সঞ্জীৱ সভাপণ্ডিত
নিমাতী
ঘাটত দুখন ফেৰীৰ মাজত খুন্দা লাগিল৷ এখন কাতি হৈ পানীত সোমাই গ’ল৷ প্ৰথমতে বহুত মানুহৰ মৃত্যু হৈছে
বুলি আশংকা কৰা হৈছিল যদিও মূৰকত দেখা গ’ল যে মাত্ৰ ৩ জন
মানুহৰহে মৃত্যু হ’ল৷
কিন্তু ঘটনাটোৱে ইমান উত্তপ্ত আৰু ব্যাপক ৰূপ ধাৰণ কৰিলে যে মৃতকৰ
সংখ্যাটো একেবাৰে গৌণ হৈ পৰিল৷ তাতকৈ বহুত বেছি মানুহৰ মৃত্যু হয় একো একোটা পথ
দুৰ্ঘটনাতে৷ কিন্তু আমাৰ ইয়াত নৌ দুৰ্ঘটনা বৰ বেছিকৈ নহয় কাৰণেই বা ঘটনাটো মাজুলীৰ
লগত সম্পৰ্কিত বুলিয়েই বা মাজুলীক সংযোগ কৰা দলং এখন হওঁ হওঁকৈ নোহোৱাৰ কাৰণেই বা
বহুত মানুহৰ মৃত্যু হ’ব পৰা ডাঙৰ দুৰ্ঘটনা এটাৰ পৰা ৰক্ষা
পৰাৰ কাৰণেই বা ৫ বছৰে ‘মুখ্যমন্ত্ৰী হৈ থাকিও মাজুলীৰ বাবে
নৌ-পৰিৱহন তথা যাতায়াতৰ উন্নত ব্যৱস্থাৰ বাবে’ একো নকৰাৰ
ব্যৰ্থতাৰ বাবে জগৰীয়া ৰাজনীতিকৰ ফোঁপোলামি উদঙোৱাৰ সম্ভাৱনাৰ ৰাজনীতিৰ কাৰণেই হওক,
কথাটোৱে অসমৰ সংবাদ মাধ্যমৰ এক বৃহৎ স্থান-সময় অধিকাৰ কৰি ল’লে৷ দিনে-ৰাতিয়ে খুব আলোচনা-বিলোচনা-চৰ্চা চলিল৷
এতিয়া তদন্ত হ’ব৷ কোনোবা দোষী ওলাব বা নোলাব৷
কাৰোবাৰ গাত দোষ পৰিব বা নপৰিব৷ হয়তো কিবা কিবি সলনি হ’ব বা
নহ’ব৷
মই যিটো বুজিলোঁ সেইটো হ’ল যে এইটো এটা স্বাভাৱিক
ঘটনা আছিল৷ ফেৰীখন এজন অনভিজ্ঞ মানুহে চলাইছিল৷ ব্ৰহ্মপুত্ৰৰ নিচিনা নৈৰ লগত যে
ধেমালি কৰাৰ কথা নাহে, সেইটো কথা কাৰোবাক যে বুজাব লাগে
সেইটোহে অস্বাভাৱিক কথা৷ সেয়ে সেই ভীষণৰূপী নৈখনত ওপৰে-তলে মানুহ-মটৰ বাইক জাপি দি
অপ্ৰশিক্ষিত-অপৰিপক্ক মানুহে চলাবলৈ গ’লে যে কিবা অঘটন নঘটিব
সেইটো কেনেকৈ হ’ব পাৰে! যেতিয়াই তেতিয়াই যি কোনো কাৰণতে কিবা
এটা অঘটন ঘটিবই পাৰে৷ সেইটোৱেই স্বাভাৱিক কথা৷ পানীৰ সোঁততো কিবা এটা হ’ব পাৰিলেহেঁতেন৷ এই ক্ষেত্ৰত যেনিবা অন্য এখন ফেৰীৰ লগত খুন্দা এটা খালে৷
অৱশ্যে এটা ভাগ্য ভাল আছিল যে ঘটনাটো নৈৰ পাৰৰ ওচৰতে ঘটিল৷
