অন্যযুগ/


স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-২

  (পাৰ্বতি প্ৰসাদ-বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)

নিজৰা ৰাজকুমাৰী


যিখন চিনেমাত গীতটি অন্তৰ্ভূক্ত কৰা হৈছিল, সেই চিনেমাখনৰ নাম নজনা সঙ্গীতপ্ৰেমীয়েও গুণগুণায় বা শুনি ভালপায় ড° ভূপেন হাজৰিকাৰ এটি গীত– সাগৰ সঙ্গমত কতনা সাঁতুৰিলো/ তথাপিতো হোৱা নাই ক্লান্ত/ তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত/ মনৰ প্ৰশান্ত সাগৰৰ বক্ষত/ জোৱাৰৰ নাই আজি অন্ত/ অজস্ৰ লহৰে নৱ নৱ গতিৰে/ আনি দিয়ে আশা অফুৰন্ত/ সাগৰ সঙ্গমত / প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ/ শান্তি আজি আক্ৰান্ত/… ৷ গীতটোৰ কথা আৰু কণ্ঠ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ৷ গীতটি সন্নিবিষ্ট কৰা হৈছিল ‘এৰা বাটৰ সুৰ’ নামৰ চিনেমাখনত৷ পৰিচালনা ভূপেন হাজৰিকাৰ৷ সঙ্গীত পৰিচালনা আৰু কাহিনীও ভূপেন হাজৰিকাৰ৷ মুক্তি দিয়া হৈছিল ১৯৫৬ চনৰ ৩০ নৱেম্বৰত৷ সামান্য ফালৰি কাটি এইখিনিতে ক’বলৈ মন যোৱা কথা এষাৰ হ’ল – ইয়াৰ এবছৰ আগেয়ে মুক্তি পাইছিল সত্যজিত ৰায়ৰ অমৰ সৃষ্টি ‘পথেৰ পাঁচালী’৷ দেশে-বিদেশে সমাদৰ পোৱা ‘পথেৰ পাঁচালী’ৰে সত্যজিত ৰায়ে তুলি ধৰা চলচ্চিত্ৰীয় ভাষা আছিল অভূতপূৰ্ব৷ ‘পথেৰ পাঁচালী’য়ে ভূপেন হাজৰিকাক আকৃষ্ট কৰাৰ কথা তেওঁ ক’ৰবাত প্ৰকাশো কৰিছিল৷

‘এৰা বাটৰ সুৰে’ৰে পৰিচালক হিচাবে ড হাজৰিকাই অসমীয়া চলচ্চিত্ৰত বিশেষ চাপ এৰি থৈ যাব নোৱাৰিলেও লতা মংগেশকাৰ, সন্ধ্যা মুখাৰ্জী, হেমন্ত মুখোপাধ্যায়, ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতসমূহ আজিও সমাদৃত বোলাতকৈ চিৰকালেই অসমৰ সঙ্গীতজগতত ৰৈ যাব বুলিহে কোৱাটো উচিত হ’ব৷ লতা মংগেশকাৰে কণ্ঠদান কৰা এইখন প্ৰথম অসমীয়া চিনেমা৷ পাহৰিব পাৰিমনে লতা মংগেশকাৰৰ কণ্ঠৰ — জোনাকৰে ৰাতি অসমীৰে মাটি/ জিলিকি জিলিকি পৰে/ মলয়াৰে ছাটি দুহাতে সাৱটি/ ধুনীয়া মালতী সৰে/ এইখন দেশ মোৰ তেনেই আপোন/ নিতে নিতে আনে নতুন সপোন/ আমাৰ গাঁৱৰে সৰু জুৰিটিত / তৰাই ধেমালি কৰে/ আশাৰ চাকি জ্বলে দুখীয়াৰে ঘৰে ঘৰে/ তাকে দেখি আন্ধাৰবোৰে / আমাৰ গাওঁ এৰে/…নাইবা হেমন্ত মুখোপাধ্যায়, লতা মংগেশকাৰ আৰু ভূপেন হাজৰিকাই গোৱা — ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক/ ওলাই দেখোন আহিলে ৰহদৈৰে জাক/ লগে লগে ল’ৰি আহিল সেউতীহঁতৰ মাক/ পাহাৰ বগাই নামি আহিল ডালিমীৰে জাক/…৷

