নিজৰা
ৰাজকুমাৰী
২০২১ চনৰ এপ্ৰিল
মাহত তামিল চিনেমা "মাণ্ডেলা"ৰ মুক্তিৰ আগলৈকে মেডোন অশ্বিন মোৰ বাবে
আছিল এটা অচিনাকি নাম। নেটফ্লিক্সলৈ অহাৰ পাছত যেতিয়াই মাণ্ডেলা চাইছিলোঁ আৰু
চিনেমাখনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিছিলোঁ, হাঁহিছিলোঁ, ভয় খাইছিলোঁ, চিন্তিত হৈছিলোঁ, ক্ষোভত ছটফটাইছিলো তেতিয়াই লেখক-পৰিচালক মেডোন অশ্বিনৰ প্ৰতি আগ্ৰহ
বাঢ়িছিল। ৰাজনৈতিক প্ৰহসন মাণ্ডেলা কেৱল এখন চিনেমাইনে? নে
লেখক-পৰিচালকৰ (লগতে আমাৰো) ক্ষোভ-প্ৰতিবাদৰ বহি:প্ৰকাশ? ভাৰতৰ
দৰে বৃহৎ গণতন্ত্ৰত গণতন্ত্ৰ শব্দটোৰেই অৰ্থ-উদ্দেশ্য দেখোন সঘনে সলনি হয়। নিৰ্বাচনী
প্ৰক্ৰিয়াটো বহু সময়ত আমাৰ বাবে প্ৰহসন মাত্ৰ। এই প্ৰহসনক লৈয়েই নিৰ্মিত হৈছে
মাণ্ডেলা।
ইতিপূৰ্বে বহু
চিনেমাত দেখা পোৱা পুৱতি নিশা হাতত ঘটি লৈ গাঁওবাসীয়ে মুকলিত মলত্যাগ কৰিবলৈ যোৱা
দৃশ্যৰে আৰম্ভ হৈছে চিনেমাখন। পিছে তেওঁলোকক সেই কাৰ্যত বাধা দি গাড়ীত উঠাই লৈ
যোৱা হৈছে নৱনিৰ্মিত ৰাজহুৱা শৌচাগাৰলৈ। এইখিনিৰ পৰাই চিনেমাৰ গতি সলনি হয়।
গাঁওখনত শৌচাগাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো জাত-পাতৰ সমস্যা। কোনে প্ৰথমতে শৌচাগাৰত সোমাব
তাকে লৈ হোৱা দুইদলৰ দুৰ্বাদল কাজিয়াত পকী শৌচাগাৰ ভাঙি তচনচ হৈ গৈছে। এইখিনিতে
প্ৰৱেশ ঘটিছে আমাৰ মাণ্ডেলাৰ। তেতিয়া অৱশ্যে তাৰ নাম মাণ্ডেলা নাছিল, সি নিজেও নাজানিছিল তাৰ নাম কি। সকলোৱে সহজে বিনা পইচাত খটুৱাব পৰা তল
জাতৰ সেই নাপিতটোক গাঁওবাসীয়ে গৰু-গাধ বুলিয়ে সম্বোধন কৰিছিল। গাঁওখনৰ
উত্তৰ-দক্ষিণ দলৰ মাজত প্ৰথমে শৌচাগাৰত কোন সোমাব বুলি লাগি থকা কাজিয়াৰ সময়ত বাটৰ
কুকুৰ এটাইহে মলত্যাগ কৰি ৰাজহুৱা শৌচাগাৰটো উদ্ঘাটন কৰিছিল। সেয়ে শৌচাগাৰটো
পৰিস্কাৰ কৰিবলৈ মাতি অনা হৈছিল মাণ্ডেলাক।
নামবিহীন,শিক্ষা-জীৱনবোধ,আত্মসন্মান নথকা, আনকি ঘৰ বুলিবলৈ চালি এখনো নথকা
একেবাৰে অনুজ্জ্বল এই চৰিত্ৰটোৰ কান্ধতেই অৰ্পণ কৰা হৈছিল ৰাজনৈতিক প্ৰহসনখন
সফলভাৱে আগ বঢ়াই নিয়াৰ সমস্ত দায়িত্ব। এখন পুৰণা আইনা, ভগা-িছগা
