সঞ্জীৱ সভাপণ্ডিত
অসম আন্দোলন মানে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অবৈধ বিদেশী নাগৰিকৰ বহিষ্কৰণৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ যৌথ নেতৃত্বত অসমত হোৱা জনজাগৰণ তথা আন্দোলনক বুজোৱা হয়৷ সদৌ অসম গণ সংগ্ৰাম পৰিষদত সদৌ অসম কৰ্মচাৰী সংস্থা, অসম সাহিত্য সভা, সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আদি বহু সংগঠন সন্নিৱিষ্ট হৈ আছিল৷ আপাততঃ আৰু সামগ্ৰিকভাৱে বন্ধ, হৰতাল, বিক্ষোভ, ধৰ্মঘট, অসহযোগ, জনতা কাৰ্ফিউ, বৰ্জন, ক’লা বেজ পৰিধান, মৌন সমদল, জোৰ লৈ সমদল, নিষ্প্ৰদীপ পালন আদিয়েই বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী আছিল৷ সেই সময়ত কেন্দ্ৰত ইন্দিৰা গান্ধী নেতৃত্বাধীন আৰু ৰাজ্যত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ আছিল৷ আন্দোলনকাৰীসকলে ১৯৫১ চনক ভিত্তি কৰি অবৈধ বিদেশী চিনাক্ত আৰু বহিষ্কাৰ কৰাটো দাবী কৰিছিল৷ অবৈধ বিদেশীৰ ৯৫% লোক বাংলাদেশী তথা এসময়ৰ পূৰ্ববংগৰ বঙালী হিন্দু আৰু মুছলমান আছিল৷ অলপমান মানুহ বিদেশৰ নেপালী আছিল৷
অবৈধ বিদেশীবিলাকে অসমৰ মাটি দখল কৰি, জালিয়াতি কৰি মাটিৰ মালিক হৈ, ভোটাৰ লিষ্টত নাম ভৰ্তি কৰি, দেশৰ নাগৰিকৰ সকলো সা-সুবিধা ভোগ কৰি স্থানীয়-খিলঞ্জীয়া মানুহক সংখ্যালঘু কৰি পেলালে৷ বহুত ঠাইৰ পৰা স্থানীয় মানুহক খেদিও পঠালে৷ অসমৰ ৰাজনীতি পৰ্যন্ত এফালৰ পৰা দখল কৰি গ’ল৷ কৃষি আৰু শ্ৰম অৰ্থনীতিক এক প্ৰকাৰ গ্ৰাস কৰি পেলালে৷
দেশৰ সাৰ্বভৌমত্বৰ প্ৰশ্ন জড়িত থকা এই স্পৰ্শকাতৰ বিষয়টোক তদানীন্তন চৰকাৰে কেৱল এটা আইন শৃংখলাৰ সমস্যা বুলি ধৰি ল’লে আৰু আন্দোলনটোক এটা বিচ্ছিন্নতাবাদী আন্দোলন বুলি বিশ্বৰ জনমানসত প্ৰতিষ্ঠা কৰিবলৈ প্ৰচাৰ চলালে৷ এই ক্ষেত্ৰত পশ্চিমবংগৰ বঙালী বুদ্ধিজীৱী সমাজ আৰু তেওঁলোকৰ কমিউনিষ্ট দলেও প্ৰচণ্ড তীব্ৰতাৰে হাত উজান দিলে৷ বংগদেশৰ প্ৰচাৰ মাধ্যমে আৰু তেওঁলোকৰ পৰা পোৱা ৰহণ সনা তথ্যৰে সমৃদ্ধ সৰ্বভাৰতীয় প্ৰচাৰ মাধ্যমত অসম আন্দোলনক সংকীৰ্ণমনা অসমীয়াৰ ‘ভাৰতীয় খেদা আন্দোলন’ বুলি নিঃসংকোচে বৰ্ণনা কৰি গ’ল৷
নিৰ্বাচিত চৰকাৰৰ ক্ষমতা আৰু বঙালী বুদ্ধি-মগজ-টকাৰ চমৎকাৰিত্বৰ বাবে যি ক্ষেত্ৰত চৰকাৰহে দেশদ্ৰোহী বুলি প্ৰমাণ হ’ব লাগিছিল, সেইটো নহৈ বৰং আন্দোলনকাৰীবিলাকহে বিচ্ছিন্নতাবাদী বুলি প্ৰচাৰিত হ’ল৷ লগতে বঙালী মুছলমান তথা মৌলবাদীবিলাকে অসমত থকা অবৈধ বিদেশীৰ ঘাটিবিলাকত খোপনি পোতিলেহি৷
সেই সময়ৰ কংগ্ৰেছ নেতা প্ৰণৱ কুমাৰ মুখাৰ্জী, আব্দুল ঘানি খান চৌধুৰী, আব্দুল মুহিব মজুমদাৰ, সন্তোষ মোহন দেব আদিয়ে ৰাজনীতিৰে, চৰকাৰী প্ৰশাসন যন্ত্ৰৰ অপপ্ৰয়োগেৰে, Opinion maker-ৰ সহায়ত অসমৰ বিৰুদ্ধে যিমান নিকৃষ্ট ষড়যন্ত্ৰ ৰচিব পাৰিলে, সিমান কৰিলে৷
‘কলিকতা-অসমৰ কমিউনিষ্ট দল’ আচলতে কলিকতীয়া বঙালীৰ আঞ্চলিক দল৷ দেখাত বিশ্বমানৱতাৰ কথা ক’লেও কাৰ্যতঃ সিবিলাকে সদায় বঙালীৰ স্বাৰ্থতেই কাম কৰে৷ ১৯৪৭ চনত পূৰ্ববংগত বঙালী হিন্দু আছিল ২৮%-৩০% ৷ ১৯৮০ চনত এই সংখ্যা ১৫% মান হ’ল আৰু আজি ২০২১-২২ চনত ই ৭% মান হৈ পৰিছে৷ মানুহবোৰ ক’লৈ গ’ল? ইমানবোৰ মানুহ ধৰ্মান্তৰিততো হোৱা নাই৷ অসমত ১৯৫১ চনৰ ৯% বঙালী হিন্দু ২০২১ চনত ২৭% কেনেকৈ হ’ল? গতিকে এইবোৰ কথা বুজাত একো অসুবিধা নহয় যে ওচৰৰে অসমলৈয়ে (পশ্চিম বংগৰ উপৰি) পূৰ্ববংগ/ বাংলাদেশৰ পৰা সিবিলাক আহিছে৷ ইছলামিক দেশ বংলাদেশ/ পূব পাকিস্তানত বঙালী হিন্দু নিৰ্যাতিত হোৱাটো স্বাভাৱিক৷ বৃহত্তৰ বাংলাৰ সপোন বঙালী কমিউনিষ্টেও দেখে৷ সেয়ে অবৈধভাৱে বাংলাদেশী হিন্দু অসমলৈ আহোঁতে সিবিলাক মনে মনে থাকিল৷ অসমে প্ৰতিবাদ কৰোঁতে কিন্তু অসমীয়াক সংকীৰ্ণমনা তথা বৰ্বৰ বুলি ক’বলৈ উঠি পৰি লাগিল৷