মই মোৰ ব্যক্তিগত, সমজুৱা আৰু পেছাগত (Professional)
জীৱনত এনেকুৱা অনেক ঘটনা দেখিছোঁ বা সমুখীন হৈছোঁ৷ কেৱল ময়ে নহয়,
সকলোৱে এনে ঘটনা পাইছে৷ পাৰ্থক্য কেৱল এইটোতেই যে কোনে কেনেকৈ
কথাবিলাক লৈছে বা বুজিছে৷
আমি সকলোৱে একোখন একোখন ঘৰত বাস কৰোঁ৷ ঘৰখনৰ স্বাৰ্থ ৰক্ষা কৰাটো ঘৰখনৰ
প্ৰতিজন সদস্যৰ এটা প্ৰাথমিক দায়িত্ব৷ যেনে ঘৰৰ টিং ফুটিলে, বৰষুণৰ
পানী পৰিলে সেইটো ঠিক কৰাটো; ঘৰৰ দুৱাৰ-খিৰিকী-জপনা বন্ধ কৰি
ৰখাটো; প্ৰতিজন সদস্যৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখি খোৱা-বোৱাৰ
বাবে বজাৰ-সমাৰ বা ৰন্ধা-মেলা কৰাটো; ঘৰখন তথা প্ৰতিজন সদস্য
যাতে আৰ্থিক নিৰাপত্তাত নিশ্চিত হৈ থাকিব পাৰে তাৰ বাবে ল’ৰা-ছোৱালীক
সৰুৰে পৰা পঢ়া-শুনা কৰাই বা উপাৰ্জন কৰিবৰ বাবে বা কিবাকিবি কামৰ বাবে যোগ্য কৰি
তোলাটো; ওচৰ-পাঁজৰৰ সমাজৰ লগতে বংশ-পৰিয়ালৰ লগত সুসম্পৰ্ক
ৰক্ষা কৰি চলা আদি এনে প্ৰাথমিক দায়িত্বৰ ভিতৰত পৰে৷
এই প্ৰস্তুতিৰ লগতে সকলোৰে অলক্ষিতে-নীৰৱে কিন্তু অৱধাৰিতভাৱে চলি থকা
ঘটনাটো হৈছে ঘৰখনৰ পৰিচালনাৰ কথাটো৷ এই কাম কেৱল দেউতাকজনেই বা মাকগৰাকীয়েই নকৰে৷
ঘৰৰ ল’ৰা-ছোৱালীয়েও কৰে৷ এই কথাবিলাক আমি সাধাৰণতে নাপাতোঁ;
কিন্তু অন্তঃসলিলা ফল্গুৰ দৰে ঘৰখন আচলতে সকলোৱে পৰিচালনা কৰে৷ অলপ
থমকি ৰৈ দ-কৈ ভাবি চালে কথাবিলাক পৰিষ্কাৰ হৈ পৰিব৷ আজি এইটো বিষয়ৰ গভীৰলৈ যাবৰ
বাবে মই এই প্ৰসংগৰ অৱতাৰণা কৰা নাই৷ এই পাতনি এটা বেলেগ উপলক্ষ্যতহে৷
ঘৰখন নিজৰ মানুহে পৰিচালনা কৰিলে আমি নিশ্চিত হৈ থাকোঁ৷ কিন্তু ফেৰীখন
পৰিচালনা কৰা মানুহজনক লৈ আমি নিশ্চিন্ত নহ’লোঁ কিয়? এইটোৱেই মোৰ প্ৰশ্ন৷
মানুহজনে ফেৰীখন পৰিচালনা কৰিবলৈ আগবাঢ়ি যাওঁতে যাত্ৰীসকলক তেওঁৰ পৰিয়ালৰ
সদস্য বুলি কিয় নাভাবিলে? সেই মানুহজনক সেই কামলৈ আগ বঢ়াই
দিয়াসকলেও নাভাবিলে৷ কিয়?