চকীৰে গছৰ তলত থকা চেলুনখনত মাণ্ডেলাই হাস্যকৰভাৱে ব্যৱসায় কৰিছিল আৰু গছৰ ডালত
কাপোৰেৰে তৈয়াৰী ওলোমা বিছনাত ৰেডিঅ’ শুনি শুনি স্বৰ্গসুখত
শুই থাকিছিল। ভাৰতীয় নাগৰিক হিচাপে তাৰ কোনো ধৰণৰ প্ৰমাণ পত্ৰ নাছিল (যাৰ কোনো
নামেই নাই তাৰ আকৌ কি আন পৰিচয়পত্ৰ)। পিছে এদিন গছৰ খোৰোঙত থোৱা জমা পইচা চুৰিৰ
পাছত চোৰৰ পৰামৰ্শমতেই নাপিতে ডাকঘৰত পাছবুক খুলিবলৈ গ’ল আৰু
ডাকঘৰৰ কৰ্মচাৰী থেনমোঝীৰ কেইবাঘণ্টা জোৰা পৰিশ্ৰমৰ অন্তত সি নিজাকৈ এটা নাম পালে-
নেলশ্যন মেণ্ডেলা। ডাক টিকটত থকা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি, বৰ্ণবৈষম্যৰ বিৰুদ্ধে মাত মাতি জীৱন পাত কৰা পৃথিৱী বিখ্যাত নেলশ্যন
মেণ্ডেলাৰ ছবিখনৰ পৰাই তাৰ নামাকৰণ হ’ল-নেলশ্যন মেণ্ডেলা।
তামিল বা হিন্দী উচ্চাৰণত নেলশ্যন মাণ্ডেলা।
শিক্ষাৰ অভাৱ
আৰু তীব্ৰ জাতিবৈষম্যই মানুহৰ শাৰীৰ পৰা
নমাই ইতৰ প্ৰাণীলৈ অৱনমিত কৰা নাপিতটোক দিয়া নামটো প্ৰকৃততে এটা প্ৰতীক। পিছে
নামাকৰণৰ পাছতেই থেনমোঝীৰ প্ৰচেষ্টাত মাণ্ডেলাৰ হাতত পৰিলহি ভোটাৰ কাৰ্ড। সেই সময়ত
গাঁৱত স্থানীয় নিকায়ৰ নিৰ্বাচনী বতৰ। দুই সতীয়া ভায়েক দুটা দলৰ প্ৰাৰ্থী। প্ৰচণ্ড
প্ৰতিযোগিতা। ঈৰ্ষা-হিংসাৰতো কথাই নাই। ক্ষমতা আৰু ধনৰ লোভত গাঁও বিক্ৰী কৰি
দিবলৈও কুণ্ঠাবোধ নকৰে দুয়োজনে। এটা ভোটৰ স্বাৰ্থত নব্বৈ বছৰীয়া বৃদ্ধাক পাৰ্টিয়ে
অক্সিজেন মাস্ক পিন্ধাই জীয়াই ৰাখিবলৈ চেষ্টা কৰিলে, বিদেশত থকা গাঁৱৰ
একমাত্ৰ ডেকাজনক দেউতাকৰ অসুখ বুলি মতাই অনা হ’ল, বৃদ্ধ ভোটাৰসকলক জাননী শুনাই দিয়া হ’ল- নিৰ্বাচনৰ
আগতে কোনো মৰিব নোৱাৰিব, নহ’লে তাৰ
বাবেও শাস্তিৰ ব্যৱস্থা কৰা হ’ব। দলপতি আৰু সমৰ্থকৰ এনে
কাৰ্যত দৰ্শক হাঁহিত ফাটি পৰিলেও কাহিনীৰ অন্তৰালত শক্তিশালীভাৱে বৈ থকা গণতন্ত্ৰৰ
বলাৎকাৰৰ ইঙ্গিত আৰু উচুপনিয়ে মনটোক যেন খান্দি পেলায়।
ইফালে সকলোৱে
গাধ বুলি মাতি গাধৰ দৰে খটুওৱা প্ৰায় অস্পৃশ্য মাণ্ডেলাৰ নামত ভোটাৰ কাৰ্ড অহাৰ
লগে লগে তাৰ ভাগ্যচক্ৰই সলনি হৈ গ’ল। যি মাণ্ডেলাক টয়লেট
পৰিস্কাৰ কৰিবলৈ নিবলৈ আহি "এই কীট-পতংগবোৰকো গাড়ীত বহুৱাব পাৰিনে?"