অসমৰ বাঁওপন্থী মানুহবিলাকেও অসমীয়া জাতিৰ অস্তিত্বৰ কথাটোত সহযোগ কৰাতকৈ বঙালী মানুহৰ কাৰণেহে বেছিকৈ ব্যস্ত হৈ পৰিল আৰু নিজৰ কলমেৰে-সংগঠনেৰে যিমান পাৰি আন্দোলনটোক কূটাঘাত কৰিলে৷ অসমীয়া মানুহক গাঁও এখনৰ পৰা উচ্ছেদ কৰি খেদি পঠোৱাৰ নিচিনা কথাবোৰ লুকুৱাই ৰাখি তেওঁলোকে ‘কলাখাৰ’ আদি কাগজৰ যোগেদি ক’ৰবাত অসমীয়া ছাত্ৰই নীলা/ সেউজীয়া লুঙী পিন্ধা কণী/মাছ/ পাচলি বেপাৰীক লপাথপা দিয়া কথাটোতহে মাত্ৰাধিক গুৰুত্ব আৰোপ কৰি সমগ্ৰ আন্দোলনটোক ‘বেয়া’ বুলি দেখুৱাই গ’ল৷
আনহাতেদি কাছাৰকে আদি কৰি অসমৰ বঙালী হিন্দু আৰু বঙালী মুছলমান অধ্যুষিত অঞ্চলবিলাকত তীব্ৰ অসমীয়াবিদ্বেষী মনোভাবে গা কৰি উঠিল৷
এই আন্দোলনটো যদিও ১৯৭৯ চনত ৰাজহুৱাকৈ আৰম্ভ হৈছিল, আচলতে ১৯৭৬ চনতেই ললিত চন্দ্ৰ ৰাজখোৱা AASU-ৰ সভাপতি হৈ থকা সময়তেই এনে এটা আন্দোলনৰ প্ৰস্তুতি চলোৱা হৈছিল৷ কিন্তু বহু সাংগঠনিক সমস্যাৰ কাৰণে এটা বলিষ্ঠ পদক্ষেপ দিবলৈ সক্ষম হোৱা নাছিল৷ আনহাতেদি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিৰ ইয়াণ্ডাবু চুক্তিখনৰ যোগেদি আহোম তথা অসমীয়া জাতিক প্ৰথমতে বৃটিছে তথা পৰৱৰ্তী কালত ভাৰতে অবৈধভাৱে পদানত তথা পৰাধীন কৰিছিল বুলি এটা আৱেগ সৃষ্টি কৰি কিছু মূলতঃ আহোম-মটক-মৰাণ আদি যুৱকে এটা বিদ্ৰোহী সংগঠনৰ জন্ম দিবলৈ যো-জা চলাইছিল৷
যেতিয়াই অসম আন্দোলনৰ সূচনা হ’ল তেতিয়াই এই বিদ্ৰোহী সংগঠনটোৱেও মূৰ দাঙি উঠিবলৈ সুবিধা পালে৷ আনহাতে আন্দোলনটো যিহেতু মূলতঃ বাংলাদেশীৰ বিৰুদ্ধে চলিল, সেয়ে আন্দোলনটো যাতে কোনোপধ্যে সফল হ’ব নোৱাৰে তাৰ বাবে লগে লগে সেই বিদ্ৰোহী সংগঠনটোক বাংলাদেশৰ ষড়যন্ত্ৰকাৰী চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানবিলাকে আশ্ৰয়, অস্ত্ৰ-শস্ত্ৰ যোগান, সামৰিক তথা কূটাঘাটৰ প্ৰশিক্ষণ আদি দিয়াত গোপনে ব্যস্ত হৈ পৰিল৷ কাৰণ–
ক) অসমখনক মুছলমানপ্ৰধান ৰাষ্ট্ৰত পৰিণত কৰিবলৈ ইছলামিক ষড়যন্ত্ৰ ১৯৪৭ চনৰ আগৰে পৰা (১৯৩০ চন মানৰ পৰা) চলি আছিল৷ সেই ষড়যন্ত্ৰ কংগ্ৰেছ চৰকাৰৰ পৃষ্ঠপোষকতাত অবাৰিতভাৱে চলি আছিল৷ এতিয়া তাত বাধা আহি পৰাৰ আশংকা হ’ল৷
খ) যাতায়াত-যোগাযোগৰ আন্তঃগাঁথনিৰ অভাৱ, চৰকাৰৰ অমনোযোগিতা আদি কথাৰ কাৰণে অসমৰ বহুত ঠাইত প্ৰশাসন বোলা কথাষাৰৰ কোনো বাস্তৱিক অস্তিত্বই নাছিল৷ তাৰ সুযোগ লৈ সকলো ভিতৰুৱা ঠাইত অবৈধ বাংলাদেশী সোমাই পৰিছিল৷ এতিয়া সেইবোৰ কথা ফাদিল হোৱাৰ উপক্ৰম হ’ল৷
গ) কংগ্ৰেছ চৰকাৰবিলাক (চাহ বনুৱাৰ উপৰি) মূলতঃ বাংলাদেশী মুছলমানৰ ভোট বেংকৰ দ্বাৰাই সদায় নিৰ্বাচিত হৈ আছিল৷ কংগ্ৰেছ চৰকাৰবিলাকেই সিবিলাকক অসমৰ মুকলি চৰকাৰী মাটিবিলাকত, VGR (Village Grazing Reserve) বিলাকত, নৈপৰীয়া উদ্বৃত্ত মাটিবিলাকত, জনজাতীয় আৱেষ্টনীবিলাকত, বনাঞ্চলবিলাকত চৰকাৰী প্ৰশাসনযন্ত্ৰ ব্যৱহাৰ কৰি বহুৱাইছিল; সিবিলাকক ৰেচন কাৰ্ড-ভোটাৰ পৰিচয়পত্ৰ দিছিল আৰু পুলিচ-প্ৰশাসনৰ নিৰাপত্তা দিছিল৷ কোনোবাই কিবা ক’লেই ‘সংখ্যালঘুৰ ওপৰত অত্যাচাৰ’ জাতীয় কথাৰ ওপৰত ভেজা দি সেই কথা তল পেলোৱা হৈছিল৷ এতিয়া সেইবোৰ ওলাই পৰাৰ আশংকা হ’ল৷
ঘ) অসমৰ দুজন মুখ্যমন্ত্ৰীয়ে অসমত বাংলাদেশী বহুওৱাত সবাতোকৈ বেছি ডাঙৰ ভূমিকা লৈছিল৷ ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধ আৰু ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত (বাংলাদেশৰ জন্মৰ সময়ত) লাখে লাখে মানুহ পূব পাকিস্তান/ বাংলাদেশৰ পৰা অসমলৈ শৰণাৰ্থী হিচাপে আহিছিল৷ অসমৰ সেই কংগ্ৰেছী নেতৃত্বই কেন্দ্ৰীয় কংগ্ৰেছী নেতাৰ নিৰ্দেশত কেৱল কংগ্ৰেছৰ ৰাজনৈতিক দুৰ্গ চিৰস্থায়ী কৰিবৰ কাৰণে লাখে লাখে মানুহক অসমত মাটি দখল কৰিবলৈ ব্যৱস্থা কৰি দিছিল৷ মুছলমান মৌলবাদী আৰু মৌলবীৰ নিৰ্দেশত এই মানুহবিলাকে কংগ্ৰেছক ভোট দিছিল৷ আনহাতে বঙালী হিন্দুবিলাকে সুবিধা বুজি ক’ৰবাত কংগ্ৰেছক আৰু ক’ৰবাত CPM-ক ভোট দিছিল৷
