গীতিকা শইকীয়া
“শ্বেৰণী”
চিনেমাখনৰ আৰম্ভণি এখন বনাঞ্চলৰ দৃশ্যৰে হয় য’ত
প্ৰকৃতিৰ চিৰসেউজীয়াৰ নয়নাভিৰাম সৌন্দৰ্যই দৰ্শকক মুগ্ধ কৰে। ৱাইড এংগল শ্বটৰ সেই
সেউজীয়া লাহে লাহে ধুসৰ হৈ গৈ কাহিনী আৰম্ভ হ‘বলৈ ধৰে।
অৱশ্যে চিনেমাখনত অৰণ্যৰ সৌন্দৰ্যক দেখুওৱাটোৱেই পৰিচালকৰ উদ্দেশ্য নহয়। মূলতে
চাৰিঠেঙীয়া জন্তু আৰু দুঠেঙীয়া মানৱৰ মাজৰ সংঘাতক লৈয়েই “শ্বেৰণী”
চিনেমাখনৰ কাহিনী। বন্য জীৱজন্তুকে ধৰি প্ৰকৃতিপ্ৰদত্ত অৰণ্যৰ
সম্পদক লৈ মানুহৰ মাজত খোৱা-কামোৰাৰ ফলত হোৱা বন্য জীৱজন্তু তথা অৰণ্যৰ ক্ষতিসাধনক
লৈ চিনেমাখনৰ কাহিনীভাগে গতি কৰিছে। লগতে পাৰিপাৰ্শ্বিকতাক বজাই ৰাখিবলৈ খাদ্য
শৃংখলাৰ ভাৰসাম্যৰ কাৰণে বনৰ জীৱ-জন্তুৰ প্ৰাকৃিতক অৱস্থিতি সুদৃঢ় ৰখাটো যে অত্যন্ত
প্ৰয়োজনীয় কথা সেই বিষয়টোত “শ্বেৰণী”ত
বিশেষ গুৰুত্ব দিয়া হৈছে।
হিন্দী চিনেমাত
সাধাৰণতেই থকা নাচ-গান তথা নায়কোচিত পৰিণতি দেখুৱাই অহা চিনেমাৰ বিপৰীতে “শ্বেৰণী”
চিনেমাখন পৃথক। প্ৰকৃতিৰ লগত থাকিবলগীয়া মানুহৰ চিৰন্তন সম্বন্ধ,
অমাত জীৱ-জন্তুৰ লগত মানৱ সমাজৰ থাকিবলগীয়া পৰস্পৰৰ প্ৰতি
নিৰ্ভৰশীলতা আদিক মুখ্য কৰি “শ্বেৰণী”য়ে
চিনেমাপ্ৰেমীক চিন্তা কৰিবলৈ সুযোগ দিছে। উল্লেখযোগ্য যে “নিউটন”ৰ দৰে সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত চিনেমাৰ পৰিচালক অমিত মচুৰকাৰে তেওঁৰ
পৰিচালনাৰ দ্বিতীয়খন চিনেমাৰ জৰিয়তেও প্ৰতিভাৰ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হৈছে।
এইক্ষেত্ৰত
প্ৰতিভাময়ী অভিনেত্ৰী বিদ্যা বালানৰ মননশীল অভিনয়ো চিনেমাখনৰ সফলতাৰ আন এক কাৰক।
বিদ্যা বালানৰ লগতে “শ্বেৰণী” চিনেমাখনৰ
চৰিত্ৰসমূহত অভিনয় কৰিছে ক্ৰমে ব্ৰীজেন্দ্ৰ কালা, বিজয় ৰাজ,
শৰত চাক্সেনা, নীৰজ কাবী, মুকুল চাদ্ধা, ইলা অৰুণ আদিয়ে।
চিনেমাখনৰ বিষয়ে আলোচনা কৰাৰ আগতে ২০১৮ চনৰ ২ নৱেম্বৰত ঘটা এটি ঘটনাৰ উল্লেখ কৰি লোৱা উচিত হ‘ব। সেইদিনা ৰাতি মহাৰাষ্ট্ৰৰ য়াবাটমল জিলাৰ ব’ৰাতী বনাঞ্চলত বন বিভাগৰ দ্বাৰা অৱনী নামৰ বাঘিনী এজনীক চক্ৰান্তমূলকভাৱে হত্যা কৰা হৈছিল। মুঠতে তেৰজন মানুহক হত্যা কৰা বুলি সন্দেহ কৰা বাঘিনীজনীয়ে মহাৰাষ্ট্ৰৰ পশ্চিমাঞ্চলৰ বনাঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছিল বুলি বন বিভাগৰ বিবৃত্তিত প্ৰকাশ হৈছিল। কিন্তু বাঘিনীজনীক জীৱন্তে ধৰি জনবসতি থকা অঞ্চলৰ পৰা আঁতৰাই নি ঘন বনাঞ্চললৈ স্থানান্তৰিত কৰাৰ বাবেহে আলোচনা হৈছিল। সেয়েহে বন বিভাগত টি-১ ক’ড নামযুক্ত বাঘিনী অৱনীক এনেকৈ হঠাতে বধ কৰাৰ খবৰটোত সমগ্ৰ দেশজুৰি তুমূল বিতৰ্কৰ সূচনা হয়।
বিকাশৰ নামত
সমগ্ৰ বিশ্বতে হোৱা পৰিৱৰ্তনবোৰ মহাৰাষ্ট্ৰতো হৈ আহিছে। যিফালেই চোৱা যায় মানুহে
বন্যজন্তুৰ বসতি অঞ্চলসমূহত নিজৰ আগ্ৰাসন চলাই গৈছে। আগতে এই বাঘ-সিংহবোৰে অটব্য অৰণ্যৰ
মাজত বাস কৰিছিল। কিন্তু এতিয়া মানুহে সেই গভীৰ অৰণ্যক ধ্বংস কৰি নিজেই বন্যজন্তুৰ