ইয়াৰ উত্তৰটো হ’ল-শিক্ষা৷ আমাৰ শিক্ষাই আমাক ‘কাৰ্যতঃ’ আমাৰ ঘৰৰ চাৰিবেৰৰ বাহিৰৰ মানুহক নিজৰ
বৃহত্তৰ পৰিয়ালৰ সদস্য বুলি ভাবিবলৈ শিকোৱা নাই৷ এটা উদাহৰণ ল’ব পাৰি৷ আমাক গাড়ী বা বাইক চলাবৰ বাবে এখন ড্ৰাইভিং লাইচেঞ্চ লাগে৷ প্ৰথমে
এখন শিকাৰুৰ লাইচেঞ্চ (Learner’s Licence) দিয়ে আৰু তাৰ পাছত
আচলখন দিয়ে৷ কিন্তু আজিলৈকে (২৬/০৯/২০২১) আমাৰ ৰাজ্যত গাড়ী-বাইক চলাবলৈ শিকাৰ বাবে
কোনো Learner’s track আদিৰ ব্যৱস্থা নাই৷ আমি সৰুতে মুখেৰে
পিঁট পিঁট কৰি হৰ্ন বজাই বা ভ্ৰুম্ ভ্ৰুম্ ভ্ৰুম্ ভ্ৰুম্ কৰি ওঁঠেৰে শব্দ কৰি দৌৰি
দৌৰি গাড়ী চলোৱাৰ অভিনয়ৰ আমেজ লৈছিলোঁ৷ আজিও আমাৰ মানুহে কেৱল হৰ্ন বজোৱাটোক গাড়ী
চলোৱা বুলি ভাবি আছে৷ তাতে আকৌ আজিকালি অনলাইন Learner’s Licence দিয়াৰো ব্যৱস্থা কৰিছে৷ বৰ্ধিত গাড়ীৰ সংখ্যাই হয়তো এনেকুৱা কিবা এটা কৰিবৰ
দৰকাৰ আছে বুলি ভাব আনিব পাৰে, কিন্তু মানুহৰ জীৱন আৰু
নিৰাপত্তাৰ কথা যদি মনলৈ অনা যায় তেন্তে প্ৰকৃত (proper) প্ৰশিক্ষণ
আৰু শিক্ষা অবিহনে এনে চালক হ’বলৈ আগ বঢ়াই দিয়াটো একেবাৰেই
সমীচীন নহয়৷ আমাৰ অসমত নাৱিক প্ৰশিক্ষণৰো কোনো ব্যৱস্থা নাই, অথচ ডজনে ডজনে নৈত শই শই নাও, ফেৰী, জাহাজ চলিয়ে আছে৷ গতিকে পথ বা নৌ দুৰ্ঘটনা ইয়াত অৱশ্যম্ভাৱী পৰিণতি৷
একে কথা আমাৰ ৰাজ্য পৰিচালনাৰ ক্ষেত্ৰতো প্ৰযোজ্য৷ আমাৰ দেশ তথা
ৰাজ্যবিলাকৰ ৰাজনীতিকবিলাকক আমি দেখিছোঁ— সিবিলাকৰ চৰিত্ৰ কি,
যোগ্যতা কিমান, নৈতিক আদৰ্শ কেনেকুৱা, অপৰাধপ্ৰৱণতা কিমান, জনসমৰ্থন কিমান, শিক্ষাগত অৰ্হতা কি, দীক্ষাগত জ্ঞানৰ গভীৰতা কিমান
আৰু সবাতোকৈ দৰকাৰী কথা মানুহৰ প্ৰতি দায়ৱদ্ধতা কিমান? মানুহক
নিজৰ বুলি ভাবেনে নাভাবে? মই যদি ভাবোঁ বা মোৰ যদি অনুভৱ হয়
যে মোক শাসন কৰা মানুহজন মোৰ প্ৰতি সদয় আৰু দায়ৱদ্ধ নহয় তেনেহ'লে তেৱোঁ মোক শাসন কৰিব নোৱাৰে আৰু ময়ো শাসিত হ’ব
নোৱাৰিম৷
এইখিনিতে কথাটো হ’ল মই কাৰ কথা কৈছোঁ৷ শাসক মানে মই