অতিথি শিল্পীৰ ৰূপত চিনেমাখনত বলৰাজ চাহানীয়ে অভিনয় কৰিছিল৷ ফণী শৰ্মা, বিষ্ণু ৰাভা, ইভা আচাও, বিজয় শংকৰ, তচদ্দুক ইউচুফ, ৰেবেকা আচাও, গিৰিজা বৰুৱা, শুক্লা ৰায় আদিয়ে অভিনয় কৰা ‘এৰা বাটৰ সুৰ’ৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল প্ৰিয়ম হাজৰিকা আৰু ভূপেন হাজৰিকাই৷ চিত্ৰগ্ৰহণ কৰিছিল অনিল গুপ্তই আৰু কলা নিৰ্দেশনা আছিল বিজয় বসুৰ৷

১৯৫৬ চনৰ ১০ মে’ৰ দিনা মুক্তি লাভ কৰিছিল প্ৰথমখন অসমীয়া শিশুকেন্দ্ৰিক চিনেমা৷ চিনেমাখনৰ নাম- ‘মাক আৰু মৰম’৷ বৰুৱা আৰ্ট প্ৰডাকশ্বনছ্ৰ বেনাৰত নিৰ্মাণ কৰা ‘মাক আৰু মৰম’ৰ পৰিচালনা আছিল নিপ বৰুৱাৰ৷ চিত্ৰগ্ৰহণ নলীন দুৱৰাৰ৷ শব্দগ্ৰহণ, সম্পাদনা আৰু দৃশ্য পৰিকল্পনা ক্ৰমে কেষ্টৰ মুখাৰ্জী, গোবিন্দলাল চেটাৰ্জ্জী আৰু বিজয় বসুৰ৷ ‘মাক আৰু মৰম’ক আমি দাৰ্জিলিঙত দৃশ্যগ্ৰহণ কৰা প্ৰথমখন অসমীয়া চিনেমা হিচাবেও জানো৷ চিনেমাখনৰ সংগীত দিছিল ব্ৰজেন বৰুৱাই৷ স্বনামধন্য কবি হীৰেন ভট্টাচাৰ্যই ‘মাক আৰু মৰম’ৰ বাবে গীত লিখিছিল৷ এইটো আছিল চিনেমাৰ বাবে লিখা তেওঁৰ প্ৰথম গীত৷ ‘মাক আৰু মৰম’ৰ কাহিনী আৰু চিত্ৰনাট্যৰ ৰচনাও আছিল নিপ বৰুৱাৰ৷ চিনেমাখনে ১৯৫৭ চনৰ পঞ্চম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰিছিল৷ চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰাৰ লগতে ছবিখনে একাংশ দৰ্শকৰ পৰা প্ৰচুৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ চিনেমাখনৰ আন এক আকৰ্ষণ আছিল পেন্সি নামৰ কুকুৰটো৷ পোনপ্ৰথমবাৰৰ অসমীয়া চিনেমাত এনেদৰে প্ৰশিক্ষিত এলছেছিয়ান কুকুৰক দেখা গৈছিল৷ বৰ্তমানৰ স্বনামধন্য শিক্ষাবিদ ড অমৰজ্যোতি চৌধুৰীয়ে ভাইটি নামৰ মূল চৰিত্ৰ এটিত অভিনয় কৰিছিল৷ চিনেমাখনত অভিনয় কৰা অন্যান্য শিল্পীসকল আছিল– দ্বিবন বৰুৱা, ভণ্টী নীৰা, নিজৰা চৌধুৰী , উষা দেৱী, অমলেন্দু বাগচী, আভা দেৱী, ৰবীন্দ্ৰ প্ৰসাদ সিং, তৰুণ নাথ, ভোলা কাকতি, নেইমুদ্দিন, ঋষি বেনাৰ্জী, এফাৰিন এক্কা, বিমলেন্দু বাগচী আদি৷ বৰুৱা পৰিয়ালৰ চিনেমাসমূহৰ সঙ্গীত