অন্যযুগ/


অ'পেনহাইমাৰৰ সকীয়নি

মুনীন বায়ন

       Watching a Christopher Nolan film on a big screen has always been a memorable experience. I was recently in Bangalore when I had a chance to watch his latest film 'Oppenheimer' in the nearby Inox multiplex. As expected, it was a rare cinematic feast.

     For a passive viewer 'Oppenheimer' may not be easy to comprehend. Its historical sweep is ambitious and  astonishingly wide ranging . But director Christopher Nolan has convincingly created the life and universe of the controversial quantum physicist Robert Oppenheimer on the silver screen. Cinematically and technically 'Oppenheimer' is so immersive that even a lay person can easily be absorbed in the eerie world of nuclear physics. 

         No one should miss the film if he is concerned about the contemporary world politics and the future of the humankind.


            ক্ৰিষ্টোফাৰ নোলানৰ অ'পেনহাইমাৰ স্বাভাবিকতে এক জটিল চৰিত্ৰ। বাৰ্কলেত অধ্যাপনা কৰি থকা অ'পেনহাইমাৰক আমেৰিকা চৰকাৰে এটম বোমা নিৰ্মাণৰ বাবে নিয়োগ কৰিছিল। উদ্দেশ্যে আছিল বিধ্বংসী বোমাৰে জাৰ্মানীক প্ৰতিহত কৰি দ্বিতীয় মহাযুদ্ধৰ অৱসান ঘটোৱা। মানহাট্টান প্ৰজেক্ট নামেৰে খ্যাত দুশ কোটি ডলাৰৰ এই গোপন মিছনত অ'পেনহাইমাৰৰ অধীনত চাৰি সহস্ৰাধিক বিজ্ঞানী আৰু প্ৰযুক্তিবিদে কাম কৰিছিল। ইতিমধ্যে জাৰ্মানীয়ে আত্মসমৰ্পণ কৰিছিল যদিও জাপানৰ আগ্ৰাসী অভিযান আমেৰিকাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছিল। প্ৰশান্ত মহাসাগৰৰ আমেৰিকান নৌঘাটি পাৰ্ল হাৰ্বাৰত বোমাৰে অজস্ৰ মাৰ্কিন সৈনিকক হত্যা কৰা জাপানক এশিকনি দিবলৈ আমেৰিকাই এই বোমা জাপানৰ দুখন নগৰ হিৰোছিমা আৰু নাগাছাকিত পেলাবলৈ সিদ্ধান্ত লৈছিল। 'অ'পেনহাইমাৰ'ত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সময়ৰ দৃশ্যটোত কথোপকথনৰ মাজত আমেৰিকাৰ গৃহ বিভাগৰ উচ্চ পদস্থ বিষয়া এগৰাকীয়ে কৈছিল যে জাপানৰ মুঠ বাৰখন চহৰ বোমা পেলোৱাৰ বাবে নিৰ্বাচন কৰা হৈছিল। কিন্তু সেই তালিকাৰ পৰা কিয়টো চহৰখন বাদ দিয়া হৈছিল চহৰখনৰ সাংস্কৃতিক গুৰুত্বৰ বাবে। বিষয়াজনে লগতে এই কথাও জনাইছিল যে কিয়টোত তেওঁ বিয়াৰ পাছত হানীমুনৰ বাবে আহিছিল আৰু তেওঁৰ পত্নীয়ে চহৰখন ভাল পাইছিল!