কাক বুজাইছোঁ— শাসনত থকা ৰাজনৈতিক দলটোক নে প্ৰশাসনীয়
ব্যৱস্থাটোত থকা মানুহবিলাকক? ৰাজনৈতিক দলবোৰ আহি থাকে গৈ
থাকে; কিন্তু প্ৰশাসনীয় ব্যৱস্থাটো থাকি যায়৷ প্ৰশাসনীয়
ব্যৱস্থাটোৰ মুৰব্বীসকলেই আচলতে দেশৰ সংবিধান আৰু আইন-কানুনৰ গণ্ডীৰ ভিতৰত চৰকাৰী
কাম-কাজ পৰিচালিত হোৱাটো নিশ্চিত কৰে৷
আচলতে প্ৰশাসনীয় বিষয়াসকল শাসনত থকা ৰাজনৈতিক দলটোৰ লগত তাল-মিল ৰাখি
চলাটো দৰকাৰী; কিন্তু ৰাজনৈতিক দল আৰু প্ৰশাসনীয় যন্ত্ৰ
গাখীৰ-কল-ভাতৰ নিচিনাকৈ মিহলি হৈ যোৱাটো বাঞ্ছনীয় নহয়৷ ৰাজনীতি কৰা মানুহৰ নীচতা,
ক্ৰূৰতা, হিংস্ৰতা, স্বাৰ্থপৰতা,
বদমাচি, ভণ্ডামি প্ৰশাসনত সোমোৱা উচিত নহয়৷
এই কথাত বাধা দিব পৰাৰ ক্ষমতা একমাত্ৰ প্ৰশাসনীয় মুৰব্বীসকলৰহে থাকে৷
তেওঁলোকে এই কাম কৰিব পাৰে যদিহে তেওঁলোকে মানুহক নিজৰ পৰিয়ালৰ সদস্য বুলি ভাবিব
পাৰে৷ তেওঁলোকে এই কাৰণেই কৰিব পাৰে কাৰণ তেওঁলোক পঢ়া-শুনা-জ্ঞান-বুদ্ধিত চোকা৷
দেশৰ সমাজ, ইতিহাস, অৰ্থনীতি, নৃতত্ত্ব, ভূগোল আদি সকলো বিষয়ত তেওঁলোকৰ প্ৰশিক্ষণ
হয়৷ তেওঁলোকক আনকি স্থানীয় ভাষা-সংস্কৃতিও শিকোৱা হয়৷ সকলো ফালৰ পৰা তেওঁলোকক
যোগ্য কৰি আমাৰ দেশৰ প্ৰশাসনীয় ব্যৱস্থাটোৱে মানুহক শাসন বা সেৱা কৰিবৰ বাবে
দায়িত্ব দিয়ে৷ কাগজে-পত্ৰে চৰকাৰ বুলিলে এওঁলোককেই বুজে৷ কোনো ৰাজনৈতিক নেতাই নিজে
হুকুম বা নিৰ্দ্দেশ জাৰি নকৰে৷ কৰে ছেক্ৰেটেৰী, কমিশ্যনাৰ
আদিয়ে বা তেওঁলোকৰ সন্মতি সাপেক্ষে তলৰ পৰ্যায়ৰ বিষয়াই— যেনেকৈ
বিকেন্দ্ৰীকৃত (decentralized) কৰি যোৱা আছে তেনে ব্যৱস্থাৰ
মাধ্যমেৰে৷
অৰ্থাৎ আমাৰ প্ৰকৃত শাসকবোৰ হ’ল এই প্ৰশাসনীয়
বিষয়াসকল৷ সেই মৰ্মে আমি সকলোৱে জানো যে Indian Administrative Service
(IAS), Assam Civil Service (ACS), Assam Police Service (APS) আদিৰ
বিষয়াসকলেই আমাৰ ৰাজ্যখন চলায়৷ সৰ্বভাৰতীয় পৰ্যায়ত Indian Administrative
Service (IAS), Indian Foreign Service (IFS), Indian Police Service (IPS) Indian