সন্মুখ পোৱাৰ ৰাস্তা মুকলি কৰি গৈ আছে। এনেকুৱা হৈছে যে কাৰোবাৰ বাৰীৰ সীমাই
বন্যাঞ্চলৰ সীমা হৈ পৰাত অবোধ বন্যজন্তু আহি হয়তো ঘৰৰ ভিতৰতো প্ৰৱেশ কৰিছেহি। সেয়াই
মানুহৰ সমাজৰ নিয়মত বন্যজন্তুৰ অনধিকাৰ প্ৰৱেশ। আমি এইটো অনুভৱ নকৰোঁ যে আমাৰ
পৰিৱেশৰ সামান্য সলনিয়েও এক সাংঘাতিক অথবা বিপদজনক পৰিৱৰ্তন সংঘটিত কৰোৱাব পাৰে।
সমগ্ৰ বিশ্বৰে
বাঘৰ প্ৰায় ষাঠি শতাংশ বাঘ, মুঠতে ২২০০ বাঘ ভাৰততে পোৱা যায়।
ইয়াৰে ২০০-ৰো অধিক মহাৰাষ্ট্ৰতে পোৱা যায়। বৰ্তমান মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ বহু বনাঞ্চল চহৰত পৰিণত কৰা হৈছে। দ্ৰুতগতিত
বাঢ়ি যোৱা মানুহৰ বসতিপ্ৰধান অঞ্চলৰ নিৰ্মাণৰ হেতু বহু গছ-গছনি কাটি পেলোৱা হৈছে।
অপৰিকল্পিতভাৱে বনাঞ্চলসমূহ ভাঙি খেতি-পথাৰলৈ পৰিৱৰ্তন কৰাৰ ফলত সেই অঞ্চলবোৰত
পানীৰ অভাৱেও গা কৰি উঠিছে। পানীৰ অভাৱৰ ফলতেই খেতি-বাতিবোৰো ক্ষতিগ্ৰস্ত হৈছে।
ফলত সেই ঠাইসমূহত পানীৰ বাবে খাল, নলা আদিৰ জধে-মধে নিৰ্মাণো
দ্ৰুতগতিত চলাই থকা হৈছে। ইয়াৰ ফলত বাঘ, গুজৰাটৰ এছীয় মূলৰ
সিংহ আৰু আন বহুতো বন্যজন্তুৰ বাবে ঘন জংঘল হ্ৰাস হৈ আহিছে। এফালে “Save
the Tiger”-ৰ নামত বিভিন্ন পদক্ষেপ তথা ভাৰতত বন্যজন্তু সংৰক্ষণৰ
বাবে প্ৰচাৰ-প্ৰসাৰ কৰি থকা হৈছে আৰু আনফালে সেই বন্যজন্তুৰে প্ৰকৃতিগত স্বভাৱক
অস্বীকাৰ কৰি সিহঁতক হত্যা কৰাৰ দৰে পদক্ষেপো লৈ থকা হৈছে।
ভাৰতৰ এজন বিখ্যাত বাঘ বিশেষজ্ঞ বাল্মীক থাপৰে এই সন্দৰ্ভত কয়, “আমাৰ দেশত বৰ্তমান বাঘৰ সংৰক্ষণ ধৰণৰ কথাবোৰ কেতিয়াও সফলতাৰ কাহিনী হ’ব নোৱাৰে। আমাৰ দেশৰ নদ-নদী, দ্বীপ আৰু বনাঞ্চল সংযোগকাৰী কৰিড’ৰবোৰত থকা বাঘৰ অধিক সংখ্যককেই নাইকিয়া কৰি পেলোৱা হ‘ল। বহুকেইখন টাইগাৰ ৰিজাৰ্ৱ মাত্ৰ পাঁচ-ছটা অথবা এটাও বাঘ নথকাকৈ কেৱল নামতহে চলি আছে। আৰু আমি সকলো দেখি-শুনিও বুজিব নোখোজাকৈ অহংকাৰী হৈহে আছোঁ।“
উল্লেখনীয় যে জীৱন্ত অৱস্থাত বাঘ ধৰিব পৰাটো সহজ কথা নহয়। বন বিভাগে অৱনীক বিচাৰি উলিয়াবলৈকো বহুমাহ ধৰি অভিযান
চলাবলগীয়া হৈছিল। গভীৰ জংঘলৰ পৰা উলিয়াই আনিবলৈকে বাঘিনীজনী থাকিব পৰা সম্ভাৱনা
থকা ঘন জংঘলৰ এটা অঞ্চলত এটা বাঘৰ মূত ছঁটিয়াই দিয়া হৈছিল। সাধাৰণতে বাঘবিলাকে
নিজৰ আধিপত্যৰ কাৰণে বাঘিনীৰ লগত থকা সৰু পোৱালীবোৰক মাৰি পেলায়। সেয়েহে বাঘৰ
মূতৰ গন্ধ পাই নিজৰ পোৱালী দুটাৰ সুৰক্ষাৰ কাৰণেই সেই মূতৰ উৎসৰ সন্ধানত
অৱনীয়ে পোৱালী দুটাক সুৰক্ষিত স্থানত থৈ ওলাই আহিছিল। এনেদৰেই নিজৰ পোৱালীদুটাক
বচাবলৈ অৱনীয়ে মানুহে পতা ফান্দত ভৰি দি প্ৰাণ বিসৰ্জন দিবলগীয়া হ‘ল।
প্ৰায় ২০০ জন
বনৰক্ষী বিষয়া-কৰ্মচাৰী, প্ৰশিক্ষণপ্ৰাপ্ত দুটা কুকুৰ, ৯০ টা কেমেৰা, ট্ৰাংকুলাইজাৰ আৰু বন্দুক, টোপ হিচাপে ঘোঁৰা, ছাগলী আদিৰে সজ্জিত দলটোৱে ব’ৰাতী গাঁৱৰ ওচৰৰ জংঘলত অৱনীৰ সন্ধান কৰিছিল। তদুপৰি বাঘ হত্যা কৰিবলৈ
