দায়িত্ব-টকা সকলোৱে মানুহক
পতি-পত্নীৰ বিছনালৈকে খেদি গৈছে৷
সময়ে অনা পৰিৱৰ্তন এইবোৰ৷ ৰূপান্তৰেই হ’ল জীৱনৰ ধৰ্ম৷ অসমীয়া জাতিটোৱেই ৰূপান্তৰিত হৈছে৷
জ্যোতিপ্ৰসাদৰ-অম্বিকাগিৰীৰ অসমীয়া মানুহ আজি আৰু নাই৷ ডিমাচাবিলাকে অসমীয়া নকয়৷
বহুত বড়োৱেও অসমীয়া বুলি চিনাকি নিদিয়ে৷ অসমৰ বহুত মানুহে নিজকে অসমীয়া বুলি
নাভাবে-নকয়৷ কাকো জোৰ কৰি অসমীয়া কৰিব নোৱাৰি৷ কৰাৰ দৰকাৰো নাই৷ কিন্তু সকলোৱে
অসমীয়া ভাষাটো কথিত ৰূপত ব্যৱহাৰ কৰে৷ মিঞাবিলাকে Lingua Franca হিচাবে অসমীয়া ভাষা ব্যৱহাৰ
কৰে৷ আজি ৩০/৪০ বছৰ ধৰি অসমত বঙালী মাধ্যমৰ বিদ্যালয় খোলাও হোৱা নাই৷ বঙালী হিন্দুৱেও–বঙালী মুছলমানেও শংকৰদেৱ শিশু
নিকেতনতে পঢ়িবলৈ লৈছে৷ এই সকলোবিলাকৰ জোৰতহে অসমত অসমীয়াবিলাকৰ সংখ্যাটো বাঢ়ি আছে৷
অসমৰ বাবে এইটো সত্য৷ এটা নতুন সত্য৷ এই কথাটো আৰু অসমীয়াবিলাকে জটিল কৰিব নালাগে৷
বেছিকৈ অসমীয়া অসমীয়া বুলি কৈ থকাটো আজিৰ যুগত বাঞ্ছনীয় কথা নহয়৷ আন মানুহৰ গা
ডাকে৷ বেছিকৈ মুছলমান হোৱা মানুহক আনে বেয়া পোৱা আমি দেখিবলৈ পাইছো৷ গুণ থাকিলে–ডাঙৰ অনুষ্ঠান-প্ৰতিষ্ঠান পতা
অসমীয়া দেখিলে, ন’বেল পুৰস্কাৰ পোৱা অসমীয়া দেখিলে, বিমান কোম্পানীৰ মালিক হোৱা অসমীয়া দেখিলে, বিশ্ব চেম্পিয়ন
হোৱা অসমীয়া দেখিলে, সুন্দৰ অসমীয়া কোৱা অসমীয়া দেখিলে, সুন্দৰ অসমীয়া ঘৰ এখন দেখিলে সকলোৱে আপোনা আপুনি অসমীয়া হ’বলৈ বিচাৰিব৷ নহ’লে কেলেই থাকিব অসমীয়াৰ লগত? ভাল মানুহৰ লগতহে
মানুহ থাকে৷ অনবৰতে হুলস্থূল কৰি থকা, আন্দোলন-বিক্ষোভ কৰি থকা-নাই নাই-খালে ঔ নিলে ঔ বুলি চিঞৰি
থকা, কান্দুৰা, দুৰ্বল অসমীয়াৰ লগত
বহুত মানুহ থাকিবলৈ নিবিচৰাৰ এয়াও এটা কাৰণ৷
এতিয়া আমি বুজি পালোঁ যে, অসমীয়াৰ জনসংখ্যাৰ ভেটি এইটো–ভাষাৰ ভেটি এইটো–অৰ্থনীতিৰ ভেটি এইটো৷ এই অৱস্থাৰ পৰা আমি এতিয়া
একবিংশ শতিকাৰ মাজলৈ সোমাই যাব লাগে৷ কেনেকৈ? জ্যোতিপ্ৰসাদে কৈছিল–অসমীয়া ভাষা জগতসভালৈ যাব-উজ্জ্বল-সুউজ্জ্বল
কোহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ’ব৷
কিন্তু কেনেকৈ? জগতসভালৈ খোজ কাঢ়ি যাব নে দৌৰি যাব নে গাড়ী-মটৰত যাব৷ এখন ভাল অসমীয়া কিতাপৰ
৩০০ কপি বিক্ৰী নোহোৱা মানুহৰ সেইবোৰ এতিয়া প্ৰলাপ বুলি ভবাৰ বাহিৰে কি উপায় ! কোনো mechanism নাই-পথৰ নিৰ্দেশনা নাই৷ আমি
পিতৃ-মাতৃ-অভিভাৱকসকলে সজ্ঞানে সুস্থ শৰীৰেৰে আমাৰ সন্তানবিলাকক অসমীয়া ত্যাগ
কৰিবলৈকেহে উদ্বুদ্ধ কৰিছোঁ৷ নতুনৰ মাজত অসমীয়া ভাষাৰ কালিকা বুজিবলৈ কাৰো আগ্ৰহ নাই৷
কিয় থাকিব? অসমীয়া ভাষাই কি দিব পাৰে? কৰ্মসংস্থান? বিশ্ব প্ৰেক্ষাপটত অস্তিত্ব?