Forest Service (IFS), Indian Revenue Service (IRS) আদি অনেক পদবী
যেনেকৈ আছে ৰাজ্যিক পৰ্যায়ত Assam Police Service (APS), Assam Education
Service (AES), Assam Revenue Service (ARS) আদি অনেক পদবী বা বাব
আছে৷ আৰু এইটো দেখ দেখ কথা যে সৰ্বভাৰতীয় পৰ্যায়ৰ বিষয়া বা পদবী বা বাববিলাক
ৰাজ্যিক পৰ্যায়ৰ বিষয়া বা পদ বা বাববিলাকতকৈ ওপৰ খাপৰ৷ তেওঁলোকৰ ক্ষমতাও বেছি আৰু
মান্যতাও বেছি৷ এক কথাত ক’বলৈ গ’লে এই
সৰ্বভাৰতীয় বিষয়াসকলৰ মতেই ৰাজ্যৰ প্ৰশাসন চলে৷ সমগ্ৰ প্ৰশাসন যন্ত্ৰটোৰ
কাৰ্যদক্ষতা (efficiency) আচলতে এই বিষয়াসকলৰ ওপৰতে নিৰ্ভৰ
কৰে৷
কিন্তু আমি দেখিছোঁ যে আমাৰ অসমখনৰ প্ৰশাসনীয় ব্যৱস্থাটো ঠিকমতে চলা নাই৷
মানুহৰ কামবোৰ ঠিকমতে আৰু সুচাৰুৰূপে নহয়৷ গালি-গৰিহণা-ককৰ্থনা ৰাজনৈতিক দলটোৱে
খালেও, দোষৰ সৰহভাগ কিন্তু এই প্ৰশাসনীয় বিষয়াসকলৰেই
প্ৰাপ্য৷ বেয়া কাম কৰিও তেওঁলোক সাৰি যায় কাৰণ তেওঁলোক বৰ টেঙৰ৷ নিজৰ
টকা-পইচা-পদ-প'ষ্টিং সকলো ‘স্বৰ্গীয়ভাৱে’ নিশ্চিত কৰি তেওঁলোক চেঙেলী মাছৰ দৰে পিছলি-সৰকি যায়৷ তেওঁলোকে এই
কাৰচাজি কৰে কাৰণ তেওঁলোকে কোনো মানুহকে নিজৰ পৰিয়ালৰ সদস্য বুলি নাভাবে৷ তেওঁলোকৰ
সৰহবিলাকেই অনবৰতে ব্যস্ত থাকে কেনেকৈ দিল্লীলৈ deputation-ত
যাব পাৰে বা বিদেশলৈ কিবা ট্ৰেইনিঙৰ নামত যাব পাৰে৷
আমাৰ অসমখন একেবাৰে বেয়াকৈ পৰিচালিত হোৱাৰ কাৰণে মূলতঃ জগৰীয়া হ’ল এই IAS বিষয়াবিলাক৷ অসমৰ ৯৯% IAS বিষয়া অসমৰ বাহিৰৰ৷ তেওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ কাৰণেহে কাম কৰে৷ সকলো
সা-সুবিধা কেৱল তেওঁলোকৰ জাতিভাইবিলাকে যাতে পায়, সেইটোৰ
কাৰণেই তেওঁলোকে দিনে-ৰাতিয়ে চৰকাৰী সা-সুবিধা ব্যৱহাৰ কৰি কাম কৰে৷ অসমীয়া মানুহ বদমাচিত
চোকা হ’লেও, পঢ়া-শুনাত চোকা নহয়৷ পদবীৰ
জোৰত তেওঁলোক অসমীয়া মানুহৰ ওপৰত বৰমতা৷
আনহাতেদি অসমীয়া মানুহে সদায় আনৰ বহতীয়া হৈ থাকিবলৈহে ভাল পায়৷ কথা-বতৰাত