অনবৰতে উদ্যত হৈ থকা শ্বাফাট আলী খান নামৰ শ্বাৰ্প শ্বুটাৰজনৰ পুত্ৰ আচগড় আলী
খানকো দলটোত অন্তৰ্ভুক্ত কৰা হৈছিল।
বন বিভাগৰ পৰা
প্ৰকাশ কৰা বিজ্ঞপ্তিত কোৱা হৈছিল যে অৱনীক অচেতন কৰিবলৈ ট্ৰাংকুলাইজাৰ প্ৰয়োগ কৰা
হৈছিল যদিও বাঘিনীজনীয়ে বনৰক্ষীৰ গাড়ীখন আক্ৰমণ কৰিবলৈ ধৰাত শ্বাৰ্প শ্বুটাৰে
গুলীয়াবলৈ বাধ্য হয়।
কিন্তু অৱনী
হত্যাৰ প্ৰতিবাদ কৰাসকলৰ মতে বনবিভাগে বাঘিনীজনীক স্থানান্তৰিত কৰাৰ কথা ভৱাই
নাছিল। এনে লাগিছিল যেন মানুহৰ জীৱন নাশ কৰা বুলি ওলোৱা সন্দেহকে ইচ্ছ্যু হিচাপে লৈ বন বিভাগে সমস্যাটোৰ দীৰ্ঘম্যাদী সমাধানৰ বিপৰীতে অৱনীক হত্যা কৰাটোকেই সহজ পন্থা
বুলি আগ বাঢ়িছিল।
প্ৰতিবাদকাৰীসকলৰ
মতে বনাঞ্চলবোৰ ক্ৰমান্বয়ে সংকুচিত হৈ অহাৰ ফলতে বন্য জন্তুৱে আশ-পাশৰ আৱাসীৰ ওপৰত
আক্ৰমণ কৰা ধৰণৰ ঘটনাৰ সংখ্যা বাঢ়িবলৈ লৈছে। মানুহৰ দ্বাৰা জংঘলৰ ধ্বংসযজ্ঞৰ
ফলতেই গভীৰ জংঘলত বসবাস কৰা বন্য জন্তুবোৰ মুকলি ঠাইলৈ ওলাই আহি সন্মুখত পোৱা
মানুহক নিজৰ সুৰক্ষাৰ বাবে আক্ৰমণ তথা মাৰি পেলোৱাৰ ফলত আহিবলগীয়া দিনবোৰত আন বহু
বাঘ বা অন্য বন্য জন্তুক হত্যা কৰাৰ সুৰুঙা অৱনী বধৰ জৰিয়তে আৰম্ভ হ’ল
বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে।
উল্লেখযোগ্য যে
২০১৪ চনত অৱনীয়ে Tipeshwar Wildlife Sanctuary-ৰ ঘন জংঘলৰ
পৰা গৈ য়াবাটমল জিলাৰ ব’ৰাতী অঞ্চলৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ
ব্যাসাৰ্ধৰ এলেকাটোত ঘূৰিবলৈ লয়। ২০১৭ চনত অৱনীয়ে পোৱালী দুটাক জন্ম দিয়ে।
এইটো বিশেষভাৱে কোৱা হৈছিল যে অৱনীক ধৰিবলৈ যোৱা দলটোক আক্ৰমণ কৰাৰ কাৰণেহে অৱনীক হত্যা কৰিবলগীয়া হ‘ল। কিন্তু প’ষ্টম’ৰ্টেমৰ প্ৰতিৱেদনত উল্লেখ কৰা হৈছে যে অৱনীক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। কাৰণ অৱনীৰ শৰীৰত পোৱা গুলীটোৱে বাহুৰ ঠিক তলতেই আঘাত কৰি হাওঁফাওঁ আৰু হৃদযন্ত্ৰত আঘাত কৰি বাঘিনীজনীক থিতাতেই মৃত্যুমুখত পেলায়। লগতে বন্য জন্তুক অচেতন কৰিবলৈ ব্যৱহাৰ কৰা ট্ৰেংকুলাইজাৰ অৱনীৰ মৃত্যুৰ পাছতহে শৰীৰত স্থাপন কৰা হৈছিল বুলি প’ষ্টম’ৰ্টেমৰ প্ৰতিৱেদনত উল্লেখ আছে।
প্ৰতিবাদকাৰীসকলে এইবুলিও অভিযোগ কৰে যে অৱনীক বধ কৰাটো প্ৰকৃততে ট্ৰ’ফিকিলিঙৰ দৰেহে। কাৰণ প’ষ্টম’ৰ্টেমত অৱনীৰ পেটত কোনো ধৰণৰ নৰমাংসৰ অংশ বিচাৰি পোৱা নগ‘ল। আনহাতে অৱনীক হত্যা কৰাৰ পাছতেই কাষৰীয়া গাঁওবোৰৰ মানুহে আচগড় আলি খানক এটা ৰূপৰ বাঘ উপহাৰ দিছিল। ক্ৰমান্বয়ে বিলুপ্ত হৈ গৈ থকা বন্য জীৱ-জন্তুৰ সংৰক্ষণৰ কাৰণে আৰু পৰিৱেশৰ ওপৰত দীৰ্ঘম্যাদী বিৰূপ প্ৰভাৱ নেপেলোৱাকৈ বৰ্তি থাকিব পৰা জীৱন-প্ৰণালী বৰ্তাই ৰখাবলৈ বিপুলভালে প্ৰচাৰ-প্ৰসাৰ হৈ থকা সময়তে বাঘিনীজনীক বধ কৰিব পৰাটো আমাৰ সমাজত এতিয়াও পুৰুষত্ব আৰু সাহসিকতাৰহে পৰিচায়ক হ'ল।
এই বিতৰ্কবোৰৰ
পৰিপ্ৰেক্ষিততে অৱনী বধৰ বিষয়টোৰ অনুসন্ধানৰ বাবে দুখন সমিতি গঠন কৰি দিয়া হয়।
কেন্দ্ৰীয় চৰকাৰৰ National Tiger
