কংকণ বৰা
আধুনিক কিম্বা উত্তৰ-আধুনিক বলয়ত পণ্যৰ আধিপত্য তথা ই কিদৰে সামাজিক জীৱনৰ ঔপনিৱেশিকৰণ সম্পূৰ্ণ কৰে তাক ক’বলৈ গৈ Guy Debord-য়ে “society of the spectacle” অভিধাটো ব্যৱহাৰ কৰিছিল৷ দর্শকক লাগে জীৱনৰ বৈচিত্ৰ্য (Diversion)৷ জীৱনৰ চাক্ষুষ অভিজ্ঞতাৰ পৰিতৃপ্তি সাধিবলৈকে এক অবিৰাম যাত্ৰা৷ সাহিত্য আৰু কলা ‘ৰূপান্তৰেদি ৰূপ’ পাই আজি এই পৰ্যায়ত৷ সাহিত্যৰ বিভিন্ন ভাগ সমূহৰ ভিতৰত চলচ্চিত্ৰই হৈছে অতি সহজে আৰু গভীৰভাৱে মানুহৰ মন চুই যাব পৰা মাধ্যম৷ বহুতে ক’ব খোজে, সাহিত্যৰ এনে এক প্ৰশস্ত মাধ্যমক কামত লগাওঁতে দৰ্শকক কেনে ৰূপে গ্ৰহণ কৰা উচিত? যিহেতু প্ৰতিখন ছবিয়েই একো একোটা পাঠ (Text), গতিকে দৰ্শকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি ছবিৰ কাহিনী লিখা হ’ব নে দৰ্শকৰ ৰুচিক ছবিয়ে গঢ় দিব? এই সম্পৰ্কে বহুতৰে মত-অমত আছে৷
কোৱা হয়, একৈছ শতিকাৰ “অস্থিৰ;” অত্যধিক তথ্যসমৃদ্ধ পৃথিৱীত চুটি ছবিৰ চাহিদা বৃদ্ধি পাইছে৷ অৱশ্যে, এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এটা চিন্তা বা বিষয়ক কলাসন্মতভাৱে উপস্থাপন কৰি দৰ্শক তথা সমাজৰ প্ৰয়োজনীয়তাখিনি দাঙি ধৰাৰ ক্ষেত্ৰত চুটি ছবিৰ দায়িত্ব অধিক, লগতে ই এক ফলপ্ৰসূ মাধ্যম৷
কাঁচিচিনিঠু (Kachichinithu) খঞ্জন কিশোৰ নাথৰ এখন উপভোগ্য মননশীল চুটি ছবি৷ কাৰ্বি আংলঙৰ পটভূমিত কাৰ্বি ভাষাত নিৰ্মিত ছবিখন সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক পৰীক্ষামূলক চিন্তন যদিও কাঁচিচিনিঠু মুলতঃ এখন সামাজিক ছবি৷ কেতবোৰ সৰু সৰু বস্তুক গুৰুত্ব দি সুন্দৰভাৱে উপস্থাপন কৰিছে, শিশুমনৰ জিজ্ঞাসুতাক এক বহল দৃষ্টিভংগীৰে ব্যৱহাৰ কৰিছে৷ মূল চৰিত্ৰ লনছিঙে বাটত দেখা ঘটনাটো আৰু তাৰ দুর্বোধ্য মনটোত দেউতাকে দিয়া ‘উত্তৰ’টোৱে কিদৰে এটা জীৱনকেন্দ্ৰিক দৃষ্টিভংগীকে সলাই পেলাব পাৰে সেয়া ছবিখনৰ অন্যতম মূলাধাৰ৷ ‘you can do anything if you have a gun’ দেউতাকে শোৱাপাটিত কোৱা কথাষাৰ আৰু লনছিঙৰ ভাবুক মুখখনি- এক এপিফেনিক মুহূৰ্ত, ছবিখনৰ৷ বহুকেইটা মুহূৰ্তত লনছিঙ আৰু তাৰ দেউতাকৰ মুখৰ শব্দতকৈ চকুৰ চাৱনি বেছি সবাক, আৰু তেনেধৰণৰ ‘ট্ৰিটমেণ্টে’ ছবিখনৰ লগত জড়িত প্ৰতিজন শিল্পীৰ কলা-চেতনাটোক প্ৰতিস্থাপিত কৰিছে৷