বৰ লম্ফ-জম্ফ মাৰি থাকিলেও, অনা-অসমীয়া মানুহৰ ওচৰত
লেতু-সেতু হৈ থাকিবলৈহে তেওঁলোক সদা আগ্ৰহী৷ পদবীয়ে তেওঁলোকক সদায় তলত থাকিবলৈহে
দিছে৷ নিজকে নিজে শাসন কৰিবলৈ যি আগ্ৰহ-অভিলাষ-আকাঙ্ক্ষা থাকিব লাগে সেইবোৰ অসমীয়া
মানুহৰ একো নাই৷ আমাৰ অভিভাৱকসকলেও নিজৰ ল’ৰা-ছোৱালীক
সৰ্বভাৰতীয় পৰ্যায়ৰ বাবে উপযুক্ত কৰি তুলিবলৈ চেষ্টা কৰাৰ সলনি কেৱল
বাংগালুৰু-হায়দৰাবাদ-মুম্বাইৰ বা আমেৰিকাৰ কোম্পানীৰ চাকৰি কৰিবলৈ পঠাবলৈহে বেছি
আগ্ৰহী৷ Multinational কোম্পানীৰ চাকৰিয়েই বৰ্তমান অসমীয়া
চোকা ল’ৰা-ছোৱালীৰ লক্ষ্যপ্ৰাপ্তিৰ চৰম সীমা হৈ পৰিছে৷ অথচ
অসমৰ প্ৰতিটো প্ৰশাসনীয় বিভাগৰ প্ৰায়বোৰ সিদ্ধান্ত ল’ব পৰা
ক্ষমতা থকা বিষয়াবিলাক হ’ল অনা-অসমীয়া৷ এটাও ডাঙৰ ব্যৱসায়,
এটাও ডাঙৰ বিষয়ত কথা ক’ব পৰা মানুহ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য তথা সম্পৰ্কৰ বিষয়ে কথা ক’ব
পৰা এটাও অসমীয়া মানুহ অসমত নাই৷ এটাও অসমীয়া মানুহক উত্তৰ-পূৰ্বাঞ্চলৰ এখন
ৰাজ্যয়ো এটা কামৰ কাৰণেও বিশ্বাসত নলয়৷ কোনো সৰ্বভাৰতীয় বিষয়ত মাত মাতিব পৰা কোনো
এটাও অসমীয়া মানুহ অসম প্ৰশাসনত পাবলৈ নাই৷
যদি ৰাজ্যখন চলাবৰ বাবে প্ৰয়োজন হোৱা পদবীত এই চোকা মনুহবিলাক নাথাকে
তেনেহ’লে চোকা কিয় হ’ব লাগে? কেৱল ডাক্তৰ হৈ দুখীয়া ৰোগীৰ পৰা কথাই কথাই ফীজ, দৰৱৰ
কোম্পানীৰ পৰা -ক্লিনিকেল লেবৰেটৰিৰ পৰা নাৰ্ছিং হ'মৰ পৰা
কমিছন ল’বৰ বাবেই নেকি? নে ইঞ্জিনীয়াৰ
হৈ ঠিকাদাৰৰ পৰা বেয়া কামক ভাল বুলি চাৰ্টিফিকেট দি ঘোচ খাবলৈ? নে কলেজৰ প্ৰফেচাৰ হৈ কোনো বাস্তৱিক বা ব্যৱহাৰিক জ্ঞানৰ কথাৰ বাবে
শিক্ষাৰ্থীক উদ্বুদ্ধ নকৰি কেৱল নিজৰ ঘৰ-দুৱাৰ, মাটি-গাড়ীৰ চিন্তাতে মগ্ন হৈ
থাকিবলৈ? নে উকীল-ন্যায়্যাধীশ হৈ দহ দিনত সমাধান কৰিব পৰা
বিবাদ এটাত দহ বছৰ লগাই নিজৰ বাবে উপাৰ্জনৰ যুগমীয়া বাট সৃষ্টি কৰিবলৈ? নে জকাইচুকীয়া অসমৰ পৰা পলাই গৈ আনে গঢ়ি থোৱা চকচকীয়া ৰাস্তা-ঘৰ-গাড়ী নিজৰ
কৰিবলৈ?
