শেষ নিশা চাৰি বজাত ৰেষ্টুৰেণ্ট এখনৰ
ভিতৰত এহাল যুৱক-যুৱতীয়ে কথা পাতি আছে৷ কথা মানে সম্মুখৰ টেবুলত বহি থকা তিনিজন
অচিনাকী লোকৰ মাজৰ সম্পৰ্কক লৈ অনুমান-অনুমান খেলা খেল এটা৷
-
তুমি
কি ভাবাঁ– সিহঁতৰ মাজৰ সম্পৰ্কটো কি?
-
নাজানো৷
-
এৰা, অনুমান কৰিবলৈ দিগদাৰ৷
-
মই
ভাবো শ্বেতাঙ্গজন আৰু এছিয়ান ছোৱালীজনী কাপ’ল আৰু এছিয়ান যুৱকজন তাইৰ ভায়েক বা
ককায়েক৷
-
ওঁহো,
এছিয়ান দুজন কাপ’ল আৰু ইজন তেওঁলোকৰ আমেৰিকান বন্ধু৷ নাইবা, কিজানি এছিয়ান দুজন
পৰ্যটক আৰু শ্বেতাঙ্গজন সিহঁতৰ টুৰিষ্ট গাইড৷
ধেমালি ধেমালিৰে আৰম্ভ হোৱা এই
কথোপকথনৰ পৰা মুঠেও অনুমান কৰিব নোৱাৰি পৰৱৰ্তী সময়ত মুকলি হৈ পৰা এই দুজন এছিয়ান
আৰু শ্বেতাঙ্গজনৰ মাজত থকা সম্পৰ্কৰ মেৰপাকৰ কথা৷ সঁচাকৈয়ে সম্পৰ্কৰ আঁতডাল মুকলি
হৈ পৰিল জানো? ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদিবলৈ চেষ্টা কৰি থকা মানৱ জাতিৰ সম্পৰ্কবোৰৰ
ৰহস্য জানো আমাৰ সম্মুখত পৰিস্কাৰ হয়! চিনেমাখনৰ নাম পাষ্ট লাইভছ্৷ পৰিচালক চেলিন ছং৷
পাষ্ট লাইভছ্ ৩৬ বছৰীয়া দক্ষিণ কোৰিয়ান-কানাডিয়ান নাট্যকাৰ-পৰিচালক তথা
চিত্ৰনাট্যকাৰ চেলিন ছঙৰ প্ৰথম পৰিচালিত চিনেমা৷ ইতিমধ্যে অহা মাৰ্চ মাহত অনুষ্ঠিত
হ’বলগীয়া অস্কাৰত চিনেমাখনে শ্ৰেষ্ঠ চিনেমা আৰু শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ মনোনয়ন
লাভ কৰিছে৷ ছানডেন্স চলচ্চিত্ৰ মহোৎসৱত প্ৰথম প্ৰদৰ্শনী অনুষ্ঠিত হোৱাৰ পাছত পাষ্ট
লাইভছ্ক ২০২৩-ৰ জুন মাহত আমেৰিকাত মুক্তি দিয়া হৈছিল৷ তেতিয়াৰে পৰা
দৰ্শক-সমালোচকৰ চৰ্চা লাভ কৰি আহিছে চিনেমাখনে৷ ব্যৱসায়িকভাৱেও সফল পাষ্ট লাইভছ্
নেশ্বনেল ব’ৰ্ড অৱ ৰিভিউৰ শীৰ্ষ দহখন চিনেমাৰ এখন হিচাবে পৰিগণিত হৈছে৷ চিনেমাখনৰ
আৰু দুটিমান সংলাপ উল্লেখ কৰো—
- তুমি কি একেবাৰে গুচি যাবা? আৰু কেতিয়াও
উভতি নাহা?
- ওহোঁ
নাহো৷
- কিয় গুচি যাবা?