বিংশ শতিকাৰ শেহৰ ফালে নৃগোষ্ঠীয় জাতীয়াতবাদৰ দাবীৰে অসম মুলুকত উদ্ৰেক হোৱা বিদ্ৰোহ, উত্তৰ-ঔপনিৱেশিক কালত ৰাষ্ট্ৰনিৰ্মাণ প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি উত্তৰ-পূব ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ লগতে আদৰ্শ আৰু শান্তি প্ৰতিষ্ঠাৰ যি অন্তৰ্দ্বন্দ্ব সেয়া ক’ৰবাত ছবিখনৰ বিষয়বস্তুৱে সাঙুৰি লয়৷ ৰবাৰ্ট ঈগলষ্টনে (Robert Eaglestone) অৱশ্যে আমাৰ ভাষিক পঞ্জীসমূহ তেনে অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰিবলৈ অপৰ্যাপ্ত হিচাপে প্ৰমাণিত হ’ব পাৰে বুলিও দোহাৰিছে৷ কাঁচিচিনিঠু ছবিখনত উত্তৰ-ঔপনিৱেশিক কালৰ সেই ‘বিদ্ৰোহ’ৰ চেতনা সম্পূৰ্ণৰূপে অনুভৱ কৰিব পাৰি৷ উজ্জ্বল পোহৰ আৰু কোনোবাখিনিত ক’লা ছাঁৰ বিভাজনে চৰিত্ৰৰ আনন্দ আৰু আশংকাৰ মনস্তাত্ত্বিক বৈপৰীত্যক স্পষ্ট কৰি তুলিছে৷ ইয়াৰ উপৰি, একুৰি বছৰৰ উৰ্ধ্বৰ এজন দৰ্শক হিচাপে ছবিখনে কোনোবাখিনিত আমাক শৈশৱলৈ ওভতাই নিছে৷ এক সাংঘাতিক relatibility আছে আমাৰ শৈশৱৰে, গাঁৱৰ পৰিৱেশ; শৈশৱৰ দ্বিধা কিম্বা মনস্তাত্ত্বিক দুর্বোধ্যতাৰ সৈতে৷
চিনেমেট’গ্ৰাফী অতি সুন্দৰ লগতে শব্দৰ নিখুঁত প্ৰক্ষেপণে ছবিখনৰ আভ্যন্তৰীণ
পৰিৱেশটোক অধিক বাস্তৱিক কৰি তুলিছে৷ লনছিঙে বন্দুকটোৰ
সৈতে যুঁজি থাকোঁতে পিছফালৰ বাঁহজোপাৰ পৰা ভাহি অহা চৰাইৰ মাত, দেউতাকে পথাৰত কাম কৰি থাকোঁতে
হোৱা পানীৰ শব্দ অতি জীৱন্ত৷ ছবিখনত এখন নিভাঁজ কাৰ্বি গাঁও তথা ঘৰৰ ছবি অতি সুন্দৰভাৱে
মূৰ্ত হৈছে যদিও ইয়াৰ জৰিয়তে তেওঁলোকৰ দৈনন্দিন জীৱনৰ যি ত্যাগ-কষ্ট সেয়াও পৰিস্ফুট
হৈছে৷ প্ৰকৃতিয়েও এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ খেতিপথাৰ, ঘৰ, দোঁ খাই থকা গছবোৰ-
এই সকলোৰে এক বিশেষ গুৰুত্ব আছে ছবিখনত৷ কিদৰে অতি সীমিত সমলেৰে এটা অতি জটিল তথা চিৰিয়াছ
বিষয়বস্তুক চিনেমেটিক দৃষ্টিভংগীৰে উপস্থাপন কৰি মানুহৰ একেবাৰে ওচৰলৈ লৈ যাব পাৰে
তাক কাঁচিচিনিঠুয়ে প্ৰমাণ কৰিছে৷ এইক্ষেত্ৰত পৰিচালকৰ
নিপুণতা পৰিস্ফুট৷ বিশেষকৈ কোনোধৰণৰ বিশেষ জটিলতা নৰখাকৈ সহজভাৱে সকলোৰে বোধগম্য হোৱাকৈ
এটা নিৰ্দিষ্ট গতিত লৈ গৈছে ছবিখন৷ এইখিনিতেই ইয়াৰ সাৰ্থকতা৷ শেহৰ দৃশ্যটোৱে ছবিখনক এক
অন্য মাত্ৰালৈ লৈ গৈছে যিটো পোনতে দৰ্শকৰ কাৰণে একেবাৰে অনুমেয় নহয়৷ এটা অতি মননশীল
তথা ‘অপেন-এণ্ডেড’ যতি, যিয়ে বহু কথা কৈ যায়, বহু কিবা দি যায় লগতে কলা হিচাপে
কাঁচিচিনিঠুৰ সাৰ্থকতা ৰৈ যায়৷
ভ্ৰাম্যভাষ : ৮৬৩৮৮৩৯১৭২