প্ৰশাসনে মানুহ নগঢ়িলে, মানুহক উদগনি নোযোগালে
ভৱিষ্যৎ প্ৰজন্মই কোন বাটেৰে বাট বুলিব? সমুখলৈ চাবৰ বাবে
আজি অসমৰ স্কুল-কলেজৰ ল’ৰা-ছোৱালীৰ আগত কোন আদৰ্শ আছে?
আজি যদি কোনোবাই এটা নিৰপেক্ষ বিশ্লেষণ কৰে যে অসমৰ বৰ্তমান বিপদ
আৰু ভৱিষ্যতৰ অন্ধকাৰৰ বাবে কোন কিমান জগৰীয়া, তেনেহ’লে প্ৰথমেই নাম আহিব লাগে অসমৰ তথাকথিত চোকা চোকা, পৰীক্ষাত
বেছি বেছি নম্বৰ পোৱা ডেকা-গাভৰুসকলৰ৷ তেওঁলোকে একঠা পাঁচ লেচা মাটিত গুৱাহাটীত ঘৰ
বা ফ্লেট, Multinational কোম্পানীত বহতীয়া (চাকৰৰ) চাকৰি,
দুখনমান গাড়ী, দুবাৰমান বিদেশ ভ্ৰমণ, ল’ৰা-ছোৱালীক সমাজৰ পৰা আঁতৰাই নোম-নেগুৰ বৰ্জিত
শিক্ষা দিয়া- আমেৰিকালৈ যোৱা আদি কথাবোৰৰ মাজতে নিজৰ জীৱনৰ বৃত্ত আঁকি থ’লে৷ নিজৰ মাটিত নিজৰ কথা ৰজাব পৰা গুণ-পদবী-বাবৰ কথা কাহানিও তেওঁলোকৰ
মনলৈকে নাহিল৷
তেওঁলোকে পাৰিলেহেঁতেন৷ কিন্তু তেওঁলোকে নিজৰ মানুহক নিজৰ পৰিয়ালৰ সদস্য
বুলি নাভাবিলে৷ তেওঁলোকৰ বাপেক-মাকে, তেওঁলোকৰ শিক্ষকসকলে
তেওঁলোকক কেৱল বৈষয়িক বিষয়ৰ প্ৰতিহে ধাৱমান কৰি তুলিলে৷ সেয়ে তেওঁলোকে নিজৰ ঘৰৰ
চোতালখন আনৰ কাৰণে এৰি দিলে৷ বিপদ নৌ হওঁতেই পলায়ন কৰা বা যুদ্ধ নৌ কৰোঁতেই
পৃষ্ঠভংগ দিয়াটো অসমৰ ‘পৰীক্ষাত বেছি নম্বৰ পোৱা’ চোকা ল’ৰা-ছোৱালীৰ এটা চৰিত্ৰগত বৈশিষ্ট্য হৈ পৰিছে৷
এয়া আচলতে এক ভয়ংকৰ অপৰাধ৷ অসমক ধ্বংস কৰাৰ কাৰণ অসমৰ ফতুৱা জাতীয়তাবাদ,
অসমৰ গৰ্দভসদৃশ আঞ্চলিক
ৰাজনীতিবাদ, চৰিত্ৰহীন কংগ্ৰেছ চৰকাৰবিলাকৰ পূৰ্ববংগীয়
বাংলাদেশী স্থাপন, আদৰ্শহীন বিচ্ছিন্নতাবাদী-উগ্ৰপন্থী
কাৰ্যকলাপ, সামন্তবাদী কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা, মূৰ্খ অসমীয়া মানুহৰ সোৰোপালি আদি কথাবোৰে যথাযোগ্য স্থান যথাস্থানত পাব৷