Conservation Authority (NTCA)-ৰ অধীনত এখন আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ
অধীনত আন এখন সমিতি গঠন কৰা হয়।
NTCA সমিতিৰ প্ৰতিৱেদনত প্ৰকাশ পোৱা মতে অৱনীক হত্যা কৰাৰে পৰিকল্পনা কৰা
হৈছিল। হত্যা কৰাৰ পাছত অৱনীৰ মৃত শৰীৰটোতহে ট্ৰাংকুলাইজাৰৰ প্ৰয়োগ কৰা হৈছিল আৰু
সেই ট্ৰাংকুলাইজাৰত ব্যৱহাৰ কৰা ড্ৰাগ্ পুৰণি আছিল। সাধাৰণতে অতি শীঘ্ৰে জন্তুটো
অচেতন হৈ পৰিবলৈ নতুন ড্ৰাগহে ব্যৱহাৰ কৰাটো বন্য জন্তু সংৰক্ষণ আইনমতে বাধ্যতামূলক।
তেতিয়াহে প্ৰয়োগ কৰা ড্ৰাগে অন্ততঃ আধা ঘণ্টামানৰ ভিতৰত কাম আৰম্ভ কৰে। আকৌ বাঘৰ শৰীৰত ৰাতিৰ আন্ধাৰত ট্ৰেকংকুলাইজাৰ প্ৰয়োগ কৰা নহয়। কাৰণ এবাৰ শৰীৰত আঘাত পালেই বাঘে
গভীৰ জংঘললৈ পলাই যাবলৈ চেষ্টা কৰে বাবে আন্ধাৰত তেনে বাঘ বিচাৰি উলিওৱাটো অসম্ভৱ
হৈ পৰে। ইফালে পলাই গৈ আঘাতত বিতত বাঘে পানী খাবলৈ কোনো জলাশয়লৈ যায় যদিও ইতিমধ্যে
প্ৰয়োগ কৰা ড্ৰাগৰ ফলত অচেতন হৈ পানীত ডুবি মৃত্যমুখত পৰাৰ ঘটনাও আগতে ঘটিছে।
ৰাতি দহবজাত বধ কৰা অৱনীৰ শৰীৰত পোৱা ড্ৰাগৰ পৰা বুজা গ’ল
যে সেয়া বনবিভাগৰ নিয়মাৱলীৰ বিপৰীতে প্ৰয়োগ কৰা হৈছিল।
আকৌ এনেদৰে
বন্য জন্তুক ধৰিবলৈ গ’লে বন বিভাগৰ কৰ্মীসকলৰ লগত এজন ভেটেৰেনাৰী
ডাক্টৰ বা জীৱবিজ্ঞানীও ৰাখিব লাগে। কিন্তু সেই দলটোত তেনে কোনো সমল ব্যক্তি
নাছিল। লগতে দলটোৰ লগত বাঘিনীজনীক অচেতন কৰি উঠাই নিবৰ কাৰণে কোনো জাল, পিঞ্জৰা আদিও নাছিল। এই সকলোবোৰে প্ৰমাণ কৰে যে দলটোৱে অৱনীক হত্যা কৰিবৰ
কাৰণেই আগ বাঢ়িছিল। উল্লেখযোগ্য যে বন্য জন্তু সুৰক্ষা আইনসমূহৰ অধীনত বাঘৰ দৰে সংৰক্ষণৰ
গুৰুত্ব থকা জন্তুক হত্যা কৰাটো এক গুৰুত্বপূৰ্ণ অপৰাধ। সেয়েহে আত্মৰক্ষাৰ বাবেই
অৱনীক হত্যা কৰা হ‘ল বুলি বনবিভাগে বিবৃতি দিয়াটো কেৱল হত্যা
কৰাৰ সিদ্ধান্তক ঢাকি ৰাখিবৰ কাৰণেহে কোৱা হৈছে বুলি প্ৰমাণিত হৈ গৈছে।
২০২০ চনৰ
জানুৱাৰী মাহত মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনৰ পাছতে এই অৱনী হত্যাকাণ্ডৰ বিষয়টো
পুনৰাই চৰ্চালৈ আহে। বন্যজন্তু সংৰক্ষণকাৰী জেৰীল বানাইটে দিয়া আৱেদনৰ ভিত্তিত
নতুন চৰকাৰে বিষয়টো পুনৰ অনুসন্ধানৰ আদেশ দিছে।
এই বাস্তৱত ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰা বাঘিনী অৱনীৰ কাহিনীৰেই চিত্ৰণ “শ্বেৰণী” চিনেমাখনত পোৱা গ’ল। অৱশ্যে কাহিনীকাৰ, পৰিচালকে কাহিনীটো অৱনীৰ বুলি স্বীকাৰ কৰা নাই যদিও কাহিনীটোৱে অৱনী নামৰ বাঘিনীজনীক কেন্দ্ৰ কৰি বাস্তৱত হোৱা ঘটনাপ্ৰৱাহকে মনত পেলাই দিয়ে।