কংগ্ৰেছ-মৌলবাদী মুছলমান আৰু সম্প্ৰসাৰণবাদী বাংলাদেশী/ বঙালী হিন্দুৰ এই বজ্জাতিৰ কথা সাধাৰণ অসমীয়া মানুহে বিশেষকৈ উজনি অসমৰ মানুহে মুঠেও গম পোৱা নাছিল৷ কাৰণ অসমীয়া মানুহ ৰাজনৈতিকভাৱে কেতিয়াও সচেতন নাছিল; অসমীয়া মানুহৰ ‘ভ্ৰমণ চৰ্চা’ও সদায়েই নিচেই কম আছিল কাৰণে ক’ত কি হৈ আছে একো ক’ব নোৱাৰিছিল; নিজৰ নাকৰ আগটোৰ বাহিৰে অসমীয়া মানুহে দূৰলৈ একো চাব নোৱাৰেও; নাজানেও৷ অসমীয়া মানুহৰ ৰাজনৈতিক তথা অৰ্থনৈতিক হাবিয়াস তথা আকাঙ্ক্ষাও বৰ কম; Tribalism অসমীয়া জাতিৰ এটা চৰিত্ৰগত বৈশিষ্ট্য-- অৰ্থাৎ অসমীয়া মানুহ অলপত সন্তুষ্ট হয়; আনৰ প্ৰতি সাধাৰণতে সহনশীল, উচ্চবৰ্ণৰ হিন্দু মানুহক সহ্য কৰিব নোৱাৰিলেও মুছলমানক সহ্য কৰিব পাৰে; সংঘবদ্ধ মানুহৰ পৰা আঁতৰি পলায়৷ আনহাতেদি অসমীয়া বুদ্ধিজীৱী-সংবাদ মাধ্যমৰ লেখক-কবি সকলো নিতান্তই অথৰ্বৰ শাৰীতেই পৰে৷ তেওঁলোকে প্ৰেম-গানৰ কথা লিখোঁতেই গ’ল৷ তেওঁলোকে কোনোদিনে কথাটোৰ ভয়াৱহতা সম্পৰ্কে একো লেখা লিখা নাছিল৷ অম্বিকাগিৰিয়ে লিখিছিল যদিও তেওঁৰ লেখাত বস্তুনিষ্ঠ আলোচনা নাছিল৷
গতিকে অসমৰ ছাত্ৰ সমাজে যেতিয়া কথাটোক গুৰুত্ব দি এটা বিষয় হিচাপে ল’লে, তেতিয়াহে আমাৰ মানুহৰ গা লৰিল৷ কিন্তু ইতিমধ্যে গোৱালপাৰাৰ পৰা নগাঁৱলৈকে, কাছাৰৰ পৰা লামডিঙলৈকে, শোণিতপুৰ-বিশ্বনাথলৈকে, কাজিৰঙা-নামবৰলৈকে লাখ লাখ বিঘা মাটি বাংলাদেশীৰ হাতলৈ গুচি গ’ল৷ ৪০টা বিধান সভা সমষ্টিও সিবিলাকৰ কুক্ষিগত হ’ল৷
কথাবিলাক ওলাই পৰাত অসমীয়া মানুহ জাঙুৰ খাই উঠিল আৰু বিক্ষোভটোৱে আন্দোলনৰ ৰূপ ল’লে৷ লগতে কাগজে-পত্ৰে বহুত লিখা-মেলাও হ’ল৷ বহুত ৰহণ সনা কথাৰ লগতে প্ৰকৃত কথাও মানুহে গম পালে৷
কিন্তু ছাত্ৰৰ নেতৃত্ব কেতিয়াও পৰিপক্ক (matured) হ’ব নোৱাৰে৷ স্বাভাৱিকতে আন্দোলনটোৱে যদিও আৱেগৰ স্পৰ্শ পালে সি কিন্তু স্নায়ু-তেজ-হাড়-মাটি-বাস্তৱতাৰ পৰশ নাপালে৷
এই ঘটনা অসমত সদায়েই ঘটি আহিছে৷ ১৯১৭ চনত সদৌ অসম ছাত্ৰ সন্মিলনৰ সৃষ্টি হৈছিল অসমীয়া ‘আখৰকেইটা’ অসমত চলাবলৈ-- দুটামান বাক্য ৰচনা কৰিবলৈ-- কিতাপ-আলোচনীৰ ৰূপ দিবলৈ-- পঢ়া-শুনা নকৰা মানুহক শিক্ষিত কৰিবলৈ৷ ১৯৬০-ৰ ভাষা আন্দোলনো ছাত্ৰই কৰিছিল, ১৯৬৬-ৰ খাদ্য আন্দোলনো ছাত্ৰই কৰিছিল, ১৯৭২-ৰ মাধ্যম আন্দোলনো ছাত্ৰই কৰিছিল৷ অসমৰ কোনো হক কথাত বয়সস্থ-পৰিপক্ব মগজুৰ মানুহে কোনোদিনে মাত মতা নাই৷ ব্যক্তিগতভাৱে কোনোবাই কিবাকিবি কৰিলেও সংঘবদ্ধ ৰূপত কেতিয়াও একো কৰা নাই৷ কৰিবনো কেনেকৈ? অসমীয়া বুদ্ধিজীৱী সমাজ হ’ল মধ্যবিত্ত সমাজ৷ পলায়নবাদ আৰু অত্যধিক স্বাৰ্থপৰতা মধ্যবিত্তৰ চৰিত্ৰই৷ অসম আন্দোলনতো এইসকল মানুহ ছাত্ৰৰ পিছতহে আছিল৷ তেওঁলোকে কাকো নেতৃত্ব দিয়া নাছিল৷ আনকি ভূপেন হাজৰিকাৰ নিচিনা মানুহেও একো কৰা নাছিল৷ বিশ্ববিদ্যালয়ৰ অধ্যাপক-উপাচাৰ্যও ছাত্ৰৰ মতেহে চলিছিল৷ অসম আন্দোলন ইমান আৱেগসৰ্বস্ব আছিল যে আছুৰ সভাপতি-সম্পাদকদ্বয় প্ৰফুল্ল (মহন্ত)-ভৃগু (ফুকন)-ৰ নামত অসমীয়া মানুহে মাটিকে কামুৰিছিল৷ তেওঁলোক দুজনক এক প্ৰকাৰ পূজাই কৰিছিল৷ তেওঁলোকে যিহকে কয় তাকেই কৰিছিল৷ স্বাভাৱিকতেই তেওঁলোকৰ ভুল সিদ্ধান্তই সমগ্ৰ অসমীয়া সমাজকে ভুল পথে লৈ গৈছিল৷ কামত অহা কাম একোৱেই হোৱা নাছিল৷ কেৱল বাতৰি কাগজৰ বিবৃতি আৰু সভা-সমিতিত বিস্ফোৰক ভাষণ-- তাৰ বাহিৰে একো হোৱা নাছিল৷
