(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)
জ’নছ মহলীয়াৰ ‘দূৰণিৰ ৰঙ’ৰ নিৰ্মাণ বিষয়ক কিছু কথা জানিবলৈ আজিৰ পৰা দুবছৰমান আগেয়ে কথা পাতিছিলোঁ চিনেমাখনৰ অভিনেত্ৰী পূৰ্ণিমা পাঠক আৰু শব্দগ্ৰহণকাৰী ৰাজেন ৰাজখোৱাৰ লগত৷ নাটকৰ কামত তেজপুৰলৈ অহা অভিনেত্ৰী পূৰ্ণিমা পাঠকৰ কেৰিয়াৰত হঠাৎ যোগ হৈছিল ‘দূৰণিৰ ৰং’৷ চিনেমাখনৰ অভিনেত্ৰী হিচাপে তেখেতৰ আগতীয়া কোনো প্ৰস্তুতি নাছিল৷ গীতিকাৰ ৰুবী সিংহই ‘দূৰণিৰ ৰঙ’ৰ ৰোমাণ্টিক যুটি অসীম দত্ত অৰ্থাৎ নিপন গোস্বামী আৰু জুৰি দেৱী অৰ্থাৎ পূৰ্ণিমা পাঠকৰ বাবে লিখিছিল এটি শ্ৰুতিমধুৰ গীত৷ “লুইতৰ সোঁতে সোঁতে” উটি যাব খোজা প্ৰেমিক যুগলৰ মনটিক জীপাল কৰি গীতটিত কণ্ঠদান কৰিছিল পুলক বেনাৰ্জী আৰু হৈমন্তী শুক্লাই৷ গীতটিৰ দৃশ্যগ্ৰহণ কৰা হৈছিল তেজপুৰৰ দ-পৰ্বতীয়া তথা ক’ল পাৰ্কত৷ সেই সময়ত অসমীয়া চিনেমাত নৃত্য পৰিচালকৰ গুৰুত্ব প্ৰায় নাছিলেই৷ গীতটিৰ দৃশ্যগ্ৰহণৰ সময়ত নিপন গোস্বামী আৰু পূৰ্ণিমা পাঠক কিছু বিব্ৰত হৈছিল যদিও আমোদজনকভাৱে পৰিচালকৰ পৰামৰ্শ মতে তেওঁলোকে নিজেই নিজৰ নৃত্য পৰিচালনা কৰি গীতটিৰ দৃশ্যগ্ৰহণত অংশ লৈছিল৷
‘দূৰণিৰ ৰঙ’ত অভিনয় কৰিছিল নিপন গোস্বামী, চন্দ্ৰধৰ গোস্বামী, পূৰ্ণিমা পাঠক, বিজু ফুকন, তচদ্দুক ইউচুফ, সুৰেন মহন্ত, নিৰোদ চৌধুৰী, ৰূপজ্যোতি দাস, কুলেন গোস্বামী, পদ্ম কৈৰী, ক্ষিতীশ কটকী, পৃথ্বীৰাজ ৰাভা আদিয়ে৷ পুনেৰ ‘ফিল্ম এণ্ড টেলিভিশ্বন ইনষ্টিটিউট’ৰ পৰা পৰিচালনা বিভাগত প্ৰশিক্ষণ লৈ আহিয়েই ‘দূৰণিৰ ৰং’ নিৰ্মাণত হাত দিছিল জ’নচ মহলীয়াই৷ শব্দ গ্ৰহণৰ দায়িত্বত থকা ৰাজেন ৰাজখোৱায়ো ‘ফিল্ম এণ্ড টেলিভিশ্বন ইনষ্টিটিউট’ৰ শিক্ষকৰ কাম এৰি অসমলৈ উভতি আহিছিল আৰু ‘দূৰণিৰ ৰঙ’ৰ লগত জড়িত হৈ পৰিছিল৷ পদে পদে আৰ্থিক সমস্যাৰ সন্মুখীন হ’লেও মহলীয়াই চিনেমাখনক কিছু ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰিবলৈ যত্ন কৰিছিল৷ আমোদজনক কথাটো হ’ল- দৃশ্যগ্ৰহণৰ সময়ত ডালডা ঘিঁউৰ হালধীয়া টেমা কাটি লাইটৰ কামত ব্যৱহাৰ কৰা হৈছিল৷ অভাৱেই আৱিষ্কাৰৰ মূল৷ সেই ৰসাল পৰিৱেশৰ বৰ্ণনা শুনিছিলোঁ ৰাজেন ৰাজখোৱাৰ পৰা৷ গৰমত ঘামি-জামি নিশা একেৰাহে লাইটৰ বাবে পৰিশ্ৰম কৰি থকা পুৰুষকৰ্মীসকলৰ সাজ-পোছাকৰো এটা ৰসাল কাহিনী আছিল৷
চিনেমাখনৰ এটি চৰিত্ৰ–অসীম দত্তৰ বিৱৰণেৰে আৰম্ভণি কৰা দৃশ্যটো আজিও ভাল লগা৷ এই দৃশ্যত কণ্ঠ দিছিল অসমৰ প্ৰসিদ্ধ ঔপন্যাসিক-নাট্যকাৰ অৰুণ শৰ্মাই৷ দৃশ্যগ্ৰহণৰ পূৰ্বে ‘দূৰণিৰ ৰঙ’ৰ গীতসমূহ বাণীবন্ধন কৰা হৈছিল৷ কিছুমান অঞ্চলৰ ঘৰে ঘৰে গৈ গীতসমূহ শুনাই চিনেমাপ্ৰেমী ৰাইজৰ পৰা ধন সংগ্ৰহৰ প্ৰচেষ্টা এটা চলোৱা হৈছিল যদিও ‘দূৰণিৰ ৰঙ’ৰ নিৰ্মাতা-কৰ্মীসকল এইক্ষেত্ৰত বিশেষ সফল নহ’ল৷ অৱশ্যে দুই-একে সেই সময়ৰ জোখেৰে শকত পৰিমাণৰ ধনো চিনেমাখন নিৰ্মাণৰ বাবে উলিয়াই দিছিল যদিও সেয়াই পৰ্যাপ্ত নাছিল৷
দূৰণিৰ ৰঙত হৈমন্তী শুক্লাৰ কণ্ঠত গোলাম চামদানীয়ে
লিখা এটি হিন্দী গীতো সন্নিৱিষ্ট কৰা হৈছিল৷
য়ে
ৰংগীন ৰাত মে জৱানী কী নচা হ্যে
ফুলো
কী খুচবু চে য়ে মেহফিল বচা হ্যে
এইচে মে তু কাহা এ চজনা তু কাহা
এ
চজনা এ জানে জা
তেৰে বিনা য়ে মেহফীল চুনা…
‘দূৰণিৰ ৰঙ’ৰ পাছৰ বছৰত অৰ্থাৎ ১৯৮০ চনত আহিল ‘আজলী নবৌ’৷ সেয়া মোৰ জন্মৰ আগৰ কথা৷ পাঁচ/ছয় বছৰ বয়সৰ পৰা মই চিনেমা শব্দটোৰ লগত পৰিচয় হোৱাৰ পাছত মাৰ মুখত কিছুমান চিনেমাৰ কথা সাধু শুনাৰ দৰে শুনিছিলোঁ৷ তেতিয়ালৈ মায়ে চোৱা কেইখনমান হিন্দী চিনেমাৰ লগতে আটাইতকৈ বেছিকৈ শুনিছিলোঁ ‘আজলী নবৌ’ৰ নাম৷ ‘আজলী নবৌ’ৱে সেইসময়ত দৰ্শকৰ কিমান মৰম-চেনেহ বুটলিছিল আৰু পাছলৈও মানুহৰ মনত ৰৈ গৈছিল সেয়া পাছত অনুভৱ কৰিব পাৰিছিলোঁ৷ মই পিছে কেইবছৰমান আগেয়েহে চিনেমাখন সম্পূৰ্ণকৈ চাব পাৰিলোঁ৷ আজলী নবৌক লৈ আকাশবাণী