“শ্বেৰণী” চিনেমাখনত বিদ্যা বালান অভিনীত চৰিত্ৰ বিদ্যা ভিনচেণ্ট এগৰাকী স্পষ্টবাদী, নিকা বন বিষয়া যাৰ সেই বাঘ সংৰক্ষিত অভয়াৰণ্যখনত নতুনকৈ প’ষ্টিং হয়। কিন্তু যোগদান কৰাৰ কিছুদিনৰ ভিতৰতে তেওঁ বুজি উঠে যে তেওঁ এনে এখন পৃথিৱীতহে খোজ পেলাইছে য’ত নিজা স্বাৰ্থ পূৰণৰ আহিলা হিচাপেহে মানুহে নিজৰ চাকৰিটোক ব্যৱহাৰ কৰে। তদুপৰি বিদ্যা ভিনচেণ্টৰ চৰিত্ৰটোৱে তুলনামূলকভাৱে পুৰুষৰ দখলত থকা বিভাগ এটাত কাৰ্যনিৰ্বাহ কৰাটো অফিচটোৰ অধিকসংখ্যক পুৰুষ বিষয়া-কৰ্মচাৰীয়েই সহ্য কৰিব নোৱাৰে। সেয়েহে পুৰুষ অফিচাৰসকলে পদে পদে বিদ্যাক বাধা দিবলৈ চায়, কামবোৰ বিদ্যাই ভালকৈ নাজানে বুলি কয় আৰু বহু ক্ষেত্ৰত বিদ্যাই নোৱাৰিব বুলি দয়াপৰৱশ হৈ পৰা যেনো দেখুৱায়। কিন্তু বিদ্যাই তেওঁলোকক প্ৰত্যুত্তৰ নিদিয়ে অথবা প্ৰতিবাদো নকৰে। অৱশ্যে বিদ্যাৰ মুখত এক বিশেষ ধৰণৰ হাঁহি অথবা প্ৰতিক্ৰিয়া প্ৰকাশ পায়। নিজকে সেই পুৰুষসকলৰ সন্মুখত প্ৰমাণ কৰাৰ পৰিৱৰ্তে বিদ্যাই নিজৰ কামত মনোনিৱেশ কৰি যায়। বিদ্যা ভিনচেণ্টে কোনো এটা বিষয়ত তৰ্ক-বিতৰ্ক কৰাতকৈ সমস্যাটো সমাধান কৰাৰ ওপৰত গুৰুত্ব দিয়ে। বিদ্যাই নিজকে কেৱল মহিলা হোৱাৰ সুবিধা লোৱাৰ পৰিৱৰ্তে এগৰাকী দায়িত্বশীল দক্ষ বিষয়াৰ ভূমিকাক স্বীকাৰ কৰাটো চিনেমাখনত দেখওৱা হৈছে।
বিভিন্ন কাৰণত
অঞ্চলটোত লাহে লাহে কিছুমান হত্যাকাণ্ড সংঘটিত হ’বলৈ ধৰে আৰু
প্ৰমাণিত নোহোৱা সত্তেও সকলোৱে সেয়া নৰখাদক বাঘিনী এজনীৰ কাম বুলি সন্দেহ কৰিবলৈ
লয়। অঞ্চলটোৰ দুটা মূল ৰাজনৈতিক দলে নিজৰ নিজৰ সুবিধাৰ্থে এই বিষয়টোক এক জ্বলন্ত
নিৰ্বাচনী বিষয় হিচাপে প্ৰক্ষেপ কৰে।
কিন্তু নৰখাদক
বুলি মানুহে দাবী কৰা বাঘিনীজনীয়েই গাঁৱৰ মানুহক মাৰি থৈ গৈছে বুলি কোনোৱেই নিশ্চিতও নহয়। অৰ্থাৎ কাহিনীকাৰে ক’ব বিচাৰিছে যে জংঘলৰ
কাষৰীয়া গাঁওবোৰৰ দুই-এজন মানুহৰ অজ্ঞাত কাৰণত মৃত্যু হৈ থকাটো বাঘিনীজনীৰ দ্বাৰাই
হৈছে বুলি তেনে কোনো প্ৰমাণো কোনেও পোৱা নাই।
যি নহওক, বাঘিনীজনীক ধৰিবৰ কাৰণে বনবিভাগে চিকাৰি এজনক আনে যাৰ চিকাৰৰ নামত
বন্যজন্তুক হত্যা কৰি পৈশাচিক আনন্দ লাভ কৰাৰ প্ৰৱণতাৰ লগতে নিজৰ নামত কিমানটা বাঘ,
সিংহ মাৰিলে তাকে লৈ ফিতাহি মাৰাটোহে প্ৰধান কাম।
প্ৰ’টাগ’নিষ্ট হিচাবে বিদ্যা বালানৰ চৰিত্ৰটো যথেষ্ট শক্তিশালী। তেওঁৰ অভিনয় দেখি অনুভৱ হ’ল যে এনে ধৰণৰ চৰিত্ৰক কেৱল বিদ্যা বালানেহে ন্যাৰ্যতা প্ৰদান কৰিব পাৰে। বিশেষ কোনো মেক-আপ নকৰাকৈ তথা অভিনয়ত কোনো অতিশয়োক্তি নকৰাকৈ এগৰাকী কৰ্তব্যনিষ্ঠা বন বিষয়াৰ চৰিত্ৰটো ফুটাই তুলিবলৈ বিদ্যা বালান সম্পূৰ্ণৰূপে সফল হৈছে। বিভিন্ন ঘটনাপ্ৰৱাহত অনৰ্থক নাটকীয়তাৰ পৰিৱৰ্তে কেৱল চকুৰ দৃষ্টি আৰু মুখৰ ভাৱাবেগৰ পৰিৱৰ্তন দেখুৱায়েই হৈ থকা অন্যায়ৰ প্ৰতিবাদ কৰাৰ দৰে এক পৰিস্থিতিৰ তেওঁ সৃষ্টি কৰি গৈছে। মানুহৰ দখলত পৰি ঘন-জংঘলৰ পৰা ক্ৰমে পাতল হৈ পৰা জংঘলৰ মাজত পথ বিচাৰি নোপোৱা বাঘিনী অৱনীৰ অৱস্থাৰ দৰেই “শ্বেৰণী” চিনেমাখনৰ প্ৰ’টাগ’নিষ্ট বিদ্যা ভিনচেণ্টেও তথাকথিত চিষ্টেমৰ মাজত পিষ্ট হৈ বাট বিচাৰি নোপোৱাৰ দৰে হয়।
অভিনেতা বিজয়
ৰাজ অভিনীত স্থানীয় শিক্ষক চৰিত্ৰটোৱে বিদ্যা বালানৰ অভিযানক সহযোগ কৰে যদিও
শেষৰফালে এই চৰিত্ৰটোৱেও পৰিস্থিতিৰ সন্মুখত হাৰ মানি চহৰলৈ উলটি যোৱাৰ সিদ্ধান্ত
