(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)
নিজৰা ৰাজকুমাৰী
চিটিবাছ চালক ৰামু আৰু জোচেফ, ৰিক্সাৱালা ৰহিমৰ পৰা সোণটি, শেৱালি, মিনতি, জয়ন্ত আদিলৈকে যিবোৰ চৰিত্ৰৰ মানৱীয়তা অথবা অমানৱীয়তাই, পৰিৱেশ-পৰিস্থিতিয়ে নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত নিৰ্মাণ হোৱা, ১৯৭১ চনৰ ২৬ ফেব্ৰুৱাৰিত মুক্তি পোৱা চলচ্চিত্ৰখনৰ কাহিনীক গতি দিছিল সেইখনৰ নাম আছিল ‘মানৱ আৰু দানৱ’৷ পৰিচালনাৰ উপৰি চিত্ৰনাট্য ৰচনা কৰিছিল ইন্দুকল্প হাজৰিকাই৷ ‘মানৱ আৰু দানৱ’ৰ সংলাপ লিখিছিল প্ৰফুল্ল বৰাই৷ এইখন চিনেমাৰ বাবেই নুৰুল হকে লিখিছিল— এই চহৰৰ মস্তানা মই/ সকলোৱে মোক দিৱানা কয়/ মই দিৱানা দিল মস্তানা / উঠা উঠা উঠা উঠা চলে গাড়ী মোৰ/ আহা আহা যাবা কোন/ আহা যাবা চানমাৰি/ পাণবজাৰ বাৰোৱাৰী/ আহা মোল্লা আহা পূজাৰী/ আধুনিকা জটাধাৰী/ ল’ৰা বুঢ়া একেই যাত্ৰী/ কি চহকী কি ভিখাৰী……/৷ গীতটো গাইছিল দ্বীপেন বৰুৱাই৷ জিতু-তপনে সঙ্গীত পৰিচালনা কৰা ‘মানৱ আৰু দানৱ’ৰ বাবে নুৰুল হকৰ লগতে গীত লিখিছিল নিৰ্মলপ্ৰভা বৰদলৈয়ে৷ গীতসমূহত কণ্ঠদান কৰিছিল আৰতি মুখাৰ্জী, বনশ্ৰী সেনগুপ্ত, শ্যামল মিত্ৰ, দ্বীপেন বৰুৱা আদিয়ে৷ অভিনয় কৰিছিল বিদ্যা ৰাও, অনুপমা ভট্টাচাৰ্য, নিপন গোস্বামী, বিজয় শংকৰ, দীনেশ দাস, আভা হাজৰিকা, ক্ষীৰোদ হাজৰিকা আদিয়ে৷
১৯৭২ চনত আহিল ব্ৰজেন বৰুৱাৰ ‘ললিতা’৷ এই চিনেমাখনৰ বিষয়ে মই বিশেষ নাজানিছিলোঁ৷ মই লগ পোৱা চলচ্চিত্ৰৰসিকৰ মুখতো বৰকৈ শুনা নাছিলোঁ ‘ললিতা’ৰ নাম৷ ‘ললিতা’ ব্যৱসায়িকভাৱে সফল হৈছিল নে নাই তাকো নাজানো৷ মাথো শৈশৱত সঘনাই শুনা মনত পৰে দ্বীপেন বৰুৱাৰ কণ্ঠৰ এটি গীত — টুপ টুপ টুপলি/ পানী পালে মুকলি/ সময় যে গ’ল উকলি/ শুই থকা শিয়াল ধৰিব নোৱাৰে হাঁহ (গীতটিৰ ৰচনা কেশৱ মহন্তৰ )৷ এইটি ‘ললিতা’ৰ গীত৷ ‘ললিতা’ৰ সঙ্গীত দিছিল ৰমেন বৰুৱাই৷ চিত্ৰগ্ৰহণ কৰিছিল নলীন দুৱৰাই আৰু অভিনয় কৰিছিল বিজু ফুকন, ঈশান বৰুৱা, ধীৰু ভূঞা আদিয়ে৷
