ড° দীপশিখা ভাগৱতী
চলচ্চিত্ৰ মহোৎসৱ, ফিল্ম ফেষ্টিভেল বুলি ক'লে আজিৰ পৰা কেই বছৰমান আগলৈকে সাধাৰণ জনগণই সৰ্বসাধাৰণে ঢুকি পোৱাৰ উৰ্ধ্বৰ এক জাকজমক "এফেয়াৰ" বুলিয়েই ধাৰণা কৰি আছিল। ফিল্ম ফেষ্টিভেল বুলি ক'লে মানুহে কাঁ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, বাৰ্লিন, টৰণ্ট', ভেনিছ, বা অতি বেছি ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱকেই বুজিছিল বা জানিছিল। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সংখ্যাও আছিল যথেষ্ট কম। কিন্তু যোৱা কেই বছৰমানৰ পৰা যোগাযোগ ব্যৱস্থাৰ সহজ আৰু অভূতপূৰ্ব প্ৰসাৰে চিনেমাক, বা চলচ্চিত্ৰ মহোৎসৱক সাধাৰণ মানুহৰ মাজত, বিশেষকৈ চিত্ৰপ্ৰেমীৰ (filmbuff) মাজত জনপ্ৰিয় কৰি তুলিলে। চলচ্চিত্ৰ অধ্যয়নৰ বাবে যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়িল, চলচ্চিত্ৰৰ সংখ্যা বৃদ্ধি হ'ল, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত তথ্যচিত্ৰ (non feature film) জনপ্ৰিয় হৈ উঠিল আৰু মূলতঃ এই নতুন চিত্ৰনিৰ্মাতাসকলক উদগনি দিয়াৰ উদ্দেশ্যে দেশীয় পৰ্য্যায়ত, সমান্তৰালকৈ বৃদ্ধি পালে চলচ্চিত্ৰ মহোৎসৱৰ সংখ্যা। সকলো চলচ্চিত্ৰ মহোৎসৱৰে থীম বেলেগ বেলেগ হ'ব পাৰে, কিন্তু কিছুমান নিৰ্দিষ্ট উদ্দেশ্য সদায় একেই হয়। চলচ্চিত্ৰ মহোৎসৱৰ দহটা জেনেৰিক উদ্দেশ্য এনে ধৰণৰ :
১. স্বতন্ত্ৰ চিনেমাক নতুন
দৰ্শকৰ সন্মুখত উন্মোচন কৰা
সাধাৰণ জনতাৰ অধিকাংশই চিনাকী/প্ৰতিষ্ঠিত প্ৰডাকশ্যন হাউছৰ বা প্ৰতিষ্ঠিত পৰিচালকৰ আৰু মূলসুঁতিৰ বাণিজ্যিক চিনেমাৰ প্ৰতি বিভিন্ন বিপণন বাৰ্তা/ প্ৰমো আদিৰ জৰিয়তে আকৰ্ষিত হয়, যি সাধাৰণতে তুলনামুলভাৱে কম বাজেটৰ, বা নতুন পৰিচালকৰ ছবিৰ ক্ষেত্ৰত দেখা নাযায়। এক গুণগত মান অনুসৰণ কৰা চলচ্চিত্ৰ মহোৎসৱে মূলসুঁতিৰ আঁতৰত থকা, বাণিজ্যিক চাপ প্ৰতিৰোধী ছবি আৰু আনুষংগিক বিষয়বস্তু প্ৰদৰ্শন কৰে। অভিজ্ঞসকলৰ সমান্তৰালকৈ স্বতন্ত্ৰ কণ্ঠৰ দ্বাৰা নিৰ্মিত স্বতন্ত্ৰ ছবিৰ জৰিয়তেও বহু নতুন ধাৰণা প্ৰকাশৰ সম্ভাৱনা থাকে। এক আদৰ্শ চলচ্চিত্ৰ মহোৎসৱে এই সম্ভাৱনাসমূহ হক সাধন কৰিবলৈ যতন কৰে।