সদায়েই জনপ্ৰিয়৷ ডাঃ বেজবৰুৱা, যোগ-বিয়োগ, তৰামাই, আজলী নবৌ, ককাদেউতা নাতি আৰু হাতী আদি চিনেমাৰ গীতসমূহক কোন অসমীয়াই পাহৰিব পাৰিব! ব্ৰজেন বৰুৱাৰ প্ৰযোজনাত নিৰ্মিত ‘মাক আৰু মৰম’ৰ গীতসমূহ লিখিছিল কেশৱ মহন্ত, হীৰেন ভট্টাচাৰ্য আৰু নুৰুল হকে৷ পৰিচালক-চিত্ৰনাট্যকাৰ নিপ বৰুৱাই মাক আৰু মৰমৰ বাবে লিখিছিল কণমানি জিতু, জিনা, বুলু, ৰমেশহঁতৰ পৰিয়ালৰ কাহিনী৷ বিয়াৰ পাছত ঘৰ-সংসাৰত আৱদ্ধ হৈ পৰা বুলুৰ মনে বিচাৰিছিল এখন মুকলি আকাশ, স্বামীৰ সৈতে দুদিনৰ বাবে হ’লেও অলপ নিজা সময়৷ অফিচৰ কামত কলিকতালৈ যাবলৈ ওলোৱা ৰমেশৰ সৈতে বুলুও ওলাল৷ জিতু- জিনা আইতাকৰ লগত থাকিল৷ বুলুৱে মহানগৰীৰ পৰিৱেশ আৰু স্বামীৰ সান্নিধ্য প্ৰাণভৰি উপভোগ কৰিলে৷ এই সুযোগতে তাই ৰমেশক দাৰ্জিলিংখন চাই অহাৰ হেঁপাহৰ কথাও ক’লে৷ কাঞ্চনজংঘাৰ সৌন্দৰ্যই বুলু-ৰমেশৰ মনত ৰং সনাৰ সময়তেই পিছে অঘটন ঘটিল৷ পাহাৰৰ শিখৰৰ পৰা ভৰি পিছলি বুলু তললৈ সৰি পৰিল৷ অকণমান অসাৱধান হোৱাৰ ফলতেই বুলু হেৰাই গ’ল, জিতু-জিনা মাতৃহীনা হ’ল৷ বুলুৰ সৈতে একেলগে ওলাই যোৱা ৰমেশ অকলশৰীয়া হৈ ঘূৰি আহিল৷ আৰম্ভ হ’ল মাতৃহীনা দুটি সন্তানৰ চকুলোৰে সিক্ত অন্য এক সংগ্ৰাম৷ নিপ বৰুৱাই ১৯৫৬ চনৰ পৰা ১৯৬২ চনলৈকে– এই সাতবছৰ কালত ছয়খন চিনেমা নিৰ্মাণেৰে দৰ্শকক চমক দিছিল৷ এই ধাৰাবাহিকতা ৰক্ষা কৰি পৰিচালক চিত্ৰনাট্যকাৰ হিচাবে তেওঁ আগবঢ়াইছিল পাৰিবাৰিক, ধৰ্মীয়, আদৰ্শবাদী কাহিনীৰ চিনেমা৷

বৰুৱা পৰিয়ালৰ চিনেমাৰ গীতসমূহত অসমীয়াৰ বুকুৰ আপোন, চহা, চিনাকি পৰিৱেশ বা আৱেগ সদায়েই বিদ্যমান৷ তেনেস্থলত শিশুকেন্দ্ৰিক ছবিত জোনবাই আৰু ঘুমটিৰ কথা নাথাকিবনে! কেশৱ মহন্তৰ কথাৰে হিৰন্ময়ী বৰাৰ কণ্ঠৰ মাক আৰু মৰমৰ এটি মিঠা গীত হ’ল– জোনবাই এ চুমা এটি দে / মোৰ সোণৰ সেউজীয়া চকুতে / জোনে দিব জেতুকীয়া চুমাটি/ সোণ মোৰ যাব দেহি ঘুমটি/ পাখি মেলি নামি নামি আহ জোনবাই/ …

১৯৫৮ চনত আহিল প্ৰথমখন অসমীয়া ধৰ্মমূলক চিনেমা ভক্তপ্ৰহ্লাদ৷ //


(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