কিয় যে আমাৰ মানুহে নাভাবিলে যে এটা ভাষা অকলে অকলে ক’লৈকো যাব নোৱাৰে৷ অনুবাদ নহ’লে অন্য মানুহে কেনেকৈ বুজিব
আমাৰ মনৰ কথা৷ আমি অসমতে জগৎ বিখ্যাত হৈ থাকিলোঁ-নাজিৰাত অসম বন্ধ হোৱাৰ নিচিনাকৈ বা
১২ ঘণ্টীয়া আমৰণ অনশনৰ নিচিনাকৈ৷ নগা-খাচীয়া-মিজোৱে অসমীয়া শিকিবই লাগিব বুলি ভবাৰ
নিচিনাকৈ আমি আফ্ৰিকা-আমেৰিকা সকলোৱে অসমীয়া ক’বই লাগিব বুলি কিয় বা ভাবি থাকিলোঁ? জ্যোতি-বিষ্ণু-ৰসৰাজময়
হৈ থাকোঁতেই পৃথিৱীলৈ Technology-computer-Internet-virtual
reality-market economy-post modernism-post truth আদিবোৰ আহি গ’ল৷ আমি বেখাপ্পা হৈ পৰিলো৷ সেইটোৱেই আমাৰ সমস্ত দুৰ্দশাৰ কাৰণ৷ সময়ৰ লগতে সলনি
নোহোৱাটো৷
PUBG (Player Unknown’s Battle Ground) বুলি এটা খেল আছে৷ আমেৰিকাৰ, বিশ্বৰ বজাৰত চলোৱা এনে বহুত video game আছে৷ এইবিলাকত অনবৰতে বন্দুক লৈ
মানুহ মাৰিবলৈ খেদি ফুৰা দেখুওৱা হয়৷ খেলুৱৈবিলাকেও সক্ৰিয়ভাৱে মানুহ মাৰি ফুৰে৷
দিনটো যদি মানুহ মাৰি থকা ধান্দাতে এটা কোমলমতীয়া ‘মানুহ’ ব্যস্ত হৈ থাকে তেন্তে সি বাস্তৱত অমানুহ নহৈ কি হ’ব? আমেৰিকাত সেইকাৰণে প্ৰতিদিনে য’তে ত’তে- স্কুল-কলেজ-বজাৰে-থিয়েটাৰে মানুহ হত্যা কৰাৰ
খবৰ আমি পাই থাকো৷ এনে মানুহো আমাৰ মাজত আজি হাজিৰ৷
নগাঁৱৰ ঢিঙৰ- চাৰিওফালে বাংলাদেশীমূলৰ মিঞা মুছলমানৰ দ্বাৰা পৰিবেষ্টিত- এখন
ঠাইত থকা অসমৰ এগৰাকী অতি শক্তিশালী লিখক অনামিকা বৰাই (‘অস্তিত্ব’ নামৰ কিতাপখনৰ লেখিকা) মোক কৈছে যে মোৰ সমুখেদি মিঞালৈ বিয়া হোৱা
বামুণ-গোসাঁইৰ ছোৱালীক যেতিয়া মই ৫ জনী সতিনীৰ সৈতে বোৰ্খা পিন্ধি হাঁহি মাৰি গুচি যোৱা দেখো
তেতিয়া মই ভাবো যে অসমীয়া মানুহে নিজৰ সংজ্ঞা সলনি কৰাৰ সময় পাৰেই হৈ গৈছে৷ এইটোও
অসমৰ বাবে এটা নিৰ্মম সত্য৷