- কাৰণ
কোৰিয়ানে সাহিত্যত ন’বেল বঁটা নাপায়৷
সহপাঠীৰ প্ৰশ্নৰ উত্তৰ দি থকা চটফটীয়া
কিশোৰীজনীৰ কথাত এনে এক ভাব আছিল যেন তাইৰ বাবে জীৱন একেবাৰে পোন-সহজ৷ আচলতে সেয়া
জটিলতা দেখা বয়সো নহয়৷ কিন্তু তাইৰ বন্ধু হে জঙ-ৰ বাবে জানো নায়’ঙাই দেশ এৰা কথাটো
ইমান সহজ আছিল! নায়’ঙা বা নোৰাৰ বিদায় হৈ পৰিছিল হে জঙৰ বাবে নিৰৱ প্ৰেম আৰু
অন্তহীন প্ৰতীক্ষাৰ অন্য নাম৷ সেই শান্ত, মৌন প্ৰেমৰ চোক ইমানেই বেছি আছিল যে
পাষ্ট লাইভছৰ দৰ্শকৰ মন ৰেপি ৰেপি শেষলৈ দুচকু পানীৰে ভৰাই পেলাইছিল৷ পাষ্ট লাইভছক
কেৱল জঙৰ প্ৰায় একপক্ষীয় শৈশৱৰ প্ৰেমৰ শক্তিশালী উপস্থাপন বুলি কৈ থ’ব নোৱাৰি৷
ভালপোৱাৰ, আবেগৰ ইমান তৰপ আৰু তৰহেৰে চিনেমাখন সিক্ত হৈ উঠিছে যে চলচ্চিত্ৰীয়
অভিজ্ঞতাৰ লগতে কাহিনীৰ মাদকতাই আমাক অন্য এক জগতলৈ লৈ গৈছিল৷ দক্ষিণ কোৰিয়াত
একেলগে শৈশৱ কটোৱা দুই সহপাঠী নোৰা আৰু জঙৰ দেশ সলনি হৈছিল, দুয়ো ডাঙৰ হৈ নিজৰ নিজৰ
কৰ্মক্ষেত্ৰত ব্যস্ত হৈ পৰিছিল৷ জঙে কিন্তু নোৰাক পাহৰা নাছিল আৰু তাৰ অশেষ
প্ৰচেষ্টাৰ পাছত দুখন ভিন্ন দেশত থাকিও ভিডিঅকলৰ জড়িয়তে দুয়োৰে মাজত সংযোগ স্থাপন
হৈছিল৷ জং আছিল ছিউলত আৰু নোৰা নিউইয়ৰ্কত৷ এই বন্ধুত্বক লৈ নোৰা কিন্তু জঙৰ সমান
আগ্ৰহী নাছিল৷ সিহঁতৰ কথা-বতৰাত যতি পৰিছিল, কাৰণ নোৰাই নিজৰ লেখক জীৱনত অধিক
ব্যস্ত হ’ব বিচাৰিছিল৷ সময়ত আৰ্থাৰ নামৰ যুৱক এজনৰ লগত নোৰাৰ বিয়া হৈ গৈছিল৷ জঙৰ
জীৱনলৈও এজনী প্ৰেয়সী আহিছিল৷ এনেকৈয়ে পুনৰ বাৰটা বছৰ পাৰ হৈ গৈছিল৷ মাজত এযুগৰ
অন্তৰাল লৈ নোৰাৰ জীৱনলৈ পুনৰ ঘূৰি আহিছিল জং৷ ঘূৰি অহা নহয়, আচলতে নোৰাক এটা মুহূৰ্তৰ
বাবেও সি হৃদয়ৰ পৰা আঁতৰোৱা নাছিল৷ কেৱল নোৰাৰ বাবেই সি ছিউলৰ পৰা নিউয়ৰ্কলৈ
আহিছিল৷ শৈশৱত এৰাএৰি হোৱা দুই বন্ধু মুখামুখি হৈছিল প্ৰায় মধ্যবয়সত৷ জঙৰ জীৱনযোৰা
এই মৌন-সুতীব্ৰ প্ৰেমৰ স্বৰূপ উপলব্ধি কৰাবলৈ পৰিচালক আৰু অভিনয় শিল্পীসকলে যি
পৰ্যায়লৈ সৃষ্টিশীলতাক তুলি ধৰিলে সেয়া অনন্য৷ কেমেৰাই দেখুৱালে কম, কিন্তু ক’লে
অনেক মোহলগা বা দুখলগা কথা৷ এয়া নিঃসন্দেহে চিত্ৰনাট্যৰ সাফল্য৷
নোৰাই লেখকসকলৰ এটা আলোচনাত কৈছিল – কোৰিয়ানত ইন-ইয়ন বুলি কথা এটা আছে, যাৰ অৰ্থ ভাগ্য৷ যদিহে কোনোবা দুজন অচিনাকি ব্যক্তিয়ে বাটত খোজকাঢ়ি যাওঁতে কাপোৰৰ লগত কাপোৰৰ স্পৰ্শও হয় তেন্তে জানিব লাগিব তেওঁলোক দুজনৰ পূৰ্বজন্মৰ কিবা সংযোগ আছে৷ কুৰি বছৰৰ পাছতো নোৰাৰ প্ৰতি জঙৰ প্ৰচণ্ড আগ্ৰহে তেন্তে কি সূচায়! নোৰাৰ স্বামী আৰ্থাৰক ঘৰত এৰি নোৰাই জঙক পদূলিলৈকে আগ বঢ়াই দিবলৈ আহিছিল৷ বিদায় বেলাত গাড়ীত উঠিবলৈ লোৱা জঙে নোৰাক কৈছিল– আকৌ লগ পাম তেন্তে৷ ছিউলৰ পৰা পুনৰ নিউয়ৰ্কলৈ অহাটো জঙৰ বাবে সহজ নহয়৷ মনলৈ আহিছিল আকৌ লগ পাম তেন্তে বুলি জঙে নোৰাক কোৱা কথাষাৰেৰে যেন জঙে সিহঁতৰ পাছৰ জন্মকহে ইঙ্গিত কৰিছিল৷ পাষ্ট লাইভছ্ পৰিচালক-চিত্ৰনাট্যকাৰ চেলিন চঙৰ আংশিকভাৱে আত্মজৈৱনিক কাহিনী৷ কিছুমান সঁচা ঘটনাৰ পৰাই তেওঁ চিনেমাখনৰ বহুকেইটা দৃশ্যৰ নিৰ্মাণ কৰিছে৷ ইংৰাজী আৰু কোৰিয়ান ভাষাৰ চিনেমাখনৰ দৈৰ্ঘ্য ১০৬ মিনিট৷ ইতিমধ্যেই চৰ্চালৈ অহা চিনেমাখনে এই বছৰৰ অস্কাৰতো নিশ্চয় সন্মান কঢ়িয়াবলৈ সক্ষম হ’ব৷