২.পৰীক্ষামূলক স্ক্ৰীনিং
দশক দশক ধৰি বহু চলচ্চিত্ৰ নিৰ্মাতাই চলচ্চিত্ৰ মহোৎসৱক তেওঁলোকৰ ফিল্মৰ পৰীক্ষামূলক প্ৰদৰ্শনৰ উপযুক্ত মঞ্চ হিচাপে ব্যৱহাৰ কৰা লক্ষ্য কৰা যায়। বাণিজ্যিক চলচ্চিত্ৰ নিৰ্মাণ কোম্পানীয়ে নিজৰ ছবিৰ পৰীক্ষামূলক স্ক্ৰীনিং কৰাৰ দৰে তেওঁলোকেও দৰ্শকৰ উপস্থিতিত নিজৰ ফিল্মসমূহৰ কেনভাছ কৰে। চলচ্চিত্ৰ মহোৎসৱৰ প্ৰদৰ্শনত দৰ্শকৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰাৰ পাছত ছবি নিৰ্মাতাই বাণিজ্যিকভাৱে মুক্তি পোৱাৰ আগতে তেওঁলোকৰ ছবিখন পুনৰ সম্পাদনা কৰিবলৈ বাছি ল’ব পাৰে।
৩. বিপণনৰ কছৰৎ
এজন চলচ্চিত্ৰ নিৰ্মাতাৰ বাবে চলচ্চিত্ৰ মহোৎসৱৰ গুৰুত্ব তেওঁলোকে অংশগ্ৰহণ কৰা চলচ্চিত্ৰ মহোৎসৱৰ বিপণনগত পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰে। সৰু-বৰ যিকোনো চলচ্চিত্ৰ নিৰ্মাতাই তেওঁলোকৰ ছবিখনৰ প্ৰতি সজাগতা বৃদ্ধি কৰাটো প্ৰয়োজন হৈ পৰে। বৃহৎ ষ্টুডিঅ’সমূহে বৃহৎ বাজেটৰ জনসংযোগ আৰু বিপণন কৌশল ব্যৱহাৰ কৰে, যি অধিকাংশ সময়ত এজন স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাৰ আৰ্থিক সামৰ্থ্যৰ বাহিৰৰ কথা। চলচ্চিত্ৰ মহোৎসৱে তেওঁলোকৰ ছবিৰ বিপণনত চলচ্চিত্ৰ নিৰ্মাতাক সহায় কৰিবলৈ তিনিটা উপায়েৰে চেষ্টা কৰে :
ক. বঁটা
বঁটা লাভ কৰাটো উৎসৱৰ পোষ্টাৰত ল’ৰেল লগোৱাৰ এক ডাঙৰ কাৰণ। অৱশ্যে মহোৎসৱৰ মান আৰু গুৰুত্বই বঁটাৰ গুৰুত্বও নিৰূপণ কৰিব।
খ. পৰ্যালোচনা আৰু
সাক্ষাৎকাৰ
উৎসৱত অংশগ্ৰহণ কৰাৰ এটা ডাঙৰ কাৰণ হ’ল ছবিখনৰ হাইপ আৰম্ভ কৰা। স্থানীয় ব্লগাৰ আৰু পৰ্যালোচকসকলক এখন চিনেমা চাবলৈ আৰু মন্তব্য কৰিবলৈ অনুৰোধ কৰাটো হৈছে চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁলোকৰ শেহতীয়া প্ৰজেক্টৰ বিষয়ে ৰাইজৰ মাজত প্ৰচাৰ আৰম্ভ কৰাৰ এক ফলপ্ৰসূ উপায়।
গ. চলচ্চিত্ৰৰ বিক্ৰী