       নোলানৰ 'অ'পেনহাইমাৰ'  কোনো চমক সৃষ্টিকাৰী যুদ্ধৰ ছবি নহয়, 'অ'পেনহাইমাৰ ' দৰাচলতে যাক কোৱা হয়   'ক'ৰ্টৰূম ড্ৰামা' । মহাযুদ্ধৰ অৱসানত এটম বোমাই নিৰ্ণায়ক ভূমিকা ল'ব বুলি অ'পেনহাইমাৰ নিশ্চিত হৈছিল যদিও ইয়াৰ সংহাৰী ৰূপ আৰু ভৱিষ্যতে তাকে লৈ আমেৰিকা আৰু ৰুছিয়াৰ মাজত বোমা নিৰ্মাণৰ প্ৰতিযোগিতাই পৃথিৱীত পেলাব পৰা কুপ্ৰভাৱৰ বিষয়ে ধাৰণা কৰিব পৰা নাছিল। হিৰোছিমা আৰু নাগাছাকিত লক্ষাধিক নিৰীহ লোকৰ মৃত্যুৱে অ'পেনহাইমাৰক এই বিষয়ে ভাবিবলৈ বাধ্য কৰিছিল। 'অ'পেনহাইমাৰ'ৰ দুটা সুচিন্তিত দৃশ্যত পৰিচালক নোলানে অ'পেনহাইমাৰৰ এই মানসিক দ্বন্দ্ব আৰু অপৰাধবোধ অতি সূক্ষ্মভাৱে দাঙি ধৰিছে। প্ৰথম দৃশ্যটোত জাপানত বোমা নিক্ষেপৰ পাছত অ'পেনহাইমাৰক অভিনন্দন জনাবলৈ আমেৰিকাৰ এখন চহৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰেক্ষাগৃহত প্ৰৱেশৰ লগে লগে অপেনহাইমাৰক হলভৰ্তি আমেৰিকান নাগৰিকে মজিয়াত ভৰিৰে শব্দ কৰি আৰু তুমুল কৰতালিৰে অভিবাদন জনাইছে। কিন্তু সেই কাণ তাল মাৰি ধৰা হৰ্ষধ্বনিৰ মাজত বিব্ৰত অ'পেনহাইমাৰে কি ক'ব ভাবিব পৰা নাই। অৱশেষত পৃথিৱীৰ ভৱিষ্যত সলনি কৰা এই উদ্ভাৱনৰ বাবে সকলোকে অভিনন্দন জনাই তেওঁ মঞ্চ ত্যাগ কৰিছে। পৰিচালকে এই দৃশ্যত অন্যমনস্ক হৈ পৰা অ'পেনহাইমাৰৰ মনোজগতত তেতিয়া ক্ৰিয়া কৰি থকা এটম বোমাই সৃষ্টি কৰা প্ৰচণ্ড অগ্নিবলয়ৰপৰা বিচ্ছুৰিত বিদ্যুৎচ্ছটাৰ আঘাতেৰে বোমাৰ বিভীষিকা সঞ্চাৰ কৰি দিয়ে।

         দ্বিতীয় দৃশ্যত আমেৰিকাৰ তেতিয়াৰ ৰাষ্ট্ৰপতি হেৰী ট্ৰুমেনৰ আমন্ত্ৰণ ক্ৰমে অ'পেনহাইমাৰ হোৱাইট হাউছত উপস্থিত হৈছে। সচিবে তেওঁক ৰাষ্ট্ৰপতিৰ সৈতে মুখামুখিকৈ বহুৱাইছে। সন্মুখৰ মেজত পৰি থকা টাইম আলোচনীৰ বেটুপাতত জিলিকি আছে অ'পেনহাইমাৰ। ট্ৰুমেনে ৰাজনীতিকৰ স্বভাৱজাত শ্লেষ সনা প্ৰশস্তিৰে অ'পেনহাইমাৰক কৈছে, তুমিতো এতিয়া বিখ্যাত মানুহ! অ'পেনহাইমাৰে কি ক'ব কি নক'ব ঠিক কৰিব নোৱাৰি অসহায়ভাৱে কৈছে, মোৰ হাতত এতিয়া তেজৰ চেকা লাগিছে! ট্ৰুমেনে মুখৰ বিৰক্তি চম্ভালি কোটৰ পকেটৰপৰা ৰুমালখন উলিয়াই অ'পেনহাইমাৰলৈ আগবঢ়াই দিছে আৰু কৈছে, তোমাৰ দায়িত্ব আছিল উদ্ভাৱনৰ আৰু বোমা পেলোৱাৰ সিদ্ধান্তৰ দায়িত্ব লৈছিলোঁ আমি। তাৰ পাছত কথোপকথন স্বাভাবিকতে আগ নাবাঢ়িল। পৰদেশত এটম বোমাৰে লাখ লাখ মানুহৰ প্ৰাণহানি কৰা আমেৰিকাৰ ৰাজনৈতিক নেতৃত্ব কিমান বিৱেকশূন্য হ'ব পাৰে তাৰ সাৰ্থক উদাহৰণ এই দৃশ্য পৰিকল্পনাত ফুটি উঠিছে।

