(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)
নিজৰা ৰাজকুমাৰী
অসমীয়া চিনেমাত ভূপেন হাজৰিকাৰ
গীত বুলিয়েই অনেক ভাল লগা কথা লিখি যাব পাৰি। ভূপেনদাৰ গীতৰ কথাক, সুৰক আমি অসমীয়াই
বুকুত কঢ়িয়াই লৈ ফুৰোঁ, অথচ ব্যক্তিগতভাৱে মই জয়ন্ত হাজৰিকাতকৈ ভূপেনদাৰ কণ্ঠ বেয়া
পাওঁ। প্ৰতিধ্বনিৰ বাবে ভূপেনদাই লিখিছিল–
হে হে হে ঢোলে ডগৰে
হে হে হে হিয়াৰ উমেৰে
নেদেখা এনাজৰীৰে
এ বান্ধো আমি পাহাৰ শিখৰেৰে
মহান চিয়েমক
হে হে হে চেৰাপুঞ্জীৰে ………//
গীতটিত বন্দনা বৰুৱাৰ সৈতে ভূপেনদাই কণ্ঠদানো
কৰিছিল।—খাছিৰ ঈশ্বৰ উব্লেই মহান/ নাগধাৰী শিৱ আমাৰো ভগৱান/ খাছি আৰু আমি ভেদাভেদ
এৰি/ বঢ়াও অসমীৰ মহান একতাক।প্ৰতিধ্বনিৰ আন এটি জনপ্ৰিয় গীত হ’ল–অয় অয় আকাশ শুব
অয় অয় বতাহ শুব
দিগন্ততে হাহাকাৰ হ’ব
সময় যেন স্তব্ধ হয়, হয়
ভীত হয়, হয়
চকুলোও শিল হ’ব
অয় অয় সময় শুব
পাপ যদি বেয়া, কামনা কিয় দিলে
মোহ যদি বেয়া, সুৰ কিয় দিলে//
১৯৬৯ চনৰ অক্টোবৰত মুক্তি পালে ড° ভূপেন হাজৰিকাৰ আন এখন চলচ্চিত্ৰ চিকমিক বিজুলী। বিজুলী এজনী নাচি-বাগি ভালপোৱা ছোৱালী। কিন্তু তাইৰ ঘৰুৱা পৰিৱেশ উন্নত নহয়। বিড়িৱালাৰ জীয়ৰী বিজুলীয়ে অৱধাৰিতভাৱেই সত্ৰীয়া নৃত্যৰ সৈতে জড়িত হ’ব খুজি বিফল হয়। চহৰৰ পংকিলতাই বিজুলীৰ জিলিকনি নুমুৱাব খোজে। মেকানিক প্ৰশান্তই পিছে বিজুলীৰে সৈতে ঘৰ কৰিব খোজে। সেই ঘৰৰ সপোনো জানো ইমান সহজে পূৰণ হ’ব! চিকিমিক বিজুলীৰ বাবে সুমন কল্যাণপুৰে গাইছিল—
বিজুলীৰ পোহৰ মোৰ নাই/ এন্ধাৰে মোলৈ ৰ লাগি চায়/ সমাজৰ নাটঘৰ তেনেই উদং হয়//
চিকমিক বিজুলীৰ কাহিনী-চিত্ৰনাট্য-পৰিচালনা ভূপেন হাজৰিকাৰ। চিত্ৰগ্ৰহণ কৰিছিল অনিল গুপ্তই। বিজয় শংকৰ, বিদ্যা ৰাও, তছদ্দুক ইউচুফ, দোস্ত হবিবুৰ ৰহমান, ভোলা কাকতি, কুলদা কুমাৰ ভট্টাচাৰ্য, শশাংক সোম আদিৰ অভিনয়েৰে সমৃদ্ধ চিকমিক বিজুলী। কিশোৰ কুমাৰ আৰু আশা ভোচলেই গোৱা চিকমিক বিজুলীৰ এই গীতটো বহু অসমীয়াৰ অতি প্ৰিয়— পক্ষীৰাজ ঘোঁৰা/ খট খট খট খটকৈ দৌৰা/ মোৰ কপাল ফটা/ পাখি দুখনো কটা/ উৰি ফুৰিবৰ নাই মন/ কাৰণ ধৰাতে জনগন/ অনিৰুদ্ধ নহওঁ ৰোমিঅলখিন্দৰ / নহও মজনু/ কিম্বা জুলিয়াছ চিজাৰ//। চিনেমাখনৰ আটাইকেইটি গীতৰ ৰচক ভূপেন হাজৰিকা।