কিছুমান বিশেষ উৎসৱে সঁচাকৈয়ে চলচ্চিত্ৰ অধিগ্ৰহণৰ কাৰ্যবাহীসকলক আকৰ্ষণ কৰাত আৰু সম্পাদকক নিজৰ প্ৰদৰ্শনলৈ নিযুক্তি দিয়াত বুদ্ধিদীপ্ত ভূমিকা লয়। এই ছবি ক্ৰেতাসকলে তেওঁলোকৰ প্ৰতিযোগীসকলে কৰাৰ আগতেই শেহতীয়া সমলসমূহ আৱিষ্কাৰ আৰু অধিগ্ৰহণ কৰাৰ উদ্দেশ্যে উৎসৱসমূহত উপস্থিত থাকে।ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ফিল্ম বাজাৰ অনুষ্ঠানটো এই পৰম্পৰাৰ সুস্থ উদাহৰণ, যত দেশ বিদেশৰ বহু চিত্ৰ নিৰ্মাতাই নিজৰ চলচ্চিত্ৰ বিপননৰ বাবে প্ৰেৰণ কৰে। কাঁ মাৰ্চে ড্যু ফিল্ম মাৰ্কেট, এ এফ এম আমেৰিকান ফিল্ম মাৰ্কেট, য়ুৰোপিয়ান ফিল্ম মাৰ্কেট, ফিল্মলণ্ডন প্ৰডাকশ্যন ফাইনেঞ্চ মাৰ্কেট, MIPCOM কাঁ, এছিয়া টিভি ফৰাম এণ্ড মাৰ্কেট, BANFF মিডিয়া ফেষ্টিভেল, টৰন্ট' আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেল, চানদেঞ্চ ফিল্ম ফেষ্টিভেল, হট ডক্ছ - এইসমূহ বিশ্বৰ বিশাল ফিল্ম মাৰ্কেটৰ অন্যতম।
৪. শিক্ষণ
বহু উৎসৱত চলচ্চিত্ৰ নিৰ্মাণৰ দিশসমূহৰ ওপৰত আকৰ্ষণীয় পেনেল আলোচনা আৰু মাষ্টাৰক্লাছ অনুষ্ঠিত হয়। এইবোৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু সাধাৰণ জনতাৰ বাবে আগ্ৰহৰ বিষয়। এই ধৰণৰ অনুষ্ঠানসমূহ ছবি নিৰ্মাতা আৰু তেওঁলোকৰ ছবিসমূহৰ প্ৰচাৰৰ বাবে এক উপযোগী উপায়, লগতে চলচ্চিত্ৰ উদ্যোগক আৱৰি ৰখা বহুতো আঁৰৰ কথা জনাতো উপস্থিতসকলক সহায় কৰে। মহোৎসৱত এটা ভাল শিক্ষণ অনুষ্ঠানৰ ধাৰাবাহিকতাই কেৱল চলচ্চিত্ৰ নিৰ্মাতাসকলেই নহয়, সাধাৰণতে মানৱীয় ক্ষেত্ৰত মানুহে সন্মুখীন হোৱা গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো বিতৰ্ক আৰু সমাধানৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে, কিয়নো সামূহিক কলাৰ আটাইতকৈ প্ৰভাৱশালী মাধ্যম হিচাপে চলচ্চিত্ৰই মানৱীয় দিশৰ উন্মোচনৰ ওপৰত আলোকপাত কৰাটো সকলো বিবেকৱান মানুহৰেই কাম্য।
৫. নেটৱৰ্কিং
চলচ্চিত্ৰ উদ্যোগটো এটা জন উদ্যোগ। আপুনি কি জানে সেয়া গুৰুত্বপূৰ্ণ নহয়, কাক জানে, সেয়াহে অধিক গুৰুতত্বপূৰ্ণ। সকলো শ্ৰেণীৰ সমমনা দৰ্শকৰ সৈতে উৎসৱত অংশগ্ৰহণ কৰাটো চলচ্চিত্ৰৰ বিভিন্ন দিশৰ সৈতে জড়িত এগৰাকী ব্যক্তিৰ প্ৰভাৱৰ বৃত্তটো বৃদ্ধি কৰাৰ এক উত্তম উপায়, যিয়ে চলচ্চিত্ৰ মহোৎসৱৰ গুৰুত্বৰ ওপৰত পুনৰ আলোকপাত কৰে। চলচ্চিত্ৰ উদ্যোগত এজন aspirant ৰ যিয়েই স্থান নহওক, বা চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ যি পৰ্যায়ৰেই নহওক, চলচ্চিত্ৰ মহোৎসৱ নতুন মানুহক লগ পোৱাৰ এক অত্যন্ত উপযুক্ত স্থান।
