(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)
নিজৰা
ৰাজকুমাৰী
সমগ্ৰ বিশ্বজুৰি গল্প-উপন্যাসৰ আধাৰত নিৰ্মিত চিনেমাৰ সংখ্যা
অগণন৷ আখৰৰ পৰা পৰ্দালৈ উঠা দৃশ্যবোৰ চলচ্চিত্ৰৰসিকৰ দৃষ্টিত কেতিয়াবা সফল কেতিয়াবা
বিফল হয়৷ পাঠক আৰু দৰ্শক হিচাপে একেজন মানুহৰ অভিজ্ঞতা ভিন্ন হয়৷ আমি সাধাৰণভাৱে চিনেমাক
লৈ পাতি থকা কথাবোৰৰ ভিতৰুৱা এটা কথা হ’ল– যি জাতিৰ সাহিত্য উচ্চপৰ্যায়ৰ সেই জাতিৰ
চলচ্চিত্ৰতো ইয়াৰ সুপ্ৰভাৱ পৰে৷ সাহিত্য আৰু চিনেমাৰ সম্পৰ্কৰ কথা ক’বলৈ হ’লে আলোচনাটো
হয়তো শেষ হৈয়েই নাহিব৷ বিশ্ব বা ভাৰতৰ কথা বাদেই দিলোঁ, আমাৰ প্ৰথমখন চিনেমা জয়মতীয়েই
দেখোন ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নামৰ নাটখনৰ আধাৰত নিৰ্মিত৷ আজি পোনেই
সাহিত্যৰ কথা উলিওৱাৰ মূলতে হ’ল ১৯৭৫ চনৰ শেষৰ ফাললৈ মুক্তি পোৱা ক’লা-বগা চিনেমা কাঁচঘৰ৷
কাৰণ কাঁচঘৰ নিৰ্মিত হৈছিল নিৰোদ চৌধুৰীৰ কাঁচঘৰ নামৰেই উপন্যাসখনৰ আধাৰত৷ মনত পৰেনে
সুমন কল্যাণপুৰৰ কণ্ঠৰ সেই গীত –জীৱন ঘড়ীৰ প্ৰতিটো পল/ যেন গলি গলি গ’ল/ নিঃসঙ্গতাৰ
পৰুৱা এটি/ মাথো তাতে পৰি ৰ’ল/ তেজত আজি ৰক্ত কণিকা/ কিয় জানো কমি গ’ল/ দংশনৰত বীজাণুৰ
দল/ মোৰ যে লগৰী হ’ল/…৷ গীতটি লিখিছিল ভূপেন হাজৰিকাই৷ সম্ভৱতঃ চিনেমাখনৰ গোটেইকেইটি
গীতৰেই গীতিকাৰ আছিল ভূপেন হাজৰিকা৷ কাঁচঘৰৰ সঙ্গীত কৰিছিল জিতু-তপনে৷ অন্য কণ্ঠশিল্পীৰ
লগত ভূপেন দাই কাঁচঘৰৰ বাবে গাইছিল— আশ্বিন মাসে দুৰ্গা পূজা/ ঢাকেৰ কেমন গুৰগুৰি
/ তাৰেই মাঝে ঝিল মিল কৰে / মোৰ প্ৰাণেৰ সুন্দৰী/ লালশাড়ী পিন্ধি নাচে/ মাদল ঝুমুৰ
বাজনা/ নাকে নোলুক বায়ে তাবিজ/ ৰুনজুন বাজে গহনা…/চিনেমাখনৰ সংলাপ নিৰোদ চৌধুৰীয়ে লিখিছিল৷
বিজয় চৌধুৰী আৰু পীযুষ কান্তি ৰয়ে পৰিচালনা কৰা কাঁচঘৰৰ শব্দগ্ৰহণ আৰু সম্পাদনাৰ দায়িত্বও
পৰিচালক দুজনে ভগাই লৈছিল৷ অভিনয় কৰিছিল কলকাতাৰ অভিনেতা জয়শ্ৰী ৰায়কে ধৰি তচদ্দুক
ইউচুফ, জৰ্জ বেকাৰ, বিজয় শংকৰ, অমলা কটকী আদিয়ে৷ ড০ ভূপেন হাজৰিকাই লিখা আৰু গোৱা কাঁচঘৰৰ আন এটি গীতৰ কথা