প্ৰতিধ্বনি আৰু চিকমিক বিজুলীৰ ওচৰাউচৰিকৈ মুক্তি পাইছিল আই কে চিনে এণ্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত, অমৰ পাঠক পৰিচালিত চিনেমা সংগ্ৰাম। পৰিচালকৰ সৈতে সংগ্ৰামৰ চিত্ৰনাট্য লিখিছিল দেৱকুমাৰ বসুৱে। সঙ্গীত দিছিল অসিত গাঙ্গুলী আৰু গিৰিশ দাসে। চিনেমাখনত মহাপুৰুষ শংকৰদেৱৰ বৰগীত এটিও ব্যৱহাৰ কৰা হৈছিল। সংগ্ৰামত নিপন গোস্বামী আৰু বিদ্যা ৰাৱে অভিনয় কৰিছিল। নিপন গোস্বামী অভিনীত যিখন চিনেমাই সেই সময়ত তোলপাৰ লগাইছিল সেইখন আছিল ডক্টৰ বেজবৰুৱা। মনত আছেনে– দ্বীপেন বৰুৱা আৰু ৰেণু বৰুৱাৰ কণ্ঠৰ ব্ৰজেন বৰুৱাই লিখা সেই গীত— কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি/ চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিটি/ সেই চমকৰ ভমক লাগি দহি মৰে মনটি/ পূৰ্ণিমাৰে আকাশৰে জোনটি শুৱনি/ ক’ত পাবানো মেলিলে হাত দুখনি…/
ডক্টৰ বেজবৰুৱা দৰ্শকৰ কাষ চাপিছিল ১৯৬৯ চনৰ নৱেম্বৰ মাহত। ৰংঘৰ চিনে প্ৰডাকশ্যনছৰ বেনাৰত ব্ৰজেন বৰুৱাৰ কাহিনী-চিত্ৰনাট্য তথা পৰিচালনাৰে নিৰ্মিত ডক্টৰ বেজবৰুৱাই দৰ্শকক পূৰামাত্ৰাই সন্তুষ্টি দি অসমীয়া চিনেমাজগতখনক সমৃদ্ধ কৰিছিল। চিনেমাৰ আলোচনাত এনে জনপ্ৰিয় চিনেমাৰ স্থান সদায়েই গুৰুত্বপূৰ্ণ, যিহেতু চিনেমাৰ নিৰ্মাণ, ব্যৱসায়ৰ দিশটোত দৰ্শক মূল কথা। আমাৰ প্ৰথমখন চিনেমা জ্যোতিৰ জয়মতীৰ দিনৰে পৰা চিনেমাৰ ব্যৱসায় তথা দৰ্শকৰ আগ্ৰহ বিষয়ক কথাবোৰ চিনেৰসিকে মন কৰি আহিছে। বিষ্ণু ৰাভা-ফণী শৰ্মাৰ চিৰাজৰ পাছত ব্যৱসায় কৰা বুলি ক’বলৈ অসমীয়া চিনেৰসিকে নাম ল’ব পাৰিলে ডক্টৰ বেজবৰুৱাৰ। এয়া বৰুৱা পৰিয়ালৰ এক সফলতা তথা সেইসময়ৰ অসমীয়া চিনেমাৰ জগতখনলৈ অভিনৱ আশাৰ বতৰা। পৰৱৰ্তী সময়ত নতুন প্ৰযোজক সৃষ্টিতো এই চিনেমাখনে অৰিহণা যোগালে। কাৰণ জনপ্ৰিয় ধাৰাৰ চিনেমাত বিনিয়োগ কৰা ধন যে প্ৰযোজকলৈ ঘূৰি আহিব পাৰে, প্ৰযোজকক লাভ দিব পাৰে সেয়া ব্ৰজেন বৰুৱাই দেখুৱাই দিলে। ব্ৰজেন বৰুৱাই এইখন চিনেমাৰে