(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)
নিজৰা ৰাজকুমাৰী
ঢোলে গিৰগিৰালে/ পেঁপাই
উকিয়ালে
গগনাই মাতিলে গাওঁ
লতাই বিৰিখে/ ন-সাজ পিন্ধিলে
আমি বিহু গাবলৈ যাওঁ
(সংগীত- ৰমেন বৰুৱা,
চিনেমা ‘ককাদেউতা, নাতি আৰু হাতী’)
কোমলকৈ বাঁহৰে ঐ লেকেচী লেহুকা
পাতলকৈ পাবতে পাখি
বা লাগি বাজিছে ঐ মন-ছিঙা সুহুৰি
আমাকে ঐ নথ’বা ৰাখি
বিহুৰ বতৰত অসমীয়া চিনেমাৰ
পৰা এনে এটি গীত তুলি আনিবলৈ মন নাযাবনে! তাতে কণ্ঠদান কৰিছিল খগেন মহন্ত, অৰ্চনা মহন্ত,
নিকুঞ্জলতা মহন্ত, বলো কাকতি আদিয়ে৷ চিনেমাখনৰ নাম মইনাজান৷ মুক্তিৰ চন ১৯৮০৷ প্ৰেম
পিকচাৰৰ বেনাৰত নিৰ্মাণ হোৱা মইনাজানৰ পৰিচালনা দেৱকুমাৰৰ৷ সঙ্গীত দিছিল খগেন মহন্তই৷
বুটলিনো নল’লি / মাটিত পৰা মাকোটো
সূতাতে নিছিঙিলি আউল/
হেঁচা দিনো ৰাখিলি / বুকুৰে
বেথাডোখৰ/
আমাকে ঐ কৰিলি বাউল/
নবওঁ বুলি নবলোঁ / আশীসূতাৰ গামোচা /
নিদিওঁ বুলি নিদিলোঁ ফুল/
তোমালৈনো সিমানটো / ভাৱনি ঐ চিতনি/
আমাৰে ঐ নিমিলিল কুল//— মইনাজানৰ বাবে গীতটি লিখিছিল কেশৱ মহন্তই৷
‘অন্যযুগ’ৰ
যোৱা সংখ্যাত লিখিছিলোঁ ১৯৮৩ চনত মুক্তি পোৱা চিনেমা ‘নয়নমণি’ৰ কথা৷ পৰিচালনা আছিল
সুপ্ৰভা দেৱীৰ৷ এগৰাকী মহিলা পৰিচালকৰ পৰা অসমে লাভ কৰা এই প্ৰথমখন অসমীয়া চিনেমাত
অভিনয় কৰিছিল– নিপন গোস্বামী, বিদ্যা ৰাও আদিয়ে৷ ড° ভবেন্দ্ৰনাথ শইকীয়াই তেখেতৰ চুটিগল্প প্ৰহৰীক আধাৰ
কৰি যিখন চিনেমা নিৰ্মাণ কৰিছিল সেইখনৰ নাম আছিল ‘অনিৰ্বাণ’৷ মুক্তিৰ চন ১৯৮১৷ শিক্ষক
ৰজনী আৰু তেওঁৰ পত্নী ভাগ্যৱতীয়ে পোৱা সন্তানৰ মৃত্যুৰ শোকে গধুৰ কৰি তোলা কাহিনী ‘অনিৰ্বাণ’ৰ৷
শ্ৰেষ্ঠ আঞ্চলিক চিনেমাৰ ৰজত কমলেৰে সন্মানিত ‘অনিৰ্বাণ’ ড° ভবেন্দ্ৰনাথ শইকীয়াৰ পৰিচালক
জীৱনৰ দ্বিতীয়খন চিনেমা৷
বিহু বুলি আমি পাহৰিব নোৱাৰা আৰু এটি গীত আছে—
অ’ পিৰিতি কি বস্তু চিনিব নোৱাৰি
হে কোনজন ঈশ্বৰৰ
মায়া
হে তুমি নকৰিলে
কৰোঁতা নাই মোক
হে ভাটি বয়সতে
বিয়া//
পাণবৰিয়ালৰ পাণ
ঐ নানিবি
নানিবি গুৱালৰ
দৈ
গামখাৰু আনিলেও
তোৰদৰে বুঢ়াটোক
কাহানিও নোবোলোঁ পৈ…
অপৰূপা চিনেমাৰ এইগীতটি নুশুনা কোনোবা অসমীয়া আছে নে নাই মই নাজানো৷ গীতটিৰ
আৰম্ভণিখিনি আছিল–
আই সৰস্বতী অ’-- ৰংফুল বকুলী/
তোমালৈ মানি যাওঁ কি/
তোমালৈ মানি যাওঁ শুকুলা ছাগলী/
মাহে পৰমানে দি মিলন দৈ /
শশী মিলনদৈ বাখৰ ক’লিদৈ/ বাখৰ
ক’লিদৈ আৰু মঙলদৈ মাহে পৰমানে দি… /"
আমি
ৰেডিঅ’ শুনা প্ৰজন্মৰ বাবে ভূপেনদাৰ ৰংফুল বকুলী অন্য এক আবেগ৷ চিনেমাখনত মঞ্চত কণমানি
এজনীৰ সৈতে নিপন গোস্বামীৰ মুখত দিয়া গীত এইটি৷ জাহ্নু বৰুৱাৰ প্ৰথম চিনেমা আৰু নেশ্বনেল
ফিল্ম ডেভেলপমেণ্ট ক’ৰ্প’ৰেশ্বন, ইণ্ডিয়াৰ দ্বাৰা প্ৰযোজিত প্ৰথমখন অসমীয়া চিনেমা,
শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰজতকমল প্ৰাপ্ত ‘অপৰূপা’ত (১৯৮২) সংগীত পৰিচালক ভূপেন হাজৰিকাৰ
যাদু আমি পাহৰিব নোৱাৰো— এ… এইজনীৰ চকুলৈ চাবকে নোৱাৰি/ জালুক জলকীয়াই পোৰে মিলনদৈ/
শশী মিলনদৈ শশী মিলনদৈ/ শশী মিলনদৈ শশী মিলনদৈ/ বাখৰ কলিদৈ বাখৰ কলিদৈ…৷
‘অপৰূপা’ত অভিনয় কৰিছিল বিজু ফুকন, সুহাসিনী মুলে আদিয়ে৷
চিনেমাৰ
প্ৰতি আগ্ৰহ বাঢ়ি অহাৰ পাছত চাবলৈ উলিয়াই লৈছিলোঁ এখন পুৰণি অসমীয়া চিনেমা৷ এই চিনেমাখনত
শিশু শিল্পীৰ ৰূপত বৰ্তমান অসমৰ এজন প্ৰভাৱশালী ৰাজনীতিকে অভিনয় কৰিছিল কাৰণে সাধাৰণ
জ্ঞানৰ প্ৰশ্ন হিচাপে চিনেমাখনৰ গুৰুত্ব বাঢ়িছিল৷ তেওঁ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী৷
এসময়ৰ অতি জনপ্ৰিয় এইখন অসমীয়া চিনেমাত শুনিছিলোঁ (চাইছিলোঁ) কেশৱ মহন্তই লিখা এটি
বিহুগীত আৰু নাচ– প্ৰাকৃতিক পৰিৱেশৰ কেঁচা আলিত বিহুৱা ডেকাই নাচনীক উদ্দেশ্যি গায়
-
সৰু হৈ আছিলো/ উমলি জামলি/ ডিঙিত ধৰাধৰি কৰি অ’ মাকণ ডিঙিত ধৰাধৰি কৰি/
সোণপৰুৱা চাওঁতেই ইমানজনী/ সোণপৰুৱা হ’লি ঐ মাজনী / মাতিলেও/
মাতিলেও/ মাতিলেও নাচাৱ ঘূৰি৷
নাচি নাচি নাচনীয়েও গীতেৰেই প্ৰত্যুত্তৰ দিয়ে—
হাঁয় অ’ দেহা মৌপিয়া পখীটি / হাঁয় অ’ দেহা মৌকে চুহিলি/ ফুলৰ নেদেখিলি শোক অ’ দেহা/ চেনেহ কাঢ়ি কাঢ়ি/ হাঁয় অ’ দেহা বুকু ৰঙা কৰিলি/ তেওঁ তোৰ/ তেওঁ তোৰ নুগুচে ভোক//… চিনেমাখনৰ নাম ককাদেউতা, নাতি আৰু হাতী৷ মুক্তি ১৮ নৱেম্বৰ, ১৯৮৩৷ নিপ বৰুৱাৰ ছুপাৰ হিট চিনেমা ককাদেউতা, নাতি আৰু হাতীৰ সংগীত কৰিছিল ৰমেন বৰুৱাই, য’ত দীপেন বৰুৱা, পুষ্পা, ললিতা দাসে কেশৱ মহন্তৰ কথাৰে গাইছিল -
বিহুৰে কঠীয়া কোনে সিঁচি গ’লে/
কোনে ৰচি গ’লে গীত/
মন ৰমেৰমায় বুকু হমেহমায়/
অলিয়া-বলিয়া চিত…//
তুমি ৰিঙি মাৰা কোনোবা দিহিঙত
মই ডিঙি মেলি চাওঁ
দুখে আহি মোৰ বুকুত মোহাৰ মাৰে
তোমাক ধন কেতিয়া পাওঁ//
…মাতৰ জুৰণীয়া মাজনিশাৰ বাঁহীটি/
ভাতৰ ঘূৰণীয়া কাঁহী/
মনৰ মোহনীয়া মাকণৰ হাঁহিকণ/ তেজাল পদুমৰে পাহি//
পথাৰৰ মাজৰে ৰূপহী শিমলু/ ফুলি জকেমকাই নাচে/
আইজনীৰ কপালৰ সেন্দুৰৰ ফোঁটটো/ শিৰলৈ পোন হৈ আছে//
কোনে সৰজা নাচনী
ঢুলীয়াৰে বাচনি
থাকোনো কেনেকৈ চাই
গা-মন কৰে ৰাই জাই / ইত্যাদি
ইত্যাদি৷
‘ককাদেউতা, নাতি আৰু হাতী’ৰ
কাহিনী আৰু চিত্ৰনাট্য মহেন্দ্ৰ বৰঠাকুৰ আৰু নিপ
বৰুৱাৰ৷ অভিনয় কৰিছিল প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, নিপন গোস্বামী, দুৰ্গেশ্বৰ
বৰঠাকুৰ আদিয়ে৷
চাৰুকমল
হাজৰিকাৰ আলোকৰ আহ্বান ১৯৮৩ চনৰ চিনেমা, যিখনৰ বিষয়বস্তু আছিল ৰেচম সমবায় সমিতি
গঠন আৰু এই শিল্পৰ সৈতে জড়িতসকলৰ সমস্যা আৰু এই সমস্যা সমাধানৰ প্ৰচেষ্টা৷
চৰকাৰীভাৱে প্ৰযোজিত আলোকৰ আহ্বানে শ্ৰেষ্ঠ আঞ্চলিক চিনেমাৰ ৰজত কমল বঁটা পাইছিল৷
(আগলৈ)