বুলি গাড়ীৰ পিছে পিছে দৌৰি আহিবলৈ বাধ্য কৰোৱা হৈছিল, ভোটাধিকাৰ পোৱাৰ পাছত সেই মাণ্ডেলালৈ সভক্তিৰে আগবঢ়োৱা হ’ল ৰাজকীয় আহাৰ, কাপোৰ, চেলুনৰ
বাবে ঘৰ ইত্যাদি অনেক সা-সুবিধা। গাঁৱত অবৈধভাৱে হোৱা নিলামত মাণ্ডেলাৰ ভোটটোৰ
মূল্য কোটিৰ ঘৰলৈ উঠিছিল। একে সময়তে গোপনে এইটোও সিদ্ধান্ত হৈছিল যে যি দলে নিলামত
মাণ্ডেলাৰ ভোটটো কিনিব বিপৰীত পক্ষই নিজৰ পৰাজয় ৰুধিবলৈ ভোট দিব নোৱাৰাকৈ
মাণ্ডেলাৰ হাত কাটি পেলাব। পোন্ধৰ বছৰীয়া সহায়কাৰীটোৰ উপস্থিত বুদ্ধিৰ ফলত
মাণ্ডেলাৰ হাতদুখন কটা যোৱাৰ পৰা বাচিল। এইখিনিতে লেখকে অতি বুদ্ধিদীপ্ততাৰে মাত্ৰ
এটা সংলাপেৰে বুজাই দিছে নিৰ্বাচন খেলিব খোজা প্ৰাৰ্থীসকলে দাখিল কৰা সম্পত্তিৰ
হিচাপ আৰু তেওঁলোকৰ প্ৰকৃত সম্পত্তিৰ মাজত থকা আকাশ-পাতাল পাৰ্থক্যৰ কথা।
নিৰ্বাচনৰ আগে আগে মাণ্ডেলাৰ চেলুন জ্বলাই পেলোৱা হ’ল,
তাক মাৰপিট কৰা হ’ল, গাঁৱৰ
বাহিৰলৈ যাব নোৱাৰাকৈ নজৰবন্দী কৰা হ’ল। মুঠতে এক
শ্বাসৰুদ্ধকৰ পৰিৱেশ আৰু সেই পৰিৱেশত মাণ্ডেলা যেন জীৱলগা শৰীৰ নহয় মাত্ৰ এটা
ভোটাৰহে।
সমস্ত নিৰ্যাতনৰ পাছত শিক্ষা-দীক্ষা, আত্মসন্মানহীন মাণ্ডেলাৰ চকু মুকলি হ’ল। সামাজিক বা ৰাজনৈতিক সচেতনতা খায় নে কাণত পিন্ধে নজনা মাণ্ডেলাই এইবাৰ নিৰ্বাচনৰ সুবিধা লৈ দুয়োটা দলক ব্যৱহাৰ কৰিলে ৰাজহুৱা স্বাৰ্থত। স্কুলঘৰ নতুন হ’ল, গাঁৱলৈ খোৱা পানী আহিল, পকী ৰাস্তা আনকি স্ট্ৰীট লাইটো হ’ল। নিজৰ দুৰ্ভাগ্যকে চিনি নোপোৱা মাণ্ডেলা শিক্ষাৰ প্ৰতি অত্যন্ত সচেতন হ’ল। ডাক কৰ্মচাৰী থেনমোঝীৰ ভূমিকা ইয়াত অতি গুৰুত্বপূৰ্ণ। সৰল অথচ অত্যন্ত সমাজ সচেতন এই চৰিত্ৰটোৰ নিৰ্মাণো লেখক অশ্বিনৰ অন্য এক সাফল্য। অৱশেষত ভোট গণনা চলি থাকোঁতেই ভোটত পিছ পৰি থকা দলটোৱে মাণ্ডেলাক মাৰি পেলাবলৈ মানুহ পঠালে। এই দৃশ্য আছিল ৰোমাঞ্চকৰ। পিছপৰা গাঁওখনৰ অশিক্ষিত ভয়াতুৰ মানুহবোৰৰ বাবে মাণ্ডেলা ইতিমধ্যেই সাহস আৰু প্ৰতিবাদৰ প্ৰতীক হৈ উঠিছিল। নিৰ্বাচনত উঠা দুই অসৎ প্ৰাৰ্থীৰ সৎ বৃদ্ধ পিতৃৰ লগতে গাঁওবাসীৰ উদ্যোগত অভিনৱ ধৰণেৰে মাণ্ডেলাৰ প্ৰাণ ৰক্ষা পৰিল আৰু সেইদিনা নিৰ্দিষ্ট এটা দলৰ পৰিৱৰ্তে চুৰাগুড়ী গাওঁখন জিকিল। মাণ্ডেলা চৰিত্ৰটোৰ নিৰ্মাণ প্ৰক্ৰিয়া একেআষাৰে ক’ব পৰাকৈ অপূৰ্ব। যি গতিৰে মাণ্ডেলাৰ জীৱনৰ উত্থান-পতন চলে সেয়া ইমান আকৰ্ষণীয় ৰূপত উপস্থাপন কৰাটো নি:সন্দেহে সহজ নহয়। তাতে দক্ষিণৰ অভিনেতা যোগী বাবুক সাধাৰণতে এনেকুৱা চৰিত্ৰত দেখা নাযায়। এজন ইতৰ প্ৰাণীৰ পৰ্যায়ৰ মানুহৰ পৰা সচেতন নাগৰিকলৈ ঘটা উত্তৰণৰ পথটোত দৰ্শকক যি ধৰণৰ বিশ্বাসযোগ্যতাৰে সন্তুষ্ট কৰিব পাৰি সেয়া পূৰামাত্ৰাই ব্যৱহাৰ কৰিলে মেডোন অশ্বিন আৰু যোগী বাবুৱে। একে সময়তে হাঁহি আৰু ক্ষোভৰ জোকাৰণি অনুভৱ কৰোৱা দৃশ্যৰে ভৰপুৰ মাণ্ডেলা। ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত পৰিচালকৰ প্ৰথম ছবি হিচাপে ইন্দিৰা গান্ধী বঁটা লাভ কৰাৰ লগতে সংলাপৰ বাবেও ছবিখনে বঁটা লাভ কৰিছে। সম্প্ৰতি নেটফ্লিক্সত উপলব্ধ মাণ্ডেলা সম্পৰ্কত দ্য হিন্দু কাকতে লিখিছে- Mandela’ is a first-rate political satire that shows how deep-seated caste is, by taking an unflinching yet unsentimental look.