কলিকতা নিৰ্ভৰশীল অসমীয়া চিনেমাক থলুৱা কলা-কুশলীৰ দক্ষতাৰে সজাই তুলিলে। আনকি তেওঁ ষ্টুডিঅ’ৰ কৃত্ৰিমতা এৰি মানুহৰ ঘৰত দৃশ্যগ্ৰহণ কৰি সাহসৰো পৰিচয় দিলে। এয়া অসমীয়া চিনেমাৰ বাবে প্ৰথম অভিজ্ঞতা। নিচেই সৰু এটি চকুত নপৰা চৰিত্ৰৰে ডক্টৰ বেজবৰুৱাতে প্ৰথম কেমেৰাৰ সমূখলৈ আহিছিল পাছলৈ অসমীয়া চলচ্চিত্ৰৰ অতিশয় জনপ্ৰিয় অভিনেতা বিজু ফুকন।
ডক্টৰ বেজবৰুৱাৰ
চিত্ৰগ্রহণৰ দায়িত্বত আছিল সুজিৎ সিংহ। পাছলৈ গীতিকাৰ-নাট্যকাৰ ৰূপে আমাৰ মাজত পৰিচিত
হৈ পৰা হেমন্ত দত্ত আছিল ডক্টৰ বেজবৰুৱাৰ কলা নিৰ্দেশক। ৰমেন বৰুৱা (সংগীত পৰিচালক
হিচাপে), ব্ৰজেন বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, এলি আহমেদ (গীতৰ কথা), দ্বীপেন বৰুৱা, নিৰ্মলা
মিশ্ৰ, ৰেণু বৰুৱা, (কণ্ঠশিল্পী হিচাপে) আদিৰ দৰে গুণীজনে ডক্টৰ বেজবৰুৱাৰ সঙ্গীতক
এনে এক পৰ্যায়লৈ লৈ গ’ল যে আজিও প্ৰজন্মৰ পাছত প্ৰজন্মই চিনেমাখনৰ প্ৰতিটো গীত গাই,
শুনি ৰস পায় বুলি ক’লে নিশ্চয় ভুল কোৱা নহ’ব। কি নাম দি মাতিম, মাতিম তোমাক/ নিবিড়
গোপন কি যে মায়া/ কি নামেৰে সোণ পৰশত/ স্বৰ্ণালী হয় হিয়া/, জিলিকি জিলিকা তৰা আকাশৰে/
ছিটিকি যদিহে কাষৰতে পৰে/ পলকতে লোৱা বুটলি/ সময়ৰ টিকনি আগফালে উৰে মামা…/, ফুল ফুল
ফুল অ’ ফুলে মেলিলে পাহি/আদি গীতবোৰ আমি পাহৰিব নোৱাৰো। অসমীয়া চিনেমাৰ গীতৰ আলোচনাত
ডক্টৰ বেজবৰুৱাৰ গীতসমূহ সদায় উজ্বলি ৰ’ব। ওপৰত কৈ অহা নিপন গোস্বামীৰ লগতে চিনেমাখনৰ
বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল ৰঞ্জনা বৰদলৈ, তৰুণ দুৱৰা, ব্ৰজেন বৰুৱা, প্ৰবীন বৰা,
ৰবীন বৰুৱা, মেঘালী দেৱী, প্ৰতিভা ঠাকুৰ, ডা: শৈলেন বৰুৱা, ৰেণু শইকীয়া আদিয়ে। কাহিনী
তথা চলচ্চিত্ৰীয় ভাষাৰ দিশৰ পৰা ডক্টৰ বেজবৰুৱা অতি উচ্চ পৰ্যায়ৰ চিনেমা নহয় যদিও চিনেমাখনে
ব্যৱসায়, নতুন কলা-কুশলীৰ নিয়োগ, কলিকতাক বা ষ্টুডিঅ’ক উপেক্ষা কৰি অসমত স্বাধীনচিতীয়াকৈ
চিনেমা নিৰ্মাণৰ প্ৰচেষ্টা আদিৰে যি পৰিৱেশ ৰচনা কৰিলে আৰু সেয়াৰে সেইসময়ৰ নতুনক উৎসাহিত
কৰিলে তাৰ বাবে চিনেমাখনৰ ওচৰত আমি কৃতজ্ঞ।
(আগলৈ)