লয়। ব্ৰীজেন্দ্ৰ কালা অভিনীত অঞ্চলটোৰ মুখ্য বন বিষয়াজনে স্বভাৱজাত চৰকাৰী বিষয়াৰ
দৰে আচৰণ কৰে। তেওঁ কাৰো শত্ৰুও নহয় আৰু মিত্ৰও নহয়। চৰিত্ৰটোৱে স্থানীয় বিধায়কৰ
লগত মিতিৰালি কৰাকে নিজৰ চৰকাৰী চাকৰিটোৰ দায়িত্ব বুলি ভাবে। য’তেই
নিজৰ মুনাফা আদায়ৰ সুবিধা দেখে তেওঁ তাৰেই পক্ষ লয়। ফলত বিদ্যা ভিনচেণ্টৰ দৰে আপোচ
নকৰা বিষয়াই সুকলমে কাম কৰাত বাধাপ্ৰাপ্ত হয়।
সেইদৰে বিদ্যা
ভিনচেণ্টে বন বিভাগৰ চাকৰি পাই প্ৰশিক্ষণ লোৱা কালৰে পৰা নাম শুনি ৰ’ল
মডেল হিচাপে ভাবি অহা জেষ্ঠ বন বিষয়াজনৰ চৰিত্ৰত নীৰজ কাবীৰ পৰা পৰিশীলিত অভিনয়
দেখা পোৱা গ’ল। সংক্ষিপ্ত সময়ৰ কাৰণে পৰ্দাত দেখা এই
চৰিত্ৰটোত প্ৰকৃততে কাহিনীকাৰৰ টুইষ্টেই দেখা পোৱা গ’ল। কাৰণ
অভিজ্ঞ বন বিষয়া হোৱাৰ সুবাদত সকলোৰে সমীহ আদায় কৰা চৰিত্ৰটোৱে যি কয় কাৰ্যক্ষেত্ৰত
তাৰ সম্পূৰ্ণ বিপৰীত কাৰ্য কৰে।
অৱশ্যে বাস্তৱৰ
লগত সংগতি থকা বিষয়বস্তুৰে নিৰ্মিত হোৱা বাবে কাহিনীটোক কোনোবা সময়ত এখন
ডকুমেণ্টৰিৰ সম-পৰ্যায়ৰ বুলি অভিহিত কৰা হ’ব পাৰে নেকি বুলি
পৰিচালকৰ মনত থকা সন্দেহখিনিও কিছু পৰিমাণে চিনেমাখনত দৃষ্টিগোচৰ হ’ল। ইয়াৰ ফলত চিনেমাখনৰ পাৰ্শ্বসংগীতত কম গুৰুত্ব দিয়া যেন লাগিল। বিশেষকৈ
যথেষ্ট উত্তেজনাপূৰ্ণ দৃশ্যাংশসমূহত পাৰ্শ্ব সংগীতৰ অভাৱ বাৰুকৈয়ে অনুভৱ হ’ল। গাঁৱৰ কোনো লোকে জংঘলত অকলশৰে ঘৰচীয়া জন্তু চৰাই থকা দৃশ্য কেইটামানত
বতাহত উৰি যোৱা গছৰ সৰা পাতৰ পৰা হোৱা শব্দৰাজিক সঠিকভাৱে উপস্থাপন কৰিবলৈ
পাৰ্শ্ব সংগীতৰ বিশেষ প্ৰয়োজন আছিল। লগতে বাঘ অহাৰ সংকেত পাই হৰিণাবোৰৰ সেই
সতৰ্কতামূলক বিশেষ চিঞৰ আৰু হঠাতে জংঘলত আহি পৰা গভীৰ নিস্তব্ধতা আদিক কেমেৰাৰে
খুউব সুন্দৰকৈ দেখুৱাওঁতে প্ৰয়োজনীয় পাৰ্শ্ব সংগীতৰ প্ৰয়োগেৰে মনোমোহা এক অভিজ্ঞতা
দৰ্শকৰ বাবে ৰাখিব পাৰিলেহেঁতেন যদিও সেইখিনি সম্ভৱ নহ’ল।
দৰাচলতে, ভাৰতীয় চিনেমাৰ দৰ্শকৰ বাবে পাৰিপাৰ্শ্বিকতা আৰু পৰিবেশৰ দৰে বিষয়ক
আকৰ্ষণীয় কৰিব পৰালৈ এতিয়াও বহুদূৰ আছে। তথাপিতো এই বন্যপ্ৰাণী সংৰক্ষণ, ভূমি সংৰক্ষণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক দৈনন্দিন জীৱনৰ লগত সম্পৃক্ত কৰি
স্থানীয় মানুহৰ যে সেই বিষয়ত দায়ৱদ্ধতা আছে সেইটো দেখুৱাই ক্ৰমান্বয়ে সজাগতা বৃদ্ধি
কৰা, পুৰুষ প্ৰধান মানসিকতা, তথা ঘৰ
এখনত নাৰীৰ দায়িত্ব যে কেৱল পাকঘৰতে শেষ হৈ নাযায় সেই আটাইবোৰ দেখুৱাবলৈ গৈ
পৰিচালকে একেলগে বহুবোৰ কথা সজাবলৈ চেষ্টা কৰিছে যেন লাগিল।
চিনেমাখনৰ
চিত্ৰনাট্য লিখিছে আস্থা টিকুৱে আৰু সংলাপ পৰিচালক অমৃত মচুৰকাৰ আৰু য়শ্বস্বী মিশ্ৰই লিখিছে। ৰাকেশ হৰিদাসৰ কেমেৰাত আত্মপ্ৰশ্ৰয় নকৰাকৈ জংঘলৰ দৃশ্যসমূহ একে ৰূপত
দেখুওৱা হৈছে। দৰাচলতে চিনেমাখনত কেমেৰাৰ কাম অত্যন্ত সুন্দৰ হৈছে। দূৰৈৰ পাহাৰৰ
সেউজীয়াবোৰ লং-ৱাইড এংগল শ্বটত সুন্দৰকৈ তুলি ধৰাৰ লগতে সেই সেউজীয়াক ধ্বংস কৰাৰ