আচলতে বিষয়টোত আন্দোলন কৰিবলগীয়া একো নাছিল৷ দেশৰ আইন-কানুন আছে৷ বিদেশী মানুহে অবৈধভাৱে আহি অসমত মাটি দখল কৰিবহি নোৱাৰে৷ নিয়মমতে সোমাবই নোৱাৰে৷ কিন্তু এই সাধাৰণ কথাটোক চৰকাৰখনে মানি নলৈ গোটেই কথাটোক এটা ভীষণ সমস্যাৰ ৰূপ দিলে৷ ইন্দিৰা গান্ধীয়েই সমস্যাটোৰ সমাধান কৰিব পাৰিলেহেঁতেন৷ তেওঁ বৰ শক্তিশালী প্ৰধান মন্ত্ৰী আছিল৷ কিন্তু তেওঁ এগৰাকী অতি নিম্নখাপৰ ৰাজনীতিবিদহে (Low Grade Politician) হৈ থাকিল, ৰাষ্ট্ৰনায়ক (Statesman) হ’ব নোৱাৰিলে৷ তেওঁৰ কাৰণেই কিছুমান অতি জধামূৰ্খ ছাত্ৰ ৰাজনৈতিক নেতা হ’লগৈ আৰু অসমখন ছাৰখাৰ কৰি পেলালে৷ কেনিও ক’তো Logical আৰু Sensible কথাৰ অস্তিত্ব নৰ’ল৷ সকলোতে কেৱল আৱেগহে চলিবলৈ ধৰিলে৷ অকালপক্ব, অপৈণত আৰু দুষ্ট ছাত্ৰৰ মাতব্বৰিতা সৰ্বত্ৰ চলিবলৈ ধৰিলৈ৷ দুষ্ট-ষড়যন্ত্ৰকাৰী মানুহ ছাত্ৰবিলাকৰ মাজত সোমাই পৰিল৷ বিশৃঙ্খলতা, বেমেজালি আৰু ব্যভিচাৰে প্ৰায় সমস্ত ছাত্ৰ তথা অসমৰ সমাজ গ্ৰাস কৰি পেলালে৷ পঢ়া-শুনাত ভাল, বিদ্যোৎসাহী, শান্ত, নিৰ্জু, জ্ঞানপিপাসু ছাত্ৰসকল অসমৰ পৰা পলায়ন কৰিবলৈ ধৰিলে আৰু এনেকৈ এটা দীঘল প্ৰক্ৰিয়াৰ আৰম্ভ হ’ল যিটো ধাৰা আজিও অব্যাহত আছে৷ জ্ঞান-বিদ্যা-অধ্যয়নৰ যিকণ কথা আছিল, সিও প্ৰায় একেবাৰে নাইকিয়া হৈ গ’ল৷
ছাত্ৰসকলেও একো ঠাউনি নোপোৱা হ’ল৷ তেওঁলোকে যিমান পাৰে কৰিলে৷ নতুনকৈ কৰিবলৈকো একো নাই; একো কৰিও লাভ নাই, চৰকাৰেও একো নকৰে, ছাত্ৰই নিজেও একো কৰিব নোৱাৰে-- এটা গেঠেলা মৰা অৱস্থা বিৰাজ কৰিবলৈ ধৰিলে৷ তেনেকৈয়ে দিনবোৰ গৈ আছিল৷
১৯৮৪ চনৰ ৩১ অক্টোবৰত ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত ৰাজীৱ গান্ধী প্ৰধান মন্ত্ৰী হ’ল৷ অসমৰ আন্দোলনকাৰীসকলৰ হাতত থকা প্ৰতিবাদৰ সকলো অস্ত্ৰ ইতিমধ্যে শেষ হৈ গৈছিল৷ এতিয়া কেৱল মুখ বচোৱাৰ কথাহে বাকী থাকিল আৰু সেয়ে ১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজৰাতি দিল্লীত আন্দোলনকাৰী আৰু ভাৰত চৰকাৰৰ মাজত এখন অতি অৰ্থহীন ‘অসম চুক্তি’ত স্বাক্ষৰ কৰি আন্দোলনটোৰ সমাপ্তি ঘটোৱা হ’ল৷
কিন্তু ইতিমধ্যে অসমৰ ইতিহাসত আন এটা বিপজ্জনক তথা চিন্তনীয় বিষয়ৰ অৱতাৰণা ঘটালে-- আন্দোলনকাৰী অসমীয়া ছাত্ৰৰ মাতব্বৰী ৰাজনীতিয়ে পৰৱৰ্তী কালত অসমীয়াৰ মাজত থকা ক্ষুদ্ৰ জাতিসত্তাৰ ৰাজনীতিয়ে মূৰ দাঙি উঠাত উদগনি দিলে৷
আচলতে দেশদ্ৰোহিতাৰ অপৰাধত, অসমক বিদেশীৰ হাতত বিক্ৰী কৰাৰ অপৰাধত, দেশৰ স্বাৰ্থতকৈ নিজৰ ৰাজনৈতিক দলৰ ভোটৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ অপৰাধত, দেশত অসুস্থ ৰাজনৈতিক পৰম্পৰা চলোৱাৰ অপৰাধত, দেশৰ সংবিধান সুৰক্ষাৰ স্বাৰ্থত মাত মতা মানুহক হত্যা কৰাৰ অপৰাধত, দেশৰ ভৱিষ্যতৰ নাগৰিক-ছাত্ৰ-ছাত্ৰীৰ শিক্ষাকাল নষ্ট কৰাৰ অপৰাধত কংগ্ৰেছ চৰকাৰ তথা কংগ্ৰেছ নেতৃবৰ্গ ভয়ংকৰ ধৰণে অপৰাধী৷ এই আন্দোলনে অসমৰ ছাত্ৰ ৰাজনীতিক ইয়াৰ সবাতোকৈ ক্ষয়ংকৰী ৰূপটো দিলে৷ বয়োজ্যেষ্ঠসকলক মান্যতা দিয়াৰ অসমৰ যি সামাজিক পৰম্পৰা আছিল সি খহি পৰিল৷ অৱশ্যে ই থাকিবলগীয়া কথাই নাছিল৷ কেৱল সাহিত্য-সংস্কৃতিয়ে জাতি ৰক্ষা নকৰে৷ অসমৰ বয়সস্থসকলে অসমৰ নৱপ্ৰজন্মৰ ভৱিষ্যত অৰ্থনৈতিক আৰু ৰাজনৈতিক নিৰাপত্তাৰ কাৰণে কেতিয়াও একো কৰা নাই৷ মাটি নাই, ৰাজনৈতিক নিৰাপত্তা নাই, সামাজিক নিৰাপত্তা নাই-- কেনেকৈ হ’ব! শংকৰ-মাধৱৰ কথা কৈ থাকিলে নহ’ব নহয়; যদি ৩৫০ লাখ জনসংখ্যাৰ ৭০-৮০ লাখ বাংলাদেশী মুছলমান হয়, ৬০-৭০ লাখ বাংলাদেশী হিন্দু হয়, তেনেহ’লে বাকী কথা পাতি কি লাভ!