৬. নতুন প্ৰতিভাৰ বাবে মঞ্চ
পৰম্পৰাগতভাৱে উৎসৱবোৰেই হৈছে পেছাদাৰী আৰু অপেছাদাৰী - সকলো চলচ্চিত্ৰ নিৰ্মাতাই নতুন প্ৰতিভাক চিনাক্ত কৰিবলৈ যোৱা ঠাই।
৭.পৰ্যটন আৰু স্থানীয় অৰ্থনীতি
সফল চলচ্চিত্ৰ মহোৎসৱ থকা যিকোনো সম্প্ৰদায়ে এটা উৎসৱে কঢ়িয়াই অনা কলাত্মক, সাংস্কৃতিক আৰু বাণিজ্যিক সফলতাৰ বাবে গৌৰৱ কৰে। স্থানীয় সম্প্ৰদায় এটাৰ বাবে ই কেৱল ৰেড কাৰ্পেট আৰু উৎসৱক কেন্দ্ৰ কৰি হোৱা সকলো ঘটনা-পৰিঘটনা নহয়। উৎসৱটোৱে সৃষ্টি কৰা ভিন্ন বৰ্গৰ চাকৰি, দৰ্শনাৰ্থীক প্ৰদান কৰা আতিথ্য আৰু উৎসৱ অনুষ্ঠিত হোৱা অঞ্চলৰ বাণিজ্যিক প্ৰতিষ্ঠানসমূহে লাভ কৰা ব্যৱসায়িক লাভো চলচ্চিত্ৰ মহোৎসৱৰ অবিচ্ছেদ্য অংগ ৷
৮. থিয়েটাৰত মুক্তিলাভৰ সম্ভাৱনা
এখন স্বতন্ত্ৰ ছবিৰ থিয়েটাৰত মুক্তিৰ আৰু সফলতা লাভৰ সম্ভাৱনা কিমান সেয়া নিশ্চিত কৰিব বিতৰণ বিশেষজ্ঞ সকলে। চিনেমা হলত চলি থাকে চলচ্চিত্ৰ মহোৎসৱ। আৰু এজন চলচ্চিত্ৰ নিৰ্মাতাই জনসাধাৰণৰ সন্মুখত নিজৰ সৃষ্টি বিস্তৃতকৈ প্ৰদৰ্শন কৰাৰ এয়া এক সুন্দৰ সুযোগ। বহু সময়ত তেওঁলোকে বঁটা লাভ কৰাৰ ক্ষেত্ৰতো এই থিয়েট্ৰিকেল প্ৰদৰ্শনসমূহে যথেষ্ট সহায় কৰে।
এইখিনিতে এটা ব্যক্তিগত অভিজ্ঞতা উল্লেখ কৰোঁ। এইবছৰ, অৰ্থাৎ ২০২২ ৰ নৱেম্বৰ মাহত, গোৱাত অনুষ্ঠিত ভাৰতৰ ৫৩ সংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত, ফিল্ম ক্ৰিটিকছ চাৰ্কল অৱ ইণ্ডিয়াৰ সদস্যৰূপে, প্ৰেছ কাৰ্ড পাই ফিল্ম বাজাৰৰ প্ৰৱেশ পত্ৰ তথা ফ্ৰেঞ্চ ফিল্ম মেকাৰ্ছ মীটত যোগ দিয়াৰ সুবিধা পাইছিলোঁ। লগতে ডেলিগেট হিচাপে চ্চুপ, পেডমেন, পা, চিনি কম, মিশ্যন মঙ্গল, ডিয়েৰ জিন্দেগী আদিৰ দৰে সংবেদনশীল চলচ্চিত্ৰৰ পৰিচালক আৰ বালকীৰ মাষ্টাৰক্লাছত যোগ দিয়াৰ সুবিধা পাইছিলোঁ। মডাৰেটৰ হিচাপে আছিল দেশৰ প্ৰসিদ্ধ চিত্ৰ আলোচক মায়ংক শেখৰ। তাত তেখেতে স্পষ্টভাৱে কৈছিল, যে বৰ্তমানৰ পৰিস্থিতিত, কোনো এখন চলচ্চিত্ৰৰ থিয়েট্ৰিকেল ৰিলিজৰ পূৰ্বে ফেষ্টিভেল স্ক্ৰিনিং আৰু একোটা অভিজ্ঞ মাৰ্কেট বিশেষজ্ঞৰ দলৰ দ্বাৰা "মাৰ্কেট ছাৰ্ভে" কৰাটো জৰুৰী হৈ পৰিছে।