       এটম বোমাৰে জাপানত নৰসংহাৰ চলাই সফল হোৱাৰ পাছত আমেৰিকাই ছোভিয়েট ইউনিয়নকে ধৰি শত্ৰুদেশৰ বিৰুদ্ধে লোৱা আণৱিক ভাবুকিৰ বিৰোধিতা কৰিবলৈ গৈ অ'পেনহাইমাৰ মাৰ্কিন চৰকাৰ তথা অধিষ্ঠানৰ বিৰাগভাজন হৈ পৰিছিল। নোলানৰ 'অ'পেনহাইমাৰ' এই সন্দেহজনক বিজ্ঞানী অ'পেনহাইমাৰৰ বিৰুদ্ধে চৰকাৰী কমিটীৰ বিচাৰ প্ৰক্ৰিয়াৰে আৰম্ভ হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰক সামৰিক শক্তিৰে গৰ্বিত কৰা অ'পেনহাইমাৰক দোষী সজাবলৈ চৰকাৰী সংস্থা, একাংশ সহকৰ্মীয়ে তেওঁৰ অতীত খুঁচৰি কমিউনিষ্টৰ সৈতে যোগসূত্ৰ উদ্ধাৰ কৰিবলৈ প্ৰয়াস কৰাৰ মাজেৰে গণতন্ত্ৰৰ পীঠৰূপে বিৱেচিত আমেৰিকাৰ মেকাৰ্থী যুগৰ কমিউনিষ্ট বিদ্বেষৰ কদৰ্য ইতিহাস মনত পেলাই দিয়ে। স্মৰ্তব্য যে অ'পেনহাইমাৰৰ ভাতৃ কমিউনিষ্ট পাৰ্টিৰ সদস্য হোৱাৰ লগতে স্পেইনৰ গৃহযুদ্ধত ৰিপাব্লিকানৰ হৈ অংশগ্ৰহণ কৰিছিল। তদুপৰি একাধিক বিৱাহ-বহিৰ্ভূত সম্পৰ্কত জড়িত হৈ পৰা অ'পেনহাইমাৰৰ এগৰাকী মহিলা কমিউনিষ্ট সদস্যৰ সৈতে থকা সম্পৰ্কও এই আইনী যুঁজত চৰ্চাৰ বিষয় হৈ পৰে। অৱশেষত প্ৰত্যাশিতভাৱেই অ'পেনহাইমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি  হিচাপে বিৱেচিত হয়। জীৱনৰ বাকী কালছোৱা চৰকাৰে অ'পেনহাইমাৰৰ নিৰাপত্তা ক্লিয়াৰেন্স ৰদ কৰি কাৰ্যত গৃহবন্দী কৰি ৰাখে।

        ক্ৰিষ্টোফাৰ নোলানৰ পূৰ্বৰ ছবিৰ তুলনাত 'অ'পেনহাইমাৰ'ত দৰ্শকক চমকিত কৰিব পৰা আড়ম্বৰপূৰ্ণ দৃশ্যৰ সমাৱেশ নাই। আচৰিত ধৰণে এই ছবিত দ্বিতীয় মহাযুদ্ধৰ দৃশ্যায়ণতো দূৰৈৰ কথা, এটা ক্লিপিঙো দেখুওৱা হোৱা নাই। বোমা নিক্ষেপৰ পাছত হিৰোছিমা আৰু নাগাছাকিত হোৱা নিদাৰুণ মানৱীয় সংকটৰ নিউজ-ৰীল ফুটেজ দেখুওৱাৰ সময়তো কেৱল অ'পেনহাইমাৰৰ মুখৰ অধৈৰ্য অভিব্যক্তিহে দেখুওৱা হৈছিল। মাত্ৰ মেক্সিকোৰ মৰুভূমিত এটম বোমাৰ বিজ্ঞানীসকলে কৰা পৰীক্ষাটোহে অলপ বিতংকৈ দেখুওৱা হৈছে। প্ৰচণ্ড শব্দ আৰু ধুমুহাৰে নিশাৰ আকাশ আলোকিত কৰি সহস্ৰ সূৰ্যৰ উজ্জ্বলতা আৰু তাপেৰে অগ্নিবলয় উঠি যোৱাৰ সময়ত পৰীক্ষা কক্ষত এক্সৰে ফিল্মেৰে সেই দৃশ্য চাই থকা অ'পেনহাইমাৰৰ মুখত উচ্চাৰিত হৈছিল গীতাৰ একাদশ অধ্যায়ৰ বিখ্যাত পংক্তি এটা : ময়েই মহাকাল, এই ব্ৰহ্মাণ্ডৰ সংহাৰকৰ্তা। ( I am become death, the destroyer of worlds.)