আনহাতেদি পঢ়া-শুনা কৰা মানুহৰ, সমাজত যে ভূমিকা ইমান কম, তেওঁলোকৰ মাত যে কোনেও নুশুনে-- সেই কথাটোৱে উঠি অহা চামৰ মনত সাংঘাতিক ধৰণে নেতিবাচক প্ৰভাৱ পেলালে৷ পঢ়া-শুনাৰ প্ৰতি অসমৰ এক বৃহৎচাম ছাত্ৰ-ছাত্ৰীৰ মাজত সাংঘাতিক ধৰণৰ অনীহা আহি পৰিল৷ লগতে ছাত্ৰনেতাৰ দপ্দপনি, গাড়ী-ঘোঁৰা দৌৰোৱাৰ প্ৰকোপ, চান্দা তোলাৰ গতি, হিচাপহীন টকা-পইচাৰ আহৰণ আদি কথাবিলাকে অসমীয়া মানুহৰ শ্ৰমবিমুখিতাক মাৰাত্মক ৰূপ দিলে ৷ লগে লগে সেই সময়ৰ অসমৰ ভৱিষ্যত প্ৰজন্ম ধ্বংসৰ পথলৈ গুচি গ’ল৷ ফলত পৰৱৰ্তী সময়ত অসমৰ বৌদ্ধিক-প্ৰশাসনিক-কাৰিকৰী আদি প্ৰায় সকলো ক্ষেত্ৰতে অসমীয়া মানুহ দৃষ্টিকটুভাৱে আৰু ভয়লগাকৈ অদৃশ্য হৈ পৰিল৷
তথাপি সেই সময়ত সকলোৱে ভাবিছিল যে এই ছাত্ৰসকলেই, এই আন্দোলনকাৰীসকলেই বা এই আন্দোলনৰ ঔৰষত জন্ম হোৱা ৰাজনৈতিক দলেই অসমক তৰাব৷ কিন্তু নিৰ্বোধ আৰু দুৰ্মতিসম্পন্ন এই মানুহবিলাকে ৰাজনৈতিক দল গঠন কৰি ৰাজপাটত বহাৰ পাছদিনাই বিদেশী বিতাড়ণৰ কথাটোলৈ পিঠি দিলে৷ এই কথাটোৱেই পৰৱৰ্তী কালত প্ৰমাণ কৰি দিলে যে অসম আন্দোলনৰ নেতৃত্ব একেবাৰে অনুপযুক্ত মানুহৰ হাতত আছিল৷ ‘প্ৰকাশ্য’ উদ্দেশ্যটো নিৰ্ভেজাল আৰু সঠিক আছিল৷ কিন্তু নেতৃত্বৰ মানুহবিলাক অতি সোনকালেই অসৎ আৰু বদমাচ হৈ পৰিছিল৷ আৰু সেই বাবেই বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত তেওঁলোক প্ৰতাৰক বুলিয়েই ইতিহাসত বিৱেচিত হ’ল৷ একো কৰিব নোৱাৰিলেও তেওঁলোকে অসম গণ পৰিষদৰ চৰকাৰ গঠন হোৱাৰ দিনাৰ তাৰিখত (১৯৮৬ চনতে) অসমত থকা মানুহৰ এখন ৰেজিষ্টাৰকে তৈয়াৰ কৰি থ’ব পাৰিলেহেঁতেন, যিটো কাম আজি NRC-য়ে কৰিছে৷ তেতিয়া অন্ততঃ ১৯৮৬-ৰ পৰা ২০২০ চনৰ ভিতৰত অৰ্থাৎ ৩৪ বছৰে অসমলৈ অহা অবৈধ বিদেশী ২০২০-ত তৈয়াৰ কৰা NRC-ত সোমাব নোৱাৰিলেহেঁতেন৷ NRC-য়ে আচলতে প্ৰকাৰান্তৰে সকলো বিদেশীকে স্বদেশীয়েই কৰিলে৷ সান্ত্বনা এইটোৱেই যে পৰৱৰ্তী সময়ত অহা অবৈধ বিদেশী অন্ততঃ স্বদেশী হ’ব নোৱাৰিব৷
এই আন্দোলনটো আৰম্ভ হোৱাৰ কিছু দিনৰ ভিতৰতে অসমীয়া মানুহে বুজি উঠিছিল যে ‘অসমীয়া মাত’ দিল্লীয়ে নুশুনে৷ মাথোঁ ১৪ জন সাংসদ; দিল্লীত তেওঁলোকৰ কথাৰ একো গুৰুত্বই নাই৷ কেন্দ্ৰীয় চৰকাৰে অসমৰ চাহ-তেল আদিকহে গুৰুত্ব দিয়ে; অসমৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰগতিৰ প্ৰতি ভাৰতবৰ্ষ একেবাৰে আগ্ৰহী নহয়৷
আনহাতে এই কথাবিলাকো কিন্তু বৰ অতিৰঞ্জিতভাৱে অসমৰ জাতীয়তাবাদী সমাজে প্ৰচাৰ কৰিছিল যেন অসমীয়াই সাংঘাতিকভাৱে বৰ কষ্ট কৰি এইবিলাক উৎপাদন কৰিছে আৰু দিল্লীয়ে লুটি-পুতি নিছে৷ অসমৰ কমিউনিষ্টবিলাকো এই ক্ষেত্ৰত সাংঘাতিক জগৰীয়া৷ প্ৰকৃত কথাটো হ’ল অসমৰ ৯০% বৃহৎ চাহ বাগিচা অনাঅসমীয়াৰ হাতত আৰু ইয়াৰ প্ৰকৃত উৎপাদক তথা শ্ৰমিকসকল হ’ল মাটিহীন-স্বাস্থ্যহীন-অৰ্থহীন-শিক্ষাহীন চাহ বনুৱাবিলাক, যিবিলাক মানুহ অসমীয়া সমাজৰ লগত পাতলকৈহে সংযোজিত হৈ আছে৷ সিবিলাকৰ অৱস্থাৰ ভাললৈ পৰিৱৰ্তন কৰিবৰ কাৰণে কোনো অসমীয়াই কোনো উল্লেখযোগ্য কাম কেতিয়াও কৰা নাই৷ কেৱল অসমীয়াৰ সংখ্যা বঢ়াবলৈ প্ৰয়োজন হোৱাৰ সময়তহে সিবিলাকক বিচৰা হয়৷
খাৰুৱা তেলৰ কথাটো হ’ল ভাৰতবৰ্ষত দেশৰ প্ৰয়োজনৰ মাত্ৰ ১০% হে উৎপাদন হয় আৰু তাৰ ৩০% মান অসমে দিয়ে৷ এই ক্ষেত্ৰত মূলধন-প্ৰযুক্তি বিনিয়োগত অসমীয়া মানুহৰ একো অৰিহণা নাই৷
তাৰ মাজতে ছাত্ৰবিলাকে কেনেবাকৈ বুজিলে যে স্বাৱলম্বী নহ’লে কোনেও গুৰুত্ব নিদিয়ে৷ গতিকে বেচেৰা ল’ৰা-ছোৱালীকেইটাই নিজৰ মগজুৰে যি ঢুকি পালে তাকে কৰি গ’ল-- ৰাস্তাত কাৰোবাৰ জোতা পালিচ কৰি ১০০ টকা দাবী কৰিলে, বাছ ষ্টেণ্ডত কাৰোবাৰ ছুটকে’ছটো জোৰকৈ দাঙি লৈ গৈ ২০০ টকা দাবী কৰিলে৷ কি দুৰ্ভাগ্য অসমৰ! অসমীয়া মানুহৰ মগজুৰ কি নিদাৰুণ দীনতা! এটা বিশাল পটভূমিৰ কি কৰুণ স্খলন!