এই একেটা বছৰৰে শেষৰ ফাললৈ আহিল চহকী-অহংকাৰী পিতৃৰ শাৰীৰিক-মানসিক সমস্যাৰে ভাৰাক্ৰান্ত সন্তান অজয়ৰ কাহানীৰে গৌৰী বৰ্মনৰ চিনেমা ‘হৃদয়ৰ প্ৰয়োজন’৷ কামাখ্যা চিত্ৰৰ বেনাৰত নিৰ্মাণ হোৱা চিনেমাখন প্ৰযোজনা কৰিছিল খগেন দত্ত বৰুৱা আৰু কৃষ্ণা বৰ্মনে৷ প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ কাহিনীৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰিছিল পৰিচালক গৌৰী বৰ্মনে৷ সঙ্গীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই৷ নীলিমা খাতুন, দ্বীপেন বৰুৱা আদিয়ে কণ্ঠদান কৰা ‘হৃদয়ৰ প্ৰয়োজন’ৰ গীতসমূহৰ লগত মোৰ সিমান চিনাকি নাই৷ চিনেমাখনত কৃষ্ণা বৰ্মনৰ কণ্ঠত মহাপুৰুষ শংকৰদেৱৰ এটি বৰগীতো সন্নিৱিষ্ট কৰা হৈছিল৷ তথ্যমতে ৰমণী বৰ্মন, ধীৰু ভূঞা, গীতা চৌধুৰী, বীনা দাস মান্না, মিৰেল কুদ্দুছ আদিয়ে অভিনয় কৰা ‘হৃদয়ৰ প্ৰয়োজন’ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ যিয়ে চেন্সৰ বোৰ্ডৰ পৰা এ-চাৰ্টিফিকেট লাভ কৰিছিল৷ ১৯৭২ চনত মুক্তি পোৱা আন দুখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আছিল ‘ওপজা সোণৰ মাটি’ আৰু ‘বিভ্ৰাট’৷ ‘বিভ্ৰাট’ প্ৰযোজনা কৰিছিল পীতাম্বৰ শৰ্মা, বংশীধৰ শৰ্মা আৰু ফণী তালুকদাৰে৷ পৰিচালনা কৰিছিল ফণী তালুকদাৰে৷ দুৰ্গেশ্বৰ বৰঠাকুৰৰ কাহানীৰ আধাৰত ‘বিভ্ৰাট’ৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল দুৰ্গেশ্বৰ বৰঠাকুৰ আৰু ফণী তালুকদাৰে৷ এইখন চিনেমাত নৱকান্ত বৰুৱাই লিখিছিল— এই দুনিয়া এখন চিৰিয়াখানা/ চকুমুদি থকা বাঘে গুজৰিলে ভয় যে লাগে/ মনত পৰেহি মা-দেউতাৰ মানা/ এনেকৈয়ে দেউতায়ো যে খং উঠিলে গুজৰি উঠে…// গীতটিত কণ্ঠদান কৰিছিল আৰিফুন্নিছা পিয়াৰ, ঋতুপৰ্ণ শৰ্মা, মঞ্জৰী বৰুৱা, মন্দিৰা শৰ্মা, ভাৰতী পাঠকে৷ ‘বিভ্ৰাট’ৰ আনকেইটা গীত লিখিছিল নিৰ্মলপ্ৰভা বৰদলৈ, দ্বিজেন্দ্ৰ মোহন শৰ্মাই৷ খগেন মহন্ত আৰু মঞ্জৰী বৰুৱাই গাইছিল– দুনিয়া আমাৰ আস্তানা/ দিল মছগুল মস্তানা/ জীৱন বাটত কিমান যে বেগানা/ তুমিও পলৰীয়া/ আমিও পলৰীয়া/ আজৱ দুনীয়া জমানা…/ ‘বিভ্ৰাট’ৰ চিত্ৰগ্ৰহণ কৰিছিল সুজিত সিংহই৷ বিৰিঞ্চি ভট্টাচাৰ্য, কমল চৌধুৰী, লক্ষ্যধৰ চৌধুৰী, ক্ষীৰদা কান্ত বিষয়া, নীলু চক্ৰৱৰ্তী, প্ৰবীণ ফুকন, ৰুণু বৰুৱা আদিয়ে অভিনয় কৰা চিনেমাখনত অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল নিপন গোস্বামীয়ে৷ ১৯৭২ চনৰ ১৩ অক্টোবৰৰ দিনা মুক্তি পাইছিল উত্তৰ লখিমপুৰৰ প্ৰগতি চিনে প্ৰডাকশ্যন লিমিটেডৰ বেনাৰত নিৰ্মিত, ব্ৰজেন বৰুৱা পৰিচালিত চিনেমা ‘ওপজা সোণৰ মাটি’৷ অৰুণলোচন দাসৰ এটি লেখাত পঢ়িবলৈ পাইছিলো যে ‘ওপজা সোণৰ মাটি’ৰ শ্বুটিং শেষ হোৱাৰ ঠিক পাছতে ব্ৰজেন বৰুৱা অসুস্থ হৈ পৰিছিল আৰু ১৯৭২ চনৰ ২৮ জুনৰ দিনা গোলাঘাটৰ হস্পিটেলত ব্ৰজেন বৰুৱাৰ মৃত্যু হৈছিল৷ ফলত চিনেমাখনৰ পোষ্ট প্ৰডাকশ্বনৰ কাম, চেন্সৰ আদি নিপ বৰুৱাই কৰে৷ ‘ওপজা সোণৰ মাটি’ত ব্ৰজেন বৰুৱাই নিজেও অভিনয় কৰিছিল৷ জীৱন বৰাই লিখা কাহিনীৰ আধাৰত চিত্ৰনাট্যৰ ৰচনাও আছিল ব্ৰজেন বৰুৱাৰ৷ নলীন দুৱৰাই চিত্ৰগ্ৰহণ কৰা ‘ওপজা সোণৰ মাটি’ৰ সঙ্গীত দিছিল ৰমেন বৰুৱাই৷ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চিনেমা শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত ‘ওপজা সোণৰ মাটি’লৈ ৰূপৰ পদকো আহিছিল৷ গীতসমূহ লিখিছিল কেশৱ মহন্তই৷ কণ্ঠদান কৰিছিল দ্বীপেন বৰুৱা, পাহাৰী শইকীয়া, ৰমেন বৰুৱা, কৃষ্ণা বৰ্মন আদিয়ে৷
১৯৭৩-ৰ চিনেমাৰ কথা পাতিবলৈ হ’লে আমি নাম ল’ব লাগিব নলীন দুৱৰাৰ ‘মমতা’ৰ৷ ব্ৰজেন বৰুৱা, ৰুদ্ৰ বৰুৱা, ইভা আচাও, শিৱ প্ৰসাদ ঠাকুৰ, ভোলা কাকতি, চিৰাজুল ইছলাম আদিয়ে অভিনয় কৰা ‘মমতা’ৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল ড° মোহিনী কুমাৰ শইকীয়াই (সুৰেন শইকীয়াৰ কাহিনীৰ আধাৰত)৷ নটৰাজ ফিল্মছৰ বেনাৰত নিৰ্মিত ‘মমতা’য়ো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত পুৰস্কৃত হৈছিল (আঞ্চলিক ভাষাৰ চিনেমা শাখাত)৷ গীতসমূহত কণ্ঠদান কৰিছিল ৰুদ্ৰ বৰুৱা, ৰেহানা আখতাৰ হান্নান, মালবিকা বৰুৱা, ৰেকিবুদ্দিন আহমেদ আদিয়ে৷ ‘মমতা’ৰ সঙ্গীত পৰিচালনা মাণিক বৰা আৰু বসন্ত বৰদলৈৰ৷ এই বছৰতে মুক্তি পোৱা আন এখন চিনেমা হ’ল ‘অভিযান’৷ দ্বীপেন বৰুৱাই গোৱা ‘অভিযান’ৰ এটি গীত আমাৰ বৰ প্ৰিয় আছিল— এইখনি গাঁও বুকুৰ আপোন/ ইয়াতে দেখো নতুন সপোন/ কোনে জুমি চায় জুৰিৰ দাপোন/ ফুলৰ পাতত সাজোন কাচোন/ এই গাঁও আপোন আপোন/ এই গাঁও নিচেই আপোন/ আগলি বাঁহত বগলী নাচিছে/ আলফুলেকৈ কঁহুৱা হালিছে/ মুখে মুখে হাঁহি দেখোন…//(গীতৰ কথা--জয়ন্ত বৰুৱাৰ)৷ কেশৱ মহন্ত, নুৰুল হক আৰু নিৰ্মল প্ৰভা বৰদলৈয়েও ‘অভিযান’ৰ বাবে গীত লিখিছিল৷
(ক্ৰমশঃ)