ফলত ক্ৰমে ক্ৰমে শুকান, ৰুক্ষ হৈ পৰা প্ৰকৃতিৰ ৰূপকো দেখুওৱা
হৈছে। পৰিচালকে ক’বলৈ বিচৰা কথাটো হ’ল
যে সেই ৰুক্ষ ঠাইবোৰো এসময়ত দূৰৈৰ সেউজীয়াবোৰৰ দৰেই মনোমোহা আছিল। মানুহৰ লালসাৰ
বলী হৈ হৈ প্ৰকৃতি ৰুক্ষ হৈ পৰিছে। এইবোৰৰ মাজতে অটব্য অৰণ্যৰ সেউজীয়া জংঘল,
গছৰ পাতৰ সুৰুঙাৰে দেখুওৱা সূৰ্যৰ পোহৰ অথবা দূৰৈৰ পাহাৰৰ সূৰ্যাস্ত,
বনৰীয়া জুৰিৰ কুলু কুলু ধ্বনি, পোক-পৰুৱাৰ
নিৰৱচ্ছিন্ন আৱাজ, বতাহত উৰি যোৱা সৰাপাতৰ শব্দ, দূৰৈৰ পৰা ভাঁহি অহা চৰাই-চিৰিকতি আৰু জীৱ-জন্তুৰ আৰাও - এই সকলোবোৰ “শ্বেৰণী”ত উদ্ভাসিত হৈ উঠিছে।
লগতে অন্ধকাৰ
ৰাতিৰ দৃশ্যসমূহতো ৰাকেশ হৰিদাসৰ কেমেৰাৰ বিশেষ দক্ষতাৰ পৰিচয় পোৱা গ‘ল।
মূল বিষয়টো নৰখাদক বুলি সন্দেহ কৰা বাঘিনীজনীক কোনো এটা ফ্ৰেমতে দেখা পোৱা নগ‘ল যদিও কোনো এক দূৰত্বৰ পৰা যেন কোনোবাই চাই আছে সেইটোৰ অনুভৱো দৰ্শকে
অনুমান কৰিব পৰাকৈ দৃশ্যবোৰ সজোৱা হৈছে। এইক্ষেত্ৰত চিনেমাখনত দিয়া এটা সংলাপে
বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিলোঁ-
“তুমি
জংঘললৈ অন্ততঃ এশবাৰ গ‘লে এটা বাঘৰ দৰ্শন হ‘ব পাৰে, কিন্তু এটা কথাত নিশ্চিত হৈ থাকাঁ যে সেই
জংঘলত বাঘে হয়তো তোমাক নিৰানব্বৈ বাৰেই দেখিছে।“
“শ্বেৰণী” তথাকথিত ছিষ্টেমৰ বিৰুদ্ধে নিজৰ কৰ্তব্যক সৰ্বোচ্চ বুলি জ্ঞান কৰা এগৰাকী দায়িত্বশীল বন বিষয়াৰ সংগ্ৰামৰ কাহিনী। বিদ্যা ভিনচেণ্টে নিজৰ দায়িত্ব পালন কৰিবলৈ গৈ প্ৰচলিত সমাজ ব্যৱস্থাৰ লগতে নিজৰ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ পৰাই বহুতো বাধাৰ সন্মুখীন হয়। এনে লাগে যেন নৰখাদক বুলি সন্দেহ কৰা বাঘিনীজনীয়ে সন্মুখীন হোৱা বাধাতকৈ বিদ্যাই মানুহ হৈ মানুহৰ সমাজখনতহে অধিক বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে।
কৰ্মক্ষেত্ৰৰ সমস্যাবোৰৰ মাজতে বিদ্যা ভিনচেণ্টৰ বৈবাহিক জীৱনৰো কিছু দৃশ্য পৰিচালকে দেখুৱাইছে। অৱশ্যে কাহিনীৰ মাজত চৰিত্ৰটোৰ ঘৰুৱা পৰিৱেশৰ বৰ বিশেষ গুৰুত্ব নাই যদিও ঘৰুৱা প্ৰতিৰোধখিনি দেখুৱাই পৰিচালকে বিদ্যা ভিনচেণ্টৰ চৰিত্ৰটোৱে ঘৰে-বাহিৰে সন্মুখীন হোৱা সমস্যাবোৰৰ ইংগিত দিবলৈ চেষ্টা কৰিছে।
শ্বেৰণীক বচাব
নোৱাৰিলেও বন বিভাগৰ আন বিষয়া-কৰ্মচাৰীয়ে বাঘিনীজনীৰ পোৱালি দুটা উদ্ধাৰ কৰাৰ আগতেই
বিদ্যাই সিহঁতক উদ্ধাৰ কৰাৰ পদক্ষেপ লয়। অৱশ্যে স্বস্তি এই কাৰণেই যে বিদ্যা
ভিনচেণ্টে স্থানীয় মানুহক সজাগ কৰিবলৈও সফল হয়। তাৰ মানে বন্যজন্তুৰ সংৰক্ষণত
বিদ্যাৰ লগত থিয় হৈছে সমাজৰে এখিনি মানুহ যিসকলে ভাবে জন্তুবোৰ আছে বাবেই জংঘল আছে, জংঘল আছে বাবেই পানী আছে আৰু পানী থাকে মানে মানুহৰ সমাজো বাচি থাকিব। এক
সুন্দৰ বাৰ্তা এইয়া।
“টাইগাৰ
হ্যেয় তৌ জংগল হ্যেয়, জংগল হ্যে তৌ
বাৰিছ হ্যেয়, অউৰ বাৰিছ হ্যেয় তৌ ধৰতী হ্যেয়।“
অৰ্থাৎ বাঘ আছে
বাবেই বন-জংগল আছে, বন-জংঘল আছে বাবেই বৰষুণ হয়, আৰু বৰষুণ হয় বাবেই পৃথিৱীও আছে। বাঘ ইয়াত সকলো জীৱ-জন্তু তথা ঘন অৰণ্যৰ