গুৱাহাটীৰ বাবে ‘ৰূপালী লহৰ’ নামৰ অনুষ্ঠানটোৰ স্ক্ৰিপ্টো লিখিছিলোঁ৷ গাঁৱৰ কৃষক পৰিয়ালৰ সন্তান –উদয়, অজয়, ৰমেন আৰু ভাইটি৷ উদয়ৰেই পত্নী আজলী নবৌ৷ নিপ বৰুৱাৰ চিনেমাখনৰ চিত্ৰনাট্য লিখিছিল মহেন্দ্ৰ বৰঠাকুৰ আৰু নিপ বৰুৱাই৷ কাহিনী আছিল প্ৰভাৱতী দেৱীৰ৷ ‘আজলী নবৌ’ৰ গীতকেইটিৰ কথা নোকোৱাকৈ থাকিব নোৱাৰোঁ৷ কাৰণ আমাৰ শৈশৱ-কৈশোৰ ভৰাই ৰখা ৰেডিঅ’ই এইবোৰ গীত আমাৰ হৃদয় আৰু জীৱনৰ সৈতে সংপৃক্ত কৰি থৈছে৷ দ্বীপেন বৰুৱা আৰু ৰুণজুণ ফুকনৰ কণ্ঠত শুনিছোঁ—
ঢৌ তুলি নাচিলে বুকু
দেখি
কাৰ হৰিণী চকু
নকওঁ
নকওঁ মই কাকো
কোৱা মানা
জানো জানা…
কেশৱ মহন্তই লিখা 'আন্ধাৰ ৰাতি কোন বাৰু তই/ অকলে ফুৰিছ যাবি ক’লৈ/ কেনি তোৰ ঘৰ ক’ত পাবি ঠাই…', 'চকু মেলি নাচাবা/ ৰ লাগি নাচাবা/ চকু মুদি চোৱাচোন দেখা পাবা তাতেই/ মন উতলায় কোনে চিত নচুৱায়/ ৰঙতে ৰঙিলী পখিলা/ পৰেহি ফুলতে দেখিলা/ ফুলনি নাচিলে হালিজালি/ কোনে বাৰু চাই চাই আপোন পাহৰি নাযায়…', 'কাক বুলিলো কোনে নিজে গাত পাতি ল’লে চা/ জালকে বুলিলে জকাই এতিয়া মজাটো পা/ চাই চাই বুলিবি বাট/ আচহুৱা পিছল ঘাট…' আদি গীতসমূহৰ কথা-সুৰ আজিও আমাৰ চিনাকি৷
মানসী ১৯৮১ চনত মুক্তি পোৱা চিনেমা৷ বলাই সেনে পৰিচালনা কৰা মানসীৰ কাহিনী আশাপূৰ্ণা দেৱীৰ৷ অভিনয় কৰিছিল বিদ্যা ৰাও, বিজু ফুকন, অমলা কটকী আদিয়ে৷ সঙ্গীত দিছিল ৰমেন বৰুৱাই৷
১৯৮৪ চনত মুক্তি পালে ৰঙীণ ছবি ‘নয়নমণি’য়ে৷ ‘নয়নমণি’ৰ
কথা ক’ৰবাত ক’ৰবাত আগেয়ে বহুবাৰ কৈ থৈছোঁ৷ ‘নয়নমণি’ৰ কথা কৈ এইবাবেই ভাল লাগে যে এইখন
হৈছে এগৰাকী মহিলা পৰিচালকৰ পৰা অসমে লাভ কৰা প্ৰথম অসমীয়া চিনেমা৷ তেখেতৰ নাম সুপ্ৰভা
দেৱী৷ পৰিচালনাৰ লগতে কাহানীও আছিল সুপ্ৰভা দেৱীৰ৷ চিত্ৰনাট্য লিখিছিল গুণসিন্ধু হাজৰিকাই৷
সুমন কল্যাণপুৰ, ভূপিন্দৰে গীতত কণ্ঠদান কৰা ‘নয়নমণি’ৰ সঙ্গীত পৰিচালক আছিল জিতু-তপন৷
(ক্ৰমশঃ)