এইবিলাকৰ সমান্তৰালকৈ ইছলামীয় মৌলবাদীৰ দ্বাৰা প্ৰশিক্ষিত-লালিত পালিত সেই বিদ্ৰোহী মানুহৰ সংগঠনটোৱে সন্ত্ৰাসবাদ আৰম্ভ কৰি দিলে৷ অপহৰণ, ধনদাবী, হত্যা, লুণ্ঠন, নৃশংসতা, বোমা বিস্ফোৰণ, দলং আদি ৰাজহুৱা সম্পত্তি ধ্বংস অসমৰ নিত্য নৈমিত্তিক ঘটনা হৈ পৰিল৷ প্ৰশাসন ভাগি পৰিল৷ ৰাজ্যত সম্পূৰ্ণ অৰাজকতা বিৰাজ কৰিবলৈ ধৰিলে৷ ব্যৱসায়-বাণিজ্য-শিক্ষাত কুঠাৰাঘাত পৰিল৷ যোত্ৰ থকা প্ৰতিভাৱানসকলে অসম এৰি পলায়ন কৰিলে৷ অসমখন কিছুমান mediocre বা গাধা-বদমাচ-চোৰ-ডকাইতৰ ৰম্যভূমি হৈ পৰিল৷ সন্ত্ৰাসবাদী কাৰ্যকলাপে অসমৰ অবৈধ বিদেশীৰ কথাটো প্ৰায় নাইকিয়াই কৰি দিলে৷ তেওঁলোকৰ ‘mentor’-সকল সফল হ’ল৷
ইতিমধ্যে সমগ্ৰ অসমত বাংলাদেশীৰ মাটি দখল, কাম দখল অভিযান তলে তলে চলি থাকিল- নিৰ্বিঘ্নে-নিৰাপদে-নিশ্চিন্তে-সফলতাৰে৷
অসম আন্দোলনৰ মূল উদ্দেশ্য বিফল হ’ল৷ বহুতে ক’বলৈ আৰু ভাবিবলৈ ল’লে যে প্ৰব্ৰজন এটা চিৰন্তন সমস্যা-- শৰণাৰ্থী এটা মানৱীয় সমস্যা-- অসমত বহুত খালী মাটি আছে, গতিকে মানুহ আহিবই-- অসমীয়া মানুহে কাম নকৰে, গতিকে কাম কৰা মানুহ আহিবই৷ এনেকৈ কোৱাসকলে নিজে কিমান কাম- কি কাম কৰে বুজা নগ’ল৷
সকলো কথা মানি লোৱা হ’ল৷ এইটো কথাও বুজা গ’ল যে কালি কৰিমগঞ্জ সীমাইদি অসমত সোমোৱা ৪০ জনীয়া বাংলাদেশীৰ দলটোৱে কেনেকৈ নামবৰলৈ যোৱাৰ বাট চিনি পালে, কোনে বাছ ভাড়া কৰি দিলে, কোনে ৰাতিৰ ভিতৰতে ঘৰ সাজি দিলে, কোনে মছজিদ সাজি দিলে, কোনে ৰেচন কাৰ্ড দিলে, কোনে ভোটাৰ কাৰ্ড দিলে!
গতিকে এই ষড়যন্ত্ৰ-- মোগলৰ দিনৰ পৰা মুছলমানৰ অসম দখলৰ অভিযান আৰু ১৯৩০ চনৰ পৰা বঙালীৰ অসমৰ মাটি দখলৰ অভিযান সফল হ’ল৷ আৰু বিজতৰীয়া জনগাঁঠনিৰে অসম নিঃশেষ হোৱাটো নিশ্চিত হ’ল৷
কিন্তু তাৰ মানে এইটো নহয় যে অসমীয়া জাতি মৰি যাব৷ অসম আন্দোলনটোৱে কৰা আটাইতকৈ ডাঙৰ উপকাৰটো হ’ল আমি বুজাবিলাকে বুজি পালোঁ যে অসমীয়া এটা অতি ফোপোলা জাতি৷ আমাৰ মগজুৰ ক্ষমতা সীমিত৷ অৰ্থনৈতিক শক্তি নিজৰ বুলিবলৈ একো নাই৷ ফুটনি, ওফাইদাং আৰু অহংকাৰ হ’ল আমাৰ প্ৰধান চৰিত্ৰ৷ নিজৰ গাৰ জোৰ বুলিবলৈ অসমীয়াৰ একো নাই৷ পৰাজয় আমাৰ লগৰীয়া৷ আমাৰ সকলো আন্দোলন-প্ৰতিবাদ বিফল হৈছে-- ভাষা আন্দোলন, খাদ্য আন্দোলন, মাধ্যম আন্দোলন, অসম আন্দোলন- সকলো অথলে গৈছে, কিন্তু তথাপি আমাৰ লম্ফ-জম্ফৰ স্বভাৱ যোৱা নাই৷ নাজিৰাত মই ‘অসম সূৰ্য’, বজালীত মই ‘অসম চন্দ্ৰ’৷ আমাৰ দৃষ্টি ধূসৰ-চুটি৷ জয়মতী আছিল নে নাই আমি ঠিৰাংকৈ ক’ব নোৱাৰোঁ৷ লাচিতৰ সমাধি ক’ত আমি নিশ্চিত নহওঁ৷ বাংলাদেশীক মাটি দিয়া মহেন্দ্ৰ মোহন- শৰৎচন্দ্ৰ কেনেকৈ জননেতা হয় আমি নুবুজিলোঁ৷ অসমখন মিঞাক বেচা দেৱকান্ত কেনেকৈ কবিতা লিখি সাহিত্যিক হয় নুবুজিলোঁ৷
গতিকে আমি আমাৰ আচল ৰূপ বুজি পাইছোঁ এতিয়া৷ অসম সৃষ্টি কৰা আহোম ৰাজশাসনে বৰ্তমানৰ অসমৰ ভৌগলিক ৰূপ সৃষ্টি কৰা নাছিল৷ এইখন বৃটিছে কৰা অসমৰহে কাট-কুট কৰা ৰূপ৷ তথাপি আমি বৰ অসমৰ কথা কওঁ৷ মিছা অহংকাৰত মত্ত অসমীয়া মানুহক অসম আন্দোলনে নাঙঠ কৰি দিলে৷ এইটো বৰ দৰকাৰী আছিল৷ কোনোবাই আমাক আমি আচলতে কিমানৰ মানুহ বুজাই দিয়াৰ দৰকাৰ আছিল৷ দুটামান কথাকে লৈ অনবৰতে গৌৰৱ কৰি থাকিলে যে সময়ৰ লগত আগবাঢ়ি যাব নোৱাৰি আমাক কোনোবাই কোৱাটো দৰকাৰী আছিল৷ সেয়ে অসম আন্দোলনৰ বিফলতাই আমাৰ প্ৰাপ্তি৷
অসমৰ ছাত্ৰ সমাজ বহুল পৰিমাণে স্খলিত হ’লেও, এটা কথা ক’বই লাগিব যে অসমৰ প্ৰতিটো হক কথাত সদায় ছাত্ৰ সমাজেইহে মাত মাতি আহিছে৷ পঢ়াশুনা কৰা, বয়স্কসকলে নিজে সদায় অসমৰ প্ৰতিটো সমস্যাৰ পৰা নিৰাপদ দূৰত্বতেই অৱস্থান কৰি আহিছে৷ প্ৰায় সকলোৱেই স্বাৰ্থপৰ, দুৰ্নীতিগ্ৰস্ত, লুভীয়া, চৰিত্ৰহীন (Principleless) আৰু চূড়ান্তভাৱে অকৰ্মণ্য তথা Inefficient। তেওঁলোকে সৃষ্টি কৰা Vacuum of Positivity-ৰ কাৰণেই ছাত্ৰবিলাক সকলো কথাতেই সোচ্চাৰ হৈ উঠিবলৈ সুবিধা পাইছে৷ লগে লগে ছাত্ৰবিলাকো দুৰ্নীতিগ্ৰস্ত, লোভী, অনায়াসে ধনী আৰু ৰাজনীতি কৰা মানুহ হৈ পৰিছে৷ ছাত্ৰবিলাকৰ মাজত এটা ফেচিষ্ট মনোভাৱো গঢ় লৈ উঠিছে৷ ইতিহাস-সমাজ-নৃতত্ত্ব-অৰ্থনীতিৰ জ্ঞান-শিক্ষা বিৱৰ্জিত এই ল’ৰাবিলাকৰ হাততেই অসমৰ ভৱিষ্যৎ দুৰ্ভাগ্যজনকভাৱে সমৰ্পিত হৈছে৷ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি, ওচৰৰ ব্যৱসায়ী-উদ্যোগীৰ পৰা দিন-সপ্তাহ-মাহৰ খৰচেই বহুত অসমীয়া যুৱক-যুৱতীৰ মনৰ দিগন্ত হৈ পৰিছে৷ অসমত ছাত্ৰ ৰাজনীতি ইমানেই পংকিল হৈ পৰিছে যে ৫০-৬০ বছৰীয়া মানুহো ছাত্ৰৰ চোলা পিন্ধি নিৰ্বিবাদে-স্বচ্ছন্দে সমাজত ঘূৰি ফুৰিছে আৰু মান্যতাও পাইছে৷ এফালে ছাত্ৰৰ অসহ্যকৰ টিঘিলঘিলনি আৰু আনহাতে সিবিলাকে কথা নক’লে কোনেও অসমৰ হকৰ কথা নকয়-- এই দুই বৈপৰিত্যৰ মাজত অসম, ধ্বংসৰ অতল তলিলৈ বিনাবাধাই (free fall) গতি কৰি আছে৷
কিন্তু তাৰ মাজতে আমি বুজিবও লাগিব যে অসম যে এক বিপজ্জনক ভৱিষ্যতৰ ফালে গৈ আছে৷ ১৯৭১ চনত ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ইনলেণ্ড কাৰ্ড/ লেফাফা আদিত ৰিফিউজী ষ্টাম্প লগাবৰ সময়ত আমি একোৱেই বুজা নাছিলোঁ অসমত কি ঘটি আছে৷ অসম আন্দোলনৰ পাছত সেইটো অন্ততঃ আমি বুজিব পৰা হৈছোঁ৷ অসম আন্দোলনৰ আগতে আমি জনাই নাছিলোঁ আমাৰ কি হ’বলৈ গৈ আছে৷ অসম আন্দোলনৰ এইটোৱেই ডাঙৰ সফলতা৷ কথাটো গম পোৱাৰ পাছত এতিয়া অন্ততঃ ব্ৰেক মাৰিব পৰা হৈছে৷
অসম আন্দোলনত হোৱা মৃত্যু-ক্ষয়-ক্ষতিয়ে অসমক এনেকৈ জোকাৰি গৈছিল যে অসমৰ অৰ্থনৈতিক দুৰৱস্থাৰ ছবিখনো অতি স্পষ্টকৈ প্ৰকট হৈ পৰিল৷ এই কথাটোৱে আন এটা ধাৰণাৰ জন্ম দিলে যে অৰ্থনৈতিক অনগ্ৰসৰতাৰ কাৰণেই এই আন্দোলনৰ জন্ম হৈছে৷ কেন্দ্ৰীয় চৰকাৰে সেয়ে অসম চুক্তিত, নুমলীগড় শোধনাগাৰ স্থাপন, অশোক কাগজ কলৰ পুনৰ্জীৱন, IIT প্ৰতিষ্ঠা আদি কিছুমান কথা সন্নিৱিষ্ট কৰিবলৈ সুবিধা পালে৷ কথাটো বহু পৰিমাণে হয় যদিও অসমৰ মূল সমস্যাটোৰ লগত এইবোৰৰ কোনো সম্পৰ্ক নাছিল৷ ১৯৫১ চনৰ ১০% বঙালী মুছলমানৰ জনসংখ্যা ২০১১ চনত ২৫% হোৱা কথাটোৱে, (২০২২ চনত ই নিশ্চিতভাৱে ৩০%-৩৫% হৈছেগৈ) অসমৰ সমাজ তথা ৰাজনীতি যে বিপজ্জনকভাৱে সলনি হৈ গ’ল তাক প্ৰমাণ কৰি আছে৷ সিবিলাকৰ মাজৰ বহুবিবাহ প্ৰথা, দ্ৰুত জনসংখ্যা বৃদ্ধি (১২ বছৰ বয়সৰ পৰাই সিবিলাকৰ ছোৱালীয়ে সন্তান জন্ম দিয়ে), সাংঘাতিক ধৰণৰ আগ্ৰাসী মাটি দখল, সপ্তম-অষ্টম শতিকাৰ ধৰ্মীয় গোড়ামি আৰু ধৰ্মীয় শিক্ষাৰ প্ৰতি আসক্তি, সাংঘাতিক ধৰণৰ অপৰাধপ্ৰৱণতা আদি কথাবিলাকে অসমৰ সমাজ একেবাৰে সলনি কৰি দিলে৷ আনহাতে সিবিলাকৰ ঈৰ্ষণীয় কষ্টসহিষ্ণুতা, মাটিৰ প্ৰতি মৰম, শস্য আৰু কামৰ উৎপাদন-উৎপাদকতাৰ প্ৰতি দায়ৱদ্ধতা, সংঘবদ্ধ হৈ থকাৰ প্ৰৱণতা আদি কথাবোৰে অতি সোনকালেই অসমৰ কৃষি, মৎস্য উৎপাদন, নিৰ্মাণ শ্ৰমিক আৰু অৰ্থনীতিত এনে প্ৰভাৱ পেলালে যে অসমীয়া শ্ৰমিক কাৰ্যতঃ বাষ্প হৈ উৰি গ’ল৷
চৰকাৰে বাংলাদেশী খেদাব আৰু আমি এখন ৰামৰাজ্য পাম-- এনে অলীক সপোনৰ মাজেৰে অসম আন্দোলন আৰম্ভ আৰু সমাপ্ত হ’ল৷ জাতি গঠনৰ কোনো প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ অসমৰ যুৱসমাজক আগ বঢ়াই নিবলৈ কোনো প্ৰচেষ্টা হাতত লোৱা নহ’ল৷ ল’ব কেনেকৈ? কোনে ল’ব? সশস্ত্ৰ বিদ্ৰোহীয়ে অবৈধ বিদেশীৰ কথা তল পেলাই অৱতাৰণা কৰিলে এক কাল্পনিক ভাৰত-অসমৰ ৰাজনৈতিক সংঘাতৰ কথা৷ ৮৫৫ জন অসম আন্দোলনৰ শ্বহীদৰ লগত প্ৰায় ১২,০০০ পাহোৱাল, ‘কিবা কৰোঁ কৰোঁ কৰি থকা’ অসমীয়া যুৱক নিশ্চিহ্ন হৈ গ’ল-- আত্মঘাতী এক প্ৰহেলিকাত৷ বহুতে ভবাৰ দৰে অসম আন্দোলনৰ বিফলতাৰ কাৰণ এই সশস্ত্ৰ সংগঠনৰ জন্ম হোৱা নাছিল৷ বৰং অসম আন্দোলন আৰু এই সশস্ত্ৰ সংগঠনটোৰ জন্ম একে চনতেই হৈছিল-- ১৯৭৯ চনত৷
হিচাপহীন টকা-পইচাৰ সংগ্ৰহ-চলাচলে, য’তে-ত’তে বিপ্লৱৰ নামত আশ্ৰয় পোৱা যুৱকৰ স্থানীয় গাভৰুৰ লগত হোৱা যৌন অভিসাৰে, মগজুৰ শক্তি এৰি বন্দুকৰ শক্তিৰে শক্তিমান হোৱা উদ্ধত যৌৱনে, অসম ধ্বংসৰ সকলো কাম নিয়াৰিকৈ সম্পন্ন কৰিলে৷
অসম
আন্দোলনত অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীয়ে সৰ্বান্তঃকৰণে আৰু স্বতঃস্ফূৰ্তঃভাৱে অংশগ্ৰহণ