প্ৰতীকাত্মক ৰূপ।
সেইদৰে
চিনেমাখনত থকা “বান্দৰ বাঁত কা খেলা” শীৰ্ষক
একমাত্ৰ গীতটোৰে পৰিচালকে কাহিনীটোৰ বহুখিনি পৰিস্থিতিৰ বৰ্ণনা দি একে সময়তে কেইবাটাও
কাম কৰিছে। বণ্ডিশ প্ৰজেক্ট গ্ৰুপৰ ময়ুৰ নাৰ্ৱেকাৰৰ ৰচিত এই গীতটিৰ কথাখিনিয়ে
প্ৰকৃততে গোটেই কাহিনীটোকেই দৰ্শকৰ আগত তুলি ধৰিছে। আৰু ঠিক বাটৰ নাটৰ দৰেই গীতটিৰ
পৰিৱেশনে চিনেমাখনক এক যোগাত্মক দিশ দিবলৈকো সক্ষম হৈছে।
“শ্বেৰণী” এনেকুৱা
ধৰণৰ চিনেমা, য‘ত নাটকীয়তা আৰু জীৱনৰ
তথা চৰিত্ৰবোৰৰ উচ্ছ্বলতাৰ প্ৰদৰ্শনতে কাহিনী সমাপ্ত নহয়। এই চিনেমাখন এখন হুলস্থূল
নকৰা, অথচ পৰিবেশ, সমাজৰ বহুখিনি
আঁসোৱাহক গভীৰভাৱে দেখুৱাই গৈ থকাৰ প্ৰয়াসৰে এখন চিনেমা।
অৱশ্যে
বাস্তৱক্ষেত্ৰত বন বিষয়া চিদাম প্ৰমিলা ইচটাৰীয়ে বিশেষ গুৰুত্ব দি অৱনীৰ
পোৱালি দুটা উদ্ধাৰৰ বাবে কৰা শলাগিবলগীয়া কামটোত চিনেমাখনত বৰ বিশেষ গুৰুত্ব
দিয়া নগ’ল। ইমান এটা গুৰুত্বপূৰ্ণ দিশক মাথোঁ কেইটামান মিনিটৰ দৃশ্যতে সীমাৱদ্ধ ৰখা হ’ল।
যি নহওক, “শ্বেৰণী”ত অধিক সংখ্যক দৃশ্যই বাস্তৱত যিদৰে ঘটিছিল ঠিক সেইদৰেই দেখুওৱাৰে প্ৰয়াস কৰা হৈছে। কাহিনীৰ শেষত পৰিচালকে বিশেষ কোনো লক্ষ্যত উপনীত হোৱাৰ স্বস্তি এৰি থোৱা নাই, বৰঞ্চ লাজ পাবলগীয়া অনুভৱহে দি থৈ গৈছে। কাৰণ বনৰ জন্তুক হত্যা কৰি, জংঘল ধ্বংস কৰি, পৰিৱেশ প্ৰদূষণ কৰি আমি মানুহে নিজৰেই জীৱন দুৰ্বিসহ কৰি গৈ আছোঁ। এইক্ষেত্ৰত মানুহৰ নিৰ্মমতাক প্ৰত্যক্ষ কৰি সচেতন দৰ্শকৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে আমি সভ্য মানুহ হোৱা বাবে প্ৰকৃতিতকৈ পৃথক হৈ পৰিছোঁ নে সভ্য হৈ আমি জন্তুতকৈ ভাল হৈ পৰিছোঁ!
চিনেমাখন চাই
এনে লাগিল যে কিছুমান চিনেমা বৃহত্তৰ স্বাৰ্থক আগত ৰাখি আৰু গভীৰ মানৱীয় অনুভূতিৰে
বাস্তৱৰ নিৰ্মোহ বিশ্লেষণৰ চিনেমাও হ’ব পাৰে। যথেষ্ট পৰিশীলিত
পদক্ষেপেৰে “শ্বেৰণী”ৰ কাহিনীভাগে
বিভিন্ন সামাজিক, অৰ্থনৈতিক, পৰিৱেশমূলক
আৰু ৰাজনৈতিক সমস্যাক কান্ধত লৈ পৰিভ্ৰমণ কৰিছে। বনৰ বাঘিনীক মানুহৰ কুচক্ৰান্তৰে
নৃশংসভাৱে বধ কৰা হ’ল। কিন্তু মানুহৰ মাজতো শ্বেৰণী থাকিব
পাৰে যি ক্ষন্তেক সময়ৰ কাৰণে হয়তো মানুহৰ বাধাৰ মুখামুখি হৈ থমকি ৰ’ব পাৰে, কিন্তু বিষয়টোক ত্যাগ কৰিব নোৱাৰে। বনৰ
শ্বেৰণীৰ মৃত্যু হ’ল, কিন্তু মানুহৰ
সমাজতে বনৰ বাঘিনীৰ দৰে সাহসী বিদ্যা ভিনচেণ্ট নামৰ নাৰীগৰাকী সুযোগৰ অপেক্ষাত ৰৈ
আছে। বন্যজন্তু মানুহৰ নিৰ্মমতাৰ চিকাৰ হোৱাৰ বিপৰীতে মানুহৰ মাজৰে এগৰাকী হৈ প্ৰ’টাগ’নিষ্টে ছিষ্টেমৰ বিৰুদ্ধে যুঁজ দিবলৈ বদ্ধ পৰিকৰ
হৈ পৰিছে। বিদ্যা ভিনচেণ্টৰ চৰিত্ৰটোৰ যোগেদি সকলো ধৰণৰ ধ্বংসকাৰীৰ পৰা অৰণ্যক বচাই
ৰখাৰ এক প্ৰকাৰৰ সংকল্পকে চিনেমাখনত দেখুৱাবলৈ চেষ্টা কৰা হ’ল।
“শ্বেৰণী”
চিনেমাখন প্ৰকৃততে স্থানচ্যুত হৈ পৰা এজনী বাঘিনীৰ কাহিনীৰ আধাৰত
দেখুওৱা আমাৰ সমাজৰ খোকোজা লগা সময়ৰ এখন জীৱন্ত দলিল।
০০০