কিন্তু প্ৰশাসনক নিজৰ হাতত ৰাখিব নোৱৰাৰ অপৰাধত অসমৰ সকলো চোকা মানুহ অপৰাধী৷ ‘নাজিৰা সূৰ্য্’, ‘বাইহাটা চন্দ্ৰ’, ‘ধেমাজী নক্ষত্ৰ’ আদি কথাৰে নিজৰ চিন্তা-চেতনাৰ
পৰিব্যাপ্তিৰ সীমা সংকুচিত কৰি ৰাখি, অল্পবুদ্ধি বা
অল্পবিদ্যা (mediocrity)-ক বা জাতিগত কথাকে (ethnicity)
সৰ্বোচ্চ স্থান দি নিজকে সৰু আৰু নিজৰ সকলো প্ৰচেষ্টাক ক্ষুদ্ৰ কৰি
ৰাখি, আমি নিজকে যে এক অযোগ্য কিম্ভূত-কিমাকাৰ জীৱ কৰি
পেলাইছোঁ— তালৈ আমাৰ ভ্ৰূক্ষেপকে নাই৷
অনৰবৰতে অসমীয়া জাতীয়তাবাদীয়ে চিঞৰিয়ে আছে অসমত
অসমীয়াৰ অধিকাৰ লাগে, দাবী
কৰিয়েই আছে ভূমিপুত্ৰৰ স্বাৰ্থ ৰক্ষা কৰিব লাগে৷ কিন্তু সিবিলাক মূৰ্খৰ স্বৰ্গতহে
বাস কৰিছে৷ গাৰ জোৰেৰে কোনোবাই এই আধুনিক পৃথিৱীত কিবা অধিকাৰ সাব্যস্ত কৰিব পাৰে
নেকি! বন্দুকৰ জোৰো আচলতে মগজুৰেই জোৰ৷ বক্সিং-মল্লযঁজৰ জোৰো আচলতে মগজুৰেই জোৰ৷
মগজুৰ জোৰৰ ক্ষেত্ৰত অসমীয়া যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত অতি নিম্নখাপৰ সেইটো আকৌ
এবাৰ প্ৰমাণ হ’ল৷ ডিঙিৰ সিৰ ফুলোৱা চিঞৰ বাদ দি, ৰাষ্টাত খিলঞ্জীয়াৰ অধিকাৰ বিচৰা বাদ দি পঢ়া-শুনা-মগজু চৰ্চা কৰিবলৈহে
অসমে নিৰ্দেশ দিব লাগে এতিয়া৷
(এইবাৰ সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অসমৰ কোনো অসমীয়া
যুৱক-যুৱতী উত্তীৰ্ণ নোহোৱা কথাটোৱে ব্যথা দিয়াত এই লেখাৰ জন্ম হ’ল৷ অসমীয়া ল’ৰা-ছোৱালীয়ে IAS, IPS পালেই যে অসমৰ কিবা সাংঘাতিক ভাল হৈ যাব সেইটো নহয়৷ কিন্তু মই ৰাজ্যৰ
প্ৰশাসন যন্ত্ৰটো খুব ওচৰৰ পৰা পৰ্যবেক্ষণ কৰি দেখিছোঁ যে নিজৰ মানুহ প্ৰশাসনৰ
শীৰ্ষত নাথাকিলে ৰাজ্যৰ হিত সাধন হ’ব নোৱাৰে৷)