       'অ'পেনহাইমাৰ'ৰ নেৰেটিভ অগাপিছাকৈ একাধিক সময়-ৰেখা অনুসৰি আগ বাঢ়িছে। ছবিখনৰ আৰম্ভণিতে পৰিচালকে দুটা শব্দৰে তেওঁৰ অভিপ্ৰায় দৰ্শকক স্পষ্ট কৰি দিছে। Fission আৰু fusion. বিযোজন আৰু সংযোজন। এই জটিল নেৰেটিভক গভীৰ অৰ্থমণ্ডিত আৰু আৱেদনক্ষম কৰি তুলিছে প্ৰায়বোৰ চৰিত্ৰৰ বহু তৰপীয়া অভিনয়,  অবিশ্বাস্য ডেফ্থৰ ৰঙীণ আৰু ক'লা-বগা ফটোগ্ৰাফী  আৰু এখন অচিনাকি জগতৰ অনুষংগ বহন কৰা আৱহ সংগীতে। বাকী চব বাদ দিলেও অপেনহাইমাৰৰ চৰিত্ৰত চিলিয়ান মাৰ্ফিৰ অনৱদ্য অভিনয়, বিশেষকৈ অ'পেনহাইমাৰৰ বিভিন্ন সংকটৰ মুহূৰ্তত মুখৰ অভিব্যক্তিৰ বাবে চিৰদিনলৈ মনত থাকি যাব।

          'ইণ্টাৰষ্টেলাৰ', 'ডানকাৰ্ক'ৰ দৰে প্ৰযুক্তিৰ চমক থকা দৰ্শনীয় দৃশ্য সম্বলিত ছবি কৰিলেও নোলানৰ চিনেমা গভীৰভাৱে মানৱিক। মোৰ বোধেৰে তেওঁৰ শেহতীয়া ছবি 'অ'পেনহাইমাৰ' আৰু বেছি হৃদয়ৰ কাষ চপা। এই ছবি মোৰ ভাল লগাৰ আন কাৰণো আছে। 'অ'পেনহাইমাৰ' বৰ্তমান ভাৰত আৰু বিশ্বৰ স্বৈৰতান্ত্ৰিক শাসকসকলৰ স্তাৱক শিল্পী-সাহিত্যিক-বিজ্ঞানী-সাংবাদিকৰ বাবে এক সময়োপযোগী সকীয়নি। অ'পেনহাইমাৰৰ দৰে বিচক্ষণ বিজ্ঞানীৰ দ্বাৰা আমেৰিকাৰ ক্ষমতাগৰ্বী ৰাজনৈতিক নেতৃত্ব প্ৰভূতভাৱে উপকৃত হ'লেও তেওঁৰ ভিন্ন মতৰ বাবে তেওঁ আমৃত্যু অপযশ আৰু নিৰ্যাতন বহন কৰিবলগীয়া হ'ল। ক্ষমতাৰ বৃত্তত সোমাই বিজ্ঞানৰ পৰকাষ্ঠা দেখুওৱাৰ মাছুল অ'পেনহাইমাৰে বেয়াকৈ দিবলগীয়া হৈছিল। কিন্তু পলমকৈ হ'লেও তেওঁৰ যেতিয়া ভুল ভাগিল তেতিয়া তেওঁ পৰম সততা আৰু দুৰ্জয় সাহসেৰে ৰাষ্ট্ৰৰ অন্যায় সিদ্ধান্তৰ বিৰুদ্ধে প্ৰায় অকলেই থিয় দিছিল। গণতন্ত্ৰৰ মৰ্যাদা আৰু গ্ৰহণযোগ্যতা এনে কিছুমান অকুতোভয় মানুহৰ বাবে আজিও বৰ্তি থাকিব পাৰিছে। আমাৰ ঠেৰুছিগা শিল্পী-সাহিত্যিকসকলে ইতিহাসৰ এই শিক্ষা কেতিয়া ল'ব?

(লেখকৰ অনুমতিসাপেক্ষে তেখেতৰ ফে'চবুকৰ পৃষ্ঠাৰপৰা সংগৃহীত)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