কোৱাৰ লোভ সামৰিব নোৱাৰিলো৷ সেয়া হ’ল —অ’ থুনুকা কাঁচঘৰ/ তই বান্ধিবি কিমান/ মোৰ মনপখী/
সীমাৰ পৰিধি টানি/ সৌ অসীম আকাশ/…৷ নিৰোদ চৌধুৰীৰ আন এখন উপন্যাস ‘বনহংস’ক আধাৰ কৰি
একে নামেৰে ১৯৭৭-ত মুক্তি পাইছিল আব্দুল মজিদৰ চিনেমা বনহংস৷ প্ৰযোজনা সেউজ বোলছবি
সন্থা৷ ‘বনহংস’ৰ সঙ্গীত আছিল ভূপেন হাজৰিকাৰ৷ বিজয় শংকৰ, বীণা বাৰুৱতী, তিলমিজুৰ ৰহমান
আদিয়ে অভিনয় কৰিছিল৷
মন-প্ৰাণ উতলা কৰা ডেকা-গাভৰুৰ প্ৰেম, সমাজৰ বান্ধোন, ধনী-দুখীয়াৰ
মাজৰ সংঘাত, লুণ্ঠন-বঞ্চনা আনকি চহৰলৈ গৈ গাঁৱত থকা পিতৃ-মাতৃকো পাহৰি পেলোৱা সন্তানৰ
কাহিনী আদিৰে ভৰপূৰ চিনেমা চলি থাকোতে চিনেমালৈ ডকাইতৰ জীৱনৰ কথা অনাটো কিছু ব্যতিক্ৰম
নহয়নে! লাচিত চিত্ৰমৰ বেনাৰত ১৯৭৬ চনৰ শেষলৈ দৰ্শকৰ মাজলৈ আহিল ডকাইত বিষয়ক এখন চিনেমা
–‘আদালত’৷ ‘আদালত’ৰ প্ৰযোজনা পৰিচালনা তথা চিত্ৰনাট্যকাৰ দিলীপ ডেকা৷ বিভিন্ন চৰিত্ৰত
অভিনয় কৰিছিল জৰ্জ বেকাৰ, দীনেশ দাস, ইন্দ্ৰ বনিয়া আদিয়ে৷ আদালতৰ গীতসমূহৰ লগত অৱশ্যে
মোৰ সিমান পৰিচয় নাই, অৰ্থাৎ চিনেমাখনৰ গীতসমূহ মই ক’তো শুনা নাই বা শুনিলেও সম্ভৱতঃ
মন চুই নগ’ল বাবে মনত নাথাকিল৷ কিন্তু ইয়াৰ পাছৰ বছৰত মুক্তি পোৱা এখন চিনেমা ‘ধৰ্মকাই’ৰ
গীতসমূহ কিন্তু মোৰ একেবাৰে চিনাকি৷ ‘ধৰ্মকাই’ৰ গীত আজিও জনপ্ৰিয়৷ ‘ধৰ্মকাই’ৰ সঙ্গীত
দিছিল জয়ন্ত হাজৰিকাই৷ গীতকেইটি লিখিছিল নিৰ্মলপ্ৰভা বৰদলৈ, ভূপেন হাজৰিকা আদিয়ে৷ এক
দুই তিনি গান্ধী পুতলাক পাইছানে চিনি / এ চকু ঢাকি/ এ–কাণ ঢাকি মুখত হাত দি / কি কয়
কি কয়/ শুনা অকমানি/…গীতটিৰ গীতিকাৰ আছিল বিপুল কুমাৰ বৰুৱা৷ নিৰ্মলা মিশ্ৰ আৰু জয়ন্ত
হাজৰিকাৰ দ্বৈত কণ্ঠত শুনিছিলো ধৰ্মকাইৰ –সঁচাকে কোৱা/ কথাটি কোৱা/ ভাল জানো মোক পোৱা/
নকওঁ নকওঁ/ ওহোঁ নকওঁ/ মোৰ চকুলে চোৱা/ মোলৈ বাৰু তোমাৰ কিমান মৰম আছে কোৱা/ নকওঁ নকওঁ
ওহোঁ নকওঁ/ নিজক সুধি চোৱা/… গীতটি৷ জ্যোতি চিত্ৰ সমবায় সমিতিয়ে প্ৰযোজনা কৰা ‘ধৰ্মকাই’ৰ
পৰিচালনা ভবেন দাসৰ৷
১৯৭৮ ত আহিল চৈয়দ আব্দুল মালিকৰ কাহিনী আৰু আব্দুল মজিদৰ চিত্ৰনাট্য
পৰিচালনাৰে ‘বনজুই’৷ মৃদুলা বৰুৱা, তিলমিজুৰ ৰহমান আদি অভিনীত ‘বনজুই’ৰ সঙ্গীত ভূপেন