৯. সাম্প্ৰদায়িক সংযোগ
চলচ্চিত্ৰ মহোৎসৱ এটা সম্প্ৰদায়ক একত্ৰিত কৰাৰ এক উত্তম উপায়। এটা উৎসৱে বহু লোকক ছবি উপভোগ কৰিবলৈ, ছবি নিৰ্মাতাৰ সৈতে জড়িত হোৱাৰ লগতে ছবি নিৰ্মাতাসকলে উৎসাহেৰে কোৱা কাহিনীবোৰ উদযাপন কৰিবলৈ প্ৰেৰণা দিব পাৰে। ফেষ্টিভেলে এক একতাৰ অনুভূতি সৃষ্টি কৰে, য’ত স্থানীয় লোকসকলে দৰ্শনাৰ্থী চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে একাত্ম অনুভৱ কৰে আৰু তেওঁলোকৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰে।
১০. বৈচিত্ৰ্যক উদযাপন কৰা
মেৰুকৰণ হৈছে এটা ধাৰা যাৰ সৰ্বোত্তম বিৰোধিতা কৰাৰ উপায় হৈছে চলচ্চিত্ৰ মহোৎসৱসমূহ। চিনেমাৰ জৰিয়তে যিকোনো ধৰণৰ পক্ষপাতিত্বক প্ৰত্যাহ্বান জনাব পাৰি। ধৰ্মীয়, ধাৰণাৰপৰা মুক্ত কৰি এক বহল পৃথিৱীলৈ লৈ গৈ জীৱনটো প্ৰকৃততে কেনেকুৱা, সেই কথাৰ সম্মুখীন কৰাই দিয়ে এই মহোৎসৱসমূহে।
কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু হাউছ অৱ ইলিউজনছ
২০১৭ চনত আৰম্ভ হোৱা কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনী, পেনেল আলোচনা, কৰ্মশালা, মাষ্টাৰক্লাছ আৰু চলচ্চিত্ৰ প্ৰশংসা শিবিৰ অনুষ্ঠিত হয়। মূলতঃ চিনেমা সংস্কৃতিৰ প্ৰসাৰৰ বাবে হিমালয়ান ছ'চাইটি ফৰ আৰ্ট, কালচাৰ, এডুকেশ্যন, এনভাইৰনমেণ্ট এণ্ড ফিল্ম ডেভেলপমেণ্টে আৰম্ভ কৰিছিল কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।
চুটি কল্পকাহিনী আৰু তথ্যচিত্ৰকে ধৰি বিভিন্ন শিতানৰ অধীনত যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক বঁটা প্ৰদান কৰা হয়। কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰথম দুটা সংস্কৰণ নাইনিতালৰ কুমাওঁ বিশ্ববিদ্যালয়ৰ চেল ফৰ এথ্নোমিউজিক’গ্ৰাফী এণ্ড ফিল্ম মেকিং আৰু ইয়াৰ সহযোগত অনুষ্ঠিত হৈছিল। ২০১৯ চনৰ পৰা আলমোৰা জিলা প্ৰশাসনে, হিমালয়ৰ বিশাল পাদদেশত অৱস্থিত উত্তৰাখণ্ডৰ মাৰ্চুলাৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ বহিঃ অঞ্চলত অৱস্থিত মাহাছীৰ ফিশ্বিং কেম্পৰ অসাধাৰণ প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজত এই উৎসৱৰ আয়োজন কৰি আহিছে। এই উৎসৱৰ পৰিচালক হৈছে ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ এলুমনি ৰাজেশ শ্বাহ, আৰ্টিষ্টিক ডিৰেক্টৰ শালিনী শ্বাহ আৰু পৰামৰ্শদাতা ব’ৰ্ডৰ সদস্য হৈছে ক্রিষ্টোফাৰ ড'ল্টন।