অস্তিত্বৰ এই সংকটৰ পৰা পৰিত্ৰাণ কেৱল মিঞা বা বঙালীৰ পৰা পালেই নহ’ব; ধনকুবেৰ ব্যৱসায়ী গোষ্ঠীয়ে টকাৰ জোৰত–আমি যিহেতু
সাংস্কৃতিক-বৌদ্ধিক-আৰ্থিক-মানসিকভাৱে অত্যন্ত দুৰ্বল-আমাৰ
দৌল-দেৱালয়-থান-বিহু-সকলোতে হাত দিছে-তাৰ পৰাও পৰিত্ৰাণ লাগিব৷ অসমীয়া নিজেই নিজৰো
শত্ৰু৷ কেৱল ঠিকা-চাকৰিৰ কাৰণেহে বহুত অসমীয়াই নিজৰ অসমীয়া উপাধিটো ব্যৱহাৰ কৰে৷
এইবিলাকৰ পৰাও মুক্তি লাগিব৷
এই মুক্তি কেনেকৈ পোৱা যায়?
এইটোৱেই প্ৰশ্ন৷ লগতে কিন্তু পন্থা-মাৰ্গ সকলো লাগিব৷ এজন মানুহে বা একেদিনাই
এই পন্থাৰ সন্ধান দিব নোৱাৰে৷ কিন্তু আৰম্ভণি এটা কৰিব পৰা যায়৷
প্ৰথম কথাটো হ’ল–ইমানপৰে কৈ অহা কথাবিলাক আৰু তেনে ধৰণৰ বহুত কথা আমাৰ মানুহে উপলব্ধি কৰিব
লাগিব৷ উপলব্ধি কৰিবলৈ হ’লে চৰ্চা কৰিব লাগিব৷ চৰ্চা কৰিবলৈ হ’লে মানুহবিলাকে পঢ়া-শুনা কৰিব
লাগিব৷ No input means no output৷
অহা ৫/১০/১৫/২০ বছৰত কি ঘটিব-অসমত, ভাৰতত, বিশ্বৰ অন্যপ্ৰান্তত তাৰ বিষয়ে কথা পতা মানুহ কিছুমান ওলাব
লাগিব৷ অসমৰ মানুহে বৰ্তমানৰ চিৰাচৰিত ধৰণৰ অসমীয়া বুদ্ধিজীৱীবিলাকক সৰ্বান্তঃকৰণে
ত্যাগ কৰিব লাগিব; কাৰণ এওঁলোকৰ সৰহভাগেই পাবত গজা অথবা উগ্ৰপন্থীৰ জোৰেৰেহে শক্তিমান৷
অনবৰতে চৰকাৰক সমালোচনা কৰি থকা মানুহবিলাককো বৰ্জন কৰিব লাগে৷ নিজেই নিৰ্বাচন
খেলি পৰাজিত হৈ- সংখ্যাগৰিষ্ঠতা লৈ নিৰ্বাচনত জিকি অহা দল এটাক প্ৰথম দিনাৰ পৰাই
ধিক্কাৰ-গৰিহণা-নসাৎ কৰাটো fascismৰ পৰিচায়ক৷
অসমীয়াৰ শত্ৰু বহুত৷ জ্ঞানী মানুহে সকলো শত্ৰুকে একেলগে জোকাই নলয়৷ সেয়ে
অসমীয়াই চতুৰতা-বিচক্ষণতাৰ আশ্ৰয় ল’ব লাগিব৷
অসমীয়া জাতি উদ্ধাৰ কৰিম বুলি কোনেও একো কাম কৰিব নালাগে৷ নিজৰ কাম নিজে ভালকৈ
কৰিলেই হ’ল৷ মানুহ স্বাৰ্থপৰ হ’ব লাগে৷ কেৱল স্বাৰ্থপৰতাৰ সংজ্ঞাহে সলনি কৰি ল’ব লাগে৷ মই নিজে ঠিকে থাকিবলৈ হ’লে মোৰ ওচৰ-পাঁজৰৰ পৰিৱেশ ঠিক