হাজৰিকাৰ৷ ‘বনজুই’ৰ বাবে ভূপেন দাই লিখিছিল— বনজুই বনতহে জ্বলে/ দেখা পোৱা যায়/ মনৰ
জুই মনত জ্বলে দেখাতো নাপায় হে/ বনজুই বনতহে জ্বলে/ হিটলাৰৰ জোতাৰ শৱদহে/ এহে গিৰিপ
গাৰাপ চলে/ ইহুদি নিধন পৰ্বত…/
জ’নচ্ মহলীয়া অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ জগতখনৰ এটি জনপ্ৰিয়
নাম৷ জ’নচ মহলীয়াৰ এই যাত্ৰাৰ আৰম্ভণি হৈছিল ‘দূৰণিৰ ৰং’ নামৰ চিনেমাখনেৰে৷ ‘দূৰণিৰ
ৰং’ দৰ্শকৰ মাজলৈ আহিছিল ১৯৭৯ চনৰ ১৬ নৱেম্বৰত৷ নৱাৰুণ ফিল্মছৰ বেনাৰত নিৰ্মিত চিনেমাখনৰ
প্ৰথম দৰ্শনী অনুষ্ঠিত কৰা হৈছিল গুৱাহাটীৰ মেঘদূত পিকচাৰ পেলেচত৷ ‘দূৰণিৰ ৰঙ’ৰ প্ৰযোজনা
আৰু পৰিচালনাৰ লগতে কাহিনী, চিত্ৰনাট্য আৰু সংলাপো লিখিছিল জ’নচ মহলীয়াই৷ অৱশ্যে সংলাপৰ
ক্ষেত্ৰত মহেন্দ্ৰ বৰঠাকুৰদেৱে মহলীয়াক সহায় কৰিছিল৷
জনচ্ মহলীয়াৰ ‘দূৰ চলে’ নামৰ হিন্দী ছবিৰ আধাৰত নিৰ্মিত হৈছিল
‘দূৰণিৰ ৰং’৷ ষ্টেট স্পিনিং মিলচ্ লৈ নতুনকৈ অহা সুদৰ্শন ডেকা এছিষ্টেণ্ট মেনেজাৰ অসীম
দত্তৰ জীৱনলৈ আহিছিল জুৰি দেৱীৰ প্ৰেম৷ ইফালে প্ৰতিষ্ঠানটোৰ মেনেজাৰ ভবেন্দ্ৰ বৰঠাকুৰো
জুৰিৰ প্ৰতি আকৰ্ষিত৷ সদায়েই কঠোৰ নিয়ম-নীতিৰ মাজেৰে চলি অহা সৎ কৰ্মচাৰী অসীম দত্তৰ
শত্ৰুৰো অভাৱ নাছিল৷ এসময়ত বিনাদোষত কলংকৰ বোজা ব’বলৈ বাধ্য হোৱা অসীমৰ পৰা তেওঁৰ প্ৰেম-ভালপোৱাও
হেৰাই গৈছিল৷ ঘটনাক্ৰমে জুৰি দেৱী অসীমৰ পৰা বহু দূৰলৈ আঁতৰি গ’ল৷ সুযোগৰ সুব্যৱহাৰ
কৰি যাতনাত দগ্ধ জুৰিক আঁকোৱালি ল’লে মেনেজাৰ ভবেন্দ্ৰ বৰঠাকুৰে৷ ধূৰ্ত বৰঠাকুৰৰ ওচৰলৈ
আহি জুৰি সোমাই পৰিল সুৰা আৰু অন্য ধৰণৰ এখন বিলাসী পৃথিৱীত৷ এসময়ত বিশ্বাসঘাটক বৰঠাকুৰ
হত্যাৰ বলি হ’ল৷ পুলিচৰ জালত পৰিল নিষ্পাপ-নিৰ্দোষী অসীম দত্ত৷ আনকি অসীমৰ পূৰ্বৰ প্ৰেয়সী
জুৰিয়েও তেওঁক বিশ্বাস নকৰিলে৷ জুৰিয়ে অসীমক পুলিচৰ হাতত গটাই দি মাথোঁ কান্দিলেহে৷
শাৰীৰিক তথা মানসিকভাৱে বিধ্বস্ত অসীমৰ আশ্ৰয় হ’লগৈ জেইল আৰু হস্পিতাল৷ যেতিয়ালৈ জুৰি
দেৱীয়ে অসীমৰ নিৰ্দোষিতাৰ প্ৰমাণ পালে তেতিয়ালৈ অসীমৰ হৃদস্পন্দন বন্ধ হৈ গৈছিল৷
ক্ৰমশঃ