সমান্তৰালকৈ, হাউচ অৱ ইলিউজনছ হৈছে মূলতঃ অখ্যাত, অল্পখ্যাত প্ৰতিভা আৱিষ্কাৰৰ বাবে আৰু সংবেদনশীল চলচ্চিত্ৰ সৃষ্টিক উৎসাহিত কৰাৰ বাবে প্ৰতিষ্ঠা কৰা এটা চলচ্চিত্ৰ ষ্টুডিঅ’। বহু বছৰৰ পূৰ্বে এই ষ্টুডিঅ’ৰ অফিচিয়েল ৱেবছাইট মুকলি কৰিছিল গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মহোৎসৱ পৰিচালক মনিতা বৰগোহাঁয়ে। হাউচ অৱ ইলিউজনছৰ প্ৰতিষ্ঠাতা হৈছে ক্রিষ্টোফাৰ ড'ল্টন।
কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২১
২০২১ বৰ্ষত, সমগ্ৰ বিশ্বৰ ৫০খনতকৈও অধিক চুটি কল্পকাহিনী, তথ্যচিত্ৰ, বৈশিষ্ট্যপূৰ্ণ ছবি দুখন পৰ্দাত সমান্তৰালভাৱে প্ৰদৰ্শিত হৈছিল। দুখন গ্ৰন্থৰ উত্তৰাখণ্ড উন্মোচন হৈছিল। এই উপলক্ষে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰিচালক মনিতা বৰগোহাঁয়ে তেওঁৰ কফি টেবুল বুকখন মুকলি কৰে, আৰু চলচ্চিত্ৰ সমালোচক ড০ দীপশিখা ভাগৱতীয়ে উৎপল দত্তৰ চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ "চলচ্চিত্ৰৰ ৰসাস্বাদন"খনৰ তেওঁ কৰা ইংৰাজী অনুবাদ "Film Appreciation" উন্মোচন কৰে। ইয়াৰ উপৰি দুটা পেনেল আলোচনা অনুষ্ঠিত কৰা হয়। পেনেলিষ্টসকলৰ ভিতৰত আছিল ৰঞ্জন ঘোষ, প্ৰশান্ত নাইক, ড০ দীপশিখা ভাগৱতী, য়শ চাৱন, শ্ৰীকান্ত ভাৰ্মা, আৰু সুশীল শৰ্মা। আলোচিত বিষয়সমূহ আছিল “বৰ্তমানৰ পৰিস্থিতিত অ’টিটিৰ উত্থান”, “এটা ভূমিকাৰ বাবে অভিনেতাৰ প্ৰস্তুতি” আৰু “ভাৰতীয় চিনেমাৰ ভৱিষ্যত”।
৫টা পৃথক জুৰী পেনেলে বিভিন্ন শাখাত বঁটা প্ৰদান কৰে। ফিচাৰ জুৰীত আছিল সুৰেন্দৰ চৌধুৰী, হিমাংশু খাটুৱা, আৰু ছিমন মৰিয়ানী (ইটালী)। চুটি কল্পকাহিনীৰ জুৰীত আছিল উমামাহেশ্বৰ ৰাও, পৰেশ কামদাৰ, মঞ্জৰুল ইছলাম মেঘ (বাংলাদেশ)। তথ্যচিত্ৰৰ জুৰীত আছিল সুধীৰ টেণ্ডন, সুভাষ সাহু, আৰু জুডি গ্লেডষ্টোন (কানাডা)। এনিমেচন জুৰীত আছিল মনিতা বৰগোহাঁই, অমৃত প্ৰীতম, আৰু চাৰ্লট ছামাৰ্ছ (স্পেইন)। হাউচ অৱ ইলিউজনে দুটা বঁটা প্ৰদান কৰিছিল; এটা শ্ৰেষ্ঠ ছাত্ৰ চলচ্চিত্ৰৰ বাবে, আৰু আনটো এগৰাকী মহিলা পৰিচালকৰ শ্ৰেষ্ঠ ছবিৰ বাবে; জুৰীত আছিল প্ৰশান্ত নাইক, ৰেছুল পুকুটি আৰু আলেকজেন্দ্ৰ বিয়েৰ্নাকা (পোলেণ্ড)। ভাৰতীয় চলচ্চিত্ৰ সমালোচক চক্ৰই শ্ৰেষ্ঠ debut চুটি কল্পকাহিনী আৰু শ্ৰেষ্ঠ debut এনিমেচনৰ বাবে বঁটা প্ৰদান কৰে; জুৰীত আছিল জ্ঞানেশ মোঘে, দীপশিখা ভাগৱতী, আৰু অসীম ছাব্ৰা। উল্লেখযোগ্য যে ২০২১-ৰ কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ Focus আছিল অসমৰ চলচ্চিত্ৰ, য'ত "চেমখৰ"-এ লাভ কৰিছিল শ্ৰেষ্ঠ ছবিৰ বঁটা। শ্ৰেষ্ঠ student Film-অৰ বাবে হাউছ অৱ ইলুজনছৰ বঁটা লাভ কৰিছিল জেচাৰী গুডউইন, ফ্লিন হেৰিছ, এলেক্স ফ্লেনাগান আৰু এলেক্স কুম্ফৰে, “আইজ” (U.S.A.) চলচ্চিত্ৰৰ বাবে।
এগৰাকী মহিলা পৰিচালকৰ শ্ৰেষ্ঠ ছবিৰ বাবে হাউচ অৱ ইলিউজনছৰ বঁটাৰে সন্মানিত হৈছিল মৰভাৰীদ কাছিয়ানৰ চলচ্চিত্ৰ- “বডিজ” (ইৰান)। শ্ৰেষ্ঠ debut চুটি কল্পকাহিনীৰ বাবে ফিল্ম ক্ৰিটিকছ চাৰ্কল অৱ ইণ্ডিয়াৰ বঁটা লাভ কৰিছিল ইয়াছেৰ বাৰ্জেগাৰৰ চলচ্চিত্ৰ “ছাবচাৰ্ভিয়েণ্ট” এ (ইৰাণ)। শ্ৰেষ্ঠ debut এনিমেচনৰ বাবে ফিল্ম ক্ৰিটিকছ চাৰ্কল অৱ ইণ্ডিয়াৰ বঁটাৰে সন্মানিত হৈছিল মজিদ ছাবৰীৰ এনিমেটেড ফিল্ম - “ড্ৰিম” (ইৰাণ)
কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২২
পৰম্পৰা পালনেৰে, ২০২২ বৰ্ষত, একেই স্থানতে, ২ ডিচেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ ৩ দিনীয়াকৈ কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৫০খন চুটি কল্পকাহিনী, তথ্যচিত্ৰ, এনিমেচন, আৰু বৈশিষ্ট্যপূৰ্ণ ছবি দুখন পৰ্দাত সমান্তৰালভাৱে প্ৰদৰ্শিত হৈছিল। ২০২২ বৰ্ষৰ জুৰী সদস্য সকল আছিল : শ্ৰেষ্ঠ ছাত্ৰ ছবি আৰু শ্ৰেষ্ঠ মহিলা পৰিচালকৰ শিতানত, হাউছ অৱ ইলিউজনছ বঁটাৰ বাবে- তিগমাংশু ধুলীয়া, সুনীল পুৰাণিক, উমা মাহেশ্বৰ ৰাও। শ্ৰেষ্ঠ debut ছবিৰ বাবে ফিল্ম ক্ৰিটিকছ চাৰ্কল অৱ ইণ্ডিয়া বঁটাৰ বাবে: শৈবাল চেটাৰ্জী, পীয়ুষ ৰায় আৰু এম.কে. ৰাঘবেন্দ্ৰ। ২০২২ ৰ, কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ ছবিৰ বঁটাৰে বিভূষিত হয় "বাটাৰফ্লাই অন দ্য উইণ্ড'পেন" (সুজিত বিদাৰি)। শ্ৰেষ্ঠ চুটি ফিকশ্যনৰ অদিয়েঞ্চছ্ চইছ বঁটা লাভ কৰে "কেফচান" এ (ইৰাণ)। শ্ৰেষ্ঠ ছাত্ৰ এনিমেচন ছবিৰ বাবে হাউছ অৱ ইলিউজনছ বঁটা: "ড্ৰীম ইটাৰ্ছ"। শ্ৰেষ্ঠ মহিলা পৰিচালকৰ বাবে হাউচ অৱ ইলিউজনছ বঁটা: আইমী বৰুৱা। শ্ৰেষ্ঠ ষ্টুডেণ্ট চুটি কল্পকাহিনীৰ বাবে হাউছ অৱ ইলিউজনছ বঁটা: "ৰেজাৰেকশ্যন"। শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ debut ছবিৰ বাবে ফিল্ম ক্ৰিটিকছ চাৰ্কল অৱ ইণ্ডিয়া বঁটা: "পেবলছ"। শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ debut ছবিৰ ফিল্ম ক্ৰিটিকছ চাৰ্কল অৱ ইণ্ডিয়া special mention বঁটা: "ক্লাউড এণ্ড দ্য মেন"। শ্ৰেষ্ঠ debut চুটি কল্পকাহিনীৰ বাবে ফিল্ম ক্ৰিটিকছ চাৰ্কল অৱ ইণ্ডিয়া বঁটা: "ছাবিনা"। শ্ৰেষ্ঠ debutএনিমেচন চলচ্চিত্ৰৰ বাবে ফিল্ম ক্ৰিটিকছ চাৰ্কল অৱ ইণ্ডিয়া বঁটা: "ড্ৰীম ইটাৰ্ছ"। শ্ৰেষ্ঠ debut তথ্যচিত্ৰৰ বাবে ফিল্ম ক্ৰিটিকছ চাৰ্কল অৱ ইণ্ডিয়া বঁটা: "ডটাৰ্চ অন ৰেন্ট"।
বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্য্যায়ত চলচ্চিত্ৰ শিক্ষাৰ (film studies) ৰ এই বিশাল প্ৰসাৰ আৰু অন্তৰ্ভুক্তিৰ দিনত চিত্ৰনিৰ্মাতাসকলৰ বাবে, বিশেষকৈ নতুন সকলৰ বাবে চলচ্চিত্ৰ মহোৎসৱৰ গুৰুত্ব অপৰিসীম। ভাৰতৰ তথ্য আৰু প্ৰসাৰণ মন্ত্ৰালয়ে প্ৰত্যেক বছৰে, নৱেম্বৰ মাহত গোৱাত অনুষ্ঠিত কৰি অহা ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ দৰেই, কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ তথা আন ৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ মহোৎসৱসমূহে, নাইবা পৰীক্ষামূলক ভাৱে সীমিত পৰিসৰত আয়োজিত মহোৎসৱ এটিয়েও নতুন চলচ্চিত্ৰক এক বিশাল মঞ্চ আৰু সমান্তৰালকৈ ন পৰিচালক তথা চলচ্চিত্ৰৰ বিভিন্ন দিশত সাধনাৰে কাম কৰি থকা সকলক এক বিস্তৃত exposure প্ৰদান কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
***