থাকিব লাগিব৷ মোৰ নিজৰ স্বাৰ্থতেই মই ওচৰ-পাঁজৰৰ পৰিৱেশ ঠিক কৰি ৰাখিব লাগিব৷ এই
কাম ভিক্ষাৰীয়ে কৰিব নোৱাৰে৷ গতিকে প্ৰত্যেকেই অৱস্থাপন্ন হ’ব লাগিব৷ নিজৰ ভাল অৱস্থা হ’লেহে আনক সহায় কৰিব পাৰিব৷
পাৰ্চীবিলাকে এনে কৰে৷ ইহুদীবিলাকে এনে কৰে৷ জাৰ্মানবিলাকে এনে কৰে৷
বঙালী-বিহাৰী আমাৰ আদৰ্শ নহয়–হ’ব নোৱাৰে৷ এইবিলাকৰ লগত আমাৰ অসমীয়া মানসিকতাৰ একো মিল নাই৷
অসমীয়াৰ ১০০ মহলীয়া অট্টালিকা নাথাকিব পাৰে-পেৰিচৰ নিচিনা ৰাজপ্ৰাসাদ নাথাকিব
পাৰে-লণ্ডনৰ নিচিনা ৰাজপথ নাথাকিব পাৰে৷ আমাৰ ৰজাবিলাক শোষক চৰিত্ৰৰ নাছিল৷ সেয়ে
মাৰ্বল পাথৰৰ অট্টালিকা সজা নাছিল৷ এই কথাটো আমি বুজি পাব লাগে৷ অসমৰ কোনো ৰজাই
বিশাল সৈন্যবাহিনী লৈ ৰাজ্য বিস্তাৰলৈ যোৱা নাছিল৷ অসমৰ সকলো মানুহ বৌদ্ধ ধৰ্মৰ
দয়া-মমতা-সহিষ্ণুতা-ক্ষমাৰে বিধৌত৷ সভ্যতাৰ বিচাৰত এইবিলাকহে গুণ৷ আমি আচলতে
সভ্য-বহুততকৈ৷
সেয়ে এই জাতি-ভাষা মৰিব নোৱাৰে৷ মনত পেলাওক, ১৯৯৫ চনৰ কথা-হেমচন্দ্ৰ
বৰুৱা-হেমকোষ-শ্বিলং-জ্জযজ্জ্ব বস্তা কাগজ-গৰুৰ গাড়ীত শ্বিলঙলৈ-প্ৰথম হেমকোষ
অভিধান-মাটিত পৰি থাকিল-১৯৯৭ চন-বৰ ভূঁইকঁপ-অসম বিধান সভা মাটিৰ তললৈ সোমাই গ’ল-সকলোৱে পাহৰি গ’ল-হঠাৎ মনত পৰিল F.C. Gordonৰ-দৌৰ মাৰি গ’ল-খান্দি উলিয়ালে-ধবংসস্তূপৰ
মাজৰ পৰা– হেমচন্দ্ৰৰ বহু বছৰৰ সাধনাৰ ফচল-হেমকোষ ছপা হৈ ওলাল৷
সেয়ে এই অসমীয়া জাতি পৰিও নপৰা-মৰিও নমৰা৷ ভাষা ৰ’ল বাৰু তেতিয়া; কিন্তু জাতি এতিয়া? জাতিও নমৰে৷ ফটফটাই থকা জাতীয়তাবাদীক বাদ
দিয়ক-চীন, পাকিস্তান, বাংলাদেশৰ নেগুৰত ধৰা বিপ্লৱীক বাদ দিয়ক-একবিংশ শতিকাৰ পোনত ধৰক-দেখিব চব কথা
চিজিল হৈ গৈছে–এটা নতুন ধৰণৰ অসমীয়া জাতি সৃষ্টি হৈও থাকিব–গতিও লাভ কৰি থাকিব৷