কৰিছিল৷ কিন্তু ইতিহাসৰ জ্ঞান নথকা মধ্যবিত্তৰ দুৰ্বল
মানসিকতাৰে ভাৰাক্ৰান্ত, দুৰ্বল মগজুৰ ক্ষমতাৰে
সীমিত, তাৎক্ষণিক পদবীৰ জোৰত মদালস ছাত্ৰবিলাকে, জনজাতীয়সকলক এক প্ৰকাৰ উপেক্ষাই কৰিলে৷ সেয়ে সিবিলাক বিতুষ্ট-ক্ষুব্ধ হ’ল৷ তাৰ ঠিক পাছতে
সশস্ত্ৰ বিচ্ছিন্নতাবাদী সংগঠন এটাই বন্দুক-বোমাৰ
জোৰেৰে যেতিয়া অসমীয়াৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰিবলৈ গ’ল, তেতিয়া অসমীয়াৰ প্ৰতি বহুত জনজাতীয়ৰ খং ঘৃণালৈ পৰ্যবসিত
হ’ল আৰু সিবিলাকে অসমীয়া মাতব্বৰিতাৰ পৰা মুক্তি বিচাৰিবলৈ
ল’লে৷ বড়ো, ডিমাচা, কাৰ্বি, ৰাভাসকল এই ধাৰণাৰ
বাহক হৈ পৰিল৷ তাতে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে RAW-ৰ নিচিনা
চোৰাংচোৱা সংস্থাৰ হতুৱাই বড়ো উগ্ৰপন্থীক বোমা-আগ্নেয়াস্ত্ৰৰ
প্ৰশিক্ষণ দি অসমীয়াৰ বিৰুদ্ধে যুঁজিবলৈ উচটনিও দিলে৷ দেশৰ শাসকে দেশৰেই এচাম প্ৰজাক
আন এচামৰ বিৰুদ্ধে প্ৰৰোচিত কৰাৰ এনে উদাহৰণ পৃথিৱীত বৰ কমেইহে পোৱা যাব৷ হিতেশ্বৰ
শইকীয়ায়ো ছাত্ৰৰ মাজত বিভাজন ঘটাই বেলেগ এটা ছাত্ৰ সংগঠনৰ জন্ম দিছিল৷
আনহাতেদি অবৈধ অনুপ্ৰৱেশকাৰীবিলাক দৃশ্যমান মুছলমান হোৱাৰ কথাটোৱে আন এটা বিপদ আনি দিলে৷ মুছলমানৰ বিৰুদ্ধে কিবা এটা আইনগত কাম কৰিলেও পৃথিৱীৰ মুছলমান দেশবিলাকে জাঙুৰ খাই উঠে-- আৰব বিশ্বই তেল সৰবৰাহ বন্ধ কৰি দিয়াৰ হুমকি দিয়ে, ৰাষ্ট্ৰসংঘত মানৱাধিকাৰৰ প্ৰসংগ ওলায়৷
মুঠতে অসমীয়াবিলাকৰ এটা উপায় নোহোৱা অৱস্থা হ’ল৷ অতবোৰ শক্তিশালী শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ অসমৰনো কি আছিল? ইন্দিৰা গান্ধীয়ে এবাৰ শ্বিলঙত তেতিয়াৰ গৃহমন্ত্ৰী গিয়ানী জেইল সিঙৰ যোগেদি ১৯৬৬ চনটো ভিত্তি হিচাপে লৈ বিদেশী চিনাক্ত কৰাৰ কথা কৈছিল৷ কিন্তু অসমৰ আন্দোলনকাৰীসকলে কথাটো নামানিলে৷ নমনাৰ কাৰণো আছিল অৱশ্যে৷ ইমানবোৰ চৰ্ত আৰোপ কৰা হৈছিল যে একো মানিবই নোৱাৰি৷
পৰৱৰ্তী পৰ্যায়ত সেই একেই আন্দোলনকাৰী নেতৃত্বই কিন্তু ১৯৭১ চনটোকে বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ’ব বুলি মানি লৈছিল-- কেৱল নাক ৰক্ষাৰ খাটিৰত৷ কাৰণ তেতিয়ালৈ আন্দোলনটোৰ আৰু একো শক্তি নাছিলগৈ৷ লাহে লাহে আন্দোলনকাৰী নেতৃবৰ্গ কংগ্ৰেছ-মুছলমানৰ ষড়যন্ত্ৰত সোমাই পৰিছিল যিটো কাৰণত ১৯৮৩ চনত IMDT Act প্ৰস্তুত কৰা দগাবাজ মৌলবাদী-বাংলাদেশীৰ স্বাৰ্থৰক্ষক আব্দুল মুহিব মজুমদাৰক প্ৰফুল্ল মহন্ত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছিল৷
আনহাতে ভৃগু ফুকন আছিল ভয়ংকৰ ধৰণে egotist৷ তেওঁৰ কামবিলাকৰ পৰা এনে যেন লাগিছিল যেন আল্ফাক নিজৰ লগত ৰাখি কূটাঘাত কৰাইছিল প্ৰফুল্ল মহন্তৰ বদনাম কৰিবলৈ৷ কিন্তু তেওঁ বুজাই নাছিল যে গৃহমন্ত্ৰী হিচাপে বিচ্ছিন্নতাবাদী সংগঠন এটাক মুকলিকৈ কাম কৰিবলৈ দিয়াটোৱে তেওঁৰ বিফলতাকহে প্ৰমাণ কৰিছিল৷ পৰৱৰ্তী সময়ত ৰাজ্যৰ গৃহমন্ত্ৰী হিচাপে ভৃগু ফুকন অকাৰ্যকৰী হৈ পৰাৰ পৰা বুজা যায় যে তেওঁ কেন্দ্ৰীয় চোৰাংচোৱাৰ নজৰবন্দী হৈ পৰিছিল৷ সেয়ে প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত গুপ্তহত্যাৰ বাট মুকলি হৈ পৰিছিল৷ এইবোৰ কথাৰ পৰা বুজা যায় যে অসম আন্দোলন কেনে ধৰণৰ অযোগ্য আৰু নিকৃষ্ট মানুহ কিছুমানে পৰিচালনা কৰিছিল!
শংকৰদেৱ-মাধৱদেৱ-লক্ষ্মীনাথ-ৰাধাগোবিন্দ বৰুৱা-ৰাজমোহন নাথ-সীতানাথ ব্ৰহ্মচৌধুৰী-ৰাজেন ৰাভা -ৰংবং তেৰাং-তৰুণ পামেগাম–মফিজুদ্দিন-মালিক-জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদ-ফণী শৰ্মা-হৰ্ষ সেন–হেমাংগ বিশ্বাস –ভূপেন হাজৰিকা–পদ্মনাথ আদি অসংখ্য সুধীজনৰ অসমখন তচনচ হৈ পৰিল৷
এতিয়া এখন নতুন অসমৰ সৃষ্টি হ’ব৷ একবিংশ শতিকাৰ৷ Internet-ৰ যুগৰ৷ পুৰণা অসমীয়া আৰু জালিয়াতিৰে NRC-ত নাম সুমুৱাই ভাৰতীয় হৈ পৰা অবৈধ অনুপ্ৰৱেশকাৰীয়ে এতিয়া এখন নতুন অসম সৃষ্টি কৰিব আৰু খিলঞ্জীয়া অসমীয়াবিলাক তাত এটা Dominant Minority Entity হৈ থাকি যাব৷